ফটাঢোল

হেণ্ডছ আপ হেমামালিনী – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

১৯৯৩-৯৪ চন মানৰ ঘটনা, ক্লাচ চেভেনত পঢ়ি থকা সময়ৰ। দুৰ্গা পূজাৰ সময়ত ভি চি পি ভাড়াত আনি পূজা মণ্ডপৰে ওচৰতে থকা প্ৰাইমাৰী স্কুলখনত এটা অস্থায়ী চিত্ৰগৃহ বনাই লোৱা হৈছিল।

ৰঙীন টিভি, বেটাৰী সকলোবোৰ আনিছিল যাতে চিনেমা প্ৰদৰ্শণ হৈ থকা সময়ত বিদ্যুৎ নাথাকিলেও একো অসুবিধা নহয়। টিভিটোৰ একেবাৰে সন্মুখত ট্ৰিপাল এখন পাৰি দিয়ে, তাৰ পিছফালে দহখন মান বেঞ্চ আৰু শেষত চাৰি পাঁচখন টিনৰ ফ’ল্ডীং চকী, প্লাষ্টিকৰ চকী ওলোৱাই নাছিল তেতিয়া বজাৰত। এইখিনি আয়োজনতেই চিনেমা হ’লটো তৈয়াৰ হৈ যায়। টিকটৰ দামবোৰো কম আছিল। মাটিত বহিলে ১ টকা, বেঞ্চত ২ টকা আৰু চকীকেইখন আয়োজকসকলৰ বাবে।

দুৰ্গা পূজাৰ সময়খিনি মোৰ বাবে ভাল লগাৰ কাৰণ একমাত্ৰ সেইটোৱেই। পূজাৰ দুদিনমান আগৰেপৰা ৰিক্সা এখনত মাইক লগাই যেতিয়া চিনেমাবোৰৰ নাম আৰু অভিনেতা অভিনেত্ৰীৰ নামবোৰ ঘোষণা কৰিব আহে বহুদূৰ ৰিক্সাখনৰ পিছে পিছে দৌৰি থাকোঁ, চিনেমাকেইখনৰ নাম আৰু প্ৰদৰ্শণৰ সময়তো মুখস্থ হ’লেহে ঘূৰি আহোঁ।

মৰ্ণিং শ্ব’ ৰাতিপুৱা ১১ বজাৰ পৰা। সপ্তমীত “লোহা”, অষ্টমীত “গুৰু”, নৱমীত”হিৰো”, দশমীত “ৱক্ত কি আৱাজ”।

মেটিনি শ্ব’ দুপৰীয়া ৩ বজাৰ পৰা সপ্তমীত”অন্ধা কানুন”, অষ্টমীত “ৱতন কে ৰখৱালে”, নৱমীত”চিতাহ”, দশমীত”জাল্লাদ”।

ইভিনিং শ্ব’ সন্ধিয়া ৭ বজাৰ পৰা সপ্তমীত “কুলী”, অষ্টমীত “অগ্নিপথ”, নৱমীত “কালীয়া”, দশমীত “দেৱা”।

মিথুন, অমিতাভ, ৰজনীকান্ত এইবোৰ মানে একো একোজন হিৰোৱেই নাছিল, মোৰ কাৰণে আৱেগ আছিল। অগ্নিপথত মিথুন মৰা দুখত দুদিন ভাতেই খোৱা নাছিলোঁ। অমিতাভক হেমা মালিনীয়ে পিষ্টল দেখুৱাই “হেণ্ডছ আপ” বুলি কওঁতে খঙত হেমামালিনীৰ মূৰত পিষ্টল টোৱাই “হেণ্ডছ আপ হেমামালিনী” বুলি কৈ তিনি জাই লায়ন মাৰ্কা গুলী ফুটাই থোৱা মানুহ ময়ো।

