ফটাঢোল

ৰৌমাছৰ ফিচা শ্ৰীমতীৰ আশা – প্ৰান্তৰ ভাগবতী

: হেৰা শুনাচোন। কালিলৈ মাহঁত আহিব নহয়। তুমি কিন্তু ৰাতিপুৱা সোনকালেই বজাৰ যাবা৷ দেৰিলৈকে শুই থাকি পিছত ভাল মাছ নেপালোঁ বুলি ক’লে চাবা কিন্তু। কিমান দিনৰ পাছত মাহঁত আহিব। আৰু শুনা। মাছৰ ফিচা ডোখৰ কিন্তু ডাঙৰ কৈ কটাই আনিবা। জানা নহয়।

বিচনাত পৰি লৈয়ে শ্ৰীমতীয়ে কৈ উঠিল।

: হ’ব দিয়া। এতিয়া মোক সোনকালে শুবলৈ দিয়া। তেতিয়াহে ৰাতিপুৱা সোনকালে উঠি বজাৰ যাব পাৰিম।

এই বুলি কৈ শুবলৈ ওলালোঁ। মনলৈ কথা কিছুমান ভাঁহি আহিল। সাধাৰণতে আমাৰ ঘৰবোৰত আগতে যৌথভাবে থকা পৰিয়ালবোৰত মতা মানুহ আৰু ল’ৰা ছোৱালীবোৰক গৃহিণীসকলে আগতে ভাত খুৱাইছিল আৰু  সকলোৱে খোৱাৰ পাছত নিজে খাইছিল। সেয়ে তেওঁলোকৰ ভাগলৈ ভাল বস্তুবোৰ সাধাৰণতে নেথাকিছিলেই। মাংসৰ হাড়, মাছৰ ফিচা, মাছৰ গদা, দেই যোৱা ভাজি, অকণমান দালি ইত্যাদিহে ভাগত পৰিছিল গৈ। মোৰ শ্ৰীমতীও তেনে এটা পৰিয়ালতে ডাঙৰ দীঘল হৈছিল। শহুৰে হেনো শাহু আইক বৰ মৰম কৰিছিল। শাহু আয়ে হেনো মাছ খাই বৰ ভাল পাইছিল। সেয়ে মাছৰ ফিচা ডোখৰ শহুৰে সদায়ে ডাঙৰ কৈ কটাইছিল। যাতে শাহুৱে ফিচা হ’লেও ডাঙৰ মাছ এডোখৰ খাবলৈ পাই। শ্ৰীমতীয়েও বিয়াৰ পাছত যৌতুকত অনাৰ দৰে মাকৰ প্ৰায়বোৰ গুণ লগত লৈ আহিছিল। এতিয়া আমাৰ ঘৰত যৌথ পৰিয়াল নহয় যদিও মাছৰ ফিচা তেওঁ ডাঙৰ কৈ কটাই আনিবলৈ কয়৷ তেওঁ মাক বাপেকৰ পুৰণি প্ৰেম কাহিনীবোৰ মোক শুনাই আৰু কয়,

: দেখিছা! মোৰ দেউতাই মাক কিমান মৰম কৰিছিল। গতিকে তুমিও তেনেদৰেই মাছৰ ফিচা মোলৈ ডাঙৰকৈ কটাই আনিবা। মায়ে কেতিয়াবা ইয়ালৈ আহি দেখিলে গম পাব তুমি মোক কিমান ভাল পোৱা।

ময়ো একান্ত মনে কথাবোৰ শুনি মনতে ভাবোঁ মাছৰ ফিচা সৰুকৈ কাটি আনিলেও তোমাকতো ভাল পাওৱেই। কেতিয়াবা এওঁৰ লগত কিবা কথাত খকা খুন্দা লাগিলে মইতো সদায় হাৰোঁৱেই তেতিয়া মনতে ভাবোঁ, “কালিলৈ মাছৰ ফিচা সৰুকৈ কাটি মাছ আনিম৷ গম পাবা তেতিয়া।” এইদৰে কিবাকিবি ভাবি ভাবি কেতিয়া টোপনি গ’লোঁ কবই নোৱাৰিলোঁ।

ৰাতিপুৱাই শ্ৰীমতীৰ চিঞৰত খৰধৰকৈ উঠি চাহকাপ খাই বজাৰলৈ বুলি যাত্ৰা কৰিলোঁ। শ্ৰীমতীয়ে ইতিমধ্যে মাক-দেউতাকে ভাল পোৱা বস্তুৰ লম্বা লিষ্ট এখন দি পঠাইছে। বজাৰ পাই এপদ দুপদকৈ বস্তুবোৰ কিনি মাছৰ বজাৰত সোমালোঁ। বাৰিষা কালত এই সময়ত মাছ কম ওলাই। সেয়ে মাছৰ জুই চাই দাম। উপায় নাই। ইজ্জতৰ কথাও আছে। সেয়ে দৰ দাম কৰি যথেষ্ট দামত লোকেল ৰৌমাছ এটা কিনিলোঁ। বেপাৰীয়ে মাছটো কাটিবলৈ ধৰোঁতেই পিছফালৰ পৰা কোনোবাই নাম ধৰি মতাত ঘূৰি চাই দেখোঁ সৰুকালৰ বন্ধু বিমান! সি আজিকালি দিল্লীত থাকে। বহুত দিনৰ পিছত দুই বন্ধু লগ হৈছোঁ। বচ। এফালৰ পৰা কথাৰ মহলা আৰম্ভ হৈ গ’ল। ল’ৰা, তিৰী, গাড়ী, বাৰি ইত্যাদি নানান কথা। তেনেতে বেপাৰীটোৰ মাতত সম্বিত ঘূৰি আহিল।

