ফটাঢোল

ৰাগ ভৈৰবী- মৌচুমী দুৱৰা

মালতীৰ এইকেইদিন গা সাতখন আঠখন হৈ আছে। বিদেশৰপৰা পুতেক আহিব। দুটা দিনেই নাযায় নুপুৱাই যেন লাগিল। আটাইতকৈ সুখৰ কথা পুতেক এইবাৰ অকলে নাহে, লগত আহিব মেমনী বােৱাৰীয়েক। আগলৈ পাছলৈ কোনাে নথকা সােণমইনাৰ সংসাৰখন পাতি দিবলৈ কমল আৰু মালতীৰ কিমানযে সপােন আছিল! পদূলিৰ মুখতে দিয়া দোকানখনকে সাৰথি কৰি ল’ৰাটোক কমলে মানুহ কৰিলে।

মানুহজনীয়েও দুশ্রেণী নপঢ়িলে যদিও কামেকাজে বৰ নিপুণ। বিয়াৰ পাছৰেপৰা ঘৰখনকে মুঠিমাৰি ধৰিলে। ল’ৰাটোকো সৰুতেই নীতি শিক্ষাৰে কিমান পাঠ পঢ়ালে হিচাব নাই।

আই. আই. টিত ছিটটো পােৱাৰ পাছৰেপৰা সােণমইনা বাহিৰ ওলাল যি ওলালেই। ভাল স্ক’লাৰশ্বিপ এটা পাই লণ্ডনত গৱেষণা কৰিবলৈ সুবিধা পায় আৰু সেই সময়ছােৱাতে লণ্ডনৰ বিশ্ববিদ্যালয় এখনত নিযুক্তি লাভ কৰি তাতে ৰৈয়ে গৈছিল। সিহঁতহালৰ সেই সময়ত বুকুখন হমহমাই গৈছিল যদিও আপত্তি কৰা নাছিল। ল’ৰাৰ সুখেই আমাৰ সুখ বুলি একে এষাৰতে তাক হয়ভৰ দিছিল। তাতে সিহঁতে যি কোনাে কথাতে পৰামৰ্শ বিচৰা গাঁৱৰ মহেন্দ্র মাষ্টৰে লণ্ডনলৈ যাবলৈ ওলাওঁতেই এদিন আহি সিহঁতহালক কৈছিল।

: তহঁতৰ দিনকাল নাই। মাটি-বাৰী সম্পত্তিৰ মােহত ল’ৰাক ৰাখি নথ’বি। সিহে তহঁতৰ সম্পত্তি৷ তহঁতৰে নহয়, আমাৰ গাঁৱৰে এটা সম্পত্তি। সি সজ বাটে যােৱা ল’ৰা, আমাৰ সকলােৰে নাম উজলাব।

বিদেশলৈ যােৱা এবছৰৰ পাছতে এবাৰ সােণমইনা পােন্ধৰ দিনমানৰ বাবে ঘৰলৈ আহিছিল। সাধুকথাৰ দৰে সেইকেইদিন বিদেশৰ কথাবােৰ কমল আৰু মালতীৰ শুনি শুনি হেঁপাহকে নপলালে। যাবৰ সময়ত সি মাকক কৈছিল,

: মা, মই চিৰদিনৰ কাৰণে বিদেশত নাথাকোঁ নহয়! সেইবােৰ দেশৰপৰা বহুত শিকিব লগা কথা আছে, যিবােৰ আমাৰ দেশত পােৱা নাযায়। আৰু আজিকালি বিদেশ মানে বহুদূৰ নহয়। টকা পইচাহে লাগে। এইবাৰ আহি তহঁতৰাে পাছপাের্টখন উলিয়াইহে থ’ব লাগিব।

এদিন পুতেকে বিদেশী ছােৱালীৰ প্ৰেমত পৰি যেতিয়া মাকৰ আগত কথাটো কৈছিল, মালতীয়ে তেতিয়া “দেউতাৰৰ লগত কথা পাতিহে ক’ব পাৰিম” বুলি অনুশানৰ সুৰত কথাষাৰ কৈ ফোনটো কাটি দিছিল। কমলক কথাটো কৈ পােনচাতেই সেইদিনা মহেন্দ্র মাষ্টৰৰ ওচৰলৈকে দুইটা ঢপলিয়াই গৈছিল।

