ফটাঢোল

হোষ্টেলৰ হেৰোৱা সুবাস বিচাৰি – মানৱেন্দ্ৰ কুমাৰ শৰ্মা

আমাৰ সময়ত হোষ্টেলৰ ‘নিউকামাৰ্চ’ আৰু ফুটবল এটাৰ মাজত কিছুমান চিনিয়ৰৰ দৃষ্টিত বিশেষ তফাত নাছিল; মনোৰঞ্জনৰ নামত নিজ লিপ্সা চৰিতাৰ্থৰ সময়ত তেখেতসকলৰ ধাৰণাত দুয়োটাৰ ভূমিকা প্ৰায় একেই আছিল৷ আমাৰ গাঁৱৰ ফালে হোষ্টেলৰ কিছুমান কথা অহুকাণে-পহুকাণে শুনি হোষ্টেললৈ কাৰোবাক পঠোৱা কথাটো বিয়াৰ পিছত ‘ছোৱালী যমে নিলেও নিয়া জোৱাই নিলেও নিয়া’ কথাটোৰ সমাৰ্থক বুলিও ভাবিছিল৷ কিন্ত উপায়ো নাছিল, অভিভাৱকসকলে সন্তানৰ সু-ভৱিষ্যতৰ আশাত হাতলৈ অহা এনে সুযোগ হাত-বাগৰি যাব দিয়াৰ পক্ষপাতীও নাছিল৷

তেনেকুৱা এটা পৰিৱেশৰ পৰা অহা এই নিমাখিত বালকজনৰ হোষ্টেলত প্ৰথম পদাৰ্পণৰ সময়ত নিজৰ বুকুৰ ধপ ধপনি নিজৰেই কৰ্ণকুহৰত প্ৰকাণ্ড হৈ বাজি উঠাতো একো ডাঙৰ কথা নহয়৷ আবেলিৰ সিদিনাৰ সময়কণো কিবা যেন প্ৰহেলিকাময় আছিল৷ বয়-বস্তু সহিত ৰিক্সাৰ পৰা দাদাৰ স’তে মোক নমা দেখিয়েই হোষ্টেলৰ বাৰান্দাৰ পকীত বহি থকা কেইজনমানৰ চকুবোৰ উজলি উঠা যেন লাগিল৷ সেই চকুৰেই তেখেতসকলে মোৰ বাবে ৰুম এটা ঠিক-ঠাক কৰিলে৷

দাদাই মোৰ ফালে চাই ক’লে, ‘ভাইটি অলপো ভয় নকৰিবি৷ ময়োতো হোষ্টেলত থাকিয়েই পঢ়ি আছোঁ৷ কেৱল যি সোধে ভালকৈ কবি৷ চিনাকি হোৱাৰ নামত দুজনমানে হয়তো অলপ ধেমালি কৰিব৷ কিন্তু বদমাচি আৰু ফাঁকি-ফুকা দিয়াৰ চেষ্টা কৰিলেহে বিপদ৷ মনত ৰাখিবি- অতি চালাকৰ গলত ৰচী৷ ইঞ্জিনিয়াৰিঙৰ হোষ্টেলবোৰ এই দিশত অলপ চৰা বুলিও নাম আছে৷ তাতেই যদি কাৰোবাৰ স্ক্ৰু অলপ ঢিলা বা তাৰ এডালেই চিঙা তেতিয়াটো আৰু সমস্যা৷ এনেই চিন্তা কৰিব লগা একো নাই দে৷’ সি মোক আশ্বস্ত কৰিব বিচাৰিছিল যদিও তাৰ অন্তৰ্ধানৰ পাছত মোৰ বুকুৰ ধপধপনি আৰু বাঢ়িল৷

তেনেকৈয়ে মই হোষ্টেলৰ আবাসী হ’লোঁ৷ মোৰ বাবে একেবাৰেই নতুন পৰিৱেশ৷ ইতিমধ্যে হোষ্টেললৈ নতুন ‘মক্কেল’ এটা অহা কথাতো এচামৰ মাজত সণ্ঢালনি হৈ পৰিছিল৷ গতিকে ৰুমত সোমাই মোৰ বিচনাখন চিজিল লগাম বুলি ভাবোঁতেই বাহিৰলৈ মোৰ ডাক পৰিল৷ ময়ো বলিশাললৈ আগবাঢ়ি যোৱা অবোধ জীৱটোৰ দৰে ন যযৌ ন তস্থৌ খোজেৰে আগবাঢ়িব লগা হ’ল৷

