ফটাঢোল

ৰাণ আউট-যোগেশ ভট্টাচাৰ্য

বাইকখন বাটতে ৰখাই গেটখন খুলি ধুনীয়া বাগিচাখনৰ মাজেৰে খোজকাঢ়ি গৈ কলিংবে’লটো দবাই দিলে ৰূপমে। আজিয়েই হেস্ত নেস্ত কিবা এটা কৰিবই বুলি সি লগৰকেইটাকো কৈ আহিছিল।

ঘটনাটো ঘটিছিল ছমাহমান আগতেই। সি তেতিয়া বিএ পাছ কৰি উঠিছিল মাত্ৰ। এজন অলৰাউণ্ডাৰ ক্ৰিকেটাৰ হিচাপে ইতিমধ্যেই নাম কৰিছিল সি। এদিন দুপৰীয়া ভাত খাই উঠি প্ৰেক্টিচলৈ ওলাই যাবলৈ বাইকৰ চাবিপাট হাতত লৈ একে দৌৰে গেটৰ ওচৰ পাই হঠাৎ থমকি ৰ’ল সি। তীব্ৰবেগত বল কৰিবলৈ দৌৰি অহা বলাৰ এটাই বলটো এৰাৰ আগমুহূৰ্তত আম্পায়াৰে কেনচেল কৰি দিলে যেনেকুৱা অৱস্থা হয় তেনেকুৱাই হ’ল তাৰ। গেটখন খুলি সোমাই অহা ধুনীয়া ছোৱালীজনীক অলপৰ কাৰণেহে খুন্দা নামাৰিলে সি।

: চৰী

ছোৱালীজনীয়ে ক’লে। তাইৰ পিছে পিছে আদহীয়া মহিলা এগৰাকীও সোমাই আহিল।

সি ভাবিলে ‘চৰী’ মইহে ক’বলগীয়া হ’লহেঁতেন, আৰু অলপ বেগত দৌৰাহেঁতেন।

: মা ঘৰত আছেনে?

ছোৱালীজনীয়ে সুধিলে।

সি তাইলৈ ৰ’ লাগি চাই থাকিল। এনেকুৱা নহয় যে ছোৱালী দেখা নাই সি আগতে। কিন্তু এইজনী ছোৱালীৰ চকুযুৰিয়ে তাক ‘ৰাণ আউট’ কৰি দিয়াৰ উপক্ৰম হ’ল।

: মা আছেনে?

অলপ ডাঙৰকৈ ক’লে এইবাৰ ছোৱালীজনীয়ে।

: অ’ মা, কোন মা? কাৰ মা?

সি হঠাৎ সম্বিত ঘূৰাই পাই ক’লে।

: তোমাৰ মা আকৌ। মোৰ মাক তোমাৰ ঘৰত কিয় বিচাৰি আহিমনো?

: অঁ আছে যাওক।

এইবুলি সি বাইক দবাই দিলে যদিও এবাৰ মনতে ভাবিলে যে তাৰ মাকক তায়ো ‘মা’ বুলিব লগা হোৱা ঘটনা এটা ঘটাই দিব পাৰিলে বৰ এটা বেয়া নহ’বচোন!

সিদিনা সন্ধিয়া চকৰ আড্ডাতো তাৰ মন নবহিল। ছোৱালীজনীক একমিনিটমানৰ বাবে দেখিছিল যদিও তাৰ মনত তাইৰ মুখখন পাৰমানেণ্ট মাৰ্কাৰেদি হোৱাইট বৰ্ডত অঁকা ছবি এখনৰ দৰে বহি গৈছিল। মাত্ৰ এটা মুহূৰ্তৰ বাবে দেখা ছোৱালীজনীক কিবা এটা ভাল লাগি গৈছিল তাৰ।

