ফটাঢোল

ৰাংকুকুৰ – অমিতাভ মহন্ত

‘দাদা এইবাৰ আপোনাৰ এটা লেখা লাগিব কিন্তু, আমাৰ মেগাজিনৰ বাবে৷’

ট্ৰেইন লেইট আছিল৷ ৰাতি দহ বজাত ট্ৰেইনখন ষ্টেচনত সোমাল, অমিতাভেও খকমককৈ সাৰ পালে৷ চিটটোত বহিয়েই হাত ভৰি অলপ পোনাই ল’লে৷ অন্ধকাৰ ষ্টেচনটোৰ ফালে এবাৰ আকৌ চালে অমিতাভে৷ যদি এতিয়াই ইয়াতে এটা বিৰাট বম্ব ব্লাষ্ট হয়, কেনে লাগিব বাৰু! বিৰাট মানে ধৰক এবাৰতে দুটা প্লেটফৰ্ম নিশ্চিহ্ন হৈ যোৱাকৈ৷ কেৱল যিটো প্লেটফৰ্মত ট্ৰেইনখন আহি ৰৈছে, সেইখন কোনোমতে ৰক্ষা পৰিব৷ গোটেইখন ৰক্ষা নপৰিলেও কথা নাই, চাৰি-পাঁচটা ডবা ৰক্ষা পৰিলেও যথেষ্ট৷ এই সমস্ত ঘটনাটোৰ একমাত্ৰ সাক্ষী অমিতাভ৷ এই অৱস্থাত গল্পটো কিদৰে আৰম্ভ কৰা যায়! কেনেদৰে বম্ব ব্লাষ্টটো হ’ল তাৰ ৰহস্যখিনি থাকিব লাগিব গল্পটোত৷ কিন্তু! চেহ এটা নিমিলিল নহয়৷ ইমান বিশাল বিস্ফোৰণ, দুটা প্লেটফৰ্ম ফিনিচড্, তেনেস্থলত অমিতাভৰ একো নোহোৱাটো কিবা নিমিলিব৷ মুৰ ঘূৰোৱা? ছিটিকি পৰা? এইখিনিত অলপ গদ্যৰ বাহাদুৰি দেখুৱাব লাগিব৷

‘টিকেট?’

পকেটৰ পৰা টিকেটতো উলিয়াই আগুৱাই দিলে৷ গোটেই টিকেটটোৰ পিছফালে অজস্ৰ হস্তাক্ষৰ৷ কেতিয়াবালৈ অকাডেমী বা তেনেধৰণৰ ডাঙৰ পুৰস্কাৰ পালে অটোগ্ৰাফ দিব লাগিব৷ তেতিয়া চহীটো কেনে হ’ব তাৰেই প্ৰেকটিচ্ চলি আছিল টিকেটটোৰ পিছফালে৷ এইখন এই ৰুটৰ শেষ ট্ৰেইন৷ আজিৰ পৰা কিছু বছৰ আগতে হ’লে গল্প আৰম্ভ কৰিবলৈ “শেষ ট্ৰেইন” এটা বঢ়িয়া টপিক আছিল৷ কিন্তু এই টপিকটো এতিয়া ইমানেই বেছি ব্যৱহাৰ হ’ল যে এতিয়া ইয়াক লৈ ভবাৰো স্ক’প বাকী নাই৷

ষ্টেচনৰ বাহিৰত শাৰী পাতি ৰৈ আছে প্ৰাইভেট টেক্সী, অটো, ৰিক্সা৷ খোজ কাঢ়িবলৈ সি ভাল পায়, গতিকেই সেইবোৰৰ ফালে কেৰেপেই কৰা নাই৷ এনেয়েওঁ ইয়াৰ পৰা ঘৰ বেছি দুৰ নহয়৷ ডিঙিৰ মাফলাৰখন ভালকৈ বান্ধি ল’লে৷ কিছুদুৰ আগবঢ়াৰ পিছতেই ক’ৰবাৰ পৰা এখন প্ৰাগঐতিহাসিক ৰিক্সাৰ আবিৰ্ভাৱ ঘটিল৷ বতাহত যেন ভাঁহি আহিল এটা ফিচফিচিয়া কণ্ঠ-

– ক’লৈ যাব?

