ফটাঢোল

হাঁ‌হি- ৰূপালীম শৰ্মা

“হাঁহি থাকক। অসমীয়া মানুহে হাঁহিব নাজানে বুলি বদনাম এটা আছে।” ব্যক্তি এজনে মোক তেনেকৈ কোৱা কথাখিনিৰ আগমূহুৰ্তত তেওঁৰ হাঁহি বিষয়ক লৈ দিয়া ফেচবুক পোষ্ট এটাত মই কমেণ্ট কৰিছিলোঁ- “হাঁহি ভাল পাও, কিন্তু হাঁহি উঠেহে কমকৈ।”

এই যে মই কমেণ্টটো দিছিলোঁ‌, তাৰ আগৰ কিছু মুহুৰ্ততো মই হাঁহি বিষয়ক কথা কিছুমান লৈ নিজক জুকিয়াই চাইছিলোঁ‌ আৰু তেওঁ দিয়া কমেণ্ট ৰিপ্লাইটোৰ পিছতো বহুসময় ধৰি এই হাঁহি বিষয়ক কথাটো জুকিয়াই আছোঁ।

কথাটো একেবাৰে হয় দেই, নিজকে ধৰি বেছিভাগ মানুহক সামৰি কথাটো প্ৰযোজ্য হয়। আমাৰ মানুহে হাঁহিব নাজানে, হাঁহিব নিবিচাৰে, মন খুলি হাঁহিব নোৱাৰে। হাঁহিৰ ভৰ বৰ গধুৰ যেন অনুভৱ হয় বহু মানুহৰ মুখমণ্ডল দেখি। সম্ভাষণৰ মিচিকিয়া হাঁহি এটিও দুৰ্লভ বহু মানুহৰ মুখমণ্ডলত।

আমি বিদ্যালয়ৰ কোনোবা শ্ৰেণীত পঢ়ি থকা দিনত মাতৃভাষাৰ পাঠ্যপুথিত লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ ‘হাঁহি’ নামৰ পাঠ এটি পঢ়িবলৈ পাইছিলোঁ‌। তাত তেওঁ হাঁহিৰ মহত্বৰ বিষয়ে বিভিন্ন কথাৰ লগতে নিজৰ অভিজ্ঞতা তথা সমাজৰ সৈতে হাঁহিৰ সম্পৰ্কৰ বিষয়ে কিছু অনুভৱ প্ৰকাশ কৰিছিল। তেওঁ অতি ক্ষোভেৰে কৈছিল যে, “অসমীয়া মানুহে হাঁহিব নাজানে।”

আচলতে হাঁহিবলৈনো কোনে বেয়া পায়, প্ৰাপ্তিৰ অন্য এটি চিহ্ন হাঁহি, আৰু প্ৰাপ্তি হ’ল কিছু সুখানুভৱ। কিন্তু হাঁহিৰ বাবে প্ৰয়োজন এটি সুস্থ মনৰ, মানসিক প্ৰস্তুতিৰ। লগতে হাঁহি একপক্ষীয় নহয়। হাঁহিৰ বাবে প্ৰয়োজন সহজ ভাষাৰ, সৰল মাধ্যমৰ। হাঁহিৰ বিষয়বস্তুবোৰ, হাঁহি কঢ়িওৱা প্ৰতিটো শব্দ সৰ্বজন গ্ৰহণযোগ্য হোৱাটোও নিতান্তই প্ৰয়োজন। উদাহৰণস্বৰূপে, বন্ধু কেইজনমানে লগ হৈ এটা ধেমেলীয়া কথা আলোচনা কৰি আছোঁ‌, কথাৰ অন্তত আটাইবোৰ বন্ধুৰ সেই কথাখিনি শুনি হাঁহি নুঠিবও পাৰে। কাৰণ সেই মুহুৰ্তত সেই ব্যক্তিজন সেই স্থানত তেওঁৰ বন্ধুসকলৰ মাজত কায়িকভাবে থাকিলেও মানসিকভাবে নাথাকিবও পাৰে। হয়তো হাঁহিৰ উৎস সেই কথাখিনি অথবা অনুভৱখিনিয়ে প্ৰভাৱ পেলাব পৰাকৈ সেই মুহুৰ্তত তেওঁ মানসিকভাবে সাজু নাথাকিবও পাৰে। হয়তো সেই মুহুৰ্তত তেওঁৰ মনত প্ৰভাৱ বিস্তাৰ কৰি আছে অন্য কিবা কথাই, হয়তো সেই মুহুৰ্তত তেওঁ চিন্তাৰ গভীৰ সাগৰত ডুব গৈ আছে তেওঁৰ জীৱন সম্বন্ধীয় কোনো গভীৰ বিষয়ত। দৰিদ্ৰতা, অভাৱ, আপোনজনক হেৰুওৱা দুখ, বেমাৰ, অসুস্থতা, অক্ষমতা আদি বিভিন্ন সামাজিক, অৰ্থনৈতিক, শাৰীৰিক, মানসিক আদি কাৰক জড়িত হৈ থাকে এটি হাঁহিৰ আঁ‌ৰত।

