ফটাঢোল

ৰূপা (মূলঃ হূমায়ূন আহমেদ) অনুবাদ- প্রাঞ্জল অনুভৱী

“আপুনি এটা ইন্টাৰেষ্টিং গল্প শুনিব নেকি?

মই মানুহজনৰ ফালে অবাক দৃষ্টিৰে চালোঁ। কিছু সময় আগতে মানুহজনৰ সৈতে মােৰ চিনাকি। সিমান কথা-বতৰাও হােৱা নাছিল। মই ট্ৰেইনৰ বাবে অপেক্ষা কৰি আছোঁ নেকি জানিব খুজিছিল। আৰু ময়াে ভদ্ৰতাৰ খাতিৰত সুধিছিলােঁ, তেখেত ক’লৈ যাব?

মানুহজনে হাঁহিমুখে কৈছিল, মই ক’লৈকো নাযাওঁ। পত্নীক ৰিচিভ কৰিবলৈ আহিছোঁ। তেওঁ চিটিংগাৰ পৰা আহি আছে। ট্রেইন দুঘণ্টা লেট । উভতি যাবলৈ মন যােৱা নাই। ভাবিলোঁ, অহা-যােৱা কৰাতকৈ অপেক্ষাই কৰোঁ।

তেখেতৰ সৈতে ইমানখিনিয়ে কথা বার্তা হৈছিল। এই কথা-বার্তাৰ আঁত ধৰিয়ে যেতিয়া কোনােবাই সােধে আপুনি এটা ইন্টৰেষ্টিং গল্প শুনিব নেকি, তেতিয়া অলপ হ’লেও আচৰিত হােৱাটোৱেই স্বাভাৱিক।

অপৰিচিত মানুহৰ পৰা গল্প শুনাৰ আগ্রহ এনেই মােৰ কম। তদুপৰি মই মােৰ দীর্ঘদিনীয়া অভিজ্ঞতাৰ পৰা বুজি উঠিছোঁ ইণ্টাৰেষ্টিং গল্প বুলি যিবােৰ গল্প শুনােৱা হয় সেইবােৰ কেতিয়াও ইণ্টাৰেষ্টিং নহয়গৈ।

মই কিছু সময় মনে মনে থাকিলোঁ। বুদ্ধিমান মানুহ হ’লে মই মনে-মনে থকাৰ অর্থ নিশ্চয় বুজি পাব আৰু বুদ্ধিমান নহ’লে গল্প শুনিবই লাগিব।

দেখা গ’ল, মানুহজন মুঠেই বুদ্ধিমান নহয়। পকেটৰ পাণৰ টেমাটো উলিয়াই পাণ বনাই বনাই গল্প ক’বলৈ আৰম্ভ কৰিলে, আপুনি নিশ্চয় খুব বিৰক্ত হৈ মােৰ কথা শুনি আছে নহয়? নিতান্তই অচিনাকি ব্যক্তি এজনে হুৰমূৰকৈ গল্প ক’বলৈ আৰম্ভ কৰিলে বিৰক্ত হােৱাটোৱেই স্বাভাৱিক কথা। কিন্তু সমস্যাটো কি জানে? আজি মােৰ এটা বিশেষ দিন। এই বিশেষ দিনটোত মােৰ মজাৰ গল্পটো কাৰােবাক শুনাবলৈ মন যায়। যদি অনুমতি দিয়ে গল্পটো কওঁ।

“কওক।”

“আপুনি পাণ খায়”?

“নাই, নাখাওঁ”।

“এটা খাই চাওক, মিঠা পাণ, বেয়া নালাগিব”।

“আপুনি বিশেষ দিনটোত গল্পৰ সৈতে সকলােকে মিঠা পাণাে খুৱাই নেকি”?

মানুহজনে হাঁহিলে। আন্তৰিক হাঁহি। মানুহজনৰ বয়স চল্লিশমান হ’ব। অত্যন্ত সুপুৰুষ। শুভ্র পায়জামা-পাঞ্জাৱীৰ সৈতে তেখেতক সুদর্শন লাগিছে। ভাব হ’ল, তেখেতে যেন শ্রীমতীৰ বাবে সাজি-কাঁচি আহিছে।

