ফটাঢোল

হাউজবেণ্ড-ড০ সুশান্ত কুমাৰ কাশ্যপ

: বুজিছা, মই সৰু সুৰা কৈ হ’লেও চাকৰি এটা কৰি আছোঁ৷ গতিকে অলপ চলপকৈ হ’লেও ঘূৰাই দিম দিয়া..

: তুমি মনে মনে থাকা৷ বেছি বেছি নকৰিবা৷ কথা বেয়া হৈ যাব। বেয়া পৰিস্থিতিৰ সম্মুখীন হ’বলৈ মোক কিন্তু বাধ্য নকৰাবা। 

: হ’লেও দিয়াচোন, অন্যৰ কথা বেলেগ, মোৰ দৰমহা কম হ’লেও চৰকাৰী৷

: হ’ব, চাকৰিৰ বাহাদুৰী দেখুৱাব নালাগে…যিডাল হে চৰকাৰী চাকৰি৷

: সৰু হ’লেও চৰকাৰী চাকৰিয়েই দিয়াচোন৷

: আজিৰ দিনত হ’লে সেইডাল চাকৰিৰে মোৰ দৰে এজনী বিচাৰিয়েই নাপালাহেঁতেন, মই সৰু আছিলোঁ, বুজা নাছিলোঁ, মা-দেউতাৰ কথামতেই বিয়াত বহিলোঁ। এতিয়া হ’লে… 

: আজি বিশবছৰ পিছত আৰু সেইবোৰ…. হ’ব দিয়া অহা জনমত আৰু এনেকুৱা ভুল…

: বুজনি দিব নালাগে, এতিয়া। ঘড়ীলৈ চোৱা, কেইটা বাজিল দেখা নাই?

: কি ৰান্ধিম এতিয়া? দিনৰ কিবাকিবি আছেই৷

: আলু ভাজি কৰিলেই হ’ল, লগতে কণী বইল কৰিবা, ৰাতি চিম্পল খোৱা ভাল৷

একো কথা কৈয়েই মনাব নোৱাৰে মানুহজনীক। আচৰিত৷ আজি বিছবছৰে এদিনো মৰম লগা  মাত এষাৰ পোৱা নাই তেওঁৰ পৰা, বৰং কথাই কথাই তিৰস্কাৰ৷ ঘৰৰ সমস্ত কাম বৰ্মনেই কৰে৷ আনকি অফিচলৈ যোৱাৰ আগেই দুপৰীয়াৰ সাঁজৰো সকলো ৰন্ধা মেলা কৰি যায়। ইমানৰ পিছতো এনে যন্ত্ৰণা সহ্য কৰিব পাৰিনে! বৰ্মনৰ এইবোৰেই দুখ! ওচৰ চুবুৰীয়াই বেঁকাকৈ হাঁহি এটা মাৰি “বৰ্মন ভালে আছে” বুলি সুধিলে কিবা ইতিকিং কৰা যেন লাগে বৰ্মনৰ। ওচৰ চুবুৰীয়াই জানিলেই নেকি ঘৰৰ ভিতৰৰ কথাবোৰ! টেনচন হৈ যায় বৰ্মনৰ 

চুবুৰিত ইতিমধ্যে বৰ্মন ‘নিৰ্যাতিত পুৰুষ’ হিচাপে পৰিচিত হৈ গৈছেই৷ ৰাস্তাৰে গ’লে দুই এজনে বৰ্মনে শুনা নুশুনা কৈ আলোচনা কৰে ” ‘পুৰুষ সমিতি’ একোখনো লগা হৈছে ‘মহিলা সমিতি’ৰ লেখিয়াকৈ। নহ’লে আমাৰ পুৰুষসকল ক’লৈ যাব হে “। এইবোৰ শুনি  বৰ্মনৰ গা বিছাই ডকাদি ডাকে৷ নুশুনাৰ ভাও ধৰি গুচি যায়৷ অফিচতো জানে সৱেই৷ “বৰ্মন, দুপৰীয়াৰ বাবে আজি কি ৰান্ধি থৈ আহিল” কামৰ মাজে মাজে আড্ডাত বড়োবাবু শৰ্মাই খবৰ লয় অফিচৰ সকলোৱে শুনাকৈ। বৰ্মনৰ ভিতৰি ভিতৰি খং উঠি যায়৷ মুখেৰে নামাতে। বাকীবোৰে ফুচ ফুচাই হাঁহে।

