ফটাঢোল

“১৯৪৭” এটা প্ৰেম কাহিনী-ৰীতা লীনা সোণোৱাল

প্ৰেমত পৰাটো সহজ কথা নহয়। যিজনে প্ৰেম কৰে তেওঁ বুজে প্ৰেম কি বস্তু। তেওঁক যদি মই বেলেগ পৰিস্থিতিত বেলেগ ধৰণে লগ পালোঁ হয় তেন্তে কাহিনী হয়তো অন্য দিশেৰে আগবাঢ়িল হয়। কিন্তু আমাৰ কাহিনীত আশাপ্ৰদ একো নাছিল। আছিল মাথো কিছু ক্ষণৰ বিহ্বলতা।

তেওঁ পিতাক শেষবাৰৰ বাবে লগ কৰিবলৈ আহিছিল। পিতাৰ ভৰি চুই এবাৰ সেৱা কৰিছিল। মই তেওঁলৈকে চাই আছিলোঁ। তেওঁ ডাঙৰকৈ চকুদুটা মেলি মোলৈ এবাৰ চালে। মই চকু তললৈ নমাই দিছিলোঁ। যন্ত্ৰণাই মোক কঁপাই তুলিছিল। পিতাৰ মতে মই সীতাৰ তুল্য। এজন ৰাম মোৰ জীৱনলৈ অহাৰ অপেক্ষাত আছিল তেওঁ।

: একাপ চাহ খাই যোৱা।

ফাৰদিনক অনুৰোধ কৰিছিলোঁ। যাবলৈ উঠা ফাৰদিন ৰৈ গৈছিল। পিতা বাগিছালৈ ওলাই গৈছিল মতিৰামৰ লগত। ফাৰদিনৰ বাবে মই নিজেই চাহ একাপ বনাই আনিছিলোঁ। চীনামাটিৰ বগা প্লেটখনত এসোপা খোৱা বস্তু সজাই আনিছিলোঁ। নতুনকৈ বনাবলৈ শিকিছিলোঁ মই। পখিলা আৰু ফুলৰ দৰে আকৃতিৰ নাৰিকল গুৰি কৰি বনোৱা সন্দেশ। গাখীৰৰ ক্ষীৰত সিজোৱা জোন আকৃতিৰ পিঠা। পিতালৈ চাহবাগানৰ মেনেজাৰ জনচন চাহাবে পঠিওৱা বিস্কুট।

ফাৰদিনে চাহকাপৰ বাহিৰে একো খোৱা নাছিল। পখিলা আকৃতিৰ সন্দেশ এটা হাতত লৈ, মোক সুধিছিল,

: তুমি বনাইছা? 

: উম৷

মই মূৰ জোকাৰি উত্তৰ দিছিলোঁ।

: তুমিয়েই পখিলা এজনীৰ নিচিনা। তোমাক খোৱাৰ কথা ভাবিব নোৱাৰোঁ।

ফাৰদিনৰ মাতটো সেমেকা আৰু গভীৰ আছিল।

: কালিলৈ ঢাকালৈ গুচি যাম একেবাৰে।

ফাৰদিনে মোক যেন বিদায়ৰ শেষ ঘণ্টাধ্বনি শুনালে। 

: মোৰ গা বেয়া হৈছিল আকৌ। 

: ইনজেকচনকেইটা লিখি গৈছোঁ। তোমাক ডাক্তৰ ভূঞাই চিকিৎসা কৰিব এতিয়াৰপৰা। 

: তুমি আৰু কেতিয়াও নাহা নেকি? 

: আহিম যদি পাৰোঁ। নাহিলেওতো তুমি ভালে থাকিবই লাগিব৷

পৰা হ’লে কৈ দিলোঁহেঁতেন, “তোমাৰ অবিহনে এক পলো ঠিকে থাকিব নোৱাৰোঁ।” কিন্তু এতিয়া অসহায়। ফাৰদিনলৈকে চাই থাকিলোঁ। তেওঁ চকু ঘূৰালে। পিতাৰপৰা বিদায় লৈ ফাৰদিন গুচি গ’ল। মাথো মোক এবাৰ চাবৰ বাবেই তেওঁ ঢাকাৰপৰা গুৱাহাটীলৈ আহিছিল। এইকেইদিন ভিতৰি চেপা উত্তেজনা চলি আছে। পৰিস্থিতি বেয়া হ’ব গম পায়ে আমাক লৰালৰিকৈ ঢাকাৰপৰা গুৱাহাটীলৈ পঠিয়াই দিয়া হ’ল। দেউতা ঢাকাৰ চৰকাৰী বিষয়া আছিল৷

ঢাকাত থাকোঁতেই মোৰ অসুখ ধৰা পৰিছিল। সৰুতেই মাতৃহাৰা হোৱাৰ বাবে পিতাই মোক লগত লৈ ফুৰিছিল সদায়। আমাৰ লগত সদায় আছিল চিষ্টাৰ লুচী। মোক শিক্ষা দীক্ষা সকলো ঘৰতেই দিয়া হৈছিল। চিষ্টাৰ লুচীয়ে মোক পিয়ানো বজাবলৈ শিকাইছিল। পিয়ানো বজাই থাকোঁতেই মই এদিন ঢলি পৰিছিলোঁ। পিতাই কাৰোবাৰ হতুৱাই ডাক্তৰ ফাৰদিনক খবৰ দিয়াইছিল। ডাক্তৰ ফাৰদিন ডাক্তৰী পঢ়ি বিলাতৰপৰা ওভতি আহিছিল মাথো তেতিয়া। তেওঁ কৈছিল মই ভালকৈ থাকিব লাগিব। পুষ্টিকৰ খাদ্য খাব লাগিব। মনটো সতেজ কৰি ৰাখিব লাগিব। মোৰ কি হৈছে মই ধৰিবই পৰা নাছিলোঁ। পাছত গম পালোঁ মোৰ ক্ষয়ৰোগ হৈছে, যক্ষ্মা। মোৰ ক্ষয়ৰোগ হৈছে বুলি শুনি পিতাৰ মুখলৈ চাব নোৱাৰা অৱস্থা হৈছিল। তেওঁৰ প্ৰাণৰ পুতলী, মই বৈদেহী। সীতাৰ অন্য এটা নাম।

