ফটাঢোল

উৰুকা – বিকাশ শইকীয়া

মই তেতিয়া উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ। মেট্ৰিক পাছ কৰাৰ পিছত প্ৰথমটো মাঘ বিহুৰ উৰুকা। ঘৰৰপৰা লগোৱা ডিঙিৰ এৰালডাল খুলি দিয়া নাই যদিও, মূৰপোলোকা দি খুলিবলৈ শিকিছোঁ। মনটো অলপ উখল মাখল, প্ৰথমবাৰৰ বাবে গোটেই ৰাতিটো উৰুকা উদযাপন কৰিম। অগ্ৰজসকলে উৰুকাত কৰা উৎপাতবোৰ শুনিছোঁ মাথো। অলপ হ’লেও কৰিবলৈ এইবাৰেই প্ৰথম পাম। এই ধৰক আলু চুৰ কৰিম, কবি বেঙেনা কাৰোবাৰ বাৰীৰপৰা চুৰ কৰি গৃহস্থৰ ঘৰতে বাৰান্দাত থৈ আহিম, কাৰোবাৰ জপনা চুৰ কৰিম, কাৰোবাৰ দুৱাৰ খুলিব নোৱাৰাকৈ বাহিৰৰপৰা মাৰি থৈ আহিম ইত্যাদি। লগত আছিল তুতু, দ্বিজেন, ধুন, জান (জৰাখণ্ড), নিতুল আৰু মই। পিছদিনা মেজীৰ ওচৰত আগদিনা কৰা উৎপাতবোৰৰ কাৰণে মানুহে দিয়া গালিবোৰ শুনিবলৈ বৰ ভাল৷ দাইটি এজনে ক’ব “হেৰৌ দেখিছনে! ভলোকা বাঁহৰ জেওৰাখন কালি কোন জাগলত যোৱাই লৈ গ’ল৷ হেৰৌ জেওৰা এখন দি চাবি কেনে লাগে৷” কণককাইদেৱে আকৌ বোলে “হেৰৌ টাউনৰপৰা নাতি ল’ৰাটো বিহুত আহিব বুলি জানি ৰঙাআলু এখল দি থৈছিলোঁ‌৷ গোটেই খলটো খান্দি মোৰ বাৰাণ্ডাতে থৈ আহিছে৷” আন এজনে আকৌ মাত দিব “এইবোৰ ঘৰগুণা ল’ৰা৷ দেশ কালৰ কথা গম নাপায়৷ মানুহে মঙ্গলগ্ৰহত মাটি কিনিলে৷ আমাৰ এইসোপাৰ কথা কিনো ক’ম আৰু৷” মনিৰাম দাইটিয়ে আকৌ বোলে “বিহুত যে চুৰ কৰিবই লাগিব ক’ত লিখা আছে৷ সেইবাবেই আমাৰ অসমীয়া মানুহৰ উন্নতি নাই৷ কৰিব লগা কাম নকৰে৷ নকৰিব লগাবোৰ বেছিকৈ কৰে৷” এইদৰে গালিৰ বৰষুণ পৰে৷ গালিৰ বৰষুণৰ ফাঁকে ফাঁকে সাৰি যোৱা যেন লাগি নিজকে কিবা স্মাৰ্ট স্মাৰ্ট লাগি যায়৷ এইবাৰ মজাটো ময়ো ভালকৈ ল’ম বুলি মনতে ভাবি আছোঁ।

দ্বিজেন আৰু ধুনে ভেলা ঘৰ সাঁজিলে। নিতুলে বজাৰ কৰি আনিলে। জান আৰু তুতু লগ লাগি বাকী কাম সম্পাদন কৰিলে। মোৰ ভাগত পৰিল খৰিকেইডাল ঠিক কৰিব লাগে। দাখন লৈ সন্ধ্যা গ’লোঁ‌ ওলায়।

হাঁহৰ মাংস নতুন আলুৰ লগত ৰন্ধা জোলকণ ভীম কলৰ পাতত বৈ অহা দেখিলেই কিবা এটা প্ৰশান্তিৰে মন ভৰি যায়৷ খোৱাটো বাদেই দিলোঁ৷ ঘন কুঁৱলীৰ মাজত ডাঙৰকৈ জুই একোৰা জ্বলাই পুৰণা বাউ চাউলৰ ভাত, হাঁহৰ মাংস আৰু ভোট জলকীয়া এটাৰ সৈতে খানাটো বঢ়িয়াকৈ খোৱা হৈ গ’ল। 

এতিয়া বাকী আছে বিহুৰ ব্যাকৰণ বৰ্জিত কিন্তু আমাৰ বাবে অতিকৈ চেনেহৰ কামবোৰ। এঘৰ মানুহৰ জেওৰা আৰু আলু চুৰ কৰি আনিছিলোঁহে৷ লগে লগে গৃহস্থই চিঞৰ লগালে, “ঐ নিলে ঐ নিলে নিলে৷ জেওৰাখন গোটেইখন তেনেই নিলে৷ ধৰ ঐ ধৰ” বুলি পিছে পিছে টৰ্চলৈ খেদি আহিল৷ প্ৰাণপণে দৌৰি যেনেতেনে ভেলাঘৰ আহি পাই জেওৰাখন জুইত দি দিলোঁ‌৷ অলপ পুৰিলেই চিনি নাপায় আৰু৷ প্ৰথমটো মিছন সফল৷ পিছৰটো মিছনৰ প্লেন বনিল। এইবাৰ বোলে মই আৰু নিতুল যাব নালাগে। আমি দুটা বোলে এই কাৰ্য্যত বৰ কেঁচা। গতিকে চুৰি কৰি আনি থোৱা আলুখিনি আমি পুৰিব লাগে তেতিয়ালৈ সিহঁত আহি পাবহি আৰু একেলগে আলুবোৰ খাম। কথা মতে কাম। আলু পুৰি হ’ল আৰু সিহঁত অলপ দেৰি পিছত উকিয়াই উকিয়াই নাৰিকল আৰু জপনা দুখন অলপ জেওৰাৰ সৈতে লৈ পালেহি। ঘন কুঁৱলীত দহফুট দূৰৈত একো নেদেখি। পথাৰৰ মাজত প্ৰচণ্ড ঠাণ্ডা। গতিকে জেওৰাবোৰ আৰু জপনা দুখন জুইত দিলোঁ‌ তুলি। এখন জপনা হাতত লওঁতে মনটো সেমেকি গৈছিল। কিবা চিনাকি ভাৱ এটা আছে এই জপনাখনত। যি হওক স্ফূৰ্তি মনত আৰু প্ৰচণ্ড ঠাণ্ডাত একো চিন্তা নকৰি জুইত তুলি দিলোঁ‌। 

