ফটাঢোল

হেৰাই যোৱাৰ গান – প্ৰাঞ্জল অনুভৱী

তুমি মোৰ পৰা বহুত দূৰৈত থাকা৷ অথবা ওচৰত থাকিও দূৰৈত৷ তুমি মোৰ কোন? মোৰ সৈতে তোমাৰ সম্পৰ্কই বা কি? তেজৰ সম্পৰ্ক? সমাজ পাতি দিয়া এটা সম্পৰ্ক? অথবা তোমাৰ নৈকট্যত কটোৱা কিছু সময়ৰ বাবে গঢ় লৈ উঠা এটা আত্মিক সম্পৰ্ক? মোৰ জীৱনত তোমাৰ ভূমিকাই বাৰু কিমান? – এনেধৰণৰ কিছুমান প্ৰশ্নই মাজে মাজে মোৰ মনত দোলা দি যায়৷

নৈশ বাছৰ যাত্ৰাপথত তোমাৰ স’তে মোৰ চিনাকি হ’ল৷ কথা পাতিলো৷ আৰু আচৰিত ভাবে লক্ষ্য কৰিলো, তোমাৰ আৰু মোৰ চিন্তাৰ কিছুমান অদ্ভুত সাদৃশ্য। তুমি গান শুনা৷ কিতাপ পঢ়ি ভাল পোৱা তুমি৷ কবিতা তোমাৰ প্ৰিয় বিষয়৷ অথচ গল্প –প্ৰবন্ধ সম্পৰ্কে তুমি সুন্দৰ বিশ্লেষণ আগবঢ়াব পাৰা, সমালোচকৰ দৰে৷ সুন্দৰকৈ কৈ দিব পাৰা সদ্য মুক্তিপ্ৰাপ্ত ছবিখনৰ খুঁটি-নাটিবোৰ৷ ত্ৰিমাত্ৰীক ছবিবোৰ তুমি বুজি নোপোৱা অথচ তোমাৰ ৰং সম্পৰ্কীয় ধাৰণাবোৰ দেখি বিস্ময়াভিভূত হৈ পৰো৷ আৰু নৈশ যাত্ৰাৰ কোনোবা এটা মুহূৰ্তত আমি বন্ধু হৈ পৰো৷ বিনিময় কৰো, পৰস্পৰৰ ম’বাইল নম্বৰ-ঠিকনা৷ যোগাযোগ ৰখাৰ প্ৰতিশ্ৰুতি দি বিদায় লওঁ ইজনে-সিজনৰ পৰা আৰু গুচি যাওঁ নিজস্ব লক্ষ্যস্থানলৈ৷

তাৰপাছত দিন বাগৰিল৷ মাহ৷ বছৰ৷ সেই বন্ধুজনে ফোন নকৰিলে তোমাক৷ কিম্বা বিচাৰি নাহিল তোমাৰ ঠিকনা৷ তুমিও ফোন নকৰিলা বা কোনোদিনে খবৰ নল’লা তেওঁৰ৷ আৰু যাত্ৰাপথৰ সহযাত্ৰী বুলি এদিন পাহৰি থাকিলা পৰস্পৰক৷ ব্যস্ত প্ৰাত্যাহিকৰ ধামখুমীয়াত হেৰাই থাকিল এদিন দুয়ো৷

এইখিনিতে এটা বন্ধুত্বৰ সুন্দৰ আৰম্ভণি হ’ব পাৰিলেহেঁতেন! কিম্বা এটা প্ৰেম কাহিনী! নাই, তেনেকুৱা একো এটা নহ’ল৷ তুমি সেই সুবিধা গ্ৰহণ নকৰিলা, বা তেওঁ৷ কিয়? পৰম বস্তুবাদিতাই বিচ্ছিন্ন কৰিছে নেকি আমাক প্ৰতিনিয়ত? সীমাহীন স্বাৰ্থপৰতাত ডুব গৈছো নেকি ক্ৰমশঃ! বিচাৰি ফুৰিছো নেকি সম্পৰ্কবোৰৰ মাজত স্বাৰ্থ? আৰু শামুকৰ দৰে সংকুচিত কৰিছো নেকি নিজকে?

