ফটাঢোল

স্মাৰ্ট ৰান্ধনী – গায়ত্ৰী গোস্বামী

সকলোৱে ফেচপেক লগাই ধুনীয়া হৈ থাকে। তাকে দেখি ভাবিলো, মইনো পিছ পৰি ৰওঁ কিয়!

সদায় সদায় এইবোৰ ধুন পেচ মাৰিবলৈ সময় নাই বুলি আনক ঠগিব পাৰিলেও বয়সৰ আচোঁৰকেইডালক নোৱাৰি। এই বয়সত শ্ৰীদেৱী হ’বগৈ নোৱাৰোঁ বুলি জানিলেও অন্ততঃ মুখখনৰ বলিৰেখা কেইডালক ক্ষন্তেকীয়া ঘোচ খুৱাই হ’লেও দুদিনমান শুৱাই থব পাৰি হেনো!

সেইবুলি কেঁচা হালধী অকণমান, বেচন এমুঠিমান, মৌ কেইটোপালমান মিলাই মিক্সিৰ বাতিটোত ভৰাই পিহিবলৈ চুইছ দিওঁতেই ইফালে কলিংবেলটো বাজিল। কোনোবা আলহী আহিছে। লৰালৰিকৈ পিহাখিনি বেলেগ এটা বাতিত উলিয়াই থৈ আলহীক মাতষাৰ দিবলৈ ওলাই গ’লো।

কথা এষাৰ পাতি এইবাৰ আলহীক চাহ একাপ খুৱাবলৈ আহি ভাবিলো, প্ৰসাদৰ মগু মাহ দুটামান আছে, তাতে কেঁচা জলকীয়া দুটা দি, নিমখ এচিকুট, পিয়াজ এফাল দি মিক্সিটোত পিচি ‘বৰ’ দুটামানেৰে চাহকাপ দিওঁ।

পিছে (মোৰে কপাল ভাল নে কাৰ ভাল আছিল নাজানো!) আলহীজনে চাহৰ লগত ভাল পাই নাৰিকলৰ লাড়ু দুটাকৈ খালে, কিন্তু আথে বেথে আগবঢ়াই দিয়া ‘বৰ’ত হাত নলগালে কাৰণ তেখেতৰ মগু মাহৰ কিবা খালেই বোলে গেছে আমনি কৰে।

ময়ো বৰকেইটা আনি থৈ দিলোহি, পিছত আবেলিৰ চাহৰ লগত খাব পৰা যাব বুলি। এইদৰে জোৰা টাপলি মাৰিবলৈ ৰান্ধনী হোৱাৰ পিছৰপৰাই শিকি গৈছোঁ, নহ’লে যে কাম বাঢ়ি-বাঢ়ি গৈ থাকে। পৰুৱাৰ লানি নিছিগা লাইনৰ দৰে এই ঘৰুৱা কামবোৰ যাক ইংৰাজে “থেংকলেচ জৱ” বুলিছিল আমি খাৰখোৱাই “কাম নাইকিয়া কাম” বুলিব পাৰো। দিনটো যিয়েই নকৰা যাওক শেষ মন্তব্য হয়গৈ, “কি কৰি থাকানো দিনৰ দিনটো তোমালোকে হয়নে!”

এইবোৰকে পাগুলি-পাগুলি আলহী যোৱাৰ পাছত দুপৰীয়াৰ ভাতসাজ ৰন্ধাত ব্যস্ত হৈ পৰিলো। আবেলি, গৃহস্থক চাহকাপ বৰকেইটাৰ লগত দি বাতিটোত থৈ দিয়া ফেচপেককণ মুখত লগালো।

প্ৰথমতে লগাওঁতেই মুখখন পুৰিছে পুৰিছে যেন লাগিছিল, ভাবিলো প্ৰথমবাৰ লগোৱাৰ বাবে এনে হৈছে, কিন্তু ভকভকনি কমক চাৰি বাঢ়ি আহিলত চিঞৰি উঠিলো। ইপিনে গৃহস্থয়ো আতাহ পাৰি উঠিল “কি খুৱালা, ইমান তিতা কি ঔ” বুলি!

মিক্সিটোৰ ওচৰত বাতি দুটা কেতিয়ানো সালসলনি হৈ গৈছিল, ভাবি ততেই নাপালো পাই!

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published.