ফটাঢোল

হাঁহি, ধেমালি, প্ৰশংসা আৰু হেঁপাহৰ মাতষাৰ- আৰাধনা বৰুৱা

১) হাঁহিত সৰগী সুখ
পুখুৰীৰ পানীত সৰু শিলগুটি এটা দলিয়াই দিলে শিলটো পৰা ঠাইত সৃষ্ট আঙুঠিৰ দৰে বলয়টো ক্ৰমাৎ বাঢ়ি গৈ অসংখ্য বৃহৎ বলয়েৰে পুখুৰীৰ পাৰ চোৱেগৈ৷ হাঁহিবোৰ ঠিক তেনে৷ হাঁহিয়ে ইজনৰ পৰা সিজনলৈ হাঁহি বিয়পায়৷ ব্যস্ততাৰ যান্ত্ৰিকতাত হাঁহিয়েইতো প্ৰাণৰ সঞ্চাৰ কৰে, মানুহক সুখী কৰি ৰাখি জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে৷
আজিকালি হাঁহিবৰ বাবে অজুহাত বিচাৰিব লাগে৷ ব্যস্ততাৰ হাঁহাকাৰত মানুহে হঁহাৰ অভ্যাস ধৰি ৰাখি দীৰ্ঘায়ু হ’বৰ বাবে লাফিং ক্লাব খোলাৰ দৰে প্ৰয়োজনীয়তাও এতিয়া আহি পৰিছে৷ ভাৱি চালে আচৰিত নহয় জানো? ’হাঁহি’, যি আমাৰ জন্মগত প্ৰবৃত্তি তাক ধৰি ৰখাৰ বাবেও ইমান জটিলতা!
কিন্তু আমি হাঁহিব লাগিব, যেনেকৈয়ে নহওক কিয়৷ কাৰণ হাঁহিযে সুখৰ আধাৰ৷ ব্যস্ততা, জটিল সময়ৰ যন্ত্ৰণাৰ মাজত নিজৰ ভাল লগা কামবোৰ কৰিবলৈ কিছু সময় উলিয়াই সুখী হ’বলৈ শিকিলেই ওঁঠত হাঁহিটো পিন্ধি থাকিব পৰা যায়৷
২) ধেমালিৰ পৰিধি
হাঁহিৰ প্ৰয়োজনতে ধেমালিৰ উপস্থিতি৷ প্ৰিয়জন, বন্ধুবৰ্গ, পৰিয়ালৰ মাজত ধেমালিবোৰে আন্তৰিকতা বঢ়ায়, আনন্দ দিয়ে৷ কিন্তু ধেমালি আৰু বদধেমালিৰ মাজত পাৰ্থক্য আছে৷ এই পাৰ্থক্য মুগাৰ সূতাৰ দৰে, মিহি অথচ সুদৃঢ়৷ সূতা ডাল ছিগি গ’লেই ধেমালিয়ে বদধেমালিৰ ৰূপ লয়৷
নিস্পাপ ধেমালিয়ে যেনেকৈ আনন্দ দিয়ে তেনেকৈ সস্তীয়া বহুৱালিয়ে বিৰক্ত কৰে৷ মানুহৰ শাৰীৰিক অৱয়ব, যোগ্যতা, দুৰ্বলতাকলৈ কৰা ধেমালি বা অনাকাংক্ষিত স্পৰ্শই ধেমালিক তিক্ততাপূৰ্ণ অভিজ্ঞতালৈ পৰিণত কৰে৷
৩) প্ৰশংসাৰ মালাধাৰ
বুঢ়ী আইৰ সাধুৰ গংগাটোপক মনত আছেনে? মাছৰ মেলখনত গংগাটোপক উদ্দেশ্য ব্যাখ্যাৰ ভাৰ দিয়া হৈছিল৷ ইমান গুৰুত্বপূৰ্ণ দায়িত্বই গংগাটোপে উলাহে নধৰে হিয়া হৈ তাৰ মাছবোৰৰ সমস্যাৰ সমাধান কেৱল মাহীয়েক গেদগেদী মাছেহে দিব পাৰিব বুলি ঘোষণা কৰি নিজে মাহীয়েকক মেললৈ আনিবলৈ যাওঁতে মাহীয়েকে শলাগোতে শলাগাঠি খাই ওফন্দি ওফন্দি গংগাটোপ ফুটি মৰিল৷
