ফটাঢোল

ৰাজমাও পুখুৰীৰ ঐতিহ্য ৰক্ষাৰ যুদ্ধ- কল্যাণ নাথ

ৰাতি ভাতকেইটা খায়েই আৰম্ভ হৈছিল বৈঠকখন। বৈঠকৰ উদ্দেশ্য বাখ্যা কৰাৰ লগে লগেই সকলো উত্তেজিত হৈ উঠিল। ইমান সাহস এই বহিৰাগত কুলঙ্গাৰবোৰৰ, আমাৰ ঐতিহাসিক সম্পদৰ প্ৰতি ইহঁতৰ কোনো সন্মান-শ্ৰদ্ধা নাই, ইয়াৰ উচিত শাস্তি দিব লাগিব ইহঁতক। চৰকাৰে এইবোৰ নেদেখিলে কি হ’ল আমি আছোঁ‌ আমাৰ ঐতিহাসিক সম্পদৰ ঐতিহ্য ৰক্ষাৰ বাবে।

ঘটনাৰ পটভূমি যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ ছাত্ৰাবাস আৰু জাতিৰ ঐতিহ্য ৰক্ষা কৰাৰ বাবে চলা এই বৈঠক অনুষ্ঠিত হৈছে ছাত্ৰাবাসৰ কমন ৰুমত ১৯৯০ নে ৯১ চনৰ কোনোবা এক শীতৰ নিশা। ঐতিহ্য ৰক্ষাৰ বাবে সাজু হোৱা বীৰসকল হৈছে পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰা ছাত্ৰাবাসৰ আবাসী ছাত্ৰসকল আৰু এই অধম তেতিয়া দ্বাদশ শ্ৰেণীৰ আবাসী। প্ৰায় ৭০ শতাংশ আবাসী অৱশ্যে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ, বাকীসকল পঞ্চমমানৰ পৰা আৰম্ভ কৰি বিভিন্ন শ্ৰেণীৰ ছাত্ৰ।

যোৰহাটৰ সৈতে পৰিচিত সকলোৱে জানে যে যোৰহাট চৰকাৰী বালক বিদ্যালয় এশ বছৰ অতিক্ৰম কৰা যোৰহাটৰ আটাইতকৈ পুৰণি শিক্ষানুষ্ঠান আৰু এই বিদ্যালয়খন চহৰৰ একেবাৰে সোঁমাজত বহু চৰকাৰী আৰু অন্যান্য প্রতিষ্ঠান থকা এক সম্ভ্ৰান্ত অঞ্চলৰ এক বৃহৎ চৌহদত অৱস্থিত। বিদ্যালয়খনৰ চৌহদ সম্পূৰ্ণৰূপে বৰ্গাকৃতিৰ আৰু তিনিফালে চহৰৰ পথ। এটা পথ যদি বিদ্যালয়ৰ সন্মুখৰ পথ বুলি ধৰি লোৱা যায় তেনেহ’লে বিদ্যালয়ৰ মূল চৌহদ এই পথৰ সমান্তৰালভাৱে আছে আৰু বাকী দুটা পথৰ সমান্তৰালভাৱে বিদ্যালয়ৰ আন চৌহদ আছে। এই তিনিটা পথৰ  সমান্তৰালকৈ থকা চৌহদবিলাকৰ মাজত আছে বিদ্যালয়ৰ বৃহৎ খেলপথাৰখন  আৰু তিনিওটা পথৰ পৰাই বিদ্যালয় আৰু সোঁমাজত থকা খেলপথাৰখনলৈ প্ৰৱেশ কৰিব পাৰি। মূল বিদ্যালয় চৌহদৰ সমান্তৰালকৈ খেলপথাৰ খন পাৰ হৈ পিছফালে আছে বিদ্যালয়ৰ ছাত্ৰাবাস মানে আমাৰ আজিৰ কাহিনীৰ কেন্দ্ৰভূমি। অৰ্থাৎ যদিহে বিদ্যালয়ৰ মূল চৌহদ সন্মুখ ভাগ বুলি ধৰা হয়, ছাত্ৰাবাস খেলপথাৰখন অতিক্রম কৰি চৌহদৰ পিছফালৰ অংশটোত অৱস্থিত। ছাত্ৰাবাসৰ পিছফালটো আকৌ খেলপথাৰখন আৰু বিদ্যালয়ৰ মূল চৌহদৰ ফালে মুখ কৰি আছে আৰু সন্মুখটো মানে ছাত্ৰাবাসৰ বাৰাণ্ডা বিদ্যালয়ৰ চৌহদৰ চতুৰ্থ সীমাৰ ফালে মুখ কৰি আছে। 