হোষ্টেলৰ বাৰান্দাতেই কেইজনমানে ফুটবল এটা লৈ খেলি আছিল৷ মোৰ ফালে চাই এজনে চিঞৰ উঠিল,
“ঐ তই গ’লকীপাৰ হ’৷”

এনেকৈ কৈয়েই আটিল চেহেৰাৰ পাহাৰীয়া সেই যুৱকজনে মোৰ পৰা দহ-পোন্ধৰমান ফুটমান দূৰৈৰ পৰা সৰ্বশক্তিৰে ফুটবলটোত কিক মাৰাত লাগিল৷ মোৰ নাক-মুখ কিবাকৈ বচালোঁ যদিও দুয়োহাতৰ কনিষ্ঠ আঙুলি দুটা আজিলৈ অলপ বেঁকা হৈয়েই থাকিল৷

সেই পোন্ধৰ মিনিটমানৰ সময়খিনিয়ে অনাগত ভৱিষ্যতৰ স্পষ্ট ইংগিত এটা মোক দিলে৷

দিন যোৱাৰ লগে লগে আমাৰ দৰে নৱাগতৰ সংখ্যাই কুৰিৰ ঘৰ চুলে আৰু কম সময়তে প্ৰায়কেইজনৰ মাজত পাৰস্পৰিক আন্তৰিকতা গঢ়ি উঠিল৷ আৰু তেনে নহ’বনো কিয়? একেখন বিচনাৰ তলত সোমাই সমবায় ভিত্তিত মাইকী মহ বিচাৰোঁতে, ফ্ল’ৰত সাঁতোৰ মেলোঁতে, বাথৰূমৰ ভিতৰ সোমাইহে জোতা-মোজা খোলা আৰু ভিতৰতেই পিন্ধি বাহিৰ ওলোৱা, আৰু তেনেকুৱা বহুবোৰ কাম কৰোঁতে এজনে আনজনৰ মুখমণ্ডলত দেখা পোৱা দুৰ্দশা আৰু অসহায়তাই আমাক পৰস্পৰৰ বেছি কাষ চপাই নিছিল৷ সেইসময়ত চিনিয়ৰ কেইজনমানৰ নিৰ্মমতাই তেখেতসকলৰ প্ৰতি আমাক ইমানেই বীতশ্ৰদ্ধ কৰিছিল যে আমাৰ অভিশাপে বাস্তবত সঁচা ৰূপ পোৱাহেঁতেন তেনেকুৱা কেইজনমানৰ নিশ্চয় অকালতে ‘ৰাম নাম সত্য’ হ’লহেঁতেন৷ কথাবোৰ কিন্তু তেনে নহ’ল আৰু হোষ্টেলত হকী ষ্টিকহে উভৈনদী হ’ল৷ আনকি আমাক চিধা কৰাৰ দৃঢ়তা লৈ অনেক হকী ষ্টিক অকালতেই শ্বহীদ হ’ব লগা হ’ল৷

মাজতে আমাৰ লগৰ এজন ঘৰলৈ যাওঁতে পিছল খাই পৰি হাত এখন ভাগিল৷ এতিয়া প্লাষ্টাৰ লগোৱা সেই দেহাৰে সিনো কিদৰে লীলা-খেলা দেখুৱায়? গতিকে আমি বান্দৰ নাচ দেখুৱাই থকা ৰুমটোৰেই এচুকত থমথম মদন-গোপাল হৈ বহি থকাৰ তাৰ সুযোগ মিলিল৷ দেহৰ সেই অৱস্থাত তাৰ বাবে তেনে জিৰণি সমুচিত যেন লাগিছিল যদিও, আমাৰ চকুত তাৰ চকু পৰিলেই তাৰ দৃষ্টিত আমাৰ প্ৰতি যিহে পেংলাইৰ নাচোন! দুমাহমানলৈ ইতিকিং ভৰা তাৰ সেই নজৰ আমাৰ মনত জুইত ঘিঁউ হৈ জ্বলিল৷ সেই বেদনা আৰু তিক্ততাৰ ভাৰে আমাক পূৰাদমে সংপৃক্ত কৰাত এদিন তাৰ সেই আমেজপূৰ্ণ জীৱন আমাৰ বাবে অসহনীয় হৈ পৰিল৷ তেনে ঈৰ্ষণীয় দিনৰ আকুলতাত আমাৰ মনলৈ আনকি এনে ভাবো আহিল- হে প্ৰভু, তুমি চকু মেলি চোৱা, এই মুহূৰ্ততে মোৰো হাত এখন তাৰ দৰে কৰি দিয়া৷

