ফটাঢোল

অক্সিজেন – মৃদুল নাথ

“আই লাভ ইউ!”

হঠাতে মোৰ মুখৰ পৰা ওলোৱা শব্দকেইটা শুনি মানুহজনীয়ে “হা” কৈ মুখখন মেলি মোৰ ফালে একেথৰে চাই ৰ’ল। চকুৰ পতাও লৰচৰ নকৰা দেখি বুজি পালোঁ, তেওঁ ভীষণভাবে আচৰিত হৈছে। আচৰিত হ’বলগীয়া কথাই বাৰু, বিয়াৰ পিছত কেতিয়াবা মানুহজনীক মই এইদৰে কৈ পাইছোঁ নে নাই, সেয়া মনত পেলাবলৈ চেষ্টা কৰিলোঁ। ওহোঁ, মনত নপৰে। গতিকে মানুহজনী আচৰিত হৈ মোৰ ফালে এনেদৰে চাই থকাটোত মই অলপো আচৰিত নহ’লোঁ।

আচৰিত সিদিনা ময়ো হৈছিলোঁ, যেতিয়া দেখিছিলোঁ হিমাংশুৱে জ্যোতিৰেখাক সমজুৱাকৈ কৈ দিলে, আই লাভ ইউ। চাকৰিসূত্ৰে হিমাংশু ৰাজখোৱা ঘৰৰ পৰা আঁতৰত থাকে, গাড়ী চলাই ঘৰলৈ আহিবলৈ হ’লে এবেলাৰ বাট। তাতে পাহাৰীয়া একা বেঁকা ৰাস্তা। তথাপি শনিবাৰ আহিলেই সি ঘৰলৈ দৌৰে, প্ৰতিটো সপ্তাহতে গাড়ীখন দৌৰাই আহোঁতে যাওঁতে ৰাস্তাটোৰ ক’ত কিমান খলাবমা আছে, সেয়া চকু মুদি ক’ব পৰা হৈ গৈছে।

কেতিয়াবা হিমাংশুক ক’বলৈ মন যায়-

: তোমাৰে ভাল দিয়া, পাহাৰীয়া ঠাইখনৰ নিৰিবিলি পৰিবেশত আছা, আমাৰ দৰে ঘৈণীয়েকৰ কেটেৰা জেঙেৰা খাই থাকিবলগীয়া হোৱা নাই।

পিচে কিছুদিনৰ পৰা তাৰ মতি গতি দেখি নোকোৱাই ভাল বুলি ধৰি ল’লোঁ। কাৰণ সি বৰ্তমান দূৰন্ত প্ৰেমিক, ঘৈণীয়েকৰ মুখেৰে ওলোৱা কথাবোৰ তাৰ বাবে অমৃত বাণী। কৰ’ণাৰ প্ৰকোপৰ বাবে দুসপ্তাহ ঘৰলৈ আহিব নোৱাৰি মনৰ বেজাৰত বেচেৰাই ভালকৈ খোৱা লোৱাই বাদ দিলে। ফেচবুকত সিদিনা তাৰ বেজাৰমুৱা ফটোখন দেখি দুটা সপ্তাহতে ওজন দহ কেজিমান কমা যেন লাগিল মোৰ।

মনে মিলা মানুহ কেইজনমানে অলপ ফূৰ্তি ধেমালিৰ মাজেৰে সময়বোৰ পাৰ কৰিবলৈ ফেচবুকতে আমাৰ সৰু গ্ৰুপ এটা আছে। ৰাজখোৱা দম্পতি গ্ৰুপটোৰ সক্ৰিয় সদস্য। গ্ৰুপত হিমাংশুৰ মেমেৰামুৱা ফটোখন দেখিয়ে বুজিলোঁ, বেচেৰা বিৰহত কাতৰ। কি বুলি সান্ত্বনা দিম ভাবি থাকোঁতেই দেখিলোঁ সি গ্ৰুপত ৰাজহুৱাকৈ মৰমৰ পত্নীক উদ্দেশ্যি কৈ দিলে, “আই লাভ ইউ।” গ্ৰুপত হুলস্থূল লাগি গ’ল, সদস্যাসকলে গ্ৰুপত নিজৰ নিজৰ মানুহজনৰ বদনাম গাবলৈ যেন সুবিধা হে পালে। মানুহ এনেকুৱা ৰোমাণ্টিক হ’ব লাগে, বিয়াৰ আগলৈকে ৰসে চৌ চৌ কৰি থকাবোৰ বৰ্তমান সৱেই একো একোটা কাঠৰ টুকুৰা, ইত্যাদি, ইত্যাদি! মুঠৰ ওপৰত বহুতে যে নিজৰ নিজৰ গিৰিহঁতক এখুন্দা দিব, সেয়া মই নিশ্চিত। কপাল ভাল যে মোৰ মানুহজনী সেই গ্ৰুপটোৰ অন্তৰ্ভুক্ত নহয়, নহ’লে কাট মৰা বাক্যবাণ মোৰ ওপৰতো যে ধাৰাষাৰে বৰষিলহেঁতেন সেয়া ধুৰুপ। সাম্ভাব্য পৰিস্থিতিবোৰৰ কথা চিন্তা কৰি থাকোঁতে মই নিজে আকৌ এবাৰ মনত পেলাবলৈ চেষ্টা কৰিলোঁ, বিয়াৰ পিছত এনেদৰে মানুহজনীক মৰমেৰে কথাষাৰ কোৱাটো কিজানি কেনেবাকৈ মনত পৰেই! পিচে সকলো চেষ্টা বৃথা, মনত নপৰিল।

