ফটাঢোল

হেপী সৰস্বতী পূজা – দিম্পল কলিতা

নৱম শ্ৰেণীৰ ছাত্ৰ আছিলো। স্কুলীয়া জীৱনত সৰস্বতী পূজাৰ সপোন আৰু এতিয়াৰ সৰস্বতী পূজাৰ সপোনৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছিল বুলি এতিয়া অনুভৱ কৰিছো।

সেই সময়ৰ পূজা মানেই দেৱী পূজা। তাত নাই কোনো ছোৱালীৰ প্ৰতি থকা চকুপূজা, যিটো বৰ্তমান সময়ত পূজাৰ মেইন উদ্দেশ্য হৈ পৰে আমাৰ নিচিনা ল’ৰাৰ জীৱনত।

প্ৰতিবছৰে নৱম শ্ৰেণীৰ ল’ৰাবোৰে পূজাত আগভাগ লোৱাৰ সুবিধা পাই যিহেতু দশম শ্ৰেণীৰ ল’ৰা-ছোৱালীবোৰে মেট্ৰিকৰ সময় সমাগত হয়।

নৱমশ্ৰেণীত ভদ্ৰ আৰু মৰমিয়াল হিচাপে মোকেই সেইবাৰৰ সম্পাদকৰ দৰে ডাঙৰ পদবীতো দিছিল স্কুলত। দায়িত্ব বহুত, লেবেল ও বহুত।

পূজাৰ আগদিনা আবেলি প্ৰতিমা অনাৰ সময়ত লগৰবোৰ পাণজপা দি 407 ট্ৰাকখনৰ পিচপিনে আৰু মই ড্ৰাইভাৰৰ ওচৰতে থকা চিটটোত বুকু ফুলাই বহি ল’লো। ডিঙিত মায়ে আহিবৰ সময়ত দিয়া ফুলাম গামোচাখন, লগত স্কুলৰ কলিতা চাৰ।

কলিতা ছাৰক প্ৰতিবছৰে আমাৰ স্কুলৰ সৰস্বতী পূজাখন সুন্দৰকৈ পৰিচালনা কৰিবৰ বাবে দায়িত্ব দিয়ে। সকলো ছাত্ৰ-ছাত্ৰীৰ লগত সুন্দৰকৈ মিলি যায় কলিতা ছাৰ। গতিকে ল’ৰা-ছোৱালীবোৰেও ভাল পাইছিল ছাৰৰ লগত কাম কৰি। ৰসাল কথাৰ ভাণ্ডাৰ আছিল কলিতা ছাৰ।

ট্ৰাকখন লাহে লাহে আগবাঢ়িছে। লগৰবোৰৰ কিৰিলি,

“সৰস্বতী মা কি . . . জয়”

“বীণাপানী কি . . . জয়”

লগৰবোৰৰ চিঞৰ লগতে স্কুলৰ বেলটো বজোৱাৰ শব্দত ওচৰৰ মানুহবোৰে ৰাস্তালৈ ওলাই আহি চাইছিল। ইফালে মই সঁজাত বন্দী চৰাইটোৰ দৰে কেবিনটোত বহি আছো। না কোনোবাই মোক দেখিছে না মই চিঞৰিবলৈ সুযোগ পাইছো। যিমানে ট্ৰাকখন আগুৱাইছে সিমানেই অশান্তি পাই আহিছো।

……নাই আৰু ভুল নকৰো বুদ্ধি থকা ল’ৰা যিহেতু……

প্ৰতিমা ট্ৰাকত উঠাই মই চিধাই ট্ৰাকৰ বডীৰ ওপৰত চকা থোৱা বাকচটোত বহি ল’লো, এইবাৰ ৰাষ্টাৰ সকলোৰে চকু মোৰ ওপৰতে।

