ফটাঢোল

হোষ্টেলৰ চিংগল ৰূম আৰু এটা ভূত – পিনাক পাণি বৰুৱা

সেই সময়ত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেল নম্বৰ চাৰিৰ কোঠা বণ্টনৰ নিয়মবোৰ আছিল এনেধৰণৰ -প্ৰথম বছৰ ডাঙৰ কোঠা এটাত চাৰিজনকৈ, দ্বিতীয় বছৰো চাৰিজনকৈয়ে বা কোনোবা চিনিয়ৰৰ ৰূমত এডজাষ্ট কৰি ল’ব পাৰি যদিহে চিনিয়ৰজনৰ অনুমতি থাকে। তৃতীয় বছৰ দুজনকৈ আৰু চতুৰ্থ বছৰ অকলশৰে, তুলনামূলকভাবে সৰু কোঠাত। এতিয়া কথা হ’ল যে চিংগল ৰূমৰ সংখ্যা আছিল সীমিত, ফলত সেইকেইটা সকলোৰে ভাগ্যত নপৰে। যাৰ ভাগ্যত নপৰে সি আগৰ কোঠাতেই কোনো জুনিয়ৰৰ লগত থাকিছিল। কিন্তু যি শেষৰ বছৰটো চিংগল ৰূমত কটাব বিচাৰিছিল সি আগতীয়াকৈ কোনো চিনিয়ৰক কৈ থ’ব লগা হৈছিল। হোষ্টেলৰ ভাষাত যিটোক ‘খেপোৱা’ বুলি কোৱা হৈছিল।

মোৰ ক্ষেত্ৰত কি হৈছিল যে ষষ্ঠ ষান্মাষিকৰ শেষত ট্ৰেইনিং কৰিবলৈ গৈ ঘূৰি আহোঁ‌তে হৈছিল পলম। তেতিয়ালৈ ৰাইজে খেপাই মেলি আজৰি, অৰ্থাৎ সকলো চিংগল ৰূম বুকড। মোৰ পূৰ্বৰ কোঠাটো ভালেই আছিল বাবে মই বেছি চিন্তা কৰা নাছিলোঁ। তথাপি চিংগল ৰূম এটা পোৱা হ’লে ভাল আছিল বুলিও ভাবিছিলোঁ। ভাবি থাকোতেই উপায় এটা সন্মুখলৈ  আহিছিল। ওপৰলৈ উঠি যোৱা চিৰিটোৰ কাষৰ সৰু কোঠাটো তেতিয়া আছিল পুথিভঁ‌ৰাল হিচাপে। পিছে কিতাপ-পত্ৰ নাছিল। বাতৰি কাকতবোৰ ৰখা হৈছিল যদিও সেইখিনিৰ কাৰণে এটা কোঠাৰ আৱশ্যক নাছিল। আচলতে কথাটো হৈছিল যে বহু বছৰ পূৰ্বে সেই কোঠাটোত থকা ল’ৰা এজনে ভিতৰতে আত্মহত্যা কৰিছিল, গতিকে তাৰ পাছত আৰু সেইটো কোঠাত থকাৰ কাৰো সাহস হোৱা নাছিল। পিছে বছৰি বছৰি হোষ্টেলৰ আৱাসীৰ সংখ্যা বাঢ়ি অহাৰ লগে লগে সেই কোঠাটোক পুনৰ অন্য কোঠাৰ দৰে কৰাৰ চিন্তা-চৰ্চাও চলিছিল। কিন্তু সমস্যা একেটাই, ফিটা কাটিব কোনে?

দিনত সিদ্ধান্ত লওঁতে ৰাতিৰ অন্ধকাৰৰ অনুভৱ মনলৈ অহা নাছিল। তাতে এশটা ল’ৰা থকা হোষ্টেলটোত আৰু কিহৰ ভূতৰ ভয়? গতিকে ৰাতিপুৱাই সেইদিনা “মইয়ে ফিটা কাটিম ৰ” বুলি পূৰ্বৰ ৰূমৰ পৰা বিচনা আনি সোমোৱাই দিছিলোঁ। বাতৰি কাকতবোৰ আৰু আলমাৰীটো টি ভি থকা কমন ৰূমলৈ লৈ যোৱা হৈছিল। সবে খুব ভয় খুৱাবৰ চেষ্টা কৰিছিল, কিন্তু মই সিদ্ধান্তত অটল। ইঞ্জিনিয়াৰিং পঢ়িবলৈ আহি আৰু ভূতত বিশ্বাস কৰে নেকি? ফলত সেইদিনাৰ পৰাই থাকিবলৈ ল’লোঁঁ ‌চিংগল ৰূমত। তিনিবছৰে আনৰ লগত ৰূম শ্বেয়াৰ কৰাৰ পাছত নতুন অভিজ্ঞতা ভালেই লাগিছিল। প্ৰথম ৰাতিটোও বিশেষ কোনো সমস্যা নোহোৱাকৈয়ে পাৰ হৈছিল। শুবলৈ লৈ লাইট বন্ধ কৰোঁ‌তে অলপমান ভয় লাগিছিল যদিও এবাৰ টোপনি অহাত ৰাতিপুৱাহে সাৰ পাইছিলোঁ। পিছদিনা খুব ফুটনি মাৰিলোঁ “ইমান বছৰে কোনেও সাহস নকৰা কাম এটা কৰি দিলোঁ চা” বুলি।

