ফটাঢোল

হৰেণ-সুৰেণ-যদু-মধু ইত্যাদি! : অভিজিত কলিতা

দিনটো ঘূৰা ঘূৰি কৰি ভাগৰ লগাত সন্ধিয়া অলপ ‘বহোঁ‌’ বুলি ভাৱোঁতেই হৰেণ আহি ওলালহি। সি অকলে গা লুকুৱাই আহিছে, এনেই কিবা ৰাইজক দেখুৱাই ক’ব পৰা কথা থাকিলে সি এনে সময়ত নাহে। নিশ্চয় কথা গুৰুতৰ। তাৰ গুৰুতৰ কথা কি হ’ব পাৰে অনুমান কৰিবলৈ চেষ্টা কৰিলোঁ- হয় সেইটোৱেই হ’ব। বৰ আপদ হ’লচোন।

হৰেণ আহিয়েই টেবুলত মাইনা বটল এটা আৰু কাগজেৰে মুঠি মাৰি অনা কেঁচাবুট কেইটামান মেলি দিওঁতেই মই নিশ্চিত হ’লোঁ, হয়; সেইটো কথাই ক’বলৈ আহিছে সি। পিচে ময়ো জানো বাম পানীৰ মাছ? এনেই এই জিলাৰ কনপাই ধৰ্মীসকলৰ লীডাৰ হব পাৰিছো নে? সম্ভালিব লাগিব চিটুৱেচন। চাওচোন সি কি কয়!

সি আহিল। বহিল। মই পিচে বিশেষ একো প্ৰতিক্ৰিয়া নেদেখুৱাই গিলাচ আৰু পানীৰ যোগাৰ কৰিলোঁ। সি মোৰ আগত নেখায়, পিচে গোন্ধতে গম পালোঁ, নিজৰ কোটা পুৰা কৰি আহিছে সি। ব্যৱহাৰো জোখতকৈ বেছি ভদ্ৰ। সি এপাকত মোৰ গা মূৰ পিটিকি দিওঁ নেকি বুলিও সুধিলে; মই নেলাগে বুলি ক’লোঁ যদিও সি মাটিতে বহি মোৰ ভৰি দুটা মালিছ কৰাত লাগিল। মিছা ক’লে কি হ’ব, আৰাম লাগিল বৰ। ভৰি পিটিকিলেনো কোনে বেয়া পাই দুনিয়াত?

দুই এটা পাৰ্টি সম্পৰ্কীয় সৰু সুৰা কথা পাতিলোঁ। হৰেণক কিবা দ্বায়িত্ব দিলে আৰু মোৰ চিন্তা কৰাৰ দৰকাৰ নাই, মই আশা কৰাতকৈয়ো ভালকৈয়ে সি কামটো কৰে। হৰেণ কামৰ মানুহ। আমাৰ কণপাই পাৰ্টিৰ সম্পদ। দুটামান কামৰ প্ৰগ্ৰেছ ৰিপৰ্ট দিলে। মোক বুজালে, অহাবাৰ তিনি আলিৰ বিহু কমিটিখনো আমাৰ হাতলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে।

এই জিলাত যিমান বিহু কমিটি, পূজা কমিটি, যুৱক সংঘ, ফুল কণ্টেক্ট কেৰাটে ক্লাৱ, কবি সংস্থা, মাষ্টৰ মুক্তি সংগ্ৰাম সমিতি, এথনিক ছাত্ৰ সংগঠন, স্বাধীনমনা এক্য মঞ্চ আদি আছে, তাৰ প্ৰায় নব্বৈ শতাংশই বৰ্তমান আমাৰ কণপাই পাৰ্টিৰ হাতত। মই জিলাৰ দ্বায়িত্বভাৰ লোৱাৰ পৰাই কণপাই পাৰ্টিৰ জয়যাত্ৰা আৰম্ভ হৈছে, সেয়ে পাৰ্টিত মোৰ গুৰুত্ব বহুত। স্বয়ং কণপাই ভগৱানেও মোক নোসোধাকৈ একো কাম নকৰে, সমস্যাত পৰিলে মোলৈ ফোন কৰে। মোৰ জীৱনো কণপাই পাৰ্টিৰ কামতে উচৰ্গা কৰিছোঁ, মিছা ক’লে কিডাল হ’ব, পাৰ্টি কৰি উপাৰ্জনো বেয়া হোৱা নাই। মানে এতিয়ালৈকে মোৰ সকলো ফালে ভালেই বুলিব পাৰি।