অমিতাভে মুৰ তুলি চালে৷ সন্মুখত সেই সকলোৰে চিনাকী জয়নাল ৰিক্সাৱালা৷ দুবছৰ আগতেই মৃত্যু ঘটিছে তেখেতৰ৷ এটা দুৰ্ঘটনাত তেওঁ দুয়োখন ভৰি হেৰুৱাইছিল৷ অকলশৰীয়া জীৱ৷ ঘৰতেই খাবলৈ নাপায় এদিন মৃত্যুমুখত পৰে৷ ঘৰতো এতিয়া এৰাবাৰীত পৰিণত হৈছে৷ মৰিলে কি হ’ব! এতিয়াও পুৰণি অভ্যাস এৰিব পৰা নাই, সদায় ৰাতি গভীৰ হ’লে তেওঁ ৰিক্সাখন লৈ ওলাই আহে৷

নাই, নাই! এইটো বৰ এটা সুবিধাৰ নহ’ব৷ ৰিক্সা লৈ টাইম ওলাই আহোতেই জয়নালে স্পীড ব্ৰেকাৰ এটাৰ ওপৰেৰে জোৰে চলাই দিলে৷ ফলত টাইম মেচিনত স্লীপ কৰি একেকোবে এক্সিডেণ্ট হোৱা দিনটোলৈ গুছি গ’ল৷ ইয়েচ্, দিছ্ ৱিল বি বেটাৰ৷

তেতিয়াৰ পৰা আল্টু- ফাল্টু লেকচাৰ দি সময় নষ্ট কৰাৰ বাবে অশ্ৰাব্য গালি এসোপা দি ৰিক্সাৱালাজন আঁতৰি গ’ল৷ ৰিক্সাৰ টুংটাং শব্দ শুনি অমিতাভৰ তিনি দিন আগতে অহা হোৱাটচ্ এপ মেছেজটোলৈ মনত পৰিল৷ কলেজৰ হোৱাটচ্ এপ গ্ৰুপত আহিছিল মেছেজটো৷ একেলগৰ সীমান্তই এক নামকৰা বহুজাতিক সংস্থাৰ দ্বিতীয় উচ্চতম পদটোলৈ প্ৰমোচন পাইছে৷ সকলোৱে তাক অভিনন্দন জনাইছে৷ হোৱাটচ্ এপতে এক উদুলি মুদুলি পৰিবেশ৷ খবৰটো পোৱাৰ পিছত অমিতাভে দহ-পোন্ধৰ বছৰ পিছৰ কথা ভাবিলে৷ কলেজৰ ৰি ইউনিয়ন৷ সকলো নিজৰ নিজৰ ক্ষেত্ৰত প্ৰতিষ্ঠিত৷ কিন্তু সকলোৰে কোনো ৰস পম নোহোৱা জীৱিকা, ক’বলৈ গ’লে দাসত্বৰ অন্য এক নাম৷ ব্যতিক্ৰম? অমিতাভ! অমিতাভে জীৱনত এনেকুৱা কিবা এটা কৰি পেলালে, যাক দেখি সকলো আশ্বৰ্য্যচকিত৷ অমিতাভক আগুৰি আছে ঈৰ্ষান্বিত চকুবোৰে, উপচাই পেলাইছে প্ৰশংসাৰে৷ গোটেই কাৰবাৰটো অমিতাভে খুবেই উপভোগ কৰিছে৷ সমস্যা মাত্ৰ এটাই৷ কি কাৰণে অমিতাভ সকলোৰে ঈৰ্ষা আৰু প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে সেয়াহে এতিয়ালৈ ভবা হোৱা নাই৷ কিন্তু কিবা এটা যে সাংঘাতিক হ’বলৈ গৈ আছে সেয়া খাটাং৷

ভাবিয়েই ৰোমাঞ্চিত হৈ উঠিল৷ আধা ঘণ্টাৰ পথ প্ৰায় বিশ মিনিটত অতিক্ৰম কৰি ৰূম পোৱালৈ ৰাতি বাৰটা বাজি গৈছে৷ চিধাই বিছনাত! লগে লগে সুন্দৰ সপোন!

