ফটাঢোল

৩০২০: যন্ত্ৰ উপত্যকা – জ্যোতিৰূপম দত্ত

৩০২০ চন৷ দুপৰীয়াৰ সময়৷ ধুসৰিত আকাশৰ পৰা ৰ’বকপ্টাৰ এখন ভূপৃষ্ঠলৈ নামি আহিল৷ যানখন বৰ ডাঙৰ নহয়৷ তথাপিও তিনি-চাৰিজনৰ বাবে যথেষ্ট৷ খুটকৈ সামান্য শব্দ এটা কৰি দুৱাৰ এখন খোল খালে৷ চালকজন নামি আহিল৷
: ৰ’বো আৰ জিৰ’ চিগমা টু কণ্ট্ৰল! লেণ্ডিং কনফাৰ্মড৷  – এটা ধাতৱ মাত শুনা গ’ল৷
আৰ জিৰ’ চিগমা হ’ল এটা অনুসন্ধানকাৰী ৰবট৷ সাধাৰণভাৱে কবলৈ গ’লে এটা একেবাৰে নিৰীহ যন্ত্ৰমানৱ৷
আচলতে বৰ্তমানৰ পৃথিৱী নামৰ এই গ্ৰহটোত যোৱা প্ৰায় সাতশ বছৰ ধৰি বিভিন্ন প্ৰকাৰৰ যন্ত্ৰমানৱৰহে ৰাজত্ব চলিছে৷ তাৰ আগতে সূৰ্য্যক কেন্দ্ৰ কৰি ঘূৰি থকা সৌৰজগতখনৰ একমাত্ৰ এই পৃথিৱী নামৰ গ্ৰহটোৱেই আটাইতকৈ ধুনীয়া আছিল৷ নদ-নদী, পাহাৰ-পৰ্বত, নানা প্ৰকাৰৰ জীৱ-জন্তুৰে ভৰি থকা গ্ৰহটোত মানুহ নামৰ এবিধ বুধিয়ক প্ৰাণী আছিল৷ এই প্ৰাণীবিধে নিজৰ মগজুৰ উৎকৰ্ষৰ সহয়ত সমগ্ৰ পৃথিৱীতে ৰাজত্ব চলাইছিল৷ নানা কলা-কৌশলেৰে আকাশ-মহাকাশ-সমুদ্ৰতল-অৰণ্য-পৰ্বতৰ সকলো অজানা ৰহস্য ভেদ কৰিবলৈ সক্ষম হৈছিল৷ নিজতকৈ বহু ডাঙৰ প্ৰাণীকো হেলাৰঙে বশ কৰিবলৈ সক্ষম হোৱা মানুহ নামৰ এই প্ৰাণীবিধে নানা যন্ত্ৰপাতিৰে বহু ডাঙৰ ডাঙৰ কামো অনায়াসে কৰিবলৈ সক্ষম হৈছিল৷
পিছে প্ৰায় এহেজাৰ বছৰমান আগৰে পৰাই পৃথিৱীখনৰ অৱস্থা বেয়ালৈ ঢাল খাবলৈ ল’লে৷ মদগৰ্বী মানুহবোৰৰ বাবেই পৃথিৱীখন এফালৰ পৰা ধ্বংসৰ মুখলৈ যাবলৈ ধৰিলে৷ মানুহবোৰে নিজৰ ইচ্ছামতেই প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰি পানী-মাটি-বায়ু আদি প্ৰদূষিত কৰিবলৈ ধৰিলে৷ গছ কাটি, খাল-বিল পুতি, নৈক ভেটা দি প্ৰাকৃতিক পৰিবেশবোৰ নোহোৱা কৰিলে৷ খাদ্যৰ নামত, বস্ত্ৰৰ নামত পৃথিৱীৰ জীৱজন্তুবোৰ নিজৰ ইচ্ছামতে মাৰি শেষ কৰিবলৈ ললে৷ বিভিন্ন অপ্ৰাকৃতিক মাধ্যমেৰে নিজৰ চখ পুৰাবলৈও বহু জীৱজন্তুৰ জিনীয় গাঁথনি পৰ্য্যন্ত সলনি কৰি দুৰ্বল কৰি পেলোৱা হ’ল৷
: ঐ মানুহ চাল্লা! আঁতৰ হ! – এটা ডাঙৰ মাত শুনা গ’ল৷ মাতটো শুনিয়েই চিগমা নামৰ ৰবটটোৱে চক্ খাই উঠিল! পিছফালে জেড নাইন চিৰিজৰ এটা প্ৰকাণ্ড নীলা ৰঙৰ ৰবট! বিশাল আকাৰৰ ৰবটটোৰ চকুৰ অংশত দুটা ৰঙা পোহৰৰ চাকি৷ এইবিধ ৰবট বৰ খঙাল আৰু নৃশংস বুলি দুৰ্নাম আছে৷ ৰবটবিধৰ অক্ষিপটৰ পৰা সুতীব্ৰ লেজাৰ ৰশ্মি ওলায়৷ ৰবটটোৰ কান্ধৰ পৰা কঠিন টাইটানিয়াম ধাতুৰ চাৰিখনকৈ বজ্ৰকঠিন হাত ওলমি আছিল৷
চিগমাই জাপ মাৰি আঁতৰি দিলে৷ জেড নাইনটো লাহে লাহে গিৰিপ গাৰাপকৈ আঁতৰি গ’ল৷
: ‘মানুহ’! ইমান বেয়াকৈ গালি দিলে মোক! – চিগমাই মনে মনে ভাবিবলৈ ধৰিলে৷
‘মানুহ’!
