ফটাঢোল

ৰিয়েল-ঈশান জ্যোতি বৰা

কিছুমান মানুহে ইমান মনোযোগেৰে কৰ্মব্যস্ততা প্ৰদৰ্শন কৰে যে, তেওঁলোকৰ কাষত থিয় হৈ থকাটোও এটা অস্বস্তিদায়ক যন্ত্ৰণা হৈ পৰে৷ অচিনাকি দ্বিধা এটা উপজে৷ জানোচা, আমাৰ উপস্থিতিয়ে মানুহজনৰ মনোযোগত ব্যাঘাত জন্মায়! জানোচা, আমাৰ উশাহ-নিশাহৰ শব্দই মানুহজনৰ চেতনাত অশান্তিৰ সৃষ্টি কৰে৷

বেজবৰুৱাৰ জীয়েক অমৃতাই যেতিয়া চিতল মাছৰ নেলুটোত টেপা এটা দি, পিছমুহূৰ্ততে নিজৰ সোঁবাহু মেলি মাছটোক ওপৰলৈ দাঙি, মৎস্য-চিকাৰৰ বিৰল আনন্দ উদ্‌যাপন কৰি আছিল, কাষতে ৰৈ থকা বেজবৰুৱাৰ মনটোতো তেনেজাতীয় দুশ্চিন্তাৰ পৰিচিত সোঁত এটা কুলুকুলু ধ্বনিৰে বৈ গৈছিল৷ অথচ বেজবৰুৱাই স্বচক্ষু আৰু স্বকৰ্ণৰে মন কৰিছিল যে, অমৃতাৰ চকুহাল এক অনিৰ্বচনীয় উত্তেজনাত ক্ৰমাৎ তাইৰ বাঁওহাতত থকা ছৌষষ্ঠী মেগাপিক্সেল ফ’নটোৰ উচ্চক্ষমতাসম্পন্ন ফ্ৰণ্ট কেমেৰাটোৰ বিন্দুতহে কেন্দ্ৰীভূত হৈ আছিল৷ দূৰদৃষ্টিসম্পন্ন বেজবৰুৱাই লগতে ইয়াকো মন কৰিলে যে, যদিহে জীয়েক আৰু এটা খোজো পিছুৱাই দিয়ে; তেন্তে পুখুৰীৰ হাড়কঁপোৱা শীতল পানীৰ লগত তাইৰ সৰ্বশৰীৰ একাকাৰ হোৱাটো খাটাং আৰু পৰিণতিস্বৰূপে মাছটোও গৈ পুখুৰীৰ পানীতে মিলিত হোৱাটো খাটাং৷ কিন্তু কি যে চমৎকাৰী কাণ্ড! ছোৱালীজনীয়ে এগৰাকী অভিজ্ঞ জিমনাষ্টৰ দৰে কুশলী দক্ষতাৰে মাছটোক প্ৰায় পোন্ধৰ মিনিট সোঁহাতখনত ওলোমাই ধৰি থাকিল আৰু একেখিনি সময়তে ছেলফি-তোলা কৰ্মভাগো সফলতাৰে সম্পন্ন কৰি তুলিলে৷ এই সমগ্ৰ ঘটনাৱলীৰ প্ৰত্যক্ষদৰ্শী বেজবৰুৱাই জীয়েকৰ মনোযোগী চেতনাৰ অভূতপূৰ্ব নিদৰ্শন দেখি দস্তুৰমত তবধ মানিলে৷ সেইকাৰণে তেওঁৰ মুখৰপৰা প্ৰতিক্ৰিয়াসূচক মন্তব্য এফাকি সৰকি পৰিল –

“ইমান মনোযোগেৰে যদি তই পঢ়া-শুনা কৰিলিহেঁতেন, তেন্তে এইবাৰ তয়ো স্কুটী এখন…!”

