ফটাঢোল

ৰসৰ ৰহঘৰা – গীতাৰ্থী গোস্বামী

বিয়া ঘৰৰ কথা। আলহী দুলহীৰে ঘৰ উখল মাখল। দৰাৰ মাহীয়েকৰ জীয়েক কেতেকী দুদিনমানৰ আগতে আহিল। আন ওচৰ সম্বন্ধীয় মানুহো বহুত আহিল। সেইকেইদিন ভাগে ভাগে সকলোৰে আড্ডা জমি উঠিল। আবেলি চাহ খাই উঠি মহিলাসকলে পাকঘৰৰ মজিয়াত বহি ফুচুৰী কথাৰ পাক লগাই হিকটিয়াই হিকটিয়াই হাঁহিছে। সেই মেলত কেতেকীও আছিল। ৰেণু মামীয়েকে বিয়াৰ প্ৰথম নিশাৰ কাহিনী ৰস লগাই কৈ কৈ সকলোকে হঁহুৱাই আছিল। কেতেকীৰ বাজলৈ সৰুভাগ কামলৈ যাব লগীয়া হৈ আছিল। কিন্তু এনে চপচপীয়া ৰস এৰি যায়নো কেনেকৈ?

“অ’ মামী, আৰু নহঁহুৱাব। কাপোৰে কানিয়ে যাব এতিয়া।” তাই মামীয়েকক কাবৌ কৰিলে। তাইৰ কথা শুনি মহিলাসকলৰ মাজত বেছিকৈ হাঁহিৰ ৰোল উঠিল। ৰেণু মামীয়েকে বেছি ৰসাল কথাৰ অৱতাৰণা কৰিলে।

“মামী ঔ, নহঁহুৱাব আৰু। কাপোৰ লেতেৰা হৈ যাব।”

মামীয়েক আৰু ক’ত ৰয়? অনৰ্গল হঁহুৱাই যাবলৈ ধৰিলে।

“অ’ মামী, যাব এতিয়া। যাব এতিয়া …..।………ইইইই গ’লেই।” বেৰখনত আওজি কেতেকীয়ে চকু মুদি দিলে। আটায়ে তললৈ চালে। মজিয়া উটি গ’ল।

সৰ্বনাশ। ঢেপেচী আইতাই গম পালে কেতেকীৰ গলতে টিপি ধৰিব। পাকঘৰৰ মজিয়াতে? অসহায় হৈ কেতেকীয়ে ইফালে সিফালে চালে।

“মৰতী, বুঢ়ীয়ে দেখাৰ আগতে ফেনাইলেৰে মুচি পেলা।”

কোনোবা এজনী মামীয়েকে আদেশ দিলে। ইতিমধ্যে বিপদৰ ভয়ত ৰসত ডুবি থকা লেডিজ পাৰ্টি তাৰ পৰা পলাই পত্ৰং। কেতেকীয়ে বাৰু কৰে কি? চুচুক চামাককৈ বাহিৰলৈ গৈ ফটা কাপোৰ, ঘৰ মচা বাল্টি আৰু ফেনাইল বিচাৰিবলৈ ধৰিলে। তাৰ আগতে তিতা কাপোৰযোৰ সলাই চৰিয়া এটাত থৈ আহিল।

তাই সেইবোৰ কৰি থাকোঁতেই দৌৰাদৌৰিকৈ কটাৰী এখন বিচাৰি ঢেপেচী আইতা পাকঘৰলৈ আহিল।

চটপ চটপ চেন্দেলৰ শব্দই চৌদিশ ৰজনজনাই গ’ল। মহিলাবোৰে তাপ মাৰিলে।

ধপ্, ধপ্, ধপচ্ ………।

ধেমেহা কঁকালটো পেলাই ঢেপেচী আইতা বাগৰি পৰিল মজিয়াত। মাটিৰ মজিয়াৰ পৱিত্ৰ জলত সনা পোটকা হোৱা বোকা নাকে – মুখে লাগি একাকাৰ হ’ল।

“কোন জহনীত মৰাই পানী পেলাই থৈছিলি ঐ? উহ্ উহ্ উহ্। তেনেই খাই দিলি অ’। খাই দিলি।” আইতাই তৰ্জন গৰ্জন কৰিবলৈ ধৰিলে। ঠিক তেনেতে হাতত ঘৰ মচা বাল্টিটো লৈ পাকঘৰত উপস্থিত হ’ল কেতেকী। হায় ভগৱান!

“ঐ বান্দৰী, তই পানী টুকিব নাজান। ৰেণু, ঐ ৰেণু …….”

বুঢ়ীৰ চিঞৰত বোৱাৰীয়েক ৰেণু দৌৰি আহিল।

“হেৰ’ কোনেনো পানীবোৰ পেলালে! মোৰ হাঁড় – মূৰ সোপাই গ’লহেতেন এতিয়া। তই মজিয়াখন শুকানকৈ মচি পেলা। এতিয়াই, মোৰ চকুৰ আগতে। তহঁতি আজিকালিৰ বোৱাৰীবোৰক চাই নাথাকিলে একো কৰিব নাজান ।” ৰেণু মামীয়েকে কেতেকীৰ মুখলৈ চালে। কেতেকী নিৰ্বাক। হাতৰ বাল্টিটো লাহেকৈ মামীয়েকলৈ আগুৱাই দিলে। ৰেণু মামীয়েকৰ ৰসভৰা জিভা উৰি গ’ল।

“জহনী মৰতী। খালি খালি। মোকহে এনে কৰিব লাগেনে তই?” কেতেকীক আৰু কোনে পায়? সাউতকৈ পাকঘৰৰ পৰা ওলাই ৰভা দিয়া গাঁৱৰ ডেকাহঁতৰ লগত চুপতি মাৰিবলৈ আগবাঢ়ি গ’ল।

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published.