ফটাঢোল

‘হোষ্টেল লাইফ’ৰ স্মৃতি – অনুৰূপ মহন্ত

মানুহে হেনো গোটেই জীৱনত ইমানখিনি কথা শিকিব নোৱাৰে, যিমান হোষ্টেল লাইফত শিকিব পাৰে। পিছে সঁচাকৈ কিমান শিকিব পাৰি নোৱাৰি পাছৰ কথা, কিন্তু সেই সময়ৰ অভিজ্ঞতাবিলাক সদায় মনত থাকি যায়। মোৰ তেনেকুৱাই দুটামান অভিজ্ঞতাকে ক’বলৈ ওলাইছোঁ, যিকেইটা মনত পৰিলে এতিয়াও হাঁহি উঠে।

প্ৰথম- চেম্পু বনাম কণ্ডিশ্যনাৰ:

২০০৭ চন। গুৱাহাটীত পঢ়ি আছোঁ তেতিয়া। সেই সময়ত ল’ৰাবিলাকৰ চুলি দীঘল কৰি ‘স্ট্রেইট’ কৰোৱাৰ ফেশ্যন এটা চলিছিল। আমাৰ ক্লাছত ডিব্ৰুগড়ৰ এটা ল’ৰা আছিল। সি একেৰাহে ছমাহমান চুলি দীঘল কৰিছিল ‘স্ট্রেইট’ কৰাবৰ বাবে। এদিন গুৱাহাটী ক্লাৱৰ পাৰ্লাৰ এখনত গৈ সি চুলিখিনি ‘স্ট্রেইট’ কৰাই আহিল।

পাৰ্লাৰতে হেনো তাক কৈ পঠিয়ালে- এতিয়াৰ পৰা কেৱল ‘গাৰ্নিয়াৰ’ৰ ‘চেম্পু’ আৰু ‘কণ্ডিশ্যনাৰ’হে ব্যৱহাৰ কৰিব লাগিব, নহ’লে চুলি খিনি বেয়া হৈ যাব। দুইটা বস্তু কেনেকৈ ব্যৱহাৰ কৰিব লাগিব বুজাই পাৰ্লাৰৰ পৰাই দুইটাৰে এটাকৈ বটল তাক বিক্ৰী কৰিলে। চুলি ‘স্ট্রেইট’ কৰোৱাৰ ফুৰ্তিতে সি আমাক সেইদিনা সৰু-সুৰাকৈ পাৰ্টি এটাও দিলে।

পাছদিনা, ‘চেম্পু’ৰ বটল লৈ সি ৰাতিপুৱাই বাথৰুমত সোমাল। তাৰ পাছত গা ধুবলৈ যোৱাবোৰে বাহিৰত লাইন লাগি আছে, সি বাথৰুমৰ পৰা গা ধুই নোলায় হে নোলায়। বহুতৰে গালি শুনি শেষত যেনিবা ওলালে।

ৰাতিপুৱাৰ ক্লাছ দুটা কৰাৰ পাছত অলপ ‘ব্ৰেক টাইম’ থাকে। তাৰ আকৌ আগৰে অভ্যাস ‘ব্ৰেক টাইম’ত চুলিখিনি অলপ তিয়াই অহাৰ। ক্লাছৰ ‘টয়লেট’ত গৈ সেই মতেই চুলিখিনি তিয়াই আহি পাছৰ ক্লাছটোত বহিলেহি। ছাৰে পঢ়াই থকাৰ মাজতে সকলোৰে উঠিলে হাঁহি। তেতিয়াহে আমি তালৈ চাইছোঁ, তাৰ গোটেই চুলি খিনিতে চাবোনৰ ফেনৰ দৰে ফেন উঠি আছে।

হোষ্টেললৈ আহিহে আমি ইয়াৰ ৰহস্য উদ্ঘাটন কৰিলোঁ। তাক বোলে পাৰ্লাৰত কৈ পঠাইছিল প্ৰথমে চুলিত চেম্পু কৰি ধুই তাৰ পাছত কণ্ডিশ্যনাৰ ঘঁহি নোধোৱাকৈয়ে ৰাখি দিবলৈ, আৰু সন্ধ্যা শুদা পানীৰে ধুই দিবলৈ। তেনে কৰিলে বোলে স্ট্রেইট কৰা চুলিখিনি বেছি মিহি হয়। পিছে আমাৰ পণ্ডিতে ‘গাৰ্নিয়াৰৰ’ ‘চেম্পু’ আৰু ‘কণ্ডিশ্যনাৰ’ দুইটাৰে বটল একেই সেউজীয়া দেখি কামটো ওলোটাকৈ কৰিলে বাবে এনে হ’ল। পাছত আকৌ সি আমাক কয়, “আৰে ভাই, সেই কাৰণেহে মোৰ গা ধোওতে ৰাতিপুৱা ইমান সময় লাগিছিল, ‘চেম্পু’টোৰ (কণ্ডিশ্যনাৰটো) ফেনেই ওলোৱা নাছিল, আধা বটল মান ঘঁহি ঘঁহি শেষ কৰি দিলোঁ।