পিছে ভগৱানৰ বিচাৰত আমাৰ সেই প্ৰাৰ্থনা কিজানি সমুচিত নাছিল৷ কিজানি তেৰাৰ বিচাৰ আন ধৰণেহে কৰা আছিল৷

নিয়মমাফিক আন এৰাতিও আমি ডাক পৰা দিশে যাব ওলাইছোঁ, পিছে সেই দিশৰ পৰা ভাঁহি অহা ধাপ-ধুপ শব্দ আৰু অত্যধিক চিঞৰ-বাখৰে আমাক শংকিত কৰিলে৷ চিঞৰৰ গৰাকীৰ তেনে ৰুঢ়তা যে আমাৰ বাবে সুখজনক নাছিল সেই কেইদিনৰ অভিজ্ঞতাই আমাক ভালকৈয়ে বুজাইছিল৷ তথাপি মৰণত শৰণ দি হ’লেও খোজৰ গতি আগলৈ দিয়াতো আমাৰ বাবে সেই দিনকেইটাত ধৰাবন্ধা ৰীতি আছিল৷

যিমানেই সেই স্থানৰ ওচৰ পাইছিলোঁ আমাৰ ভীতিৰ পৰিমাণো সেই অনুপাতে বাঢ়ি আহিছিল৷ নিশ্চয় আজিয়েই কিবা এটা হেস্তনেস্ত হ’বলৈ গৈ আছে৷ এনেয়ো আমাৰ হোষ্টেলৰ নাম এই ক্ষেত্ৰত এখোপ চৰা৷ আমি ইয়ালৈ অহাৰ কেইবছৰমান আগতে সন্ধানহীন হোৱা নৱাগত এজনৰ নিৰ্জীৱ শৰীৰটো বোলে অৱশেষত ইয়াৰ সমুখত থকা পুখুৰীটোৰ মেটেকাৰ তলতহে ৰহস্যময়ভাৱে উদ্ধাৰ হৈছিল! অৱশ্যে কথাটোৰ সঁচা-মিছা নাজানো৷ কিন্তু সেই দোদুল্যমান অৱস্থাত মনৰ শংকা বৃদ্ধিত এই কথাটোও সিদিনা অনুঘটক হৈ উঠিল৷

ফুটবলৰ কিক মাৰাত সিদ্ধহস্ত পাহাৰীয়া সেই চিনিয়ৰ দাদাজন সেই সময়ত ফুটবল খেলাৰ ভংগীমাতেই আছিল, আৰু আনটো ফালৰ পৰা ‘ৰিটাৰ্ণ’ কিক মাৰিবলৈ উদ্যত হৈ আছিল অইন এজন৷ তেনে ভংগীমাত আৰু দুজনমানো নথকা নহয়৷ কেৱল সিদিনা ফুটবলটোৰ ঠাইত আছিল আমাৰ মাজৰেই কোনোবা এজন৷

বৈদ্যুতিক পোহৰৰ ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ কৰা হোষ্টেলৰ বাৰান্দাৰ সেই অংশত পৰা জোনাকৰ ছাঁ-পোহৰৰ অবিমিশ্ৰ সংমিশ্ৰণত কাৰ জীৱনলৈ কাৰ কি পানী খোৱা পুখুৰীত বিহ ঢলাৰ অপৰাধত তেনে দুৰ্দশা নামি আহিল সেই চিন্তাই আমাক ব্যথিত কৰি তুলিছিল৷ তথাপি সেই পৰিৱেশত আমাৰ কৰণীয় যেন একোৱেই নাছিল৷ সেই পৰিৱেশ আৰু পৰিস্থিতিয়ে আমাৰ মনত জন্মোৱা ভয়-ভীতিয়ে আমাৰ বিচাৰ-বিবেচনাক জাগ্ৰত হ’ব নোৱাৰাকৈ ৰুদ্ধ কৰি পেলাইছিল৷ সেয়েহে সেইজনৰ বাহিৰে আমাক সিদিনা ছুটী দিওঁতে, মানে সিদিনাৰ বাবে আমি বান্দৰ নাচৰ পৰা ৰেহাই পোৱা বুলি ঘোষণা কৰাৰ পাছত সকলোৱে নিজ নিজ ৰুমলৈ সুৰসুৰকৈ আহিলোঁ৷

বিছনাত পৰাৰ পাছতো সেই শব্দবোৰ আমাৰ কাণত বাজি আছিল৷ আমি নিশ্চিত আছিলোঁ, সিদিনা দুডালমান হকী ষ্টিক শ্বহীদ হোৱাতো যে নিৰ্ঘাত৷