সন্ধিয়া ঘৰলৈ আহিয়েই ছোৱালীজনী কোন আছিল বুলি মাকক সুধিব খুজিও ৰৈ গ’ল সি। বলটোৰ কোনটো অংশত ধৰি কিমান বেগত দলিয়ালে ইন চুইং হৈ বেটচমেনে গম নোপোৱাকৈ টাৰ্গেট ষ্টাম্পত লাগিব সেইখিনি অনুমান কৰিবলৈ স্পিনাৰ এজনে যিমানখিনি সময় লয়, ঠিক সিমানখিনি সময়ত কথাখিনি জুকিয়াই লৈ সুধিলে সি,

: মা, আজি কোনোবাই তোমাক বিচাৰি আহিছিল নেকি?

: অঁ মোৰ বান্ধৱী এজনী আহিছিল ৰ।

ষ্টাম্প মিচ কৰা বলটো হাতত লৈ আকৌ এবাৰ পূৰ্ণগতিত এৰি দিলে সি,

: আগতে দেখা নাই যে?

: ক’ত দেখিবি? ঘৰত কিমান সময় থাক তই? দিনটো ক্ৰিকেট খেলি ঘূৰি ফুৰ।

লুজ বল পাই মাকে বাউণ্ডেৰী পাৰ কৰি দিলে। সি ধৈৰ্য্য নেহেৰুৱাই আকৌ এটা য়ৰ্কাৰ বল পেলাই দিলে।

: অাজি দেখিছিলোঁ ৰ’বা। এজনী ছোৱালীও আহিছিল যে লগত।

: উমম, মোৰ বান্ধৱীজনীৰ ছোৱালী।

(আৰু? আৰু কি জানা কোৱা তাইৰ বিষয়ে। ক’ত থাকে, কি পঢ়ে, কিমান বয়স?)

এইখিনি নুসুধিলে সি। হিচাপতকৈ এক ইঞ্চি বাহিৰত ভৰি দিলে ন’ বল হোৱাৰ ফলত বহুবাৰ ফ্ৰী হিটৰ কোব খাই থৈছে সি। অলপ ফাষ্ট বল পেলাই দিবলৈ ঠিৰাং কৰি সুধিলে সি,

: মা, আণ্টিজনী ক’ত থাকেনো?

: তোক কিয় লগা হ’ল ঔ? এনেই কিমান মানুহ ঘৰলৈ আহে, তই মাত লগাবলৈ সময় নাপাৱ মোবাইল লেপটপৰ ধাণ্ডাত। আজি কিয় লগা হ’ল তোক?

মাকে কোবাই দিয়া ষ্ট্ৰেইট শ্বটটো কোনোমতে থপিয়াই ধৰি সি তপৰাই উত্তৰ দিলে,

: নহয় মানে, অ’টো ৰিক্সাখনে পাঁচশ টকা লৈছিল যেন পালোঁ। সেইবাবে ভাবিলোঁ যে, হয়তো বহুত দূৰৈত ঘৰ হ’ব লাগিব, আৰু নহ’লে অ’টো ৰিক্সাই ঠগিলে তেওঁলোকক।

অলপ ৰিস্ক লৈ এনেই ক’লে সি। তাৰ টাৰ্গেট আছিল ছোৱালীজনীৰ এড্ৰেছটো উলিওৱা। আণ্টিতো বাহানাহে আছিল।

: অঁ, পাঁচশ ল’ব পাৰে দে। তহঁতৰ কণমামাহঁতৰ  গলিটোতেই তেওঁলোকৰ ঘৰ। দূৰ হয়তো ভালেখিনি।

এইবাৰ চিধা কেচ্ছ আউট। বেটচমেনক অলপ প্ৰলোভন দি আগুৱাই আহি শ্বট ল’বলৈ বাধ্য কৰাই ফান্দত পেলাবলৈ ভালদৰেই জানে সি।