হৰেণৰ প্ৰতিভা মোৰেই চকুত পৰিছিল প্ৰথম, কিন্তু সি তেতিয়া ইটো পাৰ্টিত আছিল। কণপাই ধৰ্মীসকলক গালি দিয়াই তাৰ মূল কাম আছিল। বিৰোধী হ’লেও তাৰ দক্ষতা দেখি আমি আচৰিত হৈছিলোঁ। তিনি চাৰিখন বিহু, পূজা কমিটিৰ চান্দা কালেকচন সি অকলেই কৰি দিছিল, পুলিচকো ফিটিং কৰিছিল। লগতে ফাংচনো বঢ়িয়াকৈ চলাই নিছিল। তাৰ সকলো কাম নিখুঁত আছিল, মঞ্চৰ সমুখত গায়ক বগাবলৈ লগোৱা খুটাটোৰ পৰা টোকাৰী বজোৱা গণশিল্পীক বাছৰ ভাৰাটো দিয়ালৈকে সকলো কাম নিয়াৰিকৈ কৰিছিল। পিচে তাৰ পাৰ্টিটোৱে তাক আশা দি ঠগিলে। তাক জিলাৰ মূল বিহুকমিটিখনৰ প্ৰেচিডেণ্ট বনাম বুলি বহু বছৰ টুঁটুৱাই থাকি শেষত বিদেশৰ পৰা অহা ফুকলীয়া ল’ৰা এটাক প্ৰেচিডেণ্ট বনোৱাৰ পৰিকল্পনা কৰিলে। হৰেণৰ মন মৰি গ’ল।

মোৰ বাবে সেয়া এক সুবৰ্ণ সুযোগ আছিল। মই হৰেণক কণপাই ধৰ্ম গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনালোঁ। আশা দিলোঁ, আমি তাক নঠগোঁ‌। হৰেণেও বেছি চিন্তা নকৰি দুজনমান সাংগোপাংগ লৈ নিয়মমতে, ৰীতি নীতি মানি কণপাই ভগৱানৰ শৰণ ল’লে।

*

বহুদেৰি চালে বেৰে কোবোৱা কথা পতাৰ পাছত হৰেণে এইবাৰ মোক পোনে পোনে সুধিলে,

: কোৱাইদৌ, মোৰ কামটো কি হ’ব?

: তোৰ কাম মানে? কোনটো কাম?

মই নজনাৰ ভাও ধৰিলোঁ।

: এহ কোৱাইদৌ, আপুনি জানিও নজানাটো হয় সদায়। মই বিহু কমিটীৰ প্ৰেচিডেণ্ট কেতিয়াকৈ হম? বিহু, পূজা কমিটি বুলিলে মই লৈ নোপোৱা বাব নাই, হৈ নোপোৱা চেক্ৰেটৰী নাই, বিত্ত, সাংস্কৃতিক, সাহিত্য, মঞ্চ নিৰ্মাণ, লাইট, চাউণ্ড, কোনটো চেক্ৰেটেৰী মই হোৱা নাই, কোনটো কাম ভালকে কৰিব পৰা নাই? সিপাৰ্টিৰ পৰা আহোঁতেও আপুনি কথা দিছিল, মোক এদিন নহয় এদিন প্ৰেছিডেণ্ট বনাবই। কিমান অপে‍‍ক্ষা কৰিম আৰু মই? সঁচাকৈ কৈছোঁ কোৱাইদৌ, এবাৰ প্ৰেচিডেণ্টৰ চকীখনত বহি চাবলে মন আছিল। বহুত মন আছিল মোৰ! আৰু একো ইচ্ছা বাকী নাই জীৱনত। এইকণ ইচ্ছা পুৰণ কৰিলে মোৰ পো-পোৱালীয়ে, ঘৰৰ মানুহজনীয়ে আপোনাক আশীৰ্বাদ দিব। সকলো কৰিলেও প্ৰচিডেণ্ট হোৱাৰ সুখকণৰ পৰা মই আজিও বঞ্চিত। এইটো কাম আপুনিয়েই কৰিব পাৰিব, মই কাকো বিশ্বাস কৰিব নোৱাৰোঁ। আজি মই শপত খাই আহিছোঁ, আপোনাৰ ‘হয়’ শুনিহে যাম। কওক আপুনি, কামটো হ’ব নে নাই? চিধা কথা! নহ’লে মই কিন্তু আন কিবা উপায় কৰিম। কেন্দ্ৰীয় বিহু কমিটিৰ প্ৰেছিডেণ্ট হ’ব নোৱাৰিলে মোৰ জীৱনেই মিছা। কৈ দিলোঁ কোৱাইদৌ, চাফ কথা মোৰ।

