ফটাঢোল

ৰূপাংকৰৰ বিড়ি (ৰহস্য গল্প) – জ্যোতিৰূপম দত্ত

-১-

: বিড়ি এটা দিয়া! – ৰূপাংকৰে দোকানীজনক উদ্দেশ্য কৰি ফুচফুচাই কথাষাৰ কৈয়েই চকু টিপ এটা মাৰিলে৷ আধা-অন্ধকাৰ গলিটোৰ অলপ ভিতৰলৈ থকা সৰু পাণদোকান এখন৷ টুল এখনত বহি থকা আদহীয়া দোকানীজনৰ সমুখত এটা বিবৰ্ণ বাকচ৷ কোনোবা ইলেকট্ৰনিকছ কোম্পানীৰ বিজ্ঞাপনৰ ফ্লেক্স এখন বাঁহৰ কামীকেইটামানেৰে বান্ধি কোনোমতে চালি এখন কৰি লৈছে৷ দোকানখন প্ৰায় অন্ধকাৰ, চাৰ্জ শেষ হবলৈ ধৰা এটা সস্তীয়া চাৰ্জলাইটে সামান্য পোহৰ বিলাইছে৷

দোকানীজনে ৰূপাংকৰৰ ইংগিতটো বুজি নোপোৱাৰ ভাওঁ ধৰাৰ বৃথা চেষ্টা এটা কৰিলে৷ আচলতে সেই সময়তে ৰূপাংকৰৰ সৈতে একেলগে অহা আনজন অচিনাকী যুৱকক দেখি দোকানীজনক সামান্য অপ্ৰস্তুত যেন দেখা গ’ল৷ ৰূপাংকৰে কথাটো ধৰিব পাৰি হাঁহি এটা মাৰি ক’লে –

: মোৰ বন্ধু বে! লংগোটিয়া য়াৰ! ৰিণ্টুমণি! আমাৰ মাজত একো লুকঢাক নাই! আজি বহুদিনৰ মুৰত লগ পাইছো, দিল্লীৰ পৰা আহিছে৷ দিল্লীৰ সুভাষ নগৰত থাকে বে! একেবাৰে ঘাটিতে থাকে, পিছে ই বেটা নিৰামিষ৷ চাওঁ, বিড়িটো দিয়া সোনকালে!

দোকানীজনে ইফালে সিফালে এবাৰ চাই লৈ বাকচটোৰ তলিত থকা টেমা এটাৰ পৰা বিড়ি এডাল উলিয়াই ৰূপাংকৰৰ হাতত দিলে৷

: তোক কিবা লাগে যদি লৈ ল’৷ – ৰূপাংকৰে বন্ধুজনৰ উদ্দেশ্য কলে৷

: চিগাৰেট এটা দিয়া৷ – বাকচটোৰ ওপৰতে থকা পেকেটটোলৈ ৰূপাংকৰৰ বন্ধুজনে আঙুলি টোৱাই দেখুৱালে৷

: ৰহ, পইচা মই দি আছো! – এইবুলি কৈয়েই ৰূপাংকৰে দুখন এশটকীয়া আৰু এখন দহটকীয়া নোট আগবঢ়াই দি দোকানীজনে উলিয়াই দিয়া চিগাৰেটটো থপিয়াই লৈ বন্ধুজনক টানি লৈ গলিটোৰ পৰা ওলাই আহিল৷ বন্ধুজনৰ চকুত অলেখ প্ৰশ্ন!

: চুপচাপ আহি থাক৷ একো ৰিয়েকশ্যন নিদিবি৷ – ৰূপাংকৰে ফিচফিচাই ক’লে৷

অলপ দূৰ আহিয়েই ৰূপাংকৰে পিছলৈ চাই একো সন্দেহজনক নেদেখি অলপ পৰ আগতে দুশ টকা দি কিনা বিড়িটো কাষৰ নৰ্দমালৈ দলিয়াই দিলে৷

: কি হৈছে এইবোৰ? বিড়িটো দলিয়ালি কিয়? আৰু মোৰ নামটো বিজয়ৰ পৰা ৰিণ্টুমণি কৰি পেলালি যে? দিল্লীৰ সুভাষ নগৰৰ কথা কিয় কলি বে? দোকানীটোৱে মোক মিছামিছিকৈ সন্দেহ কৰিব৷

: ৰহ বে! ঠাণ্ডা হ’৷ সকলো কৈ আছো৷ আজিয়েই নিশা অপাৰেশ্যন৷ এতিয়া সাত বাজিছে৷ আমাৰ হাতত মাত্ৰ আঠ ঘণ্টাহে আছে৷ পুৱতি নিশা তিনি বজাত আমি কাম আৰম্ভ কৰিম৷ পুৱা পোহৰ হোৱাৰ আগে আগে কাম শেষ হ’ব লাগিব৷ চাওঁ, চিগাৰেটটোৰ এহোপা দে৷ দেখাত কোনোৱে ফলো কৰা নাই৷ তথাপিও ৰিস্ক লবলৈ টান পালো৷ সেই কাৰণেই বাইকখন ইচ্ছা কৰিয়েই দূৰত পাৰ্কিং কৰিছো৷