সম্পাদক মানুহ, লেবেলটো কিয় নেদেখুৱাম…

ভবা মতে কাম হল। আহোঁ‌তে স্কুলৰ বহুজনী ছোৱালী নিজৰ পদূলিত ৰৈ-ৰৈ নিজৰ মাক ভনীয়েকক মোৰ পিনে দেখুৱাই দি কিবা কৈছিল…মোৰ বিশ্বাস এইজন আমাৰ এইবাৰৰ সম্পাদক বুলিয়ে চিনাকী দিয়াইছিল। সৰু-সৰু সুখবোৰ তেনেকৈ লৈছিলো তেতিয়াৰ পৰাই বাটে-ঘাটে।

প্ৰতিমা অনাৰ দিনাই অৰ্থাৎ পূজাৰ আগদিনা ৰাতি স্কুলত কেইজনমান ছাত্ৰ থকাৰ নিয়ম আছে। প্ৰায় বিশজনমান ছাত্ৰ ঘৰৰ পাৰ্মিচন অনুসৰি স্কুলত থাকিছিলো। আমিবোৰে কলিতাছাৰে বনাই দিয়া খিচিৰি খাই নিজে শুবলৈ ডেস্ক বোৰ মিলাই ল’লো ৰুমে-ৰুমে…

লগৰ এজনৰ হতুৱাই কলিতা চাৰে মোক মাতি পঠিয়ালে।

: তই ভঁৰাল ঘৰটো ৰখিব লাগিব ৰাতি, যি ডকাইত ল’ৰা কিছুমান আছে, কি কি বস্তু খাই নোহোৱা কৰে ঠিকনা নাই। তই তাতে চকীখন পাৰি বহি থাক লগত আৰু কাৰোবাক লৈ ল । কথাখিনি কৈ কলিতা চাৰ গ’ল।

সম্পাদক মানুহ, দায়িত্ব দিছে। পালন কৰিবই লাগিব।

আমাৰ একেলগৰে কৌশিক। দেখাত ওখ-পাখ, বগা ধুনীয়াকৈ ধনী ঘৰৰ ল’ৰা। টকা উৰুওৱাত সি ভাল। লগৰ এজনৰ মুখত শুনিলো কৌশিকে কেমেৰা থকা মোবাইল কিনিছে, ভিডিঅ’, ফটো, গান সকলো চাব পাৰি।

সম্পাদকৰ খবৰ লওঁ‌তা এজনো নাই আৰু ইফালে কৌশিকৰ খিচিৰি ডেস্কত সাজি দি আহিছে, তাৰ লগত একেলগে শুবলৈ ৰুমত ল’ৰাৰ লাইন। সকলোৰে আচলতে লক্ষ্য এটাই কৌশিকক পতাই পূজাৰ দিনা মোবাইলটোৰে প্ৰতিমাৰ ওচৰত ঠিয় হৈ ফটো উঠিব। সেইবাবে কৌশিকৰ প্ৰতি তেনে শুশ্ৰূষা। মোৰো জানো কি হ’ল ৰাতি বাৰমান বজাত ভালৰো ভাল প্ৰসাদৰ বাবে অনা আপেল আৰু বগৰী কেইটামান কৌশিকক মনে-মনে ভেটি দি আহিলো।

সেই একেই লক্ষ্য “ফটো উইথ প্ৰতিমা”!

গোটেই ৰাতি টোপনিয়াই বহি-বহি পাৰ কৰিলোঁ‌। ৰাতিপুৱা সোনকালে উঠিয়েই ঘৰলৈ গৈ স্ফূৰ্তি মনেৰে গা-পা ধুই সাঁ‌জিকাচি সম্পাদকৰ ষ্টাইলত গামোচা খন ডিঙিত মেৰিয়াই চিধাই স্কুলত – “মিচন কৌশিক”।

পূজাৰ কামবোৰ কৰাৰ মাজে-মাজে ল’ৰা-ছোৱালীবোৰৰ মাজত তাক বিচাৰি ফুৰিছো, নাই …

দুজনমানক সুধোতে ‘নাই দেখা’ বুলিও কলে।

বাৰ বাজি গ’ল । নাই তাৰ দেখা-দেখি। লাহে-লাহে মনটো সেমেকি আহিল।

স্কুলৰ ফিল্ডখনৰফালে ওলাই গ’লো গ্ৰুপে-গ্ৰুপে মাৰ্বলৰ খেল। নাই, কৌশিক তাতো নাই!