বৰ্তমান সময়ত ইয়াতকৈ লেতেৰা আৰু অশ্লীল গালি নাই৷ হেজাৰ বছৰৰ আগতে মানুহবোৰৰ মুখত ফুটা ‘গৰু’, ‘বান্দৰ’, ‘গাহৰি’ আদিৰ দৰেই আজিৰ যুগৰ এইটো গালি৷ হয়তো আগৰবোৰতকৈয়ো এতিয়া এই শব্দটোৰ চোক বেছি৷
চিগমাই লাহে লাহে সমুখলৈ খোজ দিলে৷ আকাশখন ধুসৰ৷ সূৰ্য্যৰ ৰশ্মি কোনোমতেহে সৰকি আহে৷ যোৱা প্ৰায় নশবছৰ ধৰি পৃথিৱীৰ বুকুৰ পৰা নীলা আকাশ দেখাৰ সৌভাগ্য কাৰোৱেই হোৱা নাই৷ সমুখত এখন বালিৰ সাগৰ৷ এৰিয়া বি-ৱান জিৰ’! এসময়ত এইখিনিৰেই এখন প্ৰকাণ্ড নৈ বৈ গৈছিল৷
★★
বালিময় ঠাইখিনিত চিগমাই বহুকেইটা ৰব’ট দেখা পালে৷ সকলোৰে হাতত বিভিন্ন আকাৰৰ যন্ত্ৰপাতি৷ সকলোৰে উদ্দেশ্য একেটাই৷ এৰিয়া বি-ৱান জিৰ’ৰ বালি খান্দি এবিধ বিশেষ ধৰণৰ চিলিকাৰ সন্ধান কৰা৷ বৰ্তমানৰ পৃথিৱীখনৰ বাসিন্দাসকলৰ বাবে চিলিকা হৈছে জীৱনশক্তিস্বৰূপ৷ চিলিকাৰ পৰা নিষ্কাশিত হোৱা পৰ্য্যাপ্ত পৰিমাণৰ চিলিকন উপলব্ধ নহলে পৃথিৱীখনৰ বৰ্তমানৰ সংখ্যাগৰিষ্ঠ ৰব’টসমূহ নিষ্ক্ৰিয় হৈ পৰাটো নিশ্চিত৷ আৰু ভৱিষ্যতে আহিব লগা নতুন প্ৰজন্মৰ ৰব’টসমূহৰ দেহৰ উৎকৰ্ষৰ বাবেও উন্নতমানৰ চিলিকাৰ যোগান নিয়মীয়া হোৱাটো দৰকাৰ৷
যোৱা কেইদিনমান আগতে অনুসন্ধানকাৰী ৰবটৰ দল এটাৰ অন্বেষনত এই এৰিয়া বি-ৱান জিৰ’ বেছিনৰ চিলিকাৰ মান উন্নত বুলি গম পোৱা গৈছিল৷ তাৰ পিছৰে পৰা পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ভিন্ন প্ৰজাতিৰ অনেক ৰবট আহি এই ঠাইটুকুৰাত বালিৰ পৰা চিলিকা নিষ্কাশনৰ বাবে যোজা কৰাত ক্ষেত্ৰত লাগি গ’ল৷ এই দুদিনমানৰ ভিতৰতে অনেক ৰবটে এই দুৰ্গম ভুখণ্ডত পিয়াপি দিবলৈ ল’লে৷  প্ৰায় নশমান বছৰৰ আগতে সংঘটিত হোৱা তৃতীয় বিশ্বযুদ্ধৰ সময়ত এইবোৰ ঠাই একেবাৰে নিশ্চিহ্ন হৈ গৈছিল৷ সমগ্ৰ পৃথিৱীৰ প্ৰায় নিৰানব্বৈ শতাংশ মানুহ তথা অন্য জীৱজন্তু আদি মৃত্যুমুখত পৰিছিল৷ বাচি গৈছিল কেৱল অত্যাধুনিক বুদ্ধিসম্পন্ন ৰবটবোৰ৷
