ফটাঢোল

১২ ঘণ্টীয়া সন্ত্ৰাস – অৰবিন্দ গোস্বামী

মানুহৰো কামনাবোৰ যে আৰু! কেনেকুৱা কেনেকুৱা যে কামনা কিছুমান মানুহে মনত পুহি ৰাখে! এজনৰ বাবে এসাজ ভাত ভালদৰে খোৱাৰ কামনা৷ এজনৰ আকৌ খাবলৈ সকলো উপকৰণ যোগাৰ কৰিব পৰা ক্ষমতা থাকিও, কমকৈ খাই টকাখিনি সাঁচি পাচবুকখনকে চাই সন্তোষ লভাৰ কামনা৷ এজনৰ যদি ‘ৰত্নাকৰ’ চোৱাৰ কামনা, আন এজনৰ আকৌ ৰত্নাকৰ হোৱাৰ কামনা৷ এজনৰ আকৌ নীতি-নিয়মৰ মাজত থাকি সুখী হোৱাৰ কামনা, এজনৰ আকৌ কোনো নীতি-নিয়ম নমনাকৈ সুখী হোৱাৰ কামনা৷ কি যে আজৱ এই মানুহ জাতিটো! কাৰ ইচ্ছা কি একো ধৰিবই নোৱাৰি৷

মিঠা বৰণীয়া তপেশ্বৰ পূৰ্ণ চুতীয়াৰো মনৰ ভিতৰত আপদীয়া কামনা কিছুমানে উকমুকাই থাকে৷ মানুহে তেওঁক তপা বোলাত তেওঁ অলপো দুখী নহয়৷ আচলতে তালুত চুলি থকা নথকাক লৈ তেওঁ চিন্তিত নহয়৷ নিজৰ মিঠা মুখখনৰ ওপৰত তেওঁৰ প্ৰবল বিশ্বাস৷ তেওঁ জানে ইচ্ছা কৰিলে এজনী টিলিকতে গোটাব পাৰিব৷ ধনৰ মোনাটো শকত হ’লে ফুলকুমলীয়া ছোৱালীও পাব৷ সেইবোৰ ইমান চিন্তাৰ বিষয় নহয়৷ চিন্তাৰ বিষয় হ’ল তেওঁৰ মনৰ ভিতৰতে পাকঘূৰণি খাই থকা বলীয়া কামনাবোৰ৷ সেইবোৰ পূৰণ কৰিবলৈ গ’লে যে তেওঁৰ লাইফৰ লাইখুটা হিলি যাব, সিয়ো খাটাং৷ সেয়ে তেওঁ অন্য এক সিদ্ধান্ত লৈ হাফপেণ্ট আৰু কাটা গেঞ্জী পিন্ধি চাইকেল চলাই ঘৰৰ ওচৰৰ পাহাৰ এটা পালেগৈ৷ তাতে কৰা দুৰ্ঘোৰ তপস্যাৰ অন্তত এদিন শিৱবাবা প্ৰসন্ন হৈ তেওঁক দেখা দিলে৷ বাবাই ক’লে,

: ভক্ত পূৰ্ণ, চকু মেলা আৰু মোৰফালে চোৱা৷ তোমাৰ তপস্যাৰ সংবাদ পাই মই ইমিদিয়েট আহি গৈছোঁ৷ এতিয়া কোৱা কি বৰ ল’বা৷ বাইক, গাড়ী, আইফ’ন….কি লাগিব কোৱা বৎস৷

আৱাজ শুনি পূৰ্ণ চুতীয়াই চকু মেলি দেখে যে বাবা সঁচাকৈয়ে হাজিৰ৷

: অ’ মোৰ প্ৰভু ঈশ্বৰ, আপুনিনো অতদিনে ক’ত আছিল?

বুলি পূৰ্ণ চুতীয়াই বাবাক ভৰিতে খামোচ মাৰি ধৰিলেগৈ৷

: ধেই! এইডাল জোকৰ নিচিনাকৈ কি লাগি থাক?