ৰূপাংকৰে কথাখিনি কৈয়েই ৰিণ্টুমণি ওৰফে বিজয়ৰ হাতৰ পৰা চিগাৰেটটো লৈ এটা দীঘলীয়া হোপা মাৰি লাহে লাহে মহানগৰীৰ ব্যস্ততম পথটোৰ ফুটপাথেৰে আগুৱাই গ’ল৷

-২-
: অপাৰেশ্যনৰ কথাবোৰ ভালকৈ কৈ আছো শুন৷ বুজি ল’৷ তোৰ দায়িত্ব বহুত৷ বস্তুবোৰ যোগাৰ হৈ আছে৷ আমি ঠিক আঢ়ৈটা বজাত ইয়াৰ পৰা ওলাই যাম৷ দ্য বাৰ্ড ৱিল ফ্লাই এট থ্ৰি হাণ্ড্ৰেড আৱাৰছ শ্বাৰ্প!

ৰূপাংকৰে আইপেড এটা হাতত লৈ বিজয়ক আজি নিশা তিনিবজাত হ’বলগীয়া অপাৰেশ্যনটোৰ বিষয়ে বুজাই গ’ল৷

ৰূপাংকৰ আৰু বিজয় দুয়ো চেণ্ট্ৰেল নাৰ্ক’টিকছ কন্ট্ৰল ব্যুৰোৰ দুদ্ধৰ্ষ চোৰাংচোৱা৷

যোৱা ছমাহ আগৰ কথা৷ দিল্লীৰ আৰ.কে.পুৰমস্থিত চেণ্ট্ৰেল নাৰ্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰোৰ সুদৃশ্য কাৰ্যালয়৷

দুপৰীয়াৰ সময়৷

ব্যুৰো চিফ তথা ডেপুটি ডাইৰেক্টৰ জেনেৰেল শ্ৰীযুত হেমন্ত কাগজৱালাৰ সমুখত নায়কোচিত চেহেৰাৰ ৰূপাংকৰে হামিয়াই হিকটিয়াই প্ৰায় এঘণ্টা ধৰি বহি আছে৷ শ্ৰীযুত হেমন্ত কাগজৱালাৰ লেপটপৰ স্ক্ৰীণত স্বল্পবসনা তথা বিবসনা বিদেশী তৰুণীৰ ফটো৷ আজিকালি এনে বহুতো ছাইটত চৰকাৰে প্ৰতিবন্ধকতা আৰোপ কৰিছে৷ পিছে কাগজৱালাৰ দৰে এজন সুদক্ষ নিৰাপত্তা বিষয়া তথা কম্পিউটাৰ বিশেষজ্ঞৰ বাবে এইবোৰ তেনেই সাধাৰণ কথা৷

: ছাৰ! এনি নিউ অপ? – বহুপৰ হামিয়াই হিকটিয়াই বহি থাকি অৱশেষত ৰূপাংকৰে মাত মাতিলে৷

: ৱেইট! আই এম ইন এ ভেৰী ডেলিকেট পজিশ্যন টু ক্ৰেক আ কেচ৷ – সোণালী চুলিৰ বিবসনা ললনা এগৰাকীৰ ফটোখন প্ৰায় ২০০% জুম কৰি চাই থকা কাগজৱালাই ভেকাহি মাৰি ৰূপাংকৰক মনে মনে থাকিবলৈ ক’লে৷ পিছে কি হ’ব৷ কাগজৱালাৰ চশমাত লেপটপৰ স্ক্ৰীণখনৰ প্ৰতিফলন দেখিয়েই ৰূপাংকৰে ‘কেচ’টো কি বুজি গৈছিল৷ পিছে ‘বছ’ৰ আগত মনে মনে থকাই ভাল!

: অকে! আই নিড য়’ৰ হেল্প৷ – বহুপৰ যুঁজিও ‘কেচ’টো সমাধা কৰিব যেন নোৱাৰাৰ ভাওঁ জুৰি এইবাৰ কাগজৱালা গম্ভীৰ হ’ল৷

: ছাৰ, আই কেন হেল্প য়ু! আপুনি চাই থকা ছোৱালীজনী… মানে মহিলা গৰাকীৰ নাম – ৰেইলিন, ফ্লৰিডাৰ৷ আপুনি তিনিডলাৰমান খৰচ কৰিয়েই তাইৰ এক্সক্লুছিভ ভিডিঅ’ ছাইটটোৰ সদস্য হ’ব লাগিব৷ তাৰ পাছত সকলো ‘বস্তু’ মুকলিকৈ পাব৷ কোনো হকাবধা নাই৷ আৰু যদি এনেকৈ লিগেলী একো কৰিব নোখোজে তেন্তে মোৰ ওচৰত দুটামান পাছৱৰ্ড ক্ৰেকাৰ ছফটৱেৰ আছে৷ আপুনি এটা ভিপিএন বা বাউন্সিং আই.পি. এড্ৰেছ ব্যৱহাৰ কৰি আৰামত ফটো, ভিডিঅ’ বা লাইভ কেম শ্ব চাব পাৰিব! – ৰূপাংকৰে উৎসাহেৰে কৈ গ’ল৷

