ফটাঢোল

ৰুক্মিণী হৰণ – গায়ত্ৰী প্ৰান্তিক শৰ্মা

: ঐ উঠ বুলিছোঁ উঠ। এইখন পাটি আমি আজি আহি সন্ধিয়াতে পাৰি থৈ গৈছোঁঁ৷ এতিয়া তহঁত থমথম মদন গোপাল হৈ বহি আছহিহঁক যে।

: ক’ত নাম লিখি থোৱা আছে ঐ। দেখুৱা নাম। ক’ৰবাত যদি তোৰ নাম দেখুৱাই দিব পাৰ এক মুহূৰ্তও নোৰোৱাকে জাঁপ মাৰি উঠি দিম৷

: নাম আকৌ নতুন পাটিখনত কিয় বাপেৰৰ মূৰটো কৰিবলৈ লিখিম। ইমান চোৰ ওলাব বুলি নাজানিছিলোঁ নহয়। ভাবিছিলোঁ গোটেই ৰাতিটো থকাৰ কথা, সূত্ৰ নাচি শেষ হওক কৃষ্ণ প্ৰৱেশৰ বাজনাখন শুনিলেই আহিম আৰু৷ এতিয়া বহা ক’ত বহা৷

মইনা আৰু সৰু ছোৱালীৰ কাজিয়া এনেকুৱা তুংগত উঠিছেগৈ যে মানুহে সূত্ৰধাৰৰ ‘অ’হে সভাসদ লোক’ বাদ দি সিহঁতলৈহে চাবলৈ ধৰে।

: ঐ ল’ৰা ছোৱালীহেঁত। দিবিনে ভাওনা চাবলে নে আজি তহঁতৰ ভাওনাই চাব লাগিব?

গাঁৱৰ সকলোৱে ভয় কৰা নিতাই বৰতাকৰ কথাত মইনা আৰু সৰু ছোৱালী চুপ হয় যদিও খুচখুচকৈ লাগি লাগি শেষত মইনাই নিজৰ পাটি অধিকাৰ কৰিবলৈ সক্ষম হয়। পাটিখন পায়েই বাহিৰৰ পৰা কনল’ৰাৰ মাকে বাহিৰত টেবুল পাৰি দিয়া দোকানৰ পৰা কিনি অনা কেঁচা পিয়াজ কাটি দিয়া বুটগুটিসোপা কোচত লৈ মহাৰাণীৰ সিংহাসনত বহাদি মইনা বহি পৰে। ইফালে সৰুছোৱালীয়ে বকি বকি গৈ নামঘৰৰ কাষৰ পকী ৱালখনতে বহি ভৰি দুটা দোলাই দোলাই ভাওনা চোৱাত লাগেগৈ। ভাওনা চোৱাৰ নামত নামঘৰলৈ অহা মানুহৰো ভাগ থাকে। ল’ছালিসোপা আহে ভাওনা বুলি নামঘৰৰ বাহিৰত দিয়া দোকান কেইখনৰ পৰা বুট, মৰ্টন আৰু সিজোৱা কণী খাবলৈ। কণী আকৌ সদায় ঘৰত খোৱাবোৰৰ নিচিনা বগা বগা কণী নহয়, সিজোৱাৰ লগতে ৰঙাকৈ ভাজিও দিয়ে। কম ডাঙৰ কথা নে? দুটকা বেছি লয় তাৰ বাবে। লওক। লগতে যুদ্ধত ব্যৱহাৰ হোৱা কাঁড়বোৰ বুটলি কোনে কিমান নিব পাৰে তাৰ বাজি৷ মাইকী মানুহসোপা আহে ভাওনা চোৱাৰ লগতে ভাওনাৰ মাজতে ওলোৱা ফুচুৰীৰ সোৱাদ ল’বলৈ। লগতে এসপ্তাহলৈ বিয়নী মেলৰ সমল গোটাই নিবলৈ৷ গাঁৱৰ ডেকা ল’ৰা আৰু গাভৰুসোপা আহে প্ৰেম পিৰিতিৰ খেলা খেলিবলৈ। আনদিনাখন খোলাকৈ লগ কৰিব নোৱাৰাবোৰেও সেইদিনা ভাওনাৰ অচিলাত সবেই দেখাকৈ লগ কৰিব পাৰে৷