কৰ’ণাৰ প্ৰকোপৰ মাজতে ভয়ে ভয়ে অফিচলৈ অহা যোৱা কৰি আছোঁ। দূৰত কোনোবাই কাহ বা হাঁচি এটা মাৰিলে সাত জাপ মাৰোঁ। অলপ পিছতে নিজৰ ডিঙিটো সোপা মাৰি ধৰা যেন লাগে। অক্সিমিটাৰ অফিচত এটা ৰাখিছোঁ, ঘৰতো এটা আছে। মাজে মাজে এনেয়ে অক্সিজেনৰ পৰিমাণটো চাই থাকোঁ, বুকুখন সোপা মাৰি ধৰা যেন লাগিয়ে থাকে, কিবা ‘ফ’বিয়া’ এটা হোৱাৰ লেখীয়া হৈছে। তাৰ মাজতে হঠাতে কতৃপক্ষই কৰ’ণা সংক্ৰমণ ৰোধ কৰাৰ বাবে আমাৰ টাউনশ্বিপ খনলৈ বাহিৰৰ পৰা কাম কৰিবলৈ মানুহ অহাটোত বাধা আৰোপ কৰি দিলে। ফলস্বৰূপে কোৱাৰ্টাৰবোৰত বহুতৰে হাঁহাকাৰ অৱস্থা, কিয়নো পাৰ্ট টাইম কাম কৰা মানুহ কেইগৰাকীৰ ওপৰতে আমাৰ দৰে বহুতৰে জীৱনশৈলীবোৰ নিৰ্ভৰশীল। তথাপি কোনেও আপত্তি কৰা নাই, কাৰণ দেহা থাকিলেহে বেহা।

ৰাতিপুৱাৰে পৰা মানুহজনী ভীষণ ব্যস্ত। কাপোৰ কেইখন ৱাশ্বিং মেচিনটোৱে ধুই দিয়ে বাবে অলপ ৰক্ষা, বাকী ৰাতিপুৱাই উঠি ঘৰ মোচা, খোৱাৰ যোগাৰ, ছোৱালীৰ অনলাইন ক্লাছ, আটাইবোৰৰ হেঁচাত মানুহজনীৰ অৱস্থা এই কেইদিনত তথৈবচ হৈ পৰিছে। ঘৰ মচি থাকোতে কঁপালত বিৰিঙি উঠা ঘাম বোৰ দেখি মৰমতে মোৰ মনটো পমি গ’ল। অকল হিমাংশুৱে ৰোমাণ্টিক হ’ব পাৰে নেকি! মানুহজনীক যেন কৈয়ে দিম, তুমিয়ে মোৰ বাবে অক্সিজেন! পিচে বৰ পেনপেনীয়া হ’ব, নোৱাৰি এই বয়সত ইমান পেনপেনীয়া হ’বলৈ। তাতকৈ হিমাংশুৱে কোৱাৰ দৰে কৈ দিলোঁ-

“আই লাভ ইউ!”

মানুহজনী থৰ লাগি ৰৈ থকা দেখি গাটো জোকাৰি দিয়াত সম্বিত ঘূৰাই পাই মোক ক’লে-

: কালিয়ে আমাৰ চুক্তি হৈ গৈছে, আজি দুপৰীয়া অকল ভাত, দাইল আৰু আলু পিটিকাহে পাব। এতিয়া চলাহী কথাৰে কথা সলাবলৈ চেষ্টা নকৰিব। দেওবাৰ হ’লেও আজি মাংস ৰান্ধিব নোৱাৰোঁ মই।

 : সেইবোৰ একো নহয়, মাংস আজি ময়ে ৰান্ধিম দিয়া, তুমি একো কৰিব নালাগে।

:  চাব কিন্তু, পিছত মোক নামাতিব।

: কৈছোঁ নহয়, একো কৰিব নালাগে, চাওঁ হাতখন দিয়াচোন!

মানুহজনীৰ হাত এখন নিজৰ হাতত লৈ ক’লোঁ-

: কাম কৰি কৰি তোমাৰ হাতৰ উজ্জ্বলতা কমি গৈছে, দুখ লাগিছে মোৰ।

: উজ্জ্বলতা বঢ়াবলৈ উপায় এটা আছে?

: কি আছে কোৱা, মই কি কৰিব লাগিব।

আথে-বেথে সুধিলোঁ।

: ‘টানিস্ক’ত অফাৰ দি আছে, খাৰু নহ’লে আঙুঠি…

কথাষাৰ শেষ হ’বলৈ নাপালে, মোৰ বুকুখনত কিবা এটাই সোপা মাৰি ধৰা যেন লাগিল, কোনোমতে সেঁহাই সেঁহাই মানুহজনীক ক’লোঁ-

: অক্সিমিটাৰটো আনাচোন, অক্সিজেনৰ পৰিমাণটো চাই লওঁ, উশাহ ল’বলৈ কষ্ট হৈছে মোৰ।

☆ ★ ☆ ★ ☆

5 Comments

  • ৰাজশ্ৰী শৰ্মা

    তাতকৈ নোকোৱাকৈ থাকিলেই ভাল ন মৃদুল দা।

    Reply
    • মৃদুল নাথ

      হয় হে, পস্তাই আছোঁ এতিয়া😢

      Reply
  • বাগ্মিতা

    হাঃ হাঃ😂😂😂
    পালেনে মজ্জা দিনে পোহৰে আই লাভ ইউ বুলি কোৱা😉

    Reply
  • জয়ন্ত দাস

    বঢ়িয়া লাগিল৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    ভাল লাগিল দেই পঢ়ি৷

    Reply

Leave a Reply

Your email address will not be published.