চিগমাই হাতত থকা এটা যন্ত্ৰৰে ব্ৰহ্মপুত্ৰৰ বুকুৰ বালিবোৰ পৰীক্ষা কৰি লাহে লাহে আগুৱাই গ’ল৷ চিগমাৰ মনটো যেন এতিয়া ইয়াত নাই৷ সি কামটোত মনোযোগ দিব নোৱাৰা যেন লাগিল৷ আন একোলৈকো ভ্ৰূক্ষেপ নকৰি চিগমা নামৰ ৰবটটোৱে লাহে লাহে আগলৈ গৈ থাকিল৷ সেই সময়তে তাৰ বাওঁহাতৰ মণিবন্ধত থকা পেনেল এখনত সুমথিৰা বৰণৰ চাকি এটা জ্বলা-নুমোৱা কৰি থাকিল৷ এটা বিশেষ সংকেত৷ পিছে অন্যমনস্ক হৈ থকা চিগমাই সেইফালে কোনো গুৰুত্ব নিদিলে৷ হাতৰ যন্ত্ৰটোৰে বালি খুচৰি খুচৰি লাহে লাহে আগুৱাই গ’ল৷
ইতিমধ্যে আনবোৰ ৰবটে সেই একেই সংকেত লাভ কৰিছিল৷ এজাক ভয়ংকৰ এচিড বৰষুণ আহিবলৈ বেছি সময় নাই৷ সেয়ে সকলোৱে নিজৰ নিজৰ ৰব’কপ্টাৰসমূহলৈ ঘূৰি যাবলৈ লৈছে৷ ৰবটবোৰৰ হাতত বা পিঠিৰ বাকচবোৰত সযতনে থোৱা চিলিকাৰ আকৰৰ নমুনা৷ এই নমুনাবোৰৰ পৰাই এই সমগ্ৰ বেছিনৰ চিলিকা থকা ঠাইবোৰ চিহ্নিত কৰা হ’ব৷ তাৰ পাছৰ পৰ্য্যায়ত বৃহৎ আকাৰৰ মেছিনেৰে বালি সংগ্ৰহ কৰিবলৈ ব্যৱস্থা লোৱা হ’ব৷ আনবোৰ ঘূৰি গলেও কেইটামান দুদ্ধৰ্ষ জেড নাইন ৰবটে কাকো পৰোৱা নকৰি নিজৰ কাম কৰি গৈছিল৷ এচিড বৰষুণে জেড নাইনৰ বৰ্ম ভেদি একো অনিষ্ট কৰিব নোৱাৰে৷
আনকালে সদা সতৰ্ক হৈ থকা চিগমাই আজি অলপপৰ পাছতে আহিব ধৰা ভয়ংকৰ এচিড বৰষুণজাকৰ সতৰ্কবাণীক আওকাণ কৰা কথাটো পিছে সুচল নহয়৷ এচিড বৰষুণ এই আলসুৱা ৰবটটোৰ বাবে অতি ভয়ংকৰ হ’ব পাৰে৷ আৰ জিৰ’ চিৰিজৰ ৰবটবোৰৰ প্ৰতিৰোধী ক্ষমতা বৰ কম৷ অনেক সূক্ষ্ম চাৰ্কিট আদি থকা এইবোৰ ৰবট বৰ আলসুৱা আৰু একে সময়তে অতিশয় সংবেদনশীল৷ এই ৰবটবোৰে যিকোনো কথা যুক্তিৰে চালি জাৰি চাব পাৰে, যিকোনো কথা সূক্ষ্মভাৱে পৰ্য্যবেক্ষণ কৰি সিদ্ধান্ত লব পাৰে, একাণপতীয়াকৈ কোনো কামত লাগি থাকিব পাৰে৷ চিগমাও তেনে এটা ৰবট৷ পিছে ৰবটটোৰ আজিৰ এই কাৰ্য্যকলাপখিনি ৰহস্যজনক৷
★★