দুদিন কোনোমতে ইচাট বিচাটকৈ কটাই তৃতীয় দিনা কণমামাহঁতৰ ঘৰ ওলালগৈ সি।

: কি হে মামা, বহুদিন যোৱা নাই আমাৰ ঘৰলৈ,

গৈয়েই বাউন্সাৰ পেলাই দিলে ৰূপমে।

: তই নিজে কিমান দিনৰ মূৰত আহিছ ভাবি চাচোন।

বাউন্সাৰটো অন চাইদৰ বাউণ্ডেৰী লাইনলৈ কোবাই পঠিয়ালে কণমামাই।

হতাশ নহৈ এইবাৰ গুগলি এটা মাৰি চালে সি,

: এহ! তোমালোকৰ ওচৰৰ মানুহ আমাৰ ঘৰলৈ গৈ থাকে, তুমিহে নোযাৱা।

: কোন ঔ? আমাৰ ওচৰৰ কোন যায় তহঁতৰ ওচৰলৈ?

: মই ভালদৰে নাজানো। মাৰ পুৰণি বান্ধৱী এজনী। পৰহি নে তাৰ আগদিনাখন গৈছিল কিজানি?

‘কিজানি’টো এনেই পেলাই দিলে সি। সেই ছোৱালীজনীক দেখা পোৱাৰ সময়ত মিনিট আৰু ঘণ্টাৰ ষ্টাম্প দুটাই কোন দুটা নম্বৰত অৱস্থান কৰিছিল সেইটোও মনত আছিল তাৰ।

: অ’ লীলা বাইদেউৰ কথা কৈছ। গম পাইছোঁ দে। তোৰ মাৰৰ লগত কলেজত পঢ়িছিল একেলগে।

(মামা, লীলা বাইদেউ বাদ দিয়াহে। জীয়েকজনীৰ কথা কোৱাহে) বুলি ক’বলৈ প্ৰৱল ইচ্ছা জন্মিল তাৰ। কিন্তু আকৌ এটা বাউন্সাৰ পালে মামাকে কোবাই বল হেৰাই পেলাই বুলি লুজ ডেলিভাৰি এটা এৰি দিলে সি,

: লীলা আণ্টিয়ে আমাৰ ঘৰলৈ গ’লে সপৰিয়ালে যায়, আৰু তুমি নিজেও নোযোৱা, মামীকো নিনিয়া।

: হেৰৌ, লীলা বাইদেৱে সপৰিয়ালে যায় তহঁতৰ ঘৰলৈ হা? ফাঁকি মাৰিবলৈ ঠাই নাপালি? তাইৰ গিৰিয়েকচোন মাহত এবাৰ-দুবাৰহে ছুটি লৈ ঘৰলৈ আহে। অকল জীয়েকজনী আৰু মানুহজনীক ‘সপৰিয়াল’ বুলি কয় নেকি?

শ্ল’ বলটো মামাকে বাউণ্ডেৰীলৈ ঠেলিলে যদিও সি বেয়া নাপালে। আউট কৰিবলৈ হ’লে আগতে এক-দুই ৰাণ দি ল’ব লাগে বুলি ভালদৰে জানে সি।

: জীয়েকেজনীও গৈছিল সিদিনা আমাৰ ঘৰলৈ। তোমালোকৰ ইমন কিন্তু নাযায়েই।

: হেৰৌ, তই কাৰ্টুনত ভৰাই কমপ্লেইন আনিছ নেকি ঔ। তাই কলেজৰ ক্লাছ এটা দুটা কৰি যেতিয়াই মন যায় তেতিয়াই ওলাই আহি অলৌ তলৌ কৈ ঘূৰি ফুৰিব পাৰে। তাতে ঘৰৰ কাষৰ কলেজ। আমাৰ ইমনৰ দেখোন পুৱাৰপৰা আবেলিলৈ স্কুল টিউচনলৈ দৌৰা দৌৰি কৰোঁতেই যায়।

