ফটাঢোল

ৰসাৱতাৰ – ঈশান জ্যোতি বৰা

(১)

গছৰ ডালত দুটা কল খোৱা বান্দৰ৷ গছজোপাৰ স্থায়ী ঠিকনা কৃপাবৰ বৰুৱাৰ পাছফালৰ বাৰী। গছজোপাৰ নাম আম৷ বয়স ষাঠী। ৰ’দৰ চমকনিত চমকি থকা এক স্বাস্থ্যোজ্জ্বল চেহেৰা আৰু এটা মহামূল্যৱান কথা৷ নহ’লে ৰৌ-ৰৌ নৰকত পচি মৰাৰ আশংকা আছে৷ সেইটো হ’ল বৰুৱাৰ বাৰীত শুকাই কৰ্কৰীয়া মৰা ৰসহীন জেওৰাবোৰ আজিকালি পাবলৈ নাই। মাঘ বিহুৰ ‘চুৰ কৰোঁ আহহঁত’ নামৰ শতাব্দীপুৰণি কালচাৰটোৰ দ্বাৰা পৰিচালিত হৈ চোৰে কাহানিবাই লৈ গৈ সেইসোপাক মেজিত দাহ কৰিলে। নোপুৰিবনো কিয়! বৰুৱাই জেওৰাসোপা একেবাৰে টেঁটুৰ গুৰিলৈকে চেপিলে৷ পিছে ৰসৰ নামত ফুটাকড়ি এটাও নসৰিল। কি যে ছেইমফুল কথা! সেয়ে আজিকালি বাৰীত বান্দৰৰ ৰাজত্ব৷ পিছে দলদোপ-হেন্দোলদোপ কৰি জৰাজীৰ্ণ জেওৰাৰ ভগ্নাৱশেষৰ মাজেৰে ‘হিপ-হপ’ নাচি কোন তাৰিখেনো আহি এইমখাই বৰুৱাৰ বাৰীত থিতাপি ল’লেহি তাৰ বুৰঞ্জী আমাৰ হাতত নাই দেই৷ সংগ্ৰহালয়বোৰৰ অৱস্থা দেখিছে নহয়! চকুৰ আগত ওলমি থকা মকৰাৰ জালকেইখনকে নেফানেফ কৰিব নোৱাৰে, তেওঁলোকে আকৌ বান্দৰৰ বুৰঞ্জী লিপিবদ্ধ কৰিব! গতিকে ফটুৱা চিন্তা সমূলি পৰিহাৰ কৰি ‘তদনন্তৰে’ বান্দৰৰ বাৰ্তালাপ শুনাই মংগল৷

এটাৰ বয়স চৈধ্য। আনটোৰ বয়স সাত।

-হৌৰি মহাশয়, সেই মানুহজন দেখিছেনে!-চৌধ্যবছৰীয়াই সুধিলে।

-কোনজন? ক’ত? হোৱেৰ?-সাতবছৰীয়াৰ কৌতূহল।

-সেই যে দমকলটোৰ পাৰত বহি আকাশলৈ বুৰ্বকৰ দৰে চাই আছে-সেইজন৷

-তাততো দুটা মানুহ আছে!

-নহয়৷ মানুহ এটাই আছে৷ এটা ছাঁহে।

-আচ্ছা!

-সেই যে মূৰত এটা জধলা-মধলা পাগুৰি, কাষত এডাল লেঙলেঙকৈ ওখ লাখুটি। চকুত এযোৰ কিচকিচিয়া ক’লা চশমা। সিপিনে আকৌ গোটেই গাটো ঢাকি ৰাখিছে এখন সাতামপুৰুষীয়া এৰীয়া চাদৰেৰে-সেইজন মনুষ্যৰ কথাকেই কোৱা হৈছে৷

-অঁ, বুজিলোঁ৷ তেওঁকতো বৰ ভালদৰেই চিনি পাওঁ। কৃপাবৰ বৰুৱা নহয় জানো?

-হয়৷ তেঁৱেই এই সাম্ৰাজ্যখনৰ মালিক৷

-কিনো হ’ল এতিয়া?

-মানুহজনৰ বৰ লেতেৰা বেমাৰ এটা হৈছে৷

-বেমাৰ!

-একজেকলি৷

-বেমাৰৰ কিবা নাম আছেনে?