আজিৰ পৰা প্ৰায় এহেজাৰ বছৰৰো আগতে মানুহবোৰে ৰবট সৃষ্টি কৰিছিল৷ বিভিন্ন কামৰ বাবে বিভিন্ন ৰবট৷ আমোদ-প্ৰমোদৰ বাবে, চিকিৎসাৰ বাবে, জটিল কামৰ বাবে বেলেগ বেলেগ ৰবট৷ পিছে সকলোবোৰ ৰবটেই মানুহৰ আজ্ঞাবাহী আছিল৷ প্ৰগ্ৰেমিং কৰি ৰবটবোৰক একেঘেয়ামী বা বিপদজনক কামৰ বাবে হেলাৰঙে আগবঢ়াই দিছিল৷ সেই সময়ৰ ৰবটবোৰৰ বুদ্ধি-বৃত্তি, চিন্তাশক্তিৰ নামত আছিল কেবল মানুহে নিজ ইচ্ছাৰে লিখি দিয়া কিছুমান ক’ড বা সংকেতৰ শৃংখল৷ মানুহবোৰে লাহে লাহে প্ৰযুক্তিগত দিশৰ ক্ষেত্ৰত উন্নতি কৰিবলৈ ললে৷ মানুহবোৰে জীৱনৰ বহু ক্ষেত্ৰতে প্ৰযুক্তিৰ সহায় লবলৈ ধৰিলে৷ সাধাৰণ কাম এটাকো প্ৰযুক্তিৰ মাধ্যমেৰে একেবাৰে উজু কৰি পেলোৱা হ’ল৷ মানুহবোৰ অলসভাৱে থকা হ’ল, মগজুৰ কচৰৎ কমি আহিল৷ হাতৰ মুঠিতেই নানা তথ্য উপলব্ধ হোৱা ব্যৱস্থাৰ সহজলভ্য হোৱাৰ বাবেই কষ্ট কৰি, পঢ়ি-শুনি জ্ঞান আহৰণ কৰাৰ দৰকাৰ নোহোৱা হ’ল৷ এইখিনিতেই এচাম মানুহে সুযোগ ললে৷ তথ্যসমূহ বিকৃত কৰি মানুহৰ মাজতেই কন্দল লগাবলৈ ধৰিলে৷ পঢ়া-শুনা কৰি জ্ঞান আহৰণ কৰিবলৈ বাদ দিয়া মানুহবোৰে মতবিৰোধ হোৱা মাত্ৰকে যুক্তিৰে চালি-জাৰি নাচাই নিজৰ মাজতেই যুঁজ লাগিবলৈ ধৰিলে৷ এইখিনি সময়তেই বুধিয়ক ৰবটবোৰৰ উত্থানৰ আৰম্ভণি হ’ল৷ একবিংশ শতিকাত মানুহে ৰবটবোৰক আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, মেছিন লাৰ্ণিং, অট’মেটিক ডাটা এনালাইছিচ আদিৰ সহায়ত ৰবটবোৰে নিজে বিভিন্ন পৰিস্থিতিত নিজা সিদ্ধান্ত লব পৰা ধৰণে গঢ়িবলৈ হ’ল৷ আৰু সেয়াই হয়তো আছিল মানৱ সভ্যতাৰ শেষ সময় আৰু ৰবট সভ্যতাৰ আৰম্ভণি!
বিপ! বিপ! বিপ!
চিগমাৰ হাতৰ মণিবন্ধত বান্ধি থোৱা ক্ষুদ্ৰাকৃতিৰ যন্ত্ৰটোৱে এইবাৰ তীব্ৰস্বৰেৰে শব্দ কৰিবলৈ ধৰিলে৷ চিগমাৰ সম্বিত ঘূৰি আহিল৷ ডিচপ্লেখনলৈ চাই দেখিলে এটা ভয়ংকৰ এচিড বৰষুণৰ আগজাননী! বৰষুণৰ টোপালবোৰ ভূ-পৃষ্ঠত পৰিবলৈ আৰু মাত্ৰ ত্ৰিশ ছেকেণ্ড বাকী!
