ফটাঢোল

ৰসনেন্দ্ৰিয়- মানসী বৰা

বৰ্তমানৰ চ’ছিয়েল মিডিয়াৰ যুগটোত মানুহৰ ব্যক্তিগত জীৱনৰ সৰু-বৰ সকলোবোৰ কথাই যে ৰাজহুৱা হৈ পৰিল। কোনে ক’ত কি কৰিছে? ক’ত গৈছে? নাইবা কি পিন্ধিছে? আদি কথাবোৰ এতিয়া সুলভ। শিৱসাগৰত থাকি গুৱাহাটীৰ ভণ্টিজনীতে পাকঘৰত আজি কি ৰান্ধিছে, নাইবা আবেলিৰ চাহকাপৰ সৈতে কি খাইছে মিনিটতে গম পোৱা যায়। পুৱাৰ জলপানৰ পৰা আৰম্ভ কৰি নৈশ আহাৰৰ ব্যঞ্জনৰ ফটোলৈকে চ’ছিয়েল মিডিয়াত গিজ্ গিজাই থকা হ’ল। সেয়ে হয়তো অসমত বহুলভাৱে প্ৰচলিত তথা জনপ্ৰিয় কিছুমান বাক্য যেনে  ‘ভাত খালা?’  বা  ‘ভাত কিহেৰে খালা?’ বা ‘চাহ খালানে’? আদিবোৰ বহু পৰিমাণে অপ্ৰাসঙ্গিক হৈ পৰিল। দুপৰীয়া কোনে কি খালে, নিশা কি ৰান্ধিলে আদিবোৰ বিবিধ ব্যঞ্জনেৰে চকুত লগা সু-সজ্জিত থালিবোৰে সকলো কথা কৈয়ে দিয়ে। পিছে সেই ফটোবোৰৰ নেপথ্যত নুবুজা কথা কিছুমান অৱশ্যেই লুকাই থাকে। তাকে জানিবলৈ শইকীয়া-শইকীয়ানীৰ সংসাৰখনত এপাক ভুমুকি মাৰোঁ‌ আহকচোন।

চ’ছিয়েল মিডিয়াত ৰন্ধা খাদ্যৰ ফটো দিয়াতো শইকীয়ানীৰ নিত্য-নৈমিত্তিক কাম। প্ৰতিদিনে ৰান্ধি, খোৱাৰ পূৰ্বে ভালকৈ সজাই ফটো এখন তুলি নথ’লে যেন কিবা  আধৰুৱা। কণবিলাহীৰ সৈতে কচুথুৰী, তেল বিৰিঙা খাহী মাংসৰ জোল, দৈ দিয়া বেঙেনা, পোৰা মাছৰ খৰিছাৰে পিটিকা, জহা ভোলৰ সৈতে মাছৰ জালুকীয়া, পাতত দিয়া মাছ, তিল দিয়া কাৱৈমাছ, হাঁহ-কোমোৰাৰ ভাজি, টেঙামৰা পাতৰ সৈতে কুকুৰাৰ মাংস আদি ব্যঞ্জনবোৰৰ উপৰিও দম বিৰিয়ানী, পোলাও, চম’চা, দ’চা, ধ’কলা আদি বিবিধ খাদ্যসম্ভাৰৰ ধুনীয়া ফটোবোৰ তেওঁৰ প্ৰফাইলত জিলিকি থাকে। ওলাই গ’লে বাটে-পথে পোৱা শাক-পাত মিলাই থলুৱা খাদ্য ৰন্ধাতো তেওঁৰ এক প্ৰকাৰৰ চখেই। ৰান্ধি সজাই পৰাই মোবাইল কেমেৰাত তাৰ ফটো তুলি ‍আপল’ড কৰাৰ সেই আনন্দ শইকীয়ানীৰ বাবে স্বৰ্গীয়। শ শ লাইক আৰু উৎসাহসূচক মন্তব্যৰে পোষ্টবোৰ ঠাহ খায়। তথাপি যেন শইকীয়ানীৰ মনটো কোনোবাখিনিত অসুখী হৈ ৰয়। নিজৰ মানুহজনৰ মুখত কোনোদিনেই যে প্ৰশংসা এটাও শুনিবলৈ পোৱা নাই তেওঁ। জুতি লগাই বিধে বিধে ৰন্ধা ব্যঞ্জনবোৰ মুখৰ আগত পাই চুপ-চাপে খোৱা মানুহজনে খাই বেয়া পালেও সেইবুলি ভাতৰ পাতত কোনোদিনে ওজৰ-আপত্তি এটাও কৰি পোৱা নাই। ৰন্ধা ব্যঞ্জনবিধ ফটোত বাহ্যিকভাৱে ধুনীয়া দেখিলেও পিছপাকতে খাবলৈ বহিহে শইকীয়ানীয়ে গম পাই যে ভোলৰ সৈতে মাছৰ আঞ্জাকণত নিমখ অলপমান বেছি হ’ল।

:হেৰি, আজি মাছৰ আঞ্জাখনত নিমখ বাৰু বেছি হোৱা নাইনে?