বুলি ভৰিটো এচাৰ মাৰি যেনেতেনে পূৰ্ণ চুতীয়াৰ কবলৰপৰা মুক্ত হয়৷

নিজকে সংযত কৰি বাবাই ক’লে,

: তহঁতৰ এইবোৰ স্বভাৱৰ বাবেই আহিবলৈ মন নাযায় বুজিছ! বাৰু কচোন কি কাৰণে খেতি-খোলা এৰি তপস্যাত লাগিলিহি?

পূৰ্ণ চুতীয়াই ক’লে,

: প্ৰভু, মই মাথোঁ ১২ ঘণ্টাৰ বাবে এনেদৰে জীয়াই থাকিব বিচাৰোঁ যাতে মোৰ শৰীৰ দৃশ্যমান হ’লেও মোক কোনেও স্পৰ্শ কৰিব নোৱাৰে, মোক ধৰিব নোৱাৰে৷ তদুপৰি এই ১২ ঘণ্টাত মই যিবোৰ কাম কৰিম, সেয়া পৃথিৱীৰ কোনো মানুহৰে যাতে ১২ ঘণ্টাৰ পিছত মনত নাথাকে৷ ইয়াৰ লগতে সেই ১২ ঘণ্টাৰ বাবে মোক অফুৰন্ত শক্তিও দিবা প্ৰভু৷

শিৱই ক’লে,

: তোৰ নিচিনা অসুৰবোৰৰ পৰা ৰক্ষা নাই৷ কি বৰ বিচাৰি কি সুবিধা আদায় কৰিব বিচাৰ, মই একো বুজিয়েই নাপাওঁঁ৷ তোৰ নিচিনা একে মিঠাবৰণীয়া চূণৰ নিচিনা বগা দাঁত থকা তপা এটাই এবাৰ মোক যি দৌৰালে, মা কচম মই ফুলনি মানে যে বাগিছা সেইদিনাখনহে গম পালোঁ৷ সেইটোৱে মোৰপৰা বৰ বিচাৰিলে বোলে প্ৰভু, মই যাৰ মূৰতেই হাত দিওঁ সিয়েই ভষ্ম হৈ যাব লাগে৷ মই ‘তথাস্তু’ বুলি ক’বলৈহে পালোঁঁ, সি বোলে প্ৰভু আপোনাকে বহনি কৰোঁ৷ মই প্ৰথমে বুজিয়েই পোৱা নাছিলোঁ৷ পিছতহে বুজি পালোঁ যে তাক মোৰ মূৰত হাত থ’বলৈ লাগে৷ মানে মই ভষ্ম হওঁনে নহওঁ চায় হেনো৷ মা কচম এনেক্কুৱা দৌৰিলোঁ ঐ! এমাহমান দৌৰিয়েই থাকিলোঁ৷ পিছত যেনিবা বিষ্ণুৱে গম পাই মোহিনী ৰূপ ধৰি মোক উদ্ধাৰ কৰিলে৷

পূৰ্ণ চুতীয়াই প্ৰভুক ক’লে,

: নাই নাই প্ৰভু, মই তেনেকুৱা নকৰোঁ৷ মই এনেই ১২ ঘণ্টা এনজয় কৰিম৷ সেয়ে মই লাইফটাইম বৰ বিচৰাও নাইতো৷ মোৰ কামকেইটামান কৰাৰ মনত হাবিয়াস পুহি ৰাখিছিলোঁ, তাকেহে পূৰ্ণ কৰিম৷

: নাজানো আৰু দেই তই কি কৰ! তথাপি যা বাৰু তোৰ মনোবাঞ্চা সিদ্ধি হওক৷ কাইলৈ পুৱা ছয় বজাৰপৰা সন্ধিয়া ছয় বজালৈ তোক তোৰ মতে জীয়াই থাকিবলৈ টাইম আৰু অফুৰন্ত শক্তি দিলো৷ তই যি কাম কৰিবি সেইবোৰ বাৰ ঘণ্টাৰ পিছত তই কৰিছিলি বুলি কোনো মানুহৰে মনত নাথাকে৷