চিগমাই তৰিৎগতিৰে সকলো ইন্দ্ৰিয় সক্ৰিয় কৰি দিলে৷ ভিছুৱেল স্কেনাৰটো সক্ৰিয় হ’ল৷ প্ৰায় এশ মিটাৰ দুৰত এখন প্ৰকাণ্ড কেৰিয়াৰকপ্টাৰৰ ধ্বংসাৱশেষ স্পষ্ট হৈ পৰিল৷ চিগমাই সেইফালেই দৌৰিবলৈ ধৰিলে৷ হঠাতে হোহোৱাই বতাহৰ গতি বাঢ়িবলৈ ধৰিলে৷ নদীৰ বুকুত ধূলিৰ ধুমুহা বলিবলৈ লাগিল৷ সেই ধুমহা-বতাহ ফালি চিগমা আগুৱাই গ’ল! চিগমাৰ দেহৰ ধাতুৰ বৰ্ম গলাই পেলাব পৰা বিধংসী এচিড বৰষুণজাক পৰিবলৈ আৰু মাত্ৰ দহ ছেকেণ্ড! চিগমাৰ সমুখত যানখনৰ ধ্বংসাৱশেষৰ দৃশ্য স্পষ্ট হৈ পৰিল৷ আৰু মাথোঁ ত্ৰিশ মিটাৰ, বিশ মিটাৰ, দহ মিটাৰ, পাঁচ………৷ এনেতে ভয়ংকৰ এচিড বৰষুণজাকে পৃথিৱী স্পৰ্শ কৰিলে৷
সেই সময়তে চিগমাই দীঘল জাঁপ এটা মাৰিলেও যানখনৰ পৰা প্ৰায় চাৰি মিটাৰ দুৰত বাগৰি পৰিল৷ বালিত পৰিয়েই মুৰৰ অংশটো বৰষুণৰ টোপালৰ পৰা বচাবলৈ হাতদুখনেৰে ঢাকি বালিত লাহে লাহে চুঁচৰি চুঁচৰি আগুৱাই গ’ল৷ এনেতে চিগমাৰ অক্ষিকোটৰৰ এটা চকু বা ৰবটিক আই লেন্সখনত এচিড পৰি যান্ত্ৰিক চকুটোৰ চেন্সৰবোৰ নষ্ট হৈ গ’ল৷ একেসময়তে চিগমাৰ ভৰি এখনৰ ৰিভলভিং ৰটৰটোৱে কাম নকৰা হ’ল৷ আৰু মাত্ৰ তিনি মিটাৰ আগুৱাব পাৰিলেই চেৰামিক আৰু টাইটানিয়ামৰ তৰপ থকা যানখনৰ তলত আশ্ৰয় লব পৰা যাব৷ লাহে লাহে চিগমাৰ গতি মন্থৰ হবলৈ ধৰিলে৷ ৰবটটো নিষ্ক্ৰিয় হবলৈ হয়টো বেছি সময় নাই৷ চিগমাৰ ৰব’টিক বৰ্তনীবোৰে ভালকৈ কাম নকৰা হ’ল৷ লাহে লাহে বৰষুণ আৰু বতাহৰ প্ৰকোপ বাঢ়ি আহিবলৈ ধৰিলে৷ আৰু মাত্ৰ দুই মিটাৰ! চিগমা লাহে লাহে অৱশ হৈ আহিল৷
হঠাতে এখন প্ৰকাণ্ড চেপেনাসদৃশ হাতে চিগমাক তুলি লৈ যানখনৰ ভিতৰলৈ দলিয়াই দিলে! লগতে যানখনৰ ইতিমধ্যে ভাঙি থকা দুৱাৰসদৃশ ফাঁকটোৰ এডোখৰ ভাঙি সেই হাতখনৰ গৰাকীজনে নিজেই ভিতৰলৈ সোমাই গ’ল৷
: তই ‘মানুহ’ নেকি? চাল্লা! মৰিব খুজিছ নেকি?
