ফটাঢোল

হাঁহি জীৱনৰ – ৰূপলেখা দেৱী

হাঁহিৰে জীৱন সুন্দৰ কৰা, চকু পানীৰে নহয়,

কামেৰে তুমি যুগজয়ী হোৱা, প্ৰতিশ্ৰুতিৰে নহয়।”

হাঁহি মনৰ দাপোন। সকলো প্ৰাণীৰ ভিতৰত একমাত্ৰ জীৱশ্ৰেষ্ঠ মানৱেই হাঁহিৰে মনৰ আনন্দৰ ভাব প্ৰকাশ কৰিব পাৰে। ই মানুহৰ আটাইতকৈ মধুৰতম প্ৰাপ্তি। হাঁহি মানুহৰ সৌন্দৰ্য আৰু ব্যক্তিত্বৰ উজ্বলতম আৰু মূল্যবান অলংকাৰ। দৈহিক সৌন্দৰ্য্যতকৈ এখন হাঁহিভৰা মুখৰ সৌন্দৰ্য অধিক। ই মানুহৰ মন আৰু শৰীৰৰ ক্লান্তিৰ ভাব দূৰ কৰি শান্তি আনি দিয়াত সহায় কৰে। হাঁহি আচলতে সুখ, আনন্দ আৰু সুস্থতাৰ প্ৰতীক। অন্তৰৰ নিভৃত্য কোণৰ পৰা ওলোৱা হাঁহিয়েই হৈছে প্ৰকৃত হাঁহি। জোৰকৈ বা উপায় নাপাই মৰা কৃত্ৰিম হাঁহিটোৰ প্ৰতিক্ৰিয়া, হাঁহোতাজনৰ মুখত ফুটি উঠে।

হাঁহি কেইবা প্ৰকাৰৰ আছে। ইয়াৰ ভিতৰত মিচিকিয়া হাঁহি, খিলখিলীয়া হাঁহি, প্ৰাণখুলি মৰা হাঁহি, অট্টহাস্য বা অট্টহাঁহি, ঠাট্টাৰ হাঁহি, বেঁকা হাঁহি, বিদ্ৰুপৰ হাঁহি, বেঙা হাঁহি ইত্যাদি উল্লেখযোগ্য। জোখতকৈ বেছি হঁহা বা অপ্ৰয়োজনীয় কথাত হঁহাটো মানসিক ভাবে কিছু অস্বাভাৱিকতাৰ লক্ষণ। অৱশ্যে কেতিয়াবা অকলে থকা মুহূৰ্তত কিবা পুৰণি কথা মনত পৰি বা খুহুতীয়া লেখা পঢ়ি বা ছবি আদি চাই হঁহাটো একো অস্বাভাৱিক নহয়।

আজিকালি ইমান ব্যস্ততাপূৰ্ণ আৰু চাপযুক্ত জীৱনত বেছিভাগ মানুহে প্ৰায় হাঁহিবলৈ পাহৰি যোৱাৰ নিচিনাই হৈছে। ভয়, আতংক, অভাৱ অনাটনৰ দিনত এতিয়া হাঁহি যেন এক দূৰ্লভ সম্পদ। হাঁহিবলৈ আচলতে ভাল বন্ধু, সাধু সংগ আৰু পৰিয়ালৰ সদস্য সকলৰ সহযোগিতাৰ অতিকে প্ৰয়োজন। আমি কাৰোবাৰ খুহুতীয়া কথা, ব্যংগাত্মক ৰচনা, কৌতুক আদি শুনি, পঢ়ি বা চাই খুব হাঁহো আৰু তেতিয়া অকণমান হলেও অৱসাদ মুক্ত হোৱা যেন অনুভৱ কৰোঁ। পেৰদী গান, ৰস ৰচনা, লিমাৰিক, কবিতা, ব্যংগাত্মক কাৰ্টুন বা বিদ্ৰুপাত্মক ৰচনাৰে সমাজ বা ব্যক্তি বিশেষৰ ভুল ভ্ৰান্তিবোৰ আঙুলিয়াই দি ব্যংগাত্মকভাৱে লিখা ৰচনাসমূহ পঢ়িলেও আমাৰ মুখত হাঁহি বিৰিঙি উঠে। ব্যংগাত্মক ৰচনা লিখি মানুহৰ মুখত হাঁহি বিৰিঙাব পৰাতো কিন্তু ইমান সহজ কাম নহয়। ইয়াৰ বাবে বিশেষ পাৰদৰ্শিতা আৰু জ্ঞানৰ প্ৰয়োজন। এই ৰচনাবোৰে সাহিত্যৰ ভঁৰাল চহকী কৰাৰ লগতে সমাজ সংস্কাৰ কৰাতো যথেষ্ট অৰিহণা যোগাই আহিছে। ফেচবুকৰ ফটাঢোল গোট ইয়াৰ এক উৎকৃষ্ট উদাহৰণ।

