ফটাঢোল

হুতাহ- কৌশিক দাস

: হেৰা, চাহ হ’লনে তোমাৰ?

প্ৰায় আধাঘণ্টা ৰৈ মহেন্দ্ৰ কলিতাৰ ধৈৰ্য্য হেৰাই গৈছিল। ঘৈণীয়েককলৈ কেৰাহিকৈ চাই  চাৰিশ চৌৱাল্লিশ নোহোৱাৰ নিৰ্ভয়তাত আউজি আকৌ এবাৰ আৱাজ দিলে,

: হেৰা, কি হ’ল তোমাৰ চাহ?

বচ, আৰু ওপৰলৈ নোৱাৰি৷ খঙে ৰাগে অবাইচ কিছুমান শব্দই তাৰ ভিতৰখন জোকাৰি দিছিল যদিও জিভা পিচলি নগ’ল৷ ধেমালিৰ কথা নহয়! এবাৰ ৰণচণ্ডী জাগ্ৰত হ’লে মিনতিক ৰাখে কোনে? অফিচৰ কোনো মক্কেলে চাহৰ নামত কিবা এটা নিদিলে ফাইল ওলমাই ৰখা কলিতাই ঘৈণীয়েকৰ ওচৰত অনুৰূপ দমত ওফন্দি উঠিব নোৱাৰে৷

ঘৈণীয়েকে যি ভাবে, যি বিচাৰে ভুল হওক, শুদ্ধ হওক তাত তাৰ মৃদু বিৰোধেও ঠাই নাপায়৷ আচলতে সন্ত্ৰাস জৰ্জৰ যুগ্ম জীৱনসমুদ্ৰত তেওঁৰ অস্তিত্ব এটা মাত্ৰ নামত বৰ্তি আছে৷ ৰাতিপুৱাৰ লাল চাহকাপ বাদ দি বাকী ঘৰৰ গোটেই ৰন্ধা, ধোৱা, সামৰা সকলো তাৰ দায়িত্ব৷ তাৰ মাজত অফিচ৷ পত্নী ভীতিত ভুলুণ্ঠিত প্ৰাণী বুলি কোনোবাই তাৰ বদনাম গাব পাৰে৷ সিহঁতে জুই দেখিছেহে; জুইৰ লগত যুঁজি যুঁজি মহেন্দ্ৰই খেলিছেও!

: কি হ’ল ঐ মৰাণ নহাৱা? খাবা নাপাৱা মানহুৰ দৰে যি চাহ চাহ কে বেবে আছা!

: নহয়হে, কথা ডাঙৰ। যতীনৰ দেউতাকক বোলে হাৰ্টৰ অপাৰেচন এটা হ’ব৷ কিছু খৰচী৷ মোৰ সহায় বিচাৰিছে৷ টকা অলপ এই সময়তে দি আহিব পাৰিলে আমাৰ পিছ চোতালখন আৰু কেইহাতমান বহল হৈ যায়৷

মহেন্দ্ৰই ভবা অঙ্কটো একেবাৰে সহজ আছিল৷ যতীনহঁতক এই পইচাটো দিলে আৰু কেতিয়াও ঘূৰাই দিব নোৱাৰে আৰু উপায়ন্তৰহৈ সিহঁতৰ বাৰীৰ  পিছপিনে থকা মাটিখিনি মহেন্দ্ৰলৈ এৰি দিব৷

: অ’ সেত’ কথা ম’ক আগ’তে কিয়া কৱা নাছিল?

