ফটাঢোল

ৰামায়ণ একবিংশতি-হৰ্ষজিৎ কলিতা

“ককায়েৰাৰ মুড কেনে?”

এনেদৰে লিখা মেচেজটো চিন কৰিও বিভীষণে ৰিপ্লাই নিদিয়াত ৰামচন্দ্ৰ পুনৰ চিন্তাত পৰিল। মনে মনে ভয় এটাও লাগিবলৈ ধৰিলে, এই বিভীষণে আমাকো ধৌকা দিলে নেকি!

কথাটো গম পালে হনুমন্তই। প্ৰভু ৰামচন্দ্ৰৰ চিন্তা মানে সেৱকৰো চিন্তা। তাতে আকৌ এই অভিযানৰ মূল হোতা হনুমন্ত। হনুমন্তই লগে লগে বানৰ সেনাৰ ৱাটচেপ গ্ৰুপত মেচেজ এটা লিখিলে-

“siror man beya, misson alap pisuabo kijani,tohote alap palamkoi saju haleo kotha nai”।

হনুমন্তই ৰামচন্দ্ৰৰ ওচৰলৈ গ’ল আৰু ক’লে,

: প্ৰভু, বিভীষণ অনলাইন নাই যদি ফোন কৰি হ’লেও খবৰটো লওক। বিভীষণে ধৌকা দিব বুলি মোৰ মনে নকয়।

হঠাৎ জাম্বৱন্তই অলপ আঁতৰৰ পৰা চিঞৰি ক’লে-

: প্ৰভু এটা ভাল খবৰ আছে, বিভীষণ অনলাইন আহিছে।

ৰামচন্দ্ৰই খবৰটো শুনিয়েই মোবাইলটোলৈ চাই দেখে যে বিভীষণৰ চাটৰপৰা টাইপিং দেখাই আছে। মুহূৰ্ততে মনৰপৰা অনেক দুঃশ্চিন্তা আঁতৰি গ’ল। বিভীষণৰপৰা ৰিপ্লাই আহিল- “প্ৰভু, মই ডাইনিং হলত অনলাইন থাকোঁতে হঠাৎ মন্দোদৰী বৌ এইফালে অহা দেখিলোঁ, যদি বৌৱে কেনেবাকৈ মোবাইলত আপোনাৰ ডিপি বা নাম দেখে তেন্তে সৰ্বনাশ হ’ব বুলিয়েই মই লগে লগে অফলাইন হৈ গ’লোঁ। বৌ অলপ আঁতৰ হওঁতেহে এইবাৰ আকৌ অনলাইন আহিছোঁ।”

ৰামচন্দ্ৰৰ মনৰপৰা সন্দেহৰ কলীয়া ডাৱৰ নিমিষতে নোহোৱা হৈ গ’ল। দুখৰ মাজতো মনটো অলপ পাতল পাতল লাগিলে। প্ৰাণাধিক সীতাদেৱীৰ অনুপস্থিতিতো এই বানৰ সেনা আৰু বিভীষণেই যোৱা কেইটামান মাহত ৰামচন্দ্ৰক মনৰ খোৰাক যোগাই আহিছে। কোনোদিনে নজনা নুশুনা, একেখন দেশত থাকিও কোনোদিনে নজনা নুশুনা হনুমন্ত, সুগ্ৰীৱ, জাম্বৱন্ত আদিয়ে কেনেকৈ ৰামচন্দ্ৰক সহায় কৰি আহিছে সেই কথা ভাবিলেই কৃতজ্ঞতাত ৰামচন্দ্ৰৰ বুকুখন গদগদ হৈ যায়। সীতাদেৱীক লৈ অযোধ্যালৈ গ’লে বৈদেশিক মন্ত্ৰণালয়ক কৈ এই সমগ্ৰ সৰু সৰু অঞ্চল আৰু অধিপতিসকলৰ লগত সু-সম্পৰ্ক বৰ্তাই ৰখাৰ ব্যৱস্থা কৰিব লাগিব বুলি ৰামচন্দ্ৰই মনতে আলচ কৰিলে।

লক্ষ্মণৰো মনটো আজিকালি বেয়া হৈ থাকে। সৰু দেৱৰ বুলি বৌৱেকৰ প্ৰিয় লক্ষ্মণ, লক্ষ্মণৰো প্ৰিয় বৌৱেক। অযোধ্যাত থাকোঁতে লক্ষ্মণৰ বয়স যথেষ্ট কম আছিল। ৰামচন্দ্ৰই দিনটো শাসনকাৰ্যত ব্যস্ত থাকে, সেয়ে লক্ষ্মণে বৌৱেকৰ লগত খেলা-ধূলা কৰিয়েই কটাইছিল। বনলৈ আহোঁতেও নদীৰ পাৰৰ কঁহুৱা বিচাৰিবলৈ যোৱা, বনৰ মৃগশাৱকবোৰৰ লগত খেলা-ধূলা কৰা, সেইবোৰ ফটো ফেচবুকত আপলোড কৰা এইবোৰ কামত লক্ষ্মণ বৌৱেকৰ ছাঁৰ দৰে আছিল। তাৰ পিছতেই হঠাৎ এদিন ঘটি গ’ল ঘটনাটো। তাৰ পিছৰপৰা লক্ষ্মণৰ চকুতো টোপনি নাই, মুখতো হাঁহি নাই। অপহৰণকাৰী ৰাৱণক ধৰি অযোধ্যাৰ আদালতত বিচাৰ কৰাৰ সলনি দুয়ো ককাই-ভায়ে ৰাৱণক যুদ্ধত পৰাজিত কৰি হত্যা কৰাৰ সংকল্প লৈছে।

