ফটাঢোল

ৰবীন আইলেণ্ডলৈ গৈছিলো মেণ্ডেলাৰ সুবাস বিচাৰি-অগ্নিভ দত্ত

ইতিমধ্যে দক্ষিণ আফ্ৰিকাত থকা কেইবাবছৰো হৈ গৈছে। দেশখনৰ য’তে যেনেকৈ সুবিধা পাইছোঁ‌ ঘূৰিছোঁ‌ ফুৰিছোঁ‌। যিমানেই ঘূৰিছোঁ‌ সিমানেই দেশখনক দেশখনৰ মানুহবোৰৰ প্ৰতি মনবোৰ শ্ৰদ্ধাৰে ভৰি পৰিব ধৰিছে। দেশখন যিদৰে প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰা  সেইদৰেই দেশখন বিভিন্ন ঐতিহ্যৰেও ভৰা। এইখন দেশতে নিযুত বছৰৰ আগৰ জীৱাস্ম আৱিস্কাৰ হৈছে ঠিক সেইদৰেই এইখন দেশতেই দশক যোৰা বৰ্ণ বৈষ্যমৰ বিৰুদ্ধে যুঁজি ন্যায় প্ৰতিষ্ঠা কৰি ইতিসাহ গঢ়ি তোলা হৈছে।

দেশখনৰ প্ৰাকৃতিক সৌন্দৰ্য্য আকৰ্ষণীয়। মানুহ সমৃদ্ধিশালী, বুৰঞ্জী আৰু সংস্কৃতি আদিয়ে দক্ষিণ আফ্ৰিকালৈ অহাৰ দিনাৰ পৰাই টানি নিছিল ইখনৰ পৰা সিখন ঠাইলৈ। প্ৰত্যেকখন ঠাইয়েই শিকাইছে দেশখনৰ নতুন নতুন কথা। জোহান্সবাৰ্গত ঘূৰি ফুৰোঁ‌তে যদি সোণৰ খনিৰে গঢ়ি তোলা চহৰখনৰ অতীত বিচাৰি পাইছোঁ‌ ঠিক সেইদৰেই ডাৰবান নামৰ চহৰখনত বিচাৰি পাইছোঁ‌ ডেৰশ বছৰীয়া ভাৰতীয় সংস্কৃতিৰ পোহৰ। এনেদৰে ইফালে সিফালে ঘূৰি ফুৰোঁ‌তে কিন্তু কেপটাউনখন থাকিয়েই গৈছিল।

কেপটাউন! বহুতৰ মতে কেপটাউনখন কেৱল দক্ষিণ আফ্ৰিকাৰে অন্যতম ধুনীয়া চহৰ নহয় ই বিশ্বৰে অন্যতম ধুনীয়া চহৰ।

এফালে হিমচেঁচা আটলাণ্টিক মহাসাগৰ আনফালে টেবুল মাউণ্টটেন তাৰমাজতে গঢ়ি উঠা স্বপ্নৰ চহৰ যেন এই কেপটাউন। ১৪৮৮ চনতে প্ৰথমবাৰৰ বাবে ইউৰোপীয়ান সকলৰ চকুত পৰিছিল এইখন ঠাই। খৈ খৈ বুলি আফ্ৰিকান জাতিটোৰ বাসস্থান আছিল এইখন ঠাই। লাহে লাহে আহি তাত বাহৰ পতা ইউৰোপীয়ানসকলে এদিন গোটেই কেপটাউনখনেই দখল কৰি পেলালে। সেইবোৰ এক অন্য ইতিহাস। সেইখন কেপটাউন চাবলৈ বুলি ২০১২ চনৰ ২১ ফ্ৰেব্ৰুৱাৰী দিনা পৰিয়ালসহ জোহানেন্সবাৰ্গৰ পৰা উৰাজাহাজেৰে উৰা মাৰিলোঁ‌। দুঘণ্টা লাগে উৰাজাহাজাত। কেপটাউন বিমান বন্দৰত নামি বাহিৰলৈ ওলাই অহাৰ লগে লগেই এজাক হিমশীতল বতাহে আদৰণি জ্বনালে।