এই চতুৰ্থ সীমা মানে বিদ্যালয় চৌহদৰ পিছফালৰ সীমাত আৰু ছাত্ৰাবাসৰ সন্মুখফালে কোনোধৰণৰ বাউণ্ডেৰী ৱাল নাছিল, আছিল যোৰহাট চহৰৰ এক ঐতিহাসিক স্মাৰক আহোম ৰজাৰ দিনৰ ৰাজমাও পুখুৰী। আমাৰ বিখ্যাত ঐতিহ্য ৰক্ষাৰ যুদ্ধখন হৈছিল এই ৰাজমাও পুখুৰীৰ ঐতিহ্য ৰক্ষাৰ বাবেই। আমাৰ ছাত্ৰাবাসৰ বাৰাণ্ডাৰ সন্মুখৰ অংশ এখন সৰু চোতাল আৰু তাৰ পিছতেই প্রায় তিনিশ মিটাৰমান দূৰত্বত ৰাজমাও পুখুৰীৰ ডাঙৰ ওখ পাৰটো দেখা পোৱা যায়। ছাত্ৰাবাসৰ চোতালৰ পৰা ৰাজমাও পুখুৰীৰ পাৰলৈকে এই তিনিশ মিটাৰৰ অংশটো আছিল সৰু সৰু হাবি ফুটুকানী আদিৰে ভৰা আৰু পুখুৰীৰ এই অংশটোৰ পাৰটো সেই দিনবোৰত কোনেও অহা যোৱা নকৰিছিল। অৱশ্যে পুখুৰীৰ বিপৰীত ফালৰ এটা নে দুটা পাৰ তুলনামূলকভাৱে কিছু উন্নত আছিল আৰু মানুহৰ অহা যোৱা চলিছিল।

ঐতিহ্য ৰক্ষাৰ সংগ্ৰামখনৰ আৰম্ভণি হৈছিল এদিন হঠাতে ৰাতিপুৱা। ছাত্ৰাবাসত কাৰো সোনকালে টোপনিৰ পৰা উঠাৰ অভ্যাস নাই, কিন্তু সেইদিনা কিবা এটা কাৰণত আবাসৰ কেইজনমান বীৰ যোদ্ধা বৰ সোনকালে মানে ভালকৈ পোহৰ নহওঁতেই বিছনাৰ পৰা উঠিল কিবা মাৰাথন দৌৰৰ অনুশীলন কৰিবলৈ।  মুখ হাত ধুই বাৰাণ্ডাত বহি আড্ডা আৰম্ভ কৰোঁতেই তেওঁলোকে হঠাতে লক্ষ্য কৰিলে যে সন্মুখৰ হাবিখন পাৰ হৈ ৰাজমাও পুখুৰীৰ পাৰত দেখোন কিছুমান ক’লা ক’লা মূৰ্তি ঘূৰি ফুৰিছে। অলপ সময় লক্ষ্য কৰাৰ পিছত আমাৰ এই চাৰি পাঁচজনীয়া বীৰ যোদ্ধাই ঠিক কৰিলে যে ঘটনাটোৰ এটা চৰজমিন তদন্ত কৰাটো দৰকাৰী। ভবা মতেই কাম, ফুটুকানীৰ মাজেৰে ওখ ৰাজমাও পুখুৰীৰ পাৰলৈ যাত্ৰা আৰম্ভ হ’ল। পুখুৰীৰ পাৰত উপস্থিত হৈ সকলো হতবাক, এয়া কি, হাতে হাতে লোটা ঘটি লৈ পুখুৰীৰ পাৰত জোপোহা হাবিৰ আঁৰত ৰাতিপুৱাৰ কাম ফেৰা কৰাত ব্যস্ত বহু ৰাইজ। পোছাক পাতি আৰু আপাদমস্তক লক্ষ্য কৰি কাৰোৰে বুজিবলৈ বাকী নাথাকিল যে এইসকল ঠেলাচালক ৰিক্সাচালক জাতীয় লোক বহিৰাগত বিহাৰীৰ দল। এনে স্পৰ্ধা ইহঁতৰ, ঐতিহাসিক ৰাজমাও পুখুৰীৰ পাৰত এনে দুষ্কাৰ্য্য। কিবা এটা কৰিব লাগিব বুলি সকলোৱে ছাত্ৰাবাসলৈ ওভতিল আৰু এনেকৈয়ে আৰম্ভ হৈছিল ৰাতিৰ সেই বিখ্যাত ঐতিহ্য ৰক্ষাৰ মেলখন। সেই দিনবোৰ আকৌ আছিল আলফাৰ আৰম্ভণিৰ দিন আৰু সেই দিনবোৰত জাতীয়তাবাদৰ প্ৰবল সোঁতত সকলো ছাত্ৰই আছিল এজন এজন জাতীয় বীৰ। গতিকে সকলোৱে একমত হ’ল যে চকুৰ আগতে এনে জাতিধ্বংসী কাম চলি থাকিবলৈ কেতিয়াও দিব নোৱাৰি। কথামতেই কাম, ৰাতিৰ মেলত ঠিক কৰা হ’ল যে প্ৰত্যেক ৰাতিপুৱা পাঁ‌চ বজাত অস্ত্ৰ শস্ত্ৰ লৈ আবাসীসকল আক্ৰমণৰ কাৰণে ছাত্ৰাবাসৰ বাৰাণ্ডাত সাজু হ’ব আৰু শত্ৰুৰ সংখ্যা বাঢ়ি যোৱা যেন দেখিলেই অতি গোপনে কোনো শব্দ নকৰাকৈ হঠাৎ আক্ৰমণ চলোৱা হ’ব। 

