ফটাঢোল

ৰাজনৈতিক চেতনা আৰু ৰাজনৈতিক বৰ্ণনা- হিতেশ্বৰ শৰ্মা 

আমাৰ ৰাজনৈতিক চেতনা কিমান? নাইবা ৰাজনৈতিক ভাৱে আমি কিমান সচেতন? আমি কোনো কালেই নিজকে প্ৰশ্ন কৰি চোৱা নাই। চাবলৈ গ’লে গোটেই ৰাজনৈতিক ধাৰণাটোৱে আমাৰ জীৱন ধাৰণৰ প্ৰয়োজনীয় উপাদানসমূহৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত।

এটা সাঁথৰ হ’ল ছক্ৰেটিছৰ ভেড়াৰ পাল আৰু  ভেৰাৰখীয়াৰ সম্বন্ধটো। ৰিপাব্লিক নামৰ পুথিখনত ছক্ৰেটিছে কথোপকথনৰ জড়িয়তে এটা ধাৰণা উত্থাপন কৰিছিল যে ভেড়াৰখীয়াই নিজৰ স্বাৰ্থৰ বাবে ভেড়াৰ পালন কৰে যদিও যিহেতু ভেড়াৰ পালটোৰ উৎকৃষ্ট ভাৱে লালন-পালন হোৱাটোতেই  মালিকৰ প্ৰকৃত স্বাৰ্থ সিদ্ধি হোৱাৰ সম্ভাৱনা থাকে সেয়হে মালিকে সদায়ে ভেড়াৰ স্বাৰ্থতেই কাম কৰিবলৈ বাধ্য।  আপাত দৃষ্টিত এই ধাৰণাটোৱে আমাক বুজাবলৈ বাধ্য কৰে যে দেশৰ মূৰব্বীয়ে যিবোৰ নীতি বা আদৰ্শৰে শাসন কৰে সেইবোৰ প্ৰজাৰ হিতৰ বাবেই হয়।

যদি সেই পালটো ভেড়া ছাগলীৰ পাল হয় তেন্তে বৰ এটা বিশেষ সমস্যা নাই কাৰণ ভেড়াৰ বাবে কি প্ৰয়োজনীয় সেইটো ভেড়াতকৈ মানুহে বেছি ভালদৰে নিৰ্ধাৰণ কৰিব পাৰে বুলি ভাবিব পাৰি। কিন্তু মানুহৰ ক্ষেত্ৰত সেইটো সুকীয়া হয়। মানুহৰ দ্বাৰা পৰিয়াল পৰিয়ালৰ পৰা সমাজ গঠন হয়। মানুহে নিজস্ব ধ্যান ধাৰণাৰে নিজৰ প্ৰয়োজনীয়খিনি, সা সুবিধাখিনি, বা অধিকাৰখিনি নিৰ্ধাৰণ কৰিব পাৰে। ব্যক্তিগত স্বাৰ্থ তথা নিজৰ সামাজিক স্তৰৰ স্বাৰ্থ কেনেদৰে পূৰণ কৰিব পৰা যায় সেই প্ৰশ্নটোতেই আমাৰ ৰাজনৈতিক চেতনাবোধৰ ধাৰণাটো লুকাই আছে। কাৰণ ব্যক্তিগত তথা আমাৰ ৰাজহুৱা স্বাৰ্থ পূৰণ হোৱাৰ একমাত্ৰ পথটো হ’ল আমাক বুজি পোৱা প্ৰশাসন তন্ত্ৰ এটা। এই প্ৰশাসন তন্ত্ৰটোৱেই নাগৰিকৰ প্ৰয়োজনীয় সকলো সা-সুবিধা, আশা আকাংক্ষা পূৰণৰ পথ প্ৰশস্ত কৰিব পাৰিব লাগে। সেয়েহে প্ৰত্যেকজন সচেতন নাগৰিকে নিজৰ আশা আকাংক্ষা পূৰণ হ’ব পৰাকৈ এই প্ৰশাসন তন্ত্ৰটো নিৰ্মাণ কৰিবলৈ চেষ্টা কৰে। ইয়াতেই ৰাজনৈতিক দল গঠন তথা শাসনৰ দায়িত্বৰ চিন্তা আহি পৰে।

