ফটাঢোল

একৈশ শতিকাৰ মোগল ই আজম – ডলী তালুকদাৰ

ডলী ক্ৰিয়েচনৰ পঞ্চম নিবেদন

কাহিনী, পৰিচালনা, সংলাপ, সংগীত, নৃত্য পৰিচালনা

সাজ-সজ্জাঃ ৰাজশ্ৰী শৰ্মা

লাইটঃ হিতেশ বি বৰুৱা

কেমেৰাঃ শংকৰ জ্যোতি বৰা

মেকআপঃ মন্দিৰা শৰ্মা

পোষ্টাৰঃ পৰশমণি শৰ্মা

অভিনয়তঃ হেমন্ত খান্না, ৰিণ্টুমণি আদিল হুছেইন, ৰক্তাভ আলম, দেৱজিত মাধৱন, সঞ্জীৱ খান, নীলাক্ষী শেষাদ্ৰী, কাবেৰী কৈৰালা, পৰিস্মীতা কাপুৰ, ডলী দিক্ষীত, সঞ্জীব খান, ভাস্কৰ ৰামপাল, টবিবাৰ সিঙ, ৰিমঝিম ৰীমা শ্বেট্টি৷

অতিথি শিল্পীঃ ববিতা ধীলন, কংকনা পাদুকন

১ম দৃশ্য

ভৌতিক পৰিবেশৰ চিন৷

মাজৰাতিৰ সময়৷ চাৰিওফালে ধোঁৱা ধোঁৱা দেখুওৱা হ’ব৷ দূৰত শিয়াল আৰু কুকুৰে একেলগে ৰাউচি যুৰিব৷

দ্ৰোণ কেমেৰাৰে দূৰৰ পাহাৰীয়া ৰাস্তা এটা দেখুওৱা হ’ব৷ তাৰ পৰা লাহে লাহে পাহাৰৰ চূড়া এটা দেখুৱাব আৰু পাহাৰৰ চূড়াৰ পৰা দূৰত থকা দিল্লী চহৰখন দেখুওৱা হ’ব৷ ক্ৰমান্বয়ে ক্ল’জ আপত তাজমহল আৰু লালকিল্লা কেমেৰাই দেখুৱাব৷

লগে লগে ক্ল’জ আপত কেইবা যুৰি চকুৱে পিৰিক পাৰাককৈ চাই থকা দেখুৱাব৷

অলপ অলপ পোহৰ হ’ব৷  হঠাতে বিজুলী ঢেৰেকনি মাৰিব৷ চাৰিওফালে ভয়ানক পৰিবেশ হ’ব৷ কুকুৰ, মেকুৰীবোৰে জোৰকৈ চিঞৰিব৷ গছৰ ডালত চৰাইবোৰে ধৰফৰাব ধৰিব…ক্ল’জআপত এবাৰ বিজুলী ঢেৰেকনি আৰু এবাৰ চকু কেইহাল দেখাব৷ চকুবোৰেৰে এবাৰ তেজ বোৱা দেখা যাব আৰু এবাৰ পানী৷ প্ৰচণ্ড এটা ঢেৰেকনিৰ শব্দত চকুকেইহাল মেল খাই যাব৷

ঘড়ীত চাৰি বজাৰ সংকেত আহিব আৰু দূৰৈৰ পৰা আজানৰ সুৰ ভাঁহি আহিব….আল্লাহু আকবৰ….৷

আজানৰ সুৰ শুনাৰ লগে লগে ক্ল’জ আপত চকু কেইযুৰি জাপ খোৱা দেখাব আৰু চকুপানী বৈ আহিব আটাই কেইযোৰ চকুৰে…

২য় দৃশ্য-

 অসমৰ এখন ঠাই দেখুওৱা হ’ব৷ ৰাষ্ট্ৰীয় ঘাইপথ দেখুওৱা হ’ব৷ পথৰ দাঁতিত চুলি কটা চেলুন, পাণ দোকান, চাহ দোকান দেখা যাব৷

লাইট, কেমেৰা, একচন…

কেমেৰাই চেলুনৰ দোকানৰ নামটো দেখাব “হিৰো কটা চেলুন”
“ইয়াত ডাঙৰ সৰু চবকে কটা হয়” বুলি লিখা থাকে৷ এনেতে এজন সৰু ফুটিয়া ল’ৰাই চেলুনখন খুলিব৷ পিন্ধনত তাৰ ৰঙা হাফপেণ্ট আৰু ফুলাম হাত কটা স্পৰ্টিং থাকিব৷ পিছফালৰ পৰা প্ৰথমে দেখুওৱা হ’ব ল’ৰাজনক৷ ল’ৰাজনে ঝাৰু এপাত লৈ সাৰিব চেলুনৰ মজিয়া৷ আগদিনা কটা চুলিবোৰ একগোট কৰি পলিথিন বেগত ভৰাব লাহে লাহে৷ তাৰ পিছত মগ এটাত পানী লৈ চাৰিওফালে চটিয়াই ধূপ এডাল জ্বলাই বিশ্বকৰ্মাৰ ফটো এখনৰ আগত থকা ধূপদানিটোত গুজি দিব৷ তাৰ পিছত কেমেৰাই ক্ল’জ আপত ল’ৰাজনৰ প্ৰথমে থুতৰিত থকা দাড়িখিনি দেখাব, তাৰপিছত ওপৰৰ ফালে থিয় হৈ থকা চুলি কেইডালমান দেখাব আৰু ওঁঠ দুটি দেখাব৷ ল’ৰাজনে পটকৈ চাধা অলপ নি ওপৰৰ ওঁঠৰ তলত সোমাই দিব৷ আৰু লগে লগে ল’ৰাজনক সম্পূৰ্ণ মুখখন দেখা যাব(এই ৰোলটো কৰিব সঞ্জীৱ খানে৷ চৰিত্ৰৰ নাম বাবা ওষ্টাদ)৷