এইবুলি বৰ দি শিৱ গ’লগৈ৷

ৰাতিয়েই পূৰ্ণ চুতীয়া ঘৰ পালেহি৷ পিছদিনাৰপৰা বৰে কাম কৰিব৷ কথাটো ভাবিয়েই গাটো কিবা ৰাই-জাই কৰি গ’ল৷ বহুদিন গা ধোৱাই নাই৷ তাতে পূৰ্ণ চুতীয়াৰ গাত উঁইহাফলু গঢ় লৈ উঠিছিল৷ শিৱৰ কমণ্ডলুৰ পানীয়ে যি অলপ আঁতৰালে৷ বাকীসোপা গোটেই ৰাস্তাটো জোকাৰিও আঁতৰাব পৰা নাই৷ গাটোও খজুৱাইছে৷ সেয়ে ভোলৰ বাকলি আৰু হাৰ্পিকেৰে গাটো ধুই ভাত খাই সেইদিনা শুই গ’ল৷

পিছদিনা পুৱা ছয়বজাত উঠিল৷ উঠিয়েই আনদিনাৰ দৰেই চাইকেল লৈ ওলাই গ’ল৷ ওলাই গৈয়েই তবিবৰ ৰহমানৰ দোকান পালেগৈ৷

পূৰ্ণ : ঐ তবিব, এমুঠা বান্দৰ বিড়ি দে৷

তবিব : কেনেকুৱাখন কৰি থাকে পাই! ই ইম্মান দুষ্ট! তোমাৰ কথাবোৰ দেখি শুনি মোৰেই লাজ লাগি যায়৷ তোমাক দেখোন কৈছিলোৱেই, আগৰ বাকী নমৰালৈকে তোমাক ধাৰ নিদোঁ বুলি৷

পূৰ্ণ : লেডিজ টাইপ একচন দি নাথাকিবি দেই! বজাই দিম৷ আবে, তই এটা কথা মাত্ৰ ক- দিবি নে নিদিয়?

তবিব : বেছি কৰি নাথাকিবা কিন্তু! বেছি কৰিলে মই মাধূৰ্য্য দাদাক কৈ দিম৷ মনত আছে নহয়, সিদিনা তোমাক বগৰাই বগৰাই ধুলাই দিছিল৷

পূৰ্ণ চুতীয়াৰ খঙে মূৰৰ চুলিৰ আগ পালেগৈ৷

পূৰ্ণ : আবে ধক্কন, কোন মাধূৰ্য্য দাদা বে!

বুলি কৈ পূৰ্ণ চুতীয়াই তবিবৰ ৰহমানক দোকানৰ সন্মুখত থকা বৈয়ামকেইটাৰ ওপৰেদি এনেকৈ লৈ আহিল যেন বেলুন এটাহে আনিছে৷ আনিয়েই দিলে ঠেকেঁচা মাৰি দোকানৰ সন্মুখত৷ তবিবৰ ৰহমান হতবাক৷ য’তে ত’তে ধোৱন খাই থকা পূৰ্ণ চুতীয়াৰ গাত আজি ইমান শক্তি ক’ৰপৰা আহিল!

: উই মা

বুলি কঁকালত ধৰি তবিবৰ ৰহমান কেঁকাই উঠিল৷ তাৰ পিছত তবিবৰৰ দীঘল চুলিকোঁচাত ধৰি ঘূৰাই ঘূৰাই এৰি দিলে৷ হঠাৎ শক্তিমানৰ ৰূপ ধাৰণ কৰা পূৰ্ণ চুতীয়াৰ ৰুদ্ৰৰূপ আৰু আচৰিত শক্তি দেখি নিমিষতে ঠাইখিনি হুৱাদুৱা লাগিল৷ ৰাতিপুৱাৰ সময় আছিল৷ মাধূৰ্য্য গোস্বামীয়ে হামিয়াই-হেকটিয়াই বিছনাতে উঠি বহি বিড়ি এটা জ্বলালে৷ বিড়িটো জ্বলাই সুখৰ এক টান মাৰিছিলহে৷ এনেতে উৰন্ত তবিবৰ ৰহমান ঘৰৰ মুধচ ভাঙি চিলিঙো ভাঙি মাধূৰ্য্য গোস্বামীৰ বিছনাতে ধুপুচকৈ পকা কঠাল পৰাদি পৰিলহি৷ উছপ খাই মাধূৰ্য্য গোস্বামীৰ হাতৰ বিড়ি ছিটিকি পৰিল৷ ছিটিকি পৰিল নিজেও মজিয়ালৈ৷ কিছু প্ৰকৃতিষ্ঠ হৈ দুয়োজনৰে চকুৱে চকুৱে পৰিবলৈহে পালে,

