ফটাঢোল

হাও আই মেট ইয়ৰ মাদাৰ-মানসী বৰা

: অ’ দেতা, তুমি মাক কেনেকৈ লগ পাইছিলা?

বিয়াৰ ফটো থকা এলবামটো লুটিয়াই থকা শইকীয়াৰ পুতেকে হঠাত উৎসুকতাৰে সুধি দিছিল প্ৰশ্নটো।

: কোৱাচোন কোৱা, ক’ত কেনেকৈ তোমালোকে লগ
 পাইছিলা?

: এঃ, ককা-আইতাৰৰ ঘৰতে লগ পাইছিলো অ’।

ঘপহকৈ শইকীয়াই কৈ পেলাইছিল যদিও দহবছৰীয়া পুতেকৰ প্ৰশ্নত কাহানিও পাগুলি নোচোৱা সময়বোৰলৈ মনটো উৰা মাৰি গৈছিল।

আচলতে কলেজৰ জাকৰুৱা ছোৱালীৰ মাজত প্ৰথম দেখা পাইছিল তেওঁৰ সপোন কু্ঁৱৰীক। কথা পতাত ব্যস্ত হৈ যোৱা যুৱতীয়ে কিন্তু শইকীয়াই চাই ৰোৱাৰ কথা গমেই পোৱা নাছিল। নাম নজনাকৈয়ে শইকীয়াই সেই সুদৰ্শনাক অজানিতে হৃদয়ত ঠাই দি পেলাইছিল।

লাহী দেহৰ মিঠাবৰণীয়া সুগঢ়ি মুখখনে শইকীয়াৰ টোপনি হৰিছিল। জীৱনত বহুত ছোৱালী দেখিছিল তেওঁ। কিন্তু সেই ছোৱালীজনী যেন ব্যতিক্ৰম। তাইৰ নামটো জনাৰ হেঁপাহ এটাই পলকতে ঠন ধৰি উঠিছিল। কি বাৰু তাইৰ নাম? মেঘালী, মৃণালী, নে মনালিছা?

কি নাম সেই সুদৰ্শনাৰ?

দিন পাৰ হৈ গৈ আছিল। কলেজৰ মুখত ৰৈ চাই ৰোৱা ছোৱালীজনীয়েও এদিন আঁৰ চকুৰে শইকীয়াকে চাবলৈ লৈছিল। তাৰপিছত চকুৰ চিনাকিৰে দেখিলে মিচিকিয়াই হঁহাও হ’ল দুয়োটাই।

এদিন সাহস কৰি শইকীয়াই নিজেই মাতি দিছিল,

: এই শুনাচোন।

সপোন কুঁৱৰীও ৰৈছিল, ৰওঁ নৰওঁকৈ।

: তোমাক দেখো সদায়, কলেজলৈ অহা-যোৱা কৰা। কি পঢ়ি আছা?

: ডিগ্ৰি চেকেণ্ড ইয়েৰ।
  লাজ মিহলি ভাষাৰে কৈছিল তাই।

: বেয়া নোপোৱা যদি তোমাৰ নামটো কি ক’বা নেকি?

: ফু…ফুটুকী চেতিয়া।

কওঁ নকওঁকৈ যেন কৈছিল নামটো। নামটো শুনাৰ লগে লগে সেইদিনা আপোনা-আপুনি শইকীয়াৰ মুখেৰে ফিচকৈ ওলাই আহিছিল এটা আপদীয়া হাঁহি।

ধেৎতেৰি, বৰ বেয়া ক্ষণত হাঁহিটো ওলাল বুলি ভাবি যেনে তেনে তেওঁ সম্বৰণ কৰিবলৈ চেষ্টা কৰিছিল।

আনফালে সেই হাঁহি সপোন কুঁৱৰীৰ চকুতো বেয়াকৈ ধৰা দিছিল। হাঁহিৰ অৰ্থ বুজিবলৈ বাকী নাছিল। নামটোৰ বাবেই যে সেই হাঁহি ভালকৈয়ে বুজি উঠিছিল।

