ফটাঢোল

ৰং দে’ তু মহে- পৰিস্মৃতা বৰদলৈ

আমাৰ বুধুকণৰ মনত এইবাৰ বৰ ৰং৷ নহ’বইবা কিয় ৰঙিলীক বিয়া কৰোৱাই অনাৰ পাছতে এইবাৰ প্ৰথমটো হোলী৷ এনেই হোলী বুলিলেই আমাৰ বুধুকণৰ আছে অলেখ কাহিনী৷ কিন্তু কাহিনী থাকিল বুলিয়েই এইবাৰৰ হোলীয়ে ইতিহাস ৰচিবই লাগিব৷ বিয়া কৰাই আনিছে যাক, নামেই যাৰ ৰঙিলী৷ গতিকে ৰং নলগাই পাৰেনে? নেখেলি পাৰেনে হোলী?
পাছে আমাৰ ৰঙীয়াল ৰঙিলীক যে বুধুকণে কেনেকৈ তাৰ জালত কেনেকৈ পেলালে,তাৰো এক ৰঙীন কাহিনী আছে৷  কৈছো শুনক৷ এবাৰ কি হ’ল সৰস্বতী পূজাৰ দিনাৰে কথা৷ আমাৰ ৰঙিলী তেতিয়া ক্লাছ নাইনত নে টেনত হ’বপায়৷ মুখে,ওঁঠে,গালে গোটেইজনী ৰং চং সানি তমস্কাৰ  হৈ ওলাইছে আৰু দেৱী দৰ্শনৰ বাবে৷ তেনেতে আহক আমাৰ বুধুকণো বিপৰীত দিশেৰে তাৰ হেলেকপেলেক ‘বাইস্কুল'(বাইচাইকেল) খন লৈ৷ ইফালে ৰাস্তাৰ সিটো পাৰৰ ৰঙিলীৰ ৰঙে তাৰ চকুত চাৎ মাৰি ধৰিলেই নহয়৷ পৰিলগৈ একেকোবেই গড়খাৱৈত গৈ চাইকেলে-তাইকেলে৷ ৰাস্তাৰ আশেপাশে থকা মানুহবোৰ,দোকানীকে আদি কৰি সাক্ষাৎ সৰস্বতী সাজি গৈ থকা গাভৰুবোৰ কোনেও ততকে ধৰিব নোৱাৰিলে ৰাস্তাৰ কিনাৰেদি নাকৰ পোণেপোণে চাইকেল চলাই গৈ থকা মানুহটোৱে কেনেকৈনো উফৰি গৈ গড়খাৱৈত পৰিলগৈ৷ হৈ চৈ লাগিল হঠাতে৷ মানুহৰ জুম বান্ধিলে ঠাইতে৷ কোনো কোনোৱে কোৱাকুই কৰিলে,”আহি  আছিল ছাগে দিনতে সেইটুপি ধৰি৷ নহ’লেনো কথা নাই বাৰ্তা নাই এইদৰে উফৰি পৰেগৈনে” ৷ মানুহবোৰ ওচৰ চাপি আহিলত দেখিলে যে ল’ৰাটোৱে বৰ বিশেষ দুখ পোৱা নাই,মাখিছাল এৰোৱাৰ বাদে৷ মাত্ৰ তাৰ ‘বাইস্কুল’ খনৰহে অৱস্থা তথৈৱচ৷ ঠিক তেনেতেই সকলোকে আচৰিত কৰি গালে মুখে ৰং সনা ছোৱালীজনী মানুহৰ ভিৰ ফালি ধপলিয়াই আহিল৷ বেগৰ ভিতৰৰপৰা পানীবটল উলিয়াই দুখপোৱা ল’ৰাটোলৈ আগবঢ়াই দিলে,লগতে মনেট চেণ্টে আমোলমোলাই থকা ৰুমালখনো মুখখন মচি ল’বলৈ৷ হঠাতে সকলোকে আচৰিত কৰি চাইকেল আৰোহী থিয় হ’ল আৰু ৰঙীন ছোৱালীজনীলৈ একেথৰে চাই ৰ’ল৷ মানুহবোৰেও এক্সিডেণ্ট হোৱা মানুহ নিজে উঠি থিয় হোৱা দেখি দিহাদিহি গ’লগৈ৷ ৰঙিলীয়েও লাজলাজকৈ আঁতৰি গ’ল৷ সেয়াই আৰম্ভণি প্ৰেমৰ কাহিনীৰ৷
