ফটাঢোল

ৰসডণ্ডা – নিংকু নিশা নেওগ

আশীৰ দশকৰ সময়। দেশ জ্বলি আছে। অসম আন্দোলনৰ ভৰপক সময়। কেইদিন মানৰ আগতে ৰাজনৈতিক ষড়যন্ত্ৰৰ ফলস্বৰূপে ওচৰৰ গাঁওখন কোনোবাই সমূলে জ্বলাই দিলে। ভড়ালঘৰবোৰৰ পৰা অহা নতুন ধানৰ পোৰা পোৰা গোন্ধটোৱে আকাশ বতাহ বিক্ষুব্ধ কৰি তুলিছে। ওচৰৰ গাঁওবোৰতো ভয় ভয় ভাৱ এটা শিপাই গৈছে। গাঁৱৰ ডেকা ল’ৰাবোৰ সন্ধিয়াৰ আগতেই গাঁৱৰ পৰা পলাই গৈ জংঘলত সোমাই থাকেগৈ। নহ’লে আৰ্মিৰ দলে গাঁৱে গাঁৱে ল’ৰাবোৰ উঠাই নি পিঠিত কোবাই মোটোকাব নোৱাৰা কৈ খুন্দেগৈ। ভয়তে সেয়ে গাঁৱত দৰৱত দিবলৈও সেইদিনবোৰত সন্ধিয়াৰ পিছত ডেকা ল’ৰা এটাকো ঘৰত বিচাৰি পোৱা নাযায়।

কেইদিনমানৰ পৰা আমাৰ শইকীয়া মাষ্টৰক গাঁৱত দেখিবলৈকে পোৱা নাই। ওচৰৰ হাইস্কুলখনৰ ভূগোলৰ মাষ্টৰ আমাৰ শইকীয়া ছাৰ। দিনত স্কুল কৰি চাইকেল চলাই যিটো মোচনত ঘৰলৈ আহে দেখিলে এনেকুৱা লাগে এই মানুহটোৰ সমান কিজানি সাহসী মানুহ জগততে দ্বিতীয় এটা নাই। আহোঁতেও আকৌ বাটত লগ পোৱা প্ৰতিটো কাণ সমনীয়া মানুহৰ লগতে কথাৰ মহলা মাৰি অহাটো তেওঁৰ স্বভাৱ। এনেকৈ লগ পোৱা প্ৰতিটো মানুহকে তেওঁ দেশৰ পৰিস্থিতিৰ কথা, ৰাইজৰ কৰ্তব্যৰ কথা এনেকুৱাকৈ কৈ আহে যেন তেওঁহে আন্দোলনৰ নেতা- পালিনেতা। পিচে হ’লে কি হ’ব… সন্ধিয়া লাগিবৰ পৰা মানুহটোৰ কলিজা কঁপিবলৈ ধৰে। পুলিছ মিলিটাৰিয়ে উঠাই নিয়াৰ ভয়, উঠাই নি গুৰুলা-গুৰুলকৈ লাঠিৰে কোবোৱাৰ ভয়, কোবৰ ফলত নিজৰ ধুনীয়া চেহেৰাটো আপচু হৈ পৰাৰ ভয়। তেওঁ মানে নিজৰ চেহেৰাটোক লৈ বৰ সচেতন। ঘৰত দুপৰীয়া ভনীয়েকহঁতৰ পৰা চুৰ কৰি গাখীৰৰ সৰৰ লগত কেঁচা হালধীৰ ৰস অকমান তেঁৱো সানে। গাল দুখত সেয়ে টিকটিকিয়া হৈ জিলিকি থাকে। পিচে হ’লে কিডাল হ’ব, ওচৰ-পাজৰৰ কোনেও তেওঁলৈ কেৰাহিকৈও চাৱনি এটা দলিয়াই নিদিয়ে। তথাপি তেওঁ চেহেৰাটো আৰ্মিৰ মাৰত পোটোকা পৰে বুলি সন্ধিয়াতে আলু চাঙৰ ওপৰত উঠি থাকে।

সিদিনা পিচে তেওঁৰো বেয়া দিন এটা অৱশেষত আহি উপস্থিত হ’লহি। টাউনৰ পৰা আহোঁতে বাটতে বাচখন বেয়া হ’ল। টাউনলৈ গাঁৱৰ পৰা বাচ চলে দুখন। ৩৫ কিমি ৰাস্তা তেওঁ খোজ কাঢ়িওতো আহোঁ বুলি গুচি আহিব নোৱাৰে। লগৰে দুটামান আৰ্মিৰ ভয়ত খোজেৰেই পথাৰে পথাৰে পোনাই দিলে। তেওঁৰ আক’ সেইটোও কৰিবলৈ সাহস নহ’ল। অগত্যা তেওঁ বাচ ভাল হোৱালৈকে দুজনমানৰ লগত ৰৈ থাকিল। দুঘণ্টাৰ মূৰত যেতিয়া বাচ ভাল হ’ল তেতিয়াহে তেওঁ ঘৰলৈ আহিবলৈ ওলাল।