মামাহঁতৰ গাঁৱলৈ গৈছিলো শৈশৱ-কৈশোৰৰ দিনবোৰত৷ আহ! কি উলাহ-আদৰ! মামাই বিচাৰি বিচাৰি আনিছিল মাছ-কাছ৷ ঘৰৰ গাখীৰ৷ বাৰীৰ ফল-মূল পাৰি আনি দিছিল বিধে-বিধে৷ সাপ্তাহিক বজাৰখনলৈ লৈ গৈছিল চানা মিঠৈ খুৱাবলৈ৷ মামা ঢুকাল৷ ল’ৰা-ছোৱলীবোৰ ডাঙৰ হ’ল৷ ডাঙৰ ল’ৰাটো চাকৰিৰ ইণ্টাৰভিউ দিবলৈ কেবাবাৰো আহিল গুৱাহাটীলৈ৷ শ্ৰীমতীয়ে ভালদৰে সোধ-পোছ কৰিলে৷ মোৰ ভঙা চাইকেলখনত উঠাই লৈ কঢ়িয়াই ফুৰিলো তাক ইণ্টাৰভিউ দিয়া ঠাইবোৰলৈ৷ চাকৰি পালে সি৷ এদিন বিষয়া হ’ল৷ সৌ সিদিনা সৰু ভায়েকটোৰ বিয়া হৈ গ’ল৷ আমাক নামাতিলে৷

বন্ধুজনক লগ পালো সিদিনা আপোন চহৰখনত৷ অন্য এজন বন্ধুৰ সৈতে চাৰিআলিটোৰ কাষত বাইকত বহি আছিল৷ দূৰৈৰ পৰাই ইচাৰা কৰিলে সি৷ নাই, সি ওচৰ চাপি নাহিল৷ নুসুধিলে সি মোৰ কুশল বতৰা৷ মোকো সুধিবলৈ সুযোগ নিদিলে একো এটা৷ আৰু বন্ধুজনৰ লগত কথা পতাত ব্যস্তহৈ পৰিল সি৷

অথচ সেই একেজন বন্ধু এদিন প্ৰেমিকাক লগ পাবলৈ মাহত অন্ততঃ দুবাৰকৈ বাহৰ পাতিছিল মোৰ ঘৰত৷ নিশা এপৰলৈকে আমি কথা পাতিছিলো৷ কথাবোৰ শেষ হৈ গ’ল নেকি আমাৰ? নে শেষহৈ গ’ল আমাৰ আশৈশৱ সম্পৰ্ক?

এনেধৰণৰ বহু কথাই মাজে মাজে মোৰ মনত ভিৰ কৰে৷ কাক কম? য’ত তেজেই তেজক চিনি নাপায়? চিনি য’ত নাপায় শত-সহস্ৰ প্ৰেম আকুতিৰে গঢ়ি উঠা সম্পৰ্কৰ মানুহবোৰে! তেনেক্ষেত্ৰত তুমি কোন? মই কোন?

আৰু এই ভাৰ্চুৱেল পৃথিৱীখন? মোৰ বাবে আজিও সাঁথৰ। কেতিয়াবা ভাব হয়…

আমি যেন সীমাহীন নিঃসঙ্গতাত ডুবি থকা এজাক দুৰ্ভগীয়া মানুহ৷ আপোনজনৰ পৰা বিতাৰিত, বস্তুবাদী পৃথিৱীৰ নিৰুদ্দিষ্ট এজাক মানুহ৷ মৰুভূমিলৈ পৰিৱৰ্তিত একো একোখন সেউজ অৰণ্য, টকলা একোখন পাহাৰ কিম্বা নিজান একো একোটা দ্বীপ।

কাৰ বাবে মই লিখি আছো? কিয় লিখি আছো? কিয় বাৰে বাৰে বিচাৰি ফুৰিছো অৰ্থহীনতাৰ মাজত অৰ্থ? প্ৰেম, প্ৰাৰ্থনা, প্ৰতীতিহীন এই পৃথিৱীখনক ঢাকি দিব খুজিছো নেকি কৃত্ৰিম বন্ধুত্বৰ অন্য এখন ৰঙীন চাদৰেৰে?

যিদিনাই সেই প্ৰশ্নৰ উত্তৰ লাভ কৰিম – “সহজ হ’ব মোৰ কাতৰ উশাহ৷

আৰু অনুভৱ কৰিম চাগে তোমাৰ হাতৰ অমল স্পৰ্শ…!“

*****

Leave a Reply

Your email address will not be published.