ফটাঢোল

ৰং-লোনা ডেকাবৰুৱা বৰা

– হেৰা, অহা সপ্তাহত আমাৰ মেৰিজ এনিভাৰচেৰি নাই জানো?

– নাই জানো মানে! পাহৰিলা নে কনফিউজ হৈছা?

– হেই, সব কথাতে কিয় উভতি ধৰা? কথাটো কৈছোঁহে।

– অ’ আই, প্ৰশ্নবোধকটো দেখ দেখকে ওলাই পৰিছে, আকৌ বোলে কৈছেহে এখেতে।

– এঃ তোমাৰপৰা মানে, ভাল কথা এটা ভাবি সুধিছিলো, পণ্ড কৰি দিলা।

হাজৰিকা হাজৰিকানীৰ অহা সপ্তাহত বিশ বছৰীয়া বিবাহ বাৰ্ষিকী। এনেয়ে কোনো দিনেই তেওঁলোকে এইবোৰ পালন কৰি পোৱা নাই, কিন্তু এইবাৰ ঘৰৰপৰা প্ৰথম ওলাই গৈ হোষ্টেলত থাকি পঢ়া জীয়েকে কেতিয়াবাৰপৰাই কৈ আছে বোলে এনিভাৰচেৰি পালিবলৈকে ঘৰলৈ আহিব। লগৰকেইজনীয়ে হেনো মাক, বাপেকৰ এনিভাৰচেৰিত তেনেকুৱাই কৰে। ইঞ্জিনিয়াৰিং পঢ়ি থকা ককায়েককো দম দি আহিবলৈ কৈ থৈছে।

হাজৰিকাই হাজৰিকানীক কিবা এটা উপহাৰ দিম বুলি ভাবিহে কথাটো আৰম্ভ কৰিছিল, পিছে…..

– আচ্ছা কোৱা, কিয় সুধিলা মানে ক’লা অহা মাহৰ কথাটো।

– এনিভাৰচেৰি পালন কৰিমেই যিহেতু, মোৰ পছন্দ মতে তোমাক কিবা এটা দিওঁ বুলি ভাবিছোঁ। কি লাগিব কোৱা।

– কি! তোমাৰ গা চা ভালে আছেতো! অফিচৰ কিবা টেনচন নেকি? অলপ শুই দিয়া নহ’লে।

– একো হোৱা নাই মোৰ। সঁচাকৈ সুধিছোঁ। যিহেতু ইহঁতে পালন কৰিম বুলি কৈছেই, সেয়ে…

– আই ঔ, কিমান বছৰৰ মূৰত নিজে কিবা দিবলৈ ওলাইছা, এইটো সুযোগ মই হেৰুৱামনে! কাপোৰ এযোৰ দিবা, কিন্তু পিচ্চ কালাৰৰ। বৰ ইচ্ছা আছে।

– সেইটো কি ৰং?

– উফ, সেইয়াও নাজানা। পিংক আৰু অৰেঞ্জৰ মাজতে। মানে সেই মিহি নোম থকা বগৰীটোৰ গুলপীয়া ৰঙটোৰ নিচিনা, পিচ্চ  কালাৰ।

– ধেই, মই বুজাকে কোৱা। নহ’লে মোৰ পছন্দৰ ৰঙৰ আনি দিম।

– নালাগে। তোমাৰ পছন্দৰ ৰং সেই ঘাইকেইটাহে। আনিলে এইটো ৰং আনিবা, নহ’লে নালাগে, বাকী ৰংবোৰ আছেই।

– ৰংটো বুজি পালেহে মই।

– আচ্ছা শুনা, তুমি আৰু মই যে তোমাৰ বচৰ ঘৰলৈ গৈছিলো এবাৰ। ডেৰ বছৰমানৰ আগত। মনত আছে নে?

– অঁ, কিবা কাম এটাত ক্ষন্তেকৰ বাবে সোমাইছিলো ন?

– অঁ, অঁ । তেওঁলোকৰ ড্ৰয়িং ৰুমটো মনত আছে নে? দামী দামী আচবাব, দামী দামী বস্তু। ডাঙৰ এটা একুৰিয়াম। তাতে যে বহুকেইখন ফটো ওলোমাই থোৱা আছিল ৱালত, মনত আছে নে?