আচলতে কেণা লাগিল সেইখিনিতেই। দুঘণ্টাৰ মূৰত বাচখন গাঁৱৰ মূৰ পায়হি মানে ৰাতি আঠ বাজি গ’ল। বাচৰ পৰা নামি ঘৰলৈ এতিয়াও ২কিমি বাট যাবলৈ আছেই। শইকীয়া মাষ্টৰে লগৰ এজনৰ লগত আহোঁতে চাইকেল লৈ আহিছিল। আলিমূৰৰ মানুহ এঘৰতে সদায় থোৱাৰ দৰে আজিও চাইকেল দুখন আউজাই থৈ আহিছে। এতিয়া সেয়ে আহোঁতে লগত লৈ অনা চাইকেল দুখন ওচৰৰ মানুহ এঘৰৰ গোহালিৰ কাষৰ পৰা লৈ আনো বুলি মানুহঘৰ পালেগৈ। মানুহঘৰৰ কুঁহিয়াৰৰ খেতি আছে। তেওঁলোকে চাপৰিত কুঁহিয়াৰ পেৰি টিনে টিনে গুৰৰ ব্যৱসায় কৰে। লালি গুৰৰ ফুৰফৰীয়া গোন্ধ এটা মানুহঘৰত অনবৰতে বতাহত বিয়পি থাকেই। শইকীয়া মাষ্টৰৰ স্কুলতে আকৌ সিহঁতৰ ডাঙৰটো পুতেকে নাইনত পঢ়ি আছে। অৱশ্যে তাৰ নাইনত পঢ়া বয়স কেতিয়াবাই পাৰ হৈছে। তাৰ লগৰ দুটামানে ছোৱালীও পলুৱাই সংসাৰ পাতিলে সিহে নাকটো লুকুৱাই ছেগা-চোৰোকাকৈ স্কুললৈ গৈ থাকে। সেয়ে শইকীয়া মাষ্টৰক দেখি কুঁহিয়াৰ এবোজা আনি সিয়েই আথে বেথে চাইকেলৰ কেৰিয়াৰত বান্ধি দিলে। কুঁহিয়াৰমুঠাৰ লোভত শইকীয়াৰো নালাগে বুলি ক’বলৈ মন নগ’ল।

চাইকেল চলাই শইকীয়া আৰু লগৰজন কোবা কুবিকৈ ঘৰলৈ আহি আছে। পেটত ভয় কিজানি আৰ্মিয়ে বাটতে পায় তেতিয়া কি হ’ব! তাৰ আগতেই কোনোমতে ঘৰ ওলাব পাৰিলেই ৰক্ষা। ঘৰ পায় লাগিলে তেওঁ ভাত নোখোৱাকৈ পিছফালৰ কচুৱনিতে আজি সোমাই থাকিব। মুঠতে তেওঁ যেনে তেনে সোনকালে ঘৰ ওলাবগৈ লাগে। কিন্তু কথাতে কয় নহয় ভৱা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। নামঘৰৰ কেঁকুৰিটো ঘূৰোঁতেই চাৰি পাঁচটা মান আৰ্মি হাতত ৰাইফল লৈ ৰৈ ইফাল-সিফাল কৰি আছে। শইকীয়াৰ যেন মূৰৰ পৰা ভৰিলৈকে গৰম তেজৰ সোঁত এটাহে পাৰ হৈ গ’ল। ইফালে খৰধৰ কৰাৰ কাৰণেই ৰাতিপুৱা দাড়িকেইডালো খুৰুৱা নহ’ল। এতিয়া দিনটো টাউনত দৰকাৰী কামকেইটা কৰি জধলাটো হৈ উভতি আহোঁতে দেখাত তেওঁক সৰু সুৰা গুণ্ডা যেনেই দেখাইছে।

তেওঁলোকক দেখিয়েই আৰ্মিকেইটাই চাইকেল ৰাখিবলৈ ইংগিত দিলে। শইকীয়া মাষ্টৰৰ বুকু ধান বনাদি বানিবলৈ ধৰিলে। ইফালে ভয়তে পেটৰ ভোকো পলাই ডিঙি শুকাই আহিছে। আৰ্মিকেইটাই কানি মুনি আন্ধাৰতে সিহঁতৰ লগত কি কি আছে খেপিয়াই চালে। পকেটৰ পইচা, চাইকেলৰ হেণ্ডেলত ওলোমাই অনা কাগজ পত্ৰৰ ফাইল দুটা আৰু মিঠাই টোপোলাটোও খুচৰি চালে। পিচে চাইকেলৰ কেৰিয়াৰত বান্ধি অনা কুঁহিয়াৰৰ টোপোলাটো দেখিহে আন্ধাৰত সেয়া কি ধৰিব নোৱাৰিলে। ইফালে সমান জোখত কাটি অনা কুঁহিয়াৰখিনি দেখি খৰি বুলিও আৰ্মিকেইটা পতিয়ন নগ’ল। এটাই তাৰে এডাল কুঁহিয়াৰ চাইকেলৰ পৰা একে আজোৰে নমাই লৈ ৰাস্তাত খট খট কৰি সিহঁতলৈ চাই হিন্দীতে সুধিলে। ইফালে আমাৰ শইকীয়া মাষ্টৰে হিন্দীৰ হ টোও নাজানে। লগৰজনো একেই ভকত৷

: কাহা সে আ ৰহে হৌ?