কওঁ নকওঁকৈ শইকীয়াই বোলে

:অলপমান হৈছে আৰু। আয়’ডিন থকা নিমখহে। খালে ভালেই দিয়া। মগজুৰ শক্তি বাঢ়িব।

খাই-বৈ উঠি যায় শইকীয়া। ভাল-বেয়া বুলি শইকীয়াই কোনোদিন একো ফিডবেক নিদিয়ে। অৱশ্যে শইকীয়ানীৰ দৃষ্টিত শইকীয়াৰ এনে ক্ৰিয়াহীন প্ৰতিক্ৰিয়া কোনো নতুন কথা নহয়। অমিতা দি থপথপীয়াকৈ ৰন্ধা ৰহৰ দাইলখনত নিমখ নহ’লেও সেই একেটা মানুহেই কৈ দিয়ে

:ভালেই দিয়া, নিমখ কমাইহে খাব লাগে। কম খালে ব্লাড প্ৰেছাৰ নৰ্মেল থাকে।

কেতিয়াবা এনে দিনো আহিছে যে শইকীয়ানীয়ে ৰন্ধা দাইলখনত হালধি বেছি হৈ গোন্ধ ওলাইছে। অথচ হালধি বেছি হ’ল বুলি কোৱাৰো শইকীয়াই প্ৰয়োজনবোধ নকৰে। পিছত শইকীয়ানীয়ে নিজে স্বীকাৰ কৰি সুধিলতহে তেওঁ কৈছে

:একো নাই দিয়া। হালধি খোৱাতো বহুত উপকাৰী। হালধিয়েতো ইমিউনিটি বঢ়ায়।

বিয়া হৈ অহাৰ পিছত নতুনতে বিধে বিধে ৰান্ধি প্ৰশংসাৰ আশা কৰিছিল শইকীয়ানীয়ে। পিছলৈ লাভ নাই বুলি জনা হ’লগৈ আৰু। এতিয়া তেওঁৰ বাবে সেয়ে চ’ছিয়েল মিডিয়াই জিন্দাবাদ। শ শ মানুহে লাইক কমেণ্ট কৰে যেতিয়া শইকীয়াৰ ফিডবেক নালাগে তেওঁক। মাজে-সময়ে গৰ্ব কৰি শইকীয়ানীয়ে শইকীয়াক শুনাইও দিছে।

:মানুহে ইমানযে লাইক -কমেণ্ট কৰিছে নহয়। আজিৰ পোষ্টটো বৰ ভাল পাইছে।

শইকীয়াৰ টিভিৰ ভলিয়ুম লগে লগে বাঢ়ি যায়।

শইকীয়া এনে এজন মানুহ যি আধাফুটীয়া ভাত খাই কৈছে

:কেতিয়াবা চাউলীয়া ভাত চোবাইও ভাল লাগে নহয়? দাঁতৰো ব্যায়াম কৰা হয়।

একেজন মানুহেই ভাতকেইটা বেছিকে সিজি, সিজোৱা পিঠা হ’লেও মনে মনে খাই উঠি গৈছে। পিছত দোষী দোষী ভাবেৰে শইকীয়ানীয়ে নিজে ক’লেহে তেওঁ সমিধান দিছে

:অলপ বেছিকে সিজিল আৰু। একো নাই দিয়া। দাঁতকেইটাৰে আৰাম হ’ল। হজমো সহজে হ’ব।

সিদিনা কেৰাহীতে হাঁহ-কোমাৰাৰ ভাজিখন অলপ লাগি ধৰিল। দেৱা দেৱা গোন্ধাই গ’লগৈ। ওপৰে ওপৰে কাঢ়ি কাষতে জলকীয়া এটা সজাই লোভনীয় কৰি শইকীয়ানীয়ে ফটো এখন পোষ্ট দিবলৈ বুলি তুলি থ’লে। শইকীয়াই সেই দেৱা গোন্ধোৱা ভাজিখনকে মুখেৰে টু এটা নোকোৱাকে খাই বৈ উঠি গ’ল। শইকীয়ানীয়ে নিজে খাই উঠি সুধিলত ক’লে

