ফটাঢোল

হৰি হৰি-ঈশান জ্যোতি বৰা

হৰি এটা গভাইত চোৰ৷ আজিৰ পৰা মোটামুটি ত্ৰিশ বছৰৰ আগতেই চৌৰ্য-বৃত্তিলৈ তাৰ আগমন ঘটে৷ ক’বলৈ গ’লে ওঁঠ টিপিলে গাখীৰ ওলোৱাৰ দিনতেই তাৰ কেৰিয়াৰে পাতনি মেলিছিল৷ অৱশ্যে দুটা সন্তানৰ বাপেকী হৰি মাজতে দুবছৰমানৰ কাৰণে নাপাত্তা হৈছিল৷ মানুহে কোৱাকুই কৰিলে৷ বোলোঁ- “ক’লৈ গ’ল এই পাষণ্ডটো! চোৰক মোৰে পোৱা নাইতো!” পিচে, দুবছৰৰ পাছত হৰি আহি পুনৰ হাজিৰ৷ পুনৰাগমনৰ প্ৰথমটো উপস্থিতি সি প্ৰদৰ্শণ কৰিলে পঞ্চায়তৰ সভাপতিৰ ঘৰত সাতটাকৈ পানীৰ মটৰ চুৰ কৰি৷ সভাপতিয়ে আৰক্ষী থানালৈ যাবলৈ তৎপৰতা দেখুৱাইছিল, পিচে হ’লে কি হ’ব! আৰক্ষীয়ে যদি সোধে, “হে সভাপতি, সাতটাকৈ পানীৰ মটৰে আপোনাৰ ঘৰত কি কৰিছে?”- তেতিয়াতো সভাপতিয়ে মুখবন্ধ কৰি থোৱাৰ বাহিৰে দ্বিতীয় এটা বিকল্প নাই৷ সেয়ে, হৰিৰ বিৰুদ্ধে কে’ছ দিবলৈ তেৰাই সাহ নকৰিলে৷ কিন্তু হৰিৰ প্ৰত্যাৱৰ্তনটোৱে ৰাইজলৈ আনন্দ আৰু ত্ৰাস দুয়োটাই কঢ়িয়াই আনিলে৷ “হওক দে, অসমীয়া চোৰ আমাৰ এইফালে পাবলৈকে নাই৷ সিয়েই থাকক আমাৰ মাজতে৷ কেৱল কাঁহী-বাচন সন্ধ্যাৰ লগে লগে ভিতৰত সুমুৱাবি।”

হৰি নামৰ মানুহ আৰু এজন আছে৷ তেওঁ চোৰ নহয়৷ শান্তি-হৰণকাৰীও নহয়৷ চোৰৰ বিপৰীতাৰ্থক শব্দটোহে৷ মানে পুলিচ৷ শান্তি-প্ৰদানকাৰী৷ এজন প্ৰভাৱশালী হাবিলদাৰ হৰি৷ হৰিয়ে জীৱনৰ লক্ষ্য সৰুতেই লিখা ‘মোৰ জীৱনৰ লক্ষ্য’ ৰচনাখনত স্থিৰ কৰি থৈছিল৷ সি ভৱিষ্যতে এজন পুলিচ হ’ব৷ পুলিচ মানে আমন-জিমনকৈ ৰাস্তাৰ কাষ এটাত বহি থকা সোপাঢিলা অথবা পালমৰা পুলিচ নহয়৷ সি এনে এজন পুলিচ হোৱাৰ সপোন দেখিছিল, যাৰ নামটো শুনা মাত্ৰকতে গোটেই এলেকা আঠ ৰিখটাৰ স্কেলত অহা ভূমিকম্পৰ দৰে কঁপি উঠে৷ অসমৰ বিভিন্ন ঠাইত নিজৰ কৰ্তব্য স্বভাৱসুলভ দক্ষতাৰে পালন কৰি হৰি যোৱা এসপ্তাহৰ আগতে এইখন ঠাইলৈ আহিছে৷ আহিয়েই শুনিছে-হৰি চোৰৰ নামটো৷ মাথাটো টিঙিচকৈ মাৰিলে৷ যেন এতিয়াই গৈ হৰিৰ পিঠিখন বখলিয়াই পেলাব৷ যেন এতিয়াই গৈ হৰিৰ চকুত জলকীয়া গুটি সুমুৱাই দিব৷ পিচে, ইমান সহজ জানো!

