ফটাঢোল

ৰ’বাচোন, কথা এটা আছে- নিৰ্মালী বৰমুদৈ

: অয়ে নিৰ্মালী উঠ যায়ৌ য়াৰ। কলচে হমলগো কা অচ্ছে দিন খটম হ’গা।

শ্বিল্ংৰ বান্ধৱীজনীৰ মাতত ঘপহকৈ সাৰ পাই গ’লোঁ।

: কিউ ৰে? ক্যা হুৱা?

: অউৰ ক্যা হোগা! কলচে হম লগো কা জিমচি (গুৱাহাটী মেডিকেল কলেজ) কা ডিউটি খটম। অউৰ ধীৰেনপাৰা MCH মে ডিউটি ষ্টাৰ্ট হ’গা।

: হোৱাট দ্য হেল!

এইবুলি  চিঞৰ মাৰি একেজাঁপে বিছনাত বহি ল’লোঁ। কিবা অকন বিষাদৰ আইচবাৰ্গে যেন খুন্দিয়াই গ’ল। দুখ নালাগিবনো কিয়? ডিউটিৰ নামত কিমান যে ইণ্টাৰ্ণ ডক্টৰকেইটাৰ লগত কথাৰে মিহি মিহিকৈ চুগাৰ অকন টেষ্ট কৰিছিলোঁ। কম সুখৰ দিন আছিল সেয়া!আৰু সেই ফূৰ্তিকণ কলিতেই মোহাৰি নি এতিয়া আকৌ সেই ধীৰেনপাৰাৰ গেলা হস্পিতালখনত নি পেলাব বিছাৰিছে। মনৰ ভিতৰতে কাৰো সন্মুখত প্ৰকাশ কৰিব নোৱাৰা গালি দুটামান ফেকাল্টি মেম্বাৰছখিনিলৈ এৰি দিলোঁ।

দুখ মনে পিছদিনা আমাৰ গ্ৰুপটো ৮.৩০ মানত ধীৰেনপাৰা হস্পিতালত উপস্থিত হ’লোঁগৈ। মোৰ সৈতে আৰু পাঁচজনী মান ছোৱালীক হস্পিতাল ৱাৰ্ডত থাকিব দি মেদামে বাকীখিনি ছোৱালীক ওচৰৰ কমিউনিতিত হেল্থ ভিজিটৰ কাৰণে লৈ গ’ল। মোৰ ইমাৰজেন্সিত ডিউটি আছিল। হস্পিতালখনত ইমাৰজেন্সিত তেতিয়ালৈকে কোনো ডক্টৰ আহি পোৱা নাছিল। মনতে ভাবিলোঁ চহৰৰ নিলগৰ হস্পিতাল যে ডক্টৰবোৰে চাগে গুৰুত্বই নিদিয়ে ডিউটিত। এইহেন ভিতৰুৱা হস্পিতালত বুঢ়া ডক্টৰকেইটাৰ বাদে চাগে কোননো আহিব? বুঢ়া লাহে ধীৰে আহিব চাগে। দহমিনিট মান পিছতে হেলমেট পিন্ধা মানুহ এজন ঘচং মচংকৈ সোমাই আহিল। হেলমেট নুখুলাকৈয়ে আহি ডাক্টৰৰ টেবুলৰ ওচৰ পালেহি। মই চোঁচা মাৰি যোৱাদি গৈ মানুহজনৰ ওচৰ পাই ক’বলৈ ধৰিলোঁ,

: কি মানুহ ৰে আপুনি? এইখন হস্পিতাল বুলি নাজানে নেকি? এনেকৈ নোসোধা নেমেলাকৈ সোমাই আহে নেকি?