লাষ্ট বলত মামাকে চিক্স এটা কোবাইছিল যদিও সি বাউণ্ডেৰী লাইনত থপিয়াই ধৰিলে। অন্ততঃ ছোৱালীজনী কোনখন কলেজৰ ষ্টুডেণ্ট সেইটো কনফাৰ্ম কৰিলে সি।

: মামা যাওঁ দিয়া, ক্ৰিকেট প্ৰেক্টিছ আছে মোৰ
বুলি কৈ ভিৰাই লৰ মাৰিলে সি। মামাকে “ভাত খাই যাবি” বুলি কোৱা কথাষাৰ ৱাইড বল এটাৰ দৰে কাণৰ পৰা বহু আঁতৰেদি পাৰ হৈ গ’ল।

পিছৰ সপ্তাহত সিহঁতৰ ঘৰত অনুষ্ঠান এটা আছিল। ডে’-নাইট ক্ৰিকেট খেল এখন খেলিবলৈ যোৱাৰ কথা আছিল যদিও সি ঘৰতে থাকিল সেইদিনা। আশা আছিল ছোৱালীজনীক আকৌ লগ পোৱাৰ। তাৰ আন্দাজ ঠিকেই মিলিল। সন্ধিয়া মাক জীয়েক আকৌ আহিল সিহঁতৰ ঘৰলৈ। চান্স মিলাই সিও টিভিত ইণ্ডিয়া অষ্ট্ৰেলিয়াৰ খেল চলি থকা চেনেলটো অন কৰি ড্ৰয়িং ৰূমত বহি ল’লে। সেইদিনা প্ৰথমবাৰৰ বাবে তাৰ খেল চোৱাত মন নবহিল। পাঁচমিনিটমান যোৱাৰ পিছত সি ভাবিলে যে ক্ৰিকেট চাই ব’ৰ হৈ ছোৱালীজনী উঠি যাব পাৰে, গতিকে পেনপেনীয়া চিৰিয়েল দি থকা চেনেল এটালৈ বুলি ৰিমট দবাই দিলে। মুহূৰ্ততে ছোৱালীজনীয়ে চিঞৰী উঠিল,

: খেলত দিয়াচোন। ইণ্ডিয়া জিকিব আজি।

সি নিজে মাতিম মাতিম বুলি সুযোগ বিচাৰি থাকোঁতে ছোৱালীজনীয়ে নিজেই মাতি দিয়াত এনে লাগিল যেন লাষ্ট বলত লাষ্ট ৱিকেটত জিকিবলৈ এক ৰাণৰ বাবে বেটিং কৰি থাকোঁতে বিপক্ষৰ বলাৰে ৱাইড এটা পেলাই দিলে।

: তুমি ক্ৰিকেট ভালপোৱা?

সি সুধিলে।

: অঁতো। মই মিচ নকৰোঁৱেই ক্ৰিকেট। কি হেণ্ডচাম হেণ্ডচাম প্লেয়াৰবোৰ ওলায় দেহি।

সি ভাবিলে,

: ময়োতো প্লেয়াৰ, ময়োতো হেণ্ডচাম, মোকোতো..”

: তুমি ক্ৰিকেট খেলা ন?

এইবাৰ তাই দিলে শ্বৰ্ট পিটচ বল এটা।

: অঁ খেলোঁ এনেই মাজে মাজে, কেনেকৈ গম পালা?

: সৌ টেবুলৰ তলত… পেড, গ্লোভছ… হিঃ হিঃ

: অঁ, হয় হয়, প্ৰেক্টিচ কৰি থাকোঁ মাজে মাজে। যোৱাবছৰ বিএ কমপ্লিট কৰিলোঁ। তুমি কি কৰি আছা এতিয়া?

স্কোৱেৰ কাট এটা মাৰি চিংগল এটা ল’বলৈ চেষ্টা কৰিলে সি।

: মই? হেঃহেঃ, কি কৰিম আৰু? দিনত ক্লাছ, ৰাতি নোটচ বনোৱা কাম।

: কিহৰ নোটচ?