-নাথাকিবনে! মানুহটোৱে আজিকালি নামাতেও, নাহাঁহেও৷ কেৱল আকাশখনলৈকে তধা লাগি চাই থাকে।

-সেইটো আকৌ কি কথা?

-অঁ, সেইটোৱেই কথা। সেইটোৱেই বেমাৰ। ক’ত মৰা মৰা এতিয়া৷

-কিন্তু মানুহজনটো বৰ লেখৰ মানুহ।

-নকৈছানে! একেবাৰে ত্ৰিভুৱন কঁপাই থকা মানুহ আছিল। পিছে এতিয়াহে..

(২)

“যি হাঁহিব নেজানে সি দেৱতা বা চয়তান৷ গতিকে আমাৰ মুখ্যমন্ত্ৰী বাপুৱেও হাঁহক৷ কিন্তু গুৰিৰ কথাটো হ’ল তেওঁৰ হাঁহিত আজিকালি আমি পংকিলময় উপাদানৰ নিৰ্ভেজাল ছিটিকনিহে দেখিবলৈ পাইছোঁ৷ সেইটোনো কি ৰকমৰ হাঁহি! আমি হ’লে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এনেকুৱা নাভ্ৰুত-নাশ্ৰুত অট্টহাঁহি আশা কৰা নাছিলোঁ দেই৷ কথাষাৰ ৰাইজে টং কৰিব৷”

“শুনিলেনে! শুনিলে! কি মাৰাত্মক কথা! কি ভয়ংকৰ কথা! আমিতো ভাবি আচৰিত হৈছোঁ, লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে এগৰাকী গণ্য-মান্য পণ্ডিত-সাহিত্যিকৰ মুখৰ পৰা এনে এশাৰী অশোভনীয় কথা, এনে এশাৰী ডিজগাষ্টিং, ৰিডিকুলাছ কথা কি ৰকমে সৰি পৰিল! তাকো স্বয়ং মুখ্যমন্ত্ৰীজনাৰ সমুখত- যিজন আমাৰ পৰমপিতা পৰমেশ্বৰতকৈ কম নহয়; যিজনে আমাক ভাতৰ লগত খাবলৈ লোণ দিছে, চাহৰ লগত খাবলৈ দুটুকুৰা চেনিৰ দানা দিছে, নাকৰ ফুটাত সুমুৱাই লৈ শুই থাকিবলৈ খাঁটি তেল দিছে- সেইজনা সুশ্ৰী, পৰিশ্ৰমী, কষ্টসহিষ্ণু মুখ্যমন্ত্ৰীৰ সমুখত! নিমাখিত মানুহজন দলেবলে উপস্থিত থকা এখন জাকজমকীয়া সভাত! শুনিছোঁ, বেজবৰুৱাই বোলে ব্যংগ লিখে! কিবানে বোলে ‘উইট্’ নে ‘ছেটায়াৰ’ নে অইন বাৰেবিংকৰা ‘ছাৰকাছম’ কিছুমান লিখে! লিখক৷ বেজবৰুৱাই ব্যংগ নালাগে, টেংগকে লিখক। কিন্তু স্থান-কাল-পাত্ৰৰ প্ৰতি অলপ খিয়ালতো ৰাখক৷

আমি তেওঁক বেয়া পাইছোঁ। আমি বেজবৰুৱাক ভীষণ বেয়া পাইছোঁ৷ আমি বেজবৰুৱাক তীব্ৰ গৰিহণা দিছোঁ।

আমি বেজবৰুৱাক লৈ গৌৰৱ কৰিব পৰা নাই৷ বেজবৰুৱা মুৰ্দাবাদ!”

টেঁটুৰ সিৰ উলিয়াই উলিয়াই বেজবৰুৱাক ‘ঠিকচে এপালি’ দি দিয়া এইজন কোন জানেনে? ‘নিৰ্ভীক’ আৰু ‘নিৰপেক্ষ’ সাংবাদিকতাত উৎসৰ্গিত শ্ৰেষ্ঠতম চেনেল ‘লাইভ নিউজ’ৰ মুখ্য সম্পাদক শ্ৰীশ্ৰী চিন্তামণি ৰাজখোৱা। এটা ‘শ্ৰী’ উত্তৰাধিকাৰীসূত্ৰে পাইছে৷ আৰু আনটো ‘শ্ৰী’ নিজেই লগাই লৈছে৷ কাৰণ তেওঁ নিজকে ‘সাংবাদিক জগতৰ মহাপুৰুষ’ বুলি গণ্য কৰে৷ অৱশ্যে মাকৰ মতে ৰাজখোৱা হৈছে আধুনিক অসমৰ প্ৰথমজন ‘হতশ্ৰী’ উপাধিধাৰী সাংবাদিক৷