হাঁহিৰ লগত অন্য কিছুমান অনুভূতিও জড়িত থাকে, যেনে খং, ক্ষোভ, অহংকাৰ, অভিমান, লাজ, ভয় আদি। বহুতো মানুহে ভাবে আমি হাঁহিলে, সমাজৰ আগত মন খুলি কথা ক’লে আমাৰ সন্মান যায়, মানুহে আমাক পাতল ব্যক্তিত্ব বুলি ভাবে। কিন্তু প্ৰকৃতাৰ্থত তেনেকুৱা নহয়, আমাৰ মনবোৰ সহজ-সৰল হ’ব লাগে, আমাৰ কথা-বতৰা সহজ-সৰল হ’ব লাগে, সকলোৱে বুজি পোৱা, সকলোৰে গ্ৰহণযোগ্য হ’ব লাগে।

হাঁহি আমাৰ জীৱনৰ বহু কথাৰ লগতে সন্নিবিষ্ট হৈ পৰে। হাঁহিয়ে মানুহৰ মুখ উজ্বল কৰে, শাৰীৰিক-মানসিক স্বাস্থ্য নিয়ন্ত্ৰণ কৰিব পাৰে হাঁহিয়ে। এখন হাঁহিমুখীয়া মুখ সকলোৱেই ভালপায়। সাধাৰণতে আমি মিচিকিয়া হাঁহিৰে অভিবাদন জনাও সন্মুখৰ চিনাকিজনক। ভদ্ৰতাৰ চিহ্ন ৰূপেও ব্যৱহাৰ কৰা হয় হাঁহি। সৌজন্যতাৰ আহিলা হিচাপেও ব্যৱহাৰ কৰা হয় হাঁহি।

হাঁহি ভালপোৱা বহুতো মানুহেও এটি হাঁহিৰ পৰা বিৰত থাকে। হাঁহিমুখীয়া বহু ব্যক্তিৰ মুখমণ্ডলৰ পৰা হঠাতে নোহোৱা হৈ যায় হাঁহি। আচলতে হাঁহিৰ বাবেও প্ৰয়োজন হয় কিছু গুণৰ, আমি নিজৰ লগত কঢ়িয়াব লগা হয় কিছুমান অনুভৱ মুখমণ্ডলত এটি হাঁহি বিৰিঙাবলৈ। মূলতঃ হাঁহিৰ বাবে প্ৰয়োজন এটি ধনাত্মক মন আৰু নিকা অন্তৰৰ।

দুখ-যন্ত্ৰণা থাকিলে মানুহে হাঁহিব নোৱাৰে, তেনেকুৱা নহয়। দুখ-যন্ত্ৰণা বহিৰাগত অনুভৱ, কিন্তু হাঁহি আমাৰ নিজৰ সম্পদ, আমি নিজে সৃষ্টি কৰা বা কৰিব পৰা প্ৰতিজনৰে মন-মগজুৰ নিৰ্দেশত চলা অনুভৱৰ বহি: প্ৰকাশ। দুঃখত যেনেকৈ আমি কান্দোঁ, সুখত হাঁহো। কেতিয়াবা অধিক সুখে যেনেকৈ আমাক হঁ‌হুৱাই হঁ‌হুৱাই কন্দুৱায়, তেনেদৰে অধিক দুখে আৱিষ্কাৰ কৰিবলৈ শিকাই আমাক বহু ক্ষেত্ৰত হাঁহিৰ উৎস।

