ফটাঢোল

সৰবজান ইন ট্ৰেফিক -মাধুৰ্য্য গোস্বামী

সন্ধিয়া ঠিক ছয় বাজি পঞ্চল্লিশ মিনিটত নয়নলৈ ফোন লগালোঁ,

: ঐ, পাঁচ মিনিটত পাই আছোঁ।

: ও হ’ব।

পদূলি পাই দেখিলোঁ বন্ধুৱে মোবাইলত ক্ষীপ্ৰতাৰে কিবা টাইপ কৰি আছে। বুজিলোঁ, ফেচবুকত গৰম টপিক চলি আছে। মোৰফালে কেৰাহিকৈ চাই সি মোৰ সমানে সমানে খোজ মিলাই তলমূৰ কৰি মোবাইল টিপি গ’ল। ফেচবুক ময়ো কৰোঁ, একপ্ৰকাৰ এক্টিভেই থাকোঁ বুলিব পাৰি। দুই-তিনিদিনৰ মূৰত লগ ইন কৰি অলপ পোষ্ট চাওঁ, দুই-এটা কমেণ্ট দিওঁ। ফটোৰ পোষ্ট কমকৈ দিয়া হয়। কিন্তু মোৰ এইজনা বন্ধু ফেচবুকত সৰু-সুৰা চেলিব্ৰিটিয়েই। নতুন নতুন মিম বনোৱা, গানৰ বিষয়ে লিখা (অৱশ্যে এইটোত তাৰ জ্ঞান আছে কিছু) আৰু আটাইতকৈ বেছি নতুন নতুন হট টপিকৰ ওপৰত সাৰগৰ্ভ ভাষণ দিয়া আদিবোৰত ফেচবুক জগতত তাৰ অলপ নাম আছে। যোৱা বছৰমানলৈকে সি কেৱল গানৰ বিষয়ে আৰু মিম বা খুহুতীয়া দুই-এটা ৰসাল কথাৰ বাহিৰে আন কথা নিলিখিছিল। মোজাৰ্ট-বিথোভেনৰ চিম্ফ’নীৰ পৰা ববডিলান, পল ৰবচন, ফ্ৰেডি মাৰকিউৰি অথবা গোলাম আলী, মেহদি হাছানলৈকে অজস্ৰ গানৰ সংগ্ৰহ আছে তাৰ ওচৰত। অন্ততঃ সৌ সিদিনালৈকে সি অকল এইবোৰৰ বিষয়ে লিখিয়েই যথেষ্ট প্ৰশংসিত হৈছিল। ময়ো তাৰ এই দিশটোৰ এজন অনুৰাগী।

কিন্তু হঠাৎ নতুনকৈ কি বা লাগিল জানো, গৰম টপিক আহিলেই সি জঁপিয়াই পৰা হ’ল। পিছে বন্ধুৰ জঁপিয়াই পৰাৰ ধৰণটো অলপ বেলেগ। প্ৰায়ভাগ ফেচবুকাৰুৱে ফেচবুকত নতুন টপিক আহিলে প্ৰায় আগ-গুৰি নজনাকৈয়েই অ’ত-ত’ত কমেণ্ট মাৰি ফুৰে। পিচে নয়নে আকৌ যিকোনো টপিক অকণো নজনাকৈ ক’তো এটা টু শব্দও নকয়। কিন্তু এবাৰ টপিকটো জানি লোৱাৰ পিছত “সুচিন্তিত আৰু জ্ঞানগৰ্ভযুক্ত” লেখা একোটা পষ্ট কৰে যিটো পঢ়ি বহুতে বাহ বাহ দিয়ে। অৱশ্যে সি অলপ গহীন। গতিকে গৰম অৱস্থাতে জঁপিয়াই নপৰি অলেখলেখ চাই লাহেকৈ জঁপিয়াই পৰি গাম্ভীৰ্য্য বজাই ৰাখিলে ‘স্বোৱেগ’ এটা থাকে বুলি বোধহয় তাৰ ধাৰণা এটা আছে।

দুই মিনিটমান তেনেকৈ যোৱাৰ পিছত সি মোবাইলটো পকেটত সুমুৱাই থ’লে। লাহেকৈ সুধিলোঁ,

: টপিকটো কি?