ষ্ট্ৰেইট কোবাবপৰা বলটো ডাক মাৰি এৰি দিলে সি।

: মেজৰৰ আকৌ। বহুত দীঘল নোটচ লিখিব লাগে।

: চাবজেক্ট কি তোমাৰ?

বুলি নুসুধিলে সি। দুটামান অভাৰ গৈছে হে। আৰু বহুত সময় আছে বাউণ্ডেৰী কোবাবলৈ। এতিয়াই ৰিস্ক শ্বট লৈ আউট হোৱাৰ প্ৰয়োজন অনুভৱ নকৰিলে সি। সি এটা আইদিয়া লগালে যে ছোৱালীজনী বিএ পঢ়ি থকা ষ্টুডেণ্ট যিহেতু তাতকৈ এক বা দুই বছৰ সৰু হ’বই লাগিব। মনটো ভাল লাগি গ’ল তাৰ। সিদিনাৰ বাবে ইনিংছ ঘোষণা কৰি টিভিত খেল চোৱাত লাগিল সি।

ইয়াৰ পিছত সি তাইক প্ৰায়েই লগ পাবলৈ ধৰিলে। কেতিয়াবা তাৰ ঘৰত, কেতিয়াবা তাইৰ ঘৰত। ফোন নম্বৰো লোৱা দিয়া হ’ল। ৱাটচএপত জ’ক, মিম ইত্যাদিৰ আদান প্ৰদানো চলিল। এনেকৈ দুই এটা চিংগল ৰাণ লৈ থকাৰ পিছত এদিন সি বিগ শ্বট এটা ল’বলৈ ঠিৰাং কৰিলে। মানে মনৰ কথা খোলাখুলি কৰি দিয়াৰ কথা ভাবিলে। কিন্তু তেনেতে আহিল এটা ৰিভাৰ্চ চুইং বল।

মাকে ক’লে,

: কাইলৈ লীলাহঁতৰ ঘৰলৈ যাম। সিহঁতৰ ছোৱালীজনীক চাবলৈ ল’ৰা এজন আহিব হেনো। তই মোক বাইকেৰে থৈ আহিবিনে?

কথাখিনি এটা ফুল টচ পেচ বল হৈ তাৰ বুকুত লাগিল। সি ভাবিলে যে তাই ল’ৰাটোক দেখাৰ আগতেই তাইক তাৰ মনৰ কথাখিনি কৈ দিয়াতো ভাল হ’ব। সি লৰালৰিকৈ বাইকখন লৈ সিহঁতৰ ঘৰ পালেগৈ।

বাইকখন বাটতে ৰখাই গেটখন খুলি সুন্দৰ বাগিচাখনৰ মাজেৰে খোজকাঢ়ি গৈ কলিংবে’ল দবাই দিলে সি। লগৰ দুজনমানকো ফোন কৰি জনাই দিছিল সি।

: ভাই দৰকাৰ পৰিলে আমি ছোৱালী উঠাই দিম। টেনশ্যন নল’বি।

সিহঁতে আশ্বাস দিছিল।

দুবাৰ কলিংবে’ল বজোৱাত লীলা আণ্টি ওলাই আহিল।

: ভিতৰলৈ আহা। মা নাহিল নেকি?

: নাই, মানে মই বেলেগ এটা কামতহে আহিছিলোঁ। মানে… ৰিমঝিম নাই নেকি ঘৰত?