– অঁ অঁ, আছে অলপ।

– সেই ফটো লগাই থোৱা ৱালখনৰ কাষৰ পৰ্দাখনেই পিচ্চ কালাৰ।

– উস্! কৃষ্ণ! মূৰটো ঘূৰাই গ’ল। গোটেই দ্ৰয়িং ৰুমটো ঘূৰি আহিলো, পৰ্দা নেদেখিলো।

 

– উফ, অলপ জোৰ দি মনত পেলোৱা, সেইটো কালাৰেই লাগে।

– হ’ব দিয়া মই মনত পেলাই মিলাই ল’ম।

মাজৰাতি মাকৰ চিঞৰত ককায়েক, ভনীয়েক দুয়োটাই সাৰ পালে। কান্দি থকা মাকৰ মাতটো দুয়ো স্পষ্টকৈ শুনিলে। দুয়োটাই মাক, বাপেকৰ ৰুমলৈ ঢপলিয়াই গ’ল। অবিন্যস্ত চুলিৰে মাকে বিচনাখনত বহি কান্দি আছে। দেউতাক অলপ আঁতৰত চিন্তিত হৈ থিয় হৈ আছে।

– কি হ’ল মা, দেউতা?

– দেউতাৰক সোধ কি হ’ল।

– কি হ’লনো দেউতা?

– আজিৰ দিনটোত দেউতাৰাই এনে কৰিব লাগেনে! নোৱাৰিলে আশা কিয় দিয়ে? নোৱাৰা বস্তুটো নোৱাৰো বুলি স্পষ্ট কৈ ক’ব লাগে। কি কৰিলা এয়া? চব সপোন ধুলিস্যাৎ হ’ল। পাইনে এনে কৰিব? হুক, হুক..

– ভুল হৈ গ’ল। মই ঠিক কৰি দিম দিয়া। এতিয়া ৰাতিখন কন্দা কটা বন্ধ কৰা। ওচৰ চুবুৰীয়াই শুনিব।

– মা, দেউতা নোকোৱা কিয়, কি হ’ল?

– দেউতাৰাই এইবাৰ আমাৰ মেৰিজ এনিভাৰচেৰিত মোক বোলে কাপোৰ দিয়ে। কালাৰো সুধিলে। মই ইমান হেপাহত ক’লো, কিন্তু আনিলে চাচোন মদৰুৱা চিলচিলিয়া এইযোৰ। মই কেনেকৈ পিন্ধো কচোন…. ইমান হেঁপাহ কৰিছিলো। হুক, হুক.. কালাৰটো চিনি নাপাব বুলি বুজাইও দিলো, তথাপি…

তেতিয়াহে সিহঁতে মন কৰিলে মাকৰ সন্মুখত বিচনাত পৰি থকা কাপোৰযোৰলৈ।

– তুমি কোৱা মতেই আনিছিলো। সেই পৰ্দাৰ কালাৰ, পিচ্চ কালাৰ।

– এইটো কালাৰ সিহঁতৰ মেইন দৰ্জাৰ পৰ্দাতহে আছিল। হুক, হুক.. মই কোৱাটো ৱালৰ কাষৰ নেট পৰ্দাত….. হুক, হুক…

– মোৰ যিখন পৰ্দা মনত আছিল, তেনেকুৱাই আনি দিলো। লোকৰ ঘৰৰ পৰ্দা ইমান কিয় মনত থওঁ!

– কাৰোবাক সুধি ল’বতো পাৰিলাহেঁতেন।

– মোৰ লাজ নালাগে নেকি?

– হ’ব দিয়া, মোৰেই ভুল। ময়ে ভুল কালাৰ এটা ক’লো। জানিবই লাগিছিল মই কি হ’ব….

– হেৰা, তোমাৰ পিচ্চ কালাৰৰ কাৰণে এই ৰাতিখন ঘৰৰ পিচ নষ্ট নকৰিবা। মই তোমাৰ পিচ্চ কালাৰৰ আশা পূৰণ কৰি দিম। এতিয়া মনে মনে থাকা। আজি এইযোৰেৰে চলোৱা, পিছত গধূলি তোমাৰ পিচ্চ কালাৰৰ কাপোৰ বিচাৰি যাম, আটাইকেইটা ওলাবা। এতিয়া হেপ্পি হোৱা। হেপ্পি এনিভাৰচেৰি।

– হুঃ, হেপ্পি এনিভাৰচেৰি।

– মা, দেউতা হেপ্পি এনিভাৰচেৰি।

☆ ★ ☆ ★ ☆

One comment

  • Pranita Goswami

    ভাল লাগিল। পচন্দৰ ৰংটোৰ কাপোৰ পালেনে পাছত।

    Reply

Leave a Reply

Your email address will not be published.