: শ্বাট আপ! – হেমন্ত কাগজৱালাৰ পুলিচী মেজাজৰ ধমকি শুনি ৰূপাংকৰৰ পিলাই চমকি গ’ল৷ সমুখত এইবাৰ এইগৰাকী বেলেগ মানুহ৷ কাগজৱালাৰ চকুদুটা তিৰবিৰ কৰিছে৷ খঙত নে আন কিহবাৰ বাবে সেয়া ৰূপাংকৰে ধৰিব নোৱাৰিলে৷ চেণ্ট্ৰেল নাৰ্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰোৰ ডেপুটি ডাইৰেক্টৰ জেনেৰেল হেমন্ত কাগজৱালাই চকুদুটা পিৰিকিয়াই পিৰিকিয়াই কৈ গ’ল-

: ৰূপাংকৰ, য়ু আৰ মাই বেষ্ট মেন ইন দ্য মিশ্যন৷ তুমি জানাই, মই যোৱা দুবছৰে ড্ৰাগছৰ সাম্ৰাজ্যখনৰ সৈতে যুঁজি আছো৷ উত্তৰাখণ্ড, হিমাচল আদিৰ আফিঙৰ খেতিবোৰ পৰ্যায়ক্ৰমে ধ্বংস কৰি আনিছো৷ হিমাচল প্ৰদেশৰ মানালীৰ ওচৰৰ কুখ্যাত মালানা গাওঁৰ ‘মালানা ক্ৰীম’ নামৰ বিশ্ববিখ্যাত মাৰিজুৱানাবিধৰ উৎপাদনকো কণ্ট্ৰ’ল কৰিবলৈ সক্ষম হৈছো৷ ‘মালানা ক্ৰীম’ৰ সমান দামী বস্তু একোৱেই নাই৷ এবাৰ এটা আণ্ডাৰকভাৰ মিশ্যনত মই নিজেই নেডাৰলেণ্ডৰ আমষ্টাৰডামত দহ গ্ৰাম ‘মালানা ক্ৰীম’ মাৰিজুৱানা বিশহেজাৰ টকাৰ সমমূল্যৰ ইউৰোত বিক্ৰী হোৱা দেখিছিলো৷ আগতে এই ‘মালানা’ গাওঁখনৰ সকলোৱে মুকলিকৈ ‘অপিয়াম পপি’ গছৰ খেতি কৰিছিল৷ আমাৰ নাৰ্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰোৰ বহু চেষ্টাৰ মুৰত এই খেতিবোৰ ধ্বংস কৰা হ’ল৷ এতিয়াও অৱশ্যে শেষ হোৱা বুলি কব নোৱাৰি, ‘মালানা’ গাওঁখন কিছু আৱাসীয়ে ঘন অৰণ্যৰ ভিতৰত এতিয়াও পপি গছৰ খেতি কৰি ‘মালানা ক্ৰীম’ উৎপাদন কৰি আছে৷ পাহাৰ বগাই অৰণ্যৰ ভিতৰলৈ গৈ পপি গছৰ পাত চিঙি, চিঙা পাতবোৰ হাতেৰে মোহাৰি মোহাৰি এগৰাকী অভিজ্ঞ লোকে হাতৰ তলুৱাত জমা হোৱা আঠাজাতীয় দ্ৰব্যখিনি জমা কৰি দিনে প্ৰায় বিশগ্ৰামমান হাচিচ উৎপাদন কৰিব পাৰে যাৰ বজাৰ মুল্য প্ৰায় তিনিৰ পৰা দহহেজাৰ ভাৰতীয় টকা৷ তাৰ পাছতেই মাৰিজুৱানা, হাচিচ আদিৰ মেইন প্ৰডাকশ্যন হৈছিল আফগানিস্থানত৷ পিছে আমাৰ ব্যুৰোৰ সঠিক বৈদেশিক কামকাজবোৰ বাবে আফগানিস্থানৰ পৰাও দেশলৈ মাৰিজুৱানা আদি আনিবলৈ এতিয়া বৰ দিগদাৰ হৈছে৷ পিছে এতিয়া ডাঙৰ কথাটো হ’ল যে বজাৰখন এতিয়াও একেই আছে৷ নাৰ্কটিকছৰ বাবে কুখ্যাত দিল্লীৰ সুভাষ নগৰৰ বজাৰখনৰ কথাকেই ধৰা৷ ভাং, গাঞ্জা বাদেই এতিয়াও সুভাষ নগৰৰ ‘ড্ৰাগছ পকেট’বোৰলৈ আৰামত ৰিফাইনড মাৰিজুৱানা, হাচিচৰ আদিৰ চাপ্লাই আহি আছে৷ আনকি সুভাষ নগৰ মেট্ৰো ষ্টেশ্যনৰ বাহিৰৰ যিকোনো ৰিক্সাৱালাক সুধিলেই খবৰ পাই যাবা৷ দিল্লীকে ধৰি দেশৰ আন চহৰসমূহৰ ধনীৰ দুলালসৱে আজিৰ দিনতো এটা ‘জইণ্ট’ হুপিবলৈ মাৰিজুৱানা, হাচিচ আদি অনায়াসে কিনিয়েই আছে৷