: অ’, আমাৰ এইৰ লগত কাম আছিল তোমাৰ? হেঃ হেঃ। আমাৰ দৰে মানুহক বিচাৰিনো কোন আহিব! তোমাৰ বয়সৰ যিমান ল’ৰা ছোৱালী আহে আমাৰ মাজনীক লগ কৰিবলৈয়ে আহে। পিচে তাই কলেজ গৈছে ৰ’বা।

সি নবহিল। চিধাই বাইক দবাই দিলে কলেজলৈ বুলি। সেইখন কলেজত সি পঢ়া নাছিল যদিও লগৰ কেইজনমানে যোৱাবছৰ সেইখনৰপৰা বিএ পাছ কৰি ওলাইছে। সিহঁতকো লগত ল’লে সি।

: ভাই, কোন ছোৱালী? কি কথা? ইমান দিনে কোৱা নাই যে আমাক।

লগৰবোৰে অভিমান কৰিলে।

: আজি গম পাবি ব’ল।

কলেজৰ বাহিৰত বাইক কেইখন থৈ সি কলেজৰ ষ্টুডেণ্ট এজনক সুধিলে,

: ৰিমঝিম কাকতিক ক’ত পোৱা যাব?

ষ্টুডেণ্টজনে ক’লে,

: অ’ মেডাম চাগে ক্লাছত আছে এতিয়া? থাৰ্ড চেমিষ্টাৰৰ।

: ৱাহ মেডাম, জি এছ নেকি ঔ তোৰ মেডাম?

ষ্টুডেণ্টটোৱে কিবা কৈছিল, সি শুনিবলৈ নৰ’ল।

লগৰকেইটাই মুহূৰ্ততে চিঞৰিলে,

: না..যা..বি ৰূপম।

সি নুশুনিলে। কৰিড’ৰেদি চিধাই গৈ লেফ্ট লৈ থাৰ্ড চেমিষ্টাৰৰ ৰূমৰ বাহিৰত ব্ৰেক মাৰি ৰৈ দিলে।

ক্লাছৰূমৰ ভিতৰলৈ জুমি চাই ৰূপমে দেখিলে তাৰ হৃদয়ত বীণা বজোৱা ৰিমঝিম কাকতিয়ে মস্ত ওখ ল’ৰা এটাক বজাই আছে।

: ক্লাছলৈ নাহি বাইক ষ্টেণ্ডত দিনটো আড্ডা মাৰিবি? ছোৱালী জোকাবি? এতিয়া এয়া বাপেৰৰ মূৰসোপা লিখিছ? চেছ’নেলত মাৰ্ক লাগে যদি নেক্সট সপ্তাহত ভালকৈ লিখি আনিবি।

এইবুলি তাই ডেস্কখনত বহীখন দলিয়াই দিলে। ৰূপমৰ এনে লাগিল যেন বহীখন ডেস্কত নপৰি তাৰ কলিজাৰ মিডল ষ্টাম্পডাল খুন্দিয়াই উভালি পেলালে।

তেনেতে ক্লাছ শেষ হোৱাৰ বে’ল বাজিল। ৰিমঝিমে চক, ডাষ্টাৰ, ৰেজিষ্টাৰ আজি হাতত লৈ ক্লাছৰপৰা ওলায়েই ৰূপমক দেখা পালে।

: তুমি মোৰ কলেজত কি কৰি আছা?

: নাই মানে, এনেই এইফালে আহিছিলোঁ। ভাবিলোঁ মাত এষাৰ লগাই যাওঁ তোমা… আপোনাক।

: ঔ, আজি ‘আপুনি’ বুলিলা যে! নিজৰ ভাইটোৱে আপুনি বোলে নেকি?

: ন.. নহয় মানে কলেজত সন্মান আছেতো তোমাৰ। বিয়াৰ কথা চলিছে বোলে। সেইবাবে খবৰ এটা লওঁ বুলি আহিলোঁ। এতিয়া যাওঁ পিচে।

: এনেকে খবৰ ল’লে হ’ব নেকি তুমি? শুনা, মোৰতো নিজৰ ভাই নাই জানাই। বিয়াখন হ’লে ভায়েকৰ সমস্ত দায়িত্ব তুমিয়েই ল’ব লাগিব কিন্তু। মাৰ বেষ্ট ফ্ৰেণ্ডৰ ল’ৰা, নিজৰ ভাইতকৈ কম নহয়। তোমাৰ কথা সকলোকে কওঁ মই।