দ্বিতীয়- ২০০৭ চনৰ ৩১ ডিচেম্বৰৰ ৰাতি আৰু চোৰ:

আমাৰ হোষ্টেলত ৰুম অনুসৰি ল’ৰা অলপ কম হোৱাৰ বাবে হোষ্টেলৰ একেবাৰে তলৰ মহলাটো সেই সময়ত প্ৰাইভেট ষ্টুডেণ্টক থাকিবলৈ দিয়া হৈছিল। বিভিন্ন চৰকাৰী কলেজত পঢ়া কিন্তু নিজৰ কলেজৰ হোষ্টেলত ছিট নোপোৱা কিছুমান ল’ৰা আমাৰ হোষ্টেলৰ তলৰ মহলটোত থাকিছিল। ওপৰৰ দুটা মহলাত থকা আমাৰ ল’ৰাখিনিৰ লগত সিহঁতে মিলি জুলিয়েই থাকিছিল, হোষ্টেলৰ নিয়ম মানি চলিছিল বাবে আমাৰো একো অসুবিধা হোৱা নাছিল।

কিন্তু, সেই সময়ত ঘনাই হোষ্টেলত চুৰ হৈছিল, আৰু চোৰ ধৰা পৰা নাছিল। সেয়ে আমাৰ ল’ৰাখিনিয়ে প্ৰাইভেটৰখিনিক সন্দেহৰ চকুৰে চাবলৈ ধৰিছিল, হয়তো সিহঁতেও আমাক তেনেদৰেই চাইছিল। মুঠতে চোৰৰ উৎপাটত হোষ্টেলৰ একতা যথেষ্ট দুৰ্বল হৈ পৰিছিল।

৩১ ডিচেম্বৰৰ ৰাতি। গতিকে সকলোৱে মিলি হাঁহি ফূৰ্তি কৰিছে। হোষ্টেলৰ মেছতো ‘স্পেচিয়েল খানা’ বনাইছে। দুটামান ৰূমত আকৌ কেইটামানে দুৱাৰ বন্ধ কৰি বিশেষ পাৰ্টি কৰি পৰিৱেশ আৰু ৰঙীন কৰি তুলিছে। ৰাতি এঘাৰ মান বাজিছে। তেনেতে হোষ্টেলৰ তলৰ মহলাৰ প্ৰাইভেটখিনি থকা এটা ৰূমত আমাৰ লগৰ এটা গৈ সোমাল। সি গৈ দেখে তাত ইতিমধ্যে পাৰ্টি শেষ হৈছে, সকলোৱে নিচাতে যি-তি কথা পাতি আছে। আমাৰ লগৰটোৱেও ৰঙীন পৰিবেশৰ আড্ডাত ভাগ ল’বলৈ বহিল। সি কথা পাতি থাকোতে মন কৰিলে তাত এটা অচিনাকি ল’ৰাইও আড্ডাত ভাগ লৈছে।

আমাৰ লগৰটোৱে অচিনাকি ল’ৰাটোক সুধিলে সি কাৰ লগৰ। ল’ৰাটোৱে সেই ৰূমটোৰ আবাসী ল’ৰাটোলৈ আঙুলিয়াই দেখুৱালে। এইবাৰ আমাৰ লগৰটোৱে ৰূমটোৰ আবাসী ল’ৰাটোক সুধিলে, সঁচাকৈ সেই অচিনাকি ল’ৰাটো তাৰ লগৰ নেকি বুলি। কিন্তু সকলোকে আচৰিত কৰি ৰূমটোৰ আবাসী ল’ৰাটোৱে ক’লে,-” নহয়, মই ইয়াক চিনি নাপাওঁ।”