বাবা ওষ্টাদ ওলাই কাষত থকা চাহ দোকান খনত আহে আৰু দোকানীক চিঞৰি মাতে৷ দোকানত কাকো নেদেখি চাৰিওফালে চকু ফুৰাব আৰু তাৰ লগে লগে চাহ দোকান খনৰ ৰূপটো কেমেৰাই দেখাব৷ ক্ল’জ আপত বাবা ওষ্টাদৰ চকু পিৰিক পাৰাককৈ চাই থকা দেখাব আৰু দোকানৰ পৰিবেশটো৷
চাহৰ সৰু দোকান এখন৷ দুখন বেঞ্চ থাকে দীঘলীয়াকৈ৷ এফালে তৰ্জাৰ বেৰা দি টেবুল এখনত ষ্ট’ভ এটা আৰু চাহ বনোৱা সঁজুলি থাকে৷ বাহিৰত দিপীকা পাদুকন, প্ৰিয়ংকা চোপ্ৰা, আলিয়া ভাটৰ ছবি থাকে বেৰাত৷ এসময়ত গৈ বাবা ওষ্টাদৰ চকু ৰৈ যাব দোকানৰ পিছফালে৷

৩য় দৃশ্য-

পিছফালে এজন চেঁপা পায়জামা পিন্ধা মানুহ এজনে কেৰাহী এটা মাজি থাকিব৷ লগে লগে সংলাপ বুলি পৰিচালিকাই ক’ব৷

একচন…

বাবা ওষ্টাদ: আবে চন, কেৰাহী মাজি কিনে হোৱাই নাই নেকি?

বাবা ওষ্টাদৰ মাত শুনি ঘূৰি চাব মানুহজনে৷ (ক্ল’জ আপত দেখাব তেওঁক আৰু এই ৰোলটো কৰিব ভাস্কৰ ৰামপালে৷ চৰিত্ৰৰ নাম কাঞ্চা)৷ লগে লগে কাঞ্চাই সংলাপ দিব৷

কাঞ্চা: হ’ৱা ন্যাই৷ ক্যলিৰ পৰা চচপেনখন ধুইয়ে আছোঁ ধুইয়ে আছোঁ চফাই হ’ৱা ন্যাই৷ কিবা লাগিব্য ন্যেকি?

 বাবা ওষ্টাদ: আবে চন, চাহ খাম বুলি ভাবি কিনে আহিছিলোঁ৷ ঘৰতো খোৱা নহ’ল৷ তোৰ হাতৰ চাহ খায় কিনে মজ্জা লাগে ৰে৷ পুৰা দিনটোলৈ চাৰ্জ হৈ যাওঁ৷

কাঞ্চা: ঘৰতো নাখালে মানে? ভাবী নাই ন্যেকি? ক’ৰবাত ঘূৰিব গৈছে ন্যেকি?

বাবা ওষ্টাদ: নাই ৰে! কালি ফিলিম চাব গ’লোঁ একলাই, তো খঙ্গাই আছে৷

 কাঞ্চা: (হাঁহি) হাঁ হাঁ……অকলে গৈছিলে জানো? মইতো আপ্নাক প্যখিলা একজনীৰ লগতে দেখিছিলোঁ৷ খুব ৰাম্ৰ লাগিছিল৷

 বাবা ওষ্টাদ: ধেই কি কৈছ! আচ্চা তই যে বাচন ধুইছ ই পোৱালি ক’ত গ’ল?

কাঞ্চা: তাৰ কথা নক’ব(খঙত)! নাজানো তাৰ কি হৈছে? আজি কেইদিন মানৰ পৰা কিবা আত্মা চাধনা ক্যৰি থাকে৷ কালি গ্যখীৰ গৰম কৰিব দি কিবা ধিয়ানত বহিছিল৷ চব গ্যখীৰ জ্বলাই পেলালে৷ গোটেই ৰাতি ধিয়ানত বহি থাকে আৰু মুখেৰে বিৰ বিৰ বিৰকৈ কিবা কৈ থাকে৷ মোৰতো ভয়ে লাগে তাক৷

বাবা ওষ্টাদঃ মোকো কালি গৈ কৈছে মোগল-ই-আজমৰ সকলোকে মাতি আনিব আৰু মোৰ তাতে হেয়াৰ ইষ্টাইল কৰাই দিব বোলে?