:মই আকৌ তুমি নতুনকৈ হাঁহৰ তন্দুৰী ভাজি বনাইছা বুলিহে ভাবিলোঁ‌।

ক্ষোভতে শইকীয়ানীয়ে সিদিনা সেয়ে কৈয়ে পেলালে

:আপোনাক বাৰু মা-মচলা ভালকৈ দি শিলগুটি এখিনি ভাজি দিলেও মনে মনে খাই আহিব নেকি?

শইকীয়াই মিচিকিয়াই বোলে

:খাব পাৰি। শিলত হেনো বহুত খনিজ-লৱন থাকে। শৰীৰৰ উপকাৰেই হ’ব। সেইবুলি তুমি অলপ মিক্সিত গুড়ি কৰি দিবা পাই। শিলগুটি গোটাকে বাৰু মই চোবাম কেনেকৈ?

শইকীয়ানীয়ে মূৰে-কপালে হাত দি চিঞৰি দিয়ে

:কোনজন ঈশ্বৰে আপোনাক স্ৰজিলে? আপুনি ৰসনেন্দ্ৰিয়ৰ নামত সেইখন কি জিভা পালে হয়নে? অকল কথা ফুটাবলৈহে ব্যৱহাৰ কৰে নেকি সেইখনক?

পিছে শইকীয়াৰ পৰা কোনো উত্তৰেই নাহে।

শইকীয়ানী ওলাই গ’লে বাটে পথে থলুৱা বেপাৰীয়ে বেচা ঢেকিয়া, মানিমুনি, মধুসুলেং, ভেদাইলতা, বেতগাঁজ, বাঁহ গাঁজ আদি পালে লৈ আনে। কেতিয়াবা পথৰ দাঁতিতে কোনোবা ভাল ঠাইত নিজে নিজে গজা কচু, কলমৌ, দুৰুণ, চজিনাপাত, মানিমুনি, টেঙেচী আদি আনিও ৰান্ধিছে। চখতে ফ্লেটৰ বেলকনিৰ টাবতে তেওঁ দুই এপদ শাক-পাচলিও লগাইছে। মাজে মাজে তাৰে দুই এখন ফটো তুলি পোষ্ট দিয়ে। বেলকনিৰ টাবত কৰা অমুক, বেলকনিৰ টাবত কৰা তমুক বুলি। পোষ্টবোৰ শলাগ সূচক মন্তব্যৰে ভৰি পৰে। শইকীয়াই সেইবোৰৰ শলাগ লোৱাতো দূৰৰে কথা চকু দুটাৰেও সেইবোৰ কোনোদিন নেদেখে। শইকীয়ানীয়ে গিৰিয়েকৰ পৰা নিজৰ সদনাম আশা কৰিও নিৰাশ হয়। মানুহটোৱে শাক-পাত ভালকৈ চিনি নাপায়। শাকৰ নামো জানেনে নাই তাতো শইকীয়ানীৰ সন্দেহ আছে। পাচলিৰ ভাল-বেয়াও চিনি নোপোৱা শইকীয়াৰ বিশ্বাসী  পাচলিৰ বেপাৰী হ’ল তুমকীলাল। শইকীয়ানীয়ে দিয়া লিষ্টখন এফালৰ পৰা তাক কৈ দিলে সি জুখি জুখি বেগত ভৰাই দিয়ে। কেতিয়াবা দুই এটা বেয়া হোৱা পাচলিও সি ছেগ চাই ভৰাই দিয়ে। শইকীয়াই সেইবোৰ একো মন-কাণ নকৰে। শইকীয়ানীৰ তাতেই খং। খঙতে কেতিয়াবা মুখেৰে ভুৰভুৰাই,

:ভাল-বেয়া চিনি নাপায় বুলি মানি ল’ব পাৰি কিন্তু চিনি পাবলৈ সামান্যতম চেষ্টা এটাতো কৰিব লাগে। শইকীয়া টিভি চোৱাত ব্যস্ত হৈ পৰে। সেইসময়ত টিভিৰ অনুষ্ঠানটো যেন অধিক মনোগ্ৰাহী হৈ উঠে।