ফ্ৰেব্ৰুৱাৰী মাহত দক্ষিণ আফ্ৰিকাত গৰমেই থাকে সাধাৰণতে। মে’ মাহত শীতকাল আৰম্ভ হয়। ইয়াত মানে কেপটাউনত কথা বেলেগ। ইয়াত দিনটোতেই বোলে চাৰিটা ঋতু দেখা পোৱা যায়। এয়াৰপৰ্টৰ পৰা ওলায়েই গাত জেকেটকেইটা সোমোৱাই লৈ ৱাটাৰফ্ৰণ্টত বুক কৰি থোৱা ‘প্ৰতিয়া কেপ কেছেল’ বুলি হোটেলখনলৈ বুলি হোটেলৰ পৰা পঠিয়াই দিয়া গাড়ীখনত উঠিলোগৈ। এয়াৰপৰ্টৰ পৰা গাড়ী ওলোৱাৰ লগে লগেই অনুভৱ কৰিলোঁ‌ কেপটাউনৰ সৌন্দৰ্য্য। চিক- চিকিয়া ৰাস্তাইদি হোটেল অভিমুখে গাড়ী আগবঢ়াৰ লগে লগে গাড়ীৰ চালক এন্দ্ৰেই আমাক কেপটাউনখনৰ বিষয়ে থুলমূলকৈ বুজাই আহিবলৈ ধৰিলে।

এন্দ্ৰেই আমাক ক’লে, যেতিয়াই বতৰ ভাল যেন পালে তেতিয়াই টেবুল মাউনটেইনলৈ এপাক মাৰি লোৱাতো ভাল। নহ’লে বতৰ বেয়া হ’ব লাগিলে কেপটাউনৰ পৰা ১০৮৯ মিটাৰ ওপৰত থকা টেবুল মাউনটেনলৈ যোৱা ‘কেৱল কাৰ’খন চলাটো বন্ধ কৰি দিয়ে যাতে কোনো বিপদজ্জনক পৰিস্থিতিৰ সৃষ্টি নহয়। কেতিয়াবা কেইবাদিনলৈও বতৰ বেয়া হ’লে ঘন কুঁ‌ৱলীৰে পৰ্বতটো আগুৰি থাকে। আমি গৈ পোৱা দিনা বতৰ ঠাণ্ডা যদিও  ফৰকাল আকাশ। গতিকে এন্দ্ৰেৰ পৰামৰ্শকে মানি হোটেলত সোমায়েই বস্তু বাহিনী ৰুমত যেনেকে তেনেকে দলিয়াই থৈয়েই একেকোবে টেক্সিত উঠিলোঁ‌গৈ টেবুল মাউনটেইনলৈ বুলি।

টেবুল মাউনটেইন পাওঁ‌ মানে আবেলিৰ বেলিটোৱে পাগ মাৰি উঠি গোটেইখন সোণোৱালী ৰঙেৰে উপচাই পেলাইছে। তলৰ পৰাই মন্ত্ৰমুগ্ধৰ দৰে চাই পঠিয়ালোঁ‌ ওপৰলৈ। পাহাৰখনৰ ওপৰখন সমান কাৰণেই তাক টেবুল মাউনটেইন নাম দিছিল। ইতিমধ্যে পাহাৰৰ ওপৰখন ঘন কুঁ‌ৱলীৰে এখন টেবুল ক্লথৰ দৰে ঢাকি ধৰিছেহি। কি এক অপৰূপ দৃশ্য সেইয়া। তলতে টিকট কাটি ‘কেবল কাৰ’ত উঠি ১০৮৯ মিটাৰ ওপৰলৈ যাবলৈ ধৰিলোঁ‌। কাৰখনে ৩৬০° ঘূৰি ঘূৰি ওপৰলৈ চলি যাবলৈ ধৰিলে। যিমানেই ওপৰলৈ গৈছোঁ‌ এক উত্তেজনাই চেঁপা মাৰি ধৰিছে। ছয়-সাত মিনিটত আমি গন্তব্য স্থান পালোঁ‌গৈ। কাৰখনত যোৱা ৩৯-৪০জন মানুহে চিঞৰি উঠিছে ওপৰৰ নৈসৰ্গিক সৌন্দৰ্য্য দেখি।