: মাষ্টৰ আৰু ছাত্ৰীৰ লিলিমাই মেছেজৰ স্ক্ৰীণশ্বট৷

নয়নে উত্তৰ দিলে।

: স্ক্ৰীণশ্বট! স্ক্ৰীণশ্বট কেনেকৈ পালি? কোনে ভাইৰেল কৰিলে?

মই আচৰিত হৈ সুধিলোঁ তাক।

: নাজানো। ইমানখিনি জনাৰ কি দৰকাৰ? মুঠতে শিক্ষক এজন হৈ এনেকুৱা কাম কৰাটো বেয়া কথা হৈছে। ছাত্ৰ-ছাত্ৰীৰ ওপৰত চকু দিয়াটো কি ধৰণৰ অসভ্যামি! চা, প্ৰীতি বায়ে কমেণ্ট দিছে ছোৱালীজনী ১৮ বছৰৰ তলৰ হ’লে হেনো মাষ্টৰ ফঁচিব, নহ’লে নফচে। এইফালে তাই হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰৰ ছোৱালী। গতিকে সি নিৰ্ঘাট মৰিল।

উৎসাহটো দেখি বুজিলোঁ বন্ধুৱে এডৰা লিখিলেই চাগে। বন্ধুৱে এতিয়া পাৰিলে শিক্ষকক এশিকনি দিহে এৰিব। তাক আগবাঢ়িবলৈ নিদি আকৌ সুধিলোঁ,

: ছোৱালীজনীৰ ৰেচপন্স কেনেকুৱা?

: মানে?

আচৰিত হৈ মোৰফালে চালে সি।

: মানে স্ক্ৰীণশ্বটত?

: অ। তায়ো সমানে ৰোমাণ্টিকতাত ডুবি আছে। কি ক’বি আৰু। সমাজখন যে কোনদিশে গৈ আছে নহয়।

বুজিলোঁ, বন্ধুক সমাজ-সচেতনতাৰ ভূতে বাৰুকৈয়ে লম্ভিছে। বেছি কথা ক’বলৈ নিদি তাক ক’লোঁ,

: চা, তাইতো তোৰ চিনাকি নহয় যে তই ফেচবুকত এনেকৈ ফালি ফুৰিছ। তাইৰ ঘৰৰ মানুহ আছে তাইক বুজাবলৈ। তায়ো যদি সমানে ৰেচপন্স দিছে তেতিয়া শিক্ষকে শাস্তি পাব বুলি কেনেকৈ ক’বি? তাই যদি ৰেচপন্স নিদিয়েও তথাপিও তাই মানুহজনৰপৰা অসুবিধা পালে ঘৰৰ মানুহক ক’ব বা আইনৰ ওচৰ চাপিব। এনেধৰণৰ ব্যক্তিগত কথাবোৰ সকলোতে ভাইৰেল হোৱাটো কিমান ভাল কথা?

কথাকেইষাৰে তাৰ মুখত চিন্তাৰ ৰেখাপাত পেলালে। তাৰ ‘লিগেল এডভাইজাৰ’ প্ৰীতি বাইদেৱেও যে নজনাকৈয়ে মাত দিছে সি বুজিলে। তথাপি হাৰ সহজে মনা ল’ৰা সিও নহয়। পতিয়ন নিয়াবলৈ আকৌ ক’লে, তথাপি শিক্ষকৰ কৰ্তব্য বুলিও কথা এটা আছে দেচোন। তহঁতৰ ময়ূৰী বায়েও কমেণ্ট দিছে যে তাইৰ ভিনদেৱে হেনো ল’ৰা-ছোৱালী দুটাক পাৰ্কলৈ ফুৰাবলৈও নিনিয়ে তাত কোনোবা নিজৰ ছাত্ৰ-ছাত্ৰীক দেখিব বুলি। চিনেমা হললৈ নাযায়, অ’ত-ত’ত নুফুৰে। শিক্ষক তেনেকুৱাহে হ’ব লাগে।

ময়ূৰী বা মোৰ জেঠাইৰ ছোৱালী। গতিকে নয়নতকৈ মই তাইৰ গতি-গোত্ৰ ভালকৈয়েই জানো। তাক উভতি ধৰিবলৈকেই ক’লোঁ,

: তাৰমানে শিক্ষক হ’লে প্ৰেম-পিৰীতি কৰা, ঘূৰা-ফুৰা মানা? শিক্ষকৰ বাবে বেলেগকৈ আইন নাই বোপাই। কাৰোবাক অশালীন ব্যৱহাৰ কৰাৰ বাবে, বিকৃত কৰ্মৰ বাবে physical harassment law আছে। আৰু জাননে? ময়ূৰী বা নিজেই ভিনদেউৰ ছাত্ৰী আছিল।

শেষ বাক্যটোত সি থত্‌মত্‌ খালে। আচৰিত হোৱা যেন দেখুৱাই সুধিলে,

: এহ্‌। হয় নেকি?