ৰাতিপুৱাই ডিউটী৷ চাইকেলখন লৈ অমিতাভ কামত ওলাল৷ কুঁৱলীৰ বাবে একো দেখা নাযায়৷ তথাপি সদায় অহা যোৱা কৰাৰ বাবেই অমিতাভে জানে যে কিছুদুৰ আগতে ৰেলৱে ক্ৰছিং এটা আছে৷ ৰাতিপুৱাৰ লোকেলখন এতিয়া পাৰ হৈ যাব পাব ক্ৰছিঙটো বন্ধ হৈ থাকিব এতিয়া৷ চাইকেলখন ৰখালে, ইতিমধ্যে কুঁৱলীত গোটেই কাপোৰ তিতি গৈছে৷

######

– অমিতাভ, মানে অমিতাভ মহন্তই কৈছিলোঁ৷ মানে পাণ্ডুলিপি এটা পঠিয়াইছিলোঁ৷ হেৰি এমাহ মানেই……

– কিহৰ পাণ্ডুলিপি আছিল বাৰু? গল্প?

– নাই নাই, গল্প নহয়৷ উপন্যাস আছিল৷ ২৫৭ পৃষ্ঠাৰ৷

– নামটো ক’বচোন উপন্যাসখনৰ৷

– ৰাংকুকুৰ!

– অ’কে৷ আৰু আপোনাৰ নামটো কি ক’লে?

– অমিতাভ, অমিতাভ মহন্ত!

– ঠিক আছে৷ আপুনি হল্ডত থাকক৷ মই এতিয়াই চেক কৰি কৈ আছো৷

*** এক প্ৰতিষ্ঠিত, অভিজাত প্ৰকাশনী সংস্থাৰ সম্পাদকে মন্ত্ৰমুগ্ধ হৈ পঢ়ি গৈছে এটা পাণ্ডুলিপি৷ গল্প, কবিতা, ভ্ৰমণকাহিনী, প্ৰবন্ধ আদি কৰি কিমান যে পাণ্ডুলিপি আহে তেওঁৰ কাষলৈ৷ কিছু ক্ষেত্ৰত এনভেলপটো খোলাৰ দৰকাৰেই নপৰে৷ কোৱা হয় যে, পাণ্ডুলিপিৰ এনভেলপত হাত দিয়েই তেওঁ বুজিব পাৰে, কোনটো কিমানৰ৷ এই যে পাণ্ডুলিপিটো, এইটো হাতত পৰাৰ দিনাই তেওঁৰ ষষ্ঠ ইন্দ্ৰিয়ই তেওঁক কৈছিল, ইয়েচ্ দিছ্ ইজ্ দ্যা ৱান! পলম কৰিবলৈ সময় নাই৷ তেতিয়াৰ পৰাই তেওঁ ডুবি আছে পাণ্ডুলিপিটোৰ মাজত৷ লেখক একেবাৰে নতুন৷ কিন্তু পঢ়িলেই বুজা যায়, অনেক দিন ধৰি সযত্নে নিজৰ কলমটোক সাঁজু কৰিছে তেখেতে৷ এক হীৰা আৱিস্কাৰ কৰি পেলাইছে তেওঁ৷ সম্পাদকৰ মনত কোনো সন্দেহ নাই, এইখন উপন্যাস তেঁৱেই প্ৰকাশ কৰিব৷ তেওঁৰ প্ৰকাশন সাক্ষী হৈ ৰ’ব এখন কালজয়ী উপন্যাসৰ৷ অসমীয়া সাহিত্যৰ ধুমুহা, ‘ৰাংকুকুৰ’ বাই …… অমি…… ***

– হয় মহন্ত৷ মই চালোঁ দেই৷ আপোনাৰ লেখাটো মনোনীত হোৱা নাই৷ আমি সেইটো দুদিনমান পিছতেই আপোনালৈ ফেৰৎ পঠিওৱাৰ ব্যৱস্থা কৰিম৷ ধন্যবাদ৷

######

ৰাতিপুৱাই ডিউটী৷ চাইকেলখন লৈ অমিতাভ কামত ওলাল৷ কুঁৱলীৰ বাবে একো দেখা নাযায়৷ তথাপি সদায় অহা যোৱা কৰাৰ বাবেই অমিতাভে জানে যে কিছুদুৰ আগতে ৰেলৱে ক্ৰছিং এটা আছে৷ ৰাতিপুৱাৰ লোকেলখন এতিয়া পাৰ হৈ যাব পাব ক্ৰছিঙটো বন্ধ হৈ থাকিব এতিয়া৷ ইতিমধ্যে কুঁৱলীত গোটেই কাপোৰ তিতি গৈছে৷