ফটো তোলাই ফটো তোলাত লাগিছে কোনোবাই ইফালে সিফালে ঘূৰি ঘূৰি হেঁ‌পাহ নপলোৱাকৈ চাবলৈ ধৰিছে। আমিও এফালৰ পৰা সৌন্দৰ্য্যৰ সুধা পান কৰাত লাগিছোঁ‌। ওপৰৰ পৰা কেপটাউন চহৰখন কিবা সপোনপুৰী যেন লগা হৈ পৰিছে। দূৰৰ পৰা আটলাণ্টিকাৰ নীলাবোৰ দূৰ দূৰলৈ বিয়পি পৰিছে। দূৰৈত  আটলাণ্টিকৰ মাজত  থকা বিশ্ব বিখ্যাত ৰবীন আইলেণ্ডটোও জিলিকি আছে। লাহে লাহে পাহাৰলৈ সন্ধিয়া নামি আহিবলৈ ধৰিলে। হঠাৎ ফেৰফেৰিয়া বতাহ আৰু কুঁ‌ৱলীয়ে গাবোৰ ধুৱাই যাবলৈ ধৰিলে।আটলাণ্টিকৰ নীলাবিলাক ডুবিব ধৰা বেলিটোৰ ৰঙাবোৰে বাংময় কৰি তুলিলে। ইফালে এটা দুটাকৈ কেপটাউন চহৰখনৰ জ্বলি উঠা লাইটবোৰে মুকুটাৰ দৰে উজ্বলি উঠিবলৈ ধৰিলে। গোটেই পৰিবেশটোৱেই সলনি হৈ উঠিবলৈ ধৰিলে।

মাউনটেইন কেফেৰ পৰা হাতে হাতে কফি, বিয়েৰ আদিলৈ আটলাণ্টিকাত অস্তগামী বেলিটো চাই চাই সকলো আপোন পাহৰা হৈ উঠিছে। এটা সময়ত চাওঁ‌তে চাওঁ‌তেই চকুৰ আগতেই বেলিটো আটলাণ্টিকাৰ বুকুত হেৰাই যোৱাৰ দৃশ্য জীৱনত পাহৰিব নোৱাৰো। লাহে লাহে পাহাৰৰ ওপৰৰ পৰা তললৈ নামি আহিবলৈ আকৌ ‘কেবল কাৰ’ লৈ খোজ ল’লোঁ‌। কেবল কাৰেদি তললৈ নামি আহোঁ‌তে দেখা কেপটাউনখনৰ দৃশ্যবোৰ যেন চকুত জীৱনৰ কাৰণে বাণীবদ্ধ হৈ গ’ল। এক পাহৰিব নোৱাৰা আভিজ্ঞতা। তাৰ পৰা নামিয়েই মাতি থোৱা টেক্সিত উঠি ৱাটাৰ ফ্ৰণ্ট পালোগৈ।