ফাৰদিনে মোৰ বাবে বহুত কষ্ট কৰিছিল। বিলাতৰপৰা চিকিৎসা বিজ্ঞানৰ কিতাপ আনি পঢ়িছিল। দুবছৰ মোৰ লগত ছাঁটোৰ দৰে লাগি আছিল তেওঁ। পিতাৰ দৰে তেওঁ মোক সীতা বুলি মাতিছিল। পিতাৰ পাছতেই মোৰ অতিকৈ নিকটতম আত্মীয়জন ফাৰদিন আছিল। ফাৰদিন গুচি যোৱাৰ পাছত তেওঁ বহা ঠাইটুকুৰাৰ ওচৰত ৰৈ থাকিলোঁ। ফাৰদিনৰ দেহৰ সুঘ্ৰাণ আহি মোৰ নাকত লাগিছিল। এই সুঘ্ৰাণ মোৰ মৃত্যু পৰ্যন্ত বুকুত ভৰাই ল’ব বিচাৰিছিলোঁ।

মোক মৃত্যু পথৰ যাত্ৰী বুলি জানিও মোক লৈ দেখা পিতাৰ আশা শেষ হোৱা নাছিল। পিতাই সদায় ভাবিছিল কোনোবা এজন ৰামৰ হাতত মোক তুলি দিব। কোনো পিতৃয়ে তেওঁৰ সন্তানৰ মৃত্যুৰ কথা কল্পনাও কৰিব নোৱাৰে। মোৰ পিতাও ইয়াৰ ব্যতিক্ৰম নাছিল। ফাৰদিনৰ চকুত আকুতি আছিল৷ পিতায়ে নুবুজিলে। হয়তো বুজিও নুবুজাৰ ভাও ধৰিলে৷

শীতকাল আৰম্ভ হোৱাৰ লগে লগে মোৰ কষ্ট বেছি হয়। কাহি কাহি লেবেজান হৈ পৰোঁ কেতিয়াবা। ডাক্তৰ ভূঞাই তেওঁৰ সাধ্যানুসাৰি মোক চিকিৎসা কৰিছে। কিন্তু মোৰ ৰোগীৰেই ঠিক হোৱাৰ মন নাই। ফাৰদিনে ইনজেকচন দিবৰ সময়ত সদায় মোক খুহুতীয়া কথা কৈ হহুঁৱাই লৈছিল। ইনজেকচন দিওঁতে লাহেকৈ কয় – দুখ পাবা কিন্তু। মই চকু মুদি দিওঁ। এইকেইদিন মই বিছনাৰপৰা উঠাই নাই। পিতা আহি কাষতে বহি থাকেহি। পিতাৰ কাষত ফাৰদিনৰ মুখখন চাবলৈ মন যায়।

মই লাহে লাহে নিজৰ অনুভৱবোৰো কৰিব নোৱাৰা হৈছোঁ। পিতাই মূৰত হাত বুলাই থাকে। চিষ্টাৰ লুচীৰ কন্দনামুৱা মুখখন দেখিলে লাগে হয়তো মোৰ মৰিবলৈ আৰু বেছি সময় নাই। ঢাকাৰপৰা আমি গুচি অহা কিমানদিন হ’ল? মনত পেলাবলৈ চেষ্টা কৰোঁ। ঢাকাৰ আমাৰ চৰকাৰী চৌহদটোত অজস্ৰ ফুল আছিল। আবেলি মই ফুলবোৰৰ কাষে কাষে ঘূৰি ফুৰোঁতে ফাৰদিন মোৰ কাষত ৰৈ থাকিছিল। এদিন মোৰ অত্যাধিক উৎসাহে ফাৰদিনক মোৰ কাষলৈ লৈ আহিছিল। মোৰ হাতত ধৰি তেওঁ মোলৈ অবাক হৈ চাই আছিল। মৰমেৰে সাবটি ৰখা এখন উমাল হাত। মোৰ নৰিয়াপাটীত হাতখন খেপিয়াই বিচাৰিলোঁ কোনো নাছিল তাত৷

ডাক্তৰ ভূঞাই ইনজেকচন এটা দিছিল চাগে। কোনোবাই আকুল হৈ মাতি আছিল, সীতা সীতা৷ ফাৰদিনে ইনজেকচনটো দিছিল। পিতাই মোৰ অৱস্থা দেখি মতাই  আনিছিল ফাৰদিনক। মোৰ জীৱনৰ প্ৰথম আৰু শেষ ইনজেকচনটো ফাৰদিনেই দিলে। মোৰ হাতখন এৰখাই গৈছিল ফাৰদিনৰ হাতৰপৰা৷ ফাৰদিনৰ কাতৰ আহ্বানেও মোক ধৰি ৰাখিব নোৱাৰিলে। মোৰ শৰীৰটোলৈ চাই মই উচুপি উঠিছিলোঁ।

☆ ★ ☆ ★ ☆

3 Comments

  • ৰঞ্জিত কুমাৰ শৰ্মা

    ভাল হৈছে গল্পটো৷

    Reply
  • ডলী

    ভাল লাগিল পঢ়ি

    Reply
  • কাবেৰী মহন্ত

    ধুনীয়া লিখিলা ৰীতা

    Reply

Leave a Reply

Your email address will not be published.