মহানগৰৰ বজাৰতে ওলোৱা পাচলি খাই যদিও গাঁৱৰ ঘৰত ডাঙৰ-দীঘল হোৱা শইকীয়ানীয়ে ঘৰলৈ যাওঁতে মছন্দৰীৰ সঁচ লৈ আহিছিল। টাবতে লগপহকৈ বাঢ়ি অহা সেই মছন্দৰীৰে পাতকেইখিলামান নহৰুৰ সৈতে ভাপত দি সেইদিনা শইকীয়াক এসাঁজ খোৱালে। ফটো এখন পোষ্ট দিবলৈকো তুলি থ’বলৈ নাপাহৰিলে। খাই থাকোঁ‌তেই গৌৰৱত টাবত কৰা মছন্দৰী বুলি শইকীয়াক উদ্দেশ্যি ক’বলৈহে পালে শইকীয়াই শুনি এক প্ৰকাৰ চিঞৰি উঠিল

:কি মছন্দৰী ? মছন্দৰী টাবত হয় জানো? গাঁৱৰ ঘৰৰ বাৰীতহে মছন্দৰী হয়। তুমি মছন্দৰী বুলি কি খোৱালা ঈশ্বৰেহে জানে আৰু।

কোনোদিন আপত্তি নকৰা শইকীয়াৰ তেনে আচহুৱা ভাৱমূৰ্তী দেখি শইকীয়ানী ভালেহে বেহুছ নোহোৱাকৈ থাকিল। প্ৰথমবাৰ মানুহজনৰ কিবা এটা প্ৰতিক্ৰিয়া দেখি তেওঁ উৎসাহী হৈছে। পলম নকৰি শইকীয়ানীয়ে টাবৰ পৰা মছন্দৰীৰ পাত দুখিলা আনি মোহাৰি নাকতে শুঙাই দিলেহি। শইকীয়া পিছে নাচোৰবান্দা। তথাপিও নামানে। অকৰা যেন মৈতহে উঠিল।

:একে গোন্ধৰ পাতো থাকিব পাৰে। তুমি সকলো গছৰ পাত চিনি পোৱা জানো?

শইকীয়ানীৰো সেইবাৰ খং উঠাৰ পাল । তেওঁ বোলে

:সকলো পাত চিনি পাওঁ বুলি নকওঁ বাৰু। কিন্তু ভেদাইলতা আৰু মছন্দৰীৰ পাত হ’লে চিনি পাওঁ দেই।

শইকীয়াই তাৰ এটাও চিনি নাপায়। সেয়ে সেইবাৰ তেওঁ নিশ্চুপ মাৰিলে। শইকীয়ানীয়ে চ’ছিয়েল মিডিয়াত সজাই পৰাই মছন্দৰীৰ ফটো দি বাঃ বাঃ ল’লে।

মছন্দৰী খোৱাৰ দুদিনৰ পিছৰ কথা। নিজৰ ঘৰলৈ সোমাই যোৱা পথটোৰ দাঁতিতে লহপহীয়া পাতেৰে থকা বগা মদাৰজোপা দেখি শইকীয়ানীৰ তত নোহোৱা হ’ল। ল’ৰা এটা মেনেজ কৰি তাৰ হতোৱাই উৎসাহেৰে বগা মদাৰজোপাৰ কোমলীয়া পাত কেইখিলামান চিঙাই অনালে শইকীয়ানীয়ে। মদাৰ পাতৰ সৈতে আইতাকে ৰন্ধা মাগুৰ মাছৰ জোলকণ ৰান্ধিবলৈ তেওঁৰ আগ্ৰহ হ’ল। চিঙি অনা পাতকেইটা তেওঁ শইকীয়াক দেখুৱাই বোলে
:এইয়া চাওঁক। আজি আপোনাক ৰান্ধি খোৱাম। মাগুৰ মাছ অকণো আছে। আমাৰ আইতাই ৰন্ধা মাগুৰ মাছৰ জোলকণ ৰান্ধিম আজি।

:কি হয় এইবোৰ?