শেহতীয়াকৈ হৰি চোৰে পদাৰ্পণ কৰিছে ডিজিটেল পৃথিৱীখনত৷ ছমাহমানৰ আগতে হৰিয়ে ‘তৃতীয় চকু কম্পিউটাৰ কেন্দ্ৰ’ৰ পৰা সৰকাই অনা অসমীয়া ভাষাত লিখা কিতাপবোৰে এইক্ষেত্ৰত তাক ভৰপূৰ সহায় কৰিলে৷ অনবৰতে স্মাৰ্ট ফোনটো তাবিজ ওলোমোৱাদি ডিঙিত ওলমাই ৰখা তাৰ পুতেক-জীয়েকেও ফে’চবুক, ইনষ্টাগ্ৰাম, টুইটাৰৰ কাৰ্যপ্ৰণালী আৰু ব্যৱস্থা-বিধিৰ লগত তাক পৰিচয় কৰাই দিলে৷ ভাৰতৰ ৰাজনৈতিক নেতাগণৰ এটা চেম্পোল লৈ তাক বুজোৱা হ’ল-কিদৰে একেটা টুইটকে কপি কৰি দহটা জেগাত বিলাব পাৰি৷ দ্বিতীয়টো সপ্তাহত সি অসমৰ সৃষ্টিশীল সমাজখনত প্ৰৱেশ কৰিলে আৰু ভাল-ভাল, সাহিত্যিক গোন্ধ থকা লেখা-মেলাবোৰ চিলনীৰ দৰে থপিয়াই নিজৰ অঙহী-বঙহীৰ মাজত বিলাবলৈ ধৰিলে৷ লেখাটোৰ তলত অৱশ্যে সি ‘এইটো মই লিখিছোঁ দেই’ বুলি লিখিবলৈ নাপাহৰে৷

সমান্তৰালভাৱে হৰিৰ ভিতৰত থকা প্ৰাচীন চোৰটো সক্ৰিয় হৈ উঠিল আৰু কাজেই সি দুদিনৰ ভিতৰতে এখন চমৎকাৰী ‘ব্লুপ্ৰিণ্ট’ তৈয়াৰ কৰি পেলালে৷ সি মন কৰিলে যে, এই সৃষ্টিশীল জগতখনত এনে একাংশ মানুহ আছে, যিয়ে অসংখ্য ‘অ-কবিতা’ লিখে, অথচ বিচাৰে কবি হ’বলৈ৷ বিচাৰে মানসম্পন্ন কবিতাৰ কিতাপ এখন প্ৰকাশ কৰোৱাবলৈ৷ সি মন কৰিলে যে, এই সমাজখনত এনে এচাম গল্পকাৰ আছে, যিয়ে আকবৰ-বীৰবলৰ সাধুৰ বাহিৰে জীৱনত একোৱেই পঢ়ি পোৱা নাই৷ অথচ তেওঁলোকৰো মন যায় এখন গল্প-সংকলনৰ গৰাকী হ’বলৈ৷ এনে এচাম ঔপন্যাসিক আছে, যিয়ে উপন্যাসৰ বানানটো লিখোঁতেই দহবাৰ ইফালে-সিফালে চকু মাৰিবলগা হয়, অথচ তেওঁলোকৰো অভিলাষ এখন যুগজয়ী উপন্যাস লিখাৰ৷ হৰিয়ে ভাবে, এইচাম মানুহক কিবা প্ৰকাৰে সহায় কৰিব পৰা হ’লে! কিবা প্ৰকাৰে এই অসহায় সৃষ্টিশীল ব্যক্তিসকলক মনোবাঞ্ছা পূৰণ কৰিব পৰা হ’লে!