ভেলাঘৰটো জ্বলাই ওলাই গ’লোঁ‌৷ এইবাৰ তৃতীয়টো মিছন৷ প্লেন মতে এইবাৰ খগেন ককাইদেউৰ ঘৰত সোমাম৷ চুৰি কৰিবলৈ নহয়৷ বাহিৰৰপৰা দুৱাৰখন মাৰি থৈ আহিম৷ আহি সিহঁতৰ পদুলিত চিঞৰি চিঞৰি কাজিয়া কৰা অভিনয় কৰিম। আমাৰ দ্বিজেন বোলাজন এইবোৰ কামত বৰ পাকৈত৷ আমি মথাউৰিত কথাটো পাতিলোঁ‌৷ সি গ’লেই সোমায়৷ দ্বিজেন গৈ ঠিক চোতাল পাইছে৷ এনেতে খগেন ককাইদেউৰ তিনি বেটাৰী টৰ্চ দ্বিজেনৰ মুখত৷

 : তই ইয়ালৈ কিয় আহিছ৷

মই নঙলা মুখ পাইছিলোঁগৈ৷ টৰ্চৰ পোহৰত ধৰা নপৰিবলৈ বহি দিলোঁ৷ খগেন ককাইদেউৰ কথাত দ্বিজেনৰ মুখৰ মাত সৰিল৷ দ্বিজেনে বোলে, 

: এনেই ককাইদেউ৷

 

খগেন ককাইদেৱে নেৰে৷ এনেই লোকৰ ঘৰত কিয় সোমাবি৷ এনেতে মই মই মাত লগালোঁ‌,

: কি হৈছে? কোন অ’ এইটো৷ অহ দ্বিজেনচোন৷ ক’ৰ পৰা আহিলি৷ 

খগেন ককাইদেৱে বোলে,

: দেখিছনে লোকৰ ঘৰত ৰাতি আহি সোমাইছে৷ কি কাম আছিল তাৰ ৰাতি লোকৰ ঘৰত৷ 

মই বোলো,

: হয় হয়৷ তেনেকৈ নহয়তো৷ সুধি সোমাব লাগে৷ বাৰু দ্বিজেন, তই মন্দিৰত ভোজ খাবলৈ নগ’লি কিয়? উপেনদায়ে তোৰ কথা কৈছিল৷ মাটিমাহ কাঠ আলুৰ ভোজটো যে বিৰাট সোৱাদ হৈছিল আজি৷ ব’ল সোনকালে৷ দেৰি হ’লে নাপাবি৷ খগেনদাই আপোনাৰ ছোৱালীয়ে এইবাৰ মেট্ৰিক দিব নহয়৷ ভালকৈ পঢ়িব ক’ব দেই৷ শুভেচ্ছা জনালোঁ৷ ঐ দ্বিজেন ব’ল ব’ল ৷ 

এই বুলি দ্বিজেনক লৈ আহিলোঁ৷ এটা সাম্ভাৱ্য বিপদৰ পৰা সাৰি আহিলোঁ৷ কিন্তু মনটোৱে নামানিলে৷ আগফালে খগেন ককাইদেৱে পহৰা দি আছে৷ পিছফালৰ বাৰীৰে আকৌ আমি সোমালোঁ৷ সোমাই গৈ খগেন ককাইদেউৰ গৰু পোৱালি দুটা মুকলি কৰিহে শান্তি৷

পিছদিনা মেজী ওচৰত মাহ প্ৰসাদ খাই আহি দেখোঁ‌ আমাৰ জপনা এখন নাই। বুজি পালোঁ‌ কালি সেই চিনাকি যেন লগা জপনাখন মানে আমাৰে আছিল। 

লোকৰ গালিৰ মজা ল’বলৈ বাকী নাথাকিল। নিজকে নিজে গালি দিলোঁ‌। গালি দিয়া আৰু খোৱা দুটাৰে মজা ল’লোঁ‌। লগতে খৰি কাটিবলৈ নিয়া দাখনে জপনালে বুলি বাৰীৰ বাঁহ এটাও কাটি আনিলোঁ‌। বাঁহ কাটি জপনা এখন বনাই ঘৰ সোমাই ভাবিছোঁ, আমাক দিয়া গালিবোৰ মিছা নহয়৷ জেওৰা জপনা এখন বনালেহে গম পাই কেনে লাগে, কিমান কষ্ট বা সময় জড়িত থাকে এই কামবোৰৰ অন্তৰালত৷

☆ ★ ☆ ★ ☆

One comment

  • কাবেৰী মহন্ত

    উৰুকাৰ মজা আগদিনাৰ চুৰিতে বেছি৷ য’তেই নহওক লাগিলে😊

    Reply

Leave a Reply

Your email address will not be published.