: অঁতো। জেঠাইহঁতে ভিনদেউৰ চাকৰিটো নোহোৱাৰ বাবে তাইক দিব খোজা নাছিল। তেওঁৰ তেতিয়া নেট-শ্লেট ক্লীয়েৰ হোৱা নাছিল। ঘৰৰ পৰা নিদিয়াত ময়ূৰীবা পলাই গৈছিল। সন্তান জন্মৰ পিছতহে ভিনদেউৰ চাকৰি হৈছে।

তাক লাজ পোৱা যেন দেখি কথা আগ নবঢ়াই ক’লোঁ,

: ব’ল। চাহকাপ খাই লওঁ। সাতটাত দোকান বন্ধ কৰেই।

এয়া হ’ল শেহতীয়া টপিকৰ ওপৰত নয়ন আৰু মোৰ মাজৰ কথোপকথন। লকডাউনৰ মাজতো সন্ধিয়া চাহকাপ একেলগে খাবলৈ ওলাই গ’লেই তাৰ লগত নিত্য নতুন টপিকৰ ওপৰত কথা হ’বলগা হয়। হওঁতে মই তাৰ কথাবোৰত মূৰ নঘমাওঁ। কিন্তু দুজন বন্ধুৱে যদি ৰাস্তাৰে একেলগে গৈ থাকোঁতে আনজনে মোবাইলত এইবোৰ বিষয়ত মূৰ ঘমোৱাই থাকে, তেন্তে আনজনে অনিচ্ছা সত্বেও টপিক শেষ কৰিবলৈ কথা পাতিবলগা হয়। অন্যথা গোটেই সন্ধিয়াটো যে তাৰ তলমূৰ কৰি থকা মুখখনেই দেখি থাকিব লাগিব সেয়া ধুৰূপ। সেইটো আৰু সাংঘাতিক আমনিদায়ক কাৰবাৰ। এই সময়ত মানুহৰ জীৱনটোৱেই আমনিদায়ক হৈ গৈছে। কথাই প্ৰতি লকডাউনৰ সময়ছোৱাত “ব’ৰ হৈ গৈছোঁ”, “ইমান অশান্তি পাইছোঁ নহয়, কি ক’ম আৰু”, “এইবোৰ শেষ হ’লেই হয় আৰু” ইত্যাদিৰে জীৱন ভৰি পৰিছে। তাতে যদি দুজন বন্ধু ফুৰিবলৈ যায় আৰু এজনে অনবৰত মোবাইলটো পিটিকি থাকে, তেন্তে আনজনৰ অৱস্থাটো কি হ’ব সহজেই অনুমেয়।

নয়নৰ কথাবোৰ শুনিলে মোৰ এনে লাগে যেন প্ৰতিটো হট টপিকতেই সি এটা এক্সপাৰ্ট। মাজতে এদিন ক’লে,

: বুজিছ। মানুহবোৰে টপিক এটা দেখিলেই জঁপিয়াই পৰিব নালাগে। অলপ পঢ়া-শুনা কৰি ল’ব লাগে, তাৰপিছতহে লিখিব লাগে।

তাৰ ফালে চাই সুধিলোঁ,

: যেনে?

: ধৰ সুশান্ত সিঙৰ চুইচাইড কেচটো। সকলোৱেই কৈ আছে যে ইমান টকা-পইচা, বলিউডত এচ্‌টাব্লিছ হোৱাৰ পিছতো কিহৰ অভাৱত, কিহৰ তাড়নাত সি চুইচাইড কৰিলে? আৰে ভাই, অলপ পঢ়া-শুনা কৰা, তেহে গম পাবা আচলতে ডিপ্ৰেচনৰ কাৰণবোৰ কি, কিহৰ বাবে কৰিছে চুইচাইড।

: অৱশ্যে!

