ফটাঢোল

ৰাসতে ৰাসলীলা-অৰ্চন শৰ্মা 

লকডাউন দিয়াৰপৰা ঘৰতে আছোঁ, আমনি লাগি গৈছে ঘৰত সোমাই সোমাই, ওলাই মেলি যাবলৈ লগ নাই তেনেকৈ, সুবিধাও মিলা নাই। তাকে কেইদিনমান আগতে কলেজীয়া বন্ধু এজনে ফোন কৰি ক’লে,

: ঘৰত আছ যদি দুদিনমান আমাৰ ঘৰত থকাকৈ গুচি আহ।

মই বোলো “কিবা সকাম নিকাম আছে নেকি?”

: নাই ঘৰৰ কাষতে ৰাস পাতিছে, সেইকাৰণে মাতিছোঁ। তই টাউনীয়া পোৱালি, জীৱনত ৰাস দেখি পাইছ জানো?

: হেৰৌ, টিভিত দেখোঁ নহয় বৰষাৰাণী ওলাই, মোহন ওলাই, প্ৰীতিকংকণা ওলাই, সেয়াই নহয় জানো?

: অ’ সেয়াই, পিছে টিভিৰ ৰাস নহয়, আচল ৰাস, কৃষ্ণ ওলাব, গোপী ওলাব, তোৰ কাৰণে গোপী এজনী পতাই দিম আহ!

পুৱাই বাছত উঠি পোনাই দিলোঁ বন্ধুৰ ঘৰলৈ, বাইকখন নিয়াৰ মন আছিল যদিও ছয় ঘণ্টা বাইক চলাই গৈ ৰাস চোৱাৰ বাবে ধৈৰ্য্য আৰু মন দুয়োটাই নাই। সিহঁতৰ ঘৰ পাওঁতে এঘাৰমান বাজিল। একেবাৰে গাঁৱলীয়া পৰিৱেশ। পথাৰ, তামোল গছ, ঘৰে ঘৰে গোহালি, দেখিয়েই ভাল লাগে। ঘৰবোৰ প্ৰায় অসম আৰ্হিৰI সিহঁতৰ ঘৰলৈ প্ৰথম গৈছোঁ, কিন্তু গাঁৱৰ মৰম সঁচাই নিভাঁজ। এঘণ্টা হ’ল কি নহ’ল সকলোকে আপোন যেন লগা হ’ল। দুপৰীয়া ভাতসাজ খাই আবেলি অলপ ফুৰিলোঁ, ৰাস ৰাতিলৈহে হ’ব গতিকে বহু সময় আছে! মাজে মাজে তাক কুতুৰি আছোঁ,

: ঐ, ধুনু মাইনা এজনীও দেখা নাই যে, নাই নেকি গাঁৱত?

: ধেই অঁকৰা ৰাতিলৈ দেখিবি নহয়, ইমান ধুনীয়া ধুনীয়া গোপী আছে নহয়, কি ক’ম।

: বাৰু, সময়ত দেখা যাব।

ৰাতি ৰাসলৈ বুলি সাজি কাচি ওলালোঁ, ৰাস হোৱা ঠাইডোখৰ কিছু দূৰত বাবে অলপ দূৰ খোজ কাঢ়িব লগা হ’ল। দুয়ো ওলাই কিছুদূৰ গৈছোঁহে মাথোঁ, পিছফালৰপৰা কোনোবাই ৰিঙিয়াই মাতিলে,

: বিকুদা শুনাচোন।

বিকু মোৰ বন্ধুজনৰ ঘৰত মতা নাম, ঘূৰি চাই যি দেখিলোঁ, সাইলাখ যেন ৰম্ভা, মেনকা, উৰ্বশীৰ সংমিশ্ৰণ, এক অপূৰ্ব সুন্দৰী নাৰীমূৰ্তিI আস! চকুৰ কি চাৱনি, বুকুতে বিন্ধি পেলালে! লগৰজনেও ঘূৰি চালে।

– অ’ আমাৰ মুনমুন দেখোন, সাজিপাৰি কেনি ওলালি?