: কিন্তু ছাৰ, চাপ্লাই যদি কমা নাই তাৰমানে নতুন প্ৰডাকশ্যন ছাইট তৈয়াৰ হৈ উঠিছে৷ ইহঁতে ক’ৰ পৰা বাৰু আনিব? কিবা ইনপুট আছে নেকি?

: আছে৷ নৰ্থ ইষ্ট! তোমাৰ নিজৰ জেগা! – হেমন্ত কাগজৱালাৰ চকুদুটা পুনৰ উজ্বলি উঠিল৷

: ছাৰ, অৰুণাচল প্ৰদেশৰ কেচটো ময়েই হেণ্ডল কৰিছিলো৷ মই জনাত অৰুণাচল প্ৰদেশৰ আনজাও আৰু লোহিত জিলাৰ বহু অঞ্চলত আফিঙৰ খেতি কৰে৷ বাঁহৰ কামী এচটাত চোকা ব্লেড এখন লগাই লৈ পপি ফুলটোৰ তলৰ কেপচুলৰ দৰে অংশত লগাই থৈ দিয়ে৷ এনেদৰে ব্লেডবোৰত জমা হোৱা ক’লা বৰণৰ আঠালেটিয়া দ্ৰব্যখিনি কাপোৰ এখনত মচি লৈ সেই কাপোৰখনেই বিক্ৰী কৰি দিয়ে৷ সেই কাপোৰখনৰ পৰাই ৰিফাইন কৰি ড্ৰাগছখিনি উলিওৱা হয়৷ অৰুণাচলৰ মিচিমিসকলে বহু পুৰুষধৰি এই খেতি কৰি আহিছে, লগতে এইবিধ আফিং বা ‘কানি’ সেৱন কৰিও আহিছে৷ ইন ফেক্ট, আগতে আমাৰ অসমীয়াসকলেও এই ‘কানি’ খাইছিল৷ কিন্তু এতিয়া অলপ অচৰপ থাকিলেও সেইফালে আগতকৈ প্ৰডাকশ্যন বহু কমিছে৷ ছাৰ, নে আমাৰ লিগেল ছাইটকেইটাৰ পৰা এই ড্ৰাগছখিনি লিক হৈছে?

: লিগেল ছাইট! হুম! – হেমন্ত কাগজৱালাক অলপ চিন্তাক্লিষ্ট দেখা গ’ল৷ পিছে অলপ চিন্তা কৰিয়েই তেখেতে মুৰ জোকাৰিলে৷

ভাৰতৰ অকল উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানতহে চৰকাৰী অনুমতি লৈ পপি বা আফিঙৰ খেতি কৰা যায়৷ চিকিৎসা ব্যৱস্থাৰ বাবে প্ৰয়োজন হোৱা মৰফিন আদি বিভিন্ন ঔষধৰ বাবে কিছুসংখ্যক খেতিয়কক বিশেষ লাইচেন্স দি চৰকাৰী নিৰাপত্তাৰ মাজত এই খেতি কৰা হয়৷

: নাই, ইম্পছিবল! ইয়াৰ পৰা ‘লিক’ হোৱা কথাটো ভাবিবই নোৱাৰি৷ বুইছা ৰূপাংকৰ, মই এটা লিড পাইছো৷ তাৰ বাবেই তোমাক মাতিছো৷ তুমি জানাই, আজিকালি কাম কৰিবলৈ বৰ দিগদাৰ হৈছে৷ এটা চিক্ৰেট মিশ্যন প্লেন কৰিছো৷ পিছে কাকো কবলৈ সাহস হোৱা নাই৷ চৰকাৰী অনুমতিৰো প্ৰশ্নই নুঠে৷ পলিটিচিয়ানসোপাও বেপাৰী, জেলত থকা এসময়ৰ মিনিষ্টাৰবোৰকো দেখা পাইছাই নহয়৷ গতিকে কাকো বিশ্বাস কৰিব নোৱাৰা হৈছো৷ আনকি আমাৰ ব্যুৰোৰ মানুহকো মই আজিকালি বিশ্বাস নকৰো৷ একমাত্ৰ ভৰসা তুমি৷

: ছাৰ, মই ৰেডী? পিছে ক’ত? ভাৰতত নে বিদেশত?