কথাখিনি কওঁতে সি বাৰে বাৰে চকু টিপিয়াই থাকিল, তাৰ অৰ্থ বুজিলোঁ মই; সি আজি চিৰিয়াছ! বহুত বেছি চিৰিয়াছ।

: অহ’হ’হ’ হ’ ধেইত তেৰি, সেইটো কথা? তয়ো ভাল অঁকৰা দেই। পোনে পোনে কোৱা নাই কিয়? আৰে ভাই, সেইটোতো হ’বই, তই এবাৰ নহয়, আজীৱন সভাপতি হৈ থাকিবি কেন্দ্ৰীয় বিহু কমিটিৰ। মোৰো সেইটোৱেই ইচ্ছা। তইনো ইমান অধৈৰ্য হৈছ কিয়? মই কণপাই ভগৱানকো সুধিছোঁ, তেঁৱো মোক কৈছে – বোলে হৰেণতকৈ ভাল প্ৰেচিডেণ্ট কোনো হ’ব নোৱাৰে। মোক দ্বায়িত্ব দিছে- তোক আজীৱন প্ৰেছিডেণ্ট হোৱাৰ ব্যৱস্থা কৰিবলৈ। সুৰেণতো এটা বলি কা বকৰা। হিঃ হিঃ!! তাক কিয় প্ৰেছিডেণ্ট বনাই ৰাখিছোঁ তই জানইচোন।

মোৰ কথা শুনি হৰেণ মনে মনে থাকিল, কিন্তু মোক হয়তো সি সম্পূৰ্ণ বিশ্বাসত লোৱা নাই। কিন্তু মুখ খুলি ক’ব পৰা নাই।

মোৰো মন উৰি গ’ল সেই দিনবোৰলৈ, যেতিয়া পোন প্ৰথমে হৰেণে কনপাই ধৰ্মত শৰণ লৈছিল। ময়েই সেইদিনা দ্বায়িত্বত আছিলোঁ, কণপাইৰ ভগৱানৰ হৈ। হৰেণ আছিল কামৰ মানুহ, চিধা কথা কোৱা মানুহ, চিন্তাবোৰ পকোৱা হ’লে কি হ’ব! সি পোনে পোনে মোক কৈছিল, নেগচিয়েচন চলি থকাৰ সময়তেই বোলে,

: মোক প্ৰেছিডেণ্ট নেপাতো বোলাতহে মই সিজনক এৰি এইজন ভগৱানত শৰণ লৈছোঁ। মোক কথা দিব লাগিব, মোক কেন্দ্ৰীয় বিহু কমিটিৰ প্ৰেছিডেণ্ট পাতিব আপোনালোকে। চিধা কথা কওক, নহ’লে মোৰ আৰু বেলেগ উপায় আছে। প্ৰেচিডেণ্ট নোহোৱালৈকে নেৰিছোঁ মই।

বৰ বিপদত পৰিছিলোঁ সেইসময়ছোৱাত- ইফালে মোৰ ভগৱানে কৈছে, হৰেণক যেনে তেনে শৰণ লোৱা, কিন্তু আচল ফিল্ডত কি হৈ আছে মইহে জানো। হৰেণ সুদ‍ক্ষ হ’লেও বৰ বদনামী মানুহ। তিনিটা পুলিচ কে’ছ লাগি আছে, চান্দা তোলোতে সদায় মাৰপিট, গুণ্ডাগিৰি কৰেই। ৰাইজে হৰেণক সমীহ কৰে হয়, কিন্তু পেটে পেটে ভাল নেপায়। তাৰোপৰি আমাৰ আগৰে পৰা থকা কণপাইধৰ্মীসকলেও আপত্তি কৰে, বোলে আমি কণপাই প্ৰভূৰ নামত আজি বছৰ বছৰ ধৰি নৈবদ্য আগবঢ়াই, সেৱা জনাই আহিছোঁ, এতিয়া হঠাৎ আপুনি কালিলৈকে কণপাই ভগৱানক গুৱাল গালি দি থকা মানুহটোক প্ৰেছিডেণ্ট বনাব খুজিছে। আমি কিয় মানি ল’ম- ঝেং হৈ যাব।