“ভালেই হ’ল নেপালে৷”

বেজীৰ দৰে জোঙা আৰু কাঁচিৰ দৰে চোকা এই বক্ৰোক্তিষাৰ অৱশ্যে জীয়েকৰ শ্ৰীমুখেৰে ওলোৱা নাছিল৷ পাকঘৰৰপৰা হেতা এপাত লৈ পুখুৰীৰ কাষ পোৱা তাইৰ মাক ওৰফে বেজবৰুৱানীৰ মুখেৰেহে নিৰ্গত হ’ল৷

“ভালেই হ’ল নেপালে৷ নহ’লে সপ্তাহে-সপ্তাহে পেট্ৰ’ল ভৰাই থাকিবলৈ টকা দিব কোনে? তুমি মানুহটো হ’লা জেওৰাখৰিৰ নিচিনা শুকান৷ চেপি থাকিলেও এটকা এটা সৰি নপৰে৷”

বেজবৰুৱাৰ মনত “কি কথা কোৱাহে?” জাতীয় কৌতূহলভৰা প্ৰশ্ন এটা উত্থাপন কৰাৰ হেঁপাহ সেইসময়ত জাগ্ৰত হৈছিল৷ যিহেতু ‘প্ৰাণ খোলা’ মানুহ বুলি বেজবৰুৱাৰ সমাজত চিনাকি এটা আছে৷ পিছে একেটা সময়তে ‘অলপ ধতুৱা’ ছদ্মনামটোৰো বেজবৰুৱা অধিকাৰী৷ সেইকাৰণে বিচাৰপতিৰ কাঢ়া চকু আৰু হাতৰ হেতা দেখি বেজবৰুৱাৰ সেই উদ্যম সমূলি বিনষ্ট হৈ গ’ল৷ তাৰ পৰিৱৰ্তে বেজবৰুৱাই পুখুৰীৰ পাৰত পৰি থকা চিতলটো হাতেৰে কোলাত লৈ কলৰ পাৰলৈ সুৰসুৰকৈ খোজ কাঢ়িবলৈ ধৰিলে৷

সিপিনে ভ্লগিঙৰ ৰোমাঞ্চকৰ জগতখনত প্ৰায় এবছৰ ধৰি দপ‌্দপাই থকা জীয়েকে পিতৃ-মাতৃৰ উক্ত পাৰিবাৰিক কলহৰ পোনপটীয়া সম্প্ৰচাৰ ইউ টিউবযোগে দাখিল কৰিলে৷

“হেল্লো গাইছ, লৈ আহিছোঁ এটা সুন্দৰ ভ্লগ, য’ত তোমালোকে দেখা পাবা এখন তামাম কাজিয়া৷ মোৰ মা আৰু দেউতাৰ৷ তাৰ আগতে মোৰ চেনেলটো চাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিবা৷ লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰো কৰিবা৷….”

যোৱা এবছৰ ধৰি এই বিশেষ পৰিভাষাকেইটা শুনি শুনি বেজবৰুৱাৰ শ্ৰৱণশক্তিৰ দক্ষতা আৰু গভীৰতা বহুপৰিমাণে যে কমিছে, সেইয়া বেজবৰুৱাই ঠিকমতেই বুজি পাইছে৷ ছোৱালীৰ ভ্লগ-মেনিয়া যিমানেই বাঢ়িছে, সিমানেই বেজবৰুৱাৰো শংকা বাঢ়িছে৷ সুৰাৰ নিচাত পৰি থকা মানুহক ঠেলাকেইটামান মাৰিলে খক্‌মকাই উঠি বহে, কিন্তু এইবিধৰ নিচাত তলিলৈকে পোত যোৱা মানুহক উঠোৱাটোতো বাদেই, কাষ চাপি যোৱাটোও কঠিন৷ অনবৰতে কণটেণ্টৰ সন্ধানত থকা এইবিধ বৈচিত্ৰ্যময় প্ৰাণীয়ে কাক, কেনেকৈ আৰু কি কি উপায়েৰে নিজৰ ম’বাইলত পৰ্দাত সুমুৱায় লয়, তাৰ কোনো নিশ্চয়তা নাই৷ ৰঙচঙীয়া বজাৰত দোকানীয়ে মোকলাই দিয়া আকৰ্ষণীয় সামগ্ৰীৰ দৰেই এতিয়া এচাম মানুহক কণটেণ্ট হিচাপে ম’বাইলত উপস্থাপন কৰা হয়৷ সেইচাম মানুহৰ তালিকাত অন্তৰ্ভুক্ত হ’বলৈ বেজবৰুৱাৰ তিলমানো আগ্ৰহ আৰু ইচ্ছা নাই৷ সেয়ে তেওঁ জীয়েকৰ সমুখৰপৰা আঁতৰিয়েই থাকে৷