সেইদিনধৰি দুয়োৰে হিয়াৰ মাজত চেতাঁৰখন বাজিবলৈ ধৰিলে৷ সৰস্বতী পূজাৰ দিনাই ৰঙিলীয়েও আনটো পাৰে আহি থকা ধুনীয়া ডেকাটোৱে তাইলৈকে চাই থকা ঠিক মন কৰিছিল৷ পাছত সেয়ে চাইকেলখনৰে সৈতে বাগৰি পৰা দেখিয়েই তাইৰ বাবেই হ’ল বুলি উধাতু খাই আহিছিল৷ এনেকৈয়ে দুয়ো দুয়োৰে আন্দাৰমহলত টোকৰ মাৰিছিল আৰু চিৰদিনলৈ হিয়াৰ লকআপত বন্ধ কৰিছিল পৰস্পৰৰ অন্তৰ৷
পাছে আমাৰ বুধুকণৰ মৰমবোৰে যে সাংঘাতিক ৰূপ দেখুৱাইছিল মাজেমাজে৷ যেতিয়াৰপৰা ৰঙিলীৰ ঘৰলৈ তাৰ আহযাহ চলিবলৈ ল’লে৷ মাজেমাজে কথাৰ লাচতে তাইৰ কামবোৰতো হাত উজান দিবলৈ সি চেষ্টা কৰে৷ কামনো আৰু কি! ধৰাহ’ল ৰঙিলীয়ে তাইৰ চুলিবোৰ ৰঙীন কৰিবলৈ বুলি পেকেটৰ মেহেন্দি গুলিবলৈ লৈছে৷ সিয়েই চামুচেৰে লৰাইফৰাই দিলে৷ পাছে সি মনেই নকৰিলে যে লৰাবলৈ বুলি লোৱা চামুচখনত যে নিমখ লাগি আছিল৷ পাছত যেতিয়া চুলিত ৰং ধৰক চাৰি সোপাইসোপে চুলি সৰিবলৈ ধৰে, তেতিয়াহে ওলায় উৰহী গছৰ ওৰ৷ তেনেকৈ কেতিয়াবা ৰঙিলীয়ে মুখ বগা কৰিবলৈ বুটৰ গুৰিৰ পেষ্ট বনাইছে৷ উফৰি অহাদি আহি সেইসময়তে বুধুকণে আহি দিয়েহি নহয় কেঁচা জলকীয়া কুটি ৰঙিলীয়ে পকৰী ভাজিবলৈ লৈছে ভাবি৷ মুঠতে ৰঙিলীৰ ঘৰলৈ আহি তাইক সহায় কৰক চাৰি তাইৰ বন বঢ়োৱাৰ উপৰিও বঢ়াই তাইৰ খং৷ পাছে তাইৰ খং উঠা দেখিও তাৰ ৰংহে লাগে৷ কিয়নো তাইৰ নামেই যে ৰঙিলী৷
এইবাৰ সেইজনী ৰঙিলীকেই ঘৰ সুমুৱাই অনাৰ পাছৰ প্ৰথমটো হোলী৷ বুধুকণৰ গা সাতখনআঠখন নকৰি পাৰেনে? সি হালধীয়া, ৰঙা, নীলা সকলো ৰং আনিয়েই থৈছে৷ মৰমৰ ৰঙিলীজনীক পাৰেমানে ওপচাই দিব ৰঙেৰে, তাই মনত ৰাখি যোৱাকৈ৷ বিয়াৰ পাছৰ প্ৰথম হোলী বুলিয়েই নহয়৷ ফাগুনতে বিয়াত সোমোৱা দুয়োৰে বিবাহোত্তৰ প্ৰথমটো উৎসৱো এয়া৷