ঘটনাটো কওঁ এতিয়া।
সপ্তমী পূজাৰ মেটিনি শ্ব, চিনেমাখন অন্ধা কানুন।

ৰাতিপুৱা ১০ বজাতে পূজাত গৈ মোৰ যাৱতীয় পিষ্টলটো আৰু ১০টা মেগজিনৰ লায়ন মাৰ্কা গুলীৰ বাণ্ডিলটো কিনি লৈ এটা মেগজিন ঘূৰাই ঘূৰাই ২৫ ৰাউণ্ডৰ পিষ্টলটোত লোড কৰি লৈছোঁ, বাকীখিনি গুলী হাফপেণ্টৰ পকেটত আৰু পিষ্টলটো কঁকালত চুটলেজ ৰচী এডালৰ সহায়ত বান্ধি লৈছোঁ। চাৰ্টটোৰ তলফালেৰে পিষ্টলটোৰ নলীডাল ৰাইজে অলপমান দেখা পোৱাকৈ লৈছোঁ, সেই সময়ত আলফাৰ ল’ৰাবোৰে লোৱাৰ দৰে।১টকীয়া টিকটতো কাটি ট্ৰিপালৰ ওপৰত বহি দিছোঁ, সেইদিনাৰ দ্বিতীয়খন চিনেমা চাবলৈ। ইতিমধ্যে মই মৰ্ণিং শ্বত “লোহা” চাই উঠিলোঁৱেই। মৰ্ণিং শ্ব আৰু মেটিনি শ্বৰ মাজৰ ১ঘণ্টাৰ ব্যৱধানত পূজাস্থলীৰ ওচৰতে থকা মোৰ মাজু মামীৰ ঘৰত ভাতসাঁজো খাই আহিলোঁ। মামীৰ মাকে জানেই সেই চাৰিদিন দুপৰীয়াৰ আলহী হিচাবে মই থাকিমেই আৰু যিমান খৰখেদাকৈ পাৰি ভাতকেইটা খাই আহি দ্বিতীয় দৰ্শণীত উপস্থিত হোৱাৰ চেষ্টা কৰিম।

আৰম্ভ হ’ল, “অন্ধা কানুন”।

অমিতাভ বিনা দোষতেই জেইলত গ’ল, পৰিয়ালটোক মাৰি পেলালে। মোৰ মনটো উচপিচাই আছে কেতিয়া অমৰীশ পুৰি, ডেনীহঁতৰ ওপৰত প্ৰতিশোধ ল’ব পাৰোঁ।প্ৰতিশোধ অমিতাভ বা ৰজনীকান্তে লয় নলয় দূৰৈৰ কথা মই ল’মেই। চিনেমাত অমৰীশ পুৰী ওলালেই মই নিচানা লগাই মোৰ পিষ্টলেদি এক দুই ৰাউণ্ড গুলী ফুটাই আছোঁ। কেতিয়াবা নিচানা লগাওঁতে দেৰি হোৱাত অমৰীশ পুৰীৰ সলনি বেলেগ দুই এজনৰ গাতো গুলী লাগিছে। দূৰৈৰ পৰা গুলী মাৰিবলগীয়া হোৱাত মই সাজু হোৱালৈকে স্ক্ৰীণত অমৰীশ পুৰীৰ সলনি বেলেগ মানুহ ওলাই আহে। মৰিলেও মৰক চাল্লা সকলোবোৰ, ৰাম গুপ্তা মানে অমৰীশ পুৰীৰ গাত গুলী নপৰালৈকে মই সন্মুখত যাকে পাওঁ তাকে গুলীয়াম আজি।

এটা দৃশ্যাংশত পুলিচ হেমামালিনীয়ে অমিতাভক পিষ্টল টোৱাই “হেণ্ডছ আপ” বুলি ক’লে, তাঁৰ ছিঙি গ’ল মোৰ। চাল্লা পুলিচ হৈ ভিলেইনক মাৰিব লাগে নে হিৰ’ক, একেজাপে গৈ টিভিৰ স্ক্ৰীণত ওলাই থকা হেমামালিনীৰ মূৰত দিলোঁ লগাই মোৰ ২৫ ৰাউণ্ডৰ হাজেলা বেপাৰীৰ পৰা কিনা পিষ্টলটো। “হেণ্ডছ আপ হেমামালিনী” বুলি কৈ তিনি চাৰি ৰাউণ্ড গুলীও চলাই দিলোঁ।

মুখত বিজয়সূচক হাঁহি এটা মাৰি পিষ্টলৰ নলীটো দুবাৰ ফুৱাই দি পিছফালে ঘূৰিছোহে মাত্ৰ আয়োজক কমিটিৰ দুজন মানুহ আহি ডাংকোলাকৈ দাঙি লৈ গৈ হলৰ বাহিৰত উলিয়াই দিলে মোক।

☆★☆★☆

13 Comments

  • মন্দিৰা

    হাঃ হাঃ বঢ়িয়া লাগিল

    Reply
  • কংকন বৰা

    তামাম দিলে দেই এইভাগ… মজ্জা লাগিল

    Reply
  • সেই সময়ত মোৰো তেনেকুৱা হৈছিল হিৰো জেইলত গলে বা হিৰো হিৰোইনৰ ঘৰৰ মানুহক মাৰিলে ভিলেইনক নিজে মাৰো মাৰো লাগিছিল। মজ্জা লাগিল।

    Reply
  • Dhruba Jyoti e

    মজ্জা

    Reply
  • Mridula

    এইটো মজ্জা

    Reply
  • Anonymous

    ভাল লাগিল পঢ়ি, সেই দিনবোৰৰ স্মৃতি ইমান ধুনীয়াকৈ উপস্থাপন কৰিছা লিখনিৰ জৰিয়তে, সচাই বহুত ভাল লাগিল দাদা।

    Reply
  • Niharika Saikia

    Beleg dile dei..😄😄😄

    Reply
  • হিৰণ্যজ্যোতি দাস

    মজা লাগিল

    Reply

Leave a Reply

Your email address will not be published.