ইয়াতে আন এক প্ৰশ্নৰ সৃষ্টি হয়, আমি নিজৰ সা-সুবিধা আৰু নিজৰ অধিকাৰ সম্বন্ধে কিমান সচেতন। যদি  আমি নিজৰ সা সুবিধা সম্বন্ধে মুঠেও সচেতন নহয় তেনেহ’লে ক’ব পৰা যায় যে আমাৰ ৰাজনৈতিক চেতনাবোধো শূণ্য। দেশে সংবিধানৰ জৰিয়তে সুনিশ্চিত কৰা সমাজ ব্যৱস্থাত এজন নাগৰিক হিচাপে নিজৰ স্থিতি আমি প্ৰত্যেকেই বুজি পোৱাতো বাঞ্ছনীয়। য’তেই আমাৰ অধিকাৰ আৰু চেতনাবোধৰ অভাৱ তাতেই শোষণ আৰু লুণ্ঠন হৈছে। এইখিনিতেই কাৰ্ল মাৰ্ক্সৰ এটা ধাৰণাৰ কথা উল্লেখ কৰিব পাৰি। মাৰ্ক্সৰ মতে নিজৰ সকলো ধৰণৰ চেতনাবোধ ৰাজনৈতিক। বহু সময়ত এই প্ৰশাসন তন্ত্ৰটো যিসকলৰ নিয়ন্ত্ৰণত থাকে তেওঁলোকে এক ধৰণৰ ৰাজনৈতিক চেতনাৰ সৃষ্টি কৰে যিয়ে নাগৰিকৰ প্ৰকৃত উন্নয়ন নাসাধে বৰং বিভ্ৰান্ত কৰি শাসক গোষ্ঠীৰহে উন্নয়ন সাধে। এক প্ৰকাৰৰ ছক্ৰেটিছৰ সেই ভেড়াৰখীয়াৰ উদাহৰণটোৰ দৰেই নাগৰিকক ভেড়াৰ দৰে গণ্য কৰে। মাৰ্ক্সৰ ধাৰণাত এই ধৰণৰ বিভ্ৰান্ত মূলক ৰাজনৈতিক চেতনাক ‘মিথ্যা চেতনা’ (False consciousness) বুলি কোৱা হয়।

বৰ্তমান সময়ত বিভিন্ন ৰাজনৈতিক দলসমূহে এই প্ৰশাসন তন্ত্ৰটো নিজৰ আয়ত্বলৈ আনিবলৈ জনতাৰ ৰাজনৈতিক চেতনাবোধৰ সম্ভেদ লৈ কিছুমান কাৰ্য্যক্ৰমনিকা প্ৰস্তুত কৰে আৰু ৰাইজক প্ৰলোভিত কৰি ক্ষমতা দখল কৰাৰ বাবে চেষ্টা কৰে। সঁচাকৈয়ে জানো এই কাৰ্যক্ৰমণিকাই (manifesto) নাগৰিকৰ সামগ্ৰিক উন্নয়ন সাধন কৰিছে? এই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ হ’লে আন দুটা প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয়। নাগৰিক এজনে এখন দেশৰ পৰা কি বিচাৰে? এখন ৰাষ্ট্ৰই নাগৰিকক কি দিয়া উচিত? এই দুটা মৌলিক প্ৰশ্নৰ উত্তৰতেই সকলো নিৰ্ভৰশীল। বাস্তৱত নাগৰিক এজনে দেশৰ পৰা আৰ্থিক, সামাজিক আৰু ৰাজনৈতিক নিৰাপত্তা তথা সুৰক্ষা বিচাৰে। এই তিনিবিধকেই চৰকাৰে শিক্ষা, স্বাস্থ্য, বিভিন্ন উন্নয়নমূলক আঁচনি তথা প্ৰক্ৰিয়াৰ জৰিয়তে নাগৰিকক দিবলৈ যত্ন কৰে। যদি এই সম্বন্ধে নাগৰিকৰ চেতনাবোধ শূণ্য হয় তেতিয়া সেই নাগৰিকে সকলোধৰণৰ প্ৰাপ্যৰ পৰা বঞ্চিত হয়।