তেওঁলোকৰ যুক্তিও সত্য। কিন্তু মোক হৰেণকো লাগে, স্বয়ং প্ৰভূৰ আদেশ। বহু ভাৱি গুণি মই এটা উপায় উলিয়ালোঁগৈ।

হৰেণে শৰণ লোৱাৰ দুদিন মান আগতে সুৰেণে আমাৰ ধৰ্মত শৰণ লৈছিল। সুৰেণো আগতে বেলেগ ধৰ্মৰে মানুহ আছিল, কণপাইক মিহি মিহিকে গালিও দিছিল। কিন্তু সুৰেণৰ ইমেজ ভাল আছিল, দেখাতো শান্ত, নিমাখিত, ধাৰ্মিক, সাত্বিক, কবি টাইপ চেহেৰা। কথাও মাখনতকৈয়ো মিহি, আৰু মোৰ একান্ত বাধ্য ছাত্ৰ। সেই সময়ত সুৰেণক প্ৰেছিডেণ্ট বনালে মোৰ সুবিধা আটাইতকৈ বেছি।

মই হৰেণক খোলাখুলিকৈয়ে বুজালোঁ, – চা হৰেণ, মই তোক প্ৰেছিডেণ্ট বনামেই বুলি কথা দিছিলোঁ, আৰু মোৰ কথাৰ লৰচৰ নহয়। এনেই তই প্ৰেছিডেণ্ট হোৱাৰ লায়েকৰ মানুহ, কিন্তু সমস্যা হ’ল- কণপাই প্ৰভূৱে এই জিলাত ভৰি দিছেহে। এতিয়াই যদি তোক প্ৰেছিডেণ্ট পাতি দিওঁ, দহো ৰাইজে কোৱা কুই কৰিব, আমাৰ নিজৰ মানুহখিনিয়েও বেয়া পাব। বোলে পুলিচ কে’ছ লাগি থকা মানুহক প্ৰেছিডেণ্ট পাতিলে, কণপাই কি বস্তু গম পাই গ’লো! সেইটো কথা হ’লে আমাৰ তেনেই সান্দহ খোৱা বালি তল নেযাব জানোঁ। গতিকে এইবাৰ সুৰেণেই প্ৰেছিডেণ্ট হওক দে, নামত প্ৰেছিডেণ্ট কেৱল। তোক চেক্ৰেটেৰী পাতিম, আৰু সকলো কাম তয়েই কৰিবি। সি কেৱল বিহু ফাংচনৰ দিনা- “বৰাক ব্ৰহ্মপুত্ৰৰ পাৰৰ সকলো অসমবাসীৰ একমাত্ৰ স্বকীয় চিনাকী বিহু” নামৰ লেকচাৰ এটা দিব। পইচা পাতিৰ সকলো তোৰ হাতত, কাকো হিচাপ দিব নেলাগে। এইবাৰলে তই মানি ল। অহাবাৰ তোকেই প্ৰেছিডেণ্ট পাতিম, চাই থাক।

হৰেণ বুদ্ধিমান ল’ৰা- মানি ল’লে মোৰ কথা। সি যে অলপ বদনামী সি নিজেও জানে। গতিকে সুৰেণেই প্ৰেছিডেণ্ট হ’ল- আৰু হৰেণো মহা উৎসাহেৰে নিজৰ কামত লাগিল। মই ক’বলৈ পালে গৌৰৱ বোধ কৰোঁ যে, সেইবাৰ হৰেণে ছটা মাৰোৱাৰী পাৰ্টিৰ পৰা একেদিনাই যিমান চান্দা সংগ্ৰহ কৰি দিলে- সেইখিনি আগৰবাৰৰ বিহু কমিটিৰ মুঠ কালেকচনৰ তিনিগুণ। ইমানেই হৰেণৰ দক্ষতা। সেই চান্দাৰেই আমাৰ বছৰটো ভালকৈ চলিল, মানুহজনীয়ে বহুদিন ধৰি কৈ থকা স্কৰপিঅ’ গাড়ী এখনো কিনিব পাৰিলোঁ মই। ড্ৰইভাৰো ৰাখিলোঁ।