কিন্তু জীয়েক সহজে হাৰ মনা বিধৰ ভ্ল’গাৰ নহয়৷

নিশা ভাতৰ টেবুলত বহিবলৈ গৈ বেজবৰুৱাৰ চকু চমকি উঠিল৷ টেবুলৰ মাজত থকা পানীৰ ঝাৰটোৰ ওপৰত এটা ম’বাইল৷ টেবুলখনৰ কাষতে থকা ট্ৰাইপডৰ ওপৰত আন এটি ম’বাইল৷ ইয়াৰ লগতে জীয়েকৰ হাতত ফেভিকলৰ আঠা লগাদি লাগি থকা ম’বাইলটোতো আছেই! বেজবৰুৱাই ইফালে-সিফালে চালে৷ চিনেমাৰ শ্বট ল’বলৈ অহা কোনোবা চিত্ৰগ্ৰহণকাৰী আশে-পাশে ক’ৰবাত লুকাই আছে নেকি? পিছে জীয়েকৰ সদাব্যস্ত মুখখনৰ বাহিৰে তেওঁ একো নেদেখিলে৷

“হেৰৌ! এতিয়া ভাত খোৱা হ’বনে চিনেমাৰ শ্বুটিং হ’ব?” – নিজৰ কাঁহীখনলৈ আঁতৰৰপৰাই ডিঙি মেলি চাই বেজবৰুৱাই চৰম বিতৃষ্ণাৰে ক’লে৷

“তোমাৰ পেন্‌পেননিখন আৰম্ভ হ’লেই নে! আৰে ভাই, কোৱালিটিৰোতো কথা আছে৷ মই লক্ষ্য কৰিছোঁ তাইৰ চেনেলটোত ছাবছক্ৰাইবাৰৰ সংখ্যা বঢ়া নাই৷ বোধহয় ভিডিঅ’ৰ অথেনটিচিটি নাই৷ সেইকাৰণে তাই আজি নতুন ব্যৱস্থা এটা হাতত লৈছে৷”

পত্নীৰ মুখেৰে জীয়েকৰ সমৰ্থনৰ প্ৰসংগত যিকেইষাৰ কথা ওলাল, তাতকৈও বেছি বেজবৰুৱাক আলোড়িত কৰিলে পত্নীৰ কথনশৈলীলৈ আগমন ঘটা নতুন শব্দাৱলীয়ে৷ এইবোৰ টান-টান, দাঁত-ভঙা শব্দ তেওঁ শিকিলে কেনেকৈ? কাৰণ, যোৱা এবছৰ ধৰি বেজবৰুৱাই ‘ছাবস্ক্ৰাইবাৰ’ শব্দটোকে মুখ ফুটাই ক’বলৈ আত্মবিশ্বাস যোগাৰ কৰিব পৰা নাই৷ ‘ছা’ আৰু ‘ছ’ মাজৰ ‘ব’টো সদায়েই ৰৈ যায়৷

“হেলো গাইছ্, এয়া আমি ডিনাৰ কৰিবলৈ বহিছোঁ৷ আজি আমি খাম চিতল মাছ৷ মাছটো কেনেকৈ খাম, কাঁইট কেনেকৈ গুচাম, ভাতৰ লগত পানী খাম নে নাখাম – সেই আটাইবোৰ ডিটেইলছ্ আজি তোমালোকক মই ক’ম আৰু দেখুৱাম৷ তাৰ আগতে তোমালোকে লাইক…”

