ফটাঢোল

ৰক্ষকেই ভক্ষক-জয়ন্ত গগৈ

ক্লাচিক 350 বুলেটখন ষ্টেণ্ড কৰিয়েই ৰেয়াৰ ভিউ আইনাখনৰ ওচৰলৈ গৈ চুলিখিনিত বাওঁহাতৰ আঙুলি বুলাই ঠিক কৰি ল’লোঁ। কোনোবাই কথাটো মন কৰি আছে নেকি বুলি চাৰিওফালে চকু ঘুৰাওঁতেই শ্ৰীমতীয়ে মিচিকিয়া হাঁহি এটি মাৰি ক’লেই নহয়,

– এঃ হ’ব হ’ব! কি যে মানুহটো আৰু! ইমান ষ্টাইলিচ!

ফুলমাস্ক হেলমেট পিন্ধিলে চুলিৰ সন্মুখভাগ তালুৰ লগত লিপিট খাই যায় বাবেই হাতৰ আঙুলি বুলাই চুলিখিনি এটা ভাঁজত উফন্দাই ঠিক কৰি ল’লেহে মোৰ ভাল লাগে। নহ’লে কিবা এটা অশান্তি অনুভৱ কৰি থাকোঁ চুলিখিনিক লৈ। চুলিখিনিৰ বাবেইতো মোৰ চেহেৰা, অলপ হ’লেও দেখনীয়াৰ হৈছোঁহক। চফল ডেকা দিনৰেপৰা এইদৰে গাড়ী বা মটৰচাইকেলৰপৰা নামিয়েই চুলিখিনি ঠিক কৰি লোৱাটো মোৰ অভ্যাস। বিয়াৰ পিছত শ্ৰীমতীৰ দেখি আমনি লাগিলেও, য’লৈকে গৈছোঁ তাতেই গাড়ী বা মটৰচাইকেলৰপৰা নামিয়েই ৰেয়াৰ ভিউ গ্লাচত মই মোৰ চুলিৰ সৌন্দৰ্য্য চৰ্চা কৰিছোঁৱেই। পৰিপাটি হ’বলৈ সৰুৰেপৰাই চেষ্টাৰ অলপমানো ত্ৰুটি কৰা নাই। সৰুতে চুলিৰ গঠন ঠিকেই আছিল। বিয়াৰ ঠিক দুই বছৰমানৰ আগৰপৰাহে কপালখনৰ ওপৰৰপৰা লাহে লাহে চুলিবোৰ থাকিবলৈ কিবা বেয়া পোৱা হৈছেগৈ। লাহে লাহে চুলিৰ সংখ্যাবোৰো এনেদৰে কমি আহিছেগৈ যে, কিচকিচিয়া ডাঠ চুলিৰ কলেজীয়া দিনৰ ফটোৰ লগত এতিয়াৰ উদং কপালৰ তালুৰ ফটো দুখনৰ মাজত বিৰাট তফাৎ দেখোঁ। এইলৈয়ে শ্ৰীমতীৰো উপহাস – আগেয়ে এই চেহেৰা দেখা হ’লে কেতিয়াও বিয়াত হাঁ নকৰিলোঁহেঁতেন দেই। সুবিধা পালেই জোকাই থকা খুলশালীজনীৰ কথাতো আৰু নক’লেও বুজিব পাৰি! অফিচৰ সহৰ্কমী পাৰ্থৰ উপদেশ মানি হেয়াৰ গ্ৰাফ্টিং বা হেয়াৰ ট্ৰান্সপ্লান্ট’ কৰিবলৈ মন মেলিলোঁ। শ্ৰীমতীৰো সহাৰি পোনচাতেই পালোঁ যেতিয়া চহৰৰ বিখ্যাত নিৰাৰোগ্যনম চিকিৎসালয়ৰ হেয়াৰ গ্ৰাফ্টিং, হেয়াৰ ট্ৰান্সপ্লাণ্ট বিশেষজ্ঞৰ কাষ চাপিলোঁ। প্ৰায় দুই-তিনি ঘণ্টামানৰ এক চিকিৎসা। চিকিৎসকে দিয়া সময় অনুসৰিয়েই নিৰ্দিষ্ট দিনা চিকিৎসালয়ৰ অপাৰেচন কেবিনত সোমালোঁগৈ। অপাৰেচনৰ থিয়েটাৰৰপৰা ওলাই আহি মূৰৰ তালুলৈ চুলিৰ গঁজালিবোৰ আইনাত প্ৰতিবিম্বিত হোৱাত মনটো এক অজান সুখত ভৰি পৰিল। এতিয়া অন্ততঃ খুলশালীকেইজনীয়েও উদং তালুৰ ভিনীহিয়েকক জোকাই থাকিব নোৱাৰিব – “ভিনদেউ, মূৰৰ চুলি চিঙি চিঙি কাকনো ইমানকৈ আশীৰ্বাদ দিছে অ’? নে বাইদেউৰ মতে আপুনি নচলে নেকি? নে খং চুলিৰ আগ পালেগৈ চুলি আঁজুৰি আঁজুৰি শেষ কৰিহে শান্ত হয়…..”. ইত্যাদি ইত্যাদি অনেক বাক্য!