আমি সুখ বিচাৰোঁ‌, আমি হাঁহি বিচাৰোঁ‌। ভগৱানৰ ওপৰত বিশ্বাস, নিজৰ ওপৰত বিশ্বাস, এটি ধনাত্মক মন, সপোন-আশা-হেঁ‌পাহ কঢ়িওৱা এটা মনে অহৰহ বিচাৰি ফুৰে হাঁহিৰ উৎস। আমি হাঁহিবলৈ শিকিব লাগে, হাঁহিব জানিব লাগে, হাঁহিব শিকাব লাগে, হাঁহি বিয়পাব লাগে।

 যদি আমি ক্ষন্তেকীয়া সুখ, অলপ হাঁহি নিবিচাৰিলোঁ‌হেতেন বৰ্তমান সময়ৰ সকলোৰে সমাদৃত বিভিন্ন বিষয়ত বিভিন্নজনৰ দ্বাৰা সৃষ্ট মিমবোৰৰ সৃষ্টিয়ে নহ’লহেতেন। আমি নিজে হাঁহি ভাল পাওঁ আৰু সেই হাঁহি আপোন সকলোকে বিলাইও ভাল পাওঁ।

এইক্ষেত্ৰত এটা কথা ক’ব লাগিব, মনোবৈজ্ঞানিকসকলৰ সমীক্ষাৰ পৰা প্ৰকাশ হোৱা কোনো তথ্য তথা ফেইচবুক, ইনষ্টাগ্ৰাম, হোৱাটচএপ ইত্যাদি এপৰ ব্যৱহাৰৰ জৰিয়তে জানিব বুজিব পাৰিছোঁ‌, মানু্হে সেইসকল লোকক অধিক পছন্দ কৰে লগতে সেইসকল লোকৰ সংস্পৰ্শত অধিক সময় অতিবাহিত কৰি সুখী হয়, যিবিলাক লোকে আমাৰ মুখত এটি হাঁহি বিৰিঙাই, ক্ষন্তেকীয়া হ’লেও কিছু সুখৰ অনুভৱ কৰাই অলপ হাঁহিৰ জৰিয়তে। সেয়া লাগিলে মিম, কৌতুক, ধেমেলীয়া ঘটনা বা ভিডিঅ’-অডিঅ’, প্ৰশংসা আদি যি উৎসৰ দ্বাৰাই নহওঁক। লগতে অন্য এটা কথা এইক্ষেত্ৰত উল্লেখযোগ্য। হাঁহিৰ উৎসবোৰৰো একপ্ৰকাৰ কিছু পৰিমাণে হ’লেও উন্নত মানদণ্ড থকাটো দৰকাৰ হৈ পৰে, দীঘলীয়া সময়ত নহ’লে ই বিৰক্তিদায়ক হৈ পৰে। বিশেষতঃ হাঁহিৰ উৎসবোৰ সৃষ্টিমূলক হ’লে ই সকলোৰে গ্ৰহণযোগ্য হয়।