জীয়েকৰ ধাৰভাষ্য আৰম্ভ হ’ল৷ বেজবৰুৱাই নিজকে যিমান পাৰে, কেমেৰাৰপৰা আঁতৰত অৱস্থান গ্ৰহণ কৰিবলৈ ঠিৰাং কৰিলে৷ যাতে জীয়েকৰ ভিডিঅ’ৰ কণটেণ্ট হ’বলগীয়া নহয়৷ মাক আৰু পুতেক অমৰ জীয়েকৰ সোঁ আৰু বাওঁকাষে বহিল৷ ভায়েকে বায়েকৰ ভ্লগত এতিয়ালৈকে কেইবাবাৰো অভিনয় কৰিছে৷ অৱশ্যে মাকে আজিহে অভিষেক কৰিব৷ সন্ধ্যাতেই তেখেতে মুখসজ্জা-কেশসজ্জা কৰি ‘ৰেডি’ হৈ আছিল৷ লগতে জীয়েক সুধিবলগীয়া ‘কেনে হৈছে?’ শীৰ্ষক প্ৰশ্নটোৰ উত্তৰ হিচাপে ‘তামাম মস্তি হৈছে’ বুলি ক’বলৈও তেওঁ পূৰ্ণোদ্যমে মনোবল যোগাৰ কৰি ৰাখিছিল৷

পিছে, ঘটনাবোৰ ভবাধৰণে নঘটিল৷ নিজৰ মাছডোখৰ খাই খাই বেজবৰুৱা মাছৰ মাজভাগ পাইছিলগৈ, অমৰেও মাছডোখৰ দাঙি ইংৰাজীৰে ‘ভি’ চিহ্নটো প্ৰদৰ্শন কৰিবলৈ তৎপৰতা দেখুৱাইছিল, তেনেতে জীয়েকে ‘খক্, খক্, খক্’ বুলি আৰ্তনাদ কৰিবলৈ ধৰিলে৷ মাক  উধাতু খাই জীয়েকৰ ওচৰ চাপি গ’ল৷ পানীৰ গিলাচটোৰপৰা পানী জীয়েকৰ মুখগহ্বৰত ঢালিলে৷ বিজুলীবেগেৰে শুদা ভাতকেইটামান জীয়েকৰ মুখত ঠলিয়াই-গতিয়াই সুমুৱাই দিলে৷ পিছে নাই৷ জীয়েকৰ খকখকনি বন্ধ নোহোৱা হ’ল৷ কি বিড়ম্বনা! উপায়ন্তৰ হৈ বেজবৰুৱা চকীৰপৰা উঠি আহিল৷ তেওঁ দেখিলে, জীয়েকৰ চকুহাল মুদ খাওঁ-খাওঁ হৈছে৷ মুখেৰে শব্দ-বাক্য একো এটা ওলোৱা নাই৷ কেৱল হাত দুখন শূন্যত ঘূৰাই পকাই বুজাব খুজিছে যে ডিঙিত মস্ত কাঁইট এডাল লাগিছে৷ অতি সোনকালে উলিয়াই নিদিলে, তাইৰ অৱস্থা কাহিল হ’ব৷ জীয়েকৰ ভংগিমানিৰ্ভৰ ভাষাৰ গভীৰতা দেখি বেজবৰুৱা স্বাভাৱিকতে আতংকিত হৈ পৰিল৷ কাৰণ, ভাল হওক-বেয়া হওক জীয়েক এজনীয়েই! কিবা হ’ব লাগিলে…

“হেল্লো ওৱান জিৰ’ এইট..” – বেজবৰুৱাই জৰুৰীকালীন স্বাস্থ্য সেৱালৈ ফোন লগায়৷ পৰিৱেশটো হঠাতে উদ্বেগজনক হৈ উঠিল৷ ১০৮ৰ গাড়ীত উঠাই চলিহাই ততালিকে বন্ধু-চিকিৎসক বিভূতি চলিহালৈ ফোন লগালে৷