সেইদিনা আৰু বিশেষ কৰিবলৈ নথকাত সোনকালে খাই বৈ হোটেলতে জিৰণি লোৱাতোৱেই ঠিক কৰিলোঁ‌। ৱাটাৰফ্ৰণ্টক ভিক্টৰিয়া ৱাটাৰফ্ৰণ্ট বুলিও জানে। ৰাণী ভিক্টৰীয়াৰ নামত পুতেক এলফ্ৰেদে বনোৱা বন্দৰ আছিল এইটো। এতিয়া প্ৰায় এশ বিছ বছৰৰ পাছত সেই ৱাটাৰফ্ৰণ্ট কেপটাউনৰ যেন হৃতপিণ্ডহে। তাক কেন্দ্ৰ কৰি বিভিন্ন বাণিজ্যিক প্ৰতিষ্ঠান হোটেল ৰেষ্টুৰেণ্ট মনোৰঞ্জনৰ ভিন্নতাৰে ৱাটাৰফ্ৰণ্টৰ গধুলিবোৰ মাথো মায়াময় হৈ পৰে। গান গোৱাই গান গাইছে, নচাই নাচিছে ,প্ৰেম কৰাই প্ৰেম কৰিছে ব্যস্ত নিজৰ দুনিয়াক লৈ। আমিও তাতে অকণমান ইফাল সিফালে ঘুৰি পৰ্তুগীজ ৰেষ্টুৰেণ্ট এখনত সোমালোঁ‌ ৰাতিৰ আহাৰৰ কাৰণে। সাগৰীয় মাছেৰে সুন্দৰকৈ পৰিবেশন কৰা আহাৰেৰে পেট ভৰাই খাই হোটেলত সোমালোগৈ।

পাছদিনা বতৰটো ইমান ভাল নোহোৱাত কেপটাউনৰ ভিতৰতে ইটো সিটো কৰি দিনটো কটালোঁ‌। ইতিমধ্যে বতৰৰ আগজাননী অনুসৰি তাৰ পাছদিনা বতৰ ভাল হ’ব বুলি জানি সেইদিনাই আমাৰ কাৰণে ৰবীন আইলেণ্ডলৈ যোৱা জাহাজত টিকট কাটি আনি থ’লোঁ‌। পাছদিনা ৰাতিপুৱাই  ব্ৰেকফাষ্ট কৰিয়েই ওলালোঁ‌ আকৌ ৱাটাৰফ্ৰণ্টলৈ আৰু তাৰ পৰাই যাব লগা  জাহাজৰ কাৰণে লাইনত ঠিয় হ’লোগৈ। ৰবীন আইলেণ্ড সৰুৰে পৰাই শুনি অহা এটা নাম। শত সহস্ৰজনৰ মুক্তিৰ প্ৰতীক নেলচন মেণ্ডেলাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সময় কটোৱা দ্বীপটোৰ নামেই আছিল ৰবীন আইলেণ্ড।

মনত এক তীব্ৰ উত্তেজনা; মেণ্ডলাৰ কাৰাগাৰৰ কুঠৰীটো নিজ চকুৰে দেখাৰ উত্তেজনা সেইয়া। এই ৰবীন আইলেণ্ডৰ এক দীঘলীয়া ইতিহাস আছে। সোতৰশ শতিকাৰ পৰাই আটলাণ্টিকাৰ মাজত কেপটাউন চহৰৰ পৰা প্ৰায় সাত কিল’মিটাৰ দূৰত অৱস্থিত এই ৰবীন আইলেণ্ডক সেইসময়ত দক্ষিণ আফ্ৰিকাত খোপনি পোতা ডাচ্ছসকলে তেওঁ‌লোকৰ বিভিন্ন ঔপনিবেশৰ ৰাজনৈতিক বন্দীসকলক পৃথককৈ ৰাখিবলৈ ইয়াক ব্যৱহাৰ কৰিছিল। সেইয়াই আৰম্ভ।

ইতিমধ্যে দেশ বিদেশৰ বিভিন্নজন গোট খাইছেহি জাহাজত উঠি ৰবীন আইলেণ্ডলৈ যাবলৈ। লাইন পাতি এজন এজনকৈ জাহাজত উঠিলোগৈ। ঠিক এঘাৰ বজাৰ লগে লগেই জাহাজে কেপটাউন এৰি আটলাণ্টকাৰ নীলা পানীৰ মাজেদি তীব্ৰ গতিত ৰবীন আইলেণ্ডলৈ গতি কৰিলে। কি এক অনন্য যাত্ৰা। সাগৰৰ ঢৌ একো একোটাহঁ‌তে প্ৰকাণ্ড জাহাজখন একো একোবাৰত জোৰকৈ লৰাই দিয়ে আকৌ কিছুসময় একেবাৰে যেন ঠাণ্ডা। প্ৰায় ছল্লিছ মিনিটৰ মূৰত গৈ ৰবীন আইলেণ্ডৰ বন্দৰত জাহাজে লঙ্গৰ পেলালেগৈ।

