ফটাঢোল

নীল হাতী (গল্পকাৰ : হুমায়ূন আহমেদ) ভাবানুবাদ- মুনমুন সৰকাৰ শইকীয়া

নীলুৰ যিজন মোমায়েক আমেৰিকাত থাকে সেইজনক তাই কেতিয়াও লগ পোৱা নাই। নীলুৰ জন্মৰ পূৰ্বেই তেওঁ গুচি গৈছিল। ঘূৰি নাহিল। নীলুৰ এইজন মোমায়েকৰ কথা ঘৰত সবেই পাতি থাকে। মাকে প্ৰায়েই কৈ থাকে, আসস্, সঞ্জু যদি এবাৰলৈ ঘূৰি আহিলহেঁতেন। কিন্তু নীলুৰ মোমায়েকজন হেনো আৰু দেশলৈ ঘূৰি নাহে। কেতিয়াও নাহে। এবাৰ নীলুৰ মামাআইতা খুব অসুখত পৰিল। সঞ্জু মামালৈ টেলিগ্ৰাম‌ পঠিওৱা হ’ল। সবেই ভাবিলে এইবাৰ হয়তো আহিব, কিন্তু তথাপিও নাহিল। নীলুৰ দেউতাকে গুৰু গম্ভীৰ সুৰত ক’লে,

: মেমচাহাব বিয়া পাতিলে এতিয়ানো আৰু কি ঘূৰি আহিব?

নীলুৰ খুব মন যায় সেই মোমায়েকক আৰু তেওঁৰ মেমচাহাব ঘৈণীয়েকক চাবলৈ। কিন্তু তাইৰ মন গ’লেই নহ’ব নহয়, সেইজন আৰু উভতি নাহেই দেশলৈ। শেষত বহুত ভাবি চিন্তি নীলুৱে কাম এটা কৰি পেলালে। মোমায়েকলৈ বুলি চিঠি এখন‌ লিখিলে। চিঠিখনত ডাঙৰ ডাঙৰ হৰফত লিখিলে

মামা,

আপোনাৰ কেনেকুৱা? মোৰ নাম নীলু। আপোনাক মোৰ খুব চাবলৈ মন যায়। মেমচাহাবনী মামীকো চাবলৈ মন যায়।

ইতি-

নীলু।

সেই চিঠিখনৰ পাছফালে তাই চৰাই আৰু সূৰ্যৰ ছবি আঁকিলে। খুব দীঘল নদী এখনো আঁকিলে। সেই নদীত পালতৰা নাও এখন গৈ আছে। সব মিলাই মেলি ছবিখন বৰ ধুনীয়া হ’ল দেখিবলৈ! নীলুৱে ভাবিলে, এইবাৰ নিশ্চয় মোমায়েক আহিব। কিন্তু তেওঁ নাহিল। এদিন, দুদিনকৈ কেইবাদিনো পাৰ হ’ল কিন্তু নাহিল। মোমায়েকে চিঠিৰ উত্তৰ এটাও নপঠিয়ালে। বাট চাই চাই চাই চাই তাই চিঠিৰ কথা পাহৰিছিলেই ঠিক তেনেকুৱাতেই ঘটনা এটা ঘটিল।

সিদিনাখন নীলুৰ খুব দাঁতৰ বিষ হৈছিল, তাই স্কুললৈ যোৱা নাছিল। ডিঙিত মাফলাৰ মেৰিয়াই অকলে অকলে বাৰান্দাত ৰৈ আছে। বাহিৰত চিপচিপ বৰষুণ। ঠিক তেনেকুৱাতেই বৰষুণত তিতি বুৰি পিয়নজন আহিল।

: ইয়াত নীলু নামৰ কোনোবা আছে নেকি?

নীলুৱে আচৰিত হৈ ক’লে

: হয়। মোৰ নাম নীলু।

পিয়নজনে গল খেকাৰি মাৰি ক’লে,

: তললৈ নামি আহা মাজনী। তোমালৈ আমেৰিকাৰ পৰা কোনোবা এজনে এটা উপহাৰ পঠিয়াইছে। চহী কৰি লৈ যোৱাহি। নিজৰ নামটো লিখিব জানা নে নাই?