“চলিহা, হয়, হয়৷ বেজবৰুৱাই কৈছোঁ৷ আপুনি হাস্পতালতে আছেনে? ছোৱালীৰ ডিঙিত কাঁইট লাগিল…৷ লাইট নহয়৷ কাঁইট কাঁইট…! ঠিক আছে৷”

জাৰৰ নিশাৰ মনুষ্যহীন ৰাস্তাইদি ওৱান জিৰ’ এইটখন ভু-ভুৱাই চলি যাবলৈ ধৰিলে৷ জৰুৰীকালীন চিকিৎসকজনে আক্ৰান্তক জিভাখন যিমান পাৰে মোকলবালৈ গৈ কাঁইটডাল নিৰীক্ষণ কৰাৰ প্ৰয়াস কৰিলে যদিও ব্যৰ্থ হ’ল৷ “উহুঁ, হাস্পতালতহে পৰা যাব৷” সিপিনে মাকৰ চকুৰ পানী, নাকৰ পানী একাকাৰ৷ হাতৰ তলুৱা দুখন একলগ হৈ ঈশ্বৰলৈ তেওঁৰ প্ৰাৰ্থনা অব্যাহত আছে৷ বোধয়হ মৎসৰ ৰূপটোক স্মৰণ কৰিছে৷ অন্যহাতে ‘ভি’ৰ অৱতাৰ ধৰিবলৈ সাজু হোৱা ভায়েকৰ আঙুলিকেইটা ঠাইতেই জঁয় পৰি ঠাণ্ডাত কোঁচ-মোঁচ খাই এতিয়া জেপত সোমাই আছে৷ অথচ কাঁইট-আক্ৰান্ত বালিকা অমৃতাৰ হাতত তেতিয়াও ম’বাইলটো সোঁশৰীৰে বিদ্যমান! তাইৰ মুখত মাত নাই৷ চকুত চাৱনি নাই৷ কপালত এটুপি দুটুপি ঘামৰ টোপাল৷ ছোৱালীজনীয়ে কিহৰ জোৰত ম’বাইলটো ধৰি আছে! বেজবৰুৱাই কাৰবাৰটো দেখি তাজ্জুব মানিলে৷ জন্মৰ আগমুহূৰ্তত পত্নীয়ে কি খাইছিল বুলি সুধিবলৈ গৈও বেজবৰুৱা ৰৈ গ’ল৷

 “আহক, আহক৷ মই আপোনালোকৰ বাবেই ৰৈ আছিলোঁ৷”

হাস্পতালৰ সমুখতে চলিহা ৰৈয়েই আছিল৷ গাড়ীখন দেখিয়েই ততালিকে আক্ৰান্তৰ কাষ চাপিলহি৷ বেজবৰুৱাই জীয়েক দাংকোলাকৈ ভিতৰলৈ লৈ আহিল৷ অপিডিৰ পৰিৱৰ্তে চিধাই জেনেৰেল ৱাৰ্ডৰ কোঠা এটালৈকে ছোৱালীক লৈ যোৱা হ’ল৷ চলিহাইও কাঁইট-আক্ৰান্তৰ হাতত আঠা লগাৰ দৰে লাগি থকা ম’বাইলটো দেখি বিচূৰ্তি খালে৷

“চাওঁ, চাওঁ৷ আঁ কৰা৷”

-চলিহাই অমৃতাক নিৰ্দেশ দিলে৷ বেজবৰুৱাই ‘চেষ্টা কৰচোন মাজনী’ বুলি পিছফালৰপৰা উৎসাহ এটা দিলে৷ অমৃতাইও মুখখনৰ আকাৰ যিমান পাৰে সিমান বঢ়াই থাকিল৷

খক্-খক্-খক্! থু-থুই-থুই! খক্-খক্-খক্! থু-থুই-থুই!