যমৰ দুৱাৰৰ কাঠগড়া যেন লগা সেই ঠাইত আমাৰ দৰে সৰু-সুৰা আচামীক লঘু দণ্ড বিহি বিহি অতদিন যমদূতবোৰৰ হাত-ভৰিবোৰ কিজানি জঠৰ হোৱাৰেই উপক্ৰম হৈছিল৷ সেয়েহে হাত-ভৰিৰ টনটননি মাৰ নিওৱাৰ ইমান এটা সুবৰ্ণ সুযোগ পাই তাক পূৰ্ণ ৰূপ দিয়াত কৃপণালি কৰিবলৈ তাত এজনো দয়াবান নাছিল৷ আচলতে তেনেকুৱা ঠাইত দয়া, মমতা আদি শব্দবোৰেই নিষিদ্ধ৷ সেয়েহে তেওঁলোকে সিদিনা ভকভককৈ তেল তপতোৱাত লাগিল৷ আৰু সেই তপত তেলত পুৰি মৰিব লগা হ’ল সি৷

আচলতে তাৰ ওপৰত বহুদিনৰ পৰাই কেইজনমানৰ সন্দেহ উপজি আছিল৷ আৰু সিদিনা সি বাথৰুমত সোমোৱাৰ পাছত চিনিয়ৰ এজনে ভিতৰলৈ জুমি চাই তাৰ কাৰচাজি ধৰা পেলালে৷ বাথৰুমৰ দৰ্জা লক কৰিয়েই সি বোলে হাতৰ প্লাষ্টাৰ খুলিলে আৰু ওলোৱাৰ সময়ত আগৰদৰেই প্লাষ্টাৰৰ সেই ফাৰ্মাটোত হাতখন ভৰাই কান্ধৰ স’তে গাঁথি ল’লে৷

সঁচাকৈ তাৰ চালাকি কম নাছিল৷ আৰু ইমানদিনৰ সেই বিয়াগোম ফাঁকি হাতেলোটে ধৰা পৰাৰ পাছত সেই পৰিৱেশত আৰু তাক কোনে ৰক্ষা কৰে?

অতদিনৰ ৰাহি হোৱাবোৰ দুদিনমানৰ ভিতৰত তাৰপৰা উচল কৰা হৈছিল, তাকো চক্ৰবৃদ্ধি সুতৰ হাৰত৷ তিনিদিনলৈ আমাৰ সম্পূৰ্ণ জিৰণি আছিল আৰু অতদিনে আমি বিশ জন নৱাগতৰ সমবায়িক ভুঞ্জন সেই দিনকেইটাত সি অকলে সহিব লগা হৈছিল৷

তেতিয়া কথাবোৰ অহস্যকৰ আৰু ভয়ংকৰ যেন লাগিছিল যদিও এতিয়া তেনে স্মৃতিত অৱগাহিত হৈ কিন্তু হাঁহিও উঠে, পুনৰ সেই দিনবোৰ ঘূৰাই পাবলৈ মনত শিহৰণো জাগে৷ সঁচাকৈয়ে সেই অধ্যায় আছিল জীৱনৰ অমূল্য আৰু ৰমণীয় অধ্যায়৷ আমাৰ লগত তেনেদৰে সময় কটোৱা দাদাসকলৰ গৰিষ্ঠসংখ্যকেই পিছলৈ আমাৰ অন্তৰংগ সুহৃদ হৈ প্ৰতিটো ক্ষেত্ৰত অকৃত্ৰিমভাৱে সহায়ৰ হাত আগবঢ়াইছিল৷

☆★☆★☆

2 Comments

  • আগতে সেয়ে হোষ্টেলত থাকিবলৈ বৰ ভয় সোমাইছিল। কিন্তু যি ষ্টুডেণ্ট লাইফত হোষ্টেলত থাকি পোৱা নাই, তেওঁ কিন্তু হোষ্টেলৰ মাদকতা উপলব্ধি কৰিব নোৱাৰে।

    Reply
    • Manabendra Kr. Sarma

      হয় বাইদেউ, হোষ্টেলীয়া জীৱন সঁচাকৈয়ে একক আৰু অনন্য৷ সেই সময়ত তিঁতা তিঁতা যেন লগা সময়ৰ সোঁৱৰণো এতিয়া মিঠা যেন লাগে৷

      Reply

Leave a Reply

Your email address will not be published.