মোৰ প্ৰতিমাৰ লগত ফটো উঠা আশা, আশা হৈয়ে ৰ’ব যেন অনুভৱ হ’ল…

লাহে লাহে খং উঠিবলৈ ধৰিলে, ৰাতি পূজাৰ বাবে অনা আপেল দি পাপহে চপালো নেকি ?

এনেতে স্কুলৰ নতুনকৈ বনোৱা টয়লেটৰ পিছপিনে কৌশিকৰ ভাল বন্ধু দুজনমানক দেখিলো। সিহতে জুম বান্ধি কিবা চাই আছে টয়লেটৰ টেংকিটোৰ ভিতৰত!

ওচৰ চাপি গৈ দেখিলো সিহঁ‌তৰ ওচৰতে কৌশিক দেখোন। তাক কিবা অকণ কোৱাৰ আগতে তাৰ মুখখন চালো বগা ধুনীয়া ল’ৰাটোৰ মুখ ৰঙা পৰি আছে। কথা কি ? এনেতে লগৰজনে ক’লেই,

…..আচলতে সিহঁ‌তে পেচাৱ কৰিবলৈ পিছফালৰ টেংকিটোলৈ আহিছিল। টেংকিটোত উঠিলে আগফালে বিশাল পথাৰ এখন দেখি, গতিকে প্ৰায় ভাগ স্কুলৰ ল’ৰাই তাতে উঠি পেচাৱ কৰে। ময়ো কৰিছিলো। কৌশিকহঁতে পেচাৱ কৰি হোৱাত পথাৰখনৰ পিনে প’জ দি দুজনে ফটো উঠিব খুজিছিল। কৌশিকে সিহঁতৰ ফটো তুলিবলৈ বুলি পকেটৰ পৰা মোবাইলটো উলিয়াওতেই ঘটনাটো ঘটিল। টেংকিটোৰ ওপৰত থকা ঢাকনিবোৰ অলপ অলপ ফাক-ফাক কৰি থোৱা আছিল। সাতইঞ্চি মানৰ সেই সামান্য ফাকটোৰে পকেটৰ মোবাইলটো উলিয়াওতেই হাতৰ পৰা পিছলি এটা দপ খাই সোমাই গ’ল সেই টেংকিটোত।

কথাখিনি শুনি থাকোঁ‌তে কৌশিকে সিদ্ধান্ত ল’লে যে সি নামি যাব টেংকিত। সি মোবাইল নিনিয়াকে ঘৰলৈ গ’লে তাৰ পিঠিত বাপেকে ফুল বাছিব।

আমি লগৰ বোৰে টেংকিৰ ঢাকনী এখন দাঙি চাইড কৰি দিলো। ভাগ্য ভাল আছিল সেইটো অকল পেচাৱৰ টেংকি আছিল। আয়ৌ ঢাকনি গুচাই দিয়াৰ লগে লগে পেচাৱৰ কি গোন্ধ!

কৌশিকে পূজা বুলি পিন্ধি অহা ধুনীয়া সাঁ‌জযোৰ খুলিবলৈ ধৰিলে, এনেতে মই ভাবিলো ই বিনা বস্ত্ৰে নামি নাযাব। নিশ্চয় গামোচা বিচাৰিব। সেইখিনিতে মোৰ বাহিৰে কাৰো গামোচা নাই ডিঙিত…

মানে ই মোৰ এইখন পিন্ধি তাত নামিব ! নাই নাই !!এখোজ পিছুৱাই আহিলোঁ‌। দেখিলো কৌশিকে জিনচটো খুলি দিলেই, হাৰে এয়া কি !! কৌশিকে মাইনা পেন্ট পিন্ধিছে। লগৰ চবে আচৰিত। চাগৈ সি একমাত্ৰ ল’ৰা আছিল আমি দেখাত স্কুলীয়া জীৱনত মাইনা পেন্ট পিন্ধা ! সি টেংকিৰ ভিতৰত নামিল। পোন্ধৰ মিনিটমান ভৰিৰে গচকি চাই চাই উদ্ধাৰ কৰিলে আমাৰ আশাৰ মোবাইলটো।

