ফটাঢোল

ৰজাৰ বান পৰিদৰ্শন-ৰঞ্জিত কুমাৰ শৰ্মা

এখন দেশৰ পূব প্ৰান্তত থকা এখন ৰাজ্যত প্ৰতি বছৰেই বানপানী হয়৷ চৌদিশে প্ৰজাৰ হাঁহাকাৰ লাগে৷ প্ৰজাগণৰ দুখ-কষ্ট দেখি প্ৰান্তীয় ৰজাৰ বুকুৱেও হাঁহাকাৰ কৰি উঠে৷ আপেল-আঙুৰ, সোমৰস একোকেই খাবলৈ মন নোযোৱা হয় ৰজাৰ৷ প্ৰতি বছৰে ৰজাই বান পৰিস্থিতি পৰিদৰ্শন কৰে, বানৰ কবলত পৰা লোকৰ খবৰ লয়৷ বিভিন্ন প্ৰতিশ্ৰুতিও দিয়ে৷ কিন্তু বানপানীয়েহে ৰজা-প্ৰজাৰ দুখ বুজি নাপায়৷ প্ৰতি বছৰে আহিয়েই থাকে৷ কোনো কোনো বছৰতটো দুই-তিনিবাৰকৈ আহে৷ 

এবছৰৰ কথা৷ বৰদৈচিলাই মাকৰ ঘৰলৈ বিহু খাবলৈ যোৱাৰ দৰে পৰম্পৰা ৰক্ষা কৰি ৰাজ্যখনত বানপানীয়েও সংহাৰী ৰূপ লৈছে৷ ৰজা চিন্তিত হৈ পৰিছে৷ হ’বই দিয়কচোন৷ যি প্ৰজাই তেওঁক ৰজা পাতিছে সেই প্ৰজাৰ দুখ তেওঁ সহে কেনেকৈ বাৰু! প্ৰজাৰ দুখত ব্যথিত ৰজাই বান পৰিস্থিতি নিজ চকুৰে চোৱাৰ আৰু বানপীড়িতৰ মাজলৈ যোৱাৰ বাবে মন কৰিলে৷ ৰজাই মহামন্ত্ৰীক তেওঁৰ ভ্ৰমণৰ সকলো ব্যৱস্থা কৰিবলৈ ক’লে৷ মহামন্ত্ৰীয়ে ৰাজ জ্যোতিষীক কথাষাৰ জনালে৷ ৰাজ জ্যোতিষীয়ে মঙল চালে৷ জ্যোতিষীয়ে মঙল চাই মহামন্ত্ৰীক জনালে যে শনিবাৰ, দেওবাৰ আৰু মঙলবাৰে ৰজাই বাহিৰলৈ ওলোৱাটো ঠিক নহ’ব৷ বাকী কেইদিনত তেওঁ যাব পাৰিব৷ সোমবাৰে পূবফালে নোযোৱাই ভাল হ’ব বুলিও জ্যোতিষীয়েও জনালে৷ মহামন্ত্ৰীৰ মুখেৰে জ্যোতিষীৰ কথা শুনাৰ পিছত ৰজাই দুদিন পিছতে, অৰ্থাৎ সোমবাৰে ৰাজ্যৰ পশ্চিম দিশৰ বান পৰিস্থিতি চোৱাৰ কথা মহামন্ত্ৰীক জনালে৷ মহামন্ত্ৰীয়ে কথাষাৰ সেনাপতিক জনাই সকলো ব্যৱস্থা কৰিবলৈ ক’লে৷ সেইমতে সকলো ব্যৱস্থা কৰা হ’ল৷