হঠাৎ লাগিল হুলস্থুল। আমাৰ লগৰটোৱে চোৰ চোৰ বুলি চিঞৰিবলৈ ধৰিলে, আৰু চিঞৰ শুনি হোষ্টেলৰ পঞ্চাশটামান ল’ৰাই সেই ৰূমলৈ দৌৰি আহিল।অচিনাকি ল’ৰাটোৱে ভয়ত একো নাই হৈ, বেলকনিয়েদি জঁপিয়াই পলাল। ল’ৰাবিলাকেও পাছে পাছে বহুত দূৰলৈকে খেদিলে যদিও চোৰ ধৰিবগৈ নোৱাৰিলে।

সেই ৰাতিটো তেনেকৈয়ে চোৰৰ উত্তেজনাতে পাৰ হ’ল, কাৰো ভালকৈ শোৱাও নহ’ল। পাছ দিনাহে ৰূমটোৰ আবাসী ল’ৰাজনে সকলোকে কৈছে -“কালি মোৰ লগৰ এটা আহিছিল ইয়াত পাৰ্টি কৰিবলৈ, আজি তাক বিচাৰি পোৱা নাই।”

আগনিশা ঘটা ঘটনাটো তাৰ মনতেই নাই। যেতিয়া আমি তাক গোটেই ঘটনাটো বুজাই ক’লো, তেতিয়া সি মূৰে কপালে হাত দিছে আৰু কৈছে,-“ইচ, মই একেবাৰে ক’বই নোৱাৰো ৰাতি কি হৈছিল! বেচেৰাটো ৰাতিৰ ঠাণ্ডাত হাফ পেন্ট টি চাৰ্ট পিন্ধি ক’ত বা গ’ল গৈ!”

পাছত সেই ল’ৰাটোৰ কি হ’ল নাজানো, কিন্তু ৰূমটোৰ আবাসী ল’ৰাটোক সকলোৱে মিলি ঠিক এজাৰণ দিলে!

তৃতীয়- লোকৰ মূৰ্গীৰে এসাঁজ:

আমাৰ হোষ্টেলৰ গাতে লাগি থকা সীমাৰ ওখ ৱালখনৰ পাছ ফালেই পল্টনবজাৰ ৰে’লৱে কলনিৰ কোৱাটাৰ বিলাক আছিল। তাত ৰে’লৱেৰ কোনোবা চাকৰিয়াল থাকিছিল নে নাই আমি জনা নাছিলোঁ, কিন্তু সেই বিলাকৰ কাষে কাষে কিছুমান জুপুৰিৰ দৰে অস্থায়ী ঘৰেৰে গোটেই ঠাইখন ভৰি আছিল। ৰে’লৱেৰ মাটিত অবৈধ ভাৱে গঢ় লোৱা এই বস্তীখন লাহে লাহে যথেষ্ট ডাঙৰো হৈ পৰিছিল। সেইবিলাকৰ মাজত দুখনমান দোকানো আমি হোষ্টেলৰ চাঁদৰ পৰা দেখা পাইছিলোঁ।

বস্তীৰ মানুহবিলাকৰ বেছি ভাগেই দিন হাজিৰা কৰিছিল আৰু ৰাতি মদ খাই আহি নিজৰ মাজতে কাজিয়া পেছাল কৰি ৰাতিৰ পৰিৱেশ হুলস্থুলীয়া কৰি তুলিছিল। হুলস্থুলত অতিষ্ঠ হৈ হোষ্টেলৰ ল’ৰাবিলাকে খঙত হোষ্টেলৰ চাঁ‌দৰ পৰা প্ৰায়েই মানুহবিলাকক উদ্দেশ্যি গালি পাৰিছিল। কেতিয়াবা কোনো কোনো ল’ৰাই খঙত বস্তিৰ ঘৰবিলাকৰ টিঙত শিলগুটিও মাৰিছিল, আৰু অলপ সময়লৈ এনেদৰে হুলস্থুল শাম কাটিছিল। পাছে দুই এদিনৰ মূৰে মূৰে এনেকুৱা খণ্ড যুদ্ধ হৈয়েই থাকিছিল, ফলত হোষ্টেলৰ ল’ৰা আৰু বস্তিৰ মানুহে পৰস্পৰে পৰস্পৰক শত্ৰু জ্ঞান কৰিছিল। হোষ্টেলৰ পাছ ফালৰ সীমাৰ ৱালখন যথেষ্ট ওখ আছিল বাবে যেনিবা পাৰ হৈ কোনেও কাজিয়া কৰিবলৈ নগৈছিল, তথাপি ল’ৰাবিলাকে সুবিধা পালে বস্তিৰ মানুহবিলাকৰ ওপৰত প্ৰতিশোধ লোৱাৰ ধান্দাতে থাকিছিল।