সেইটো ৰ’দত মেলি দিলে ভাল হ’ব বুলি এজনে কোৱাত আকৌ ফটো উঠাৰ আশাকণ উজ্জ্বল হৈছিল।

কৌশিকে টেংকীটোৰ পৰা উঠি অহাৰ পিছত আমি যি কিৰিলি দিছো যেন বহুত ডাঙৰ যুদ্ধত আমি জয়ী হ’লো। লগা-লগ দুজনক দোকানলৈ পঠিয়ালো চাবোন, চেম্পু আনিবলৈ। মই বেছি এক্টিভ দেখুৱাই পূজাত বাচন ধুবলৈ আনি থোৱা চাৰ্ফ পেকেটতো ওলিয়াই আনিলো, সেইটোৰে ঘঁ‌হি-ঘঁ‌হি সি সেই পূজাৰ মাজতে মাইনা পেন্ট পিন্ধি গা ধুই থাকিল। পিছত চাবোন চেম্পুৰেও ধুলে।

ছোৱালী কিছুমানে ভাত খাই আহি হাতধোৱাৰ সময়ত তাক এবাৰ সেই পৰ্যায়ত চাই যোৱাৰ পিছত যি হাঁহি দিছিল নহয়। নিজেই লাজত ৰঙা চিঙা পৰিলো সেই সময়খিনিত।

মনৰ ভিতৰ তেতিয়াই ভাৱ এটাৰ উদয় হ’ল। আজি যদি এই ঘটনাটো মোৰ লগত হোৱাহেতেন কমখন লাজ পালোহেঁতেন নে? সেই দিনাখনেই এটা সিদ্ধান্ত লৈ পিছদিনাই দেউতাক বজাৰলৈ পঠিয়ালোঁ।

☆★☆★☆

19 Comments

  • হাঃহাঃ তাৰপিছত খুড়ায়ে আনি দিলে নে ?
    লিখনি ধুনীয়া হৈছে দেই . .

    Reply
    • দিম্পল

      একদম আনি দিলে দোষ্টি। এতিয়া চিন্তা নাই😂

      Reply
  • হাঃ হাঃ ক্লাচ নাইনলৈকে—-😯
    বেছ ৰসাল অভিজ্ঞতা হৈছিল ,, 😀😀

    Reply
    • দিম্পল

      বা পলম কৰিলোঁ ন😂😂

      Reply
  • Rintumoni Dutta

    ফালি দিছ বোপাই, বঢ়িয়া

    Reply
    • দিম্পল

      আপোনাৰ মৰমত ককাই

      Reply
  • তৃষ্ণা সো

    হাঃহাঃহাঃ, কি যে হাঁহি উঠা কাহিনী। বৰ্ণনা সুন্দৰ, আমিও দেখি যোৱা যেন লাগিল।

    Reply
    • দিম্পল

      ধন্যবাদ তৃষ্ণা ।
      বাকী বেছি দেখি যোৱা কল্পনা নকৰিবা দেই লাজ লাগে

      Reply
  • হাঁ হাঁ৷বঢ়িয়া৷

    Reply
  • ডলী

    হাঃ হাঃ

    Reply
  • Lumani deka

    Schoolr kotha mont porile.. Jomoni😂

    Reply
  • Anonymous

    😀😀😀😀

    Reply
  • chaya kashyap

    😀😀😀😀

    Reply
  • chaya kashyap

    😀😀😀😀

    Reply
  • নয়নমণি দত্ত

    দিম্পল অ’ মজ্জা …….

    Reply
  • কুকী কল্পিতা মহন্ত

    ভাল জমনি হ’ল দেই😂😂😂😂

    Reply
  • গৌৰীশংকৰ শৰ্মা

    ধেই!! ক্লাছ নাইনলৈকে মাইনা পেণ্ট পিন্ধা নাছিলি। জুনিয়ৰ অ’, মোৰ ভাবিয়েই হাঁহি উঠিছে।

    Reply

Leave a Reply

Your email address will not be published.