ব্যুৰো চীফ হেমন্ত কাগজৱালাৰ মুখত ৰহস্যময় হাঁহি এটা দেখা গ’ল৷

: অসম!! তোমাৰ নিজৰ ঠাই!

: ছাৰ! আই এম ৰেডী টু ৰক! – ৰূপাংকৰৰ যেন নিজৰ কাণকো বিশ্বাস কৰিবলৈ টান পাইছে তেনে অনুভৱ হ’ল!

: মাই বয়! কথাটো ভালকৈ শুনি লোৱা৷ এইটো চিক্ৰেট মিশ্যন৷ তোমাক মই অফিচিয়েলী একো সহায় কৰিব নোৱাৰিম৷ তোমাৰ লাইন অৱ অপাৰেশ্যন তুমিয়েই ঠিক কৰিব লাগিব৷ টকা-পইছা, যন্ত্ৰপাতি, ৱেপনছ আদি মই এটা আনট্ৰেশ্যেবল লিংকৰ জৰিয়তে পঠিয়াম৷ বাকী তোমাৰ কথা৷ মি এণ্ড মাই অফিছ ইজ আই নট অফিছিয়েলী ৱিথ য়ু৷ আৰু তুমিও দীঘলীয়া ছুটী কটাবলৈহে অসমলৈ যাবা, অফিছিয়েলী তেনেকৈয়ে সকলোৱে জানিব৷

: ঠিক আছে ছাৰ৷ হৈ যাব৷ – ৰূপাংকৰ থিয় হ’ল৷ চীফক অভিবাদন কৰি কোঠাটোৰ পৰা ওলাই আহিল৷ কাগজৱালাই লেপটপৰ স্ক্ৰীণত পুনৰ আন এজনী গ্ৰীক ৰমনীৰ দেহবল্লবীৰ অনিন্দ্য ৰূপসুধা পান কৰাত ব্যস্ত হ’ল৷

-৩-

নিশা এক বাজিছে৷ ৰূপাংকৰ আৰু বিজয় তেতিয়াও সাৰে আছে৷

: বুজিলি?

: বুজি পালো বাৰু৷ বেছি টান কাম নহয়৷ পিছে সামান্য ভুল হলেও মিশ্যনটোৰ লগতে আমি দুটাও শেষ! আৰু কোনো বেকআপ নাই যে সেইটোহে ভাবিবলগীয়া বিষয়৷

ৰূপাংকৰে মহানগৰীত যোৱা ছমাহ ধৰি বাহৰ পাতি আছে৷ মহানগৰীৰ বহুকেইটা ড্ৰাগছৰ পইণ্টৰ নিয়মীয়া গ্ৰাহকৰ ৰূপত বহু তথ্যই ইতিমধ্যে সংগ্ৰহিত হৈছে৷ মাৰিজুৱানা মিহলি, দেখাত সামান্য এটা বিড়িৰ দৰে এটা ‘জইণ্ট’ৰ দাম দুশৰ পৰা পাঁচশ টকাতেই যতে ততে পোৱা যায়৷ তাৰ উপৰি পপিফুলৰ গুটিৰ পৰা ওলোৱা আঠাৰ পৰা ৰাসায়নিকভাৱে তৈয়াৰ কৰা ড্ৰাগছ যেনে ব্ৰাউন ছুগাৰ, হেৰ’ইন, ককেইন আদিৰ বজাৰখনো সুকীয়া৷ ভাৰতলৈ বেছিভাগ এনে ৰিফাইনড ড্ৰাগছ ম্যানমাৰৰ পৰা উত্তৰ পূৰ্বাঞ্চল হৈ সোমাই আহিছিল৷ কিন্তু এতিয়া ভাৰতৰ মাটিতেই অবৈধভাৱে খেতি কৰি গোপন লেবৰেটৰীত ড্ৰাগছ উৎপাদন কৰিবলৈ লৈছে৷ সাধাৰণ মাৰিজুৱানাতকৈ ৰিফাইনড ড্ৰাগছৰ দাম বহুগুণে বেছি৷ অসাধু দোকানীবোৰৰো প্ৰচুৰ লাভ হয়৷

: হেলিকপ্টাৰখন ষ্টাৰ্ট কৰাটো মোৰ বাবে বাওঁহাতৰ কাম৷ কিন্তু তাৰ পাছৰখিনি? তাতে আকৌ চিএমৰ কাইলৈৰ প্ৰগ্ৰেমৰ বাবে সাজু কৰা হেলিকপ্টাৰ! কথাটো ঠিক হ’ব জানো? – বিজয়ে আকৌ এবাৰ সুধিলে৷