মাটিৰ গোন্ধ পাই মিনতিৰ খঙৰ স্কেল অলপ তললৈ নামি আহিল৷ মানুহ হিচাপে তাইৰো মানুহৰ শাৰীৰ পৰা আঁতৰি কেৱল নিজৰ বাবে ভবা বহল মন এটা আছে৷ হ’ব পাৰে বেঁকা পথৰ বোকাত লুতুৰি-পুতুৰি। মিনতিৰ উৎসাহতে সি পুৰা নিচাসক্ত হৈ পৰিছে একাপ চাহৰ নামত৷

বিয়াৰ ঠিক আৰম্ভণিতে তাৰ অফিচত বহা চকীখন বৰ এটা সুবিধাজনক অৱস্থাত নাছিল৷ তাতে মানুহজন নতুন৷ চাহৰ নামত লাজ লাজ কৈ খুজি মাত্ৰ চাহকাপহে খাবলৈ পাইছিল৷ সময় ৰৈ নাথাকিল৷ ন-কইনা মিনতিয়ে গালি জেক দি দি মানুহটোৰ লাজ মান সমুলি শেষ কৰি আনিছিল৷ চাহৰ দাম বাঢ়ি আহিছিল হোৰা-হোৰে। আজি ভালৰো ভাল ঘৰ, গাড়ী, মাটি আৰু বেংকত এটা সুউচ্চ ভেটিৰ সন্ধানক সাৰ্থক ৰূপ দিবলৈ গৈ আছিল মাত্ৰ “একাপ বিয়াগোম চাহে!”

: হেৰৌ মই চোৰ নহয় অ’৷ তহঁতৰ আলহীহে৷ নাকামুৰিবি৷

যতীনহঁতৰ দুৱাৰখন খোলা আছিল৷ মহেন্দ্ৰক দেখি ক’লী-বগীৰ যুটিটো দৌৰি আহিল৷ মৰমতে নহয় , ৰাতিৰ অচিন বাটৰুৱালৈ নিক্ষেপ কৰা সদাপ্ৰস্তুত সন্দেহজনক দৃষ্টিৰে৷ বগীয়ে মহেন্দ্ৰৰ হাতত থকা টোপোলাটোক উদ্দেশ্যি ভুকিবলৈ আৰম্ভ কৰিলে।
: ছেই ছেই ছেই, আঁতৰ হ!

মহেন্দ্ৰই যিমানে চিয়ঁৰিছে ক’লী-বগীও সিমানেই আক্ৰমণাত্মক হৈ উঠিছে৷ মহেন্দ্ৰই কৰে কি! নিজকে বচাইনে; টোপোলাটোকে চাই! দুয়ো বৰ উদণ্ড আছিল৷ বগীয়ে মহেন্দ্ৰক কামুৰিবলৈ চল চাই থাকোঁতে ক’লীয়ে টোপোলাটো থপিয়াই দৌৰ মাৰিলে৷ মহেন্দ্ৰৰ ধোঁৱা উৰি গ’ল ……

: নিলে ঐ গোটেই নিলে, ই মোৰ সৰ্বনাশ কৰিলে৷

মহেন্দ্ৰৰ মাত শুনি যতীন দৌৰি আহিল৷

: কি হ’ল অ’ কা?

: হেৰৌ বান্দৰটো বিচাৰ অ’। সৌ বাঁহৰ তলেৰে লৰ মাৰিছে ……কিমান চিয়ঁৰিলোঁ! তহঁতৰ গমেই নাই৷

: বান্দৰে কি কৰিলে?

: মোৰ হাতৰ পৰা টোপোলাটো থাপ মাৰি লৈ দৌৰিছে৷ তাতে টকাখিনি আছিল৷

বাঁহজোপাৰ তলেৰে যতীন দৌৰি গ’ল৷ পিছে পিছে মহেন্দ্ৰ৷

: তাই ইয়াত নাই৷ টোপোলাও নাই বান্দৰো নাই৷

: ঘৰৰ পিনে ব’লচোন৷

চোতালত সেয়া বান্দৰৰূপী ক’লী৷ তাই একেবাৰে বিন্দাচ ভংগীত বগীৰ সৈতে উমলি আছে৷

: মোৰ টোপোলাটো?