 এনেতে পোৱালিৰ প্ৰবেশ৷ এই চৰিত্ৰটো কৰিব টবিবাৰ সিঙে৷ টবিবাৰৰ প্ৰবেশ হোৱাৰ লগে লগে কেমেৰাত তেওঁক ভৰিৰ পৰা মূৰলৈ দেখাব৷ ভৰিত স্পৰ্টচ্ শ্বু, এখন ক’লা ধুতি আৰু গাত ৰঙা গেঞ্জী, ডিঙিত নকলি মানুহৰ মূৰৰ মালা৷ কপালত এটা ডাঙৰ ফোঁট আৰু মূৰত এটা ৰঙা পাগুৰি৷ হাতত এডাল কিহবাৰ হাড়৷
পোৱালিৰ ৰূপ দেখি বাবা ওষ্টাদ আৰু কাঞ্চা চক খাই উঠে আৰু দুখোজ পিছুৱাই যায়৷

৪ৰ্থ দৃশ্য-

পোৱালি ওৰফে টবিবাৰে লাওখোলা এটাৰ আগত বহি পূজা কৰি থাকিব চকুমুদি চাহ দোকানৰ পাকঘৰ থকা ঠাইৰ চুক এটাত৷ কাঞ্চাই খঙত চাই থাকিব৷ পিছফালে বাবা ওষ্টাদে তাৰ চুলি কাটি থাকিব৷

 বাবা ওষ্টাদ: এনেকা দোকানৰ বাহিৰত চুলি নাকাটো মই৷ তোক বুলিহে কাটিছোঁ কিন্তু ডাবল পইচা লাগিব৷

 কাঞ্চা: লৈ ল’ব না! দেখা নাই এই পগলাটোৱে কি ক্যৰিছে৷ ইয়াক এৰি মই ক্যেনেকে যাম৷ চব কাষ্টমাৰ ভাগি যাব৷

 বাবা ওষ্টাদ: ৰহ ইয়াৰ পাগলামি মই খেদাইছোঁঁ৷ ঐ পোৱালি উঠ৷ কি নাটক এইগিলা৷ আবে চন তান্ত্ৰিক ওলাইছ না? উঠ উঠ! কাম কৰ৷ (পোৱালিক উঠাই দিয়ে জোৰ কৰি)

 পোৱালি: হাৰে কি কৰিলে এইয়া? ইচ ইচ! চব বৰ্বাদ কৰি দিয়া? অভি আপ্নালোকে ভি ভুগিব লাগিব৷ হে কালী মইয়া কিৰ্পা কৰ চব লোগকে? এই মানুহ লোগৰ গলটি তু মাফ কৰি দে৷

বাবা ওষ্টাদ: এক থাপ্পৰ দি তোৰ তান্ত্ৰিক ভুূত উলিয়াই দিম ৰে চন! গলটি কৰিলোঁ আমি৷ তই এইবোৰ কৰি থাকিলে দোকান চলিবনে? এইবিলাক তোৰ ডিঙিত মানুহৰ মূৰৰ মালা, হাতত লৈ থকা হদ্দি দেখিলে কোন কাষ্টমাৰ আহিব? চুপচাপ আগৰ দৰে কাম কৰ৷

পোৱালি: পিলাষ্টিক কা মালা হয় ৰে বাবা!

এনেতে কাঞ্চাইও খেদি আহে পোৱালিক থাপ্পৰ দিবলৈ লগে লগে বিজুলী ঢেৰেকনিৰ দৰে হয় আৰু পোৱালিয়ে সাধনা কৰি থকা জাগাত কেইবা গৰাকীও পুৰুষ, মহিলা অদ্ভুত বেশভূষাৰে থিয় দি থাকে আৰু তিনিওৰে চকু যোৱাত আটাই কেইগৰাকীয়ে “আচ-চলাম-ৱালেইকুম” বুলি চালাম কৰে৷ তেওঁলোকক দেখি কাঞ্চাই বচোৱা বুলি বাবা ওষ্টাদৰ কোলাত জাপ মাৰি উঠে আৰু পোৱালিও “কৌন হে আপ্নি লোক” বুলি বাবাক খামুচি ধৰে৷ লগে লগে তিনিওজন বেহুচ হৈ যায়৷ থিয় হৈ থকা পুৰুষ মহিলা কেইগৰাকীৰ গাত লাইট পৰে৷