“হয়। হয় ৷ হয়৷” হাতত চেনেলৰ ল’গ’খচিত মাইক্ৰ’ফ’নটো লৈ সেইয়া শিৱসাগৰৰ ব্যুৰ’ চিফ সদানন্দ পাটগিৰি৷

“হয় ৰাজখোৱা৷ মই এইমুহূৰ্তত উপস্থিত হৈছোঁহি সেইখিনি লোকেছন’ত যিখিনি লোকেছনত বেজবৰুৱাই থিয় হৈ আমাৰ মৰমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক উদ্দেশ্যি লেতেৰা কথা এষাৰ কৈছিল। আপুনি ভালদৰে চালে দেখিবলৈ পাব যে এইখিনি ঠাইত এতিয়া মহ-মাখি উৰি ফুৰিছে।”

আগদিনা তাত মিঠাইৰ টুকুৰা পৰি আছিল৷ তাকে খাবলৈ ভোকাতুৰ জীৱ দুটামান আহিছে।

“দেখিছোঁ৷ দেখিছোঁ।”

“হয়৷ এই কথাই কি বুজায়?”

“কি বুজায়?”

“যে বেজবৰুৱাৰ সেই লেতেৰা কথাশাৰীক প্ৰতিবাদ কৰিবলৈ মহ-মাখিও আজি ওলাই আহিছে৷ গতিকে আমাৰ অসমৰ মানুহনো কিয় ওলাই নাহিব! মাখিৰ পৰা অসমৰ মানুহে অনুপ্ৰেৰণা লওক৷ ওলাই আহক ৰাইজ। ওলাই আহক। এনেকুৱা সাহিত্যক বহুত দেখিলোঁ৷ অতদিনে জাতিৰ নামত কেইটা পাহাৰ ফালিছে দেখিছোঁ নহয়! কি ব্যংগহে! কি হাস্যহে! দেখা নাই! থৈ দিয়াহে বুলিলোঁ আৰু৷”

“হয়৷ হয়৷ ৰাইজলৈ আমাৰ অনুৰোধ৷ ওলাই আহক৷”-উদাত্ত কণ্ঠেৰে ৰাজখোৱাই ষ্টুডিঅ’ত বহি চিঞৰি থাকিল ৷

(৩)

ওলাই আহিল। মানুহ ওলাই আহিল৷ ৰজাঘৰ-প্ৰজাঘৰ, প্ৰস্ৰাৱঘৰ-শৌচালয়, সকলোতে তাকে লৈ বু-বু-বা-বা, তাকে লৈ তিনিআলিৰ মেলত, চাৰিআলিৰ বৈঠকত গৰ্জন-চৰ্জন অথবা কম্পন-চম্পন৷ স্বৰাজোত্তৰ ভাৰতৰ দুটাকৈ নামজ্বলা অনুষ্ঠান ‘অখিল ভাৰত তৈলমৰ্দনকাৰী পৰিষদ’ আৰু ‘অসম অলগৰ্ধ পৰিষদ’ৰ নেতাসকলে হাই-ভল্টেজ ৰাইজমেল পাতি জনতাৰ মাজত প্ৰবল জনজাগৰণ গঢ়ি তুলিছে৷ ৰাইজে সাৰ পাইছে। তাৰে মাজৰ কিছুমান এতিয়াও বিচনাতেই৷

“আমি চয়তান! বুজিলোঁ বাৰু! কিন্তু দেৱতা বা চয়তান মানে কি?”

‘শ্ৰীকৃষ্ণই দেখোন অনবৰতে হাঁহিয়েই থাকে! তেওঁ কি দেৱতা নহয় নেকি!”

“তেঁৱেইতো আমাক অনবৰতে অক্সিজেন ছাপ্লাই দি আছে।”

“আমাৰ বোৱাৰীহঁতৰ, ছোৱালীহঁতৰ কি মান-সন্মান নাই নেকি?”