: থ’ বে! তোৰ কাম হেলিকপ্টাৰখন ষ্টাৰ্ট কৰা আৰু আন কামবোৰত মোক হেল্প কৰা৷ বাকীখিনি মই চাই লম৷ চিএমে আজিকালি চৰকাৰী কামতহে হেলিকপ্টাৰ উৰাই বুলি ভাবি আছ’ নেকি? লগুণদিয়নী, পালনাম বা সবাহ খাবলৈও হেলিকপ্টাৰ উৰাই দিয়ে৷ ৰাস্তাৰ অৱস্থা তথৈবচ, সেয়ে যেতিয়াই তেতিয়াই হেলিকপ্টাৰ উৰাই দিয়ে৷ কাইলৈ মানে আজিয়েই দুপৰীয়া হেনো অন্নপ্ৰাসন এটা খাবলৈ যোৱাৰ কথা৷ সাধাৰণ ৰাইজৰ কামত আমি হকা-বধা নকৰো নহয়৷ গতিকে ব’ল, অপাৰেশ্যনৰ বাবে ড্ৰেছ কৰি ল’ ফটাফট! তিনিআলিটোত গাড়ী ৰেডি হৈ আছে৷

: অ’, পিছে লংপেণ্টৰ ওপৰত লুঙীখন মেৰিয়াই লবলৈ দিলি যে? – বিজয়ৰ মুখত প্ৰশ্ন? ৰূপাংকৰৰ মুখত ৰহস্যময় হাঁহি!

দুয়ো হাতত সাৰে ভৰিত সাৰে বাহিৰ ওলাল, হাতত দুটা সাধাৰণ বেগ৷

: গাড়ী ক’ত?

: এইখনেই৷ তই পিছত বহ৷ মই চলাও৷ – ৰূপাংকৰে আঙুলিয়াই দেখুৱালে৷

: এইখন?

সমুখত এখন জাবৰ পেলোৱা ঠেলাগাড়ী!

: লেতেৰা লুঙী পিন্ধি জাবৰ পেলোৱা ঠেলাগাড়ীখনৰ মানুহদুটাক কোনেও চুবলৈ সাহস নকৰিব৷ বুইছ’৷ ব’ল৷

অকটা গোন্ধ ওলাই থকা লেতেৰা ঠেলাগাড়ীখনক নিশাৰ পেট্ৰলিঙত থকা দুখনমান পুলিচৰ গাড়ীয়ে পিচ পেলাই গ’ল৷ পিছে দুয়োজনলৈ কোনেও কেৰাহিকৈও নাচালে৷ খেলপথাৰখনৰ সোঁমাজত থকা অস্থায়ী হেলিপেড এটাত ইউৰ’কপ্টাৰ মডেলৰ হেলিকপ্টাৰখন থৈ দিয়া আছিল৷ ক্ষন্তেক পাছতেই হেলিকপ্টাৰখনৰ ৰটৰ ব্লেড কেইখন সশব্দে ঘুৰিবলৈ ধৰিলে৷ হেলিকপ্টাৰখনৰ পহৰীয়া হিচাপে থকা প্লেটুনটোৰ বিষয়া, ৰক্ষীসকলৰ মাজত হুৱাদুৱা লাগিল৷ কিবা কৰিবলৈ নৌ পাওতেই হেলিকপ্টাৰখন ওপৰলৈ উঠি উত্তৰ দিশলৈ ধাৱমান হ’ল৷

: বটলটো আনিছ নে? – ৰূপাংকৰে চিঞৰি সুধিলে৷

: আনিছো৷ কিন্তু কিয় আনিছ’ সেইটোহে বুজি নাপালো৷ চাল্লা, জীৱনত এইবাৰেই লুঙী পিন্ধি হেলিকপ্টাৰ চলাইছো! – বিজয়ে কণ্ট্ৰল পেনেলখন পৰীক্ষা কৰি উত্তৰ দিলে৷ বিজয় এজন সুদক্ষ হেলিকপ্টাৰ চালক৷ ৰূপাংকৰে সেই বাবেই হেমন্ত কাগজৱালাৰ হতুৱাই বিজয়ক এই মিশ্যনটোৰ সহযোগী হিচাপে মাতি পঠিয়াইছিল৷

: আমাৰ হাতত বেছি সময় নাই৷ এইখিনিতেই নমোৱা ভাল হ’ব৷– ৰূপাংকৰে থকা জিপিএছটোৰ স্ক্ৰীণখনলৈ লক্ষ্য কৰি ক’লে৷ ৰূপাংকৰে হেলিকপ্টাৰখন উৰাৰ আগে আগে সমুখভাগত দুটাকৈ নাইট ভিশ্যন কেমেৰা লগাই আনিছিল৷ কেমেৰা দুটাই ইতিমধ্যে সকলোবোৰ দৃশ্য ৰেকৰ্ড কৰিছিল৷ লুইতৰ মাজৰ চাপৰি এটাত লাহে লাহে হেলিকপ্টাৰখন নামিল৷ চাপৰিটোৰ চাৰিওফালে সেউজীয়া আচ্ছাদন৷ অদূৰত কেইটামান টিৰ্পালৰ ঘৰ দেখা গ’ল৷