ট্ৰেইন আহিবৰ হৈছে৷ কাষৰ মানুহবোৰে নিৰাপদ দূৰত্বত অৱস্থান কৰিছে৷ কিন্তু! কিন্তু অমিতাভে ঠিক কৰিলে যে সি আজি চাইকেলখন নৰখায়৷ ইট্ ৱিল বি ফান! ট্ৰেইন আগুৱাইছে, আৰু আগুৱাইছে অমিতাভ৷ অমিতাভৰ চাইকেল ৰেলৱে ট্ৰেকত৷ উপস্থিত সকলো আতঙ্কিত হৈ পৰিল৷ দৈত্যকায় ৰেলগাড়ীখনে অমিতাভ আৰু চাইকেলখনক ভেদ কৰি গুছি গৈছে৷

চকু মেলিলে অমিতাভে৷ ৰেলখন পাৰ হৈ গৈছে ইতিমধ্যে৷ অমিতাভক জীৱিত অৱস্থাত দেখি চাৰিওঁফালে হৰ্ষধ্বনি!

***
ঘটাং! ৰেলৱে ক্ৰছিঙৰ লোহাত চাইকেলৰ সন্মুখৰ চকাটো খুন্দা খালে৷ অমিতাভ ভুলুণ্ঠিত৷ ক্ৰছিঙটো বন্ধ আছে৷ কিছু সময় পিছতেই লোকেল ট্ৰেইনখন পাৰ হ’ব৷

######
– হেল্ল’, অমিতাভ মহন্ত?

– হয় কৈছো৷ কোনে কৈছিলে?

– আপুনি আজি আমাৰ অফিচলৈ ফোন কৰিছিল৷ আপেনাৰ উপন্যাস সংক্ৰান্তীয় কথা লৈ৷

– হয় হয়!কওঁকচোন বাৰু৷

– ক’বলৈ টানেই লাগিছে৷ এটা ডাঙৰ খেলিমেলি হৈ গ’ল৷

– কি?

– মানে আপোনাৰ উপন্যাসখন আমাৰ সম্পাদকৰ খুবেই পছন্দ হৈছে৷ কিন্তু আৰু এজন আপোনাৰ নামৰ লগত একে নামৰ ব্যক্তিয়েও অন্য এখন উপন্যাসৰ পাণ্ডুলিপি জমা দিছিল৷ তাতেই খেলিমেলি হৈ গ’ল৷ আমি খুবেই দুঃখিত৷ দায় দোষ নধৰিব দাদা৷

– নাই নাই৷ একেবাৰে বেয়া পোৱা নাই৷ মানুহ মাত্ৰেই ভুল৷ হেঃ হেঃ৷

– ‘ধন্যবাদ চাৰ। আমি এই গ্ৰন্থমেলাতেই আপোনাৰ কিতাপখন প্ৰকাশ হোৱাৰ ব্যৱস্থা কৰিম৷ আৰু মই আজিয়েই কন্ট্ৰাক্ট কপী আপোনালৈ কুৰিয়াৰ কৰিম৷ আপুনি চাই ল’ব৷

– বহুত বহুত ধন্যবাদ৷ নবেম্বৰলৈ কিতাপখন আশা কৰিব পাৰো তাৰমানে?

– কি দিম? মাংস নে মাছ? ৰৌ লোকেল আছে!

– গুড্! কন্ট্ৰেক্ট পেপাৰখিনি কেতিয়ামানলৈ পাম?

– কি? মাছ?

থতমত খালে অমিতাভে৷ নাক মুখ কোঁচাই হোটেলৰ ল’ৰাজন ৰৈ আছে৷

– অ’ অ’, হেৰি ম- মাছ৷ কি মাছ আছে?

– ৰৌ বিলাহী, ইলিছ সৰিয়াহ, সৰু মাছ ফ্ৰাই৷

– ৰৌ ৰৌ!

এক অদ্ভূত দৃষ্টিৰে অমিতাভক আকৌ এবাৰ চাই ভিতৰলৈ খোজ ল’লে৷ ৰৌ আনিবলৈ৷

######

– হেল্ল’, অমিতাভ মহন্ত?

– হয় কৈছো৷ কোনে কৈছিলে?