৫ম দৃশ্য-

লাইট আৰু কেমেৰা এজনী ছোৱালীৰ মুখত থাকিব৷ বিভিন্ন ভঙ্গীমাৰে নাচি থাকিব৷ কাষত পুৰুষ এজনে বহি বাঃ বাঃ কৈ চাই থাকিব৷ (এই চৰিত্ৰ দুটা কৰিব ডলী দিক্ষীত আৰু হেমন্ত খান্নাই৷ চৰিত্ৰ দুটি অনাৰকলী আৰু চেলিম)৷ কাষতে আৰু এজনী ছোৱালীয়ে খঙেৰে দুয়োকে চাই থাকে(এই চৰিত্ৰটো কৰিব নীলাক্ষী শেষাদ্ৰীয়ে৷ চৰিত্ৰ নুৰজাহান)৷
সংলাপ বুলি কোৱাৰ লগে লগে কেমেৰা অনাৰকলী আৰু চেলিমৰ ফালে ঘূৰিব৷

 অনাৰকলী: (নাচি নাচি)চাহেব-ই- আলম মই কেনেকুৱা নাচিছোঁ! আজি কেইবা শ বছৰৰ মূৰত নাচি যে ইমান ভাল লাগিছে নহয়! আৰু সেই ঘৰতোৰ পৰা ওলাই ইমান ভাল লাগিছে য’ত মোক জিন্দা কবৰ দিছিল৷

 চেলিম: বহুত ধুনীয়া নাচিছা অনাৰকলী৷ তোমাৰ তুলনা নাই৷ ৱাহ ৱাহ৷

 অনাৰকলী: চুক্ৰিয়া চাহেব -ই- আলম৷

নুৰজাহান: চাহেব-ই আলমে চাগৈ পাহৰিলে যে ময়ো আহিছোঁ আপোনাৰ লগত৷ পাহৰি নাযাব মই হিন্দুস্থানৰ মল্লিকা নুৰাজাহান৷ সামান্য এজনী নৰ্তকীক ইমান গুৰুত্ব দিয়া সহ্য নকৰোঁ৷

 চেলিম: এ-মল্লিকা-ই-হুস্ন, তোমাৰ এই হিংসা কুৰীয়া স্বভাবৰ বাবেই মই বেয়া পাওঁ৷ তোমাক চাৰা হিন্দুস্থানৰ বেগম বনাইছোঁ তথাপিতো তুমি মোক জাচুজি কৰিবলৈ নেৰা৷ মই শ্বাহজাদা হয় গতিকে মই যদি সুন্দৰীৰ লগত হাঁহি ধেমালি নকৰোঁ কোনে কৰিব৷

 নুৰজাহান: সেই সময়তো আপুনি অনাৰকলীৰ কাৰণে মোক এভইড কৰিছিল আৰু আজি ইমান শ বছৰৰ পিছতো দুনীয়াত অহাৰ পিছত পুনৰ অনাৰকলীৰ লগত লীলা খেলা কৰিছে? লাজ নহ’ল আপোনাৰ অলপো৷

 অনাৰকলী: চালাম বেগম চাহিবা৷ আপুনি আগৰ কথাবোৰ পাহৰি যাওক৷ আল্লাই আমাক দুদিনৰ কাৰণে দুনীয়াত পঠাইছে৷ আধুনিক হিন্দুস্থানখন চাবলৈ৷ গতিকে এইচ কৰক মল্লিকা -ই-আলম৷

 নুৰজাহান: তই থাকিলে মই ক’ৰ পৰা এইচ কৰিম৷ সেই যুগতো তোৰ কাৰণে মোৰ শান্তি নাছিল৷ মই ৰাজ্য শাসন কৰি থাকোঁ আৰু তই বেটিয়ে চেলিমৰ লগত প্ৰেম কৰি “প্যাৰ কিয়া তো দৰনা ক্যা” গান গাই গাই ভুলাইছিলি৷ বাদশ্বাহ আব্বা হুজুৰে তোক এনেয়ে শাস্তি দিয়া নাছিল৷

চেলিম: মল্লিকা, তুমি অনাৰকলীক এনেকে নক’বা৷ যদিও মোৰ তোমাৰ সতে কেইবাজনীও বেগম মোৰ হ’লেও প্ৰকৃত প্ৰেম মই অনাৰকলীকহে কৰিছোঁ৷

 এনেতে কেমেৰা ঘূৰিব এফালে আৰু এজনী ৰাণীৰ পোচাকত ছোৱালী আহিব(এই চৰিত্ৰটো কৰিব পৰিস্মীতা বৰদলৈ৷ চৰিত্ৰ মান বাই)তেওঁ পিন্ধনত ৰাজপুত সকলৰ দৰে ঘাগ্ৰা, চোলি পিন্ধিব৷ কপালত ফোঁট, সেন্দূৰ থাকিব৷ লগে লগে সংলাপ দিব৷