হেলিকপ্টাৰখনৰ পৰা নামিয়েই দুয়ো ঘৰকেইটাৰ ফালে লৰ ধৰিলে৷ দুয়োৰে পিঠিত বেগ, ৰূপাংকৰৰ হাতত বটল এটা! তেতিয়ালৈ হেলিকপ্টাৰখনৰ ইঞ্জিনটো বন্ধ হোৱা নাছিল৷ নিমাওমাও চাপৰিটোত হেলিকপ্টাৰৰ শব্দটো অদ্ভুত যেন শুনা গৈছিল৷ ঘৰবোৰৰ পৰা কিছুমান মানুহ ওলাই আহিবলৈ ধৰিলে৷ কেইজনমানৰ হাতত শক্তিশালী টৰ্চ আৰু অত্যাধুনিক অস্ত্ৰ৷

ৰূপাংকৰ আৰু বিজয়ে নাইটভিজন গগলচ পিন্ধা বাবে ঘৰবোৰৰ চাৰিওফালে থকা ওখ ওখ জাৰণিৰ আঁৰ লৈ আন্ধাৰত একো অসুবিধা নোহোৱাকৈ ইমানপৰে বিচাৰি থকা ঠাইখিনি পালে৷ পালচাৰ বাইক কেইখনমান খেৰেৰে ঢাকি থোৱা আছিল! ৰূপাংকৰে বাইক এখনৰ টেংকৰ ঢাকনিখন খুলি লগত কঢ়িয়াই অনা বটলটোৰ পেট্ৰলখিনিৰ আধাৰো বেছি ঢালি দিলে৷ লক নোহোৱা বাইকখন ষ্টাৰ্ট হবলৈ বেছি দিগদাৰী নহ’ল৷ বটলটোৰ অৱশিষ্ট পেট্ৰলখিনি আনকেইখন বাইকত ছটিয়াই দি লাইটাৰটোৰে জ্বলাই দি বিজয়ক বাইকখন পুৰ্ণবেগত চলাই নিবলৈ ইংগিত দিলে৷ আন বাইককেইখনৰ লগতে ঘৰকেইটাও দাউ-দাউকৈ জ্বলি উঠিল৷ প্ৰচণ্ড শব্দ কৰি ইঞ্জিনটো চলি থকা হেলিকপ্টাৰখন আৰু ইফালে জ্বলি থকা বাইক, ঘৰ আদিয়ে চাপৰিৰ বাসিন্দাসকলক বিবুধিত পেলোৱা সময়খিনি সদব্যৱহাৰ কৰি সকলোৰে অলক্ষিতে দুয়োজনে অনায়াসে সেই ঠাইখন পৰিত্যাগ কৰিবলৈ সক্ষম হ’ল৷

দুয়োৰে এইবাৰ লক্ষ্য হ’ল নৈৰ পাৰত থকা নাওকেইখন৷

-৪-
: কি হ’ব এতিয়া?
: একো টেনশ্যন নাই, আৰাম কৰ৷

“মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ চুৰি, চাপৰিত উদ্ধাৰ!
চাপৰিত বৃহৎ পৰিমাণৰ আফিং খেতি তথা ড্ৰাগছৰ ফেক্টৰী!!”

টিভিটোত ঘোষকে দুপৰীয়াৰ পৰাই একেবোৰ কথাই চিঞৰি আছে৷ হেলিকপ্টাৰখনৰ সমুখত লগাই থোৱা কেমেৰাকেইটাৰ লগত সংলগ্ন ম’বাইলকেইটাৰে ইতিমধ্যে সকলোবোৰ ঘটনা বিভিন্ন ছচিয়েল মিডিয়াত লাইভ দেখুৱাবলৈ আৰম্ভ কৰাৰ লগে লগে সকলোৱে গম পাইছিলেই৷ কেৱল ঘটনাৰ আঁৰৰ কোন আছিল সেয়া কোনেও নাজানিলে৷ ৰূপাংকৰে হেলিকপ্টাৰৰ পৰা নামিয়েই দৃশ্যবোৰ ছচিয়েল মিডিয়ালৈ পঠিয়াই থকাৰ ব্যৱস্থাটো অন কৰিহে তাৰ পৰা পলাইছিল৷ চুৰি বাইকবোৰ এনে চাপৰিবোৰত ব্যৱহাৰ হয় বুলিও ৰূপাংকৰ নিশ্চিত আছিল৷ কিন্তু পেট্ৰল নথকাৰ বাবে যাতে কোনো অসুবিধা নহয় তাৰ বাবে বটল এটাত পেট্ৰল লৈ গৈছিল৷ তাৰ পৰা আহিয়েই নৈৰ পাৰত বান্ধি থোৱা মেচিন নাওকেইখনৰ এখনেৰে আহি ইপাৰ পাইছিল৷ তেতিয়ালৈ পোহৰ হৈছিলেই৷ আন নাওকেইখনৰ মেছিনবোৰ চলাব নোৱাৰা কৰি থোৱা বাবে কোনেও পলাব নোৱাৰিলে৷ মেছিন নোহোৱাকৈ ভটিয়াই যোৱা কেইজনমানো ধৰা পৰিল৷