হৰিয়ে এটা ‘ব্যক্তিগত গোট’ খুলিলে৷ মানে এটা ক্লোজছ ফে’চবুক গোট৷ গোটটোৰ নাম দিয়া হ’ল ‘সৃষ্টিশীল চোৰ’৷ দেখা গ’ল, এসপ্তাহৰ ভিতৰতে গোটৰ সদস্যই দহ হাজাৰৰ ঘৰত ভৰি দিলে৷ এইয়া দেখোন কল্পনাৰো অগোচৰ! হৰিয়ে সেপ গিলে৷ এমহীয়া ভাৱ-বিনিময়ৰ অন্তত গোটটোৱে প্ৰথম প্ৰকাশ হিচাপে বাচি ল’লে কল্পেশ্বৰী ফুকননীৰ কাব্য-সংকলন ‘অনাদি অনন্ত তুমি মোৰ বসন্ত’৷ এই কবিতা-সংকলনখনত থকা ত্ৰিশটা কবিতা হৰকান্ত বৰুৱাৰ, বিশটা কবিতা কৰুণ ভট্টাচাৰ্যৰ আৰু চল্লিছটা কবিতা হৈছে নবীন ৰোমাণ্টিক কবি অল্প কুমাৰ বৰ্মনৰ৷ এই আটাইবোৰ কবিতা অ’ৰ-ত’ৰ পৰা চুৰ কৰি আনি সংকলনখন প্ৰস্তুত কৰোঁতে হৰিক প্ৰায় এমাহ সময় লাগিল৷ কিমানটা লাইব্ৰেৰী ঘূৰিলে! সিপিনে প্ৰথমখন কাব্য-সংকলনৰ অতি-আনন্দত মুখৰ হাঁহি নুগুচা হোৱা কল্পেশ্বৰী ফুকননীয়ে মিহি মিহি আখৰেৰে লিখি উলিয়ালে পাতনিটো৷ হৰিৰ পঢ়ি উঠি মাথা গৰম৷ এইখন দেখোন সৱ খিচিৰি! যতসৱ বানান ভুল৷ হাঁহ আৰু হাহ, বাঁহ আৰু বাহ, মহ আৰু ম’হ-সব একাকাৰ৷ ‘কঁপনি’ শব্দটো লিখা হৈছে ‘কৃপন’, ‘ঢৌতে খৰ মাৰি’টো লিখা হৈছে ‘ধৌ তিখৰ মাৰি’, ‘আমৃত্যু’  শব্দটো লিখা হৈছে ‘আহ মিতু’৷ তাতকৈও বিষম কথা-‘কাব্য’টো লিখা হৈছে ‘কাবৌ’ বুলি৷ হৰিয়ে বুজিলে এনেকৈ নহ’ব৷ সেয়ে আবেলি সি গৈ পুনৰ এটা পাতনি চুৰ কৰিবলৈ বাধ্য হ’ল৷ পুৰণি কবি কৃষ্ণকুমাৰ আগৰৱালাৰ কবিতাপুথিখনৰ পৰাই সি পাতনিটো সৰকালে৷ দুদিন পাছত কবিতা পুথি বজাৰত ছপা হৈ ওলাল৷ কল্পেশ্বৰীৰ ঘৰত সেইনিশা বিৰাট পাৰ্টি৷ স্থানীয় বিধায়ক বৰদলৈৰ মন্তব্য ‘সাংঘাতিক হৈছেহে৷ একদম বহুত ওপৰৰ মাল দেই আপুনি৷’ সিপিনে সাংবাদিক হুছেইনৰ মন্তব্য ‘খুবেই, খুবেই, খুবেই ৱাণ্ডাৰফুল হৈছে৷ এমেইজিং’৷ অৱশ্যে ‘এমেইজিং’ শব্দটো শুনি কল্পেশ্বৰীৰ বহুপৰলৈকে ভৰি-চৰি জিনজিনাই থাকিল৷ মুৰ্গীৰ ঠেংটোৱেহে সকাহ দিলে৷ অৱলীলাক্ৰমে হৰিৰ ‘সৃষ্টিশীল চোৰ’ৰ সদস্য হ’বলৈ ৰাইজৰ মাজত একপ্ৰকাৰৰ উথপ-থপেই লাগিল৷ দেখা গ’ল, সৌসিদিনালৈকে মানুহৰ বাৰীত কল-কমলা নাইবা কাঁহৰ বাচন চুৰ কৰি থকা হৰি এতিয়া এজন আদৰ্শৱান ব্যক্তিলৈ পৰিগণিত হৈছে৷ সকলোকে লাগে মাথোঁ হৰি-দৰ্শন৷