: হেৰৌ দেশী আনিনাে কেইটাই মাক বাপেকৰ ৰখীয়া হৈ আছে দেখিছোঁ। আগৰ দিনকাল নাই বুজিছ। আমাৰ গাঁৱৰ একমখাই ক’বই। তােৰ ল’ৰাই ফূর্তিপানী খাই, পদূলি শুঙি থকা হ’লে এচামে ভালেই পালেহেঁতেন। দেখা নাই জানাে গাঁওখন কিমান অধঃপাতে গ’ল। আমাৰ কেইটাই বাহিৰত ঘৰ কৰাত ময়ো কিমান শুনিলোঁ। গাঁওখন ঠিক কৰিম বুলিয়েই মই ৰৈ গৈছিলোঁ। চুৱা চেলেকা, লুতুৰাকেইটামানে পুৰুষত্ব জাহিৰ কৰিবলৈ গৈ গাঁৱৰ নামকে নুমুৱালে। মাত মাতিবলৈ যাওঁতে মােৰ ডিঙিতে ধৰাহি নাই জানাে! এতিয়া চকু-কাণ বন্ধ কৰি দিনকেইটা কেনেকৈ শেষ কৰােঁ তাকে ভাবিছোঁ। গতিকে নিজে আৰু সােণমইনাই ভাল দেখামতেই আগবাঢ়। সিহঁতৰ সুখবােৰেই আমাৰ সুখ নহয় জানাে! ধূলিবােৰ উৰিবই, মাত্র সামৰি নথ’বি। গাৰ ধূলিবােৰ জোকাৰি দিলেও আঁতৰি যায়।

মহেন্দ্র মাষ্টৰৰ কথাত সুখ পাই মনটো মুকলি লাগিলত মালতীয়ে পুতেকক কৈছিল,

: তই যি ভাল দেখ সেইটোৱেই কৰ মইনা। আমাৰনাে আগলৈ পিছলৈ কোন আছে। তােৰ সুখেই আমাৰ সুখ। আমি তহঁতি আহিলে গাঁৱতাে নিয়ম অকণমান কৰিম। তাই আকৌ নাই নুই নকৰে নহয়? আমি বাৰু মেমনীৰ কথা বুজিব পাৰিম নাই মইনা? তাইৰ নামটো কি?

আৰু বহুত প্রশ্ন….

মইনাই সকলােবােৰৰে উত্তৰ দি গৈছিল। নিৰানন্দত শুকাই থকা মালতীৰ বুকুখনাে তেতিয়াহে শাঁত পৰিছিল। সােণমইনায়ো মাকৰ সঁহাৰি পাই “দুই তিনিমাহৰ পাছতে ঘৰলৈ গৈ আছােঁ” বুলি জনালে।

সােণমইনাই বেংকত জমা কৰি দিয়া টকাৰে হুৰমূৰকৈ কমলে নতুনকৈ দুটা কোঠা আৰু সংলগ্ন কৰি লেট্ৰিন বাথৰূম সাজিও উলিয়াইছিল। ধনটোৱে সােণমইনাৰ পৰামর্শ মতে ঘৰ সজাৰ কামৰ তদাৰক কৰিছিল।

মালতীয়ে গাঁৱৰ বিয়নীমেলবােৰত ভাগ নলয় যদিও কেতিয়াবা চেগ চাই ক’বলৈ মন গ’লে অকণমান জহায়ো আহে। জহাবই, সােণমইনাৰ দৰে ল’ৰা গাঁৱতনাে কেইটা ওলাব! মালতীযে সিহঁতক কয়,

: আমাৰ ‘পাছফৰভ’ নে কি এখন উলিয়াই সােণমইনাৰ বােলে আমাকো এবাৰ বিদেশ দেখুৱাবলৈ নিব।

: বাৰু দেখিলেহে লেখিম।

কাষৰজনীক টিপা এটা মাৰি কৈ ডালিমীয়ে আকৌ কৈছিল,

: তই তেতিয়াহ’লে বিদেশী সাজপাৰ গােটাবৰ হ’লেই।

: হেৰৌ, মই তাত পর্বত বগাবলৈ নাযাওঁ নহয়। মইনাৰ ঘৰতে থাকি বিদেশৰ জেগা জুগলিহে চাম। চাদৰ মেখেলা কেইযোৰেই সামৰি-সুতৰি পিন্ধি সুখ পাওঁ।