“মোৰ হাজবেণ্ডে দৰমহাৰ পৰা দিব বুলি কৈছে, তেতিয়া ভালেই হ’ব৷ সেইখিনি মোৰ এক্সট্ৰা হৈ যাব। হেল্লো, হেল্লো…..ধেই ইমান বেয়া নেটৱৰ্ক” খং উঠি যায় বৰ্মননীৰ। বক্স পালেঙখনৰ সম্মুখৰ বক্সটোত আওজি আকৌ লগাই মোবাইল ফোনটো  ” ..হেল্লো….শুনিছা….আজি কি ক’লে মন্ত্ৰীয়ে? হয় নেকি, বঢ়িয়া……মুঠতে উল্টা পুল্টা কৰিলে কিন্তু জংগী আন্দোলন…….টিভিত এইটো কৈয়েই থাকিবা দেই, তেতিয়াহে এটা ‘প্ৰেছাৰ’ দিয়া হ’ব ….হেল্লো হেল্লো….. জয়মতী, কনকলতা, মূলা গাভৰু আৰু য’ত যিমান আমাৰ নেত্ৰী আছে সকলোৰে নামবোৰ ক’ব দিবা টিভিত কথা কওঁতে। নহয়, মানে মই কিয় দেখাকৈ টিভিত ওলাব নোৱাৰোঁ জানা, ‘হাজবেণ্ডে’ চৰকাৰী চাকৰি কৰে নহয়, মুঠতে লাগি থাকা দেই। আমি বেকত আছোঁ। বাই, গুড নাইট হাঁ ” মোলায়ম হাঁহি এটা মাৰি মোবাইল কাটি দিয়ে বৰ্মননীয়ে।

বৰ্মনে আলেঙে আলেঙে লক্ষ কৰি থাকে এইবোৰ। 

 : কি শুনি আছা মনে মনে? আমি বেলেগ কথা পাতি আছোঁ৷

 : মই একো কথা শুনা নাই হে, ভাত হৈ গ’ল । এতিয়াই খাবা নে পিছত খাবা সেইটোহে সুধিবলৈ আহিছিলোঁ।

: এতিয়াই নাখাওঁ, এতিয়া কালাৰচত ‘ডেন্স দিৱানে’ আছে। সেইখন শেষ হ’লেহে খাম৷

বৰ্মনে একো আপত্তি নকৰাকৈয়ে সকলো কথা শুনি যায়, সকলো কাম কৰি যায়৷ মিছা মিছিকৈ ওপৰত কথা কৈ কাজিয়া কৰিব নোখোজে৷ অৱশ্যে ভিতৰি ভিতৰি অলপ ভয়ো কৰে, শাৰীৰিক ভাবে বৰ্মননী বৰ্মনতকৈ শক্তিশালী। কিন্তু আজিলৈকে বৰ্মনৰ ওপৰত হাত উঠোৱা নাই, যিমান হ’লেও মানুহজনীক এনেই বদনাম দিব নোৱাৰি। মাজে মাজে মালতীলৈ মনত পৰে বৰ্মনৰ। কিমান যে গুণী, মৰম লগা আছিল মালতীজনী। তাইৰ লগত বিয়া হোৱা হ’লে আজি কিমান সুখত থাকিব পাৰিলেহেঁতেন! মালতীৰ ‘হাজবেণ্ড’ হিচাপে নিজকে কল্পনা কৰিয়েই ভাল লাগি যায় বৰ্মনৰ৷ ভাগ্যতেই নাই যেতিয়া কি হ’ব এইবোৰ ভাবি!  তেনেকৈয়ে সান্ত্বনা লভে বৰ্মনে। 