: হয়, জানো!
নীলুৱে উপহাৰৰ পেকেটটো সযতনে খুলিলে। পিয়নজন তেতিয়ালৈ যোৱা নাছিল, ৰৈ পেলাই চাই আছিল। পেকেটৰ পৰা ওলাল নীলা ৰঙৰ এটা হাতী। ডিঙিত ৰূপৰ জুনুকা এডাল লগাই থোৱা আছে, হাতীৰ শুড় নিজে নিজেই দুলি আছে। মাজে মাজে আকৌ কাণ দুখন লৰচৰ কৰিছে।

ইমান ধুনীয়া হাতী এটা নীলু নালাগে নীলুৰ দেউতাকেও আগে পিছে দেখিছে নে নাই সন্দেহ। অফিচৰ পৰা ঘূৰি আহিয়েই তেওঁ দেখিবলৈ পালে তাইৰ টেবুলত নীলা হাতীয়ে শুড়ডাল দুলাই আছে। তেওঁ আচৰিত হৈ সুধিলে,

: কোনেনো দিলেহি দেহি, ইমান ধুনীয়া হাতী!

নীলুয়ে ক’লে,

: সঞ্জু মামাই পঠিয়াইছে। দেউতা চাওকহি জুনুকাডাল নিজে বাজি থাকে।

: সেয়াই, কি আচৰিত নহয়নে?

নীলুৰ মাকেও এনে হাতী দেখা নাছিল। তেওঁ কিমানবাৰ ক’লে,

: চাবি নিদিয়াকৈ শুড়ডাল লৰাই থাকে, এয়া কেনেকৈ সম্ভৱ? কি অদ্ভূত কাণ্ড! নিশ্চয় বহুত দামী বস্তু।

সন্ধিয়া নীলুৰ ছাৰ আহিল, পঢ়ুৱাবলৈ। মায়ে ক’লে,

: যোৱা পঢ়াগৈ, আৰু হাতীটো শ্ব’কেচত তলা মাৰি থৈ দিয়া। নহ’লে কোনোবাই ভাঙি পেলাব।

মাৰ যে আৰু কথা, ইমান ধুনীয়া বস্তু কোনোবাই শ্ব’কেচত থৈ দিয়ে নে? হাতীটো তাইৰ লগত থাকিব। ৰাতি তাইৰ মূৰৰ শিতানত শুৱাই থ’ব। মাজৰাতি সাৰ পালে তাই হাতীটোৰ লগত খেলিব। মায়ে কিন্তু সঁচাসচিকৈ হাতী শ্ব’কেচত ভৰাই থ’লে। নীলুক ক’লে,

: প্ৰতিটো মুহূৰ্ত্তত এইটো হাতত লৈ থকাৰ কি দৰকাৰ? যেতিয়া লগৰ কোনোবা আহিব উলিয়াই আনি দেখালেই হ’ল। এতিয়া যোৱা পঢ়াগৈ।

নীলুৱে কন্দনামুৱা হৈ ক’লে,

: ছাৰক দেখুৱাই আহোঁ নে মা?

: উমহু, পঢ়া শেষ হ’লে ছাৰক দেখুৱাবা। এতিয়া যোৱা কিতাপ বহী লৈ পঢ়িবলৈ যোৱা।

হাতীটোক এৰি থৈ যাওঁতে নীলুৰ যে কিমান বেয়া লাগিছিল! তাইৰ চকু চলচলীয়া হ’ল। এবাৰ মন গ’ল কান্দি দিবলৈ কিন্তু তাই যিহেতু অলপ ডাঙৰ ছোৱালী পটকৈ কান্দি দিলে বেয়া দেখি‌ সেয়ে তাই নাকান্দিলে।
বহুত দেৰি ছাৰে তাইক পঢ়ুৱালে, যেতিয়া তেওঁ যাবলৈ ওলাল তেতিয়া নীলুৱে ক’লে,

: ছাৰ, বস্তু এটা চাব নে?