“বেজবৰুৱা কোন! হু ইজ বেজবৰুৱা! এ স্মল এনটিটি ইন দিজ মেছিভ ইউনিভাৰ্ছ! নাম নেজানো৷”

“তেওঁতো জাৰ্মানীৰ হিটলাৰ নাইবা ইটালীৰ মুছুলিনি নহয় যে আমি তেওঁক সমীহ কৰিম৷”

“এইবোৰ সাহিত্যিক-দাদাগিৰী দেখি আমি লাজ পাইছোঁ।”

“ঐ কোন ক’ত আছ! মোক প্লাষ্টিক চাৰ্জনৰ ওচৰলৈ লৈ ব’ল। বেজবৰুৱাই নাক কাটিলে৷”

এইবোৰ হৈছে ৰাইজৰ মত। ৰাইজৰ বিক্ষোভ। হোৱাটছআপ আৰু ফে’চবুকত সেইসোপাক লৈয়েই দুটা পক্ষ। এটা পক্ষই বেজবৰুৱাক অসমৰ সৰ্বশ্ৰেষ্ঠ ব্যংগবীৰ হিচাপে আখ্যায়িত কৰিছে আৰু আনটো চামে পেট-ভৰি জোকাৰি জোকাৰি বেজবৰুৱাক গালি পাৰিছে। এচামে বেজবৰুৱাৰ সৎ-সাহসক সাষ্টাংগে ‘নমো নমো’ কৰিছে আৰু আনটো চামে বেজবৰুৱাক লৈ ‘মিমছ্’ আঁকিছে৷ সুৰীয়া সংগীতৰ সাধকসকলে তবলা, হাৰমনিয়াম বজাই-বজাই ‘বেজবৰুৱা বিজয়ী সমাৰোহ’ পাতিছে আৰু বেসুৰীয়া সংগীতৰ প্ৰচাৰকসকলে সেই সমাৰোহতে বিজুলীৰ তাঁৰ কাটি ‘মিছন বেজবৰুৱা’ সাফল্যমণ্ডিত কৰিছে৷ কালিলৈকে ‘বেজবৰুৱা কোন’ বুলি সুধিলে ভেবা লাগি থকা এজাক পিলিকা-পিলিক ল’ৰা-ছোৱালীয়ে এতিয়া বেজবৰুৱাৰ সাহিত্যক ‘মাৰ্ছিলেছ ক্ৰিটিছিছম’ৰ গুলিৰে থকা-সৰকা কৰি পেলাইছে৷ এইবোৰ বোলে লিটাৰেচাৰৰ নামত ‘জাংক ফুড’হে! ডেট ইজ হোৱাই, তেওঁ লিখা লেছনবোৰ ল’ৰা-ছোৱালীৰ কিতাপৰ পৰা আঁতৰাই দিব লাগে৷ পাৰিলে আজিয়েই, এতিয়াই।

সিপিনৰ পৰা খবৰ আহিছে, বেজবৰুৱাক জেলৰ ভাত খোৱাবলৈ ৰাতিক দিন আৰু দিনক ৰাতি কৰি দিয়া তৈলমৰ্দনকাৰী পৰিষদৰ ফালৰপৰা এতিয়ালৈকে থানাত দহটা আৰু অলগৰ্ধ পৰিষদৰ ফালৰ পৰা বাৰটা গোচৰ থানাত ৰুজু হৈছে৷ “আমি লাগিলে ছুপ্ৰিম কৰ্টতো যাম৷ চিনি পোৱা নাই আমাক! পাবি ৰ’ মজাটো!”

(৪)