মানুহজনে অলপ অস্বস্তিবোধ কৰি মোক ক’লে,

: অহ্‌ বেয়া নাপাব দেই। মোৰ অলপ দেৰি হ’ল যে সেইকাৰণে ঘপহকৈ সোমাই গ’লোঁঁ৷

: বাৰু হ’ব হ’ব এতিয়া বাহিৰত বহক। ডাক্টৰ আহিলে মাতি দিম।

মই মানুহজনৰ ফালে নোচোৱাকৈয়ে ক’লোঁ৷ উৱা এয়া কি? মানুহজনে দেখোন মোৰ কথাত গুৰুত্ব নিদি ডাক্টৰৰ টেবুলৰ ফালে আকৌ আগবাঢ়ি গৈছে।

: হেৰি কি কৰিছে এইখন হয়নে? আপোনাক ইয়াত বহিবলৈ কোৱা নাই নহয়। বাহিৰত বহিবলৈ কৈছোঁঁ৷

কথাষাৰ কৈ মই মানুহজনৰ ওচৰ পালোঁগৈ। হঠাৎ মই মানুহজনৰ কাষ পোৱাত ৰৈ দিলোঁ, বাপ্পা ঐ! কি ধুনীয়া পাৰফিউম লগাইছে ৰে। একদম ৱাইল্দ ষ্টনৰ এডটোলৈ মনত পৰি গ’ল। আৰে এয়া আৰু সাংঘাতিক দেখোন। হেলমেটটো খুলি দিয়াত চুলিখিনি একদম চেইফ আলী খানৰ ডেনদ্ৰফৰ এডটোৰ নিচিনাকৈ কাণৰ কাষত আহি পৰি ৰৈছে। মুঠৰ ওপৰত এক চাবলগীয়া পৰিবেশ। লাহেকৈ হেলমেটটো টেবুলত থৈ মোৰ ফালে চাই মানুহজনে (ডেকাজনে?) মোক ক’লে,

: নিজৰ চকীত ন’বহি ক’ৰ বাহিৰত বহিবলৈ যাম?

এইবুলি কৈ মোৰ ফালে যিটো হাঁহি মাৰিলে নহয়, কোনোমতে নপৰাকৈ থিয়হৈ আছিলোঁ,

: আৰু মোৰ নাম ডাক্টৰ তন্ময় কলিতা৷ ইমাৰজেন্সিত মোৰেই ডিউটি আছে।

উহ! কি ধুনীয়া মাত ঔ….দেখিলেই যেন এবাৰতে প্ৰেম হৈ যাব পৰা ব্যক্তিত্ব এইজনাৰ। বুকুখনত মৃদু জোকাৰনি এটা হ’লেই ইতিমধ্যে। সেইজনাৰ মাত কথাতে ভোল যাওঁতে মই ছৰী ক’বলৈও পাহৰিলোঁ। মাথো ‘অহহ’ বুলি শব্দটোৰ বাদে একো এটা নোলাল৷

ইতিমধ্যে এজন দুজনকৈ ৰোগী আহিবলৈ আৰম্ভ কৰিছিল। ময়ো অইন দিনাতকৈ অলপ বেছি মনোযোগেৰেই কামবোৰত লাগিছিলোঁ। জোখতকৈ বেছিকৈয়ে ৰোগীৰ হিষ্ট্ৰী সুধিছোঁ। মুঠতে তেঁওৰ ওপৰত মই ইমপ্ৰেছন জমাব লাগে। মাজে মাজে আমাৰ চিনাকি পৰ্বও চলি থাকিল। তেঁওক কিন্তু নোকোৱাকৈয়ে মই কোন কলেজৰ পৰা আহিছোঁ গম পালে। হয়তো এপ্ৰনত কলেজৰ ল’গ’টো দেখিও গম পাব পাৰে। বাৰু যিনহওক ভাল লাগিছে তেওঁ যে মোক গুৰুত্ব দিছে। এনেকৈয়ে আঁৰ চকুৰে তেওঁক চাই থাকোঁতে কেতিয়ানো ডিউটিৰ সময় শেষ হ’বৰ হ’ল গমেই নাপালোঁ। আহিবৰ সময়ত তেওঁক ক’লোঁ,

: ছাৰ…মোৰ সময় শেষ হ’ল। আজিলৈ যাওঁ। কাইলৈ আকৌ লগ পাম।

তেঁও হঠাৎ পিছফালৰ পৰা মাত লগালে,

: যাবৰ হ’লেই নেকি? ৰ’বাচোন কথা এটা আছে।

কিবা এটা শিৰশিৰাই গ’লেই নহয় মোৰ দেহটোৰ মাজেৰে৷ মনতে ভাবিলোঁ, বাঃ নিৰ্মালী! প্ৰথম দিনাই চিক্সাৰ মাৰি দিলি। চাব্বাছ! নিশ্চয় তেওঁ ফোন নং খুজিব। তেনেকুৱাতে মোৰ ভাবনাত যতি পেলাই তেওঁ বেগৰ পৰা পেন ড্ৰাইভ এটা উলিয়াই মোক দি ক’লে,