চিকিৎসকৰ পৰামৰ্শ মৰ্মেই যিকেইবাৰ পৰীক্ষণৰ বাবে দিন দিছিল, প্ৰতিবাৰেই সময়তে গৈছোঁ আৰু চিকিৎসকৰ পৰামৰ্শবোৰ আখৰে আখৰে পালন কৰিছোঁ। এবাৰ সংৰোপিত চুলিৰ মাজত কিবা আঠাসদৃশ প্ৰলেপ এটি দিছিল। সেইকেইটা দিনত যাতে চুলিৰ অলপ বিশেষ যতন লোৱা হয়, এই লৈ চিকিৎসকে কেইবাবাৰো উনুকিয়াইছিল। চুলি ধোৱা বা চুলি আঁজুৰ বা টান খাব পৰা আদি সমস্যাৰপৰা দূৰত থকা – এই সম্বন্ধে চিকিৎসকে পৰামৰ্শবোৰ দিছিল আৰু এই অভাজনেও কথাবোৰ আখৰে আখৰে পালন কৰিবলৈ অপ্ৰাণ চেষ্টা কৰিছোঁ। নতুনকৈ গঢ় লোৱা চেহেৰাৰ বাবে অফিচৰ দুজনমানক চাহৰ পাৰ্টিও খুৱাব লগা হ’ল। ভালো লাগে, মোৰে প্ৰশংসাত তেওঁলোক বিৰাজমান। চিকিৎসকে বান্ধি দিয়া সময়কণত বহু সাৱধানে চলিছোঁ। হাতৰ আঙুলিবোৰ যাতে চুলিৰ মাজত প্ৰৱেশ নকৰেগৈ তাৰ হকে মনটো স্থিৰ কৰি লৈছোঁ। আইনাৰ আগত থিয় হৈ এতিয়া কিবা এটা অনামী সুখ অনুভৱ কৰোঁ। অফিচলৈ বেছি দূৰ নহয় যদিও এইকেইদিন গাড়ীখনকে লৈ গৈছোঁ, একমাত্ৰ নকৈ সঁজাল ধৰা চুলিখিনিৰ খাতিৰতে। অফিচ ফাইলবোৰৰ লগত ব্যস্ত হৈ থকাৰ মাজতে অফিচ বয় ভড়ালীয়ে আগবঢ়াই দিয়া তামোল এখন খাই গোটেই শৰীৰটোৱেই ঘামত তিতি-বুৰি চপচপীয়া হ’লোঁ। বিন্দু বিন্দু ঘামৰ কণিকাই চুলিৰ মাজত পিৰপিৰাই আছে যদিও বহু ধৈৰ্য্যৰে দুয়োখন হাত স্থবিৰ কৰি ৰাখিছোঁ। ফেনৰ তলিত বহু সময় বহাৰ পিছতহে শৰীৰটো শীতল শীতল লাগিল। ভড়ালীয়ে কি (?) হেলেঙি ধৰা তামোল খোৱালে! তেনেতেই শ্ৰীমতীয়ে ফোনেৰ জনালে – ঘৰলৈ শ্ৰীমতীৰ মাক, ভনীয়েক আৰু বান্ধৱী এগৰাকী আহিছে। দুপৰীয়া সাজৰ বাবে মাছ বিলাহী বা লোকেল চিকেন অলপ বজাৰ কৰি দিব লাগে। ততাতৈয়াকৈ পাৰ্থৰ বুলেটখন লৈ অফিচৰ কাষতে বহা বজাৰৰপৰা বস্তুকেইপদ ল’লোঁ। পাৰ্থই গাড়ীখন লৈ অলপ সময়ৰ আগতেই এফালে ওলাই গ’ল। গাড়ীখনলৈ অপেক্ষা নকৰি পাৰ্থৰ বুলেটখন লৈয়ে খৰখেদাকৈ ঘৰ পোনালোঁ। বজাৰৰ বেগকেইটা শ্ৰীমতীলৈ আগবঢ়াই ফুলমাস্ক হেলমেটটো খুলি দুৱাৰদলিত ভৰি দিছোঁহে, খুলশালীজনী দেখোন হাঁহিত ৰ’ব নোৱাৰা হৈছে। ভিতৰৰপৰা ওলাই অহা শ্ৰীমতীয়েও ভনীয়েকৰ হাঁহিৰ লগত যোগ দিলেহি। কি হৈছে মই একোৱেই ধৰিব পৰা নাই। হাঁহিত ৰ’ব নোৱাৰা হৈ চোফাত বাগৰি পৰা খুলশালীজনীয়ে হাঁহি হাঁহি ক’বলৈ ধৰিলে –