মাধূৰ্য্য গোস্বামী : হেৰৌ শগুণে খোৱা অধম! তই মোৰ কেঁচা টোপনি কিয় ভাঙিলি? তোক আজি মই পূৰ্ণক ধোৱাদি ধুম৷

বুলি তবিবৰ ৰহমানলৈ খেদা মাৰি আহিল৷ তবিবৰ ৰহমানে দৌৰি গৈ অন্য এখন বিছনাৰ তলত সোমালগৈ৷ মাধূৰ্য্য গোস্বামীয়ে বহুত চেষ্টা কৰিলে তবিবৰক উলিয়াবলৈ৷ তবিবৰে বিছনাৰ তলৰপৰাই হৈ যোৱা ঘটনাবোৰ কৈ থাকিল৷ বেচেৰা মাধূৰ্য্য গোস্বামীয়ে বিছনাৰ তলৰপৰা যু্ঁজি যুঁজি তবিবৰক উলিয়াব নোৱাৰিলে আৰু কাহিনীও শুনি থাকিল৷ শেষত যেনিবা ঘটনাৰ গুৰুত্ব বুজি পালেগৈ৷

কথাখিনি শুনি মাধূৰ্য্য গোস্বামী আচৰিত হ’ল৷ য’তে ত’তে গুৰুলা-গুৰুলকৈ পিটন খাই ফুৰা পূৰ্ণ চুতীয়াৰ ঐশ্বৰিক বীৰত্বৰ কথা শুনি মাধূৰ্য্য গোস্বামীৰ গা উঠিল৷ হুংকাৰ দি হাতত গুলী নুফুটা এনলীয়া বন্দুকটো লৈ তবিবৰ ৰহমানৰ দোকানৰ ফালে আগবাঢ়িল৷ পিছে পিছে তবিবৰ ৰহমান৷

ইমান সময় পূৰ্ণ চুতীয়াই সেই ঠাইখিনিত সন্ত্ৰাসৰ সৃষ্টি কৰি থাকিল৷ আৰম্ভ কৰিছিল ৰাস্তাৰে যোৱা সেনা জোৱান দুজনমানক “হাই কি ক্ৰিছা”, বুলি জোকাই ধুলাই দি৷ জোৱানকেইজনে লাঠি ঘূৰায় হে ঘূৰায়, পূৰ্ণ চুতীয়াৰ গাত নালাগে৷ তাৰ পিছত তিনিওজন জোৱানক জপটিয়াই ধৰি কাষৰ পুখুৰীটোলৈ দলিয়াই দিলে৷ সেইকেইজনা যেনে তেনে উঠি হেডকোৱাৰ্টাৰলৈ ফোন কৰাৰ লগে লগে সেনা আৰু আৰক্ষীৰ জোৱানে ঠাইখিনি ঘেৰি পেলালে৷ জীৱন্তে পূৰ্ণক কৰায়ত্ত কৰিবলৈ আৰক্ষী অৰ্ধসামৰিক বাহিনী উঠি-পৰি লাগিল৷ কিন্তু ওচৰলৈ যাব পাৰিলেহে! গৈয়ো নো কি কৰিব! কোনো প্ৰহাৰ গাত নপৰে৷ ওচৰলৈ কোনোবা গ’লেই আটা মৰাৰ নিচিনা মোহাৰি মোহাৰি পঠাই দিয়ে৷ শেষত ’চুট আউট’ অৰ্ডাৰ আহি গ’ল৷ পৰিস্থিতি ভয়ানক৷ ইফালে হাতত নুফুটা এনলীয়া বন্দুক লৈ মাধূৰ্য্য গোস্বামীৰ পদাৰ্পন৷ গৈ তেওঁ এজন সেনা জোৱানক পিছফালৰপৰা হাতেৰে কান্ধত ঢকিয়াই ক’লে,

“এক্সকিউজ মি, চাইদ প্লিজ৷”