সাধাৰণতেই সন্ধিয়াৰ পিছত নিমাওমাও হৈ পৰা গাঁওখন ভাওনাৰ দিনাহে উৎসৱ মুখৰ হয়। নহ’লে সন্ধিয়া প্ৰাৰ্থনা গোৱাৰ পিছতেই মানুহৰ মাত এটা দৰবত দিবলৈকো পোৱা নাযায়। মানুহ শোৱাৰ পিছত দূৰৰ পৰা মাথোঁ ভাঁহি আহে ‘হুৰ হুৰ’ শব্দ এটাৰ সৈতে গৰুৰ ডিঙিৰ জুনুকাই জুনুক জুনুক কৰি অহা গৰুগাড়ী এখন দুখনৰ শব্দহে। গাঁৱৰ নাম বকুলতলী।ঘোকোট গাঁও শব্দটোহে আচলতে এই গাঁৱৰ নামৰ আগত খাতে। বছৰি হোৱা এই ভাওনাখনলৈ গাঁৱৰ প্ৰতিটো মানুহৰ উপৰিও গাঁৱৰ বিয়া হৈ যোৱা ছোৱালীবোৰ, দূৰত পঢ়ি থকা ল’ছালিবোৰ সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই থাকে। দূৰলৈ বিয়া হোৱা জীয়াৰীবোৰক মাতিবলৈ গাঁৱৰে কোনোবা দুজনমানক দায়িত্ব দিয়া হয়। তেওঁলোকেই তামোল পাণ এযোৰ এযোৰেৰে জীয়াৰী আৰু জোঁৱাইসকলক ঘৰে ঘৰে গৈ নিমন্ত্ৰণ কৰি আহেগৈ। জীয়ৰীবোৰেও এই সুযোগতে ঘৰখনৰ পৰা এপাক মাৰি যায়হি। ভাওনাই হওক বা ৰাসেই হওক প্ৰতিটো ভাওৰ বাবে ভাও লোৱা মানুহ গাঁওখনত ‘ফিক্স’ হৈ থাকে। যেনে, কৃষ্ণ বুলিলে সাতোবন কাটি কৰি হ’লেও গগন ল’ৰায়েই কৃষ্ণ হ’ব লাগিব, ৰাৱণ বুলিলে প্ৰায় ছাৰে ছয় ফুট ওখ হৃষ্টপুষ্ট বসন্ত ভৰালীয়েই হ’ব লাগিব, ৰাধা, সীতা বা ৰুক্মিণী বুলিলে বগী কৈ লাহী পাহি নমিতাই হ’ব লাগিব, ভাওনাৰ মাজতে ওলোৱা ফুচুৰীত ভাও হৰেণেই ল’ব লাগিব। বাকী হৰেণে লগত যাক লয় সেয়া সম্পূৰ্ণ তাৰ কথা৷

এনেকৈয়ে বছৰে বছৰে বকুলতলী গাঁৱৰ ৰাইজে ভাওনাভাগ পাতি আহিছে। এইবাৰ গাঁৱৰ ৰাইজে অনুষ্ঠিত কৰিবলৈ লৈছে “ৰুক্মিণী হৰণ”। ভাওনা মানে ঠিক নামঘৰত নহয়। নামঘৰৰ সন্মুখত ষ্টেজৰ দৰে চালি এখন পাতি তাতে হ’ব। যাতে ছোৱালীবোৰেও ভাও ল’ব পাৰে। নামঘৰত পাতিলে ছোৱালীবোৰৰ ভাও লোৱা নিষেধ। সকলো ঠিকেই আছিল। কিন্তু ৰুক্মিণী আৰু  কৃষ্ণকলৈহে গাঁৱৰ ৰাইজৰ চিন্তাৰ অন্ত নোহোৱা হৈছে। সৰুৰে পৰা ৰাধা কৃষ্ণৰ ভাও কৰি অহা গগন ল’ৰা আৰু নমিতাই কেতিয়ানো নিজকে সঁচা ৰাধাকৃষ্ণ বুলি ভাবি পেলালে ৰাইজে তলকিবই নোৱাৰিলে। এতিয়া নমিতাক কোনোপধ্যেই বাপেকে ৰুক্মিণীৰ ভাও ল’বলৈ নিদিয়ে। গগন ল’ৰাই ইফালে নমিতা নহ’লে কৃষ্ণ নানাচে। শেষত নামঘৰীয়াই নমিতাৰ বাপেকৰ হাতে ভৰিয়ে ধৰি বোলে,

