ফটাঢোল

ৰিক্ত হৃদয় – ধৃতিস্মিতা বৈশ্য

তেতিয়া নতুনকৈ কলেজলৈ গৈছোঁহে মাথোন।চকুৱে-মুখে অলপ এটিটিউড সানি ৰাখোঁ৷ ল’ৰাবোৰক তেনেকৈ পাত্তা নিদিওঁ। ক্লাছৰ কিছু ল’ৰাই এটিটিউদটোৰ কাৰণে মোৰ পৰা নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখে৷ তাৰ মাজতো দুই-এটাই প্ৰেমৰ উৰাজাহাজখন মোৰ কুমলীয়া কলিজাত লেণ্ড কৰাবলৈ চেষ্টা নকৰা নহয়।মই পিছে সেইকেইটাৰ আগত অলপ বেছি গহীন হৈ দেখুৱাওঁ,যেন বিল গেটছৰ জীয়েকজনীহে।পিছে গহীন স্বভাৱটো বেছিদিন বৰ্তি নাথাকিল ৷ অতি শীঘ্ৰে মই চঞ্চলা হৈ পৰিলোঁ।
এদিন কলেজৰ পৰা যাবলৈ ওলাওঁতেই দেখিলোঁ এজন সুদৰ্শন যুৱক৷ আই অ’,এক নজৰতেই ‘প্যাৰ হো গয়া’।চকুৱেই চাবা নে হাঁহিয়েই চাবা-একেবাৰে ৰোমাণ্টিক অনুভৱ হয়।পিছে মই তাৰ কথা বেছি নাভাবিলোঁ৷
কেইদিনমান পিছত মহাবিদ্যালয় সপ্তাহত ‘হেনচু’জনে গান গালে।আস্! কি যে মিঠা মাত, ‘আৱাৰা পাগল দিৱানী’ হৈ গ’লোঁ মই৷ তাতে টেলেণ্টেড ল’ৰাবোৰ মোৰ এনেও প্রিয়।তাৰ হৃদয়ত আন কোনোবাই লেণ্ড কৰাৰ আগতে ‘শুভস্য শীঘ্রম’ বুলি ভাবি মই কিবা এটা হেস্ত-নেস্ত কৰাৰ সিদ্ধান্ত ল’লোঁ।কথাটো মই ‘বচপন কী চহেলী’ৰ আগত ক’লোঁ।তাই ফে’চবুকত সেইজনৰ প্ৰফাইল চাম বুলি মোক ক’লে।তেতিয়া ভাৰ্চুৱেল পৃথিৱীখনলৈ মোৰ আগমন হোৱাই নাছিল; গতিকে এনেবোৰ কথাত আনৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছিল৷

তাৰ পিছৰ পৰাই আমি দুইজনীয়ে তাক অনুসৰণ কৰোঁ।লগৰজনীয়ে ফে’চবুকত তাৰ ওপৰত এটা সৰু- সুৰা গৱেষণাই চলাই দিলে।সি কিমান ছোৱালীৰ ফটো-পোষ্টত লাইক কৰে,‘চেনি’ দি দি কমেণ্ট কৰে,কি গ্ৰুপত আছে,কি পেইজ লাইক কৰে সেইবোৰৰ বিতং তথ্য দৈনিক মোক যোগান ধৰে।লগতে সি যে ছিংগল আছে সেইটোও ক’লে।তাক ছিংগল বুলি জনাৰ পিছত মোৰ দিল ‘গাৰ্ডেন গাৰ্ডেন’ হৈ গ’ল।মাজতে তাই সি গম নোপোৱাকৈ এটা লয়েল্টি টেষ্টো ল’লে।তাতো সি উত্তীৰ্ণ হ’ল।তাই মোৰ মনৰ বাতৰি তালৈ পঠিয়াব বুলি আশ্বাস দিলে।তাৰপিছত আৰু মোক কোনে পায় !

ৰাসায়নিক সমীকৰণ লিখিবলৈ এৰি মোৰ আৰু তাৰ নামৰ প্ৰথম আখৰেৰে সমীকৰণ লিখিবলৈ ল’লোঁ।তাৰ বাবে একপক্ষীয় প্ৰেমৰ কবিতাৰে উকা কাগজ ভৰ্তি কৰি পেলালোঁ।মোৰ ইমান প্ৰেম দেখি ছেইণ্ট ভেলেণ্টাইনেও হাৰ মানিলেহেঁতেন কিজানি ! সদায় নতুন নতুন হেয়াৰষ্টাইল,তাক ইমপ্ৰেছ কৰিবৰ কাৰণে কেটৱাক,মুনৱাক সকলো চেষ্টা কৰোঁ৷ পিছে সি ওচৰ পালে ভৰি দুখন অচল হৈ পৰে ৷

কেইদিনমান পিছত মনৰ ছট্ফটনিত ফে’চবুকত এটা একাউণ্ট খুলিলোঁ আৰু লগে লগে তালৈ ফ্রেণ্ড ৰিকুৱেষ্ট পঠালোঁ।অলপ পিছত সি মোৰ ফ্ৰেইণ্ড হৈ পৰিল৷ মোৰ দিলৰ ধৰকন আৰু বাঢ়ি গ’ল।পিছে হাৰ্ট এটেক হ’বলৈ বেছি সময় নালাগিল।অলপ পিছতে দেখা পালোঁ-অমুক ইন এ ৰিলেচনশ্বিপ উইথ তমুক টু দেইজ এগ’।অমুক আৰু তমুক দুটা আন কোনো নাছিল;এজন আছিল মোৰ হেনচুজন আৰু আনজনী মোৰ ‘বচপন কী চহেলী’ যখিনীজনী।তাই মোৰ বুকুতে কামোৰটো দিলে৷ এনে লাগিছিল যেন “জাপে দিম দিচাঙত, তোমাৰ বেজাৰত৷” পিছে আমাৰ ইয়াত পাগলাদিয়াহে আছে গতিকে জাপ দিবলৈ নগ’লোঁ।
যাৰ কাৰণে দিল কী ধৰকন বাঢ়ি গৈছিল সেইজনক এতিয়া ‘জিজু’ বুলি মাতিব লাগে৷ তেতিয়াৰ পৰা আজিলৈকে মোৰ হাৰ্টটো ৰিক্ত হৈয়ে থাকি গ’ল…..নৌ ওৱান কেন ফুলফিল দ্যা স্পেছ৷

☆★☆★☆

Leave a Reply

Your email address will not be published.