মই শলাগি ক’লোঁ,

: ফেচবুক চাই মই যিখিনি চমুকৈ বুজিলোঁ তাৰ সাৰাংশ হ’ল যে চুইচাইডৰ কাৰণ ডিপ্ৰেচন আৰু ডিপ্ৰেচনৰ কাৰণ মন খুলি কথা পাতিবলৈ মানুহ নথকা বা থাকিলেও খুলি নোকোৱা। তয়ো তাকেই লিখিছ৷

: আৰুনো কি!

সি সঁহাৰি জনাই ক’লে।

: এঘণ্টাতে চাইক’ল’জি পঢ়ি উঠি লিখিলে ইমানখিনিয়েই হয় বাৰু।

মোৰ কথাখিনিত সি যিটোহে চাৱনি দিলে, বেয়া পোৱা বুলি ঠিক বুজিলোঁ। মুঠতে নয়ন চমুকৈ ক’বলৈ গ’লে এটা ফেচবুক ইণ্টেলেকচুৱেলিষ্ট। মাজতে এদিন দেখিলোঁ সি পোষ্ট দিছে,

“টিভি চেনেলবোৰ যে চাব নোৱৰা হৈছে আৰু। সকলো বিষয়তে এই বুদ্ধিজীৱীবোৰক মাতিব যেন তেওঁলোক সৰ্ববিদ্যাবিশাৰদ।”

পোষ্টটো দিয়াৰ দুদিন পিছতেই বাঘজানত জুই লাগিল। বচ্‌, আমাৰ নয়ন দ্যা গ্ৰেটৰ এনকোৱেৰী আৰম্ভ হৈ গ’ল। কিয় জুই লাগিল, অইল ইণ্ডিয়াই অৱহেলা কৰা বাবেই হৈছে নেকি, ইন্ধন উলিওৱাৰ সময়ত কিহেৰে তলৰ প্ৰেছাৰ নিয়ন্ত্ৰণ কৰে, কি কাৰণে ভাৰতত এইবোৰ দূৰ্ঘটনাৰপৰা ৰক্ষা কৰিবপৰাকৈ এক্সপাৰ্ট নাই ইত্যাদি প্ৰশ্নৰ উত্তৰেৰে মোটামোটিকৈ ৰাতাৰাতি থেচিচ এখন বনাই পিছদিনা চাবমিট কৰিলে (তাৰ ভাষাত। আমাৰ ভাষাতহে সেইটো ফেচবুক পোষ্ট)। তাৰপিছত সন্ধিয়া সগৌৰৱে সি ক’ত কেনেকৈ এইবোৰৰ মেটেৰিয়েল পালে তাৰ ওপৰত চমুকৈ দুআষাৰো ক’লে। লাহেকৈ তাক ক’লোঁ,

: বোলো তই যিবোৰ শুনাইছ, সেইবোৰৰ বিষয়ে এক্সপাৰ্ট নহ’লে সাধাৰণ ইঞ্জিনিয়াৰেও নাজানে। তই সেইবোৰ মেচিন দেখিছিলিয়েই নে শুনিছিলিয়েই। ভাটৌৰ দৰে আৰ-তাৰ ভাষ্য শুনি যে লিখিছ, তাতকৈ তাৰে লিংকখিনি ফেচবুকত দিলেও হ’লহেঁতেন। Transmission Error বুলি কথা এষাৰ আছে, শুনিছনে কেতিয়াবা? মানে কাৰোবাৰপৰা তই কিবা এটা শুনি আন ক’ৰ’বাত exactly ক’বলৈ গ’লেও নব্বৈ শতাংশহে শুদ্ধকৈ ক’ব পাৰিবি। তোৰ পৰা বেলেগ এজনে ক’বলৈ হ’লে অৰিজিনেল কথাটোৰ আশীশতাংশহে শুদ্ধকৈ ক’ব পাৰিব। গতিকে দহ নম্বৰজনৰ বাৰত শূন্য শতাংশও শুদ্ধতা নাথাকিব। তাতে এইবোৰ চিৰিয়াছ টেকনিকেল কথা। অকণ হেৰফেৰ হ’লেই দিগদাৰ৷