নাই৷ কাঁইট ওলোৱা নাই৷

“ক’তা! মইতো একো দেখা নাই৷”-চলিহা নিৰাশ হ’ল৷

 

“তেন্তে? আমিতো কল, ভাত, পানী সব খোৱালোঁ৷ অলপো কেটকুটেই নকৰে৷” – বেজবৰুৱাৰ পত্নীয়ে কন্দনামুৱা হৈ নিজৰ ব্যৰ্থতা ব্যক্ত কৰিলে৷

“কেচ জটিলেই যেন পাইছোঁ৷ সৰু অপাৰেচনেই কৰিব লাগিব৷”

“কি? কি?”-বেজবৰুৱাৰ পৰিয়ালে সমস্বৰে চিঞৰি উঠিল৷ অমৃতাক বাদ দি৷

“হয়৷ যোৱা মাহতেই এনেকুৱা এটা কেচ আমি হেণ্ডল কৰিছোঁ৷ এক ঘণ্টামান যুঁজাৰ পাছতহে কাঁইটডাল ওলাল৷ নহ’লে অৱস্থা বেয়াই হৈছিলগৈ৷”

“বেচ চিৰিয়াছ নেকি বাৰু চলিহা?” – বেজবৰুৱাই ভীষণ চিন্তাৰ সুৰত সুধিলে৷

“নাই, নহয়, নহয়৷ আপোনালোক সাজু হওক৷ মই অ.টি. ৰূমলৈ যাওঁ৷”

চলিহা ৰূমৰপৰা প্ৰস্থান কৰিবলৈ ওলাল৷

“ৰ’ব খুড়া৷”

পিছে হঠাৎ পিছফালৰপৰা অমৃতাৰ মাতটো শুনি চলিহা থমকি ৰ’ল৷ বেজবৰুৱাও চমকি উঠিল৷ লগতে পত্নী আৰু ল’ৰাটোও৷ হঠাতে এইজনীৰ মাতটো ওলাল ক’ৰপৰা!

“তোৰ মাত কেনেকৈ ওলাল?” – মাকে চিধাচিধি প্ৰশ্ন এটা সুধিলে৷

 “মানে..”

“কি মানে?” – বেজবৰুৱাই আগভেটি ধৰিলে৷ চলিহাও কাষ চাপি আহিল৷ উৰহী গছৰ ওৰটো জানিবলৈ৷

“মানে মোক অলপ ‘ৰিয়েল কণটেণ্ট’ লাগিছিল৷ ভিউৱাৰ্ছবোৰে অলপ ৰিয়েল ভিডিঅ’ চাই ভাল পায়৷ নহ’লে ছেনেলে গ্ৰ’ নকৰে৷”

“মানে তোৰ কাঁইটডাল ৰিয়েল?”

“নহয়৷ ফেইক৷” – ডাক্তৰ চলিহাই বিচূৰ্তি খালে৷ আঁ কৰিলেই পেটৰ কামিহাড় পৰ্যন্ত দেখা পোৱা চলিহাই এতিয়াহে বুজিলে, তাইৰ ডিঙিত তেওঁ কিয় কাঁইটডাল দেখা নাছিল৷ থাকিলেহে দেখিব! কি অঘাইতং ছোৱালী অ’!

“তেন্তে কি ৰিয়েলৰ কথা কৈছ?”- বেজবৰুৱাৰ তদন্ত চলি থাকিল৷ তেওঁ ‘ৰিয়েল’ৰ অৰ্থোদ্ধাৰ এতিয়াও কৰিব পৰা নাই৷ কিন্তু অমৃতাই এইবোৰ টেকনিকেল পৰিভাষা বেজবৰুৱাক বুজোৱাটো অসম্ভৱ বুলি গণ্য কৰে৷ সেয়েহে তাই ক’লে-