হাঁহিৰ উৎস এটা ভাল সংগীত, এখন ভাল চিনেমা, ভাল নৃত্য, ভাল চিত্ৰকৰ্ম, ভাল খাদ্য, ভাল বাদ্যযন্ত্ৰৰ বাদন, ভাল কিতাপ, ভাল গল্প-সাহিত্য, কবিতা, উপন্যাস যিকোনো হ’ব পাৰে। কাৰণ হাঁহিৰ পৰিধি অত্যন্ত বিশাল, হয়তো পৰিধিহীন ক’লেও ভুল কোৱা নহ’ব। লগতে হাঁহিৰ প্ৰকাৰ বিভিন্ন, হাঁহিৰ কাৰণ বিভিন্ন, হাঁহিৰ উদ্দেশ্য বিভিন্ন, হাঁহিৰ সংজ্ঞা বিভিন্ন হ’ব পাৰে বিভিন্ন জনৰ মনত-বিবেচনাত। আচলতে হাঁহিৰ আঁ‌ৰতো থাকে প্ৰয়োজনীয়তা, কিয়, কি কাৰণত, কিহৰ বাবে ইত্যাদি প্ৰশ্ন জড়িত থাকে হাঁহিৰ লগত। যেনেকৈ আমি প্ৰত্যেকৰে বাবে জীৱনৰ সংজ্ঞা বেলেগ বেলেগ, জীৱনৰ উদ্দেশ্য বেলেগ বেলেগ, জীৱনৰ গতিধাৰা, জীৱনৰ প্ৰাপ্তি-অপ্ৰাপ্তি সকলো বেলেগ বেলেগ, সেইদৰে বেলেগ বেলেগ আমাৰ বাবে সুখৰ সংজ্ঞা, সুখৰ উৎস, সুখক লৈ গঢ়া সপোন, সুখক লৈ কৰা আশা- হেঁপাহবোৰ। গতিকে হাঁহিবোৰো আমি সকলোৰে বাবে বেলেগ বেলেগ।

অকল সুখী ব্যক্তিয়েহে যে হাঁহে বা অকল সুখতেই যে মানুহে হাঁহে তেনে নহয়, হাঁহিবলৈ সুখৰ প্ৰয়োজন নহয় বহুক্ষেত্ৰত, ইতিমধ্যে উল্লেখ কৰাৰ দৰেই এটি সুস্থ আৰু পবিত্ৰ মন, পৃথিৱীখনক, প্ৰকৃতিক ভালপাব পৰা মন, নিজৰ ওপৰত বিশ্বাস, ভগৱানৰ ওপৰত বিশ্বাস, আপোনজনৰ ওপৰত বিশ্বাস, জীৱনৰ প্ৰতি যথেষ্ট ভালপোৱা থাকিলে আমি হাঁহি হাঁহি জীয়াব পাৰোঁ‌ আমাৰ জীৱন যিকোনো পৰিস্থিতিত, লগতে হাঁহি বিলাব পাৰোঁ‌ আনলৈও।

হাঁহি মানে মোৰ মনত একপ্ৰকাৰ ধনাত্মক শক্তি। এটি প্ৰিয় গানৰ কলি এইমুহুৰ্তত মনলৈ আহিছে, “হাঁহি এটি পিন্ধি লোৱা, অনেক হাঁহি বিয়পিব। ভাঙি পাতি খুলি কোৱা, মনৰ দ্বিধা আঁতৰিব।……”

আকৌ হাঁহিৰ প্ৰকাৰ বিভিন্ন। মিচিকিয়া বা লাজুক লাজুক হাঁহিৰ পৰা আৰম্ভ কৰি ৰাৱণৰ সেই ভূমি কম্পমাণ হাঁহিলৈকে কত কিমান যে হাঁহি। কিছুমান মানুহৰ আকৌ হাঁহিটোৱে দেখিবলৈ বা শুনিবলৈ ইমান হাস্যকৰ যে তেওঁৰ হাঁহি উপভোগ কৰি মানুহে কোনো কাৰণ অবিহনেও নিজৰ হাঁহি ৰখাব নোৱাৰাত পৰে। মুঠতে মানুহ ভেদে হাঁহিৰ প্ৰকাৰ বিভিন্ন। হাঁহিত মানুহৰ চকুৱে, চেলাউৰিয়ে, নাকে, ওঁ‌ঠে, দাঁ‌তে সকলোৱে কথা পাতে, মুখমণ্ডলৰ সকলো অংগৰ সমিলমিলেৰে এটি সম্পূৰ্ণ হাঁহিয়ে প্ৰাণ পাই উঠে। ৰূপহী সকলৰ ধুনীয়া হাঁহিক লৈ যে কত কবি-গীতিকাৰৰ কিমান শব্দই প্ৰাণ পাই উঠে “হাঁহিলে তুমি মুকুতা-মণি সৰে….” এনেকুৱা কত কিমান সুন্দৰ সৃষ্টি যে এটি মিঠা হাঁহিক লৈয়ে।