অভিযানৰ প্ৰথম ৰাতিপুৱা আবাসীসকলে হাতে হাতে লাঠী, হকি ষ্টিক আদি লৈ পাঁ‌চটামান বজাত ছাত্ৰাবাসৰ বাৰাণ্ডাত সমবেত হ’ল একেবাৰে যুদ্ধলৈ যাবলৈ সাজু হোৱা সৈনিকৰ দৰে। উত্তেজনাত ৰাইজে সেই শীতকালৰ ৰাতিপুৱাৰ প্ৰচণ্ড ঠাণ্ডাও পাহৰি গৈছে। হাইস্কুলৰ পোৱালিকেইটাতো সকলোতকৈ আগতেই থিয় হৈ আছে যাতে আদেশ পালেই প্ৰথম আক্রমণটো কৰিব। সকলো মিলি আমাৰ প্রায় বিশৰ পৰা পঁ‌চিছজনীয়া এটা সৈন্যৰ দল। লাহে লাহে ৰাজমাও পুখুৰীৰ পাৰত প্রায় দহটাতকৈ অধিক মানুহৰ মূৰ দেখা পোৱা গ’ল। সেনাপতিয়ে আক্ৰমণৰ আদেশ দিয়াৰ লগে লগেই পাঁচ মিনিটৰ ভিতৰতে আমি সকলো পুখুৰীৰ পাৰত হাজিৰ হ’লোগৈ। ইয়াৰ পিছৰখিনি ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। পৰম তৃপ্তিৰে ৰাতিপুৱাৰ কাম ফেৰা কৰি থকা শত্ৰুপক্ষই আমাৰ এনে আকস্মিক আক্ৰমণত হতভম্ব হৈ পৰিল। কেইজনমানৰ কামফেৰা আধা হওঁতেই আমাৰ আক্ৰমণত উঠি পলাব লগা হ’ল, কেইজনমানে আকৌ জোৰ দি থকা অৱস্থাতেই আমাৰ সৈন্যৰ আক্ৰমণৰ বলি হৈ উঠি ভিৰাই দৌৰিব লগা হ’ল। এফালৰ পৰা সকলো শত্ৰুকে কোবোৱা হ’ল, অসমীয়া জাতীয় ভাষা চহকী কৰা গালিবোৰটো আছেই। দুজনমানক বন্দী বনাব পৰা গ’ল আৰু আঁঠু কঢ়াই উঠ বহ কৰাই দুনাই এই কাম কৰিবলৈ নাহো বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিছতহে যাবলৈ দিয়া হ’ল। আমাৰ লগৰ ফুকনে আকৌ এই বন্দী বহিৰাগতকেইজনক আহোম ৰাজত্বৰ ঐতিহাসিক গুৰুত্ব বুজাই এটা ভাষনো দিলে। যুদ্ধক্ষেত্ৰৰ অঞ্চলটো চাব লগা হৈছিল, চাৰিওফালে শত্ৰুৰ হাথিয়াৰ মানে লোটা ঘটি সিঁচৰতি হৈ পৰি ৰৈছিল। আধাঘণ্টামান অভিযান চলাই এখন ডাঙৰ যুদ্ধত জয়ী হৈ আমি সকলো সেইদিনাৰ অভিযান সামৰি ছাত্ৰাবাসলৈ ওভতিলোঁ‌।