দুৰ্দান্ত গতিৰে পদচালনা কৰি আহি থকা ওখ-পাখ, সৌম্য ব্যক্তিত্বৰ মানুহজন কোন পৰতনো আহি পাছচোতালখন চুলেহি, দুৰ্ভগীয়া কৃপাবৰ বৰুৱাই ভূ-ভায়েই নেপালে৷ আকাশৰ পৰা দৃষ্টি নমাই আনি বৰুৱাই চশমাযোৰৰ ফাঁকেৰে আগন্তুকলৈ চাব বিচাৰিলে৷ কিন্তু কাউৰীতকৈও ক’লা চশমাযোৰ পিন্ধি বহুপৰ আকাশলৈ ট-টকৈ চাই থকাৰ হেতুকে তেওঁৰ গধুৰ মস্তিষ্কটো বিধ্বংসী টাইফুনৰ দৰে ঘূৰি ফুৰিবলৈ ধৰিলে। থৰকাছুটি হেৰুৱাই তেওঁ আপদীয়া চশমাযোৰ ততালিকে খুলি থ’লে আৰু বাল্টিটোৰ পৰা পানী অলপ বুটলি চকু আৰু মুখত ‘স্বচ্ছতা’ৰ এক জৰুৰীকালিন অভিযান মুহূৰ্ততে চলাই দিলে। ঔষধে কাম দিলে। এইবাৰ বৰুৱাই ফটফটীয়াকৈ সকলোবোৰ দেখিছে৷ পিছে যি দেখিলে, দেখিয়েই মাথাৰ ওপৰেৰে জুইৰ ফিৰিঙতি আৰু মনৰ দুৱাৰেৰে ক্ৰোধৰ ধুমুহা অপ্ৰতিৰোধ্য বেগত বলিবলৈ ধৰিলে।

“কিহে! চিনিয়েই পোৱা নাই নেকি?”-আগন্তুকে সুধিলে৷

“নেপামনে! নেপামনে চিনি! আপোনালোকৰ দৰে কালজয়ী সাহিত্যিকে যে আমাৰ নিচিনা ঘটিৰাম বৰুৱাৰ ঘৰ শুৱনি কৰিবহি-আমিতো ভাবিবকে পৰা নাই৷ কি কপাল মোৰ! ৱেলকাম বেজবৰুৱা! ৱেলকাম!”

“আপুনি মোক বাৰু ইতিকিং কৰিলে নেকি?”-আগন্তুক লক্ষ্মীনাথ বেজবৰুৱাই সুধিলে৷

“ইতিকিং আৰু আমি! আপোনাৰ দৰে পণ্ডিতসম জ্ঞানী পূণ্যাত্মাক আমি কোনখনে মুখেৰে ইতিকিং কৰিমহে?”

“কিন্তু আপোনাৰ কথাবোৰে বিদ্ৰূপ্ৰ চেহেৰা লৈছে৷”

“থৈ দিয়ক ব্যংগ! থৈ দিয়ক বিদ্ৰূপ! মূল কথালৈ আহক৷ এনেই মেথাটো গৰম নকৰিব৷”

“আপোনাৰ ইমান খং কাৰ ওপৰত?”

“আপোনাৰ গল্প নে চল্প-সেইসোপাৰ ওপৰত৷ তাকেই ভাবি আকাশলৈ চাই আছোঁ৷ বোলোঁ-অসমৰ বৌদ্ধিক আকাশত ক’লীয়া ডাৱৰ গোট খোৱা নাইতো!”

“কি ক’লে?”-বেজবৰুৱাই চকুৱে জলক-তবক দেখিছে।

“কিয় বুজা নাই? সাহিত্যৰ নামত সেইয়া কি লিখিছেহে! তৌবা-তৌবা! নেপায় দেই, নেপায়৷ গল্পত সামাজিক গুৰুত্বৰ চোক আগতকৈ কমিল৷ কমিল মানে একেবাৰে নামি গৈ সাগৰৰ তলি চুলেগৈ, অৱশ্যে মণি-মাণিক চুবগৈ পৰা নাই৷ সিপিনে ব্যংগৰ নামমাত্ৰ ছিটিকনিহে দেখিবলৈ পাওঁ৷ কলিকতীয়া ৰসগোলা খোৱা নাই নেকি বহুদিন? ৰচনাৰ নিৰ্মাণত ৰসৰ জোখ-মাখ একো এটা নাই৷ ৰস মানে আমি পিছে ‘ৰসমলাই’ৰ কথা কোৱা নাই দেই বেজবৰুৱা৷ সাহিত্যৰ ৰসৰ কথাহে কৈছোঁ। আপুনি পঢ়া নাই যদি মোৰ আলমাৰীতে হাজাৰ-বিজাৰ কিতাপ পৰি আছে৷ লৈ গৈ ‘থৰওলি’ অধ্যয়ন কৰিব৷ গল্পৰ চৰিত্ৰবোৰ মৰণাৰ গৰু নেকি যে মন গ’লেই ‘হুৰ হুৰ ইফালে যা’ নাইবা ‘ঘূৰি আহ ঘূৰি আহ’ বুলি টেঁটুফালি ফালি সিহঁতক দৌৰাই ফুৰাব৷ ‘চৰিত্ৰৰ বিকাশ আৰু বিৱৰ্তন’ বুলি শব্দ চাৰিফেৰা আপুনি শুনিছেনে? ক’ত শুনিব! কিতাপ পঢ়িলেহে৷ সেইকাৰণে আপোনাৰ গল্পবোৰ আমি স্কুলত লিখা বিহু, পূজা আদি একেসুৰীয়া ৰচনাৰ দৰে হৈছেগৈ৷ মোৰ চিধা কথা৷ টেক ইট ঔৰ লিভ ইট৷”