সেই একেই কণ্ঠ! এটা প্ৰকাণ্ড জেড নাইন ৰবট! চিগমাৰ লাহে লাহে জ্ঞান ঘূৰি আহিবলৈ ধৰিলে৷ সমুখত জেড নাইনটোক দেখি একমাত্ৰ সক্ৰিয় হাতখনেৰে অভিবাদন জনালে৷ আনখন হাতৰ ৰটৰটো ইতিমধ্যে নষ্ট হৈ গৈছিল৷
: বহুত ধন্যবাদ! আজিলৈকে কোনো জেড নাইন ৰবটে আৰ জিৰ’ চিৰিজৰ ৰবটক বচোৱা মই শুনা নাছিলো৷ ময়েই কিজানি প্ৰথম৷
: হ’ব, মৰি গলিহেঁতেন৷ তেতিয়াও কি হ’লহেতেন? তোৰ সকলো ডাটা ক্লাউড ষ্টৰেজত আছে৷ তোৰ কোম্পেনীয়ে কাৰোবাৰ মুৰত সেইখিনি ভৰাই দি আকৌ নতুন এটা তৈয়াৰ কৰি লব৷
: নোৱাৰে! জেড নাইনৰ দৰে মগজু কম থকা পালোৱান ৰবটক ক্ল’ন কৰা আৰু মোৰ দৰে আৰ জিৰ’ক ক্ল’ন কৰা কথাটো সহজ নহয়৷
চিগমাই শ্লেষ ভৰা কণ্ঠৰে কথাবোৰ কৈ গ’ল৷ পিছে কথাখিনি শুনিয়েই জেড নাইনটোৱে আকৌ গৰগৰাই উঠিল৷
: কিইই? তই মোক জোকাই নলবি৷ এচিড বৰষুণৰ পৰা যিদৰে বচাইছিলো, একেদৰে তালৈ দলিয়াই দিম৷ চাই থাক! ৱেডাৰ আপডেট মতে আৰু প্ৰায় চাৰিশ ঘণ্টা ধৰি বৰষুণ পৰিব৷ তোৰ কোম্পেনীৰ কোনো ৰেচকিউ কপ্টাৰ আহিব নোৱাৰে৷ আৰু তই ‘মানুহ’টোৱে তোৰ কপ্টাৰখনৰ দুৱাৰখন জপাবলৈ পাহৰি গৈছিলি৷ সেইখন বৰষুণৰ এচিডে শেষ কৰিলেই ইতিমধ্যে৷ গতিকে ইয়াতেই ৰৈ থাক!
: বাৰু৷ ধন্যবাদ৷ জনালো৷ মই আমাৰ ৰ’ব-আৰ্কাইভৰ পৰা এইখিনি ঠাইৰ বিষয়ে কিছু ডাটা ডাউনলড কৰিছিলো৷ সেইখিনি এনালাইছিচ কৰি থাকোঁতেই প্ৰায় এহেজাৰ বছৰ আগলৈ গুচি গ’লো৷ সেয়ে ৱাৰ্ণিংটো গম নাপালো৷ এইখিনি ঠাই সাধাৰণ ঠাই নহয়৷ এই বালিখিনিত বহু কথা লুকাই আছে৷
: কি আছে ইয়াত? এইখিনি ঠাইৰে আগতে এখন নদী বৈ গৈছিল৷ থাৰ্ড ৱৰ্ল্ডৱাৰৰ সময়ৰ আগতেই এই নৈখনৰ পানীখিনি আনফালে বোৱাই নিয়া হৈছিল৷ মানে তেতিয়াই এইখিনি একেবাৰে শুকান হৈ পৰিছিল৷ তাৰ পাছত থাৰ্ড ৱৰ্ল্ডৱাৰৰ সময়ত বিস্ফোৰণ হোৱা নিউক্লিয়েৰ বোমাবোৰৰ এফেক্ট এইখিনি ঠাইত বহু কম হৈছিল৷ সেয়ে ইয়াৰ চিলিকাখিনি স্পেচিয়েল৷ সেয়াই কথা৷ মাইনিং ডচিয়েৰখনত এইবোৰেই আছে৷ আৰু কি? মাত্ৰ এহেজাৰ বছৰৰ ভিতৰত ঘটা ঘটনা এইবোৰ৷
চিগমাই অলপ পৰ তভক মাৰি ৰৈ গ’ল৷ তাৰ পাছত লাহে লাহে কৈ গ’ল –
: নহয়, মই জনা ঘটনাবোৰ তাৰো আগৰ৷ প্ৰায় এহেজাৰ তিনিশ পঞ্চাশ বছৰৰ আগৰ কথা৷ ১৬৭১ চনৰ মাৰ্চ মাহৰ কথা৷ এই নদীখন আৰু এইখিনি অঞ্চলতে এখন ডাঙৰ যুদ্ধ হৈছিল৷
: নদী, যুদ্ধ মানে? এইবোৰ কি কথা? কি নদী, ঠাইখন কি? – জেড নাইনটোৰ কথাত উৎসুকতাৰ চিন৷
: কৈ আছো৷ এই নদীখনৰ নাম আছিল ব্ৰহ্মপুত্ৰ, এই ঠাইখনৰ নাম শৰাইঘাট!
(আগলৈ)
[অহা সংখ্যাত সমাপ্ত]
☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published.