ফটাঢোল

হিচাপ- আদিত্যজ্যোতি বৰঠাকুৰ

(১)

: “আৰৰে, চৰ্মা ছাৰ, আহক না মালিক, লেকিন বহহত দিন কে বাদ আহিছে মালিক…..”

: “অ’ হে…. বহুত দিন বজাৰৰ এইফালে অহাই হোৱা নাছিল।”

: “আপনি লেকিন মালিক এ’কদম বদলা নাই….এ’কদম ৱহী কাম ৱহী আছে….বহকনা মালিক…..আৰে চম্ভু, চৰ্মা ছাৰ কে খাতিৰ চাঁ আনিবি।”

: “আছো আৰু হে….বুঢ়া হ’লোঁ আৰু, ক’তনো একেই আছোঁ…..চাহ-তাহ নালাগে দিয়া।”

: “নাই নাই মালিক……আৎসা কওক, কি দিখাব আপনাক….”

: “চিমেণ্ট অলপ লাগিছিল, অলপ সৰহকৈ লাগিছিল হে….ঘৰ এটা সাজোঁ বুলি ভাৱিছিলো।”

: “আৰৰে লেই যাওক না মালিক…..আপনাৰে দুকান আছে…..চিমিট, ইট, বালু, চ্ছৰিয়া…..চব ৰাখিছে না…লেই যাওক।”

: “চিমেণ্টৰ দাম কি চলি আছে হে শিৱপ্ৰসাদ….. মই কিন্তু পইচা অলপ অলপকৈহে দিম।”

: “আৰে মালিক, লেই যাওক না….দাম কা কি চিন্তা কৰিছে ! আপনি ত’ আমাৰ পুৰ্ণা আডমী আছে….দাম লাগাই দিম না…..আপনি বচ, কিমান মাল লাগিব আদেছ কৰিব….মাল পহঁচি যাব…হামাৰ চম্ভু কে পাছ এড্ৰেছ লিখা কিনি যাব….আমি মাল পহঁচাই দিব….জন্দেগী মে আছে কি, চাইছে না চৰ্মা ছাৰ….আপনি-হামি মিলি কিনি কাটাই দিব লাগে আৰু….হয় কি নাই কওক!”

: “হয় হে…ঠিক কৈছা…ঠিক আছে, এইটো এড্ৰেছ লোৱা…..বস্তুখিনি পঠাই দিবা।”

: “হ’ব……আৰে চম্ভু ৰে’,….এই চম্ভুৱা……চৰ্মা ছাৰ কে’ ৱহা চামান ভেজনা হে…..জল্দি কৰ’।”

                                 ————————

অৱসৰলৈ মাত্ৰ দুবছৰ সময় থকা শৰ্মাৰ মনটো ভাল লাগি গ’ল। হওক তেওঁ….কাম এটা হ’ল। এই সময়ছোৱাৰ ভিতৰত ভাড়া ঘৰকেইটা সাজি ল’ব পাৰিলেও অৱসৰৰ পাছত কিবা এটা ওলাই থাকিব। সকলোৰে লগত মিলিজুলি থাকিয়েই শৰ্মাই জীৱনটো চলাই আৰামত চলি আছে। জীৱনৰ কিছুমান হিচাপ নিকাচ ভালদৰে কৰি যোৱাৰ বাবেই জীৱনটো আওল নলগাকৈ শৰ্মাই চলাই নিব পাৰিছে।

(২)

: “আৰৰে দাদা…..বালে আছে না দাদা…..আহক না আহক…..বহক না…..আৰে চম্ভু, যা ৰে ভাই, দাদা চবৰ খাতিৰ চাঁ লা।”

: “চাহ নালাগে দিয়ক চিৱপ্ৰচাদ ঝী…..অলপ ইমাৰজেঞ্চি কাম এটাত আপোনাৰ ওচৰলৈ আহিছিলোঁ।”

: “আৰে কওক না দাদা…..আমি কি কৰিব পাৰিব, কওক।”

: “অনুষ্ঠান এটা পাতিছোঁ, চিৱপ্ৰচাদ ঝী…. আপোনাৰ অলপ সহায় লাগে।”

: “আৰে দাদা….বিপাৰ ত’ এই টাইম এ’কদম খাৰাব চলিছে। এই টাইম মে’ ত’ এ’কদম মুছকিল আছে ৰে মালিক।”

:”এ পাৰিব দিয়ক আপুনি…..আমাৰো অলপ সহায় হ’ব, আপোনাৰো অলপ নাম হ’ব….কিবা এটা কৰি দিব কমকৈ।”

: “আৰে মালিক, আন টাইম ত’ আপনাক না কৰিছে নিকি কওক, কিন্তু এই টাইম বহতে দিগদাৰ আছে মালিক, চাইছে কি নাই….বিচৱাচ কৰিব, বিজনিছ এ’কদম ডাউন আছে। হলেভি, আপনাক ভি ত’ আমি না বুলিব নাপাৰিব…..একটা কাম কৰিব, আপনি লড়কা একটা ভেজি দিব…..আমি কিবা একটা কৰি দিম।”

: “হ’ব হ’ব, একো নাই….আমি মিলিজুলি চলি থাকিলেই হ’ল আৰু।”

: “হা দাদা…..এইটো কিন্তু এ’কদম খাড়া বাত ব’লিছে…জন্দেগিত কি আছে…..হয় কি নাই, কওক !”

” হ’ব আহিছো দিয়ক…..ল’ৰা এটা পঠাই দিম, আপুনি দি দিব।”

: “চম্ভু…..আৰে অ’ চম্ভুৱা……কাহখঁ ভাগলৱানি…খাঁতা-বহী নিকাল ৰে’ ভাই…জল্দি কৰ’।”

                                  ————————–

হাৰ্ডৱেৰ ব্যৱসায়ী শিৱপ্ৰসাদৰ মনটো ভাল লাগি গ’ল। হওক তেওঁ….কাম এটা হ’ল। এনেকৈয়ে সকলোৰে লগত মিলিজুলি থাকি ব্যৱসায় চলাই যাব পাৰিলেই আৰামত চলি থাকিব পাৰিব। ব্যৱসায়ৰ যোগ বিয়োগৰ হিচাপ নিকাচবোৰ ভালদৰে কৰি থোৱাৰ বাবেই শিৱপ্ৰসাদে ব্যৱসায়টো সুন্দৰ ভাৱে চলাই নিব পাৰিছে।

☆ ★ ☆ ★ ☆

4 Comments

  • Abhijit Goswami

    ভাল লাগিল দাদা 👍 👍 👍

    Reply
  • Sankar Jyoti Bora

    জন্দেগী মে আছে কি, চাইছে না ঠাকুৰ চাহাব….আপনি-হামি মিলি কিনি কাটাই দিব লাগে আৰু….হয় কি নাই কওক!”
    মজ্জা৷

    Reply
  • Pranita Goswami

    বাহ! কি বঢ়িয়া মিলি জুলি ব্যৱসায়। খাঁতা সৱ লিখতে যাৱ….। ভাল লাগিল।

    Reply
  • হেমন্ত কাকতি

    বঢিয়া, বলেতু ঝাকাছ লাগিল আদিত্য৷

    Reply

Leave a Reply

Your email address will not be published.