দ্বিতীয় নিশাও কোনো সমস্যা নোহোৱাকৈয়ে পাৰ হৈ গ’ল। সমস্যাটো আৰম্ভ হ’ল তৃতীয় নিশাৰ পৰা। ৰাতি দুইমান বজাত হঠাৎ সাৰ পাই গ’লোঁ। ৰাতি দেৰিলৈকে গেম খেলি বা চিনেমা চাই থকাকেইটাও তেতিয়া টোপনিত, ইমান দেৰিলৈকে কোনো সাৰ পাই নাথাকে। নিজঞ্জাল পৰিবেশৰ মাজতে হঠাৎ ভাঁহি আহিল কাৰোবাৰ ভৰিৰ খোজৰ শব্দ। অতি লাহে লাহে কোনোবাই মোৰ কোঠাৰ দিশত আগুৱাই আহিছিল। ভাবিলোঁ‌ সৰ্বনাশ; সিদিনা লগৰ এটাই ভয় খুৱাইছিল, বোলে আগতেও এবাৰ কোনোবাই চেষ্টা কৰিছিল সেইটো কোঠাত থাকিবলৈ। দুদিন থকাৰ পাছতেই তাক ভূতে খেদি পঠালে। মিছা বুলি হাঁহি উৰুৱাই দিয়া কথাটো  সেই মূহুৰ্তত সঁচা যেন লগা হৈছিল। তদুপৰি হোষ্টেলৰ পৰিবেষ্টনো আছিল তেনেকুৱা এক অনুভৱ জন্ম দিব পৰা বিধৰ। দুয়োকাষে হাবি আৰু ঠিক পিছফালেই পাহাৰটো। পাকঘৰৰ ৱালখনৰ  গুৰিৰ পৰাই পাহাৰটো আৰম্ভ হৈ গৈছে। কি হয় ভাবি থাকোঁ‌তেই অলপ পাছত খোজৰ শব্দবোৰ নোহোৱা হৈছিল। লাহেকৈ উঠি গৈ মই লাইটটো জ্বলাই দিছিলোঁ। শুবৰ চেষ্টা কৰিছিলোঁ‌ যদিও টোপনি আৰু নাহিল। চাৰিটামান বজাত বাহিৰত অলপ প্ৰাকৃতিক পোহৰ দেখিহে উশাহ ঘূৰাই পোৱা যেন লাগিল। কিহে পাইছিল মোক এইটো ৰূমত ফুটনি মাৰি থাকিবলৈ?-নিজকে গালি দিছিলোঁ। পিছে ৰাতিপুৱাৰ লগে লগে সকলো স্বাভাবিক হৈ পৰিছিল, ৰাতিৰ ভয়ো পলাই পটং দিছিল। হাঁহিহে উঠিছিল নিজৰ ওপৰত, নিশ্চয় মোৰ ভ্ৰম হৈছিল। নহ’লে বা সপোন দেখিছিলোঁ- নিজকে বুজাইছিলোঁ।

পিছদিনা ঠিক দুটামান বজাতে পুনৰ সাৰ পালোঁ। আকৌ একেই শব্দ। নিজকে চিকুটি চালোঁ। নাই, ভ্ৰমো হোৱা নাই সপোনো দেখা নাই। সঁচাকৈয়ে কোনোবা আহি ৰৈ দিছিল ঠিক মোৰ নতুন কোঠাটোৰ দুৱাৰখনৰ সন্মুখত। খোজবোৰ আচহুৱা আছিল, ভূতৰ চিনেমাত শুনা শব্দৰ দৰে। সেই সময়ত নাছিল কাৰেণ্টটোও, বাহিৰত ঘোপমৰা অন্ধকাৰ। ভগৱানৰ নাম মনতে জাপ কৰি লাহেকৈ খেপিয়াই টেবুলৰ পৰা হাতলৈ আনিছিলোঁঁ ‌ম’বাইলটো। ন’কিয়াই সেই সময়তেই ভাল টৰ্চলাইটতো ভৰাই দিছিল ম’বাইলবোৰত। ম’বাইলৰ টৰ্চটো মাৰি দিছিলোঁ দুৱাৰৰ গ্লাচখনলৈ। একো দেখা পোৱা নাছিলোঁ। হঠাৎ কাষৰ কোঠাৰ দুৱাৰখন খোল খাইছিল। মই চক খাই উঠিছিলোঁ। বসুমতাৰীৰ কোঠাৰ দুৱাৰখন বাহিৰৰ পৰা খোল খাইছিল নে ভিতৰৰ পৰা? মনত ডাঙৰ এক প্ৰশ্ন। মবাইলৰ টৰ্চ জ্বলাই ভাবি থাকোঁ‌তেই মোৰ দুৱাৰতো পৰিছিল টুকৰ। বুকুৰ ঢপঢপনি বাঢ়িছিল মোৰ,