যতীনে ক’লীৰ ওচৰলৈ গৈ সুধিলে,

: ঐ ক’লী কাকাৰ টোপোলাটো ক’ত থ’লি? তই যে মুখত লৈ আহিছিলি৷

ক’লী বাৰীৰ পিছলৈ দৌৰিলে৷ লগতে যতীন আৰু মহেন্দ্ৰ৷ তাই যি ঠাইত ৰৈ গৈছিল; তাতে এটা লেতেৰা নলাৰ পানী বৈ আছে। দুৰ্গন্ধত মহেন্দ্ৰই নাকে-মুখে সোপা দিছে৷ কিন্তু টোপোলাটো? তাৰ কোনো নামগোন্ধেই নাই৷

: ঐ ক’লী, নলাত দলিয়াইছ নেকি?

ক’লীয়ে খেক খেক কৈ কি ক’লে কোনেও একো বুজি নাপালে৷

: নাইচোন অ’ কা?

: ইয়াৰ পৰা ক’ত যাব? চাচোন চা ভালকে, ওলাব দে …

যতীনে চাৰিওফালে চালে৷ ঘৈণীয়েকক মাতি সুধিলে। কোনেও নাই দেখা। আঠ বছৰীয়া ল’ৰাটোৱেও একো নাজানো বুলি আঁতৰি গ’ল৷

: কি কৰোঁ একো ভাবি পোৱা নাই অ’ যতীন!

: কাকা, মই পালে তোক ক’ম দে৷ দুখীয়া হ’ব পাৰোঁ৷ বেইমানিৰ ধন নাখাওঁ৷

ভাবি ভাবি মহেন্দ্ৰৰ সচেতন অৱস্থা প্ৰায় হেৰাই গৈছিল। সন্মুখত মিনতিৰ ৰণচণ্ডী মূৰ্তিটো বাৰে বাৰে ভাঁহি উঠিছে৷ টকাখিনি দি অহা বুলি নক’লে সি কোনোপধ্যেই ৰক্ষা নপৰিব৷ “ভবা কথা নহয় সিদ্ধি, বাটত আছে কুকুৰ বান্দৰৰ বিধি” চাল্লা টকাও গ’ল৷ বাৰীৰ পিছপিনৰ মাটিখিনও লোৱা নহ’ল৷

: ঐ শুন, বৌৱেৰক এইবোৰ একো নক’বি৷ এনেই মোৰ ওপৰত ডন হৈ থাকে৷ বান্দৰে নিয়া বুলি জানিলে মোকো বান্দৰ বনাই পেলাব৷ ক’বি টকা তহঁতে পাইছ৷ খালি ঘূৰাই দিওঁতে পলম হ’ব পাৰে বুলি লগতে জনাই দিবি৷ পিছত কি হয় দেখা যাব যা৷

: কিন্তু, কাকা আমি নোপোৱাকৈ পোৱা বুলি কেনেকৈ কওঁ?

: হেৰৌ, মোৰ কথাও ভাব!

: পিছত এই লৈ ডাঙৰ কাজিয়াহে হ’ব৷ মই নোৱাৰোঁ ক’ব৷

: চা, ভাই পিছত কি হয় মই চম্ভালিম! এতিয়া কমচেকমতো মোক বচাই ৰাখ৷

পাঁচশটকীয়া চাৰিটা বাণ্ডিল! মানে পুৰা দুই লাখ টকা সাউতকৈ উৰি যাব পাৰেনে? মহেন্দ্ৰ যেন পাগল হ’বলৈহে বাকী আছিল৷

দুদিন পিছৰ কথা৷ তেতিয়া নিশা ন মান বাজিছে৷ যতীনৰ মুখত ভাত পানী নাই৷ টোপনিও নাই৷ এনেই চকু দুটা মুদি বাগৰি আছিল৷ দেউতাকক চেন্নাইলৈ  নিয়া টকাৰ যোগাৰ সম্পূৰ্ণ কৰিব পৰা নাই৷ অটল অমৃত, আয়ুস্মান ভাৰতৰ কাৰ্ড কেইখন আছে৷ সেই কেইখনেৰে কিমান জুৰিব সি নিশ্চিত নহয়৷

: অ’ দেউতা, দেউতা অ’

যতীনৰ সৰু ল’ৰাটোৰ হাতত এটা প্লাষ্টিকৰ বেগ।

: কি অ’ সৰু?