প্রায় বিশ বছৰ আগৰ কথা। মই তেতিয়া ঢাকা বিশ্ববিদ্যালয়ত পদার্থ বিজ্ঞানত অনার্চ লৈ পঢ়ি আছোঁ। এন্ধাৰ বাবে আপুনি বােধহয় মােক ভালদৰে দেখা নাই। পােহৰ থাকিলে বুজিব পাৰিলেহেঁতেন মই খুবেই ধুনীয়া। বিশ বছৰ আগতে দেখাত ৰাজকুমাৰৰ দৰে চেহেৰা আছিল। ছাত্রমহলত মােৰ নাম আছিল- ‘দ্যা প্রিন্স’। মজাৰ কথাটো হ’ল- ছােৱালীবােৰে মােক পাত্তাই নিদিছিল। আপুনি মন কৰিছে নে নাই নাজনাে

পুৰুষৰ ৰূপত কোনাে ছােৱালী আকৃষ্ট নহয়। পুৰুষৰ সকলাে দিশ সিহঁতৰ দৃষ্টিগােচৰ হয় কিন্তু ৰূপ দৃষ্টিগােচৰ নহয়। বিশ্ববিদ্যালয়ৰ জীৱনত মােৰ সৈতে কোনাে ছােৱালীয়ে প্রেম কৰাৰ বাবে কিম্বা কথা পতাৰ বাবে আগবাঢ়ি অহা নাছিল। ময়াে নিজৰ ফালৰ পৰা আগবাঢ়ি যােৱা নাছিলোঁ। মই বকৰা, কথা ক’লে ৰৈ ৰৈ যায়।

মই মানুহজনক বাধা দি ক’লােঁ। “আপােনাকটো বকৰা যেন লগা নাই। কি সুন্দৰকৈ কথা কৈ আছে আপুনি”।

বিয়াৰ পাছত বকৰামি নােহােৱা হৈ গ’ল। বিয়াৰ আগতে ভীষণ বকৰামি আছিল। বহুত চিকিৎসা কৰিছোঁ- মাৰ্বল মুখত লৈ কথা কোৱাৰ অভ্যাস কৰাৰ পৰা হােমিওপেথিক ঔষধ, পীৰ বাবাৰ তাবিজ একোৱেই বাদ দিয়া নাই। যিয়েই নহওক, গল্পৰ মাজলৈ উভটি যােৱা যাওক। মােৰ ছাবচিডিয়েৰি বিষয় আছিল অংক আৰু ৰসায়ন বিজ্ঞান। ৰসায়ন বিজ্ঞান বিষয়ৰ শ্ৰেণীত এজনী ছােৱালীক দেখি মােৰ উশাহ বন্ধ হৈ যােৱাৰ উপক্ৰম হ’ল। কি সুন্দৰ চেহেৰা! সুদীর্ঘ কেশ, ছায়াময় চকু। সেই চকুহালে অনবৰত হাঁহি থাকে।

“আপুনি কেতিয়াবা প্ৰেমত পৰিছে নে”?

“নাই পৰা”।

প্ৰেমত নপৰিলে সেই সময়ৰ মােৰ মানসিক অৱস্থাটোৰ কথা আপােনাক বুজাব নােৱাৰিম। যিদিনা প্রথম ছােৱালীজনীক দেখা পালোঁ, মই সম্পূৰ্ণৰূপে অসুস্থ হৈ পৰিলোঁ। গােটেই ৰাতি মােৰ টোপনি নাহিল। ভীষণ পানীৰ পিয়াঁহত কিছু সময়ৰ মূৰে মূৰে মােৰ কণ্ঠ শুকাই যায়। পানী খাওঁ আৰু মহচিন হলৰ বাৰান্দাত পাইচাৰি কৰোঁ। সপ্তাহত মাত্র দুটা ছাবচিডিয়েৰি ক্লাছ থাকে। খঙে-দুখে মােৰ কান্দিবলৈ মন যায়। প্রতিদিনে এটাকৈ ছাবচিডিয়েৰি ক্লাছ থাকিলে কিনাে অসুবিধা হ’লহেঁতেন? সপ্তাহটোৰ দুটা ক্লাছ মানে পঞ্চাশ মিনিটকৈ এশ মিনিট। এই এশ মিনিট চকুৰ পলকতে শেষ হৈ যায়। তদুপৰি ছােৱালীজনীয়ে খুবেই ক্লাছ অহাৰ ক্ষেত্ৰত ফাঁকি দিয়ে, এনেকুৱাও হৈছে যে একেৰাহে তাই দুসপ্তাহ ক্লাছলৈ অহা নাই। তেতিয়া মােৰ ইচ্ছা গৈছিল, মহচিন হলৰ চাদৰ পৰা তললৈ জাঁপ মাৰি যেন সমস্ত জ্বালা-যন্ত্রণাৰ অৱসান ঘটাওঁ। সেয়া কি ভয়াবহ যন্ত্রণা আপুনি বুজি নাপাব! কাৰণ, আপুনি কেতিয়াও প্রেমত পৰা নাই।

“ছােৱালীজনীৰ নামটো নক’লে যে। কি নাম তাইৰ”?