অৱশেষত সেই দিনটো আহিল৷ হোলীৰ দিনা পুৱাই বুধুকণে ওলাই গৈ হাটৰপৰা খাহি মাংস আনিলেগৈ৷ দুপৰীয়া ফাকুৱা বুলিয়েই মাংসৰে এসাজ ভালকৈ খাব৷ তাৰ  আগেয়ে খেলি ল’ব ভালকৈ৷ দুজনীয়া সংসাৰত ভাতসাজ দুয়ো মিলি ৰান্ধিব, হৈ যাব৷ বুধুকণেও মাংস অনা দেখি ৰঙিলীয়ে ভাবিলে বিয়াৰে কাৰিকৰে ৰাহি হৈ যোৱা মা-মচলা, হালধি, জলকীয়া গুৰিবোৰ ভালে আছেনে নাই চাব লাগিব৷ নাই যদি কাগজত ভাগ ভাগ কৰি ৰ’দত দি দিব লাগিব৷ জিৰা ধনীয়াৰ পেকেটবোৰ বাৰু পেকেটভাগেই আছে সেইবোৰ নৰ’দালেও হ’ব৷ কেৱল হালধি আৰু জলকীয়াৰ গুৰিকে তাই ডলা এখনৰ ওপৰত খবৰ কাগজ পাৰি ভাগে ভাগে ৰ’দাই থ’লে৷ সিহঁতে হোলী খেলি আজৰি হয়গৈ মানে ভালকৈ ৰ’দটো পাই ফৰ্ফৰীয়া হৈ যাব৷ এইখিনি কৰি অঁটাই তাই ভিতৰ সোমাল৷ গা ধুই উঠি পিন্ধা কাপোৰসাজ সলাই অকণমান কম চাফা কাপোৰ এযোৰ পিন্ধি ল’ব খুজিছিলহে মাত্ৰ তেনেতেই পাছফালৰপৰা আহি তাইৰ গালত দিলেহি নহয় হালধীয়া ৰং এসোপামান সানি বুধুকণে৷ তাই কিবা ক’বলৈ নৌ পাওঁতেই চকুৱেমুখে দিলেহি ৰঙা ৰঙেৰে বোলাই৷ এইবাৰ তাই চিঞৰবাখৰ লগালে৷ পাছে আমাৰ বুধুকণে এৰি দিয়াত নাই৷ যিমানেই তাই চিঞৰিছে, ” আই ঔ নলগাব ঔ ” ৷ সি সিমানেই লগাই লগাই কৈছে,”হে’ৰৌ নিজৰ মানুহজনীকহে লগাইছো কিবা৷ ইমান হায়ৈ বিয়ৈ খন কিয় কৰিছ ঐ”৷ কিন্তু যেতিয়াই  তাই চিঞৰিবলৈ এৰি আটাহ পৰাৰ দৰে কৰিবলৈ লাগিল৷ তেতিয়াহে মন কৰিলে গোটেইজনী চকুৱেমুখে পানী বৈ ৰঙিলীৰ অৱস্থা চোন কাহিল৷ এইবাৰহে বুধুকণৰ হুঁচ আহিল যে সি ফাকুগুৰি বুলি ভাবি আচলতে ৰঙিলীক কিহেৰে ৰং সানিলে৷  সি পাছফালৰ দমকলৰপৰা পানী আনিবলৈ বুলি ভিৰাই লৰ দিলে আৰু ৰঙিলীৰ শুকান জলকীয়াগুৰিৰ পোৰণিত সৰুপানী চোৱাৰ উপক্ৰম হ’ল৷
☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published.