লাহে লাহে বৰ্মনৰ দেহাটো যেন দুৰ্বল, অচল হৈ আহিছে৷ অকণমান কাম কৰিলেই ভাগৰুৱা, অৱস অনুভৱ কৰে বৰ্মনে৷ চিন্তা হয় কিমান দিনলৈ এনেকৈ কাম কৰি খুৱাব পাৰিব৷ মানুহজনৰ দেহাটো যেন আগৰফালে হাউলি পৰাৰ দৰে হৈছে৷ কঁকালৰ ওপৰৰ অংশৰ পৰা এটা ভাঁজ লৈছে শৰীৰে। চাপৰত থকা ‘ৱাছ বেচিন’টোত হালি হালি বাচন ধোৱাৰ লগতে  মানসিক কষ্ট, চিন্তাও বেকা হৈ যোৱাৰ কাৰণ বুলি ভাবে বৰ্মনে।

নিশা ছিৰিয়েল চাই মেলি শুবলৈ যাওঁতে বাৰ বাজি যায় বৰ্মনহঁতৰ৷ বিছনাত পৰাৰ লগে লগে নাক ঘোৰ-ঘোৰাই টোপনি আহে বৰ্মনৰ। 

: বৰ্মন দা, তোমাৰ অৱস্থা কিয় এনেকুৱা হ’ল! কিয় হাউলি পৰিলা…ইচ ইমান ধুনীয়া মানুহজন৷

উচুপি উচুপি যেন সুধিছে বৰ্মনক।

: আচলতে মই ‘হাউজবেণ্ড’ যে, সেইকাৰণে!

: কি? “হাউজবেণ্ড কি!

: ‘হাউজবেণ্ড’ মানেই  ‘house bend ….বিয়াৰ পিছত ঘৰৰ কাম কৰি কৰি, ঘৰলৈ বজাৰ কৰা মোনা, চিলিণ্ডাৰ ডাঙি ডাঙি ‘বেণ্ড’হৈ যোৱা যায় বাবে আমাক ‘হাউজবেণ্ড’ বুলি কয়!

: কি কৈছে আপুনি এইবোৰ, বৰ্মন দা!

: সঁচাকৈ কৈছোঁ অ’৷ অলপো মিছা নহয়৷ এইবাৰ আমাৰ এওঁলোকৰ পাল্লাত পৰিছে যেতিয়া ‘চৰকাৰো’ কেতিয়া ‘হাউজবেণ্ড’ হৈ আমাৰ দৰে ‘বেণ্ড’ হৈ যায় তাৰ গ্যাৰাণ্টি নাই! বেয়াই লাগিছে বেচাৰাটোলৈ…

: বৰ্মন দা…

আবেগিক হৈ যেন চিঞৰি দিলে মালতীয়ে।

 

” মালতী….মালতী….”

বৰ্মনৰ চিঞৰত বৰ্মননীয়ো চকা মকাকৈ সাৰ পাই যায়। টোপনিৰ পৰা বিছনাত উঠি বহিল দুয়ো।

: তুমি কি চিঞৰিছিলা?

চকু মোহাৰি মোহাৰি বৰ্মননীয়ে টোপনিৰ নিচাতেই সোধে বৰ্মনক।

: সপোন দেখিছিলোঁ, তোমাকেই মাতিছিলোঁ৷

বৰ্মনে যেন স্বত্বিৰ নিশ্বাসহে পেলাইছে, অন্ততঃ কি বুলি চিঞৰিছে শুনা নাই পত্নীয়ে। নহ’লে বিষম হ’লহেঁতেন৷

: পানী এগিলাছ খাই বাথৰূম গৈ আহি শুই থাকা । পুৱা সোনকালে উঠিব লাগিব, কাইলৈ সোমবাৰ।

☆ ★ ☆ ★ ☆

5 Comments

Leave a Reply

Your email address will not be published.