এইকেইদিন সিহঁতৰ গাঁৱত যিমান বু বু বা বা চলিছে, মালতীৰ ঘৰখনতো সিমানেই উখল মাখল। পুতেকৰ চেহেৰাটো ওচৰৰপৰা নেদেখা দুবছৰেই হ’ল। এই ম’বাইল এটা সােণমইনাই যােৱাৰ আহোঁতে লৈ থৈ গৈছিল যদিও সুচল নাপায়। পুতেকে শিকালেহে শিকালে একো ধৰিবকে নােৱাৰিলে।

: এইচটা লগত ভাৰ বৈ লৈ থকাতকৈ বুকুৰ মাজতে সুমুৱাই লৈ ফুৰিবপৰা মােৰ জুইশলা বাকচটোৱেই ভাল,

বুলি পুৰণি নকিয়া ম’বাইলটোকে মালতীয়ে সােণ দেখাদি দেখি সামৰি থয়। কমলেও এইবােৰ চলাই বৰ ভাল নাপায়। সি কয়,

: ধনটোৰটোৱেই হ’ব অ’। ক’ৰবাত টিপিম কিবা হ’বগৈ৷

কিবা হ’বগৈ জাতীয় ভয় এটা পেটত প্রথমেই সােমােৱাৰ কথাটো সােণমইনাক লাজতে কোৱাই
নহ’ল। সােণমইনাই, “তহঁতৰ গা মূৰ বেয়া লাগিলে সুধিব পাৰিবি” বুলি ম’বাইলত চেভ কৰি দিয়া তাৰ বান্ধৱী ডাক্তৰ শিখা বৰদলৈৰ নম্বৰটোলৈ এবাৰ হােৱাটচআপত ভিডিঅ’ কল হৈ নিচলা পিছলাকৈ ওলাই পৰি কমলে কমখন লাজ পাইছিলনে!

ক’ৰবাত টিপি কিবাকিবি ওলােৱা এইবােৰ দেখি সেইদিনা কলখােৱা ধাতু বাহিৰ হৈ ফোনটোকে গাৰুৰ তলত ভৰাই দিছিল। সেয়েহে এনেবােৰ আপদীয়া বস্তু লগত ৰখাতকৈ সামৰি-সুতৰি থৈ হাতৰ টিপাতে সামৰি লৈ ফুৰিবপৰা চেমছাঙৰ সৰু ম’বাইলটোকে কমলৰাে আপােন যেন লাগে।

ভিডিঅ’ কলত কমলে পুতেকৰ মুখখন চাই চাই নিজৰ মুখখন দেখুৱাই থকাতকৈ বাৰী-ঘৰ, পুখুৰী আৰু শহুৰেকে দিয়া ৰাঙলী গাইজনীলৈকে দেখুৱাইহে ভাল পায়। মালতীয়ে আকৌ ভিডিঅ’ কল কৰিলে এই সময়ত নিজৰ পুতেকলৈকে কিবা লাজ লাজ লাগে। স্বভাৱজাত ভাৱে ওৰণিখন উঠাই লৈ সংকোচে কথা পাতিবলৈ লােৱা দেখিলে ধনটোৱে সদায় বৰমাকক ভেকাহি মাৰি কয়,

: আমাৰ এইগৰাকীৰ পুতেকক চাবলৈও তত নাই আকৌ লাজটোও নেৰে। যেনেকৈ ওৰণি টানিব পুতেকৰ লগত নহয় যেন বৰজনাকৰ লগতহে কথা পাতিবলৈ লৈছে।

ধনটো আছে বাবে সােণমইনাই বিশেষ চিন্তা নকৰে। তাৰ ফোনতে ভিডিঅ’ কল কৰি মাক দেউতাকৰ লগতে কেতিয়াবা গঞা জ্ঞাতিকো চায়। ধনটি তাৰ সৰু দদায়েকৰ ল’ৰা৷ সৰুৰেপৰা বৰদেউতাককে বাবা বুলি মাতে। কমলৰাে বৰ মৰমৰ। মালতীৰতো কথাই নাই! জহ মাৰি কৈ ফুৰে,

: সি মােৰ পেটৰ পােৱালি নহ’লে হ’ব কি! নিজৰ পােতকৈ কোনােগুণে কম নহয়।

ধনটিৰাে সেই একেই বান্ধ। বৰমাকে ৰন্ধা নাখালে তাৰ পেটেই নভৰে। মাজে মাজে সি বৰমাকক জোকায়,

: অ বৰমা, ককাইদেউৱে কি পাই পঢ়িবলৈ গৈছে অ’?