তাইৰ নাম ৰূপা। অৱশ্যে সেই সময়ত তাইৰ নামটো মই জনা নাছিলোঁ। নামটো দূৰৰে কথা, একো কথাই নাজানিছিলোঁ। কোন বিভাগৰ। ছাত্রী তাকো জনা নাছিলোঁ। মাথোঁ জানিছিলোঁ- এখন ক’লা ৰঙৰ মৰিছ

মাইনৰ গাড়ীৰে তাই ৰাসায়নৰ ছাবচিডিয়েৰি শ্ৰেণীলৈ আহে। গাড়ীৰ নম্বৰ হ’ল- ভ ৮৭৮১।

“আপুনি তাইৰ বিষয়ে একো খবৰ লােৱা নাছিল”?

নাই, লােৱা নাছিলোঁ। মােৰ ভয় হৈছিল, যদি খবৰ ল’বলৈ গ’লেই গম পাই যাওঁ তাইৰ কোনাে ল’ৰাৰ সৈতে সম্পর্ক আছে। ছােৱালীজনীয়ে যদি কাৰােবাক ভালপায়! এদিনাখনৰ ঘটনা এটা ক’লে আপুনি বুজি পাব। ছাবচিডিয়েৰি ক্লাছৰ শেষত মই লক্ষ্য কৰিলোঁ- ছােৱালীজনীয়ে হাঁহি হাঁহি ল’ৰা এজনৰ লগত কথা পাতিছে। মােৰ সমস্ত শৰীৰ কঁপিবলৈ ধৰিলে। ভাব হ’ল, মই যেন সংজ্ঞাহীন হৈ পৰি যাম। সকলাে ক্লাছ বাদ দি মই উভতি আহিলোঁ আৰু কিছুসময়ৰ ভিতৰতে সমস্ত শৰীৰজুৰি কঁপি কঁপি জ্বৰ উঠি গ’ল।

“আচৰিত”!

আচৰিত হােৱাৰেই কথা, সম্পূর্ণ দুটা বছৰ আমি এনেকৈয়ে কটালোঁ। পঢ়া-শুনা ধোঁৱাচাঙত উঠিল। তাৰপাছত এদিন অসীম সাহসৰ কাম এটা কৰি পেলালোঁ। মৰিছ মাইনৰ গাড়ীৰ ড্ৰাইভাৰৰ পৰা ঘৰৰ ঠিকনাটো জানি ল’লোঁ। ছােৱালীজনীক সম্বােধন কৰি এখন চিঠি লিখিলোঁ। কি লিখিছিলোঁ এতিয়া আৰু মনত নাই। তথাপি চিঠিৰ বিষয়বস্তুটো আছিল এনেধৰণৰ- মই তাইক বিয়া কৰাব খােজোঁ। তাই সন্মত হ’বই লাগিব। সন্মত নােহােৱা পর্যন্ত সিহঁতৰ ঘৰৰ সন্মুখত নােখােৱা-নেমেলাকৈ মই পৰি থাকিম। বাতৰি কাকতৰ ভাষাত যাক কোৱা হয়- আমৰণ অনশন।

“আপােনাৰ মনত গল্পটো ইণ্টাৰেষ্টিং যেন লাগিছে নে”?

“হয়, লাগিছে। তাৰপাছত কি হ’ল কওক। চিঠিখন ডাকত পঠাই দিলে”?

না, নিজে লৈ গ’লােঁ। সিহঁতৰ ঘৰৰ দাৰােৱানজনৰ হাতত তুলি দি ক’লোঁ- এই ঘৰটোত এগৰাকী বাইদেউ আছে নহয়, ইউনিভাৰচিটিত পঢ়ে- তেওঁৰ হাতত দি আহা গৈ। দাৰােৱানে বাধ্য ল’ৰাৰ দৰে চিঠিখন লৈ গুছি গ’ল আৰু কিছু সময়ৰ ভিতৰতে উভতি আহি ক’লে- বাইদেৱে কৈছে, তেওঁ হেনাে আপােনাক চিনি নাপায়। মই ক’লােঁ, তেওঁ ঠিকেই কৈছে। মই তেওঁক চিনি পাওঁ। সেয়াই যথেষ্ট।