– আপুনি আজি আমাৰ অফিচলৈ ফোন কৰিছিল৷ আপেনাৰ উপন্যাস সংক্ৰান্তীয় কথা লৈ৷

– হয় হয়!কওঁকচোন বাৰু৷

– ক’বলৈ টানেই লাগিছে৷ এটা ডাঙৰ খেলিমেলি হৈ গ’ল৷

– কি?

– আৰে দাদা নক’ব আৰু৷ ৰিচিপচনত বহা ল’ৰাটো একদম আনমনা ধৰণৰ৷ কাক কি কৈ দিয়ে ঠিক নাই৷ বোধহয় সি আপোনাৰ পাণ্ডুলিপিটো বাতিল হোৱা বুলিলে৷ হয় নে?

– হয়, তেনেকৈয়ে ক’লে৷

– না না৷ একদম ভুল ক’লে সি৷ সম্পাদকে বিৰাট বেছি পছন্দ কৰিছে৷ এইখন এইবাৰ গ্ৰন্থমেলাত বেষ্ট ছেলাৰ হ’ব চাই থাকক৷

থক! ৰৌ বিলাহীৰ বাতি টেবুলত থৈ চিধাই মালিকৰ কাষলৈ লৰ মাৰিলে৷

– দাদা, এই চাৰি নম্বৰ টেবুলত বহাটো কিবা ক্ৰেক আছে৷ তেতিয়াৰ পৰা কিবা বিৰবিৰাই আছে৷ অলপ চকু দিব৷

######

– হেল্ল’, অমিতাভ মহন্ত?

– হয় কৈছো৷ কোনে কৈছিলে?

– আপুনি আজি আমাৰ অফিচলৈ ফোন কৰিছিল৷ আপেনাৰ উপন্যাস সংক্ৰান্তীয় কথা লৈ৷

– হয় হয়!কওঁকচোন বাৰু৷

এতিয়া অমিতাভৰ দিল খুচ! স্বয়ং সম্পাদকে ফোন কৰি ইমান প্ৰশংসা কৰিছে৷ আৰু কি লাগে৷ এইবোৰ এক্সপাৰ্ট মানুহ, ৰত্ন চিনাত কেতিয়াও ভুল নকৰে৷ সম্পাদকে ইঙ্গিত এটাওঁ দিছে, কিবা চলিড্ এৱাৰ্ড টিকাই দিব পাৰে৷ কি এৱাৰ্ড নকলেওঁ, অমিতাভে থিক বুজিছে৷ এতিয়া কলেজ ৰি ইউনিয়নৰ ছবিখন সম্পূৰ্ণ হৈছে৷ সুবিশাল হৰ্ষধ্বনি!

######

চাইকেলৰ গতি বঢ়াই দিলে অমিতাভে৷

২৫৭ পৃষ্ঠা!

হঠাৎ নিজৰ ওপৰতে খঙ উঠি গ’ল অমিতাভৰ৷ এই এলাহেই তাক শেষ কৰি দিলে৷ আধা কেজি মান ওজন হ’ব চাগে পাণ্ডুলিপিটোৰ৷ স্পীডপোষ্টত পঠিয়ালে কিমানমান টকা লাগিব এতিয়াওঁ সুধি থোৱা ভাল৷ ঘড়ীটোলৈ চকু দিলে, পোষ্ট অফিছ বন্ধ হ’বলৈ আৰু মাত্ৰ আধা ঘণ্টা বাকী৷

সি ভালকৈ জানে, এই সম্পাদক জাতীয় মানুহবোৰ বিৰাট মুডী হয়৷ মুড্ সলনি হোৱাৰ আগতেই দিনে ৰাতিয়ে কষ্ট কৰি হ’লেও লিখিব লাগিব… কালজয়ী উপন্যাস— “ৰাংকুকুৰ৷”

☆ ★ ☆ ★ ☆

4 Comments

  • ৰিণ্টু

    বঢ়িয়া লাগিল

    Reply
  • mridula

    ভাল লাগিল

    Reply
  • HEMANTA KAKATI

    ভাল লাগিল অমিতাভ৷

    Reply
  • ৰূপাঙ্কৰ চৌধুৰী

    ব্যতিক্ৰমী উপস্থাপনৰ দ্বাৰা এক সুন্দৰ গল্প উপহাৰ দিয়া বাবে ধন্যবাদ মহন্ত!

    Reply

Leave a Reply

Your email address will not be published.