: ইসকলাৰপিছ আকৌ

সি হাঁহি হাঁহি কয়,

: তই আৰু নিশিকিলি বৰমা, আজিনে কালিলৈ পুতেৰে মেমনী আনি ঘৰ সুমুৱাবহি। তােক “আই লাভ য়ু মাম্মী” বুলি ক’বহি, তই আৰু ওৰণি তলতে ৰৈয়ে গ’লি।

কমলে কাষৰপৰা মাত দিয়ে,

: হ’ব হ’ব তই এতিয়া বুঢ়া শালিকাৰ মাত উলিয়াব নালাগে। গাঁৱৰ পাবত গজাকেইটামানক দেখিছােঁ নহয়, চাহাব দেখুৱাবলৈ গৈ না ভালকৈ ইংৰাজী পাৰে না অসমীয়াটোকে শুদ্ধকৈ ক’ব পাৰে৷ তােকো কৈছােঁ নিজৰবােৰ ঠিক কৰ। মােৰ দোকানখন তয়ে চম্ভালি ল’। আমাৰ তিনিআলিটো আজিকালি চহৰৰ দৰেই হ’ল। বুদ্ধি ভৰসা লগাব জানিলে দোকান ভালকৈ চলিব। বাণিজ্যতহে লক্ষী থাকে। সময় সুবিধা চাই ময়ো বহিম। সােণমইনাই আমালৈ টকাকেইটা পঠাই আছেই। পর্বতত কাছ কণী বিচৰাৰ দৰে চাকৰি চাকৰি বুলি কিমান দৌৰি ফুৰিবি! দোকানখন চলায়েই দুপইচা গােটাই ল।

এইকেইদিন ঘৰ দুৱাৰৰ জাঁজ মাৰি শেষ হ’লত মালতী ধনটিৰ পাছত লাগি আছে, ইংৰাজী দুটামান শিকাই দিবলৈ। ধনটিয়েও মুখচুপতি মাৰি মাৰি কয়,

: তােকটো গ্রামাৰ নালাগে৷ এই ধৰ বােৱাৰীয়েৰ পদূলি পাইছেহি, কঁপালতে চুমা এটা খাই ক’বি- ‘চ’ কিউৎ’, ভিতৰলৈ আহি ক’বি- ‘ইয়ৰ হ’ম’, চাহ দি লৈ ক’বি, ‘ড্রিংক’ এনেকৈ কেইটামান জানি থ’লেই হ’ল। বাকী চার্লি চ্যাপলিনক টি.ভিত দেখিছ নহয় তেনেকৈ চলাই লৈ যাবি।

দুইটাই ঢেকঢেকাই হাঁহে।

অৱশেষত সােণমইনাৰ আহি গাঁও পাইছিলহি৷ এয়াৰপাের্টৰপৰা নামিয়ে বাহিৰে বাহিৰে আগতে পৰিকল্পনা কৰি থােৱামতে মাহীয়েকৰ ঘৰলৈকে গ’ল। কইনাৰ বাবে যােগাৰ কৰি থােৱা ৰঙীণ পাটৰ সাঁজযােৰ আৰু আ-অলংকাৰকেইটামান পিন্ধাই দি মাহীয়েক মহাকেই সিহঁতক লৈ আনিছিল। পদূলি মূৰত কইনা চাবলৈ গাঁৱৰ ল’ৰা-ছােৱালী জীয়ৰী-বােৱাৰীয়ে জুম বান্ধিলে।

সােণমইনাই গাড়ীৰপৰা নামিয়ে মহেন্দ্ৰ ছাৰক ভৰিত ধৰি সেৱা কৰিলে। ভিতৰলৈ যাবলৈ বিচৰাত মাকে বাৰাণ্ডাৰ পৰাই হাত দাঙি ৰ’বলৈ ইংগিত দিলে। গাঁৱৰ ডালিমী, ৰুমাহঁতে হাতত ধূপ-চাকি, বিচনী এখন লৈ ওলাই আহিল। মালতীয়ে এখন কাঁহিত এগচি বন্তি, পিঠাগুৰি মিঠৈ আৰু সৰু লােটাটোত আমপাত আগ তিনিখিলামান তিয়াই দুই হাতে ধৰি লৈ আগুৱাই গ’ল।

মালতীৰ মনটো পােনচাতেই ভৰি গ’ল। আঃ! ছােৱালী নহয় যেন স্বর্গৰ অপেশ্বৰীহে। কমলেও আঁৰ চকুৰে তাইকে চাই থাকিল। সােণবৰণীয়া আকাশ এখনত সন্ধিয়া ওলাই অহা পূর্ণিমাৰ জোন এটাৰ দৰে জিলিকি থকা মুখখন দেখি তাৰাে মন ভৰিল। সি ভাবিলে, হওকতেও ছােৱালী ৰূপে গুণে একেবাৰে নিখুঁত। মইনাই অন্ততঃ অপাত্ৰত হাত দিয়া নাই!