: ক’লীয়ে মুখত অনা টোপোলাটো।  নলাৰ কাষত পাই লৈ আহিলোঁঁ৷

: হাঁ! সিদিনা তোক সোধোঁতেতো দেখা নাই  বুলিছিলি?

:  তেতিয়া মই জানিছিলোঁ নেকি? আজিহে দেখিলোঁঁ৷ বলটো বিচাৰি নলাটোলৈ নামি যাওঁতে। মাটিত পৰা আমৰ ঠানি এটাৰ আঁৰত লুকাই আছিল৷

: দে দে৷ বৰদেউতাৰক ক’ব লাগিব কথাটো৷ যাচোন মাৰকো মাতা বুলি ক গৈ……

যতীনৰ হাতত টোপোলাটো দেখি ঘৈণীয়েকৰ মনৰ  ডাৱৰখিনি যেন আঁতৰি গ’ল৷

: হেৰা, ভালেই হ’ল দিয়া৷

: অ, কাকাক কথাটো  জনাব লাগিব৷ ঐ তোক আকৌ কি লাগে? পঢ়া টেবুলত যা৷

ঘৈণীয়েকক কৈ থাকোঁতে সৰু ল’ৰাটোৱেও কাণ পাতি শুনি আছিল৷

: কোনো দৰকাৰ নাই বুজিছা৷ তাৰ ধাণ্ডা আমাৰ বাৰীৰ পিছপিনে আছিল। আৰু এনেয়ো এইবোৰ দুই নম্বৰী টকা৷ ঘোচখোৰ সি এটা৷ অফিচত বোলে একাপ চাহৰ নামত মিনিমাম দুই হাজাৰৰ কম টকা নলয়৷

: তুমি কেনেকৈ জানিলা?

: জগত মহাজনৰ ঘৈণীয়েকে কৈছে৷ মিনতিয়ে তাইৰ আগত কৈছিল কথাটো৷ “দুই লাখ টকা দিলোঁহে ক’ত ঘূৰাই দিব পাৰিব৷ কেইদিনমান পিছত  সিহঁতৰ পিছৰ পাঁচ লেচা মাটিকে লৈ থ’ম দিয়ক৷”

: কি কোৱাহে? সিহঁতক মাটি খুৱাম ৰ’বা ভালকৈ৷

 : এটা কাম কৰা ভাল বুজিছা৷ দুইলাখটো গোটেই হয়তো দেউতাৰ অসুখৰ নামত খৰচ নহ’ব৷ আমাৰ বি পি এল কাৰ্ডখন আছে৷ মেডিকেলত তাৰে সুবিধা থাকিব৷ মই যোৱাকালি এম এল এ ক লগ ধৰোঁতেও পঞ্চাশ হেজাৰ টকা দি পঠিয়াইছে৷ পিছত লাগিলে আৰু দিব৷

: কি? কিন্তু এই দুই লাখটো?

: আমাৰ হ’ল (যতীনৰ ঘৈণীয়েকৰ স্পষ্ট উত্তৰ)। চোৰ কৰিবলৈ গৈছোঁ নেকি! আৰু এনেকুৱা মানুহৰ খালেও একো নহয়৷

“হে প্ৰভূ! পাপীৰ খাই পাপ লগালো যদি ক্ষমা কৰিবা আৰু প্ৰভূ৷ জীৱনত প্ৰথম এই কাম কৰিলোঁ৷”

ওচৰতে থকা ভোলানাথৰ ফটোখনলৈ চাই সেৱা এটা কৰি ল’লে দুয়ো৷

: আমাৰ পিছপিনে মানে মহেন্দ্ৰৰ সীমাটো ঠিক কৰি ল’লে কেনে হয়?