ৰাজনৈতিক চেতনাৰ ওপৰত বিগত দুই তিনি দশকৰ পৰা বহুতো চৰ্চা চলি আছে। অলপতে এটা নতুন ধৰণৰ  চৰ্চা আৰম্ভ হ’বলৈ ধৰিছে। সেয়া হ’ল শাসকীয় গোষ্ঠীয়ে ৰাইজৰ মনত নিজে বিচৰা ধৰণে এক বৰ্ণনাৰ (narrative) জৰিয়তে পৰিকল্পিত চেতনাৰ সৃষ্টি কৰা। যাক আমি ৰাজনৈতিক বৰ্ণনা (political narrative) বুলি কওঁ। আমেৰিকাৰ ৰাজনৈতিক গবেষক ক্ৰিছটেন মনৰো (kristen Monroe)ৰ মতে এই বৰ্ণনা সাধাৰণতে এটা কাহিনী, আমাৰ চাৰিওফালে ব্যপ্ত হৈ থকা কিছুমান পৰিঘটনা, যিবোৰ শৃংখলিত ভাৱে সংযোজিত কৰি আমাৰ মানসিক চেতনাবোধৰ লগত বাস্তৱৰ উপলব্ধি হোৱাত সহায় কৰে। গতিকে ৰাজনৈতিক চেতনাৰ উপলব্ধি হোৱাত এই বৰ্ণনাসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে এক কথাত কব’লৈ গ’লে এই ৰাজনৈতিক বা ইতিহাসৰ বৰ্ণনাসমূহ মানুহৰ মনত ৰাজনৈতিক চেতনা জগাই তোলাৰ এক অপৰিহাৰ্য ব্যৱস্থা। দৰাচলতে এক কথাত ক’বলৈ গ’লে এই বৰ্ণনাসমূহতেই সমস্যাৰ সৃষ্টি কৰা যায় আৰু তাতেই সমাধানৰ ব্যবস্থাও নিহিত হৈ থাকে। মনৰোৰ (Monroe) মতে স্বভাৱজাত মানুহ হ’ল স্বাৰ্থপৰ। মানুহে তেনেকুৱা ধৰণৰ বৰ্ণনা সমূহহে গ্ৰহণ কৰে যিবোৰে মনুহৰ নিজৰ স্বাৰ্থ, নিজৰ সমাজৰ স্বাৰ্থ ৰক্ষা কৰে। আকৌ মানুহৰ স্বাৰ্থ ক’ত বুলি প্ৰশ্ন কৰিলে তাৰ উত্তৰো কিন্তু এই বৰ্ণনা সমূহতেই বিচাৰি চোৱা যায়।

আমেৰিকাৰ আন এগৰাকী সমাজ বিজ্ঞানী আৰ্লি ৰাছেল হোজচাইল্ড (Arlie Russell Hochschild)ৰ মতে কেৱল স্বাৰ্থৰ বাবেই নহয়। প্ৰতিটো সামাজিক পৰিঘটনাৰ লগত মানুহৰ আবেগো সমানেই জড়িত হৈ থাকে ইয়াক তেওঁ ‘অনুভৱ নীতি’ (feeling rules) বুলি উল্লেখ কৰিছে । ১৯৮৩ চনত তেওঁ ৰচনা কৰা গ্ৰন্থ The Managed Heart: Commercialization of Human Feeling নামৰ গ্ৰন্থত তেওঁৰ ধাৰণা কিছু সলনি কৰি উল্লেখ কৰে যে বহু সময়ত মানুহে নিজৰ কাৰ্য্যপন্থা নিৰ্ধাৰণ কৰোঁ‌তে নিজৰ উপলব্ধিসমূহক (ৰাজনৈতিক/সামাজিক বৰ্ণনাসমূহৰ পৰা পোৱা) আবেগিক ভাৱেহে বিশ্লেষণ কৰি লয়। এই কাৰ্য্যপন্থা এক আবেগিক সূত্ৰৰে সংস্কৃতিৰ লগত বান্ধ খাই থাকে।

যদি এয়াই সত্য হয় তেন্তে আমিও ধৰি ল’ব পাৰোঁ‌ নেকি যে আমাৰ প্ৰকৃত প্ৰয়োজনখিনিক বিভিন্ন ধৰণৰ আবেগিক বৰ্ণনাৰে আওকাণ কৰি থকা হৈছে? নাইবা মাৰ্ক্সে কোৱাৰ দৰেই ‘মিথ্যা চেতনা’কেই সুস্থ ৰাজনৈতিক চেতনা বুলি এক প্ৰচাৰ চলোৱা হৈছে।

1. Plato. Plato’s The Republic. New York :Books, Inc., 1943.

2. Molly Patterson, Kristen Renwick Monroe. Narrative in  political science. Annu. Rev. Polit. Sci. 1998. 1:315–31.

3. Wharton, Amy S. (2011). “The Sociology of Arlie Hochschild”. Work and Occupations. 38 (4): 459–464. doi:10.1177/0730888411418921.

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published.