: কি বস্তু?

: নীলা হাতী, মোৰ মামাই আমেৰিকাৰ পৰা পঠিয়াইছে।

: চাওঁ, দেখুওৱাচোন!

নীলুৱে ছাৰক চ’ৰাঘৰলৈ লৈ আনিলে। তেওঁৰ বিষ্ময়ত চকু ডাঙৰ হৈ গ’ল,

: ইমান ধুনীয়া!

: হয়, ছাৰ। খুব ধুনীয়া। ডিঙিত বান্ধি থোৱা জুনুকাডাল ৰূপৰ।

: হয় নেকি?

: হয়।

ছাৰ গুচি যোৱাৰ বহুত দেৰি পৰলৈকে নীলু শ্ব’কেচৰ সন্মূখত থিয় হৈ ৰ’ল। মায়ে যেতিয়া ভাত খাবলৈ মাত লগালে, তেতিয়া আকৌ এবাৰ তাই ক’লে

: মা, দিয়া না উলিয়াই, কেৱল আজি ৰাতিটোৰ বাবে।

: নাই নীলু। তুমি মুঠেও কথা নুশুনা, কেৱল বিৰক্ত কৰা।

নীলুৰ মনটো ইমানেই বেয়া লাগিল যে শুবলৈ গৈ বহুত দেৰি নিৰলে কান্দি থাকিল। টোপনিৰ‌ জালত সপোন এটাও দেখিলে। ডাঙৰ এখন অৰণ্যত বহুত চৰাই- চিৰিকতি, পশু পক্ষীৰ মাজত তাই উমলিছে, নীলা হাতীও আছে লগতে। ডিঙিৰ ৰূপৰ জুনুকাডাল জুনজুনকৈ বাজি আছে, সব পশু পক্ষীয়ে হতবাক হৈ সিহঁতহাললৈ চাই আছে। সিংহ এটাই সুধিয়েই পেলালে,

: তুমি কোন নো?

নীলুৱে ক’লে মই এই অৰণ্যৰ ৰাণী, মোৰ নাম নীলাঞ্জনা৷ আৰু এই নীল হাতী মোৰ বন্ধু।

পিছদিনাখন স্কুলৰ পৰা নীলুৰ লগৰ সবেই হাতী চাবলৈ আহিল। সবেই হাতীৰ গাত হাত বুৰাই মৰম কৰিলে। কোনোবাই সুধিলে ইমান ধুনীয়া হাতী কেৱল আমেৰিকাত‌হে পায় নহয় জানো? নীলুৱে শলাগিলে।

এজনীৰ ককায়েক আকৌ জাপানত‌ থাকে তাই ক’লে জাপানত পোৱা হ’লে দাদাই পঠিয়ালেহেঁতেন।
এজনীয়ে হাতীটোক কোঁচত ল’ব খুজিলে। সকলোৱে বহুত দেৰি হাতীটোক কোঁচত লৈ মৰম কৰিলে,হাতীয়েও শুড় জোঁকাৰি, জুনুকা বজাই বজাই খেলি থাকিল।

হাতী চাবলৈ আত্মীয় অতিথি সবেই আহিল। মাকৰ বান্ধৱী এগৰাকী আহিও হাতী চাই গ’লহি।‌ স্কুলত সবেই‌ নীলুক হাতীৰ কথা সুধিবলৈ ল’লে।