অন্যহাতে পুলিচ হৰিৰ অৱস্থা তথৈবচ৷ এফালে জনপ্ৰিয়তাৰ সংকট৷ আনফালে হৰি চোৰৰ ত্ৰাস৷ এইকেইদিনৰ ভিতৰতে হৰকান্ত বৰুৱাৰ পৰা আৰম্ভ কৰি গোলাপকৃষ্ণ ডেকালৈকে সকলোৱে আহি চকীত এজাহাৰ দি থৈ গৈছেহি যে- তেওঁলোকৰ সৃষ্টিশীলতা এতিয়া বিপদাপন্ন৷ হৰি চোৰৰ ত্ৰাস আৰু ‘সৃষ্টিশীল চোৰ’ৰ উপদ্ৰৱত ফে’চবুকত এটাও আখৰ লিখিব নোৱাৰা হৈছে৷ লিখিলেই থাপ মাৰি নিয়ে৷ বাস্তৱবাদী কবি ফুলন কুমাৰেতো কান্দি কান্দি লিখিয়েই পেলালে-“কি কাম কৰিলা! আমাৰ ঘৰ ভাঙিলা৷ দিলোঁ তোমাক অভিশাপ৷ চুৰ কৰা যে মহাপাপ ৷”

হাবিলদাৰ হৰিৰ ধৈৰ্যৰ বান্ধ টুটি আহিছে৷ যিকোনো প্ৰকাৰে হৰিক কৰায়ত্ত কৰিবলৈ হৰি বদ্ধপৰিকৰ৷ দিন-ৰাতি টোপনি ক্ষতি কৰি সি ডিজিটেল পৃথিৱীত ক্লু বিচাৰি ফুৰিছে৷ পিচে-নাই৷ হৰিৰ কোনো দেখা-দেখিয়েই নাই৷ সিপিনে অসমৰ খ্যাতিশীৰ্ষ ঔপন্যাসিকা গীতা চৌধুৰীৰ মন-চেন বেয়া৷ তেওঁৰ এখনি উপন্যাস বোলে কোনোবা কে.চি. পাটগিৰি নামৰ মানুহ এটাই হৰিৰ সহায়েৰে চুৰ কৰি বেলেগ নাম-চাম দি, দুই-চাৰিটামান চৰিত্ৰ সলাই পুনৰ প্ৰকাশৰ ব্যৱস্থা কৰিছে৷ গীতা চৌধুৰীৰ উপন্যাসখনৰ নাম আছিল- ‘ছায়াবৃত্ত’৷ এইখনৰ নাম হ’ব বোলে-‘জ্যামিতিৰ বৃত্ত’৷ ক’ত মৰে মৰক এতিয়া! উল্লেখনীয় কথা, হৰি আগৰেপৰাই গীতা চৌধুৰীৰ ফেন৷ সি বাইদেউক প্ৰমিছ কৰিলে-‘বাইদেউ চিন্তা নকৰিব৷ আপোনাক মই বচাম৷’