পিছৰবাৰ আকৌ বিহু আহিল। পিছে হৰেণৰ কে’ছবোৰ চিগাই নাছিল। আকৌ পতালো তাক। সেইবাৰো সুৰেণেই প্ৰেছিডেণ্ট হ’ল- হৰেণে আমাক চাৰ্ভিছ একেই দিলে।

কিন্তু এইবাৰ হৰেণ সুকীয়া, সি চিৰিয়াছ, হয়তো মোৰ টেকনিক সি বুজি উঠিছে। গতিকে আজি সি কিবা হেস্ত নেস্ত কৰিম বুলি আহিছে, মই বিপদ সংকেত পাই গৈছোঁ ইতিমধ্যে।

*

: চা হৰেণ। মই তোৰ কথা বুজিছোঁ, তোক দিয়া কথাও মোৰ মনত আছে। কিন্তু তই মোৰ কথাওতো বুজিব লাগিব নহয়। ঘপকৈ সুৰেণক কেনেকৈ গুচাই দিও? ৰাইজে তাক ভালেই পাইছে যেন লাগে দেখোন। তাক গুচাই দিলে আকৌ হুলস্থুল হয় নেকি? তোৰ গাতো তো ভুল আছে, সেইদিনা আকৌ এটা পুলিচ কে’ছ লগালি, কি কৰোঁ মই তয়েই ক’চোন?

: অ কোৱাইদৌ, বাদ দিয়কহে। যোৱা দুটা বছৰত সুৰেণে আপোনাকে কেইটা টকা চান্দা আনি দিছে? মঞ্চত বহি মিলমিলাই হাঁহি থকাৰ বাদে কৰিছে কিটো? আৰু মই? কণপাই ভগৱানত মোৰ সৰ্বস্ব সমৰ্পিত, সেইদিনা সেইটোৰ যে নাক ভাঙি দিলোঁ, কিয় জানে? সি কণপাই গুৰুক অপমান কৰিছিল। কণপাই মোৰ প্ৰাণ, মোৰ ৰক্ত, মোৰ আত্মা, মোৰ সৰ্বস্ব, – মই জান দি দিম কণপাইৰ বাবে। কিন্তু সুৰেণে কৰিছে কি? আপোনালোকে নেদেখে সেইবোৰ?

মই গভীৰ নিশ্বাস পেলাই হৰেণৰ মুখলৈ চালোঁ, তাৰ খঙত নাকৰ পাহি ফুলি উঠিছে, কঁপি আছে মানুহটো। মোৰ কিন্তু এটা অদ্ভূত প্ৰশান্তিৰ অনুভৱ হ’ল। নিজলৈকে শ্ৰদ্ধা জন্মিল মোৰ, এইটো ল’ৰা- কালিলৈকে কণপাইক শেষ কৰি দিম বুলি লম্ফ জম্ফ কৰি ফুৰা ল’ৰা- আজি কণপাইৰ বাবে জীৱন দিবলৈ সাজু। মোতকৈ ভাল ব্ৰেইন ৱাছ কৰিব পৰা মানুহ আছে জানো দুনীয়াত? কি ল’ৰা কি বনাই দিলোঁ! আই এম ৰিয়েলী গ্ৰে’ট।

: কি ভাৱি আছে কোৱাইদৌ? কিবা কওক, কথা দিয়ক, নহ’লে মই আজি নেৰিছোঁ আপোনাক।

হৰেণৰ মাতত জোখতকৈ অলপ বেছি আত্ম বিশ্বাস দেখিছোঁচোন! হ’ল কি? অ’! মোলৈ বুলি অনা বটলটো শেষ কৰি থৈছে, অলপ আগতে মই এবাৰ বাহিৰলৈ গৈছিলোঁ, সি তেতিয়াই মাৰি দিলে হ’বলা। সাহস বাঢ়িছেচোন ইয়াৰ!