এবাৰ চেমিষ্টাৰ ব্ৰেকত আমি দূৰৰ কেইটা ঘৰলৈ অহা নাছিলোঁ, একেবাৰে পূজাৰ বন্ধত ঘৰলৈ অহাৰ কথা। গুৱাহাটীৰ আশে পাশে থকা বেছি ভাগ ল’ৰাই ঘৰলৈ গৈছিল। হোষ্টেল প্ৰায় খালীৰ নিচিনা। ৰাতিপুৱা ন মান বজাত মোৰ ৰূমতে আমি কেইটামানে আড্ডা দি আছোঁ। তেনেকুৱাতে জুনিয়ৰ এটাই আহি আমাক খবৰ দিলে, -আজি বস্তিৰ ভাল চিকাৰ এটা পাইছোঁ, মোৰ লগত আহক।

আমি কেইটা দৌৰি ওলাই আহিলোঁ। তলত আহি দেখোঁ, বেলেগ এটা জুনিয়ৰে দৌৰি দৌৰি মুৰ্গী এটা খেদি ফুৰিছে। আটাইকেইটাই মিলি অৱশেষত ধৰিলোঁ মূৰ্গীটো।

বস্তিৰ মানুহবিলাকৰ বেছি ভাগৰ ঘৰতে হাঁহ, মুৰ্গী, ছাগলী, গাহৰি আদি পুহিছিল। জুনিয়ৰ দুটাৰ মতে এইটো মুৰ্গী বস্তীৰ পৰাই ৱাল পাৰ হৈ উৰি আহিছে। গতিকে বস্তিৰ মানুহৰ ওপৰত ইমান দিনে উঠি থকা খং মুৰ্গীটোৰ ওপৰতে ল’ব লাগে। ইতিমধ্যে এটাই মুৰ্গীটো টেপা মাৰি মাৰিলেই। মতা মুৰ্গীটোৰ ওজন দুই কিলোৰ কম নহ’ব।

হোষ্টেলত বনাই খালে বস্তিৰ মানুহে গম পাই বুলি উজান বজাৰৰ লগৰ এটাৰ ভাড়া ৰুমত বনাই খোৱাৰ প্লেন বনালে সকলোৱে। ভবা মতেই কাম, ছটা ল’ৰাই মিলি মুৰ্গীটো কাটি বাছি ৰান্ধি বাঢ়ি আনন্দ মনেৰে এসাঁজ খালোঁ।

সন্ধ্যা হোষ্টেললৈ ঘূৰি আহি দেখোঁ, আমাৰ ৰান্ধন্ধিজনে টৰ্চ লৈ হোষ্টেলৰ সীমাৰ ৱালৰ ওচৰত কিবা বিচাৰি ফুৰিছে। আমি কথাটো ইমান গুৰুত্ব নিদি নিজ নিজ ৰুমত সোমালোঁ‌।

ৰাতিৰ ভাত খাবলৈ যেতিয়া দাইনিং ৰূমলৈ যাওঁ, তেতিয়াহে ৰান্ধনিজনে আমাক ক’লে, তেওঁৰ বোলে মতা মুৰ্গীটো আজি হেৰাল। দুদিনমানৰ পৰা মুৰ্গীটোৱে উৰি উৰি ৱালখনৰ ওপৰত উঠা তেওঁ নিজেই দেখিছিল, সম্ভৱ বস্তিৰ মানুহেই পাই, মাৰি খাই পেলালে।

কথাটো শুনি আমাৰো দুখ লাগিল, পিছে এতিয়া কওঁনো কেনেকৈ যে তেওঁৰ মুৰ্গীটো বৰ্তমান বস্তিৰ মানুহৰ পেটত নহয়, আমাৰ পেটতহে! সেয়ে আমিও তেওঁৰ দুখতে দুখী হৈ ঘঁ‌ৰিয়ালৰ চকুপানী টুকিলোঁ‌, আৰু বস্তিৰ মানুহক উদ্দেশ্যি তেওঁৰ লগতে গালি দুটামানো পাৰি মনে মনে আহি নিজ নিজ ৰুমত শুই থাকিলোঁহি!

হোষ্টেল এৰাৰ দিনলৈ এই কথাটো কোনেও কাৰো আগত নুলিয়ালে। কেতিয়াবা ভাবোঁ, নানা ৰসেৰে ভৰা এইবিলাক দিন আকৌ ঘূৰাই পোৱা হ’লে!

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.