: সি বেটাই তিনিওফালে ৱাল গাঁথি আমাৰ পিনে বাঁহৰ বেৰাখন এনেই ৰাখি থোৱা নাই! মাটিৰ লোভত……

: দেউতাৰ অপাৰেচনটো হৈ যাবলৈ দিয়া, ময়ো দেখুৱাই আছোঁ তাক মাটি৷

অপাৰেচনটো সুকলমে সম্পন্ন হোৱাৰ পিছত যতীনহঁত ঘৰলৈ উভতিল৷ চিকিৎসাৰ নামত মুঠ টকা একলাখ গ’ল৷ যতীনৰ পূৰ্বপৰিকল্পিত চিন্তাই এইবাৰ সিহঁতৰ বাৰীৰ পশ্চিমদিশলৈ আগবাঢ়ি আহিল৷
মহেন্দ্ৰৰ ঘৰত সিদিনা সত্য নাৰায়ন পূজাৰ আয়োজন চলিছে৷ দুয়োঘৰৰ বাৰীৰ পিছপিনে খুটুৰ খাটাৰ শব্দ কিছুমান ভাঁহি আহিল। বামুণে কলৰ দোনা তুলি আছে৷ শব্দবোৰ মহেন্দ্ৰৰ কাণতো নপৰা নহয়৷ কিবা অঘটন ঘটনাৰ আশংকাত সি নুশুনাৰ ভাও ধৰি ওলোটাই  বামুণৰ লগত ৰগৰতহে ব্যস্ত হৈ পৰিছে৷ ভিতৰি ভিতৰি তাৰ মনত ভৱিষ্যতৰ সময়খিনিৰ উদ্বিগ্নতাই গা কৰি উঠিছিল৷ মিনতিয়ে তাক মাতি নি বাৰীৰ পিছপিনে লৈ গ’ল৷

: তহঁতে আগতে আমাৰ টকাখিনি ঘূৰাই দে৷ তাৰ পিছৰ পোষ্ট পোট, ৱাল দিয় যি কৰ কৰি থাক।

মিনতিৰ বাধাক নেওচি মেখেলাখন কোঁচাই দুগুণ উৎসাহত আগুৱাই আহিল যতীনৰ ঘৈণীয়েক৷

: কিহৰ টাকা এ বেটী মান্নাতযায়তী?

: কি ক’লি শুৱৰৰ বেটী? বুঢ়াৰ অসুখ হঙতে দুই লাখ টাকা তহঁতক দিয়া নাছিল কাকেৰে?

: কাৰ তই বদনাম গাহে হাৰামজাদী? আমাক দিছিল না বান্দাৰে থাপেই নিছিল? সোধচোন মহেনকাই জানেদে ভালকে।

: কি??

কঁপি কঁপি ৰণচণ্ডীৰূপ ধৰি  মিনতিয়ে ঘূৰি চাই মানে মাটিত খুপনি হেৰুৱাই বাগৰি পৰিল মহেন্দ্ৰ৷ মাতবোল  নাই৷ ১০৮ ত ফোন কৰি মেডিকেললৈ নিয়া হ’ল৷ থাকিব নে যাব কোনেও ধৰিব পৰা নাই৷ কিন্তু এটা কথা ঠিক এই অগ্নিগৰ্ভা অৱস্থাৰ মাজলৈ জীৱটো কেনেবাকৈ উভতি আহিলেও হয়তো বিশেষ এটা লাভ নহ’ব৷

☆ ★ ☆ ★ ☆

2 Comments

  • Anonymous

    ভাল লাগিলে…..

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    যেনে কুকুৰ তেনে টাঙোন৷

    Reply

Leave a Reply

Your email address will not be published.