মান বাঈ: শ্বেহজাদাই মোৰ কথা পাহৰি গ’ল চাগৈ? মইয়ো যে আপোনাৰ পত্নী৷ মই থাকোঁতে সাধাৰণ বেগম, নৰ্তকীবোৰে কেনেকৈ ইমান সাহস পায় আপোনাৰ ওচৰত আহিবলৈ৷
এনেতে প্ৰচণ্ড চিঞৰ এটা শুনা যায় “খামোচ৷ ” লগে লগে কেমেৰা ঘূৰে আৰু পিছফালে বাদশ্বাহ আকবৰৰ গেটআপত ৰিণ্টুমণি আদিল হুছেইন, যোধা বাইৰ গেটআপত ৰিমঝিম ৰিমা, বিলকিচ বেগমৰ গেটআপত কাবেৰী মহন্ত থিয় হৈ থাকে৷

 ওচৰতে বাবা ওষ্টাদ, পোৱালি আৰু কাঞ্চা তিনিও বেহুচ হৈ পৰি থাকে৷ তেওঁলোকক তানসেনৰ ভূমিকাত থকা ৰক্তাভ আলম আৰু বীৰবলৰ ভূমিকা কৰা দেৱজিত মাধৱনে বিচি থাকে৷ মাজতে এবাৰ পোৱালি সাৰ পাব কিন্তু ওচৰত থকা মানুহ বোৰ দেখি “জয় কালী মইয়া”  বুলি কৈ আকৌ বেহুচ হ’ব৷

 ৬ষ্ঠদৃশ্য-

 চাহ দোকানৰ ভিতৰত এটা চুকত কাঞ্চা, বাবা ওষ্টাদ, পোৱালি ভয়ে ভয়ে থিয় হৈ থাকিব৷ কোঠাটোৰ ভিতৰত কম পোহৰৰ বাল্ব জ্বলি থাকিব৷ এখন বেঞ্চত বাদশ্বাহ আকবৰ, যোধা বাই, বিলকিচ বেগম বহি থাকিব৷ সমুখত চেলিম, নুৰজাহান, মান বাঈ তলমূৰকৈ থিয় হৈ থাকিব৷ অনাৰকলী দূৰত ভয়ে ভয়ে থিয় হৈ চেলিমক চাই থাকিব৷

কোঠাৰ একোণত তানসেনে(ৰক্তাভ আলমে) ৰাগ দীপক গাই কোঠাটো আৰু বেছি পোহৰ কৰিব বিচাৰিব৷ কিন্তু ব্যৰ্থ হয়৷ কাষতে বহি থকা বীৰবলে হাঁহে৷

একচন

 আকবৰ: শ্বেহজাদা তুমি আজিও সলনি নহ’লা৷ জিন্দা থাকোঁতেও তুমি অনাৰকলীৰ লগত লিলিমাই কৰি থাকিলা বেগমহঁতক ঠগি ঠগি আৰু আজি আত্মা হৈ অহাৰ পিছতো লৈ আহিছা লগত অনাৰকলীক৷

 নুৰজাহান: বাদশ্বাহ চলামত! এইজনীৰ কাৰণে মই মৰাৰ পিছতো শান্তি নাপালোঁ৷ চেলিমৰ কবৰৰ ওচৰত নাজানো ক’ৰপৰা আহি প্যাৰ কিয়া তো দৰনা ক্যা, জব প্যাৰ কিয়াতো দৰনা ক্যা বুলি নাচি থাকে৷ আৰু চেলিমে মোক নাচায়ে৷

 মান বাঈ: বাদশ্বাহ পিতাশ্ৰী! মইতো একো সুখে নাপালোঁ৷ প্ৰথমতে এই নুৰজাহান তাৰপিছত এইজনী অনাৰকলীয়ে ৰূপৰ বাহাৰ দেখাই মোৰ পৰা চেলিমক কাঢ়ি নিয়ে৷ আৰু এই নুৰজাহানে তো মোৰ তাজ কাঢ়ি নিলে৷

 অনাৰকলী: বাদশ্বাহ চলামত! মোৰ কোনো লোভ নাই, মোৰ কোনো আশা নাই৷ মই মাত্ৰ চেলিমক ভাল পাওঁ৷ মই মাত্ৰ সাধাৰণ অনাৰকলী৷ মই দাসীহে৷

 আকবৰ: লা-হওল-বিলা কুৱট৷ নুৰ বহু বেগম, মান বহু বেগম তোমালোকে মৰাৰ পিছতো সতিনী হৈ থাকিব এৰা নাই৷ তোমালোকৰ আম্মীহঁতক চোৱা৷ আজিও তেওঁলোক কি সুন্দৰকৈ লগত মিলি থাকে৷

 যোধা: পুত্ৰী মান, বহু নুৰ তোমালোকৰ মাজত এই কাজিয়াৰ বাবেই চেলিমক অনাৰকলীৰ দৰে সাধাৰণ ছোৱালীয়ে ভুলাব পাৰিছে৷

 বিলকিচ বেগম: বহু বেগম! আমি মিলিজুলিয়ে থাকোঁ বাবে আজিও চোৱা ধৰতিত পুনৰ একেলগে আহিব পাৰিছোঁ৷ বাদশ্বাহ, শ্বেহজাদাবোৰৰ বেগম ধেৰ চাৰা থাকেই৷