ৰাতি বাৰটা বাজিছে। ৰামচন্দ্ৰ সাৰে আছে। জাম্বৱন্তৰ চাউনিতো মোবাইলৰ ফ্লাচ দেখা গৈছে, তাৰমানে জাম্বৱন্তয়ো ৱাটচেপ বা ফেইচবুক কৰি আছে, তাৰো টোপনি হোৱা নাই। কাইলৈ পুৱাই ৰণথলী অভিমুখে যাত্ৰা আৰম্ভ হ’ব। এই দেশ, এই ভূমিত কাইলৈৰপৰা ৰচিত হ’ব নতুন ইতিহাস। ৰামচন্দ্ৰই পুৱা চাৰে চাৰিটাত এলাৰ্ম দি অলপ শুবলৈ যত্ন কৰিলে।

সমগ্ৰ ৰাস্তাটোত ৰামচন্দ্ৰৰ মন বিয়াকুল হৈ থাকিল। আজিকালি ৰামচন্দ্ৰৰ আৰু একো কথা ভাবিবলৈ মন নাযায়। অলস-উদাস মুহূৰ্তত মোবাইলটো হাতত লৈ পুৰণি দিনৰ ফটোবোৰ খুচৰি থাকে। সীতাদেৱীৰ লগত বিয়াৰ পিছত সেই প্ৰথমবাৰ ফুৰিবলৈ যোৱাৰ ফটো, সীতাদেৱীৰ জন্মদিনত যে অযোধ্যাৰ প্ৰজাক সীতাদেৱীয়ে নিজ হাতেৰে মিঠাই বিলাবলৈ গৈছিল সেইবোৰ ফটো চাই মাজে সময়ে ৰামচন্দ্ৰৰ চকুৰপৰা গৰম চকুলো এটোপালো ওলাই আহে। কিমান দিন যে প্ৰাণাধিক সীতাদেৱীক লগ পোৱা নাই। লংকালৈ যোৱাৰ পিছত প্ৰথমদিনাই সীতাই ৱাটচএপত ষ্টেটাচ দিছিল- “feeling alone” কথাটো কেনেবাকৈ গম পাইছিল ৰাৱণৰ প্ৰতিৰক্ষা বিভাগে। কথাটো গম পায়েই ৰাৱণে সীতাদেৱীৰ মোবাইলটো লৈ গৈছিল।সেই দিন ধৰি সীতাদেৱীৰ এটা খবৰ নাই। হনুমন্তই ৰামৰ আঙঠি লৈ মনে মনে লংকালৈ যোৱাৰ দিনা চকামকাকৈ হনুমন্তৰ মোবাইলৰপৰা ভিডিও কলত সীতাদেৱীক দেখি ৰামচন্দ্ৰৰ অন্তৰে কান্দি উঠিছিল। হনুমন্তই কোৱা অনুসৰি সীতাদেৱীৰ স্বাস্থ্যৰো যথেষ্ট অৱনতি হৈছে। অযোধ্যাৰ ম’মো, পানীপুৰি ভাল পোৱা সীতাদেৱীয়ে হেনো তাত সেইবোৰ একো খাবলৈ পোৱা নাই! কথাবোৰ ভাবি-গুণি থাকোঁতেই অপহৰণকাৰী ৰাৱণলৈ খঙটো মনতে পুনৰ জোৰকৈ উজাই আহিল।কিমান সুন্দৰভাৱে চলি থকা এটা জীৱনত আউল লগালে এই দুষ্ট ৰাৱণে! তাক পালে …!

গোটেই বাটটোত এইবোৰ কথাই ৰামচন্দ্ৰৰ মন গহনত চক্ৰাকাৰে ঘূৰি থাকিল; পিছফালে সমগ্ৰ বানৰ সেনা আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰপৰা লগ হোৱা সেনাপতিগণক লগত লৈ এঘড়ী যুঁজাৰ মানসেৰে যুদ্ধক্ষেত্ৰলৈ যিমানেই আগবাঢ়িবলৈ ধৰিলে সীতাদেৱীক লগ পোৱাৰ সুতীব্ৰ বাসনাই যাত্ৰাৰ খোজবোৰ সীমানেই তীব্ৰতৰ কৰি তুলিলে …।

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published.