ইয়াৰ পিছত প্ৰায় তিনিদিনমান একে ধৰণেই অভিযান চলিল, নক’লেও হ’ব যে প্ৰত্যেক দিনাই আমাৰ অভিযান তীব্ৰৰ পৰা তীব্ৰতৰ হৈছিল। প্ৰথম দিনা খেদা খেদি গালি গালাজহে হৈছিল, পিছৰ কেইদিনতটো আমাৰ বীৰ যোদ্ধাসকলে মাৰপিটো আৰম্ভ কৰি দিলে। উভতি আহি যুদ্ধ ক্ষেত্ৰত হোৱা ৰসাল অভিজ্ঞতাৰ প্ৰাণ খোলা হাঁহিৰে ৰাতিৰ আড্ডা  আলোচনা ৰসাল হৈ উঠিছিল। সেইবোৰ শুনি শীতকালৰ কম্বলৰ উম এৰিব নোৱাৰাকেইটামান এলেহুৱাও সৈন্যবাহিনীত যোগদান কৰিছিল।

প্ৰায় চাৰিদিনমান একেৰাহে অভিযান চলাৰ পিছত শত্ৰুৰ সংখ্যা একেবাৰে কমি গ’ল আৰু লাহে লাহে আমাৰ সৈন্যবাহিনী খালী হাতেৰে ঘূৰি আহিব লগা অৱস্থা হ’লগৈ। আমাৰ আক্ৰমণৰ কাহিনী চাগে অঞ্চলটোৰ শত্ৰুসকলৰ মাজত প্ৰচাৰ হৈ গ’ল। আমি সকলোৱে নিজেই বাঃ বাঃ ল’লোঁ‌ যে কেনেকৈ আমি এক ঐতিহাসিক সম্পদৰ ৰক্ষণাবেক্ষণ দিবলৈ সামৰ্থ হ’লোঁ‌ আৰু সাময়িকভাৱে অভিযান স্থগিত কৰিবলৈ সিদ্ধান্ত লোৱা হ’ল। অভিযান স্থগিত ৰখাৰ পিছত আমিবোৰে আকৌ ৰাতিপুৱা সাত বা আঠটা বজালৈকে শুই পৰম তৃপ্তিৰে শীতৰ ৰাতিপুৱা উপভোগ কৰাত লাগিলোঁ‌।

ঐতিহ্য ৰক্ষাৰ অভিযানৰ কথা সকলোৱে প্ৰায় পাহৰিয়েই গৈছিলোঁ‌, এনেতে এদিন ৰাতিপুৱা হঠাতে সপ্তম শ্ৰেণীত পঢ়া আমাৰ পোৱালি আবাসী এটাই চিঞৰ বাখৰ কৰি সকলোকে শোৱাৰ পাটীৰ পৰা উঠাই বাৰাণ্ডাৰ পৰা দেখুৱালে যে শত্ৰুৰ আক্রমণ আকৌ আৰম্ভ হৈছে আমাৰ ঐতিহাসিক ৰাজমাও পুখুৰীৰ পাৰত। আমাক আৰু কিহে পাই, আকৌ যুদ্ধ ঘোষণা কৰা হ’ল আৰু ঠিক কৰা হ’ল যে পিছদিনা ৰাতিপুৱা বৃহৎ সৈন্য দল লৈ আক্ৰমণ কৰা হ’ব। 