সেনা জোৱানজন ফায়াৰিঙত ব্যস্ত আছিল৷ এনে স্পৰ্শকাতৰ সময়ত সেনাক জোকাই লোৱা মানে জানেই নহয়! লগে লগে মাধূৰ্য্য গোস্বামীৰ কাণৰ তলত যেন এট’ম বোমাহে ফুটিল৷ মাধূৰ্য্য গোস্বামী ইমিডিয়েট বেহুচ৷

ইফালে পূৰ্ণ চুতীয়াই বিন্দাচ এনজয় কৰি আছে৷ মাজে মাজে “চাহে কই মুঝে জংগলী কহে….”, গীত গাই গাই জঁপিয়াইছে৷ তবিবৰ ৰহমানৰ দোকানৰ বৈয়ামৰপৰা আদি কৰি সকলো বয়-বস্তু এপদ এপদকৈ উলিয়াই ৰাস্তাত ঠেকেচি ভাঙিছে৷ মাজে মাজে উন্মাদ নৃত্য কৰে৷ ইয়াকে সহ্য কৰিব নোৱাৰি তবিবৰ ৰহমানে “উই মা, উই মা” কৈ য’তে ত’তে মূৰ আচাৰিছে৷ ক্ৰমাৎ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে পূৰ্ণ চুতীয়াৰ ধ্বংসলীলা৷

ধাৰ পৰিশোধ কৰিব নোৱাৰা বাবে তবিবৰ ৰহমানে চহৰৰ ‘মচুৰ গুণ্ডা’ মাধূৰ্য্য গোস্বামীক টকা-শিকা দি পূৰ্ণ চুতীয়াক ৰাজহুৱা স্থানত ঠেকেচি ঠেকেচি ধুৱাইছিল৷ সেই ধুৱনত চাৰ্ট-পেণ্ট ফটা পূৰ্ণ চুতীয়াই চাণক্যৰ দৰে নিজৰ শিখাত ধৰি শপত খাবলৈ লওঁতেই মনত পৰিল যে শিখাৰ কথা বাদেই, তেওঁৰ শপত খাব পৰাকৈ মিনিমাম চুলিকেইডালো নাই৷ সেয়ে আঁতৰৰপৰা ট টকৈ জিলিকি থকা মোচকোঁচাতে ধৰি শপত লৈছিল, “এদিন হ’লেও মই তহঁতক ধুমেই ধুম৷” পিছে মাধূৰ্য্য গোস্বামীৰ হুংকাৰত পূৰ্ণ চুতীয়া দৌৰি পলাইছিল৷ তাৰ পিছতেই পাহাৰত পূৰ্ণ চুতীয়াৰ তপস্যা৷

বিন্দাচ তাণ্ডৱ দি থকাৰ সময়তে পূৰ্ণ চুতীয়াই দেখা পায় বেহুচ মাধূৰ্য্য গোস্বামীক৷ “য়…. আ….আ…হু..” বুলি বুকুত ঢকিয়াই ঢকিয়াই পূৰ্ণ চুতীয়া আগবাঢ়ি গ’ল হাতত এঘটি পানী লৈ মাধূৰ্য্য গোস্বামীৰ ফালে৷ মাধূৰ্য্য গোস্বামীৰ মুখত পানী মাৰি হুঁচলৈ আনি আকৌ ধুই পুনৰ বেহুঁচ কৰি আকৌ হুঁচলৈ আনে…৷ প্ৰক্ৰিয়াটো চলি থাকিল বহুপৰ৷ এনেতে পূৰ্ণ চুতীয়াই জোপোহাৰ আঁৰত লাজ লাজকৈ ৰৈ থকা তবিবৰ ৰহমাক দেখা পালে৷ এইবাৰ তবিবৰলৈ চোঁচা লৈ গৈ এপাকত ধৰি পেলালেগৈ৷ তাৰ পিছত আৰু কিছুপৰ ড্ৰাম চেট বাজি থাকিল৷ বাধা দিওঁতা কোনো নাই৷ বেহুঁচ হৈ পৰা তবিবৰ ৰহমানক এৰি এইবাৰ উন্মত্তপ্ৰায় পূৰ্ণ চুতীয়াই ঘোঁৰা এটাৰ দুয়োটা পিছ ঠেং ডাঙি ধৰিলে৷ বেচেৰা ঘোঁৰাটোৱে “কিঁ হিঁ হিঁ হিঁ হিঁ ” কৈ চিঞৰি থাকিল৷ তেওঁ ঘোঁৰাটো দুই ঠেঙত ধৰি ঘূৰাই ঘূৰাই একেলগে পুলিচ বাহিনীৰ মাজত আশ্ৰয় লোৱা তবিবৰ ৰহমান আৰু মাধূৰ্য্য গোস্বামীৰ গালৈ মাৰি পঠিয়ালে৷ পুলিচ বাহিনীৰ তৎপৰতাত তেওঁলোক যেনিবা সেইবাৰলৈ ৰক্ষা পৰিল৷