ইমানখিনি কোৱাৰ পিছত মই আনফালে চকু ঘূৰাই খোজ ল’লোঁ। সিও মনে মনে ৰ’ল। মুঠতে নয়ন এই লকডাউনৰ সময়ত ব’ৰ হোৱা নাই। নিত্যনতুন টপিকৰ ট্ৰেফিকতো সি হেৰাই যোৱা নাই। টপিক শেষ নৌহওঁতেই তাৰ ‘বিশ্লেষণৰ থেচিচ’ চাবমিট হৈয়েই যায়। লকডাউনৰ প্ৰথমতেই সি দীৰ্ঘ লকডাউনে আনি দিবপৰা মানসিক অৱসাদ আৰু বিকাৰক লৈও এখন সাংঘাতিক থেচিচ লিখি তাৰ ফ্ৰেইণ্ডলিষ্টত থকা চাইকিয়েট্ৰিষ্ট ককায়েক এজনক মেনচন কৰি মাতি আনি সুধিলে সি ঠিকে লিখিছে নে নাই। ট্ৰেণ্ডত থকা টপিক যিমান স্পীডত দৌৰে, আমাৰ নয়নৰ পিক আপো সিমানেই বুলি ধৰিব পাৰি। কবিতাৰ সমালোচনাৰপৰা আৰম্ভ কৰি অসমৰ সকলো সমস্যা, ভিডিঅ’-মেছেজ ভাইৰেলৰপৰা এনকাউণ্টাৰলৈকে সকলোতে নয়নৰ অবাধ বিচৰণ। ওলোটাই ধৰিলে কয়,

: তহঁতে সমাজ এখনৰ অংশীদাৰ হৈও মাত নামাত, বেছিভাগ কথাতেই নকৱ একো। সেইকাৰণেই সমাজখনৰ এনেকুৱা অৱস্থা।

হয়ো, ঠিকেই কৈছে সি। পিচে অন্যায়ত মাত মতা আৰু সকলোতে বিশ্লেষক হোৱাৰ মাজত পাৰ্থক্য আছে। নয়নক বুজায় কোনে?

আজি ৰাতিপুৱা মায়ে ঘৰৰ দুটামান ভাতকেৰেলা নয়নহঁতৰ ঘৰত দিবলৈ পঠিয়াই দিলে মোৰ হাতত। ঘৰ পাই দেখিলোঁ ডাঙৰীয়াই টিভিটো অন কৰি চকীৰ ওপৰত ভৰি উঠাই সাপ জোৰা লগাৰ দৰে ভৰি দুখন পাক খুৱাই কিবা টাইপ কৰি আছে। মই ওচৰ পাই সুধিলোঁ,

: কি চলিছে?

মোবাইলৰপৰা মূৰ নোতোলাকৈয়েই সি উত্তৰ দিলে,

: সাগৰ চলিহাৰ কবিতা এটাত কলিতা মানুহৰ কথা হেনো বেয়াকৈ কৈছে।

: তই পঢ়িছ কবিতাটো? বুজি পাইছ?

: ও। চাইছোঁ এনেই। বুজা নাই ভালকৈ৷ তথাপি… এনেইতো বিতৰ্ক হোৱা নাই।

: বঢ়িয়া। তই এতিয়া সাহিত্য-সংস্কৃতিৰ ওপৰত কবিতাৰ প্ৰভাৱ নামেৰে এখন থেচিচ লিখি বুজাই দে যে কবিয়ে কলিতাক অপমান কৰাটো সঠিক হোৱা নাই। পাৰিলে দুজনমান বিশিষ্ট সমালোচকক টেগো কৰি দিবি। তেহে জোৰদাৰ হ’ব৷

বুলি কৈয়েই ভাতকেৰেলাৰ মোনাটো জোৰেৰে মুঠি মাৰি মই সিহঁতৰ পাকঘৰলৈ সোমাই গ’লোঁ।

☆ ★ ☆ ★ ☆

4 Comments

  • Rintumoni Dutta

    বঢ়িয়া লাগিল ভাই

    Reply
  • Abhijit Goswami

    ভাল লিখিলি বহুতদিন পাছত

    Reply
  • ৰাজশ্ৰী শৰ্মা

    ভাল লাগিল পঢ়ি।

    Reply
  • মাধু

    ধন্যবাদ আটাইলৈকে।

    Reply

Leave a Reply

Your email address will not be published.