 চেলিম: আম্মী হুজুৰ! আপুনি ঠিক কৈছে৷ ইহঁতৰ পৰা অশান্তি পাইয়ে মই অনাৰকলীৰ ওচৰত গৈছিলোঁ৷ দুয়ো কেৱল দিল্লীৰ সিংহাসনতহে বহে৷ মোৰ কথা নাভাবেই৷

 আকবৰ: খামোচ না মুৰাদ৷

 বীৰবল: জাহাপনা, শান্ত হওক৷ তাতকৈ পুনৰ আপোনাৰ হুকুমত কৰিব পাৰে নেকি এই নতুন ঠাইখনত তাকে চিন্তা কৰক৷

৭ম দৃশ্য

গুৱাহাটীৰ বিগ বজাৰ দেখুওৱা হ’ব৷ বাবা ওষ্টাদে অনাৰকলী, নুৰজাহান, মান বাঈ, যোধা বাঈ, বিলকিচ বেগমক লৈ বজাৰ কৰি আছে৷ পিচে পিচে আকবৰ আৰু চেলিম৷ মানুহবোৰে সিহঁতক ঘূৰি ঘূৰি চাইছে৷ কিছুমানে হাঁহিছে৷ কিছুমানে কৈছে কিবা চিনেমাৰ শ্বুটিঙৰ পৰা আহিছে চাগৈ৷

 অনাৰকলীয়ে এজোৰ কাপোৰ দেখি কৈছে মোৰ দৰে চেলোৱাৰ কামিজ আছে৷ বিভিন্ন ডিজাইনৰ ড্ৰেছ দেখি নাম সোধাত চেলচ্ গাৰ্লজনীয়ে কুৰ্তী, পাটিয়ালা, গাউন আদিৰ নাম কৈ শেষত এযোৰ কাপোৰৰ নাম অনাৰকলী বুলি কয়৷

 চেলচ গাৰ্ল: এইযোৰ অনাৰকলী ড্ৰেছ৷ মোগল-ই -আজমত মধুবালাই অনাৰকলী হওঁতে পিন্ধিছিল এই ডিজাইনৰ কাপোৰ৷

অনাৰকলি: (চেলিমৰ ফালে চাই)চাহেব-ই-আলম, দেখিলে মোৰ কলাৰ আদৰ এতিয়াও আছে৷

চেলিম: তুমি লা -জবাব

 অনাৰকলীৰ কথা শুনি পিছফালে থিয় হৈ থকা নুৰজাহান আৰু মান বাঈয়ে মুখখন বেঁকা কৰি দিব৷ আৰু চেলিমক একো ক’ব নিদি টানি লৈ যাব৷

 বাবা ওষ্টাদ: পইচা দিয়ক কাপোৰৰ৷

 আকবৰ: মই বাদশ্বাহ হৈ কিয় পইচা দিম৷ এই চাৰা হিন্দুস্থান মোৰেই৷

 বাবা ওষ্টাদঃ আবে চন! সেইবোৰ বাদশ্বাহী নচলিব৷ আজিকালি চব বাদশ্বাহ৷ ৰহিলা বাইৰ তাত গৈ দুই গিলাচ খালে ময়ো শ্বাহেনশ্বাহ হৈ যাওঁ৷ পইচা দিয়ক৷

 যোধাই কথা বিষম দেখি নিজৰ মণি এডাল দিয়ে৷ বাবা ওষ্টাডে মণিডাল ৰাখি থয় আৰু নিজৰ পইচা দিয়ে৷

 সকলোৱে মডাৰ্ণ কাপোৰ কিনে৷ অনাৰকলী, নুৰজাহান, মান বাঈয়ে জিনচ্, মিনি স্কাৰ্ট কিনে আৰু যোধা বাঈ আৰু বিলকিচ বেগমে চেলোৱাৰ কিনে৷ চেলিম, আকবৰ, বীৰবল, তানসেনে ৰেংগলাৰ জিনচ, হাফপেণ্ট, ৰিবকৰ জোতা কিনে৷
চেলিমে চেলচ্ গাৰ্ল(ববিতা ধীলন)জনীৰ লগত কথা পাতি থকাত অনাৰকলী আৰু নুৰজাহানে টানি লৈ আহে৷

 বাটত আহোঁতে বাবা ওষ্টাদক কাঞ্চাই ফোন কৰে আৰু বাবাই চেলিমক কাণে কাণে কিবা কয়৷ চেলিমে হাঁহি দিয়ে৷ চেলিমৰ লগতে তানসেন আৰু বীৰবলেও হাঁহে৷