: হাজৰিকা, আপুনি এনেকুৱাখন কৰিলে এইবেলি আমাৰ ভাওনা নহ’বগৈ। দিয়ক ঈশ্বৰ। ছোৱালীজনী দিয়ক। তাইক আখৰাৰ পিছত পোনেই আনি ঘৰত থোৱা দায়িত্ব এই নিলকান্তই ল’লোঁ। মৰি যাম কিন্তু কথাৰ হেৰফেৰ নকৰোঁঁ৷

তথাপিও নমিতাৰ বাপেকৰ কোনোপধ্যেই মন নগলিল।তেখেতৰ মতে সাধাৰণ ভাওনা এখনৰ কাৰণেই তেওঁ কোনোপধ্যেই নিজৰ নাক কাণ কটোৱাব নোৱাৰে।আগতে গম পোৱা নাছিল কাৰণে জীয়েকক ৰাধা বা ৰুক্মিণী নাচিবলৈ দিছিল। এতিয়া তেওঁহে নালাগে গাঁৱৰ সকলোৱেই জানে গগন ল’ৰা আৰু নমিতাৰ কথা। কিহলৈ তেওঁ নাচিবলৈ দিব। জীয়েকক নাচিবলৈ নিদিলে যদি ৰাইজে তেওঁক ভাওনা চাবলৈ নিদিয়ে তেওঁ সেয়াই মানি ল’ব কিন্তু জীয়েকক নাচিবলৈ নিদিয়ে। শেষত যেনিবা গগন ল’ৰায়ে ক’লে বোলে,

: হ’ব অত ৰাইজখনক মই বিপদত নেপেলাওঁ। মই কৃষ্ণ নাচিম। কিন্তু এয়াই মোৰ শেষ কৃষ্ণ নচা। অহাবাৰৰ পৰা যাতে বকুলতলী গাঁঁৱৰ মানুহে বেলেগ কৃষ্ণৰ ব্যৱস্থা কৰে৷

সকলোৱে তাক মূৰে কপালে হাত ফুৰাই আশীৰ্বাদ দিলে।

: ঈশ্বৰে মংগল কৰক বোপাই। তই যে ৰাইজখনক বিপদত নেপেলালি৷

কিন্তু ৰুক্মিণী এতিয়া ক’ত পায়। বহুতো চিন্তা চর্চাৰ মূৰত ভাওনালৈ এসপ্তাহ থাকোঁতেই বাহিৰত চাকৰি থকা গাঁৱৰে ৰত্নই ভাল খবৰ এটা আনিলে বোলে,

: আজিকালি ৰুক্মিণী বা ৰাধা এইবোৰ ভাৰাত পায়।দেখিবলৈও বিৰাট ধুনীয়া হয়। নাচেও খুব ধুনীয়া। কিন্তু পইচা দিব লাগিব। ৰুক্মিণীৰ ব্যৱস্থা মই কৰিম৷