সময় ছয় বাজিবলৈ পাঁচ মিনিট বাকী৷ পূৰ্ণ চুতীয়াই অনতিপলমে নিজৰ চাৰ্ট-পেণ্ট টানি আঁজুৰি ফালি হাতত বাটি এটা লৈ ভিক্ষাৰীৰ ৰূপ ধাৰণ কৰে৷ কোনেও একো বুজি নাপালে৷ ছয় বজাৰ লগে লগে পূৰ্ণ চুতীয়াৰ সময়ো শেষ হ’ল৷ ইতিমধ্যে সকলোৱে সকলো কথা পাহৰি গ’ল৷ ক’ত কি হৈছিল, কিয় হৈছিল, কেনেকৈ হৈছিল সকলো ভাবি ভাবি হায়ৰাণ হৈ থাকোঁতেই, নিউজ চেনেলবোৰে চিঞৰ-বাখৰ লগাই থাকোঁতেই সন্ত্ৰাস সৃষ্টি কৰা তপেশ্বৰ পূৰ্ণ চুতীয়া ভিক্ষাৰীৰ ৰূপ ধাৰণ কৰি পলায়ন কৰে৷ আহত মাধূৰ্য্য গোস্বামী, তবিবৰ ৰহমানক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়৷

পিছদিনাখন পূৰ্ণ চুতীয়াই আগৰ দৰেই চাইকেল চলাই চলাই তালু খজুৱাই খজুৱাই শাক-পাচলিৰ পাম এখনৰ কাষেৰে,

“খলি বলি হ’ গয়া হে দিল”

গীতটো গাই গাই আহি আছিল৷ সেইদিনা পূৰ্ণ চুতীয়াৰ মনটো খুছ৷ প্ৰতিশোধ পূৰ্ণ হ’ল৷ মনটোও ফ্ৰি ফ্ৰি লাগিছে৷ তাৰ পিছত কি হ’ল পূৰ্ণ চুতীয়াই একো পাত্তাই নাপালে৷ এক্কেবাৰে ফিল্মী কায়দাত উৰি গৈ পামত খেতিৰ বাবে আনি থোৱা গোবৰৰ দ’মত আধালৈকে সোমাই গ’ল৷ সম্বিৎ ঘূৰাই পাই পূৰ্ণ চুতীয়াই গোবৰৰ দ’মৰপৰা বহু কষ্টৰে নিজকে উদ্ধাৰ কৰে৷ ওলায়েই দেখে সন্মুখত সিদিনা দলিয়াই পঠিওৱা ঘোঁৰাটো৷ “কিঁ হিঁ হিঁ হিঁ হিঁ….”

পামত থকা কেইজনমানৰ তৎপৰতাত যেনিবা পূৰ্ণ চুতীয়াই ৰক্ষা পালে৷ কিন্তু কিয় এনে ঘটনা ঘটিল সেইটোহে বুজি নাপালে৷ এদিন ভোলানাথে পূৰ্ণ চুতীয়াৰ সপোনত দেখা দিলে৷ পূৰ্ণ চুতীয়াই সুধিল,

: প্ৰভু, শেষত মোৰ কিয় এনে হ’ল?

শিৱই ক’লে,

তইতো সিদিনা মানুহৰ স্মৃতি নাশ হোৱাৰ বৰহে বিচাৰিছিলি৷ জানোৱাৰৰ স্মৃতিৰ নাশৰ কথা কোৱা নাছিলি নহয়! সেয়ে সাৱধানে থাকিবি৷ সেই ঘোঁৰাটোৱে তোক য’তে পায় ত’তে মহটিয়াব৷ বি হেপ্পী পূৰ্ণ৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.