 ৮ম দৃশ্য-

 ব্ৰহ্মপুত্ৰৰ মাজত কামাকাজিত চেলিম, অনাৰকলী, নুৰজাহান, মান বাঈ লগতে তানসেন বহি থাকে লগত বাবা ওষ্টাদ৷ ভিতৰৰ ৰেহ ৰূপ দেখি বিস্ফোৰিত নেত্ৰে আটায়ে চাই থাকে৷ ষ্টেজত গায়ক এজনে গান গায় থাকে “ আখ মাৰে ও লড়কী আখ মাৰে৷ ” গান শুনি তানসেন অসন্তুষ্ট হয় আৰু কয় “গানৰ তাল নাই, লয় নাই, কথা নাই৷ ” বাবা ওষ্টাদে কয় “আজিকালি এই গানে ভাল পাই৷ এনেতে চাউণ্ড বক্সত “কমৰীয়া হিলাকে হিলাকে, নজৰীয়া মিলাকে মিলাকে” বাজি উঠে৷ সুন্দৰী ছোৱালীবোৰ দেখি শ্বেহজাদা চেলিমে ৰ’ব নোৱাৰি নাচিব যায়৷ তাকে দেখি অনাৰকলীও নাচে আৰু অনাৰকলীক দেখি মান বাঈ, নুৰজাহানেও নাচিব ধৰে৷ সুন্দৰ ৰঙীণ পানীয়বোৰ দেখি ৰ’ব নোৱাৰে চেলিমে৷ তাতে চেলিমে বিগ বজাৰৰ চেলচ্ গাৰ্ল জনীক লগ পাই আৰু তাইৰ লগত নাচিব ধৰে৷ দুৰৈত এক কোণত অনাৰকলী, নুৰজাহান, মান বাঈ কান্দোন মুৱা হৈ ৰৈ চাই থাকে৷ তিনিও তানসেনৰ লগত চাহ দোকানলৈ ঘূৰি আহে৷ গোটেই ৰাস্তা অনাৰকলীয়ে কান্দি আহে আৰু নুৰজাহান আৰু মান বাঈয়ে ফুচফুচাই কয় দেখিলি অনাৰকলীতকৈও ভুলাব পৰা হুস্ন বৰ্তমান আছে ধৰতীত৷

৯ম দৃশ্য

কোঠাত আকবৰ খঙত বহি থাকে৷ যোধা আৰু বিলকিচে বিচি থাকে৷ বীৰবলে আকবৰক বুজাই থাকে কাষতে বহি৷ কিছু দূৰৈত অনাৰকলী আৰু নুৰজাহানে কাজিয়া কৰি থাকে৷ মান বাঈয়ে মুখ ফুলাই বহি থাকে৷

একচন

 আকবৰ: বীৰবল আজি এসপ্তাহ চেলিম অহা নাই৷ ক’ত গ’ল পাত্তা নাই৷ এই বাবা ওষ্টাদে তাক নষ্ট কৰিলে৷

 বীৰবল: জাহাপনা, মাফ কৰিব! চেলিমক নষ্ট কৰিব নালাগে৷ সি কোনো দিনে ভাল নহ’লে৷ লগতে তানসেনকো নষ্ট কৰিলে৷ আজিকালি তানসেনেও ডিস্কো যায় তাৰ লগত৷

 নুৰজাহান: আব্বা হুজুৰ! মই কৈছিলোঁৱে আমি নাযাওঁ ধৰতীত৷ চেলিমৰ একো ঠিক নাই৷ সুন্দৰী নাৰী দেখিলেই প্ৰেমত পৰে তেওঁ৷

 মান বাঈ: উফ! আব্বা হুজুৰ কি সাংঘাতিক ছোৱালীবোৰ৷ অনাৰকলীও পাত্তা নাপালে৷

 অনাৰকলী: শ্বেহেনশ্বাহে আলম! গুষ্টাখি মুৱাফ হো৷ মোক তেওঁ পাত্তা নিদিয়ে৷ মই বোলে আউত ডেটেদ হয়৷ ইমান গহনা, কাপোৰ পিন্ধা ছোৱালী আজিকালি নাচায়৷ মই বোলে নাচিবও নাজানোঁ৷ বৰ দুখ পালোঁ৷ মই যাওঁগৈ৷

এনেতে চেলিমে দুগৰাকী ধুনীয়া স্বল্প বসনা যুৱতীৰ লগত আহে৷ আৰু আহিয়ে সংলাপ দিয়ে

চেলিম: আচ-চলাম-ৱালেইকুম আব্বা হুজুৰ! মই এই দুগৰাকী নতুন বেগম আনিলোঁ৷

অনাৰকলী, নুৰজাহান, মান বাঈ বেহুচ হৈ যায়৷

আকবৰ: লা-হৌওল-বিলাকুৱট! না মুৰাদ, না লায়ক তই এতিয়াও আগৰ স্বভাব এৰা নাই৷

বীৰবল: ব’লক শ্বাহেনশ্বাহ৷ আমি আকৌ উলটি যাওঁ নিজৰ ঠাইত৷ নাচাওঁ ধৰতী৷ আপোনাৰ পুত্ৰই ইয়াতো সুখেৰে থাকিব নিদিব৷

 সকলোৱে যাম কোৱা শুনি পোৱালিয়ে লগে লগে পূজা কৰা ঠাইত পূজা আৰম্ভ কৰে আৰু লাহে লাহে আটায়ে অদৃশ্য হৈ যায়৷