সোমবাৰে ৰজা ওলাল বান পৰিস্থিতি চাবলৈ৷ ত্ৰিশ মিনিটমানৰ ভিতৰতে ৰজাৰ আকাশীৰথ ৰাজ্যৰ পশ্চিম প্ৰান্তৰ এখন মৌজাত উপস্থিত হ’ল৷ তাত সকলো ব্যৱস্থা কৰি থোৱা আছিল৷ মৌজাদাৰৰ উপৰি মৌজাৰ শীৰ্ষ পদাধিকাৰীৰ নেতৃত্বত স্থানীয় বিষয়া-পৰিষদবৰ্গই ৰজাক শৰাই, জাপি, ফুলাম গামোচাৰে আদৰণি জনালে৷ ইয়াৰ পিছত স্থলৰথেৰে ৰজাক গাঁও অভিমুখে লৈ যোৱা হ’ল৷ এঠাইত এখন ডাঙৰ নাও সাজু কৰি থোৱা আছিল৷ চিপাহী আৰু ডুবাৰু বাহিনীৰ বাবেও দুখন নাও সাজু কৰা আছিল৷ ৰজাক ডাঙৰ নাওখনত উঠোৱা হ’ল৷ মৌজাদাৰ, মৌজাৰ শীৰ্ষ পদাধিকাৰী, সৈন্যবাহিনীৰ বিষয়া, দক্ষ চিপাহী চাৰিজনমান আৰু দুই-চাৰিজন ৰাজ কৰ্মচাৰীও ৰজা উঠা ডাঙৰ নাওখনত উঠিল৷ দুজন স্থানীয় গঞাকো বিশেষ প্ৰশিক্ষণ দি নাওখনত তোলা হ’ল৷ বানৰ পানী ফালি ফালি আগবাঢ়িল ৰজাৰ নাও৷ কাষে কাষে আন দুখন নাৱো চলিল৷ ৰ’দ-বৰষুণৰ পৰা ৰজাৰ নাওখনৰ যাত্ৰীক ৰক্ষা কৰাৰ সকলো ব্যৱস্থাই কৰা হৈছে৷ নাওখনত বহাৰ ব্যৱস্থাও সুন্দৰকৈ কৰা হৈছে৷ যন্ত্ৰচালিত নাওখনে ভুট ভুট শব্দ কৰি কিছুদূৰ আগবঢ়াৰ পিছতে লঘু আহাৰৰ ব্যৱস্থা কৰা হ’ল৷ লঘু আহাৰ মানেনো আৰু কি? এটাকৈ মালভোগ কল, দুটুকুৰামানকৈ আপেল, কেইটামানকৈ কাজু বাদাম, কম মিঠা থকা এটাকৈ ছানাৰ মিঠাই আৰু শীতল ফলৰ ৰস, এইখিনিয়েই৷  ৰজাই এনে লঘু আহাৰ দেখি মনটোক বান্ধি ৰাখিব নোৱাৰিলে, সুধিয়েই পেলালে— ‘এইবোৰ কিয়? মই ৰাইজৰ খবৰ ল’বলৈহে আহিছোঁ৷’

মৌজাৰ শীৰ্ষ পদাধিকাৰীগৰাকীয়ে লগে লগে উত্তৰ দিলে— 

‘মহাৰাজ, এয়া কেৱল আপোনাৰ বাবেই আয়োজন কৰা হোৱা নাই৷ বানপীড়িত ৰাইজকো এইবোৰেই খুওৱা হৈছে৷ ৰাইজেই মৰমতে তেওঁলোকৰ অতিৰিক্ত ভাগৰ পৰা এয়া যোগাৰ কৰিছে৷’ 

পদাধিকাৰীগৰাকীয়ে এজন কৰ্মচাৰীৰ হতুৱাই নাওখনত থকা গাঁৱৰ লোকদুজনক ৰজাৰ সন্মুখলৈ আনিলে৷ দুয়োজন গঞাই ৰজাক সেৱা জনাই পদাধিকাৰীৰ কথাষাৰক সমৰ্থন জনাই ক’লে যে, তেওঁলোকেও তেনে খাদ্যই পাইছে৷ ৰজাই অৱশ্যে গোটেইখিনি নাখালে৷ কল, দুটুকুৰা আপেল খাই ফলৰ ৰসখিনি পান কৰিলে৷

কৰ্মচাৰী এজনে দুই গঞাক ৰজাৰ ওচৰৰ পৰা লৈ গ’ল৷ নাওখনৰ একাষলৈ নি কৰ্মচাৰীজনে দুয়োকে ক’লে— ‘কাইলৈ টকাখিনি লৈ যাব৷ অলপ বেছিকৈ ধৰি দিম৷ মোৰ কথাও ভাবিব৷’

নাওখনৰ পৰা ৰজাই ৰিণিকি-ৰিণিকি দেখিলে, কিছু দূৰত পানীত বুৰ নোযোৱা টিলা যেন অংশ এটাত এজাক মানুহ৷ তেওঁলোকে দুহাত দাঙি যেন কিবা বিচাৰিছে৷ ৰজাই পদাধিকাৰীক সেই দৃশ্য দেখুৱাই বিষয়টো জানিব বিচাৰিলে৷ পদাধিকাৰীগৰাকীয়ে ক’লে— ‘তেওঁলোকে আমাক হাত জোকাৰি আদৰণি জনাইছে৷ আমি সদাই তেওঁলোকৰ খবৰ লৈছোঁ৷ খাদ্যও দিয়া হৈছে৷ সেয়ে তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰিছে৷ আপুনিও হাতখন জোকাৰি সঁহাৰি দিয়ক মহাৰাজ৷’ 