– ইস! নাজানেহে যেনিবা, ৰাসলৈ যাওঁ আকৌ, মই গোপী নাচোঁ নহয়!

মুনমুনৰ মাতষাৰ শুনি এনে লাগিল যেন কাণত মৌহে বৰষিছে। খোজৰো কি লয়লাস ছন্দ। লগৰটোৰ ওপৰত খঙেই উঠিল মোৰ। ঘৰৰ কাষতেই ইমান ধুনীয়া ছোৱালী আছে আৰু বেটাই মোক চিনাকি কৰাই দিয়া নাই। পেটে পেটে ভাবিলো ইয়াৰ ওপৰত ভৰষা কৰাতকৈ নিজেই কিবা এটা মিলাব লাগিব।

ওৰেটো বাট সিহঁতে দুই এটা কথা পাতি গ’ল। মই ভাবিলোঁ, ছোৱালী পাই মোক পাহৰিয়ে গ’ল। অলপ দূৰ যোৱাৰ পাছত যোৱাৰ পাছতে হঠাৎ সি ক’লে,
– অঃ! ভাই বৰ ডাঙৰ কথা এটা হ’ল ।

– কি হ’ল বে?

– পাণ নানিলোঁ নহয়, তহঁত অলপ ৰহ, মই পাণ এখন লৈ আনোঁগৈ।

কথাটো কৈয়ে সি দিলে দৌৰ, ইফালে সেই নিৰ্জন ঠাইখিনিত পৰমা সুন্দৰী আৰু মই! এনেই মই ছোৱালীৰ ক্ষেত্ৰত বিৰাট লাজকুৰীয়া, সাধাৰণতে মুখৰ মাতেই নোলায়, কিন্তু ইমান সুন্দৰ সুযোগটো কেনেকৈ এৰো! লাহেকৈ মাতষাৰ দিলোঁ,

– তোমাক কিন্তু বৰ ধুনীয়া লাগিছে দেই।

তাই লাজতে মুখখন ঘূৰালে।

: সঁচাই কৈছোঁ, তোমাক দেখি কৃষ্ণ বলিয়া হৈ যাব।

: কি যে কয় আপুনি! মোৰ যে বিৰাট লাজ লাগিছে পাই।

 : লাজ লাগিবলগীয়া কি আছে ইয়াত? সঁচা কথা কৈছোঁ আকৌ।

 : আপোনাকো কিবা এটা ভাল লাগিছে মোৰ।

 : সচাঁকৈ কৈছা নে?

তাই উত্তৰ নিদিলে। লাজত ৰঙচুৱা বৰণ লোৱা তাইৰ গাল দুখনে মোক বহুত কথা কৈ দিলে। তাইক দেখি হোৱা মোৰ অস্থিৰ অৱস্থাটোৰ বিষয়ে কৈ দিওঁ বুলি ভাবোতেই পাণ চোবাই চোবাই মোৰ লগৰজন আহি পালে। প্ৰথমবাৰৰ বাবে লগৰটোক মোক এটুকুৰা হাড় যেন লাগিল, কাবাবটোৰ ভিতৰত থকা হাড়। অলপ দেৰিকৈ আহিলেনো আকাশখন নিশ্চয় সৰি নপৰিলহেঁতেন।

: ঐ, যাওঁ ব’ল।

মোৰ চিন্তাৰ সূতাডাল ছিঙি তাৰ চিঞৰটো কাণত সোমাল। মনতে ভাবিলো “ভবা কথা নহয় সিদ্ধি বাটত আছে বন্ধু বিধি”I তিনিওটা ৰাসথলীলৈ আগবাঢ়িলো, মুখত পাণ ভৰাই থোৱাৰ বাবে সি মুখেৰে ভালকৈ মাতিব পৰা নাই, কিন্তু সি থকা বাবে আমিও কথা পাতিব পৰা নাই। ৰাসৰ থলী পাইয়ে তাই আমাক এৰি দিলে দৌৰ, পাছত লগ পাম বুলি চিঞৰি কৈয়ো গ’ল বাৰু। ৰাসৰ থলী মানুহে ভৰি পৰিছে, বহিবলৈকে ঠাই নাই। কোনোমতে খালী আসন দুখন পাই দুয়ো তাতে বহি পৰিলোঁ।