“বাপৰে! আপুনি দেখোন ভয়ানক ক্ৰিটিক!”-সমালোচনা শুনি বেজবৰুৱা লজ্জিত হ’ব লাগিছিল৷ পিছে তেওঁৰ চকুত পোহৰৰ উজ্জ্বল ৰেঙণি এচমকাহে দেখিবলৈ পোৱা গ’ল৷

“আপোনাৰ আটাইবোৰ গল্পৰ সমালোচনা কৰি আপোনালৈ এখনি চিঠি পঠাইছিলোঁ৷”

“পঢ়িছোঁ। আৰু সেইখন পঢ়িয়েই মই এতিয়া আপোনাৰ ওচৰলৈ কোবাকুবিকৈ আহিছোঁ৷”

কথাষাৰ শুনি কৃপাবৰ বৰুৱা মানুহজন এইবাৰ সামান্য শান্ত হোৱা দেখা গ’ল৷ বেজবৰুৱাই ভাবিলে-এইয়াই সঠিক সময়৷ আখ্যান শুনোৱা যাওক।

“সেইদিনা মুখ্যমন্ত্ৰীক মই..”

“বাতৰিত দেখিছোঁ৷ তেৰাক ভালকে এজাউৰি দিলে৷”

“দিলে কি হ’ব! এতিয়া যেনেতেনে মূৰে-গায়ে কাপোৰ লৈহে আপোনাৰ ওচৰলৈ আহিছোঁ৷ কোনে আহি কোনমুহূৰ্তত ঠেকেচি দিয়েহি, কেনেকে জানিব! ”

“ভাল লাগিল। তাৰপিছত কৈ যাওক৷”

“অসমীয়াত যে কথা এষাৰ আছে-“আগফালে বৰচুৰীয়াৰ ফেৰ, পিছফালে ঢকুৱাৰ বেৰ৷”

“মই আকৌ তামিল ভাষাতহে পঢ়িছিলোঁ!”-বৰুৱাই আকৌ এবাৰ ব্যংগৰ হাঁহি মাৰি কৈ উঠিল৷

“ৰ’ব। কথাখিনি মোক কৈ ল’ব দিয়ক আগেয়ে৷”

“কেৰি অন৷”

“মানে আমাৰ অসমীয়া জাতিটোৱে যে অকল হঁহাতেই ফেইল, সেইটো নহয়৷ বহুতো বিষয়ত এতিয়াও ফেইল৷ এইবোৰ দোষ আঁতৰাব নোৱাৰিলে বিপদ অনিবাৰ্য। উদাহৰণস্বৰূপ, পষেকৰ আগতে নগাঁও চহৰলৈ গৈ থাকোঁতে ৰাস্তাৰ মাজৰ পথ-বিভাজকৰ ওপৰত যতচব তামোলৰ পিক্! সিপিনে হয়বৰগাঁওখনত ধূলি আৰু ধোঁৱাৰ উৎপাতত সোমাবই নোৱাৰি৷ যাৰ যেনিয়েই মন যায়, তেনিয়েই নিজৰ অস্তিত্ব নে ফস্তিত্ব-সেইডাল জাহৰি কৰিব পাৰিলেই হ’ল৷ প্ৰকৃতি সংৰক্ষণৰ নামত বৰ-বৰ কথা। পিছে হাতে-হাতে পলিথিনিৰ মোনা লৈ তেওঁলোকেই বজাৰে-পথাৰে দপ‌্দপাই ফুৰে। কি চাবা অ’ খোজৰ প্ৰগতি! মাই গুডনেছ! এইবোৰ সমস্যা কোনে সমাধান কৰিব? কওক বৰুৱা৷”

“চৰকাৰে আকৌ!”

“আটাৰ ননচেন্স!”-বেজবৰুৱাই কঠোৰ ভাষাৰে গৰজি উঠিল৷

“ননচেন্স। আমিনো কি কৰিব লাগে এতিয়া?”