ৰজাই এনে দৃশ্য আৰু দুটামান দেখিলে৷ পদাধিকাৰীয়ে তলতীয়া বিষয়া এজনক কিবা ইংগিত দিলে৷ বিষয়াজনে পদাধিকাৰীগৰাকীক এযোৰ বিশেষ বিত-চকু দিলে৷ পদাধিকাৰীগৰাকীয়ে বিত-চকুযোৰ ৰজাক দি ক’লে— 

‘মহাৰাজ আপুনি এইযোৰ পিন্ধি লওক৷ চকুযুৰি ভাল লাগিব আৰু প্ৰকৃত দৃশ্যবোৰো ভালদৰে দেখিব৷ নহ’লে কোনোবা প্ৰতিক্ৰিয়াশীল চক্ৰই আপোনাক ভুল দৃশ্যও দেখুৱাব পাৰে৷’ 

ৰজাই বিত-চকু পিন্ধি লৈ ইফালে-সিফালে চালে৷ দূৰত দেখা পোৱা মানুহবোৰে যেন হাত জোকাৰি জোকাৰি ৰজাৰ জয়ধ্বনি দিছে, ৰজাই বিত-চকুৰে তেনেকুৱাই দেখিলে৷ কিছু দূৰত কলৰ ভূৰ এখনত পুত্ৰ-কন্যা এহালৰ সৈতে এগৰাকী মাতৃয়ে নিৰাপদ স্থানৰ সন্ধানত বাঢ়নী পানীৰ মাজে মাজে গৈ আছিল৷ ৰজাই বিত-চকুৰে সেই দৃশ্যও নৌকাবিহাৰৰ দৰে দেখিলে৷ ৰজাৰ মুখমণ্ডলত সন্তুষ্টিৰ ভাৱ ফুটি উঠিল৷ তেওঁও দুহাত জোকাৰি সকলোকে সঁহাৰি জনালে৷

কিছু সময় পিছত নাও ঘূৰিল৷ ৰজাৰ নৌকাযাত্ৰাৰ সামৰণি পৰিল৷ এইবাৰ ৰজাক ৰথেৰে লৈ যোৱা হ’ল তিনিটা আশ্ৰয় শিবিৰলৈ৷ 

পথ এটাৰ কাষতে থকা এখন পাঠশালা আৰু দুটা নামঘৰত আশ্ৰয় শিবিৰ পতা হৈছিল৷ তিনিওটা শিবিৰৰ প্ৰৱেশপথত ৰঙীন দলিচা পাৰি দিয়া হৈছিল৷ শিবিৰত থকা বন্যাৰ্তসকলক নিয়ন্ত্ৰণ কৰাৰ বাবে চিপাহী আগৰ পৰাই মোতায়েন কৰা আছিল৷ বন্যাৰ্ত কোনোৱে যাতে হুৰ্‌মূৰ্‌কৈ আগুৱাই আহিব নোৱাৰে তাৰ বাবে পাঠশালা আৰু নামঘৰৰ বাৰান্দাত বাঁহ বান্ধি দিয়া হৈছিল৷ আগদিনা আবেলি আন স্থানৰ পৰাও কেইগৰাকীমান লোকক আনি ভাগে ভাগে শিবিৰত ৰখা হৈছিল৷ সেই লোককেইজনক বন্যাৰ্তসকলৰ সন্মুখৰ ফালে থিয় কৰোৱা হ’ল৷ প্ৰথমটো শিবিৰত সোমাই ৰজাই পিন্ধি থকা বিত-চকুৰে দেখিলে— চাৰিওফালে সুন্দৰ পৰিবেশ৷ শিবিৰত আশ্ৰিতসকলৰ মুখবোৰ উজ্জ্বল৷ কাৰো পেটত হয়তো ভোক নাই৷ বাৰান্দাত থিয় দিয়া বন্যাৰ্তসকলৰ সন্মুখৰফালে থকা কেইজনমানৰ সৈতে ৰজাই কথা পাতিলে৷ তেওঁলোকে ৰজাঘৰীয়া আতিথ্যৰ শলাগ ল’লে৷ পদাধিকাৰী, মৌজাদাৰৰো নাম ল’লে তেওঁলোকে৷ ৰজাক শিবিৰটোৰ এটা কোঠালৈ লৈ যোৱা হ’ল৷ তাত কেইটিমান শিশু আছিল৷ কেইটিমান শিশুক বিদ্যালয়খনৰ কাষৰ পৰিয়ালৰ পৰাও অনা হৈছিল৷ সেউজীয়া দলিচা পাৰি দিয়া মজিয়াত শিশুসকলৰ বাবে শাৰী শাৰীকৈ সজাই থোৱা ৰং-বিৰঙৰ সৰু সৰু মেজ, পুথি, কোঠাত ৰং-বিৰঙৰ বেলুন আদি দেখি ৰজা অভিভূত হৈ পৰিল৷ ৰজাইও শিশুহঁতক কিবা দিব বিচাৰিলে৷ সকলো সাজু কৰা আছিলেই৷ এজন বিষয়াই ৰজালৈ আগবঢ়াই দিয়া পেকেটৰ পৰা উলিয়াই ৰজাই শিশুহঁতক পাখিকলম উপহাৰ দিলে৷ শিশুসকলকৰ সৈতে মৰমসনা মাতেৰে ক্ষন্তেক কথা পাতি ৰজা কোঠাটোৰ পৰা ওলাই আহিল৷ তেনেতে হঠাৎ দুগৰাকীমান বন্যাৰ্ত মহিলাই চিঞৰি উঠিল— 