কালি সন্ধ্যাৰ ঘটনা৷ হৰি পুলিচে ইউ টিউব চাই আছিল৷ চাই থাকোঁতে সি হঠাতে ভস্মাসুৰৰ কাহিনীটো দেখা পালে৷ ভস্মাসুৰ আছিল এটা অঘাইতং অসুৰ৷ শিৱৰ পৰা সি এটা অদ্ভুত বৰ লাভ কৰিলে যে, যাৰ মূৰৰ ওপৰত সি হাত থ’ব, সিয়েই জ্বলি-পুৰি ছাঁই হৈ যাব৷ পিচে অঘাইতং ভস্মাসুৰে বৰটো পায়েই প্ৰথমতে সম্পৰীক্ষা কৰিবলৈ বাচি ল’লে স্বয়ং শিৱকেই৷ শিৱ এতিয়া পলাবলৈ বাধ্য৷ গৈ গৈ শিৱ বিষ্ণুৰ কাষ চাপিল৷ সুচতুৰ বিষ্ণুৱে ধাৰণ কৰিলে মোহিনী অৱতাৰ৷ শিৱক শিল এটাৰ সিপাৰে লুকাবলৈ নিৰ্দেশ দি মোহিনীয়ে ভস্মাসুৰক আগভেটি ধৰিলে আৰু তাক নৃত্যত মচগুল কৰোৱালে৷ নাচি থাকোঁতেই এপাকত মোহিনীয়ে হাতখন নিজৰ মূৰৰ ওপৰলৈ লৈ গ’ল৷ তাকে দেখি ভস্মাসুৰেও হাতখন ওপৰলৈ লৈ গ’ল৷ নিজৰ বৰৰ প্ৰকোপত ততালিকে সি ভস্মীভূত হ’ল৷ কাহিনীটোৱে হৰিক নতুন খোৰাক এটা দিলে৷ সি ফে’চবুকলৈ গৈ একাউণ্ট এটা খুলিলে৷ নাম দিলে-মোহিনী৷ গুগললৈ গৈ মোহিনীৰ ফটো এখন ডাউনলড কৰি প্ৰফাইলত লগালে৷ তাৰপিছত হৰিৰ একাউণ্টটোলৈ বন্ধুপ্ৰস্তাৱ আগবঢ়ালে৷ তাৰ অনুমান সত্য হ’ল৷ মাত্ৰ পাঁচ মিনিটৰ ভিতৰতে হৰি চোৰে মোহিনীৰ প্ৰস্তাৱত সন্মতি জনালে৷ এনেকৈয়ে দুই হৰিৰ মিলন হ’ল৷

সন্ধ্যালৈ হৰি পুলিচে পৰিকল্পনা কৰি থোৱা অনুসৰি জালখন পেলালে৷

-“তোমাৰ হেণ্ডৰাইটিং বৰ সুন্দৰ৷”

মেছেজটো লিখি মোহিনীৰূপী হৰিয়ে চোৰ হৰিলৈ পঠালে৷

সিপিনৰ পৰা হৰি চোৰে শলাগিলে-

“ধন্যবাদ মোহিনী৷ মই লাচিত কিবৰ্ড ব্যৱহাৰ কৰোঁ৷ তুমি?”

মোহিনীয়ে ক’লে- “ময়ো একেই৷” শব্দ দুটাৰ লগতে দুটামান চুম্বনৰত ইম’জী৷

হৰি চোৰ সেইপিনেই আধা-আধি গলি গ’ল৷

“নতুন বোলে উপন্যাস এখন ওলাব৷”

 পৰিকল্পনাৰ দ্বিতীয়টো পৰ্যায়ত মোহিনীয়ে সুধিলে৷ লগে লগে মোহিনীয়ে স্ক্ৰীণশ্বট ল’বলৈ তৎপৰ হ’ল৷

“জ্যামিতিৰ বৃত্ত৷ দুদিনৰ পাছতে৷”

আত্মবিশ্বাসেৰে সৈতে হৰি চোৰে জনালে৷

“এইখন উপন্যাসত বাৰু গীতা বাইদেউৰ ‘ছায়াবৃত্ত’ৰ ছাঁ পৰিছে নেকি?”

কথাষাৰ কৈয়েই মোহিনীয়ে স্ক্ৰীণশ্বট এটা ল’লে৷

কেইছেকেণ্ডমানৰ নিৰৱতা৷

পুলিচৰ গা ৰিমৰিমাই গ’ল৷

প্ৰশ্নটোৱে বাৰু হৰি চোৰৰ মনত সন্দেহ উপজালে নেকি! ছেঃ প্লেন ফ্লপেই দেখিছোঁ৷

“ছাঁ নহয়!”