কথাখিনি শেষ কৰি গেটৰ সন্মুখত খুঁটিপুতি থিয় হৈ থাকিলোঁ। বুজিব পাৰিছেই নিশ্চয় নিতান্ত পাগলৰ কাৰবাৰ। সেই সময়ত আচলতে মােৰ মগজুৱে কাম কৰা নাছিল। লজিক নষ্ট হৈ গৈছিল। যি নহওক, ৰাতিপুৱা নটা বজাৰ পৰা আবেলি চাৰিটা পর্যন্ত কোনাে ধৰণৰ ঘটনা নঘটাকৈয়ে গেটৰ সন্মুখত থিয় হৈ থাকিলোঁ। লক্ষ্য কৰিলোঁ, দুতলাৰ খিৰিকীৰে মাজে মাজে কেইটামান কৌতুহলী চকুৱে মােক নিৰীক্ষণ কৰিছে। আবেলি চাৰি বজাত ঘৰৰ পৰা এজন ভদ্রলােক ওলাই আহি কঠিন স্বৰত ক’লে, “যথেষ্ট পাগলামি কৰা হৈছে। এতিয়া ঘৰলৈ যােৱা”।

মই তাতকৈ বেছি কঠিন স্বৰত ক’লোঁ, “নাযাওঁ”।

“পুলিচত খবৰ দিছোঁ। পুলিচ আহি ধৰি লৈ যাব”।

“একো অসুবিধা নহয়- দিয়ক খবৰ”।

“ইউ ৰাস্কেল, মাতলামি কৰাৰ ঠাই নাপালি”?

“গালি পাৰিছে কিয়? মইতাে আপােনাক গালি পৰা নাই”।

ভদ্রলােকজন খঙত জ্বলি-পকি ঘৰৰ ভিতৰলৈ সােমাই গ’ল। তাৰ ঠিক পাছতেই আৰম্ভ হ’ল বৰষুণ। মুষলধাৰে বৰষুণ। মই নির্বিকাৰ হৈ বৰষুণত তিতিছোঁ। লগে লগে বুজি পাইছোঁ যে মােৰ জ্বৰ উঠিছে। বুজি উঠিলোঁ, গােটেই দিন ৰ’দত পােৰাৰ পাছত এই ঠাণ্ডা বৰষুণ মই সহ্য কৰিব নােৱাৰিম। সেই সময়ত এটা বেপেৰুৱা ভাবে মনত ক্রিয়া কৰিছিল- ‘দেখা যাওক, যি হয় হ’ব’। ক্ষুধা, ক্লান্তিত শৰীৰ ক্ৰমশঃ অৱশ হৈ পৰিছে। মাজে মাজে ভাব হৈছে- এই যেন মূৰ ঘূৰাই মই পৰি যাম!

ইতিমধ্যে মই ওচৰ-পাজৰৰ মানুহৰ কৌতুহলী দৃষ্টি আকর্ষণ কৰিবলৈ সমৰ্থ হৈছোঁ। ভালে কেইজন মানুহে মােক প্রশ্ন কৰিলে- ‘কি হৈছে? ইয়াত থিয় হৈ থাকি তিতিছে কিয়’? মই সকলােকে কৈছোঁ, ‘মােক লৈ মূৰ গৰম নকৰিব। মই এজন পাগল মানুহ’।

ছােৱালীজনীৰ ঘৰৰ পৰাও বােধহয় টেলিফোনযােগে এই বিচিত্র ঘটনাৰ কথা কাৰােবাক কাৰােবাক জনােৱা হৈছে। তিনিখন গাড়ী তেওঁলােকৰ ঘৰলৈ আহিল। গাড়ীৰ আৰােহীসকলে খঙৰ ভংগীত মােৰ ফালে বহু সময় দৃষ্টিনিক্ষেপ কৰি ঘৰৰ ভিতৰলৈ সােমাই গ’ল।

ৰাতি নটা বাজিল। এক মুহূৰ্তৰ বাবেও বৰষুণ নকমিল। জ্বৰৰ তাপত তেতিয়া মােৰ দেহা পুৰি গৈছে। থিয় হৈ থকাৰ অৱস্থা নাছিল। ভৰি মেলি বহি পৰিলোঁ। দাৰােৱানে আহি মােক ফুচফুচাই ক’লে, “চাহাবে পুলিচ

 আনিব খুজিছে, ডাঙৰ বাইদেউ ৰাজী নহয়। ডাঙৰ বাইদেৱে আপােনাৰ অৱস্থাটো দেখি খুব কান্দিছে। স্থিৰ হৈ বহি থাকক”।

মই স্থিৰ হৈ বহি থাকিলোঁ।

ৰাতি এঘাৰটা বাজিল। তেওঁলােকৰ ঘৰৰ লাইটবােৰ জ্বলি উঠিল। ড্রইংৰূমৰ দুৱাৰ খুলি ছােৱালীজনী বাহিৰলৈ ওলাই আহিল। ছােৱালীজনীৰ পিছে পিছে ঘৰৰ আটাইবােৰ মানুহ। তেওঁলােক কোনেও বাৰান্দাৰ পৰা নামি নাহিল। অকলে আগুৱাই আহিল ছােৱালীজনী। মােৰ সন্মুখত আহি থিয় হ’ল আৰু অসম্ভৱ কোমল মাতেৰে ক’লে- “কিয় এনেকুৱা পাগলামি কৰিছে”?