উঠি অহা খংটো নিয়ন্ত্ৰণ কৰি চিধাই সেই ঠাইৰপৰা আঁতৰি গৈছিল ফুটুকী চেতিয়া নামৰ ছোৱালীজনী। সেইদিনাৰপৰা ফুটুকীয়ে শইকীয়াক দেখিলেও নেদেখাৰ ভাও জুৰিছিল। শইকীয়াই কিন্তু আগৰ দৰে চাই ৰৈছিল তেওঁৰ সপোন কুঁৱৰীক। দেখ দেখকৈ বুজা গৈছিল ফুটুকীয়ে শইকীয়াক সমূলি পচন্দ নকৰে। নামটো শুনিয়ে যিটো মানুহে হাঁহিব পাৰে সেই মানুহৰ লগত কথা পতাৰো প্ৰয়োজনবোধ নকৰে তাই।

আচলতে তাইৰ সেই ফটুকী নামটো দেউতাকে নিজৰ মাকৰ মৰমতে ৰাখিছিল। জীয়েকে হেনো সাইলাখ আইতাকৰ ৰূপ লৈ আহিছিল। আধুনিক সাজপাৰেৰে যুৱতীৰ আওপুৰণি নাম, খাপ নোখোৱাটো স্বাভাৱিক। সেয়ে মেট্ৰিকৰ ‍আগে আগে ফুটুকী নামটো সলাই পেলাবলৈ বৰকৈ আগ্ৰহ প্ৰকাশ কৰিছিল তাই। কিন্তু দেউতাকক মান্তি কৰাব পৰা নাছিল। নামটো সলোৱা নহৈছিলগৈ। কিন্তু নামটো লৈ হঁহাবোৰক তাইও চকুপাৰি দেখিব নোৱাৰা হৈছিল। শইকীয়াও তাৰ মাজৰে এজন হৈ পৰিছিল।

সেয়ে বাটত শইকীয়াক দেখিও নেদেখাৰ ভাও ধৰা হৈছিল তাই। শইকীয়াৰ কিন্তু এদিন ধৈৰ্য্যৰ বান্ধ চিগি গৈছিল। বাটৰ মাজতে তাইক আগভেটি ধৰিছিল তেওঁ।

: মই লক্ষ্য কৰি আছোঁ তোমাক। মোক দেখিও কিয় নেদেখাৰ ভাও জোৰা? তুমি মোক বেয়া পোৱা?

ফুটুকীয়ে বিৰক্তিৰে মাত দিছিল,

: মোৰ নামটো শুনিয়ে যি হাঁহিব পাৰে মোৰ তেনে মানুহৰ লগত একো কথাই থাকিব নোৱাৰে।

: অলপ ধৈৰ্যৰে মোৰ কথাকেইটা শুনিবানে বাৰু?
  নিঃসংকোচে শইকীয়াই সুধি পেলাইছিল সেইবাৰ।

: সোনকালে কওক, কি ক’ব লগা আছে। মই বেছি পৰ ৰৈ থাকিব নোৱাৰো ইয়াত।

: তোমাৰ নামটো শুনি সিদিনা ঘপহকৈ মই যে হাঁহি দিছিলো, সেই বাবেই তুমি বেয়া পাই আছা, নহয় জানো? শুনা তেন্তে, মোৰ নামটো চাগৈ নাজানা নহয়। মোৰ নাম নাহৰ, নাহৰ শইকীয়া আৰু তোমাৰ নামটো ফুটুকী। নাম দুটা মিলাই চাই মোৰ জানো হাঁহি উঠিব নালাগে?

শইকীয়াৰ কথাত সেইবাৰ ফুটুকীৰো হঁহাৰ পাল।

সেইদিনা আৰম্ভ হোৱা হাঁহিৰপৰাই আৰম্ভ হ’ল নাহৰ-ফুটুকীৰ প্ৰেমকাহিনী। তাৰ পিছত বিয়া। বিয়াখনত অসুবিধা কেৱল এটাই আছিল। আনে ৰগৰ কৰে বুলিয়ে নিমন্ত্ৰণী পত্ৰত নাহৰ আৰু ফুটুকী নাম দুটা দিব পৰা নগৈছিল। বাবাটো আৰু মাজনী বুলি  সিহঁতৰ ঘৰুৱা নাম দুটাহে দিয়া হৈছিল।

কথাটো আকৌ এবাৰ মনত পেলাই শইকীয়াৰ মুখেৰে হাঃ হাঃকৈ বিয়াগোম হাঁহি এটি নিগৰি ওলাল।

☆ ★ ☆ ★ ☆

2 Comments

  • অনুৰূপ

    নাহৰফুটুকীৰ প্ৰেম কাহিনীটো বৰ ভাল লাগিল😁

    Reply

Leave a Reply

Your email address will not be published.