হঁহাটো স্বাস্থ্যৰ পক্ষে উপকাৰী। আজিকালি বিভিন্ন লাফিং ক্লাব আদি গঠন কৰি বহুতে হাঁহিৰ অনুশীলন কৰে। হাঁহিয়ে আমাৰ আত্মবিশ্বাস বৃদ্ধি কৰি সফল হোৱাত সহায় কৰে। ই খং কমাই আৰু কষ্ট হ্ৰাস কৰে। হাঁহিয়ে বয়সৰ চাপ কমাই আৰু আয়ুস বৃদ্ধি কৰে। আটাইতকৈ ডাঙৰ কথাটো হল – হাঁহিয়ে সম্পৰ্কবোৰ মধুৰ কৰে। কাৰোবাক সম্ভাষণ জনোৱা, অভিনন্দন জনোৱা বা কৃতজ্ঞতা জনাবলৈ এটা হাঁহিয়েই যথেষ্ট। মূল্যৰে কিনিব নোৱাৰা সম্পদো এটা মিচিকিয়া হাঁহিৰে আয়ত্ত্ব কৰিব পাৰি। হাঁহি মুখৰ মানুহৰ প্ৰতি সকলোৱে সহজতে আকৰ্ষিত হয়।

এইখিনিতে এটা কথা উল্লেখ নকৰিলে লেখাটো আধৰুৱা হৈ ৰব। কথাটো এই যে ১৯৯৮ চনৰ পৰা সমগ্ৰ বিশ্বতে মেমাহৰ প্ৰথমটো দেওবাৰে বিশ্ব হাস্য দিৱস পালন কৰি অহা হৈছে। এই বিশ্ব হাস্য দিৱসটো ১৯৯৮ চনত পোন প্ৰথমে ভাৰতবৰ্ষৰ মুম্বাই চহৰত ডাঃ মদন কাটাৰিয়াই পাতনি মেলিছিল। ফেচিয়েল ফিডবেক হাইপথেচিছৰ ধাৰণা অনুসৰি মানুহ এজনৰ মুখৰ অভিব্যক্তিয়ে তেওঁৰ আৱেগক প্ৰভাৱিত কৰিব পাৰে। এই কথাটোতে আকৰ্ষিত হৈ তেওঁ এই দিৱসটি পালন কৰাৰ সিদ্ধান্ত লয়। বৰ্তমান বিশ্বৰ ১০৫ খন দেশ এনে লাফিং ক্লাব আৰু লাফটাৰ যোগ আন্দোলনৰ লগত জড়িত। এইবাৰো মেমাহৰ প্ৰথমটো দেওবাৰ অৰ্থাৎ দুই মেতাৰিখে এই হাস্য দিৱস পালন কৰা হব।

বিশ্ব হাস্য দিৱস উদযাপনৰ সাধাৰণ নিয়ম অনুসৰি এই দিনটোত লাফটাৰ ক্লাবৰ সদস্যসকলে পৰিয়াল আৰু বন্ধু বান্ধৱৰ সৈতে চহৰৰ কোনো এক স্থান, ৰাজহুৱা উদ্যান অথবা প্ৰেক্ষাগৃহ আদিত লগ হৈ একেলগে হাঁহে আৰু বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰে।

সেয়েহে আহক আমি সকলো দুখ পাহৰি জীৱনটো হাঁহিৰে উপচাই উপভোগ কৰোঁ।

☆ ★ ☆ ★ ☆

One comment

  • ৰঞ্জিত কুমাৰ শৰ্মা

    ভাল লাগিল পঢ়ি৷

    Reply

Leave a Reply

Your email address will not be published.