হঠাতে সিপিনে হৰিক উত্তেজিত অৱস্থাত দেখা গ’ল৷

“মানে?” -মোহিনীয়ে সমমান উত্তেজনাৰেই সোধে৷

“মানে আমাৰ ‘সৃষ্টিশীল চোৰ’ গোটটোত কেৱল চুৰ কৰি অনা সৃষ্টিৰাজিকহে প্ৰাধান্য দিয়া হয়৷ এইখন চুৰ কৰা হৈছে গীতা চৌধুৰীৰ ‘ছায়াবৃত্ত’ৰ পৰা৷ মাথোঁ দুই-চাৰিটা চৰিত্ৰ ইফাল-সিফাল৷ সংলাপবোৰ ইফাল-সিফালে৷ এই ধৰক, ভাত খালাৰ ঠাইত চাহ খালা, ‘কি কৰিছা’ৰ ঠাইত ‘কিয় কৰিছা’ আদি৷”

“মানে আপুনি সেই গোটটোৰ এডমিন৷”

“হয়৷” -হৰি চোৰে বিনম্ৰতাৰে ক’লে৷

‘ইয়েছ’-মোহিনী অৰ্থাৎ হৰি পুলিচে এইফালে মৃদুকৈ চিঞৰ এটা মাৰিলে৷ তাৰ হাতত এতিয়া পাক্কা প্ৰমাণ আছে যে-হৰি এটা মস্ত গভাইত চোৰ৷ এইবাৰ তাৰ নিস্তাৰ নাই৷ কাইলৈ পুৱা হৰি চোৰ থানাৰ লকআপত৷ সাফল্যৰ আতিশয্যত ক’ব নোৱাৰাটো হৈ হৰি পুলিচ ফে’চবুকৰ পৰা ওলাই আহে আৰু ততালিকে স্ক্ৰীণশ্বটটো সিহঁতৰ অ.চি. ছাৰলৈ প্ৰেৰণ কৰিলে৷ কিছু ছেকেণ্ড পাছত তাৰ ফোনটো বাজিল৷

‘ছাৰ কওক ছাৰ৷ কাইলৈ ৰাতিপুৱা তাক ধৰোঁ তেনেহ’লে?’-সি উৎকণ্ঠিত হৈ কৌতূহল প্ৰকাশ কৰে৷

‘তই মূৰ্খ নেকি! ননচেন্স নেকি?’

এইয়া কি! অচি ছাৰ ইমান গৰম কিয়! হৰিয়ে কথাটো তৎ ধৰিব নোৱাৰিলে৷

‘মানে ছাৰ!’

‘মোৰ নামটো কচোন ননচেন্স৷’-অচিয়ে পুনৰ ধমক দি সোধে৷ হৰিৰ জীউ উৰি যোৱাৰ উপক্ৰম হ’ল ধমকটো শুনি৷

‘কৃষ্ণচন্দ্ৰ পাটগিৰি৷’

‘অঁ, কৃষ্ণচন্দ্ৰ পাটগিৰি৷ চমুকৈ কেচি পাটগিৰি৷’

‘তাৰমানে ছাৰ!’

‘তাৰমানে অলৰ্গদ্ধ! ‘জ্যামিতিৰ বৃত্ত’ নামৰ উপন্যাসখনৰ লেখক ময়েই৷ তোৰ ছাৰ কেচি পাটগিৰি৷ কৃষ্ণ চন্দ্ৰটো চমুকৈ কেচি বুলি লিখোঁ গাধ৷ আৰু তই মোৰ উপন্যাসখনকেই বৰবাদ কৰিবলৈ ওলাইছিলি বুৰ্বক! ধুৰন্ধৰ! মোৰ জীৱনৰ এটা সপোন আছিল ঔপন্যাসিক হোৱা বুজিছনে৷ পিচে তহঁতৰ দৰে গৰু-গাধবোৰৰ লগত থাকি মোৰ সৃষ্টিশীল প্ৰতিভা উদং হৈ গ’ল৷ ভাগ্য ভাল যে, হৰি নামৰ সেই কৃপাৰ-সাগৰ-অনিন্দ্য-সুন্দৰ মানুহজনে মোৰ সপোনটো পূৰাবলৈ আগবাঢ়ি আহিছে আৰু তই ঈৰ্ষাত ক’ব নোৱাৰি তাক এৰেষ্ট কৰিবলৈ ওলাইছ! দগাবাজ! মস্তানাগিৰি দেখুৱাবলৈ আহিছ৷ ফোন থ’ এতিয়াই৷ ইহহ! সি বোলে গীতা বাইদেউৰ ফেন! দেখা নাই! এনে একেবাৰে ফেনডাল ওলাইছে! এটা কোবত মুখেৰে ফেন বাজ হৈ যাব৷ চিনা নাই বাপেৰক!’

