ফটাঢোল

ৰকষ্টাৰ : পার্থ প্ৰতীম শৰ্মা

এই দিনটোৰ সপোন গোটেই জীৱনজুৰি দেখি আছিলোঁ। গায়ক হোৱাৰ সপোন কোনজন মানুহৰ নাই! এই মানুহৰ কিৰিলিবোৰ, মানুহৰ মুখত মোৰ নামটো! জীৱন ধন্য হ’ল আজি। আৰু কি লাগে জীৱনত! তোমাৰ কণ্ঠই যদি মানুহক বান্ধি ৰাখে, তোমাৰ কণ্ঠতেই যদি মানুহে হাঁহে, তোমাৰ কণ্ঠতেই যদি মানুহে কান্দে, তোমাৰ কণ্ঠতেই যদি মানুহৰ হাতত নিজে নিজে বাউল উঠে, কি লাগে জীৱনত। অহংকাৰ হোৱা নাই, কিন্তু জীৱনৰ সফলতাত আজি সুখী হৈছোঁ।

মঞ্চলৈ উঠি যাবলৈ সাজু হৈছোঁ। মঞ্চৰ ওপৰৰ পৰা ঘোষিকাগৰাকীয়ে মোৰ নামটোৰ আগত এসোপামান বিশেষণ যোগ দি কিবা-কিবি কৈ আছে। সেইবোৰলৈ মোৰ মন নাই। কিন্তু এই যে শ্ৰোতাখিনিয়ে মোৰ গান শুনিবলৈ ৰৈ আছে তাকেই ভাবি ভাল লাগিছে। লাহে লাহে মঞ্চলৈ উঠি গ’লোঁ।

কিৰিলিত কাণ-তাল মাৰি যাব ধৰিছে। হাতখন জোকাৰি জোকাৰি মই সকলোকে মৌন সম্ভাষণ জনালোঁ। অকণমান জীণ পৰাত ক’লোঁ,

: মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ।

পুনৰ কিৰিলিৰে গোটেই পৰিৱেশটো ৰজন-জনাই গ’ল। দুই-এগৰাকীয়ে মোৰ নাম লৈ কিবা চিঞৰিবলৈ ধৰিছে। তেওঁলোকৰ ফালে আঙুলি টোঁৱাই ক’লোঁ,

: গীতৰ সভাত তুমিয়েইতো প্ৰধান অলংকাৰ।

আকৌ কিৰিলি। এই মৰমবোৰেইতো জীৱনৰ চালিকা শক্তি। নিজৰ গতানুগতিক ভংগীমাৰে ক’লোঁঁ,

: আই এম ফ্ৰম আছাম, এণ্ড হোৱাট আই জাষ্ট চেইদ ইন মাই নেটিভ লেংগুৱেজ মিনছ- হেভ মাই প্ৰণাম, ইয়ু গাইজ আৰ অফ প্ৰাইমেৰী ইম্প’ৰটেঞ্চ হিয়াৰ। লেট মি ছেয়াৰ ই্যু দা ফেক্ট দেট দিজ আৰ লাইনছ অফ এ ফেমাছ চং অফ ভূপেন হাজৰিকা ফ্ৰম আছাম।
ৱেল, আই এম ন’ত এট আল আ গুড স্পীকাৰ, এণ্ড বিফ’ৰ ইয়ু কাম টু ন’ অফ দেট ফেক্ট, লেট মি ষ্টাৰ্ট উইথ চংছ।

তাৰ পিছত এটা এটাকৈ গান গাই গৈ আছোঁ। প্ৰতিটো গানত শ্ৰোতাৰ সঁহাৰিয়ে আহ্লাদিত কৰিছে। এটাৰ পিছত এটাকৈ ফৰ্মাইছ আহি আছে। ময়ো পাৰ্যমানে তেওঁলোকৰ ফ’ৰ্মাইছ পূৰাবলৈ যত্ন কৰিছোঁ।
এটা সময়ত মোৰ ভাগৰ লাগি আহিবলৈ ধৰিলে। সেয়েহে শেষ গানটো গাই, শ্ৰোতাৰ পৰা বিদায় মগাৰ কথা ক’লোঁ,

: এণ্ড দিচ ইজ মাই লাষ্ট চং ফ’ৰ অল ইয়ু লাভলী পিপ’ল। লাভ ইয়ু অল৷

হাতত গীটাৰ লৈ ষ্টেণ্ড মাইকটোৰ ওচৰলৈ গৈ গালোঁ,

: তুম হো তো গাতা হেই দিল… তুম নহী কুছ তো ভী নহী,, তুম হো তো…………..তুম হো তো হে…..

গানৰ তালে তালে লাইটৰ পোহৰবোৰ সলনি হৈছে। একেই তালত বাউল উঠিছে মানুহৰ হাতত, যেন মানুহৰ হাত নহৈ সাগৰৰ ঢৌহে। আসঃ ইমান মৰম, ইমান প্ৰেৰণা। সুখ বুলি পৃথিৱীত যদি কিবা আছে, তেনে সেয়া আছে এই মৰমবোৰৰ মাজত। মনৰ আনন্দত দীঘলীয়া সুৰ টানি গালোঁ,

: জো তুম হো তো, য়ে লগতা হেই………

: আৰে ও ভাই চাহাব। পাগল হো গয়ে হো ক্যা? দিনমে বছ দিমাগ খাতা হেই, ৰাত মেই ইয়ে গানা চুনাতা হেই। জিন্দগী নৰক বনা দিয়া য়াৰ মেৰা….. অৰে ও পাৰ্থ, কমচে কম নীন্দমে তো গানা মত গাৱ, দিন ভৰতো ভেঁচ কি তৰহ চিল্লাতেহি ৰেহতে হো, ৰাতকো কমচে ক’ম চ’নে দো।

ৰূমমেটৰ মাততহে মোৰ গীতৰ সামৰণি পৰিল।

☆ ★ ☆ ★ ☆

4 Comments

  • anjan sadhanidar

    তামাম বেটা৷ চেষ্টাৰ সাধ্য আছে৷

    Reply
  • Anonymous

    মানে শ্ৰোতা এজনহে আছিল।

    Reply
  • হেমন্ত কাকতি

    পাৰিবা৷ গাই যোৱা৷ তামাম পাৰ্থ

    Reply
  • চেষ্টাৰ অসাধ্য একো নাই পাৰ্থ ।প্ৰেকটিছ কৰি থাকা ।

    Reply

Leave a Reply

Your email address will not be published.