: আমি ধৰা নপৰোতো? – বিজয়ে আকৌ এবাৰ সুধিলে৷

: প্ৰশ্নই নুঠে৷ আটাইবোৰ আনট্ৰেচেবল বস্তু৷ ছিম আনৰ নামত, ম’বাইল আনৰ নামত, ছচিয়েল মিডিয়াৰ একাউণ্ট আনৰ নামত, আপলোড কৰা চিষ্টেমত বাহিৰৰ চাৰ্ভাৰ ব্যৱহাৰ কৰিছো, আনকি ফিংগাৰপ্ৰিণ্টো নাপাব৷

ৰূপাংকৰে চোফাখনত হেলান দি আৰামত কৈ গ’ল৷

: এতিয়া সকলোৱে গম পালেই৷ আনকি ইণ্টাৰনেশ্যনেল হেঁচাও পৰিব৷ লুইতৰ বুকুৰ হেজাৰ হেজাৰ বিঘা সাৰুৱা মাটিত লোকক দেখুৱাবলৈ চাৰিওফালে শাক-পাচলিৰ খেতি লগাই মাজত পপি খেতি৷ টিৰ্পাল টানি কৰা ড্ৰাগছৰ ফেক্টৰী৷ কিমান ডাঙৰ কাৰবাৰ৷ আৰু তলৰ পৰা ওপৰলৈ সকলোৱে জানিও নজনা ভাও জুৰি থকা মানুহবোৰ! এইবাৰ পিছে কি কৰিব? ইতিমধ্যে সেনা, হেলিকপ্টাৰ কোম্পেনীৰ মানুহ, দেশী-বিদেশী সাংবাদিকেৰে ভৰি পৰিছেই৷ গতিকে কেইদিনমান আৰাম কৰ৷ আমাৰ কাম শেষ৷ এতিয়া চীফৰ আদেশলৈ ৰৈছো৷

-৫-

এই ঘটনাটোৰ দুমাহমান পাছৰ কথা৷ বিজয় আৰু ৰূপাংকৰক পুনৰ সেই দোকানখনৰ সমুখত দেখা গ’ল৷

: বিড়ি এটা দিয়া৷ বহুদিন নাছিলো, আজিহে এইফালে আহিবলৈ পাইছো৷– ৰূপাংকৰে চকু টিপ মাৰি দোকানীজনক ক’লে৷

: দাদা, মাজতে চাপ্লাই নাছিল৷ অলপদিন আগৰ পৰা নতুন মাল আহিছে, দামটো অলপ বেছি৷ তিনিশ টকা৷ দিম নে?

: কি মাল?

: আগতকৈ ভাল, পিছে গেৰাণ্টী নাই, চাইনিজ মাল!

বিজয়ে ৰূপাংকৰৰ চকুলৈ চালে৷

তাৰমানে এইবাৰ “মিশ্যন চাইনা”!

-সমাপ্ত-

টোকা: গল্পটোৰ স্থান-কাল-পাত্ৰ সকলো কাল্পনিক৷

☆ ★ ☆ ★ ☆

10 Comments

  • হিমাংশু ভাগৱতী

    মজা এইটো

    Reply
  • ৰিণ্টু

    তামাম। বঢ়িয়া লাগিল

    Reply
  • Troilukya Hazarika

    বৰ ভাল লাগিল।
    অপূর্ব।

    Reply
  • HEMANTA KAKATI

    বাহ মজা লাগিল৷ মিচন চাইনা চিকুৱেল কৰা৷

    পঢ়ি উঠি কাগজৱালাৰ চকু পুনৰ কমপিউটাৰ স্ক্ৰীনত নিবদ্ধ৷

    Reply
  • Mridula

    বৰ ভাল লাগিল

    Reply
  • ৰূপাঙ্কৰ চৌধুৰী

    মজা লাগিল জ্যোতি দা।

    Reply
  • Subhash Hazarika

    মজা লাগিল…!!!

    Reply
  • Anonymous

    নতুন চিৰিজৰ আৰম্ভনি যেন লাগিল

    Reply
  • Manash Saikia

    ভাল লাগিল৷ চিৰিজেই কৰক৷

    Reply
  • Jyotirupam Dutta

    সকলোকে আন্তৰিক ধন্যবাদ জনালো৷

    Reply

Leave a Reply

Your email address will not be published.