কথামতেই কাম, পিছদিনা ৰাতিপুৱা পাঁ‌চটামান বজাত উঠি আমি সকলো যুদ্ধৰ বাবে সাজু হ’লোঁ‌। আগৰ দৰেই শত্ৰুৰ সংখ্যা বৃদ্ধি হোৱালৈ অপেক্ষা কৰিলোঁ‌, কিন্তু আধাঘণ্টামান ৰোৱাৰ পিছতো মাত্ৰ তিনিজন মানহে শত্ৰু দেখা গ’ল। ৰৈ থকা নিৰৰ্থক বুলি ভাবি অভিযান আৰম্ভ কৰা হ’ল। যিহেতু শত্ৰুৰ সংখ্যা মাত্ৰ তিনিজনমানহে আছিল, আমি প্ৰায় পোন্ধৰজনীয়া দলটোৱে তৎক্ষণাত সকলোকে বন্দী বনালোঁ‌। সেইকেইজনক আঁঠু কঢ়াই গালি দি থাকোতেই হঠাৎ আমাৰ এজনৰ চকু পৰিল যে পুখুৰীৰ পাৰৰ পৰা অলপ দূৰত অলপ বেছি ডাঙৰ জোপোহা এটাৰ আঁৰত দেখোন এজনে এতিয়াও বহি কামফেৰা কৰি আছে। ইমান চিঞৰ বাখৰ গালি গালাজৰ মাজতো ই বেটাই কিয় বহি আছে বুলি আমি সকলোৱে তালৈ   চোঁ‌চা ল’লোঁ‌। আমাৰ আকৌ দুৱৰাই বহি থকা অৱস্থাতে তাৰ টিকাত এটা মাৰ সোধায়েই দিলে। মাৰ খায়েই শত্ৰুৱে চিঞৰি উঠিল বোলে কোন তহঁত, কিহে পাইছে ইমান চিঞৰ বাখৰ কৰিবলৈ। হঠাৎ অসমীয়াত ওলোটাই আমাক উভতি ধৰাত আমিও সকলোৱে থতমত খাই ৰৈ গ’লোঁ‌। কাৰণ ইমান দিনে আমাৰ যুদ্ধখন আছিল একপক্ষীয়, আমাক উভতি ধৰাৰ সাহস সেই বিহাৰী ঠেলা বা ৰিক্সাচালক জাতীয় মানুহবোৰৰ নাছিল। কিন্তু আজি আকৌ এইটো কেনেধৰণৰ শত্ৰু ওলাল, তাতে আকৌ অসমীয়া কৈছে, ভালকৈ মন কৰি দেখিলোঁ‌ ই দেখোন ডিঙিত এডাল সোণৰ চেইনো পিন্ধি আছে। ঘটনাৰ আকস্মিকতাত সকলো খন্তেকৰ কাৰণে চুপ হৈ গ’লেও আমাৰ ছাত্ৰাবাসৰ নাও বুৰিলেও টিংৰ পৰা ননমা স্বভাৱৰ গগৈয়ে গুৰু গম্ভীৰ স্বৰেৰে আৰম্ভ কৰিলে বোলে আপোনাৰ এই ৰাজমাও পুখুৰীৰ পাৰত এই কামফেৰা কৰিবলৈ লাজ লগা নাই নে! মানুহজনে এইবাৰ নিজৰ কাপোৰ কানি সংযত কৰি আমাৰ সকলোৰে সন্মুখত থিয় হৈ নিজৰ পৰিচয় দিয়াৰ লগে লগে আমাৰ দলৰ কেইজনমান  বীৰপুৰুষ লাহেকৈ কাটি খাই পলায়ন কৰিলেই। “ভাইটিসকল তোমালোক কোন মই নাজানো, মই যোৰহাট সদৰ থানাৰ পুলিচৰ এচ. আই, কোৱাৰ্টাৰৰ লেট্ৰিনটো বেয়া হৈছে কাৰণে আমি কেইবাজনেও এই কেইদিনমান ইয়াতেই আহিব লগা হৈছে।” 

