ফটাঢোল

হাতো নেমেলোঁ ফুলো নিচিঙো-মিতালী চহৰীয়া

চুভাহ চুভাহ
য়ে ক্যা হুৱা….
নাজানে কিউ অব মে হাৱা মে
চল ৰহী হু….
আপুনি ভাবিছে নেকি যে মই এনেকৈ প্ৰেমত পৰি উৰি আছোঁ। যোৱা এবছৰ ধৰি প্ৰতিটো ৰাতিপুৱা ডিউটিলৈ গ’লে উৰি উৰি যোৱাৰ দৰে গৈ আছোঁ। কাৰণটো হ’ল আধাৰ লিংক পাঞ্চিং মাৰিব লাগে। ঘৰত গোগ্ৰাসে  ৰাতিপুৱাৰ ভাতকেইটা গিলি তাৰাতাৰি ডিউটি পাব লাগে, হটস্পট অন কৰি ৱাইফাই কানেক্ট কৰিব লাগে আৰু সকলোতকৈ আগতে আঙুলি ৰ চাপ বহুৱাব লাগে। আঙুলিৰ চাপ বহুৱাৰ পিছত যেতিয়া কনফাৰ্ম বুলি আহে উফফফ… তাৰ পিছত কি যে শান্তি মানে, প্ৰেমত কোনোবাই ইয়েছ কোৱাতকৈও শান্তি এইয়া। যোৱা এবছৰৰ পৰা এই বায়’মেট্ৰিক মেচিনৰ লগতেই দুৰ্বাৰ প্ৰেম চলি আছে। ৰাতিপুৱা স্কুটীখন লৈ উৰি যোৱাৰ দৰে যাওঁ তেওঁৰ কাৰণেই। ৰাষ্টাৰ কাষেৰে চিনাকি অচিনাকি কোনোবা গ’লেও চাবলৈ নাই। চাবনো কি যিমানহে ধুনীয়া মিহি মিহি আমাৰ গাৱঁৰ ৰাষ্টা, এবাৰ যদি তেৰাকৈ কাষেৰে কোন গৈছে চাওঁ নহয়, আগেৰে গৰু ছাগলী পাৰ হব’ নহ’লে মিহি ৰাষ্টাৰ ধুনীয়া গাঁতত পৰি যাম, নহ’লে কোনোবা স্কুটী লৈ যোৱা মাতৃয়ে মোক পিছ পেলাই থৈ যাব, যিটো মই হবলৈ নিদিওঁ।
     এনেকৈয়ে  ছুনামি গতিত মোৰ বায়মেট্ৰিক প্ৰেম চলি আছিল। ছমাহ মান আগত ভাইটি কামত সোমাল। স্কুটীখন তাক লগা হল, একেলগে ওলাই যাওঁ, মোক ডিউটিত থৈ সি গুছি যায় কামলৈ। সি চলাই যোৱা বাবে এতিয়া ৰাষ্টাত অহা যোৱা কৰোঁতে লগ পোৱা চিনাকি অচিনাকি মানুহবোৰ চাবলৈ পোৱা হ’লো। একেই দৌৰা -দৌৰি সেইখিনি সময়ত সকলোৰে, স্কুল কলেজ, অফিচলৈ বুলি। এনেকৈয়ে এদিন এখন বুলেট লৈ অহা মোৰ আগন্তুক প্ৰেম পাৰ হৈ গ’ল। সদায় চুপাৰ স্পেলেনদাৰ, পেচন প্লাছ , গ্লেমাৰ যোৱা গাঁৱৰ ৰাষ্টাটোৰে এখন বুলেট গ’লে অৱশ্যে মোৰেই নহয় আপোনাৰো চকুত পৰিব। এদিন দুদিনকৈ তিনিদিনমান লগপোৱাৰ পিছত লাহেকৈ ভালকৈ  চোৱা হ’লো। বগা হেলমেটৰ মাজেৰে তেওঁৰ চানগ্লাচ যোৰহে ভালকৈ দেখি। ভাবিলোঁ তেওঁ হয়তো আমাৰ ফালে কৰ্মস্থলী, নিশ্চয় নতুনকৈ জইন কৰিছে, নহ’লেনো বুলেট লৈ সেই সময়খিনিত কোন লৰাধপৰাকৈ সেইফালে যাব। লাহে লাহে তেওঁক ৰাষ্টাত লগ পাবলৈ সদায় আশা কৰা হ’লো। লগ পালেই মোৰ বুকুত ঢৌ খেলোৱা হল।  