অচি ছাৰ আৰু স্ব-ঘোষিত ঔপন্যাসিক কৃষ্ণ চন্দ্ৰ পাটগিৰিৰ পৰা তীব্ৰ ভাষাত ককৰ্থনাটো শুনি হৰিয়ে ফোনটো খপজপকৈ ৰাখি থ’লে৷ গোটেই ঘটনাপ্ৰৱাহটোৰ অৰ্থোদ্ধাৰ কৰিবলৈ তাক আৰু তিনিঘণ্টামান লাগিব৷ অতিৰিক্তভাৱে মন পাতলাবলৈ লাগিব এঘণ্টা৷ চকীখন টানি আনি সি সেয়ে ভৰিৰ ওপৰত ভৰিটো থৈ বহি পৰিল৷ গোটেই আবেলিটো সি চকীখনতে বহি থাকিল৷

সন্ধ্যাপৰত হৰি পুলিচ চকীৰ পৰা উঠিল৷ আদা দিয়া চাহ একাপ খালে৷ মূৰটো খজুৱাই ফে’চবুক খুলিলে৷ তাৰপিছত নিজৰেই একাউণ্টটোৰ পৰা হৰি চোৰলৈ মেচেজ এটা দিলে-

“মোৰো কবিতা পুথি এখন উলিয়াব লাগিব৷ ‘মৌগন্ধী পখিলা’খন কেনে হয় বাৰু! জনাবিচোন৷”
☆ ★ ☆ ★ ☆

18 Comments

  • যাযাবৰ

    অন্য এটা ক্লাছ গল্প

    Reply
    • ঈশান

      ধন্যবাদ জনালোঁ।

      Reply
  • Bijoy Mahanta

    ৱাও

    Reply
  • ৰক্তাভ কুমাৰ দাস

    একদম মজ্জা দেই, লিখনিটোৱে লিখকৰ সূক্ষ্ম পৰ্যবেক্ষণ ফুটাই তুলিছে। ধন্যবাদ এনেকুৱা লিখনি এটাৰ সোৱাদ দিয়া বাবে।

    Reply
    • ঈশান

      অনুপ্ৰাণিত হ’লোঁ। আন্তৰিক ধন্যবাদ।

      Reply
  • জিতু

    মজ্জা।

    Reply
  • abhijit goswami

    ওৱাও 👍👍👍

    Reply
  • বন্দিতা জৈন

    বঢ়িয়া লাগিল

    Reply
  • উচ্চজিৎ দশগিৰি

    এইটো কেনেবাকৈ গৈ “সৃষ্টিশীল চোৰ”ৰ গোট নাপালেই ৰইখা আৰু। সামাজিক মাধ্যমৰ পেট আৰু পিঠি উভয়কে উদঙাই দিবলৈ কৰা এই প্ৰচেষ্টাৰ শলাগ ল’লোঁ। ।

    Reply
  • বাগ্মিতা

    বিৰাট ভাল লাগিল!! চুপার্ব !

    Reply
    • ঈশান

      ধন্যবাদ জনালোঁ 🙂

      Reply
  • হেমন্ত কাকতি

    বঢ়িয়া লাগিল ঈশান৷

    Reply

Leave a Reply

Your email address will not be published.