: এইটো তোমালোকৰ কলেজৰ ফৰ্থ ইয়েৰৰ চয়নিকাক দি দিবাচোন, যদি বেয়া নোপোৱা।

ব্ৰেইনটোৰ ঘিউখিনিয়ে মেগীৰ পাকৰ দৰে কেইবাপাকো মাৰি কথাটোৰ উৱাদিহ নাপালোঁ। কিয় জানো একো সুধিবও নোৱাৰিলোঁ তেওঁক। হ’ব বুলি কৈ গাড়ী অভিমুখে খোজ দিলোঁ। লগৰজনীয়ে গাড়ীৰ ওচৰ পোৱাৰ লগে লগে মোক সুধিলে,

: তোক ডাক্টৰ তন্ময়ে কি দিলে ঔ?

মই তাইলৈ কৌতুহলৰে চাই সুধিলোঁঁ

: তই ডাক্টৰ তন্ময়ক চিনি পাৱ?

: উৱা কিয় চিনি নাপাম আকৌ? চয়নিকাৰ বাৰ বয়ফ্ৰেন্দ আকৌ।

সেই মুহূৰ্তত মোৰ এনেকুৱা লাগিছিল যেন হাতত থকা পেন ড্ৰাইভটোৰ লগত লগৰজনীকো যেন গটা মাৰি পেলাই দিম। ধেই কি জীৱন ৰে এইটো? না জিএমচিত থাকোঁতে শান্তিৰে কাৰোবাৰ লগত প্ৰেম কৰিব পাৰিলোঁ আৰু না আজি। কলিটো মেলিবলৈকে নাপায় গৰু ছাগলী সবেই আহি তচনচ কৰি থৈ যায়। পাৰি নেকি আৰু এনেকৈ জীয়াই থাকিব! যাহ আজিৰ পৰা কাৰোৰে প্ৰেমত নপৰোঁ। ইমান ধৌকা দিয়ে জিন্দেগীয়ে।

হেদফোনডাল কাণত ভৰাই এফ.এম ৰেদিঅ’টো অন কৰিছোহে মাত্ৰ, সিফালৰ আৰ.জেজনীয়ে মৌসনা মাতেৰে ক’বলৈ আৰম্ভ কৰিছে,

“আপুনি প্ৰেমত বিফল হৈছে নেকি? তেন্তে আহক….”

ধুই….ক’তো শান্তি নাই এই জীৱনটোত। এইজনীকো ওচৰত পোৱা হ’লে মোহাৰি পেলালোঁ হয়। নুশুনো একো যা।

☆ ★ ☆ ★ ☆

8 Comments

  • ইন্দ্ৰ মোহন বৰা

    বঢ়িয়া।

    Reply
  • Sadananda Bhuyan

    মজা

    Reply
  • বঢ়িয়া লাগিল নিৰ্মালী ৷মোৰ ঘৰ ধীৰেণপাৰাৰ ওচৰতে দেই৷ৰাজশ্ৰীৰ ঘৰ ধীৰেণপাৰাতে

    Reply
  • HEMANTA KAKATI

    তামাম নিৰ্মালী৷ ইমান যে দুখ ভৰি দাস্তান!

    Reply
  • পৰীস্মিতা দাস

    শেষৰ খিনি মজা ৷ শান্তিৰে ৰেডিঅ’টোও শুনিব নোৱাৰি ঔ বা

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বৰ দুখ লাগিল। পিছে তাতোকৈও দুখ লাগিল তুমি ধীৰেণপাৰা চহৰৰ বাহিৰৰ ভিতৰুৱা জেগাত বুলি কোৱা কাৰণে। কান্দি দিলো এজগ মান।

    Reply
  • অনামিকা গগৈ

    ভাল লাগিল।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    ধেই জিন্দেগী! লেখাটো বঢ়িয়া লাগিল৷ বাকী ফটাপ্ৰেমৰ বাবে চমবেদনা৷

    Reply

Leave a Reply

Your email address will not be published.