মই হতভম্ব হৈ চাই ৰ’লােঁ। কিয়নাে এইজনী সেই ছােৱালীজনী নহয়। অন্য কোনােবা হে। এওঁক কোনােদিনে আগতে দেখা নাই। মৰিছ মাইনৰ গাড়ীৰ ড্রাইভাৰে মােক ভুল ঠিকনা দিছে। হয়তাে ইচ্ছা কৰিয়ে দিছে।

ছােৱালীজনীয়ে কোমল মাতেৰে ক’লে, “আহক, ভিতৰলৈ আহক। টেবুলত খােৱাৰ যােগাৰ কৰা হৈছে। আহকচোন”।

মই থিয় হ’লােঁ। ক’বলৈ চেষ্টা কৰিলোঁ, “বেয়া নাপাব। মােৰ ভুল হৈ গৈছে। আপুনি সেইজনী ছােৱালী নহয়। আপুনি অইন কোনােবা হে”।

মমতাত ডুব গৈ থকা ছােৱালীজনীৰ চকুৰ ফালে চাই সেই কথা কোৱা সম্ভৱ নহ’ল। ইমান মমতা সানি কোনাে নাৰীয়ে আজিলৈ মােলৈ চোৱা নাই।

জ্বৰৰ ভৰত মই ভালদৰে খােজ দিব পৰা নাছিলোঁ। ছােৱালীজনীয়ে ক’লে, “আপােনাৰ বােধহয় গা বেয়া। আপুনি মােৰ হাতত ধৰক। একো অসুবিধা নাই”।

ঘৰৰ সকলােৱে বাৰান্দাত থিয় হৈ মােলৈ তীক্ষ্ণদৃষ্টিৰে চাই আছে। তেওঁলােকৰ তীক্ষ্ণদৃষ্টিক উপেক্ষা কৰি ছােৱালীজনীয়ে হাতখন আগবঢ়াই দিলে। যি গভীৰ ভালপােৱাৰে হাতখন আগবঢ়াই দিলে সেই ভালপােৱাক

উপেক্ষা কৰাৰ ক্ষমতা ঈশ্বৰে মানুহক দিয়া নাই। মই তাইৰ হাতত ধৰিলোঁ। সেই ধৰাই বিশ বছৰে ধৰিয়েই আছোঁ। মাজে মাজে এক ধৰণৰ অস্থিৰতা অনুভৱ কৰোঁ। বিভ্রান্তিৰ এই গল্প মােৰ পত্নীক ক’বলৈ মন যায়। ক’ব নােৱাৰােঁ। তেতিয়া আপােনাৰ দৰে কোনােবা অচিনাকি এজনক বিচাৰি উলিয়াওঁ। গল্পটো কওঁ। কাৰণ, মই জানাে- সেই গল্প মােৰ পত্নীৰ কাণলৈ যােৱাৰ কোনাে সম্ভৱনা নাই। আচ্ছা ভাই, আহোঁ। মােৰ ট্ৰেইন আহি পালে।

মানুহজন উঠি থিয় হ’ল। দূৰৈত ট্ৰেইনৰ পােহৰ দেখা গৈছে। শুনা গৈছে ৰে’ল লাইনৰ ঘৰ্ ঘৰ্ শব্দ। ট্রেইন সঁচা-সঁচি আহি গ’ল।

☆ ★ ☆ ★ ☆

3 Comments

  • Moon Moon Sarkar Saikia

    এইটো ময়ো কৰিছিলোঁ অনুবাদ। এটা সংখ্যাত প্ৰকাশ পাইছিল হবলা। আপোনাৰ অনুবাদ ভাল পালোঁ পঢ়ি।

    Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    ভাল লাগিল গল্পটো। লগতে আপোনাৰ অনুবাদ। আগলৈও আশা কৰিলোঁ‌।

    Reply
  • Sadananda Bhuyan

    গল্পটো সচাকৈয়ে বহুত ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published.