যথাসময়ত ৰাস আৰম্ভ হ’ল, কৃষ্ণৰ লগে লগে গোপীবোৰো জাক পাতি ওলাল, বন্ধুৱে কাণে কাণে ক’লে,

: গোপী এজনী চাই ল নিজৰ বাবে।

মই মাথোঁ মিচিকিয়াই হাঁহিলো, তাক ক’বলৈ মন আছিল, কৃষ্ণই নিজৰ ৰাধাজনীক ইতিমধ্যে বিচাৰি পাইছে।

ৰাসত বাঁহীৰ সুৰে সুৰে গোপিনীৰ নৃত্য, কোনোজনী সুন্দৰ, কোনোজনী দেখোন বৰ ভয়ংকৰ, গোপী নহৈ পুতনা হ’লেহে শুৱাব ইহঁতক। মই একাগ্ৰচিত্তে ইতিমধ্যে মোৰ হিয়া কাঢ়ি নিয়া মুহিনীৰ নৃত্য চাই মুগ্ধ! মাজতে আমাৰ ফালে আহি হাঁহি এটি মাৰি আঁতৰি গ’ল তাই; হ’ব, মই তাতেই সুখী।

বাৰমান বজাত টোপনিয়ে বৰকৈ আমনি কৰাত, ৰাস আধাতে এৰি ঘৰলৈ বুলি বাট বুলিলো। ভাগৰে হেঁচি ধৰিছিল বাবে ওৰেটো বাট কথা বতৰা নাপাতি চিধা ঘৰমুৱা হ’লো, ঘৰ আহি পাই হাত মুখ পখালি শেতেলীত পৰো মানে এক বাজিল। মোৰ বন্ধুজন জন্মগতভাৱেই কুম্ভকৰ্ণ, গতিকে বিছনাত পৰিয়ে বপুৰাই টোপনিত লাল কাল দিলে। কিন্তু মোৰহে চকুত টোপনি নাই, দুচকু জপালেই কেৱল তাইৰ মুখখনেই চকুৰ আগত ভাঁহি আহে, কাণত বাজি উঠে তাইৰ মাতষাৰ, ”আপোনাকো কিবা এটা ভাল লাগিছে মোৰ!”

তাইৰ কথা ভাবি ভাবি কেতিয়া যে টোপনিত ঢলি পৰিলোঁ গমেই নাপালোঁ। পুৱা উঠোঁতে যথেষ্ট পলম হ’ল, মুখ হাত ধুই চাহ কাপত চুমুক দিওঁতেই পুনৰ মনলৈ আহিল মই দেখোন তাইৰ নামটোকে নুসুধিলোঁ, লগৰটোক চালোঁ, সি মোবাইলত ব্যস্ত। লাহেকৈ মাতিলোঁ,

– ঐ শুনচোন, কালি যে লগ পাইছিলোঁ ছোৱালীজনী, তাইৰ নামটো কি অ’?

– কোনজনী ছোৱালী ঔ?

– কিয় কালি যে ৰাসলৈ যাওঁতে পাইছিলোঁ, ধুনীয়া, মৰমলগা ছোৱালীজনী, তাইৰ কথা সুধিছো আক’! মোৰ বৰ ভাল লাগিছে জান তাইক।

– অ’, কথা গৈ ইমান দূৰ পালেগৈ। পিছে অকল তোৰ ভাল লাগিলে জানো হ’ব?

– তাইৰো মন আছে, মই জানোঁ।

– ৱাহ, তেনেহলে আমাৰ কৰিবলগীয়া কি থাকিল আৰু?