 ’প্ৰশংসা’ মানুহক মোহাচ্ছন্ন কৰি ৰখা সন্তুষ্টি৷ সকলো ব্যক্তিয়েই প্ৰশংসিত হ’ব খোজে৷ নিজস্ব কামৰ স্বীকৃতি পোৱা যেন অনুভৱৰ বাবেই প্ৰশংসাই মানুহক কষ্ট কৰিবৰ বাবে অনুপ্ৰেৰণা দিয়ে৷ যেনেকৈ প্ৰশংসাই প্ৰেৰণা দিয়ে তেনেকৈ গঠনমূলক সমালোচনাই নৈপুণ্যত সহায় কৰে৷ সেয়ে প্ৰশংসাৰ লগত গঠনমুলক সমালোচনাৰো প্ৰয়োজন৷ গঠনমুলক সমালোচনাক গ্ৰহণ কৰিব পৰাতো পৰিপক্বতাৰ পৰিচায়ক৷ বিখ্যাত বা বিশিষ্ট, এই পৰিচয়ে বহু সময়ত ব্যক্তিক মোহান্ধ কৰে৷ বহুতে শুভাকাংক্ষী আৰু অন্ধসমৰ্থকৰ মাজত পাৰ্থক্য বিচাৰিবলৈ অসমৰ্থ হয়৷ বহুতে আকৌ ভাৱে তেওঁলোকৰ জ্ঞানৰ পৰিধি জোনবাইতকৈও উচ্চ৷ সেয়ে তেওঁলোকৰ কোনো ভুল হ’বই নোৱাৰে৷ ফলত কোনোৱে তেওঁলোকে বিচৰা মতে নচলিলে, সঁহাৰি নিদিলে বা কিবা কথাৰ বিৰোধিতা কৰিলে সেইজন জ্ঞানশূন্য মুৰ্খ বুলি ভাৱে৷ বহুতে আকৌ চিঞৰি ক্ষুৰধাৰ কথা ক’লেই সকলোৱে মানি ল’ব বুলি ভাৱে৷ কিন্তু মনোবিজ্ঞানৰ মতে যাৰ নিজৰ অস্তিত্ব সম্পৰ্কে নীচাত্মিকাভাৱ অৰ্থাৎ inferiority complex থাকে (নিজৰ জ্ঞাতে বা অজ্ঞাতে)তেওঁহে এনে আচৰণ কৰে৷ প্ৰত্যকে নিজক সোধা উচিত তেওঁ আচলতে কোন? ব্যক্তিগত, সামাজিক আৰু বৃত্তিগত সকলো সম্পৰ্ক সফলতাৰে বেলেন্স কৰি ৰাখিব পাৰিছেনে?
যদি পৰা নাই তেন্তে তেওঁ চূড়ান্ত অসফল৷ শিপা খামুচি ধৰি ধুমুহাৰ মুখামুখি হোৱা আৰু সোলোক ঢোলোক শিপাৰে এই চেষ্টা কৰাৰ মাজত পাৰ্থক্য আছে৷ আজিৰ তাৰিখত কোনো ব্যক্তিয়ে মুৰ্খ নহয়, বৰঞ্চ এনেকৈ ভৱাটোহে মুঢ়তা৷
৪) আদৰুৱা মাতষাৰ
আমি জীৱনত বহুত মানুহ লগ পাওঁ; আপোনত্ব অনুভৱ কৰোঁ; আপুনি কষ্ট পাই আছে, ইচ্ছাকৃত বা অনিচ্ছাকৃত ভুলৰ বাবে অনুতপ্ত, জীৱনত বহু কিবা হেৰুৱাইছে, জীৱনৰ হেঁপাহ হেৰাইছে, তেনে সময়ত কাৰোবাৰ এষাৰ আশ্বাস বা মৰমৰ মাত জানো আত্মিক অৱলম্বন হ’ব নোৱাৰে? বহু কথা থাকে যিবোৰ বিভিন্ন কাৰণত প্ৰকাশ কৰা নাযায়৷ এনে বোৰ কথাই বুকুখন এচটা শিলৰ দৰে গধুৰ কৰি থাকে৷ হাজাৰ সুখতো এনেবোৰ দুখে শিকলিৰ দৰে বান্ধি ৰাখে৷ এনেক্ষেত্ৰত বিশ্বাসযোগ্যৰ লগত আত্মিক আলাপ যদি সম্ভৱ পৰ হয় সেয়া সৌভাগ্য৷
প্ৰকৃততে আমি সকলোৱে উমাল শব্দৰ শক্তিৰে আদৰৰ জনক নিৰাপত্তাৰ আশ্বাস দিব পাৰোঁ৷ তাৰ বাবে মাত্ৰ প্ৰয়োজন এটা অনুভৱী মনৰ৷ যি অনুভৱী সত্তাৰ সংস্পৰ্শলৈ আহে তেওঁ অমৃতৰ সন্ধান পোৱাৰ দৰেই সৌভাগ্যশালী..কাৰণ অনুভৱী শিল্পীয়ে ভগ্নাৱশেষৰ পৰাও পুনৰ ভাস্কৰ্য সৃষ্টি কৰিব পাৰে..মৃণ্ময় প্ৰতিমাত প্ৰাণ প্ৰতিষ্ঠা কৰিব পাৰে৷
☆ ★ ☆ ★ ☆

9 Comments

Leave a Reply

Your email address will not be published.