: ৰহ ঔ, পেকপেকাই নেথাকিবি। মই এনেকে হুৰামুৰাকে একো কৰিব নোৱাৰোঁ নহয়, ভাৱি আছোঁ, সুৰেণক কেনেকৈ খেদা যায়! সি কামৰ মানুহ নহয় বুলি ৰাইজে গম পাইছে বাৰু, সেইটো কথাতে মই ঘপহকৈ ইমান ডাঙৰ ‘একচন’ ল’ব নোৱাৰোঁ নহয়।

: ক’ব আকৌ কোৱাইদেও। অকৰ্মণ্যতো সি হয়েই, তাৰ উপৰিও, মোৰ ওচৰত সুৰেণৰ এগেইনষ্টে এটা বঢ়িয়া বস্তু আছে, সেইটো ব্যৱহাৰ মই তাক একেদিনাই শেষ কৰি দিব পাৰোঁ। আপুনি কেৱল আজ্ঞা দিয়ক।

: হেঃ! কোনটো কথা?

: কোৱাইদৌ, আপুনিও নজনা নহয়, এনেই কেলৈ এক্টিং কৰিছে। পিচে আপুনি জানেহে, মোৰ ওচৰত ভিডিঅ’ আছে, ফটো আছে। কওক আপুনি এতিয়াই ভাইৰেল কৰি দিওঁ মই!

: মই বুজা নাই (আচলতে বুজিছোঁ, কিন্তু হৰেণৰ ওচৰত কি কি আছে মই জানিব লাগিব নহয়)

: কি আৰু! সুৰেণৰ চৰিত্ৰ কেনে আপুনি জানেই, তাৰ সকলো লিলিমাইৰ খবৰ মোৰ ওচৰত আছে, সেইবাৰ বৰ বিহুৱতী পোৱাজনীয়ে আচলতে জিকিব লাগিছিল জানো? কিডাল নাচিছে তাই, ৰাইজে দেখিছেই। কঁকালেই নেভাগে। কিন্তু তাই কাৰ বাবে পালে? কওক, মোক কওক আপুনি? সেইজনীৰ সৈতে সুৰেণ বজৰংগী ভাইজান চাবলৈ যোৱা, নন্দ হোটেলত পৰঠা খোৱা, তাইৰ ঘৰত ৰাতি সোমবৰীয়া বজাৰৰ পৰা ৰাজহাঁহ কিনি নি ভোজ খোৱা, তাইৰ পেহীয়েকৰ ছোৱালীৰ তোলনী বিয়াত সোণৰ চেইন গিফ্ট দিয়া, এইবোৰ সৱ হিচাপ মোৰ আছে, ফটো আছে, মোবাইলত তোলা ভিডিঅ আছে। কি বুলি ভাৱিছে মোক? আৰু কেৱল সেইজনীয়েই নে? ঢাপকটা হাইস্কুলৰ নতুনকৈ অহা টেট মাষ্টৰণীজনীক সদায় বাইকত তুলি ঘৰত নমাই থৈ অহা, নতুন চুবুৰীৰ ধুনীয়া নেপালী দোকানীজনীৰ তাত সদায় গধূলি চাহৰ আড্ডা, ৰাসত গোপী লোৱা লাবণ্য বোলাজনীৰ ড্ৰেছৰ ভাৰা দিয়া, যোৱাবাৰ নেহেৰু থিয়েটাৰৰ এক্ট্ৰেছজনীক মৰাবিলত বৰশী বাবলৈ নিয়া, কোনটো কে’ছ মই নেজানো? কোনটো কে’ছৰ প্ৰমাণ মোৰ ওচৰত নাই? কোৱাইদৌ, আপুনি কেৱল আজ্ঞা দিয়ক, মই সকলো ফাঁচ কৰি দিম। আৰু সেই সুবিধাতে আপুনি সুৰেণক খেদিব, আৰু মোক প্ৰেছিডেণ্টৰ চকীখন দিব। কোনো সমস্যা নাই। আপুনি কেৱল হয় বোলক।

মোৰ হিচাপ খেলি মেলি হৈ গ’ল। আৰে ই দেখোন মই ভৱাতকৈ বেছি বিপদজনক ওলাল। প্ৰেছিডেণ্ট হোৱাৰ আকাংখ্যাই ইয়াক ইমান দকৈ শিপাইছে বুলি মই ভাৱিবই পৰা নাছিলোঁ। বিপদৰ কথা, কণপাই ভগৱানৰে বদনাম কৰি দিব পাৰে চোন ই, হৰেণ সুৰেণ দুইটাইতো কণপাইৰ শিচ। কি হ’ব এতিয়া?