ডিউটিলৈ যাবলৈ ওলাই ৰাষ্টা পালেই ফেচবুক মেছেঞ্জাৰৰ লাভ স্প্ৰিংকল কেইটাৰ দৰে উৰি যোৱা হ’লো, অচিনাকীজনক লগ পোৱাৰ আশাৰে। সদায় লগ নাপাওঁ তেওঁক, সময় নিমিলে অথবা মই সোনকালে নতুবা তেওঁ দেৰিকৈ আহে। মই অকলে চলাই গ’লে একেবাৰেই লগ নাপাওঁ কাৰণ ইফালে স্কুটীখন জোৰেৰে চলোৱাৰ প্ৰৱণতা এটা থাকে আৰু  বায়মেট্ৰিক প্ৰেমেও এৰি নিদিয়ে।
    দুমাহমান আগত এদিন ডিউটিতেই পৰি মোৰ ভৰি ভাগিল। ডেৰমাহ ছুটীত থাকিলোঁ, ঘৰতেই ৰেষ্টত থাকিবলগীয়া হ’ল। ডিউটিলৈ যোৱাৰ সময়ত অচিনাকি জনলৈ মোৰ সদায় মনত পৰে। কিন্তু গম নাপাওঁ তেওঁ ক’ত কাম কৰে, কি কৰে। আকৌ যদি তেওঁ ক’ৰবালৈ গুছি যায় আৰু হয়তো কোনোদিনেই দেখা নাপাম, এনেকৈ ভাবি ভাবি মনটো বেয়া লাগিবলৈ ধৰিলে। বিছনাত ৰেষ্ট লোৱা সেই সময়খিনিত লাহে লাহে কোৰিয়ান ড্ৰামাই মন কাঢ়ি লৈ গ’ল। অচিনাকি বাটৰুৱা প্ৰেমিকৰ ছবিও লাহে লাহে ধূসৰ হৈ পৰিল।
       ডেৰমাহ পিছত ডিউটিত জইন কৰিলোঁ, ভাইটিয়ে থ’বলৈ যায়। আকৌ বায়মেট্ৰিকৰ সৈতে দুৰ্বাৰ প্ৰেম আৰম্ভ হল। এইবাৰ ভাং খোৱা মানুহৰ মন উৰিবলৈ লোৱাৰ দৰে উৰিব লগীয়া হ’ল। ডিউটিলৈ অহা যোৱা কৰোঁতে আকৌ অচিনাকি জনক লগ পোৱা হ’লো। ধূসৰ হৈ যোৱা প্ৰেমে আকৌ ব’হাগৰ প্ৰথম জাক বৰষুণ পাই গছৰ কুঁহিপাতে গজালি মেলাৰ দৰে হ’ল। ইফালে ফাগুনো আহি পালে। শিমলু মদাৰৰ ফুলবোৰ দেখি দেখি অচিনাকি জনৰ প্ৰতি প্ৰেম আৰু গভীৰ হ’ল। পেটত গেচ হৈ ভোক নাইকিয়া হ’লেও প্ৰেমত পৰি ভোক নাইকীয়া হোৱা যেন অনুভৱ হ’ল। কিন্তু এনেকৈ কেনেকৈ হ’ব মই যে অচিনাকিজনৰ বিষয়ে একোৱেই নাজানো। কেনেকৈ গম পাম, এনেকৈ ভাবি ভাবি এদিন স্কুটীখন মই নিজে চলাই অকলে ডিউটিলৈ তেওঁক লগ পোৱা সময়ত  চলাই গ’লো। ভাবিলোঁ যদি আজি লগ পাওঁ, চিনেমাৰ হিৰ’ইণৰ ষ্টাইলত ৰাস্তাৰ মাজতে ৰখাই লৈ তেওঁৰ নাম, ক’ত কাম কৰে, কি কৰে সেইবোৰ সুধিম। এনেদৰে ভাবি ভাবি পাঁচ মিনিটৰ ৰাস্তাত মোৰ দহ মিনিট সময় লাগিল, কিন্তু তথাপিও তেওঁক লগ নাপালো। উফফ….ইমানেই ভাগ্য বেয়া মোৰ। এনেকৈ অচিনাকিজনৰ একো ডাটা নাপালে প্ৰেমটো নহ’বই, ফটাপ্ৰেমৰ কাহিনী লিখিবলৈও একো নাথাকিব গৈ। এনেকৈ ভাবি ভাবি গৈ হস্পিতাল পালোগৈ।  পাঞ্চিং মেচিনৰ লাইনত থিয় হৈ আঙুলিৰ চাপ বহুৱালো।