কলৰ তলত খুৰাকৰ ছােৱালী বন্দিতাই কইনাৰ ভৰি ধুৱাই দিলে। মালতীয়ে এমােকোৰা হাঁহিলৈ কইনা আদৰিলে। পেহীয়েকে এটা সােণৰ আঙুঠি পিন্ধাই দি কইনা দৰাক লগুণ গাঁঠিয়ে বান্ধি দিলে। সাদৰীয়ে কইনাৰ আঁচলত ধৰি ভিতৰলৈ লৈ আহিল। বিস্ময়-বিমুগ্ধ হৈ মুখত এটা মিচিকিয়া হাঁহিলৈ গ্ৰেছে মাত্র চাই  থাকিল গৃহপ্রৱেশৰ পৰম্পৰা।

কইনা আদৰাৰ পাছত কিছুমান পৰম্পৰাগত নিয়ম কৰিলৈ গঞা জ্ঞাতিক আপ্যায়ন কৰি কমল আৰু মালতীৰ মনলৈ ভাৱেই নাহিল যে সােণমইনাই বিদেশী ছােৱালী এজনী ঘৰ সুমুৱাইছেহি। এজনী সহজ সৰল অসমীয়া গাভৰুৰ দৰে তাই নমস্কাৰ দি দি সকলােকে হাঁহিমুখে সম্ভাষণ জনালে।

তথাপি চকুচৰহা দুজনীমানৰ চৰ্চা তাইৰ কাণত সােমালত কমলক একাষৰীয়া কৈ মাতি নি কথাটো জনালে। কমলৰ এইবােৰ কথাত নােম এডালাে নল’ৰে৷ সি মালতীক ক’লে,

: সিহঁতবােৰৰ দেখােন পজালি গেলা। নিজৰ ঢােল নিজে পিটি থাকে কাৰণেহে তই মিছাতে কিয় জ্বলি পুৰি মৰ মই বুজি নাপাওঁ।

সাদৰীয়ে যেন কমলে ক’লেহে বুজি পায়।

: এৰা অ’ পেলনিত যােৱা কেইটাক লৈ সিহঁতৰ কি ফুটনি চাবা! মই এনেই মেথা মাৰােঁ।

ইতিমধ্যে ভাল লাগিছে, বেয়া লাগিছে, খালোঁ, মা, দেউতা জাতীয় কিছুমান শব্দ সােণমইনাই গ্ৰেছক শিকাইয়ে আনিছিল। সেইবাবে বাকীখিনি নৈশব্দৰ মাজেৰে ভালদৰেই চলি গৈছে। প্ৰেম ভালপােৱাৰ অনুভূতি লৈ পৰিয়ালটো শব্দবিহীন ভাৱে আঁটি আঁটি বান্ধ খাইছে। সকলােৱে যেন উপলব্ধি কৰিছে, প্ৰেমৰ কোনাে ভাষা নাই, কোনাে শব্দ নাই, আছে মাত্র মিঠা অনুভৱ, ব্যাপ্তি আৰু বিন্যাস!

কৃপা। সােণমইনাই দি লােৱা নামটোৱেই সিহঁতেও তাইক মাতে। মালতীৰ উলাহৰ যেন অন্ত নাই! এই কেইটামান দিনতে অসমীয়া ৰন্ধা বঢ়াৰপৰা সকলাে পৰম্পৰাৰ লগত কৃপাক চিনাকি কৰাই দিব লাগিব। তাতে ওচৰে পাজৰে ঠাইবােৰ আৰু মিতিৰ কেইঘৰমানাে ফুৰিব লাগিব। তাৰ মাজতে আলহী অতিথি আছেই।

পাকে পাকে চুমা খাই থকা ‘লাভ ইউ’ বুলি সাৱটি ধৰা বােৱাৰীয়েকজনীৰ লগত বুজক নুবুজক নাভাবি অসমীয়াতে মালতীযে কিমান যে কথা পাতিলে হিচাব নাই। মাকৰ কাষত সােণমইনা থাকিলে কিছুমানৰ ভাঙণি অৱশ্যে কৰি দিয়ে৷ তেতিয়া কৃপাই সােণমইনাৰ গালত চুমা এটা খাই কৈ পেলায়,