দুদিনমানৰ পিছতেই সব ওলট-পালট হৈ গ’ল। সিদিনা নীলুৰ মাকৰ লগৰ এজনী নিজৰ ল’ৰাটোক লৈ তাঁহাতৰ ঘৰলৈ ফুৰিবলৈ আহিল। ল’ৰাটোৰ নাম টিটো, সি বৰ পেনপেনীয়া, অনবৰত কান্দিয়েই থাকে, হাতীটো দেখিলে কিজানি সি মনে মনে থাকে সেয়ে নীলুৰ মাকে তাক হাতীটো খেলিবলৈ দিলে, সি কন্দা বন্ধ কৰি খেলিবলৈ লাগিল আৰু যাবৰ সময়ত হাতীটো লগত নিব খুজিলে, চেপা কান্দোন এটা নীলুৰ বুকুৱেদি উজাই আহিল যেতিয়া মাকেও তাইক হাতীটো টিটোক  দি দিবলৈ ক’লে। তাই ছাদলৈ গৈ খুব কান্দিলে। টিটোৱে তাইৰ হাতী লৈ গ’ল।

তাইৰ একোতেই মন নবহা হ’ল। মা আৰু দেউতাই তাইক ইটো সিটো কৈ ফুচুলাবলৈ ল’লে কিন্তু তাইৰ মন ভাল লগাব নোৱাৰিলে। ৰাতি তাই ছাদত শুই থকা খুড়াকৰ ওচৰলৈ গৈ শুবলৈ ল’লে।

খুড়াকে তাইৰ মনৰ অৱস্থা বুজিব পাৰি তাইক কাহিনী এটা ক’লে যে কিদৰে তেওঁলোক সৰুহৈ থাকোঁতে গাঁৱৰ ৰহিম শ্বেখৰ কাহিনী ক’লে, কিদৰে তেওঁৰ হেৰোৱা হাতী পোৱালি এটা লগত লৈ চাৰি বছৰৰ মূৰত আহি ঘৰ পাইছিলহি। নীলুৱে খুড়াকক সুধিলে,

: জীয়া হাতী হ’লে মোৰটোও উভতি আহিলহেঁতেন ন খুড়া?

খুড়াকে শলাগি থ’লে।

সেই ৰাতি তাইৰ টোপনি নাহিল, জোনাক ৰাতি, সবেই শুই নিঃপালি দিলে, মাজৰাতি হঠাৎ তাই জুনুকা বজাৰ নিচিনা শুনিলে। তাইৰ এবাৰ ভয় হ’ল, মাকক মাতিব খুজিলে কিন্তু মাকে খং কৰে বুলি ভাবি নিজেই ছিটিকনি খুলি বাগিচালৈ ল’ৰ মাৰিলে। বাগিচাত তাই নিজৰ নীল হাতীটোক পালে। হাতীটোৱে তাইক ক’লে,

: টিটোৱে মোক লৈ যাওঁতে মই খুব কান্দিলোঁ, ঘৰ চিনি পাওঁতে দেৰি হ’ল বাবেই এতিয়াহে আহি ওলালোহি।

নীলুৱে চিঞৰি চিঞৰি সবকে মাতিলে।

দেউতাকে ক’লে টিটোৱে নিওঁতে চাগে হাতীটো হাতৰ পৰা বাগিচাত পৰি গ’ল৷ মাকে ক’লে ,

: তোৰ ইমান সাহস হ’লনে ৰাতি অকলে দুৱাৰ খুলি বাগিচালৈ ওলাই আহিছ?

নীলুৱে মাকৰ কোলাত‌মুখ গুজি কৈ উঠিল,

: মা, মোৰ হাতীটো টিটোহতঁৰ ঘৰৰ পৰা অকলেই খোজ কাঢ়ি গুচি আহিছে।

এই কথা শুনি সবেই হাঁহি দিলে। দেউতাকে ক’লে,

: ছিঃ! মাজনী, মিছা মাতিব নাপায়।

কিন্তু কোনেও নাজানিলে যে‌ তাই সঁচা কথাই কৈ আছিল।

☆ ★ ☆ ★ ☆

3 Comments

  • অভিজিত কলিতা

    সুন্দৰ

    Reply
  • ৰাজশ্ৰী শৰ্মা

    খুব ভাল লাগিল।

    Reply
  • bipul

    ভাল লাগিছে ।অনুবাদ অতি সুন্দৰ ।

    Reply

Leave a Reply

Your email address will not be published.