         ডিউটি ৰুমলৈ নগৈ পোনে পোনে লেবাৰ ৰুমলৈ গ’লো, কিবা এটা জৰুৰী কামৰ বাবে। ওলাই আহোঁতে লেবাৰ ৰুমৰ কৰিডৰৰ পৰা দেখিলোঁ হাতত বগা হেলমেট লৈ কোনোবা এজন পাঞ্চিং মেচিনৰ সন্মুখত ৰৈ আছে। পিছফালৰ পৰা মানুহজন অচিনাকি আছিল যদিও হেলমেটটো মোৰ চিনাকি আছিল। এনেকুৱা লাগিল হঠাতেই মোৰ হাৰ্ট বিট বাঢ়িবলৈ ধৰিলে, যেন সেই কৰিডৰটোত কোনোবাই গোলাপৰ পাহি চটিয়াই গৈছে আৰু মই চিনেমাৰ দৰে শ্ল’ মোচনত খোজ কাঢ়ি কাঢ়ি তেওঁৰ ওচৰলৈ গৈ আছোঁ। তেওঁ পাঞ্চিং মাৰি যাবলৈ ওলাল। কেনেকৈ মাতো এতিয়া তেওঁক! লগত চিনাকি বাইদেউ জনীক দেখা পালোঁ, দুদিন ধৰি তেওঁলোকৰ হস্পিতালৰ পাঞ্চিং মেচিন বেয়া হোৱা বাবে আমাৰ তালৈ আহি আছে। ইফালে ভৰি ভালকৈ ভাল হোৱায়েই নাই, মই দৌৰি গৈ সুধিবও নোৱাৰো। শেষ মুহূৰ্তত বাইদেউজনীক চিঞৰি মাতিলো। মই ভৰি খোৰাই দৌৰি যোৱা দেখি বাইদেউ মোৰ কাষলৈ নিজেই আগবাঢ়ি আহিল। পোনেই বাইদেউজনীৰ কাণত ফুচফুচাই সুধিলো বাইদেউ, ওলাই যোৱা ল’ৰাজন কোন হয় বাৰু। বাইদেউ জনীয়ে হাঁহি কলে, অ’ সেইজন আমাৰ বৰ্মন ছাৰ, ডেণ্টেলৰ। আমাৰ ব্লকত RBSK ত জইন কৰিছে যে, কিয় তুমি চিনি নোপোৱা নেকি? অ’ তুমি তাত ডিউটি কৰি থাকোতে অহা নাছিল নেকি? মই ক’লো নাই বাইদেউ মই লগ পোৱা নাই, ডিউটি লৈ আহোঁতে মাজে মাজে দেখা পাওঁ যে এনেই জানিবলৈ মন গ’ল তেওঁ ক’ত কি কৰে, আজি আকৌ আমাৰ ইয়াতে পাঞ্চিং মাৰিব আহিলে যে, সেইকাৰণেহে সুধিলোঁ। ওচৰৰ কেৰাণী দাদা জনে আমাৰ কথা শুনিয়েই ওচৰলৈ আহি মোক ক’লে, অ’  তই অংক মিলাইছ নেকি ছাৰলৈ? বুজিছ, লোকে এঙ্গেজ হৈ আছে কাম নহ’ব তোৰ। মই ক’লো, নাই নাই দাদা এনেইহে সুধিলো, মই যে এনেকুৱা এঙ্গেজ ল’ৰা লৈ হাতো নেমেলোঁ ফুলো নিচিঙো। কৰিডৰৰ গোলাপৰ পাহি ছটিওৱা অনুভৱটো ঠাইতেই নাইকিয়া হৈ জুবিনৰ আইনা ভঙাদি ভাঙিব হিয়াখনি গানটো মোৰ কাণত বাজিবলৈ ধৰিলে।
  আজি আকৌ হস্পিতাল পায়েই বগা হেলমেট ওলোমাই থোৱা তেওঁৰ গাড়ীখন দেখিলোঁ। প্ৰায় একেলগে অগাপিছাকৈ পাঞ্চিংত আঙুলিৰ চাপ বহুৱালো, তেওঁলৈ এবাৰ মুৰ তুলিও নাচালোঁ।
☆ ★ ☆ ★ ☆

22 Comments

Leave a Reply

Your email address will not be published.