: ছাৰ মাছ কটা হ’ল। এয়া লওক।

এইবুলি বেপাৰীজনে মাছৰ কেৰিবেগটো মোলৈ আগবঢ়ায় দিলে। বুকুখন ধিপিংকৈ মাৰিলে। বিমানক লৰালৰিকৈ গধূলি লগ পাম বুলি বিদায় দিলোঁ আৰু মাছ বেপাৰীক টোপোলা খুলি মাছখিনি উলিয়াবলৈ ক’লোঁ। আৰু চাই দেখিলোঁ মাছৰ ফিচা কচুকটা দিলে। সৰুকৈটো কাটিছে ই লগতে খৰি ফলাৰ দৰে মাজেৰেও দুফাল কৰিলে।

: হৰি হৰি! কি কৰা যায়। এতিয়া টো মাছৰ ফিচা যোৰা লগাবও নোৱাৰি। বিমানৰ লগত লেকচাৰৰ কোবত বেপাৰীক কোৱাও নহ’ল, ফিচা ডোখৰ ডাঙৰ কৈ ৰাখিবলৈ! সি নো কেনেকৈ জানিব যে মাছৰ ফিচাৰ চাইজত মোৰ ভাল পোৱাৰ হিচাব হয়!

উপায় নাপায় বেপাৰীক পইচা দি চিন্তা কৰিলোঁ৷ কি কৰা যায়। এফালে শ্ৰীমতীৰ মাকৰ ওচৰত মোৰ ভালপোৱাৰ পৰিমাণ দেখুওৱা আনফালে দুফাল কৰা খৰিৰ দৰে মাছৰ ফিচা! শেষত উপায় নাপায় কি কৰোঁ কি নকৰোঁকৈ বেলেগ মাছ বেপাৰীবোৰৰ ওচৰ পালোঁগৈ। এটা বেপাৰীৰ লগত একে চাইজৰ ৰৌমাছ এটা আছে। পিছে সি গোটাকৈহে বেচিব। কি কৰা যায়। ইতিমধ্যে দুই কেজি ওজনৰ এটা কিনিলোৱে। আৰু ইমানখিনি মাছ কিনিলে ঘৰত হিতে বিপৰীত হ’ব। তাক ক’লোঁ বোলো মোক অকল মাছটোৰ ফিচা ডোখৰহে লাগে। সি পোনচাতেই না কৰিলে। সি  ক’লে যে সি জীৱনত কেতিয়াও অকল মাছৰ ফিচা ডোখৰ কাটি বিক্ৰি কৰি পোৱা নাই। অকল ফিচা ডোখৰ কাটি বেচিলে মাছটো দেখাত বেয়া হ’ব আৰু সি পিছত দাম নাপাব। মই ক’লোঁ বোলো মোৰ এতিয়া কিনা মাছটোৰ ফিচা ডোখৰ দিম এনেয়ে লগাই থ’বি। সি বোলে নহ’ব। শেষত বহুত কাবৌ ককালি আৰু কামোৰৰ অন্তত প্ৰায় দুগুণ দামত সি মাছটোৰ ফিচা ডোখৰ কাটি বেচিবলৈ মান্তি হ’ল। দাম বহুত বেছি হ’লেও শ্ৰীমতীৰ ইজ্জতৰ কথা আছে।  ২০০ গ্ৰাম ওজনৰ প্ৰকাণ্ড ফিচা ডোখৰ বেগত লৈ শ্ৰীমতীয়ে মাকৰ ওচৰত হাঁহি থকা উজ্জ্বল মুখখন মনত ভাঁহি উঠিল। বজাৰৰ পৰা ওলাই আহোঁতে মনত এটা ভাব আহিল। আজিৰ এই কথাটো মোৰ ফটো এখনৰ সৈতে পেপাৰলৈকে পঠিয়াই দিওঁ নেকি? মোৰ হাঁহি থকা ফটোখনৰ তলত বৰ বৰ হৰফৰে লিখা থাকিব, “মৰমৰ পত্নীক সুখী কৰিবলৈ বজাৰৰ পৰা কেৱল মাছৰ ফিচা কিনা প্ৰথম অসমীয়া শ্ৰীমান”৷

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.