শইকীয়াৰ গহীন প্ৰশ্ন।

:এইয়া মদাৰ পাত, মানে বগা মদাৰৰ পাত। আপুনি চিনি নাপাই নহয়। চাই লওঁক। মদাৰ পাত বোলাৰ লগে লগে শইকীয়াৰ মুখৰ ভাঁজেই সলনি হৈ গ’ল।

:মদাৰ পাতো খাই নেকি? ভূপেনদাই দেখুন মদাৰৰ পাত কামে-কাজে নালাগে বুলিহে গাই গৈছে।

:মদাৰ পাতৰ কথা কোৱা নাই নহয়, মদাৰ ফুলৰ কথাহে কৈছে। শইকীয়ানীয়ে শুদ্ধৰাই দিয়ে।

:দিয়া দিয়া। পলম নকৰা। মই ঘপহকে ফটো এখন মাৰি লওঁ। শইকীয়াই খৰখেদা কৰিলে। শইকীয়ানীৰ মনটো কিবা এটা ভাল লাগি গ’ল। মদাৰ পাত দেখি গিৰিয়েকে আনন্দ পোৱা বুলি হাঁহি হাঁহি বোলে

:পোহৰত তুলিব আহঁক।

:অ’ ঠিক আছে। মই তুলি আছোঁ। মোৰ ফেচ’বুকৰ একাউণ্টৰ পৰা আজি এইবোৰ খাইছোঁ‌ বুলি এতিয়াই আপল’ড কৰি দিম। শইকীয়াই গহীন হৈ ক’লে।

:আপুনি দেখোন ফে’চবুক নকৰেই। নামত এনেই খুলিলেহে আৰু। আজি ফটো দিবলৈ কি মন গ’ল হয়? শইকীয়ানীৰ মনে মনে যে স্ফূৰ্তিৰ সীমা নোহোৱা হ’ল।

শইকীয়াই লাহেকৈ বোলে,

:তোমাৰ ৰসনেন্দ্ৰিয়ৰ লোভতে আজি এইখিনি পাত খাই যদি বিষ-ক্ৰিয়া হৈ আমি দুটা মৰি যাওঁ, মানুহে অন্ততঃ গম পাব যে এই অচিন পাতবোৰ খাইয়ে সিহঁতহাল স্বৰ্গী হ’ল।

☆ ★ ☆ ★ ☆

19 Comments

  • HEMANTA KAKATI

    ধেত তেৰি, মজা লাগিল মানসী! তোমাৰ শইকীয়াৰ জেগাত নিজকে কল্পনা কৰি চালো৷ মিলা হেন লাগিল৷

    Reply
    • মানসী বৰা

      হাঃ হাঃ আপুনি কোৱাত মইও আপোনাকে কল্পনা কৰি চালো দেই।মন্তব্যই উৎসাহ দিলে। ধন্যবাদ দাদা।

      Reply
  • জিন্তু দাস

    পঢ়ি ভাল লাগিলে বা।

    Reply
    • মানসী বৰা

      আন্তৰিক ধন্যবাদ..

      Reply
  • Anonymous

    ভাল লাগিল মানসী বা।একে উশাহে পঢ়িলো ।😃😃

    Reply
    • মানসী বৰা

      আন্তৰিক ধন্যবাদ জনালোঁ..

      Reply
  • উজ্জ্বল দিপ্লু

    মুঠৰ ওপৰত শইকীয়া মেইন৷ ভাল লাগিল মানসী বা৷

    Reply
    • মানসী বৰা

      হাঃ হাঃ ..বহুত বহুত ধন্যবাদ

      Reply
  • Rintumoni Dutta

    খুব ভাল লাগিল

    Reply
    • মানসী বৰা

      আন্তৰিক কৃতজ্ঞতা জনালোঁ দাদা…

      Reply
  • বাগ্মিতা

    ইমান ভাল লাগিল পঢ়ি !👌👌👌👌

    Reply
  • কাবেৰী মহন্ত

    ৰসাল একেবাৰে৷ ভাল লাগিল

    Reply
    • মানসী বৰা

      বহুত বহুত ধন্যবাদ..

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বেচেৰা শইকীয়া৷ কি কি বা ইতিমধ্যেই পেটলৈ গ’ল? ভাল লাগিল লেখাটো৷

    Reply
    • মানসী বৰা

      আন্তৰিক কৃতজ্ঞতা জনালোঁ

      Reply
  • Abhijit Goswami

    বঢ়িয়া লাগিল হে.. আমাৰ দত্ত নেকি বাৰু কিবাকৈ শইকিয়া জন

    Reply
    • মানসী বৰা

      আন্তৰিক ধন্যবাদ তোমাক…অলপ মিল আছে …শইকীয়ানীহে মই নহ’লো😃

      Reply
  • মানসী বৰা

    আন্তৰিক ধন্যবাদ..

    Reply

Leave a Reply

Your email address will not be published.