“অই।”-বসুমতাৰীয়ে মাতিছিল বাহিৰৰ পৰা।

তাৰ মাত শুনি সাহস ঘূৰি আহিছিল। লগে লগে মই দুৱাৰখন খুলি দিছিলোঁ।

“কিয় টৰ্চ জ্বলাই থৈছ?”-সি সুধিছিল।

“তই কিয় উঠি আহিলি?” মইও সুধিছিলোঁ।

“আৰে, মুতিব যাওঁ। তোৰ ৰূমৰ পৰা পোহৰ অহা দেখিহে ৰৈ দিলোঁ।”

“অলপ আগতে তই সাৰ পাই আছিলি নেকি?”

“আছিলোঁ। ইমান গৰম, তাতে কাৰেণ্টটোও নাই।”

“ভৰিৰ শব্দ শুনিছিলি কাৰোবাৰ?”

অলপ ভাবিছিল সি উত্তৰ দিয়াৰ পূৰ্বে,

“অ, শুনিছিলোঁ, কিয় সুধিলি?”-সুধি লৈ সি সন্দেহেৰে চাইছিল মোৰ দিশত।

“কি আছিল সেইটো?”-মই ভয়ে ভয়ে সুধিছিলোঁ।

উত্তৰ দিয়াৰ পূৰ্বে হাঁহিছিল সি।

“সেইকাৰণে তই টৰ্চ জ্বলাই বহি আছ হ’বলা?”-পুনৰ হাঁহিছিল সি, “বৰ লেভেল দি আছিলিচোন এইকেইদিন?”

“কি হৈছে নকৱ কিয়? কোনোবাই কৰোঁ‌ বুলি কৰিছে, হয় নে নাই?”

“এই ৰাতি দুটাবজালৈ কোনো সাৰ পাই নাথাকে তোক ভয় খুৱাবলৈ।” বুলি সি মোৰ পৰা ম’বাইলটো থাপ মাৰি লৈছিল আৰু কৰিড’ৰটোৰ দিশত টৰ্চৰ পোহৰ যাবলৈ দিছিল। প্ৰকাণ্ড অঘৰী গৰু এটা বহি আছিল ঠিক মাজতে।

“এইটো ৰাতি ঘূৰিয়ে ফুৰে তলত। তই আগতে ওপৰত আছিলি কাৰণে শুনা নাই চাগে।”

লগে লগে মুখৰ পৰা বেয়া  মাত ওলাইছিল। খুব হাঁহিছিল বসুমতাৰীয়ে।

“মনে মনে থাক বে। আৰু কাকো নক’বি। সবে খুব কামোৰ দিব নহ’লে।”

“কি দিবি?”-সি সুধিছিল।

“তই যি বিচাৰ!”

“কাইলৈ ম’ম ঘৰত নি দুই প্লেট পৰ্ক ম’ম খুৱাবি মোক?”

“হ’ব, তই মাত্ৰ কথা ৰাখিবি।”

“ঠিক আছে।”–বুলি হাঁহি হাঁহি সি টয়লেটৰ দিশত আগবাঢ়িছিল। মইও সাহস ঘূৰাই পাই পুনৰ শুবলৈ লৈছিলোঁ। হেঁচা মাৰি ধৰিছিল টোপনিয়ে, আগদিনাও যে হৈছিল ক্ষতি। টয়লেটৰ পৰা ঘূৰি যাওঁতে বসুমতাৰীয়ে মোক ভয় খুৱাবলৈ পুনৰ দুৱাৰৰ কাষত ৰৈ আচহুৱা শব্দ উলিয়াইছিল। পিছে সি তেনেকুৱা কিবা কৰিব বুলি অনুমান কৰিছিলোৱেই,

“শুই থাক তই, আৰু ভয় নাখাওঁ।”

☆ ★ ☆ ★ ☆

8 Comments

Leave a Reply

Your email address will not be published.