“সমাজ সংস্কাৰ কৰিবলৈ নতুন আন্দোলন এটা কৰিবলৈ সময় হৈছে৷”

“নাই, নাই৷”-বৰুৱা জেকজেকাই উঠিল৷ “মই আৰু এইটো বয়সত ৰাস্তালৈ গৈ পিনপিনাই ফুৰিব নোৱাৰোঁ হুজুৰ৷ তাতে যোৱা কিছুদিন হ’ল চয়াবিনৰ বাহিৰে একোৱেই প্ৰটিন পেটলৈ যোৱা নাই৷”

“আপুনি ভুল কৰিলে বৰুৱা৷ মই সেইবিধ আন্দোলনৰ কথা কোৱা নাই নহয়৷”

“তেন্তে?”

“মই কলম চলোৱা আন্দোলনবিধৰ কথা কৈছোঁ৷”

“হয় নেকি? কিন্তু মহাশয়। মই সাহিত্যৰ ক্ৰিটিকহে৷ সাহিত্যৰ লেখক নহয় নহয়৷”

বেজবৰুৱাই কথাষাৰ শুনি অলপ ঢেকঢেকাই হাঁহি ল’লে৷ হাঁহি হাঁহি বহি থকা মূঢ়াটোৰ পৰা পৰি এবাৰ নে দুবাৰ পিছলিও পৰিল৷ তাৰপিছত সুখাশ্ৰু মচি আকৌ ব্যাখ্যালৈ সোমাই গ’ল৷

“আপোনাৰ সেই ভয়ংকৰ ক্ৰিটিকৰ চকুহাল এতিয়া সাহিত্যৰ পৰা নমাই সমাজৰ ফালে পোনাওক৷”

“প্ৰস্তাৱটো মই বেয়া পোৱা নাই৷ কিন্তু..”

“বানানৰ ত্ৰুটিক লৈ আপুনি চিন্তিত হ’ব নেলাগে। চম্ভালি ল’ম৷”

“বানানৰ কথাটো সৰু কথা৷ ডাঙৰ কথাটো শুনক৷”

“কওকচোন৷”

“মই কিন্তু কাকো ক্ষমা নকৰোঁ। মোৰ এক কথা৷ সাৱধান আৰু খবৰদাৰ বেজবৰুৱা। ৰজাঘৰীয়াকো মই ক্ষমা নকৰোঁ আৰু দুৰন্ত কাব্য লিখা কবিকো মই পৰোৱা নকৰোঁ। আৰু মোৰ ক্ষমাহীন দুচকুক যিয়ে পথভ্ৰষ্ট কৰিবলৈ কুচেষ্টা চলাব, চল পাই গললৈ জাঁপ মাৰিবলৈ বিচাৰিব, তাক মই শব্দৰ বাণ লগাই ঠিকমতে আপোনাৰ ধনুত ফিট্ কৰি দিম আৰু আপুনি সেই ধনুত বাণ জুৰি সেই অপশক্তিৰ ফালে মাৰি পঠিয়াব৷”

“আপুনি নিশ্চিন্ত থাকিব পাৰে৷”

“তেন্তে সংস্কাৰমুখী আন্দোলন পাক্কা হ’ল বুলি ভাবিব পাৰোঁ৷”-বৰুৱাই গম্ভীৰ মাত এটা উলিয়াবলৈ চেষ্টা চলালে৷

“নিশ্চয়। যেতিয়াই যেতিয়াই সমাজৰ মানুহ বিপথে পৰিচালিত হৈছে, শত-সহস্ৰ ভুলৰ ভৰত ডুব যাওঁ-যাওঁ হৈছে, তেতিয়াই তেতিয়াই তেওঁলোকক সঠিক বাট দেখুৱাবলৈ একো-একোজন বীৰৰ আৰ্ৱিভাৱ হৈছে। ভগৱানৰ দহটা অৱতাৰ আমি দেখা নাই৷ কিন্তু মনুষ্য জাতিয়ে নানান সময়ত ধাৰণ কৰা বহু অৱতাৰ উদং চকুৰে আমি দেখিছোঁ। ধৰি লওক আপুনিও তেনে এক অৱতাৰ৷”