কথা মতেই কাম। আখৰাৰ এসপ্তাহৰ আগতে ৰুক্মিণী আনি উলিয়ালে ৰত্নই। সকলোৰে চকু থৰ লাগিল। কি লয়লাস, কি নৃত্য, কি চেহেৰা। নানাচোঁ নানাচোঁকে থকা গগন ল’ৰাও ৰুক্মিণী দেখি বলিয়া। এই বোলে আখৰাৰ মাজতে মৰ্টন এটাহে আনি খুওৱা, চুলি আঁচুৰিবলৈ ফনিখনহে লৰ মাৰি আনি দিয়া সকলো গগন ল’ৰাই এইকেইদিন দৌৰি দৌৰি কৰি দিছে। মুঠতে ৰুক্মিণীৰ প্ৰতিটো সুখ দুখৰ খবৰ ৰাখিছে কৃষ্ণৰূপী গগন ল’ৰাই। ৰুক্মিণীয়েও কথাই কথাই কৃষ্ণৰ গাতে যেন বাগৰি পৰিব তেনেকুৱাখন কৰে।গাঁৱৰ ৰাইজৰ চকু সিহঁতৰ ওপৰত। কিন্তু উপায় নাই।কিবা এষাৰ ক’লেই যদি গগনে নানাচোঁ বোলে? চাওঁতে চাওঁতে ভাওনা পালেহি। দিনত বৰসবাহ। ৰাতিলৈ ভাওনা। গাঁৱৰ মানুহৰ গা সাতখন আঠখন। মতা মানুহবোৰে কিনো চলি আছে চাই অহোঁগৈচোন বুলি পাকেপতি নামঘৰলৈকে গৈছে। তাৰ বিপৰীতে আলহীৰ প্ৰকোপত মাইকী মানুহখিনিয়ে যাব লগা সময়ত সৰুপানীকণ চুবলৈও যাব নোৱৰা অৱস্থা হৈছে। ৰাতিলৈ দোকান দিম বুলি ভবাবোৰে গামলা এটাতে বুট এসোপা তিয়াইছে, আৰু ঘৰৰ পৰা টেবুলখন, তাৰ ঘৰৰ পৰা মূঢ়া এটা আনি দিনতেই নামঘৰৰ চোতালত পাৰি থৈ দোকানৰ ঠাই নিগাজী কৰি লৈছে। ডেকা ল’ৰাবোৰে ৰঙীন কাগজ কাটি কাটি নামঘৰটো সজাইছে, কেনেবাকৈ কাৰেণ্ট যাবলৈ হ’লে হাততে পোৱাকৈ দিনতে ‘মেণ্ঠল লাইট’বোৰ পাম্প মাৰি মাৰি ৰাতিলৈ বুলি সাজু কৰিছে। ছোৱালীবোৰে নতুনকৈ বিয়া হোৱা ন-ছোৱালীবোৰৰ পৰা কাপোৰ খুজি খুজি আহিছে। মুঠতে এটা উৎসৱমুখৰ পৰিবেশ গাঁওখনত।

ভাওনাৰ ঘৰ। গায়ন বায়নৰ পিছতে সূত্ৰধাৰ ওলাইছে।তাৰ পিছতে ঢাকি দিয়া কাপোৰেৰে হাতত চক্ৰ লৈ ৰাইজৰ হাতচাপৰিৰ মাজেৰে প্ৰৱেশ কৰিছে কৃষ্ণৰূপী গগন ল’ৰাই। পুত্রক কৃষ্ণৰ ৰূপত দেখি বাৰে বাৰে চকুপানী মচিছে গগন ল’ৰাৰ মাকে। তাৰ পিছতেই সখীসবৰ সৈতে হালি জালি ওলালে ৰুক্মিণী। গাঁৱৰ ৰাইজৰ চকু থৰ হ’ল। ইমান ধুনীয়া! আগতে ক’তো ইমান ধুনীয়া ৰুক্মিণী কোনেও দেখা নাই। গাঁৱৰ কোনো এজনী ছোৱালীয়েই ইমান ধুনীয়া নহয়, সেই কথা এক মুখে স্বীকাৰিলে। ৰত্নক সকলোৱে ৱাহ ৱাহ দিলে। সেই ৰুক্মিণীয়ে ‘মেক আপ’ কৰা মানুহ লগত লৈ আহিছে।বাকীবোৰ ভাৱৰীয়াই লোৱা দি নন্দৰ হাতৰ পৰা ‘মেক আপ’ লোৱা নাই। ভাওনা চলি আছে জাউৰিয়ে জাউৰিয়ে হাত চাপৰি পৰি আছে। মাজতে কিবা এটা কথাত ভাওনাত বিলাপ জোৰা দেখি জানেকী বুঢ়ীয়েও দৰ্শকৰ মাজতে বাগৰি বাগৰি বিলাপ জুৰিলে। বুঢ়ীৰ এই বিলাপ জোৰাৰ কথা গাঁৱৰ প্ৰত্যেকেই জানে।ভাওনা ৰাস যিয়েই নহওক বুঢ়ীয়ে বিলাপ জুৰিবই।আগতেও ভাওনাবোৰত সীতাই “ক’ত গৈলা প্ৰাণ স্বামী” বুলিবলৈ পায় কি নাপায় সিফালে বুঢ়ীৰ অৱস্থা কাহিল হয়। তাকে দেখি ল’ৰা-ছোৱালীসোপাই পেটত ধৰি ধৰি হাঁহে। বুঢ়ীয়ে কান্দি থকাৰ মাজতে খাওঁ যেন মূৰ্তি ধৰি সিহঁতক কয়,

