ফটাঢোল

স্বৰ্গ যাত্ৰা — কল্যাণ দেউৰী

ৰাতিপুৱাই চকু মেলি দেখোঁ মোৰ চাৰিওফালে মানুহৰ জুম। মোৰ ফালে চাই দুখ কৰি নিজৰ মাজতে আলোচনা কৰি আছে। কিছুমানে মোৰ ভাল গুণবোৰ, কিছুমানে বেয়া স্বভাৱ-চৰিত্ৰবোৰ। ইফালে সিফালে চালোঁ। এয়া কি! মই দেখোন চোতালত। মনত পেলাবলৈ চেষ্টা কৰিলোঁ কালি ৰাতি কি হৈছিল। মঙলী বাইৰ তালৈ ভঠোকা আৰু মই একেলগে গৈছিলোঁ। গললৈকে চুলাই ধৰি ঘৰমুৱা হৈছিলোঁ। কিন্তু চোতালত শুই যাব লগা অৱস্থাতো হ’ব নালাগিছিল। তামাম লাজ পালোঁ। যি নহওক এতিয়া উঠাই ভাল। কি হ’ল! উঠিব পৰা নাই যে। জোৰ লগালোঁ। তথাপিও দেহটো অকনো লৰচৰ কৰিব পৰা নাই। যেন “ফেভিকল কি মজবুত জোৰ”। তেতিয়াই মনত পৰিল যোৱাকালি দুটা কঁঠাল খাইছিলোঁ গুটিৰ বাবে। তাৰেই আঠাই আঠা লগাই দিলে নেকি! ধুৰ ময়ো যা-তা কথা চিন্তা কৰোঁ। পেটলৈহে গৈছে পিঠিত আঠা লাগিব কিয়! এনেতে দেখা পালোঁ বৌহঁতে ধৰিমেলি শ্ৰীমতীক লৈ আহিছে। শ্ৰীমতীয়ে কান্দি-কাটি আউলী-বাউলী। ওচৰত আহি ধামকৈ বুকুত পৰি গ’ল। ভাবিছিলোঁ বুকুৰ হাড় ভাঙি সিপুৰী পাম। কিন্তু কোনো অনুভৱে নহ’ল। নিজকে গংগাধৰ যেন অনুভৱ কৰিলোঁ। মানে শক্তিমান যেন। চকুপানী আৰু নাকৰ পানীৰে কামিজ তিয়াই ৰাউচি জুৰিলে।

: এডাল সোণৰ চেইন দিম দিম বুলি সদায় কৈ আছিল। সেই আশা মানুহৰটোৰ লগতে গুচি গ’ল। দি যোৱা হ’লে সেইডাল চাই চাইয়ে দিন পাৰ কৰিলোঁহেঁতেন। আপুনি ওচৰত থকা যেন পালোঁহেঁতেন।

কথাষাৰ শুনি বুজিলোঁ এতিয়াৰ পৰা যমপুৰী মোৰ স্থায়ী ঠিকনা। কিন্তু দুখ আফচোচ অলপো অনুভৱ নহ’ল। মোৰ সোণৰ দৰে হৃদয়খন পাহৰি সোণৰ চেইনত মোক বিচৰা পত্নীৰ ওচৰত থকাতকৈ স্বৰ্গত গৈ পৰীৰ লগত ৰোমান্স কৰি থকাই ভাল। সেয়েহে ক’লোঁ

: ব’লক ভাই বন্ধুসকল। সোনকালে মোক চিতাত উঠাই দিয়ক। এই দুনীয়াত থকাৰ আৰু ইচ্ছা নাই। ঘিঁ অলপ বেছিকৈ লগাবা। সোনকালে পুৰি শেষ হ’লে জ্বলন বেছি সময় নাপাম। তাতে আকৌ বাৰনল পায় নে নাপায় নাজানো নহয়।

ধুৰ চাল্লা, ইহঁতে ক’ত শুনিব আত্মাৰ কথা। সকলোৱে শ্মশানত মদৰ অংক কেনেদৰে মিলাব তাৰেহে আলোচনা।

উৎসাহেৰে ৰোমাণ্টিক মুডত খৰখেদাকৈ যমপুৰীত সোমাই গ’লোঁ। এনেতে দেখিলোঁ যে এটুকুৰা মেঘত দুখ মনেৰে ভঠোকা বহি আছে৷

: ভঠোকা আপুনি কেতিয়া আহিল?

: পৰহি।

: কি ফাল্টু কথা কয়হে। কালি ৰাতি দুয়ো একেলগে মঙলী বাইৰ তাত পানীটুপি ধৰিলোঁ।

: কালি নহয় সৰুবোপা। এসপ্তাহ আগতে ধৰিছিলোঁ। সিদিনা মঙলীৰ তাত চুলাই খোৱা গোটেইকেইজন চেটেপ। তইহে পলমকৈ আহিলি।

: ভঠোকা মই ইমানদিনে ক’ত আছিলোঁ?

: হস্পিতালত। সৰুবোপা জীয়াই থাকোঁতেও দুখেই দুখ আৰু এতিয়া মৰাৰ পিছতো দুখ অশান্তিবোৰ আঁতৰ হোৱা নাই।

: কি হ’ল?

: মৰিলোঁ বিষাক্ত চুলাই খায়। পেপাৰত দিলে ক’ভিড হৈ মৰিলোঁ বুলি। চাল্লা মৰাৰ পিছতো শান্তি নাই। এইফালে জীয়াই থাকোঁতে বিয়া পতা নহ’ল পৰীৰ নিচিনা ছোৱালী বিচাৰি। মৰাৰ পিছত ভাবিলোঁ সঁচাকৈ পৰী এজনীকে গোটাই লওঁ। ধুৰ বেকাৰ আত্মা। গোটেই কেইজনীয়েই বুঢ়ী হৈছে। আৰু সিহঁতৰ ছোৱালীকেইজনীও কম বয়সৰ। দুখ আঁতৰাবলৈ ইয়াত চুলায়ো বিচাৰি পোৱা নাই।

ভঠোকাৰ কথা শুনি হাঁহি হাঁহি বাগৰি পৰিলোঁ। পকাত মূৰটো খুন্দা খাই চকু মেল খোৱাৰ পিছতহে বুজিলোঁ তাৰমানে ইমান সময়ে সপোনহে দেখি আছিলোঁ। উস্ ৰক্ষা!

জীৱন জিন্দাবাদ!

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.