“অৱতাৰ বুলি ক’লেই যেতিয়া ৰৈ থকাৰ সময় নাই আৰু এতিয়া। কাজ কৰিবৰ সময় হ’ল৷ ৰ’ব৷ মই থাওকতে গৈ মোৰ কাকতৰ টোপোলাটোকে উলিয়াই আনো৷”-বহুতদিনৰ মূৰত খোলা হাঁহি এটা মাৰি বৰুৱা ভিতৰলৈ সোমাই যায়৷

“শুনিছে বৰুৱা? মই আমাৰ প্ৰথমলানি ৰচনাৰ নাম ‘কৃপাবৰ বৰুৱাৰ টোপোলা’ দিম বুলিয়েই ঠিৰাং কৰিছোঁ। সামাজিক সংস্কাৰৰ দিশে ৰসাৱতাৰৰ সেইটোৱেই প্ৰথম আন্দোলন হওক৷ কেনে দেখে?”

“ভাল দেখোঁ ৰসৰাজ৷”-গলখেকাৰি এটা মাৰি ভিতৰৰপৰা কৃপাবৰ বৰুৱাই সন্মতি দিলে।

পলকতে বেজবৰুৱাৰ মুখমণ্ডলত ধন্যবাদসূচক নিৰ্মল হাঁহি এটা বিয়পি পৰিল।

(৫)

“হেৰৌ শুনিছ! আজি বৰুৱাৰ মনত বৰ ৰং।”-আম গছত বহি সাতবছৰীয়া বান্দৰে চৈধ্যবছৰীয়াৰ মূৰত পিতপিতাই ফুৰা ওকণি এটা ফুটাই ক’লে৷

“নহ’বনে? মানুহৰ ভুল দেখুৱাই হেঁপাহ পলুৱাই গালি পাৰিব নোৱৰা কাৰণেই তেওঁ অতদিনে মন মাৰি চুকতে পৰি আছিল৷ এতিয়া এই বেজবৰুৱাৰ লগত পৰি মানুহটোৱে পৃথিৱী কঁপাব যেন দেখিছোঁ৷”-চৈধ্যবছৰীয়াই ভৱিষ্যৎবাণী কৰিলে।

“শুনা নাই জানো! ধনুত ব্যংগৰ শৰ লৈ সমাজ সংস্কাৰ কৰাৰ কি জ্যাগান্তিক মেটাফ’ৰ দি দিলে!”

“কিন্তু মুখ্যমন্ত্ৰীৰ কে’চটো কি হ’ব? বেজবৰুৱাৰ লগতে এইবাৰ বৰুৱাও অপৰাধী নহ’বনে?”

“থৈ দিয়াহে৷ তুমিও কিবা অজলাৰ দৰে বাক্য এৰা মাজে-মাজে। গেলিলিঅ’, ছক্ৰেটিছ, আইনষ্টাইন, চেপলিন, ৰ’জা পাৰ্কছ, গান্ধী, ৰুশ্চডি, মালালা, সৌ সিদিনাৰ ছোৱালী গ্ৰেটা,-এইসকল সত্যবাদীৰ নাম তুমি শুনা নাই নেকি? সঁচা কথা তিতা বুইছা৷ একেবাৰে বিহৰ সমান তিতা। বহুতেই তিতা হজম কৰিব নোৱাৰে৷ এই মুলুকতো তিতা বেয়া পোৱা মানুহ ধেৰ৷”

“এহ৷ বুজিলোঁ বাৰু৷ পিছে তুমি ইমান তিতা-তিতা চিঞৰি আছা। মোৰ মুখখনেই তিতিকি-তিতিকি লাগি গ’লহে৷ দিয়া, দিয়া৷ কল এটা এইফালে দিয়া। অলপ মিঠা খাই লওঁ৷”

পেটটো খজুৱাই খজুৱাই চৈধ্যবছৰীয়াই কল এটা বিচাৰি সাতবছৰীয়ালৈ হাত এখন মেলি দিলে৷

(কৃতজ্ঞতা স্বীকাৰ-ৰচনাখনৰ ধাৰণাটোক দুটামান মূল্যৱান দিহাৰে শক্তিপ্ৰদান কৰা শ্ৰদ্ধাৰ কেশৱ বৰা দাদালৈ মোৰ অন্তৰভৰা ধন্যবাদ থাকিল৷)

☆ ★ ☆ ★ ☆

8 Comments

Leave a Reply

Your email address will not be published.