: হেৰামিহেঁত, খেতৰে পোৱা জহৰাহেঁত। এতিয়া বুঢ়ীক হাঁহিছ। কাইলৈ এই ভাওনাৰ গেলা বুট, সিজোৱা কণীগাল খাই যেতিয়া হাগিবি মাৰ বাপেৰে এই বুঢ়ীৰে ভৰিত পৰিবগৈ পানী এঘটি জাৰি দিবলৈ৷

বুঢ়ীৰ মুখৰ ভাষা শুনি ল’ৰা-ছোৱালীসোপাৰ বেছিহে হাঁহি উঠে। ভাওনা চলি থাকে। শেষ ৰাতি হৈছেগৈ।মানুহৰ টোপনি আহোঁ আহোঁ হৈছে। এনেতে ফুচুৰী কৰিবলৈ হৰেণৰ প্ৰৱেশ ঘটে। হাঁহিত ৰাইজৰ টোপনি ভাগে। ভাওনা প্ৰায় শেষ হওঁ হওঁ। নামঘৰীয়াই ভাৱৰীয়াবোৰক বিচাৰিছে ৰাইজৰ আগত সেৱা ল’বলৈ।

“কৃষ্ণ একদেৱ দুখহাৰিৰ পৰা আৰম্ভ কৰি নাজানোহো আৱাহন নাজানোহো বিসৰ্জন”লৈকে গাই ভাৱৰীয়াসকলে ৰাইজৰ আগত আঁঠু ল’ব। হঠাৎ ভুনভুননি উঠিল কৃষ্ণ আৰু ৰুক্মিণী নাই। নাই মানে ক’তোৱেই নাই। শেষত গগন ল’ৰাৰ বন্ধু এটাই চুচুক চামাককৈ ৰাইজক ক’লেহি বোলে ৰুক্মিণীক কৃষ্ণই চাইকেলত তুলি পলুৱাই নিলে। মূৰে কপালে হাত দি সকলো বহি পৰিল। সকলো আচৰিত হ’ল এসপ্তাহৰ ভিতৰতে এনেকুৱা প্ৰেম হৈ গ’লনে যে গগনে ৰুক্মিণীক পলুৱাই নিলে। ৰাইজৰ চিন্তা চৰ্চাৰ মাজতে চুক এটাত বহি ৰুক্মিণীক যোগান ধৰা ৰত্নই হঠাৎ হুৰাওৰাৱে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। দুখ সকলোৱে পাইছে কিন্তু ৰত্নৰ দুখ যেন অকণমান বেলেগ। তাৰ ওচৰ চাপি গ’ল সকলো।

: ঐ ৰত্ন কি হৈছে ঔ। এনেকৈ কিয় কান্দিছ?ৰত্নই আঁঠুতে মূৰ গুজি থকাৰ পৰা ওপৰলৈ সকলোলৈকে চায় লাহে লাহে ক’লে,

: ৰাইজ অ’ ৰুক্মিণী ল’ৰা আছিল। নিজকে ছোৱালী বুলি ভবা ল’ৰা। গগনে তাকে পলুৱাই নিলে ঔ ৰাইজ।গগনক বচাওক৷

☆ ★ ☆ ★ ☆

8 Comments

  • মানসী বৰা

    আই ঐ ..বেচেৰা গগনটো ভাক ফচিল দেই ।খুব ভাল লাগিল গায়ত্ৰী ।

    Reply
  • মানসী বৰা

    আই ঐ বেচেৰা গগনটোহে ভাল ফচিল দেই।খুব ভাল লাগিল গায়ত্ৰী ।

    Reply
  • ডলী

    হাঃ হাঃ

    Reply
  • Abhijit Goswami

    বঢ়িয়া লাগিল দেই 👍 👍 👍 পুৰণা ভাওনাৰ কথা মনত পৰি গল

    Reply
  • হেমন্ত কাকতি

    তামাম গায়ত্ৰী! চুপাৰ ডুপাাা ভাওনা হুবহু ঘৰতে বহি বহি চালোঁ৷ তামাম৷

    Reply
  • Partha Pratim Sarmah

    ভাল পালোঁ।

    Reply

Leave a Reply

Your email address will not be published.