জাহাজৰ পৰা নামিয়েই তাত ৰখাই থোৱা সুন্দৰ বাছবোৰত মানুহবোৰে নিজৰ সুবিধা মতে উঠাত লাগিল। বাছবোৰত একো একোজন গাইড আছিল। বাছ চলাৰ লগে লগে গাইডজনে আইলেণ্ডটোৰ ইতিহাস তাৰ বৈশিষ্ট্য আদি বুজোৱাৰ লগে লগে আমাক তিনি, পাঁ‌চ কিল’মিটাৰ দীঘল আৰু দুই কিল’মিটাৰ বহল ৰবীন আইলেণ্ডৰ কি কি দেখুৱাব তাকো বিস্তৃত ৰূপত ক’লে। বাছখন এখন ঠাইৰ পৰা আন এখন ঠাইত ৰখাই আৰু সেইখিনিৰ বিষয়ে সুন্দৰকৈ বুজাই দিয়ে।

আফ্ৰিকাৰ মুক্তি সংগ্ৰামৰ অন্যতম কাণ্ডাৰী ৰবাৰ্ট চুকুবেক গ্ৰেপ্তাৰ কৰি ৰখা ঘৰটো, ৰাজনৈতিক বন্দীসকলে কাম কৰা চূণশিলৰ খনিটো আৰু সেইখনিটোৰ সন্মুখতে ১৯৯৫ চনত মেণ্ডলাকে ধৰি বিভিন্নজন প্ৰাক্তন কাৰবন্দীয়ে মিলি বনোৱা শিলৰ সৰু পাহাৰ এটা যাক ‘ইচিভিভেন’ বুলি জনা যায়।

এইবোৰ এটা এটাকৈ বাছেৰে ঘূৰাই আনি আমাৰ সকলোৰে আকাংক্ষিত স্থান টুকুৰাত আনি বাছ ৰখালেহি। তাতেই আমাৰ গাইডজনে আন এজন গাইডৰ হাতত আমাক গতাই দিলে।

নতুন গাইডজনে যেতিয়া নিজৰ পৰিচয় দিলে গা মূৰ শিয়ৰি গ’ল। গাইডজন এজন প্ৰাক্তন ৰাজনৈতিক বন্দী সেই ৰবীন আইলেণ্ডৰ। দেশৰ ৰাজনৈতিক স্বাধীনতাৰ পাছত বহুজন ৰাজনৈতিক বন্দীয়েই ৰবীন আইলেণ্ডতে থাকি গ’ল আৰু সেইসকলে এতিয়া এই আইলেণ্ডটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এম এচ পি মানে মেক্সিমাম চিকিউৰিটি প্ৰিছনটোৰ গাইড। এই এম এচ পিতে নেলচন মেণ্ডেলাকে ধৰি অতি গুৰুত্বপূৰ্ণ ৰাজনৈতিক বন্দীয়ে বন্দীত্ব কটাইছিল। ১৯৬৪ চনৰ পৰা ১৯৮২ চনলৈ ওঠৰ বছৰ কাল মেণ্ডেলাই ইয়াৰ কাল কুঠৰীত বন্দীত্বৰ দিন কটাইছিল। সাতাইছ বছৰীয়া কাৰাগাৰৰ জীৱনৰ বাকী সময়খিনি দক্ষিণ আফ্ৰিকাৰ বিভিন্ন কাৰাগাৰত কটাইছিল।