‘মহাৰাজ আমাৰ কথাও শুনক৷ আমাৰ ঘৰ-দুৱাৰ শেষ হৈ গ’ল মহাৰাজ৷ ইয়াত তিনি দিনৰ মূৰত কালিহে খাবলৈ দিছে মহাৰাজ৷ এইবোৰ সব আজিৰ আয়োজন মহাৰাজ…৷’ 

ৰজাই মহিলাকেইগৰাকীৰ পিনে চাই ৰৈ উত্তৰ দিলে— ‘আপোনালোকে চিন্তা নকৰিব৷ সকলো ব্যৱস্থা হ’ব৷’ ইয়াতকৈ ৰজাই বেছি ক’ব নোৱাৰিলে৷ সময়ৰ তাগিদা দি ৰজাক সেইটো শিবিৰৰ পৰা উলিয়াই অনা হ’ল৷ একেই ব্যৱস্থাৰে ৰজাক আন দুটা আশ্ৰয় শিবিৰো দেখুওৱা হ’ল৷ উক্ত দুটা শিবিৰত যাতে কোনো বানপীড়িতই চিঞৰি কথা ক’ব নোৱাৰে ততাতৈয়াকৈ সেই ব্যৱস্থাও কৰা হ’ল৷ তিনিওটা শিবিৰৰ বন্যাৰ্তৰ বাবে দিয়া চাউল-দাইল হাতত লৈ ৰজাই মান পৰীক্ষা কৰিও চালে৷ সকলো ব্যৱস্থাত ৰজা মোহিত হ’ল৷ শিবিৰ ভ্ৰমণ শেষ কৰি মৌজাৰ অতিথিশালাত ৰজা, মৌজাদাৰ, পদাধিকাৰী-বিষয়া, পাৰিষদ সকলোৱে ভোজন কৰিলে৷ ভোজনৰ সময়তে ৰজাই মিচিকিয়া হাঁহিৰে মৌজাৰ শীৰ্ষ পদাধিকাৰীগৰাকীক বিত-চকুযোৰ ঘূৰাই দি ক’লে— 

‘আপোনালোকৰ বাবে বৰ কামৰ বস্তু এইটো৷’

ভোজন পৰ্ব শেষ হোৱাৰ পিছত ৰজাই আকাশীযানত উঠি ৰাজধানীলৈ উভতিল৷

উপসংহাৰঃ ৰজা যোৱাৰ পিছত নিশাটোৰ ভিতৰতে ৰজাই পৰিদৰ্শন কৰা তিনিওটা শিবিৰ আগৰ অৱস্থালৈ ঘূৰি আহিল৷ প্ৰথমটো আশ্ৰয় শিবিৰত ৰজাক দুৰ্দশাৰ কথা কোৱা দুগৰাকী মহিলাক পিছদিনাখন মৌজাৰ পদাধিকাৰীয়ে চিপাহীৰ দ্বাৰা মতাই নি আগলৈ তেনে আচৰণ নকৰিবলৈ সাৱধান কৰি দিলে৷

☆ ★ ☆ ★ ☆

2 Comments

  • Pranita Goswami

    সুন্দৰ ব্যংগ। ভাল পালোঁ পঢ়ি। বাস্তৱৰ চিনাকী ছবি।

    Reply
    • ৰঞ্জিত কুমাৰ শৰ্মা৷

      ধন্যবাদ জনালোঁ৷

      Reply

Leave a Reply

Your email address will not be published.