– “ঐ ভিনদেউ, ডেকা ধুনীয়াটি হৈছিল বুলিহে দেখা এটা দি যাওঁ বুলি আহিছিলো। পিছে ক’তা? সেই একেই দেখোন!”

– হে….ৰি … আপোনাৰ চু…লি…খি ..নি কি হ’ল!

– শ্ৰীমতীয়ে কোৱা কথাষাৰতহে বুজিব পাৰিলোঁ, মোৰ চুলিৰ ভাঁজবোৰ নিশ্চয়ে অলপ বেলেগ ৰূপ লৈছে। সোঁহাতখন লাহেকৈ কপালৰপৰা ক্ৰমান্বয়ে ওপৰলৈ লৈ গ’লো। ই কি! নকৈ সঁজাল ধৰা চুলিবোৰচোন হাতৰ স্পৰ্শলৈ অহা নাই! ৰুমলৈ গৈ আইনাৰ সম্মুখত ঠিয় হৈ মনতো শেঁতা পৰি গ’ল। চুলিখিনিৰ কি হ’ল, কেতিয়া আঁতৰিল, হেলমেট নিপিন্ধাকৈ মটৰচাইকেলত বজাৰলৈ যাওঁতেই বতাহত উৰিল নেকি? নে তামোলৰ হেলেঙিত টাৱেল লৈ মুখ-হাত মোহাৰোতে মূৰটোও মোহাৰি পালোঁ নেকি….. আদি নানান চিন্তাই মনটো খেলিমেলি লগালে। অকণমানো উৱাদিহ পোৱা নাই! বাহিৰলৈ ওলাই পদূলিমুখৰ গেটখনলৈকে চুলিৰ সন্ধান এটি আলেঙে আলেঙে চলালো। নাই ক’তো নাম গোন্ধ নাপালো! তেনেতে খুলশালীজনীয়ে চিঞৰিলে,

– ঐ ভিনদেউ… ভিনদেউ… এইফালে আহক… এইফালে আহক। আপোনাৰ চুলিখিনি মই পাই গ’লো। চাওকহিচোন।

খুলশালীজনীয়ে আগবঢ়াই দিয়া ফুলমাস্ক হেলমেটটোৰ ভিতৰৰ স্পঞ্জ আৰু নেট কাপোৰৰ লগত চুলিখিনি ধুনীয়াকৈ লিপিট খাই আছে। মনলৈ আহিল – হেলমেট নিপিন্ধাকৈ মটৰচাইকেলত আহিলে, তালুৰ নকৈ সঁজাল ধৰা চুলিখিনি বতাহত উৰি যোৱাৰ বা এৰাই যোৱাৰ ভয়তহে ফুলমাস্ক হেলমেটটো পিন্ধিছিলো। ধেৎ! আজিচোন ৰক্ষকেই ভক্ষক হৈ পৰিল!

☆ ★ ☆ ★ ☆

4 Comments

  • কাবেৰী মহন্ত

    ধুনীয়া লিখিছা জয়ন্ত৷ বৰ ভাল লাগিল, লিখি থাকিবা

    Reply
  • Pranita Goswami

    হাঃ হাঃ, চুলিৰ বাবেই এই বিলৈ।

    Reply
  • Minati Mahanta

    তুমি দেখোন পুৰা হাস্য ব্যংগৰ ভিতৰত সোমালা ! বৰ ভাল লাগিল জয়ন্ত ।

    Reply
    • জয়ন্ত গগৈ

      আমৈদ’, বাইদেউহঁতৰ উৎসাহতে দুই এটি লিখনি লিখি আছোঁ।

      Reply

Leave a Reply

Your email address will not be published.