সেইদিনা আবেলি আড্ডা জমি উঠিল। ৰূপমে ক’লে,

: ধেৎ, মই কি জানো প্ৰফেচাৰণী বুলি? দিনত ক্লাছ কৰে ৰাতি মেজৰৰ নোটচ বনায়। মই ষ্টুডেণ্ট বুলি ভাবিলোঁ আকৌ। দেখিলে মুঠেও গম নাপায়, আমি মেট্ৰিক পাছ কৰা বছৰত তাই মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰা বুলি।

বিপুলে ক’লে,

: এইবোৰ কেচত লৰালৰি কৰিলে ৰাণ আউট হ’বিয়েই। পাক্কা খবৰলৈ উঠি হে আগবাঢ়িব লাগে। মই মেমৰ নাম শুনি তোক পিছফালৰ পৰা ৰ’বলৈ কৈছিলোঁৱেই। তই নুশুনিলি। আমি পলালোঁ।

জয়ন্তই মাত লগালে,

: মই সেইখন কলেজতে পঢ়িছিলোঁ না। প্ৰথমতে তেওঁক দেখি সৱেই ফিডা হৈ যায়। কিন্তু ক্লাছত বাঘিনী ৰূপ দেখি পিছলৈ সকলোৱে দূৰতে পলোৱা হয়। পিচে, তোৰ লগত ইমান ধুনীয়াকৈ কথা পাতে তেওঁ। লাকী বে’ তই। ৰাণ আউট হৈ গ’লেও স্কৰবৰ্ড ভাল তোৰ।

: ঠিকেই কৈছ বে’ দৌষ্ট,

ৰূপমে বাইকত বহি যাবলৈ ওলাই ক’লে,

: কেতিয়াবা ৰাণ আউট হৈয়ো তোৰ বেয়া নালাগিব চাবিচোন, যদিহে দৰ্শকে তোৰ খেল চাই ভাল পাইছে।

☆ ★ ☆ ★ ☆

13 Comments

  • ৰাজশ্ৰী শৰ্মা

    কিছু মজা লিখিছা হে। এনেকুৱা মেডাম চব কলেজতে দুই এগৰাকী থাকেই মানে।

    Reply
  • Dilip R Kakati

    মেছখন ভাল লাগিল। হিট উইকেট।

    Reply
  • Jhoni

    👌

    Reply
  • জয়ন্ত

    বাঃ বৰ মজা লাগিল৷ ক্ৰিকেট মেচ আৰু আন কাহিনীটো ইমান সমান্তৰালভাৱে আগবাঢ়িছে, ফিডা হৈ গলো৷

    Reply
  • পূৰ্ণময়ী

    কি মজা লিখিছা। ক্ৰিকেটৰ প্ৰতিটো শব্দই মোক অতীতলৈ লৈ গ’ল।

    Reply
  • Nayan jyoti kalita

    বৰ ভাল পালো পঢ়ি

    Reply
  • দিম্পল

    দৰ্শক সন্তুষ্ট একদম । জুই লিখিলে দাদা

    Reply
  • কাবেৰী মহন্ত

    এইটো সাংঘাতিক মজা লাগিল৷

    Reply
  • নীতাশ্ৰী

    মজা লিখিছে দেই।

    Reply
  • দুখ লগাই দিলে ৷ তথাপি শেষৰ বাক্যটোৱে অলপ সান্তনা দিলে আৰু ৷

    Reply
  • মানসী বৰা

    কি ধুনীয়া লিখিলা অ’ … উপস্থাপনশৈলীয়ে মন ভৰাই পেলালে..

    Reply
  • ৰাজু কুমাৰ নাথ

    বৰ সুন্দৰ উপস্থাপন শৈলী দেই।

    Reply

Leave a Reply

Your email address will not be published.