: টাউন সে…

কোনোমতে মাষ্টৰৰ ডিঙিৰে মাতটো ওলাল। ছুটিকৈ সেয়ে উত্তৰটো দি থ’লে। কাৰণ বাক্যটো সম্পূৰ্ণ কৰিবলৈ লগা হিন্দীখিনি তেওঁ নাজানেই।

: য়ে ক্যা লেকৰ আ ৰহে হৌ?

এইবাৰ কুঁহিয়াৰ কেইডালৰ ফালে চাই সুধিলে।

: য়ে কুঁহিয়াৰ হে।

লগৰজনে ঘেঁহাই ঘেঁহাই হিন্দী কোৱাৰ প্ৰয়াস কৰিলে।

: ক্যা বৌলতা হে? কুঁহিয়াৰ ক্যা চীজ হে?

: কুঁহিয়াৰ এটা গছ আছে। কুঁহিয়াৰ খাবলৈ মিঠা মিঠা লগতা হে।

: অচমীয়া লৌগ ডণ্ডে কৌ কুঁহিয়াৰ বোলতা হে ক্যা?

: ন’হি ন’হি… ডণ্ডা ন’হি হে। কুঁহিয়াৰ হে।

: মাৰ খায়েগা ক্যা? ঝগড়া কৰতা হে?

: য়ে পাব পাব মে কাট খানে চে মিঠা মিঠা লগতা হে। চোবানে মে মিঠা পানী ওলাতা হে।

: ক্যা বৌলতা কুছ সমঝ মে নেহী আতা।

: ছাৰ, এইটো কুঁহিয়াৰ হে। এইটো চে গুড় বনাতা হে।

মাষ্টৰৰ লগৰজনে আৰ্মিকেইটাক বুজাব নোৱাৰি মূৰে কপালে হাত দিলে। এতিয়া যে পিঠিত সৌকাৰ কোব মৰিব খাটাং। আমাৰ মাষ্টৰেও ত্ৰাহি মধুসূদন দেখিছে।

: তুম বলৌ?

মাষ্টৰলে চাই আন এটা আৰ্মিয়ে সুধিলে।

: জী ছাৰ।

: য়ে ক্যা হে? য়ে সৱ ডণ্ডে কাহা সে লা ৰহে হৌ?

: ছা….ৰ, য়ে ডণ্ডা ন’হি ৰসডণ্ডা হে।

: ৰসডণ্ডা ক্যা হে?

: ইচকৌ গুৰি দাঁত মে লেকে চোবানে চে ৰস ওলাতা হে।

: গুৰি দাঁত ক্যা হে?

: মুখৰ ভিতৰ মে জৌ দাঁত হে উচে গুৰি দাঁত বোলতা হে।

: অচ্ছা…

: ইচকৌ এনেকে গুৰি দাঁত মে চোবাতে হে। জৌ ৰস ওলাতা হে মিঠা মিঠা লগতা হে।

মাষ্টৰে কুঁহিয়াৰ এডাল লৈ গুৰি দাঁতত পেলাই চোবাই খাই দেখুৱালে। আৰ্মিকেইটায়ো মাষ্টৰৰ চাইকেলৰ কেৰিয়াৰৰ পৰা কুঁহিয়াৰ একোডাল লৈ চোবাই চালে। কুঁহিয়াৰ চোবাই সিহঁতৰ মুখবোৰ উজলি উঠিল। ইমান সময়ে আৰ্মিৰ লাঠিৰ কোব খাবলৈ কটকটাই থকা আমাৰ মাষ্টৰৰ মুখলৈ তেতিয়াহে পানী আহিল। এটা আৰ্মিয়ে মাষ্টৰলৈ চাই ক’লে

: গন্নে কৌ অচমীয়া মে কুচিহাৰ বৌলতা হে। হাঃ হাঃ!

☆★☆★☆

4 Comments

  • Rintumoni Dutta

    ভাল লাগিল পঢ়ি

    Reply
  • বাগ্মীতা

    হাঃ হাঃ😂😂

    Reply
  • HEMANTA KAKATI

    ৰস ডণ্ডা কো কুহিয়াৰ বোলতা হেই মানে৷ মজা লাগিল দেই!

    Reply
  • হিৰণ্যজ্যোতি দাস

    ৰসদাণ্ডা – ধুনীয়া শব্দ শিকালে দেই

    Reply

Leave a Reply

Your email address will not be published.