কল্পনা বা সপোনৰ অথবা নিজৰ পছন্দৰ নাৰী-পুৰুষ,  প্ৰিয়তম-প্ৰিয়তমাসকলৰ হাঁহিৰ খিলিকনিয়ে প্ৰায় সকলোৰে মনত প্ৰেমৰ জোঁ‌ৱাৰ তোলে, পুলকিত-ৰোমাঞ্চিত কৰি ৰাখে দেহ-মন। ডিগ্ৰী পঢ়ি থকা সময়ৰ কথা মনত পৰিছে, কলেজত নৱাগত আদৰণি সভাত কিছু নৱাগতক বিশেষকৈ অভিনয় কৰি ভালপোৱাসকলক এই কাৰ্যটো কৰি দেখাবলৈ দিয়া হৈছিল যে, “বিভিন্ন প্ৰকাৰৰ হাঁহি মাৰি দেখুওৱাচোন আমাক, কইনাই কেনেকৈ হাঁহে অথবা লাজ লাজকৈ কেনেকৈ হাঁহে, ভয় ভয়কৈ কেনেকৈ হাঁহে, হাঁহি হাঁহি পেটৰ বিষ উঠি যোৱা অভিনয় কৰাচোন….” ইত্যাদি।

আচলতে হাঁহি হ’ল এটি প্ৰচণ্ড শক্তিশালী সম্পদ। ই যিকোনো পৰিস্থিতিতে ইমান উজ্বল যে ইয়াৰ ধনাত্মক গুণে মলিন মনকো ক্ষন্তেকৰ বাবে ধুই নিকা কৰি ৰাখে। অন্য ভাষাত ক’বলৈ গ’লে, এটি ভাল গল্প, কবিতা, প্ৰবন্ধ, উপন্যাস, অনুভৱৰ পৃষ্ঠা ভৰাই লিখিব পৰাকৈ অকলেই ‘হাঁহি’ এটি সৰু অথচ অজস্ৰ অনুভৱেৰে ভৰপূৰ সাহিত্য সমৃদ্ধি শব্দ।

☆ ★ ☆ ★ ☆

5 Comments

  • Sadananda Bhuyan

    হাঁহিৰ বিষয়ে বৰ সুন্দৰকৈ লিখিলে ।

    Reply
    • Anonymous

      বহুত ধন্যবাদ 🙏 হাঁহি থাকক হাঁহি বিলাওক☺️

      Reply
  • ৰূপালীম শৰ্মা

    বহুত ধন্যবাদ 🙏 হাঁহি থাকক হাঁহি বিলাওক☺️

    Reply
  • শৰৎ মহন্ত ।নগাঁও ।।

    হাঁহি ৰ বিষয়ে ভালকৈ বণ’না হৈছে। এইখিনিতে কথা এটা মনত পৰিছে ।গাঁও ৰ নামঘৰত নাটকৰ মাজতে ::::
    আহে সামাজিক লোক ঐচন বহুৱাৰ পৱেশ দেখহ:আমি সাজু এজন দেদাইদেওৰ বাবে মেলেঙা দেদাই।।ভাওনা ঘৰতে সোমাইয়েই যিটো ভংগিমা কৰে গোটেই নামঘৰত হাঁহি গোমগোমনিৰ শৃষটি হয় পৰিৱেশ টো ধেমেলীয়া হয় যদিও ভাওনাৰ গতি মন্থৰ নহয় ।
    বহু সময় উপযোগী লেখাটো পঢ়ি ভাল পালো।।।

    Reply
    • ৰূপালীম শৰ্মা

      বহুত ধন্যবাদ 🙏

      Reply

Leave a Reply

Your email address will not be published.