মোৰ এটা কথা আছে, বিপদৰ সময়ত মই বৰ ভাল অভিনয় কৰিব পাৰোঁ, আচলতে সেইটোৱেই মোৰ চৰিত্ৰৰ আটাইতকৈ শক্তিশালী দিশ। বিপদত সকলো শক্তি ব্যৱহাৰ কৰিব লাগে।

: কি কৈছ’ অ’ তই হৰেণ? মইতো একো গম নেপাওঁ এইবোৰ। আগতে নকলি কিয়? ধেত তেৰিকা, চা চোন, মই সুৰেণক খতম কৰিবলৈ কিমান দিনৰ পৰা উপায় বিছাৰি আছোঁ, আৰু তোৰ হাততে দেখোন ইমানবোৰ বস্তু জমা হৈ আছে। ভুল তোৰেই, তইতো মোক আগতেই ক’ব পাৰ! মানে তই মোক নিজৰ বুলি নেভাৱ! হয়নে নাই? ইসস, এইখিনি কথা গম পালে, মই যোৱাবাৰেই তোক প্ৰেছিডেণ্ট পাতিব পাৰিলোঁহেঁতেন; ইস ইস, বৰ ডাঙৰ মিছ হৈ গ’ল। ইস ইস! তই বেছেৰায়ো এনেই বহুত কষ্ট পালি। বাৰু, এতিয়া মোৰ কথা মনোযোগেৰে শুন।

মোৰ মূৰত সেই সময়ত প্ৰচণ্ড ধুমুহা, বহু কথা, বহু দিশ একেলগে চিন্তা কৰিব লগা হৈছে। মই হৰেণক অলপ ঠাণ্ডা হ’বলৈ দি আৰম্ভ কৰিলোঁ।

: মই আজি বহুদিনৰ পৰা ভাৱি থকা সমস্যাটোৰ তই আজি সমাধান উলিয়ালি। কি ক’ম, তই মোৰ ভাই, মোৰ গৌৰৱ তই। তোৰ দৰে ভাই থাকিলে মই স্বয়ং কণপাই ভগৱানক চেলেঞ্জ কৰিব পাৰিম। সঁচাকে কৈছোঁ, তোৰ দৰে ভাই পাই মই গৌৰৱান্বিত। আহ, মাটিত নহয়, মোৰ সমানে সমানে বহ আজি। চকীত বহ। এতিয়া মোৰ কথা শুন, আমাৰ হাতলৈ এপাট ব্ৰহ্মাস্ত্ৰ আহি গ’ল সুৰেণক খেদিবলৈ। কিন্তু… এটা কিন্তু আছে। শত্ৰুক কেতিয়াও দুৰ্বল বুলি ভাৱিব নেপায়। ফটো, ভিডিঅ’ ফটোছপ কৰা, এডিট কৰা বুলি কৈ সুৰেণ বাছি যাব পাৰে। গতিকে মোক অলপ সময় দে, মই ইপাত ব্ৰহ্মাস্ত্ৰ সাজু কৰোঁ। বিহুলৈকে কিছু সময় আছে। যোৱাবাৰ যে বিহুত মেইন আৰ্টিষ্টে গান নেগাই গুচি গ’ল, পুৱা সাত বজাত অহা লোকশিল্পী কেইজন দিনৰ- দিনটো পানী এটোপাও নোখোৱাকে ভোকত থাকিল, ফাংচন চাবলৈ অহা ছোৱালীক মদাহী কেইটামানে টনা আজোৰা কৰিলে, এইবোৰ সকলো মিলাই এটা ইছু বনাই দিওঁ। দুইপাট ব্ৰহ্মাস্ত্ৰ একেলগে মাৰিলে, সি আৰু জীৱনত উঠিব নোৱাৰিব। তাক অপদাৰ্থ আৰু চৰিত্ৰহীন বুলি প্ৰমাণ কৰিব পাৰিলে মোৰ বাবে তাক খেদা সহজ হ’ব। তয়ো নিস্কণ্টক হবি। বুজিছ তো? তই বুজন ল’ৰা, বুজিবি।