: আই এম ৰিয়েলী গ্রেটফুল .. ম..অনা। ইউ বিলং টু এ ৰিচ্ছ কালচাৰ।

সােণমইনাইয়ো মাক থকাৰ কথা পাহৰি তাইক মৰমতে সাৱটি ধৰে। মালতীয়ে তলমূৰ কৰি ভাৱে, সােণমইনাটোও আজিকালি বৰ নিলাজ হ’ল!

চাওঁতে চাওঁতে এটা মাহ চকুৰ পচাৰতে শেষ হৈ গ’ল। আজি সিহঁতি যাবলৈ ওলাইছে। অসমীয়াৰ চিন স্বৰূপে কেইপদমান বস্তু, পিঠা পনাৰে টালি টোপােলা বান্ধি মালতীয়ে মনে মনে চকুলাে টুকিলে। নিজৰ পুৰণি ডুগডুগী, ব্ৰেচলেট পাত বােৱাৰীয়েকৰ হাতত দি কঁপালতে চুমা এটা খালে। হঠাৎ উদুলি মুদুলি পৰিৱেশটো গােমা হৈ পৰিল। ইতিমধ্যে সিহঁতক এয়াৰপৰ্টলৈ লৈ যাবলৈ বন্দৱস্ত কৰা গাড়ীখন পদূলিত ৰ’লহি। ধনটিয়ে বই-বস্তুবােৰ গাড়ীত ভৰাই দিলে। উচুপনিত ভাগিপৰা সকলাে পদূলিলৈ আগুৱাই গ’ল।

মহেন্দ্র মাষ্টৰে নির্দেশ দিলে।

: যাত্রা কালত চকুৰ পানী মংগলজনক নহয়।

এনেতে মালতীয়ে সিহঁতক অকণমান ৰ’বলৈ কৈ দৌৰ মাৰি ভিতৰলৈ গ’ল। মুহূৰ্ততে নিজৰ কোঠালৈ গৈ শাহুৱেকে সােণমইনা গাত থাকোঁতে দিয়া শিশু কৃষ্ণৰ সৰু মূর্তিটো ৰুমাল এখনেৰে মেৰিয়াই লৈ বােৱাৰীয়েকৰ হাতত দি তাইৰ পেটটোত হাত দি অংগী-ভংগীৰে কিবা এটা বুজাবলৈ ধৰিলে। কৃপাই মালতীক সাৱটি ধৰিলে।

সােণমইনাৰ মুখৰ মাত হৰিল।

: এই আপােনালােকৰ কাষত চার্লি চ্যাপলিন..

মালতীলৈ আঙুলিয়াই দি ধনটিয়ে কোৱা কথাত গােমা আকাশখন হঠাৎ ফৰকাল হােৱাৰ দৰে সকলােৰে মুখত হাঁহি বিৰিঙিল। সেই চেগতে ড্রাইভাৰে গাড়ী ষ্টার্ট দিলে।

সিহঁতক বিদায় দি সকলাে ঘৰা-ঘৰি গ’ল। মহেন্দ্র মাষ্টৰৰ কথা মনত পেলাই মালতীয়ে জোৰেৰে চকুৰ পানীবােৰ সামৰি থ’লে। কমলৰাে বুকুখন গধুৰ যেন লাগিল। মালতীৰ ওচৰ চাপি গৈ তাইক সান্তনা দিবলৈ তাৰ সাহস নহ’ল। তথাপি গােমা পৰিৱেশটো নাইকিয়া কৰিবৰ বাবেই সি তাইক বুকুৰ মাজলৈ টানি আনি ক’লে,

: আই লাভ ইউ।

: নিলাজ

বুলি কৈ টুলটুলীয়া চকু দুটা মােহাৰি মালতীয়ে হাঁহি এটা মাৰি কমলৰ বুকুৰ মাজত সােমাই পৰিল। মালতীৰ বুকুখনে তেতিয়া ধান বনাদি বানি থকাৰ শব্দটো একমাত্র কমলেহে শুনিছিল।

সেই সময়ত নিষ্কলুষ আকাশখন ৰ’দৰ জিলিঙণিৰে উপচি পৰিছিল৷

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.