– আৰু এবাৰ লগ কৰাই দিব পাৰিবি নে?

– কিয় নোৱাৰিম, ব’ল এতিয়াই, তাইৰ হাতৰ চাহ একাপো খাই আহিম। কপালত থাকিলে একেবাৰে তাইৰ হাতৰ ভাতেই খাব পাৰিবি। কি ধুনীয়া মাংস ৰান্ধে ঔ!

সন্ধিয়া দুয়ো ওলালো সেই মোহময়ী নাৰীৰ ঘৰলৈ। কলিংবেল টিপোতে প্ৰায় আমাৰ বয়সৰ ল’ৰা এজন ওলাই আহিল। দেখাত মুনমুনৰ মুখৰ লগত ইমান মিল! হয়তো ছোৱালীজনীৰ ককায়েক হ’বI অলপ দেৰি বহাৰ পিছত মই লগৰটোক খুচি ক’লো, “ছোৱালীজনী ক’ত ঔ।“

 – অহ, আছে ৰহ। ইয়াৰ ভনীয়েক সেইজনী।

বন্ধুৱে কাণে কাণে মোক কৈ ল’ৰাজনক সুধিলে,

: মুনমুন নাই নেকি ঐ?

: আছে ভিতৰতে, মই মাতি দিছো ৰহ। তহঁতে বহচোন।

আমাক বহিবলৈ কৈ ল’ৰাজন ভিতৰলৈ সোমাই গ’ল I অলপ পিছতে মনে বিচৰা মাতষাৰ শুনিবলৈ পালোঁ, “আপুনি ভিতৰলৈ আহক।”

বন্ধুৱে ক’লে, “তাই মোক লাজো কৰে ভয়ো কৰে। তই ভিতৰলৈ গৈ কথা পাতগৈ। মই ইয়াতে বহোঁ।”

ভিতৰলৈ গৈ দেখিলো ককায়েকটো ঠিয় হৈ আছে। মোক দেখি সি ক’লে, “আপোনাক কিবা এটা ভাল লাগিছে মোৰI”

মই আচৰিত। সেই একেই মাত, একেই সুৰ, মাত্ৰ ছোৱালীৰ সলনি ল’ৰা এজনৰ মুখৰপৰা কথাখিনি ওলাইছে। অলপ পিছত বন্ধু ভিতৰলৈ সোমাই আহি ল’ৰাজনৰ কাষতে বহিল। এইবাৰ দুয়ো মোৰ ফালে চাই হাঁহিত ফাটি পৰিল।

বন্ধুৱে কলে, “তই ছোৱালী চাই ঘূৰি ফুৰ বাবে মই ইয়াক শিকাই থৈছিলো আগৰেপৰা। ছোৱালীৰ মাত উলিওৱাত ওস্তাদ ই। গাঁৱত ভাওনা হ’লে ছোৱালীৰ ৰ’লৰ বাবে ইয়াৰ নামটো ফিক্সড।“

“পিছে মই মাংস ৰন্ধাতো ভাল দেই। আজি ৰাতি আমাৰ ইয়াত ভাত খাই যাবা।” এইবাৰ পুৰুষসুলভ গলগলীয়া মাত উলিয়াই ল’ৰাটোৱে ক’লে।

☆ ★ ☆ ★ ☆

5 Comments

  • জিতু

    কিচ্নঅ

    Reply
  • দীক্ষিতা

    সমূহীয়া সমবেদনা জ্ঞাপন কৰিলোঁ।
    আৰু দেখোন ক’বলৈ একো ভাবিয়েই নাপালোঁ। 🤣🤣🤣

    Reply
  • ৰাজশ্ৰী শৰ্মা

    ধেৎ তেৰি😂…

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    কৃষ্ণ!

    Reply
  • পূৰ্ণময়ী

    হৰি হৰি😂

    Reply

Leave a Reply

Your email address will not be published.