হৰেণ শান্ত হ’ল, মোৰ পৰিকল্পনাটো সি ভাল হ’ব বুলি ভাৱিলে; যিয়েই নহওক, মই ব্ৰেইন ৱাছ কৰা ল’ৰাহে। মোক সি কণপাই ভগৱানৰ অৱতাৰ বুলিয়েই ভাৱে মোতামোটি।

: ঠিক আছে কোৱাইদৌ, এইবাৰ মই প্ৰেছিডেণ্ট হ’ব পাৰিম যেন লাগিছে এতিয়া। খঙেৰে কথা কোৱা বাবে বেয়া নেপাব। বহুত আশা অ’ মনত, বহুত আশা! আপুনি বুজে, নুবুজিলে কোনে বুজিব? তেনে আপুনি আপোনাৰ অস্ত্ৰ সাজু কৰক, মইতো ৰেডীয়েই আছোঁ, বগৰাম এইবাৰ সুৰেণক, শেষ কৰি দিম। আপোনাৰে মোৰে, দুইপাত একেলগে মাৰিম।

হৰেণ গ’লগৈ। এতিয়া মোৰ দ্বিতীয় পৰ্য়ায়ৰ পৰিকল্পনাৰ সময়। হৰেণ সুদক্ষ যদিও, বিশ্বাসযোগ্য নহয়, সি সুবিধা পালে মোকে খুঁটিব। কিন্তু সুৰেণ অকৰ্মণ্য হ’লেও, তাক বিশ্বাস কৰিব পাৰি, মোক চেৰাই যোৱাৰ ঔকাতেই নাই তাৰ। কিন্তু হৰেণৰ আছে! মই সম্ভালিব লাগিব।

মই ৰাতি দেৰিকৈ সুৰেণলৈ ফোন লগালোঁ-

: সুৰেণ, শুনা! বেছি সুধিব বা জানিব নেলাগে! যোৱাবাৰ হৰেণে যে মেইন আৰ্টিষ্টক দিম বুলি পইচা নি যে বন্ধন বেংকত ঘৈণীয়েকৰ স্কুটীৰ লোণ মাৰিছিল, সেই ঘটানাটোৰ সকলো কাগজ পত্ৰ গোটাই থ’বা, কালিৰ ভিতৰত, দৰকাৰ হ’ব। হৰেণৰ পাখি গজিছে। নাকী লগোৱাৰ সময় সমাগত। বাকী পিছত কম। গুড নাইট।

☆ ★ ☆ ★ ☆

8 Comments

  • Rintumoni Dutta

    কণপাই ধৰ্মত কেনেকৈ দীক্ষা ল’ব পাৰি দাদা। মোৰো সভাপতি হোৱাৰ বৰ মন এটা আছে

    তামাম ভাল লাগিল

    Reply
  • কাবেৰী মহন্ত

    আপোনাৰ তীৰ সদায়েই তীক্ষ্ণ! বিৰাট ভাল লাগিল দাদা৷

    Reply
  • Chandan Gogoi

    মোৰো মন গৈছে হে কণপাই ধৰ্ম ল’বলৈ

    Reply
  • কণপাই শৰণাপন্ন হম মইও।

    Reply
  • কমলা দাস

    বহুত ভাল লাগিল।

    Reply
  • অভিজিত কলিতা

    সকলোকে ধন্যবাদ

    Reply
  • SANKAR JYOTI BORA

    দাদা,হৰেনক সচাকৈয়ে নাকী লগোৱাৰ সময় আহি পৰিছে৷
    সদায়ৰ দৰেই অনন্য আপোনাৰ লিখা৷

    Reply
  • হেমন্ত কাকতি

    হৰেনক কেনেকৈ নাকী লগাব? হৰেন নহলে ব্ৰহ্মপূত্ৰ আৰু বৰাকত বিহুৱে নহব৷ সুৰেনৰ কেলেংকাৰী যদি হৰেনেই ফাচ কৰি দিয়ে?

    তামাম৷

    Reply

Leave a Reply

Your email address will not be published.