লগে লগে ছোৱালী দুজনীক ধৰি থকাৰ পৰা চেলিমো অদৃশ্য হয়৷ ছোৱালী দুজনী তাকে দেখি চিঞৰ মাৰি দৌৰ মাৰে তাৰ পৰা৷

১০ ম দৃশ্য

 পুনৰ বাবা ওষ্টাদ আৰু কাঞ্চাই দোকান খোলে৷ কেমেৰাত পোৱালিক বাবাই কোবাই কোবাই তন্ত্ৰ মন্ত্ৰৰ বস্তুবোৰ পেলাব দিয়ে৷

 বাবা ওষ্টাদ: আৰু যদি তই এইবোৰ কাম কৰ তোক পুলিচত দিম৷ তোৰ কাৰণে মোৰ দহ হাজাৰ টকা খৰচ হ’ল৷ ভাবিছিলোঁ হীৰাৰ মালাডাল কামত আহিব৷ কিন্তু সেইডালো গায়ব হৈ গ’ল সিহঁতৰ লগত৷

 কাঞ্চা: মোৰো হোটেলত ইমান খৰচ হ’ল৷ সদায় বিৰিয়ানী আৰু কোৰ্মা লাগে৷ বনাব নাজানো কোৱাত জিয়াই পুতি পেলোৱাৰ শাস্তি দিম ক’লে৷ আৰু তানসেনে মন গ’লেই কেতিয়াবা ৰাগ মেঘমল্লাৰ গায় বৰষুণ আনি দিয়ে, কেতিয়াবা দীপক ৰাগ গায় গোটেই ঘৰতে চাকি জ্বলাই দিয়ে৷

 বাবা ওষ্টাদঃ আৰু অলপ অলপ নুৰজাহান আৰু অনাৰকলীক মোৰ গাৰ্লফ্ৰেণ্ড বুলি ভাবি মোক ঘৈণীয়ে ঘৰত সোমাব নিদিয়ে৷ বাৰণ্ডাত শোওঁ আজি কালি৷
☆ ★ ☆ ★

28 Comments

  • হাঁ হাঁ৷ডলী কি ঝাকাচ চিনেমা লিখিছা৷

    Reply
  • কমলা দাস

    ফাটাফাটি চিনেমা । চাই মানে পঢ়ি আনন্দ পালোঁ ।

    Reply
  • Rintumoni Dutta

    ব্লকব্লাষ্টাৰ

    Reply
  • Kamal Neog

    এইখন চিনেমা আকৌ চাম পাই!!!😘

    Reply
  • Dhruba Jyoti Das

    ৰহিলাৰ ঘৰৰ দুগিলাচ খাই শ্বাহেনশ্বা বনি যায় , সুন্দৰ কাহিনী সুন্দৰ উপস্থাপন

    Reply
  • Rimzim Rima

    পেইছা ৱসুল চিনেমা.. অভিনয় কৰিবলৈ সুযোগ-সুবিধাকণ দিয়াৰ বাবে অশেষ ধন্যবাদ😊

    Reply
  • ৰক্তাভ কুমাৰ

    কি লেখচি এ বাই, ফাগলাই গেইছুঙ আৰৰো 😂😂😂😂

    Reply
  • Sanjib Bhattacharyya

    ব্লকবাষ্টাৰ।বাবা খান জিন্দাবাদ।

    Reply
  • HEMANTA KAKATI

    ধন্যবাদ ডলী৷ হেমন্ত খান্নাই ফালি দিছে৷ অনাৰকলিও তামাম৷ নুৰজাহানৰ চিলেকচন তামাম

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বাপৰে, কি সাংঘাতিক চিনেমা৷

    Reply
  • কাবেৰী মহন্ত

    বিলকিচ বেগমৰ কি এক্টিং! মাছাআল্লাহ..কি অদা! ভূত হলেও কোনেও টক্কৰ দিব নোৱাৰে৷
    বঢ়িয়া ডলী

    Reply
  • ফাটাফাটি হৈছে দেই চিনেমা ।সকলোৰে অভিনয় মজ্জা হৈছে।

    Reply
  • ৰাজু কুমাৰ নাথ

    এইয়াহে চিনেমা।পইচা উচুল হৈ গ’ল দেই।

    Reply
  • মৰাৰ পিছতো সতিনী খাটিবলৈ নেৰে! তামাম ডায়লগ। মোৰ খং উঠিলে তন্ত্ৰ মন্ত্ৰ মাতি আকৌ ধৰতিলৈ নমাই আনিম বাবা ওষ্টাদ। গতিকে ওষ্টাদি নেদেখাব। ডলী বাই চিনেমা ঝাক্কাছ।

    Reply
  • অভিজিত কলিতা

    খতৰনাক হে বুলিলো। অনাৰকলি আৰু চেলিম বিগবজাৰলৈ যোৱাৰ দৃশ্যটো কল্পনা কৰি ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.