ইয়াৰ পিছৰখিনি অতি চমু, যেনেতেনে আমি সকলোৱে নিজৰ নিজৰ মুখখন কিবাকৈ লুকুৱাব পাৰি নেকি তাৰ এক বৃথা চেষ্টা কৰি মানুহজনক মোলায়েমকৈ দুই চাৰিটা কথা শুনাই তড়িৎ গতিৰে যুদ্ধ ক্ষেত্ৰৰপৰা প্ৰস্থান কৰিলোঁ‌। ছাত্ৰাবাসত আহিয়েই সকলো ছাত্ৰক মাতি আনি চমুকৈ ঘটনাৰ বিৱৰণী দি কোৱা হ’ল যে কোনেও যেন কোনো কাৰণতে কেইদিনমানলৈ বিদ্যালয়ৰ চৌহদৰ বাহিৰ নহয়। টিকাত মাৰ লগোৱা দুৱৰাক লগে লগে ঘৰলৈ পঠিয়াই দিয়া হ’ল আৰু আমি খবৰ নিদিয়া পৰ্যন্ত যোৰহাট চহৰত ভৰি নিদিবলৈ সতৰ্ক কৰি দিয়া হ’ল। সকলোকে কোৱা হ’ল যে পুলিচ যদি কেনেবাকৈ ছাত্ৰাবাসলৈ আহে সকলোৱে যেন আমাৰ ঐতিহ্য ৰক্ষাৰ যুদ্ধৰ কথা নজনাৰ ভাও ধৰে। অৱশ্যে সকলোৰে বিশ্বাস আছিল যে পুলিচ ঘপককৈ ছাত্ৰাবাসত সোমাবলৈ নাহে, ভয় হৈছিল ছাত্ৰাবাসৰ বাহিৰত পালেহে বজাই দিয়ে বুলি।

এই ঐতিহাসিক যুদ্ধখনৰ আকস্মিক সমাপ্তিৰ বহু দিন পিছলৈকে আমি ৰাস্তালৈ ওলালেই সাৱধানে থাকোঁ‌, ক’ৰবাৰ দূৰত পুলিচ দেখিলেই কাষৰ কোনোবা দোকানলৈ সোমাই যাওঁ বা পান তামোলৰ দোকানৰ চুকত গৈ থিয় হওঁ।

অলপ সংযোজন: যোৰহাটবাসী ৰাইজে মন কৰিব যে আমাৰ সেই ৰাজমাও পুখুৰীৰ যুদ্ধ ক্ষেত্ৰখন পৰৱৰ্ত্তী সময়ত এখন ক্ৰিকেট অনুশীলন ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰা হ’ল। মাননীয় শইকীয়া ডাঙৰীয়া মুখ্যমন্ত্রী হোৱাৰ পিছত আহোম ৰাজত্বৰ বিভিন্ন ঐতিহ্যৰ লগতে ৰাজমাও পুখুৰীৰো সৌন্দৰ্য্যবৰ্ধনৰ কাম কৰা হৈছিল। বহুদিন যোৰহাটলৈ যোৱা নাই কাৰণে এতিয়া এই পুখুৰী কেনে অৱস্থাত আছে নাজানো। আজিও মনত পৰে আমি একাদশ দ্বাদশ শ্ৰেণীৰ সেই পেন্দুকনাকেইটাই কিদৰে যোৰহাটৰ ঐতিহ্য ৰক্ষা কৰাৰ যুদ্ধত অৱতীৰ্ণ হৈছিলোঁ‌।

☆ ★ ☆ ★ ☆

9 Comments

  • এইটো ইতিহাস জনা নাছিলোঁ, জানি ভাল লাগিল। এতিয়া ৰাজমাও পুখুৰীৰ চাৰিওকাষে পকী ৱাল হ’ল। সৌন্দৰ্য বৰ্দ্ধনতো গুৰুত্ব দিয়া হৈছে।

    আপোনালোকৰ ছাত্ৰাবাসটো চকুৰ চিনাকী আছিল, কাৰণ কাষৰ স্কুলখনতে আমি পঢ়িছিলোঁ।

    Reply
    • Kalyan Nath

      ধন্যবাদ, কাষৰ বাল্যভবন স্কুলখন মনত আছে । আমি হোষ্টেল এৰা বছৰেই আমাৰ যোৰহাট চৰকাৰী বিদ্যালয়ৰ
      শতবাৰ্ষিকী হৈছিল আৰু খুব সম্ভৱ তেতিয়াই ৱালকে আদি কৰি বহুত উন্নয়নমূলক কাম হৈছিল ।

      Reply
  • rintumoni dutta

    বঢ়িয়া লাগিল কল্যাণ

    Reply
  • Rajib Nath

    Become nostalgic and emotional. Still I remember those days and your whistle ( Huhuri) at midnight 😊

    Reply
  • নীলাঞ্জনা

    বৰ বঢ়িয়া লিখিছে দাদা৷ নেৰিব৷

    Reply
  • জিতু

    ভাল লাগিল

    Reply
  • বন্দিতা

    বঢ়িয়া,,,🙂🙂

    Reply
  • abhijit goswami

    ভাল লাগিল দাদা

    Reply

Leave a Reply

Your email address will not be published.