“হেই, তোমালোকে বুজি নোপোৱা সেইবোৰ৷ চোৱা, মোৰ ছাবস্ক্ৰাইবাৰ দহহাজাৰ হ’ল৷ কালি ছহাজাৰহে আছিল৷ আজি সন্ধ্যাৰ লাইভটো চলি থাকোঁতেই অতবোৰ ছাবছ্ গোট খালে৷” – অমৃতাই উচ্ছাসেৰে ম’বাইলটো মাকৰ চকুৰ সমুখলৈ লৈ গ’ল৷ অপাৰ আনন্দ তাইৰ৷ যেন, সাতহাজাৰ বছৰীয়া কোনো মন্দিৰৰ ভগ্নাৱশেষ উদ্ধাৰ কৰি অনা তাই এগৰাকী খ্যাতিমান প্ৰত্নতত্ত্ববিদহে!

“তাৰমানে অথনিপৰা তই তাকেহে চাই আছিলি!”

– বেজবৰুৱাৰ চকু ক্ৰমাৎ ৰঙা হোৱাৰ দিশে৷

“অঁ, লগতে আমাৰ এই গোটেই ইনচিডেণ্টটোও ইউ টিউবত লাইভ হৈ আছিল৷ হাস্পতালত সোমোৱাৰ লগে লগে বন্ধ কৰি দিছোঁ৷”

“হেৰা, এইক তুমি কি খাই জন্ম দিছিলা বাৰু?”

অথনি সুধিম বোলা প্ৰশ্নটো বেজবৰুৱাই এতিয়া সুধিলে, পত্নীক৷ পত্নীয়ে মুখখন ওন্দোলাই মূৰটো তল কৰিলে৷

“ব’লা এতিয়া ঘৰলৈ যাওঁ৷ ইনচিডেণ্টৰ পাছত কি হ’ল, সেইয়া মোৰ ভিউৱাৰ্ছক জনাব লাগিব৷”

কিংকৰ্তব্যবিমূঢ় হৈ ঠাইতে ৰৈ থকা বেজবৰুৱা-বেজবৰুৱানী আৰু চিকিৎসক চলিহাক তাতে এৰি অমৃতা কোঠাটোৰপৰা ওলাই আহিল৷ কোঠাৰপৰা ওলায়েই তাইৰ নিজৰ ভ্লগিঙৰ ৰোমাঞ্চকৰ বৰ্ণনা আৰম্ভ কৰি দিলে –

“হেল্লো গাইছ, মোৰ ডিঙিৰপৰা কাঁইটডাল ফাইনেলি ডাক্টৰ আংকলে উলিয়াই দিলে৷ কিন্তু মই ইমান ষ্ট্ৰং যে মই বেছি টাইম হাস্পতালত থাকিবলগীয়াই নহ’ল৷ মোৰ অপাৰেছন কেনেকৈ হ’ল, কিদৰে হ’ল, কেইটা ইনজেকচন খালোঁ – এটচেট্টা এটচেট্টা সকলো ডিটেইলছ্ তোমালোকক জনাম৷ তাৰ আগতে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু….”

☆ ★ ☆ ★ ☆

8 Comments

  • rintumoni dutta

    খুব ভাল লাগিল ঈশান

    Reply
  • কাবেৰী মহন্ত

    আলোচনী খনৰ অন্যতম আকৰ্ষণ এইবাৰৰ এইটো গল্প৷ মন ভৰি গ’ল পঢ়ি

    Reply
  • সদানন্দ ভূঞা

    বহুত ভাল লাগিল ।

    Reply
  • জয়ন্ত দাস

    বাঃ বঢ়িয়া দেই৷

    Reply
  • হেমন্ত কাকতি

    তামাম ঈশাণ! ফালি চিৰি মহতিয়াই পেলালা৷ বহুত ধুনীয়া কনটেণ্ট!

    Reply
  • Anonymous

    সুন্দৰ ভাইটি

    Reply
  • ভবেন মহন্ত

    বৰ্তমান সময়ৰ সঁচা ঘটনাৰ আলম যেন লাগিল। সুন্দৰ উপস্থাপন।

    Reply

Leave a Reply

Your email address will not be published.