ৰবীন আইলেণ্ডৰ এম এচ পি কাৰাগাৰৰ আঠ ফুট বহল, সাত ফুট দীঘল অতিপাত আনহাইজেনিক কুঠৰীত থাকিব দিয়া হৈছিল মেণ্ডেলাক। লগত এটা সৰু বাল্টি দিয়া হৈছিল য’ত ৰাতি বিয়লি শৌচ প্ৰস্বাৱ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল, কাৰণ ৰাতি এবাৰ কুঠৰীত সোমোৱাৰ পাছত বাহিৰলৈ ওলোৱা নিষেধ; সেইটোৰ উপৰিও শুবলৈ এখন পাতল কম্বল দিয়া হৈছিল। কাৰাগাৰৰ কুঠৰীটোত আজিও সেইকেইপদ বস্তু তেনেকৈয়ে সজাই থোৱা আছে।

তাৰ পাছতেই লৈ যোৱা হ’ল কুঠৰীৰ বাহিৰৰ মুকলিখিনিলৈ। ইয়াতে দিনটো শিল ভঙা কামত লগোৱা হৈছিল বন্দীসকলক। তাতেই দেখুওৱা হ’ল মেণ্ডেলাই গছৰ জুপুহাৰ তলত লুকাই চুৰকৈ লিখা-মেলা কৰা ঠাইডোখৰ। তাৰ পৰাই লিখি উলিয়াইছিল বিশ্ব বিখ্যাত ‘লং ৱাক টু ফ্ৰিদম।’ সেইখন লিখাৰ পাছত তাৰপৰা ইমান কঠোৰ নিৰাপত্তাৰ মাজৰ পৰা উলিয়াই অনা সহজ কথা নাছিল।

মেক মহাৰাজ বোলা এজন ভাৰতীয় মূলৰ স্বাধীনতা যোদ্ধাই সেইখনৰ মূল পাতবিলাক উলিয়াই আনিবলৈ সক্ষম হৈছিল। আমোদজনক এটা কোৱা কথা, মেণ্ডেলা ইমানেই আনন্দিত হৈছিল যে মেক মহাৰাজৰ সেই পৰিবহনৰ কৌশলত; তাৰ প্ৰতিদান স্বৰূপে মেণ্ডেলাই তেখেতৰ প্ৰথম মন্ত্ৰীসভাত মেক মহাৰাজক পৰিবহন মন্ত্ৰীত্ব প্ৰদান কৰিছিল।

যি কি নহওক সেই এম এচ পি কাৰাগাৰৰ ভিতৰত সোমাই থকা প্ৰতি মূহূৰ্ততে আমাক সোঁ‌ৱৰাই দিয়ে কিমান নৃশংস আছিল বৰ্ণ বৈষম্য। তীব্ৰ ক্ষোভ, ঘৃণাৰ লগতে বন্দীসকলৰ অৱস্থাৰ কথাৰে চকু সেমেকি উঠে সকলোৰে। তাতে আমাৰ গাইডজনৰো নিজা অভিজ্ঞতাৰ কথাৰে সকলোৰে অন্তৰ চুই যাবলৈ সক্ষম হ’ল। গোটেই কাৰাগাৰৰ প্ৰত্যেকটো চুক কোণ চাই আমাক নিৰ্দিষ্ট ঠাই এডোখৰত আনি গোটেইখিনিকে হাজিৰ কৰা হ’ল। তাতেই গাইডজনে আমাক বিদায় দি জাহাজ ঘাটটোলৈ দেখুৱাই ক’লে, “This is your long walk to freedom.” মনটো এক অবুজ আনন্দ বেদনাই জুমুৰ মাৰি ধৰিলেহি।

পাছ ফাললৈ এবাৰ চাই গাইডজনক বিদায় জনাই ভাৰাক্ৰান্ত মন এটাৰে এখোজ দুখোজকৈ জাহাজৰ ফালে খোজ পেলালোঁ‌। মনৰ ভিতৰতে বাজি উঠিল “লং ৱাক টু ফ্ৰিডম।”

☆ ★ ☆ ★ ☆

7 Comments

Leave a Reply

Your email address will not be published.